অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

উন্নত পদ্ধতিৰে আহুধানৰ খেতি :

উন্নত পদ্ধতিৰে আহুধানৰ খেতিৰ বিষয়ে লিখা হৈছে ।

 

আমাৰ ৰাজ্যৰ প্ৰধান খেতি হ’ল ধানখেতি। ধানখেতি কৰিব পৰা সুবিধাজনক অঞ্চলত আহু, শালি, বৰো আৰু ঠাই বিশেষে বাওধানৰ খেতি কৰা হয় যদিও শালি খেতিয়েই মুঠ ধানখেতি কৰা অঞ্চলৰ এক বৃহৎ অংশ দখল কৰি আছে। অসমত আহুধান খেতি তুলনামুলকভাৱে কমকৈ কৰা হয় যদিও জনসংখ্যা বৃদ্ধিৰ লগে লগে আৰু জলসিঞ্চনৰ  ব্যৱস্থাৰ প্ৰসাৰৰ ফলত এই খেতি কৰা মাটিৰ পৰিমাণ ক্ৰমান্বয়ে বৃদ্ধি পাব ধৰিছে। অতীজৰে পৰা আহু খেতি প্ৰধানকৈ সিঁচা হিচাপত কৰি অহা হৈছে যদিও বন-বাতৰ উপদ্ৰৱ, কম উৎপাদনক্ষম জাতৰ ব্যৱহাৰ, বৰষুন নিৰ্ভৰশীল খেতি, পৰম্পৰাগত কৃষিপদ্ধতি আদি বিভিন্ন কাৰকৰ ফলত আনকেইবিধ ধানৰ তুলনাত এইউ খেতিৰ গড় উৎপাদিকা শক্তি যথেষ্ট কম। গতিকে ৰাজ্যৰ বিভিন্ন অঞ্চলত জলসিঞ্চন ব্যৱস্থাৰ যোগেদি ৰোৱা খেতি হিচাপে কৰিবলৈ আৰম্ভ কৰিছে। একেধৰণে যদিও আহু খেতি কৰাৰ সময় ফাগুন-চ’ত মাহ, তথাপি পোহৰ অ-সংবেদনশীল জাতৰ উদ্ভাৱন আৰু জলসিঞ্চনৰ ব্যৱস্থাৰ অগ্ৰগতিৰ লগে লগে এই খেতি আগতীয়া হিচাপে কৰিবলৈও যত্নপৰ হৈছে। এই ব্যৱস্থাই বানপানী নোহোৱা অঞ্চলত আহু খেতি সোনকালে চপাই উপযুক্ত সময়ত শালিধানৰ খেতি কৰিবলৈ কৃষকসকলক সুবিধা কৰি দিছে।

সিঁচা আহুধানৰ খেতি -

সিঁচা পদ্ধতিত আহুধানৰ খেতি পৰম্পৰাগতভাৱে পুৰ্বৰে পৰা চলি আহিছে। আগতীয়া মৌচুমী বতাহৰ ফলত হোৱা বৰষুণে মাটি জীপাল কৰি তোলাৰ সময়তে কৃষকসকলে মাটি চহ কৰি পথাৰত আহুধানৰ বীজ সিঁচে। বহু সময়ত এই আহু খেতি বানপানীৰ নিচিনা প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হ’বলগীয়াত পৰে। সেয়েহে সময়ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বানপীড়িত অঞ্চলত আগতীয়াকৈ আহু খেত্ৰি কৰি বানৰ কবলত পৰাৰ আগেয়েই চপোৱৰ ব্যৱস্থা কৰা আৰু অন্য অঞ্চলত সঠিক সময়ত শালি খেতিৰ বাবে পথাৰডৰা খালী কৰি দিয়াৰ প্ৰয়োজন আহি পৰিছে। গতিকে সময়মতে কৰা খেতি হিচাপে আহুধানৰ বীজ চ’ত-ব’হাগ মাহত সিঁচিলেও আগতে খেতি হিচাপে বীজ মাঘৰ শেষৰ পৰা ফাগুন মাহৰ আৰম্ভণিৰ ভিতৰতে সিঁচা দৰকাৰ। সময়মতে কৰা খেতিৰ বাবে বালিচহীয়া পৰা দোমোজীয়া মাটি উপযুক্ত যদিও আগতীয়া খেতিৰ বাবে মাঘ-ফাগুন মাহত মাটিত জীপ থকা সামান্য দ’ চানেকীয়া মাটিহে নিৰ্বাচন কৰিব লাগে।

আহুধানৰ উৎপাদন বৃদ্ধিৰ বাবে উচ্চ উৎপাদনক্ষম জাতৰ ব্যৱহাৰ অপৰিহাৰ্য। এইক্ষেত্ৰত অসমৰ মাটি আৰু জলবায়ু উপযোগী বিভিন্ন প্ৰকাৰৰ আহুধানৰ জাত অসম কৃষি বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰি উলিয়াইছে। এইবোৰৰ ভিতৰত বানাক্ৰান্ত অঞ্চলত আগতীয়াকৈ চপাব পৰা লুইত, কপিলী, দিচাং, দিখৌ, কলং আদি কমদিনীয়া (১০০-১০৫ দিন) অৰ্ধচাপৰ জাত উল্লেখযোগ্য। অন্যান্য উচ্চ উৎপাদনক্ষম জাতৰ ভিতৰত মধ্যমদিনীয়া জাত, যেনে-আই আৰ ৩৬ (১২০-১৩০ দিন), ৰাচী (১২৫-১৩০ দিন), আই আৰ ৫০ (১১০-১২০ দিন) আদিৰ খেতিও সিঁচা আহু হিচাপে কৰিব পৰা যায়। এই জাতসমুহৰ উপৰি অসমৰ বিভিন্ন অঞ্চলত কৃষকসকলে সচৰাচৰ কৰি অহা থলুৱা ধানৰ জাত, যেনে- বাঙলামী, ৰঙাদড়ীয়া, ডুবাইচেঙা, আহুজহা, ফাপৰি আহু, পাঞ্জাশালী, কৈ জাপৰি, গুণি, ক’লা মণিক, নিলাজী ,হৰিণ কাজলী, হাচাকুমৰা, কৈ মুৰুলি আদি ওখ জাতো সময়মতে কৰা সিঁচা আহু আৰু আগতীয়া সিঁচা আহু হিচাপে কৰিব পৰা যায়।

সিঁচা আহুধানৰ খেতিত ৰাসায়নিক সাৰৰ ব্যৱহাৰ অন্যান্য ধানৰ তুলনাত যথেষ্ট কম। বহু কৃষকে নাইট্ৰে’জেনমুক্ত সাৰ, যেনে-ইউৰিয়া ব্যৱহাৰ কৰি ফছফৰাছ বা পটাছ জাতীয় সাৰ ব্যৱহাৰ নকৰে। এইক্ষেত্ৰত জধে মধে ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰি জৈৱিক সাৰৰ লগতে সুষমভাৱে ৰাসায়নিক সাৰ প্ৰয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰা দৰকাৰ। ইয়াৰ বাবে মাটিৰ গুণাগুণ, ধানৰ জাত, সাৰ নিৰ্বাচন, পৰিমান, প্ৰয়োগৰ সময় আৰু পদ্ধতি আদি বিষয়ৰ ওপৰত মনোযোগ দি সেইমতে ব্যৱস্থা গ্ৰহণ কৰিলেহে ধানৰ উৎপাদন বৃদ্ধিত সহায় হ’ব।

সিঁচা আহুধানৰ  অৰ্ধচাপৰ উন্নত জাতৰ  বাবে প্ৰতি বিঘা তলীত ১২ কেজি ইউৰিয়া, ১৮ কেজি একক ছুপাৰ ফছফেট আৰু ৪ কেজি মিউৰিয়েট অৱ পটাছ সাৰ প্ৰয়োগ কৰা দৰকাৰ। ওখ জাতৰ ক্ষেত্ৰত উপৰোক্ত সাৰৰ আধা পৰিমাণৰ সাৰ প্ৰয়োজন হয়। অৰ্ধচাপৰ জাতৰ ক্ষেত্ৰত ইউৰিয়া সাৰৰ পৰিমাণো প্ৰায় ২ কেজিমান হ্ৰাস কৰিব পৰা যাব। সাৰ প্ৰয়োগৰ পৰা অধিক সুফল পাবলৈ সঠিক সময়ত সঠিক পদ্ধতিৰে সাৰ প্ৰয়োগ কৰা অত্যন্ত জৰুৰী। সিঁচা আহুধানৰ ক্ষেত্ৰত শেষৰবাৰ মাটি চহোৱাৰ সময়ত একক ছুপাৰ ফছফেট সাৰৰ গোটেই অংশ প্ৰয়োগ কৰি ইউৰিয়া আৰু পটাছ সাৰ সমানে দুভাগ কৰি এভাগ সিঁচাৰ ২০-২৫ দিন পাছত প্ৰথমবাৰ নিৰণি কৰি উঠি আৰু দ্বিতীয়ভাগ সিঁচাৰ ৪০-৪৫ দিন পাছত নিৰনি কৰি উঠি প্ৰয়োগ কৰিব লাগে।

সিঁচা আহুধানৰ উৎপাদন বৃদ্ধিৰ বাবে প্ৰয়োজন হোৱা উন্নত কৃষি কৌশলসমুহৰ ভিতৰত সঠিক পৰিমানৰ বীজৰ ব্যৱহাৰ, বীজ শোধন, সিঁচাৰ দুৰত্ব, বন-বাত নিয়ন্ত্ৰন, পানী যোগান, শস্য ৰক্ষাৰ ব্যৱস্থাপনা আদি বিষয় মন কৰিবলগীয়া। সিঁচা আহুধানৰ ক্ষেত্ৰত উন্নত মানৰ বীজ নিৰ্বাচন কৰি শোধন কৰি লোৱা দৰকাৰ। শাৰী শাৰীকৈ সিঁচা খেতিত বিঘাই প্ৰতি প্ৰায় ১০ কেজি বীজ সিঁচিব লাগে। এনেয়ে ছটিয়াই সিঁচিলে অলপ বেছি পৰিমাণৰ বীজৰ প্ৰয়োজন হ’ব।

বতৰ অনুকুল হোৱা বাবে সিঁচা আহুধান খেতিত বন-বাতৰ উপদ্ৰৱ যথেষ্ট বেছি হয় আৰু সময়মতে ইয়াক নিয়ন্ত্ৰণ নকৰিলে ই শস্যৰ অনিষ্ট কৰে। সেয়েহে বীজ সিঁচাৰ ৪/৫ সপ্তাহমানলৈ পথাৰডৰা বন-বাতৰ পৰা মুক্ত কৰি ৰখা অত্যন্ত জৰুৰী। বীজ সিঁচাৰ প্ৰায় ৩/৪ সপ্তাহ পাছত হাতেৰেই হওক অথবা বিন্ধা বা নিৰণি যন্ত্ৰৰেই হওক বন-বাত এবাৰ নিৰাই দি মৈয়াই দিব লাগে। প্ৰথমবাৰ নিৰণি কৰাৰ ২/৩ সপ্তাহ পাছত পুনৰাই এবাৰ নিৰাই দিব পাৰিলে শস্যৰ প্ৰাথমিক অৱস্থাত পথাৰডৰা বন-বাতৰ পৰা মুক্ত হৈ থকাত সহায় কৰিব। বৰ্তমান সময়ত বজাৰত সহজলভ্য বিভিন্ন প্ৰকাৰৰ বন-বাত নিয়ন্ত্ৰণ কৰিব পৰা ঔষধ, যেনে-সিঁচাৰ ২-৩ দিন পাছত প্ৰয়োগ কৰিব পৰা ‘বুটাক্লোৰ’ অথবা ২৫-৩০ দিন পাছত প্ৰয়োগ কৰিব পৰা 2,4 ডি জাতীয় দৰব ব্যৱহাৰ কৰিও বন-বাত নিয়ন্ত্ৰন কৰিব পৰা যায়।

সিঁচা আহুধান পানীৰ অভাৱত প্ৰায়ে খৰাং পৰিস্থিতি সদৃশ অৱস্থাৰ সৃষ্টি হয় আৰু বন-বাতৰ উপদ্ৰৱ বাঢ়ে। গতিকে মাটিত জীপ ৰাখিবলৈ গজালি ওলোৱাৰ ৩ সপ্তাহৰ পাছত ২ ইঞ্চি গভীৰতাৰ জলসিঞ্চন কৰি পানী শুকুওৱাৰ ৩ দিনৰ পাছত পুনৰ একে পৰিমাণৰ জলসিঞ্চন কৰক। এইদৰে শস্য চপোৱাৰ ১০/১৫ দিনৰ আগলৈকে পানী যোগান অটুট ৰাখক।

ৰোৱা আহুধানৰ খেতি -

জলসিঞ্চনৰ ব্যৱস্থাৰ উন্নতিৰ লগে লগে কৃষকসকলে সিঁচা আহুৰ পৰিৱৰ্তে ৰোৱা আহুধান খেতি কৰিবলৈ যত্নপৰ হৈছে। গতিকে এই কথা অনস্বীকাৰ্য যে পানী যোগানৰ ব্যৱস্থা থকা অঞ্চলতহে ৰোৱ আহু খেতি কৰা সম্ভৱ। সিঁচা আহুধান খেতিত বন-বাতৰ অত্যধিক উপদ্ৰৱ, থলুৱা জাতৰ ব্যৱহাৰ, খৰাং পৰিস্থিতি আদি বিভিন্ন কাৰকৰ ফলত উৎপাদন আশানুৰুপ হোৱা নাই। অধিক উৎপাদনক্ষম উন্নত মানৰ জাতৰ উদ্ভাৱনৰ লগে লগে জলসিঞ্চনৰ সুবিধা গ্ৰহণ কৰি কৃষকসকলে সিঁচা আহুৰ পৰিৱৰ্তে ৰোৱা আহুধানৰ খেতি কৰিবলৈ ক্ৰমান্বয়ে অগ্ৰসৰ হোৱা পৰিলক্ষিত হৈছে। আহু খেতিৰ বতৰত সুৰ্যৰ ৰশ্মি অৰ্থাৎ ৰ’দৰ পৰিমাণ আৰু তাপমান শালি খেতিৰ বতৰতকৈ অধিক সুবিধাজনক হৈ থাকে আৰু ই ধানৰ উৎপাদন বৃদ্ধিত যথেষ্ট সহায় কৰে। ৰোৱা আহুধান খেতিত উৎপাদন বৃদ্ধিৰ বিভিন্ন কাৰকসমুহ যদিহে সঠিকভাৱে পৰিচালিত কৰিব পৰা যায়, তেন্তে ইয়াৰ পৰা শালিধান খেতিতকৈ অধিক উৎপাদন আশা কৰিব পাৰি।

ৰোৱা আহুধানৰ কঠীয়াতলীত বীজ সিঁচাৰ উপযুক্ত সময় হ’ল ফাগুন মাহৰ মাজভাগৰ পৰা ব’হাগ মাহৰ মাজভাগ। আগতীয়াকৈ ৰোৱা আহুধানৰ ক্ষেত্ৰত ফাগুন মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে বীজ সিঁচা দৰকাৰ। আহু খেতিৰ বাবে জাত নিৰ্বাচন কৰোঁতে তুলনামুলকভাৱে সোনকালে হোৱা জাত বাছি ল’ব লাগে। কমদিনীয়া জাতৰ ভিতৰত আই আৰ ৩৬ (১২৫-১৩৫ দিন), জয়া (১৪০-১৪৫ দিন), লুইত (১০০-১০৫ দিন), কপিলী (১০০-১০৫ দিন), লাচিত (১১৫-১৩০) দিন), চিলাৰায় (১২৫-১৩০ দিন) আদি উল্লেখযোগ্য। ওখ, থলুৱা জাতৰ ভিতৰত পাঞ্জাশালি, কৈ জাপৰি, লাউজুলি, হাচাকুমৰা আদি জাত ৰোৱা আহু হিচাপে কৰিব পৰা যায়। ৰোৱা আহুধানৰ খেতিৰ বাবে কঠীয়া প্ৰস্তুত প্ৰণালী শালিধানৰ সৈতে একে।

মুল পথাৰ প্ৰস্তুতিৰ কাম কঠীয়া ৰোৱাৰ ৩/৪ সপ্তাহমান আগতেই আৰম্ভ কৰিব লাগে। এই খেতিৰ বাবে জলসিঞ্চনৰ সুবিধা থকা, পানী ধৰি ৰাখিব পৰা মাটি নিৰ্বাচন কৰিব লাগে। মাটিৰ প্ৰস্তুতিৰ আৰম্ভণিতে জলসিঞ্চিত পানী এবাৰ প্ৰয়োগ কৰি পথাৰডৰা তিয়াই দিব পাৰিলে ভাল। দ্বিতীয়বাৰ জলসিঞ্চিত পানী ৰোৱাৰ ১০-১২ দিন আগতে প্ৰয়োগ কৰি মাটিডৰা পুনৰ চহাই- মৈয়াই সমান কৰি বোকা কৰি ল’ব লাগে। কঠীয়া ৰোৱাৰ আগে আগে পথাৰখনত জলসিঞ্চিত পানী পুনৰাই সুমুৱাই দি মাটিডৰা বোকা কৰি ল’ব লাগে। মাটি প্ৰস্তুতিৰ আৰম্ভণিতে বিঘাই প্ৰতি প্ৰায় ১৫ কুইণ্টলমান ভালকৈ পচা গোবৰ সাৰ অথবা পচনসাৰ প্ৰয়োগ কৰি ল’ব পাৰিলে ই মাটিৰ গুণাগুণ উন্নত কৰাত সহায় কৰে।

বৰ্তমান সময়ত উদ্ভাৱিত বিভিন্ন উচ্চ উৎপাদনক্ষম জাতসমুহৰ পৰা অধিক উৎপাদন পাবলৈ হ’লে শস্যক প্ৰয়োজনীয় পোষক দ্ৰব্যসমুহ সময়মতে যোগান ধৰাটো অত্যন্ত দৰকাৰী। ঠাইভেদে মাটিৰ গুণাগুণ পৃথক পৃথক। সেয়েহে মাটি পৰীক্ষাৰ যোগেদি মাটিত প্ৰয়োজনীয় পোষক দ্ৰব্যৰ যোগান ধৰিব পাৰিলে ভাল। অৱশ্যে এইক্ষেত্ৰত অধিক সুবিধা নথকা হেতুকে জাতৰ ওপৰত ভিত্তি কৰিয়েই ৰাসায়নিক সাৰ প্ৰয়োগ কৰা দৰকাৰ। মধ্যমীয়া সাৰুৱা মাটিত উচ্চ উৎপাদনক্ষম অৰ্ধচাপৰ জাতৰ বাবে বিঘাই প্ৰতি ১২ কেজি ইউৰিয়া, ১৮ কেজি একক ছুপাৰ ফছফেট আৰু ৪ কেজি মিউৰিয়েট অৱ পটাছ সাৰ আৰু ওখ থলুৱা জাতৰ ক্ষেত্ৰত উপৰোক্ত সাৰৰ আধা পৰিমাণৰ সাৰ প্ৰয়োগ কৰিব লাগে। অতি কম সাৰুৱা মাটিত অৰ্ধচাপৰ জাতৰ ক্ষেত্ৰত সাৰৰ পৰিমাণ বৃদ্ধি কৰি বিঘাই প্ৰতি ইউৰিয়া ১৮ কেজি, ছুপাৰ ফছফেট ২৭ কেজি আৰু পটাছ সাৰ ৬ কেজি হিচাপে প্ৰয়োগ কৰিব লাগে। ছুপাৰ ফছফেট সাৰৰ সলনি ডি এ পি সাৰ ব্যৱহাৰে কৰি লে ইউৰিয়া সাৰৰ পৰিমাণ সেই অনুপাতে হ্ৰাস কৰিব লাগিব। শালিধান খেতিৰ দৰে  একেধৰণেই জীৱাণু সাৰো ব্যৱহাৰ কৰিব পৰা যায়।

ৰাসায়নিক সাৰ প্ৰয়োগৰ পৰা সুফল পাবলৈ হ’লে সাৰ সঠিক  সময়ত আৰু পদ্ধতিৰ দ্বাৰা প্ৰয়োগ কৰিব লাগিব। ৰোৱা আহুধানত অনুমোদিত ইউৰিয়া সাৰৰ ৩ ভাগৰ ১ অংশ আৰু ছুপাৰ ফছফেট আৰু মিউৰিয়েট অৱ পটাছ সাৰৰ সমুদায়  ভাগ ৰোৱনী চাহত কৰি বাকী থকা ইউৰিয়া সাৰ সমানে দুভাগ কৰি এভাগ ধানে পোখা মেলা সময়ত আৰু আনভাগ মণি ধৰা অৱস্থাত প্ৰয়োগ কৰিব লাগে। ইউৰিয়া সাৰ টপড্ৰেছিং কৰাৰ আগেয়ে ১ ভাগ সাৰ ১০ ভাগ পচনসাৰ অথবা গোবৰ সাৰৰ লগত মিহলাই দুদিনমান গাপ দি প্ৰয়োগফ কৰিলে সাৰ নষ্ট হোৱাৰ সম্ভাৱনা হ্ৰাস পায়।

ৰোৱা আহুধানৰ কঠীয়া এগোছাত ২/৩ ডালকৈ দি অনুমোদিত ব্যৱধানত শাৰী শাৰীকৈ ৰুব লাগে। অৰ্ধচাপৰ আৰু ওখজাতৰ দুটা শাৰীৰ মাজৰ ব্যৱধান ৮ ইঞ্চি আৰু দুটা গোছাৰ দুৰত্ব ক্ৰমে ৬ ইঞ্চি আৰু ৮ ইঞ্চি হোৱা উচিত। ৰোৱা গভীৰতা ২ ইঞ্চি। কঠীয়া ৰোৱাৰ ৭-১০ দিনৰ ভিতৰত মৰি যোৱা গোছাবোৰ নতুন কঠীয়াৰে খাঁজি দিয়া দৰকাৰ। জলসিঞ্চনৰ দ্বাৰা পানী প্ৰয়োগ কৰা সময়ত অবাবত যাতে পানী নষ্ট নহয় অথবা পথাৰডৰাত যাতে খৰাং পৰিস্থিতিয়ে বিৰাজ নকৰে তাৰ প্ৰতি বিশেষভাৱে নজৰে দিয়া দৰকাৰ। জলসিঞ্চনৰ দ্বাৰা পানীপ্ৰয়োগ কৰা সময়ত অবাবত যাতে পানী নষ্ট নহয় অথবা পথাৰডৰাত যাতে খৰাং পৰিস্থিতিয়ে বিৰাজ নকৰে তাৰ প্ৰতি বিশেষভাৱে নজৰ দিয়া দৰকাৰ। কঠীয়া ৰোৱাৰ ২/৩ দিন পাছৰে পৰা মাটিডৰাত ৩ ইঞ্চিমান পানী ৰাখি পানী শুকাই যোৱাৰ ৩ দিন পাছত পুনৰাই একে পৰিমাণৰ পানী প্ৰয়োগ কৰিবৱ লাগে। এই ব্যৱস্থাই মাটি জীপ ৰখাত সহায় কৰে আৰু এনেদৰে শস্য চপোৱাৰ ১০-১৫ দিন আগলৈকে পানী যোগানৰ ব্যৱস্থা কৰিব লাগে।

বন-বাত নিয়ন্ত্ৰণৰ ক্ষেত্ৰত প্ৰাৰম্ভিক অৱস্থাত পথাৰডৰা বন-বাতৰ পৰা মুক্ত কৰি ৰাখিব পাৰিলে পাছলৈ ই গা কৰি উঠিব নোৱাৰে। গতিকে ৰোৱাৰ ২০ দিন আৰু ৪০ দিন পাছত দুবাৰ বন-বাত  নিৰাই দিব পাৰিলে ভাল।

আমাৰ কৃষকসকল আহুধানৰ উন্নত জাত আৰু এইবোৰৰ উন্নত কৃষি কৌশলসমুহৰ বিষয়ে ভালদৰে জ্ঞাত নোহোৱাৰ ফলত এইবোৰ সফলভাৱে পথাৰত প্ৰয়োগ কৰিব পৰা নাই। সেয়েহে আমাৰ সম্প্ৰসাৰণ ব্যৱস্থাটো অধিক শক্তিশালী কৰাৰ লগতে জলসিঞ্চন ব্যৱস্থাৰ অধিক প্ৰসাৰ কৰি কৃষকসকল ৰোৱা আহুধানৰ প্ৰতি আকৃষ্ট কৰিব পাৰিলে ৰাজ্যত ধানৰ উৎপাদন নিশ্চয়কৈ বৃদ্ধি পাব।

লেখক: ড° চিন্ময় কুমাৰ শৰ্মা

উৎস: আধুনিক কৃষিকথা(শস্যৰ ব্যৱস্থাপনা)

 

3.06896551724
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top