অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

উন্নত পদ্ধতিৰে ঘাঁহ খেতি :

উন্নত পদ্ধতিৰ ঘাঁহ খেতিৰ বিষয়ে লিখা হৈছে ।

অতি প্ৰাচীন কালৰে পৰা মানুহে গৰু, ম’হ, ছাগলী আদি তৃণভোজী প্ৰাণীসমুহ প্ৰতিপালন কৰি আহিছে। কৃষিকাৰ্যৰ বাবে প্ৰয়োজনীয় শক্তিৰ মুল উৎস হিচাপে গৰু-ম’হক ব্যৱহাৰ কৰাৰ উপৰি ইয়াৰ পৰা উৎপাদিত আন বহুতো সামগ্ৰীয়ে জনসাধাৰণৰ চাহিদা পুৰণ কৰিছে। এইক্ষেত্ৰত এটা কথা মন কৰিলে দেখা যায় যে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যসমুহৰ তুলনাত আমাৰ জীৱ-জন্তুসমুহৰ উৎপাদিকা শক্তি যথেষ্ট কম। পুষ্টিকৰ খাদ্য যোগানৰ ক্ষেত্ৰত থকা অজ্ঞতা আৰু সচেতনতাবোধৰ অভাৱেই ইয়াৰ প্ৰধান কাৰণ।

গৰু-ম’হক কম খৰচতে খুৱাব পৰা এবিধ পুষ্টিকৰ খাদ্য হ’ল সেউজীয়া ঘাঁহ। অতীজৰে পৰা গৰু-ম’হক সেউজীয়া ঘাঁহৰ বাবে চৰণীয়া পথাৰত এৰি দিয়া প্ৰথা প্ৰচলিত হৈ আহিছে। পুৰ্বতে এনে ব্যৱস্থাই সেউজীয়া ঘাঁহৰ চাহিদা পুৰণ কৰিছিল যদিও ক্ৰমান্বয়ে হ্ৰাস পাই অহা চৰণীয়া পথাৰৰ পৰা প্ৰয়োজনীয় সেউজীয়া ঘাঁহৰ চাহিদা পুৰণ কৰা অসম্ভৱ হৈ পৰিছে। তদুপৰি গুণগত মানৰ ফালৰ পৰাও এই ঘাঁহ উন্নত ঘাঁহৰ সমতুল্য নহয়। গতিকে কম খৰচতে পুষ্টিকাৰক খাদ্যৰ যোগান ধৰিবলৈ উন্নত পদ্ধতিৰে ঘাঁহখেতি কৰাৰ প্ৰয়োজন আহি পৰিছে।

আমাৰ দেশত মুঠ কৃষিভুমিৰ শতকৰা প্ৰায় ৪ ভাগ মাটিতহে ঘাঁহজাতীয় শস্যৰ খেতি কৰা হয় আৰু দিনকদিনে এই মাটিৰ পৰিমাণ হ্ৰাস পাই আহিব ধৰিছে। গতিকে এই খেতি কৰা কৃষিভুমি বৃদ্ধি কৰাৰ লগতে প্ৰচলিত শস্যক্ৰমত ঘাঁহখেতিক অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজন অহি পৰিছে। ইয়াৰ বাবে ছন পৰি থকা মাটি অথবা অন্য খেতি কৰিব নোৱৰা অনুৰ্বৰ মাটি, বাৰীৰ ঢাপ, পুখুৰীৰ পাৰতো এই খেতি কৰি গৰু-ম’হক সেউজীয়া ঘাঁহৰ যোগান ধৰিব পৰা যায়। তদুপৰি তামোল, নাৰিকল বা আন উদ্যানশস্যৰ মাজত অথবা বিভিন্ন খাদ্যশস্যৰ লগত মিহলি অথবা আন্ত:শস্য হিচাপেও এই খেতি কৰিব পৰা যায়।

ঘাঁহখেতি কৰাৰ আগেয়ে মাটিৰ গুণাগুণ আৰু কৃষি জলবায়ু সম্পৰ্কে জানি লোৱা ভাল। উপযুক্ত জলবায়ু আৰু মাটি সাপেক্ষে উন্নত পদ্ধতিৰে ঘাঁহখেতি কৰিলেহে ইয়াৰ পৰা অধিক উৎপাদন পাব পাৰি। উদাহৰণ হিচাপে ক্ষাৰীয় মাটিৰ বাবে উপযোগী ‘লুচাৰ্ণ’ আৰু ‘বাৰচিম’ নামৰ মাহজাতীয় ঘাঁহ দুবিধ অসমৰ মাটি টেঙা গুণযুক্ত হোৱা বাবে সুবিধাজনকভাৱে কৰিব নোৱাৰি। একেদৰে পানী জমা নোহোৱা ওখ মাটিৰ বাবে নেপিয়াৰ , গিনি আদি ঘাঁহ উপযোগী হোৱাৰ বিপৰীতে ‘পাৰা’ ঘাঁহ পানী জমা হোৱা মাটিৰ বাবে অধিক উপযোগী। আমাৰ ৰাজ্যৰ জলবায়ুৰ লগত খাপ খোৱা বিভিন্ন ঘাঁহজতীয় শস্যৰ ভিতৰত বহুবৰ্ষীয় ঘাঁহ, যেনে-নেপিয়াৰ, গিনি, চেটেৰিয়া, পাৰা আদি আৰু একবৰ্ষীয় ঘাঁহ, যেনে-ৰীণা ঘাঁহ, দীননাথ ঘাঁহ, মাকৈ, জোৱাৰ, ওট আদি উল্লেখযোগ্য।

কেইবিধমান ঘাঁহৰ উন্নত কৃষি পদ্ধতি সম্পৰ্কে আলোচনা কৰা হ’ল -

ক) দীননাথ ঘাঁহ: অসমত কৰিব পৰা একবৰ্ষীয় ঘাঁহৰ ভিতৰত দীননাথ ঘাঁহ অন্যতম। উষ্ণ সেমেকা বতৰ এই খেতিৰ বাবে উপযোগী হোৱা হেতুকে ব’হাগ মাহৰ পৰা আহাৰ মাহৰ ভিতৰত এই শস্যৰ বীজ সিঁচা দৰকাৰ। এই সময়ছোৱাত যথেষ্ট পৰিমাণৰ বৰষুণ হোৱা বাবে পানী ওলাই যোৱাৰ সু-বন্দৱস্ত থকা ৰ’দঘাই মাটি এই খেতিৰ বাবে নিৰ্বাচন কৰা দৰকাৰ। দীননাথ ঘাঁহৰ উন্নত জাতসমুহৰ ভিতৰত জে পি-১২, পুচা ৩, পুচা ১৯ আদি জাত আমাৰ ৰাজ্যৰ বিভিন্ন অঞ্চলৰ বাবে অনুমোদিত। এই শস্যৰ খেতিৰ বাবে মাটিডৰা ৩/৪ বাৰ ভালকৈ চহাই লৈ মৈয়াই সমান কৰি ল’ব লাগে। মাটি প্ৰস্তুতিৰ আৰম্ভণিতে বিঘাই প্ৰতি ৬-৮ কুইণ্টল পচনসাৰ বা গোবৰ সাৰ প্ৰয়োগ কৰি ল’ব পাৰিলে ভাল। শস্যৰ প্ৰয়োজনীয় ৰাসায়নিক সাৰৰ ভিতৰত বিঘাই প্ৰতি ৯ কেজি ইউৰিয়া সাৰ আৰু ২৫ কেজি একক ছুপাৰ ফছফেট সাৰ সিঁচাৰ আগেয়ে প্ৰয়োগ কৰি মাটিৰ লগত মিহলি কৰি দিব লাগে। বীজ সিঁচাৰ বাবে উপযুক্ত সময় হ’ল ব’হাগ মাহৰ পৰা আহাৰ মাহ। সিঁচাৰ বাবে প্ৰতি বিঘা তলীত ১ কেজি বীজ এফুট আঁতৰে আঁতৰে শাৰী শাৰীকৈ ২-৩ চে.মি. গভীৰতাত সিঁচি পাছত প্ৰায় ৪ ইঞ্চিমান দুৰত্বত পাতলাই দিব লাগে। প্ৰাথমিক অৱস্থাত শস্যৰ বৃদ্ধি কম হোৱা হেতুকে প্ৰায় ৩৫ ৰ পৰা ৪০ দিনমানলৈ শস্যৰ মাজৰ বন-বাত মাজে-সময়ে নিৰাই থকা দৰকাৰ।

দীননাথ ঘাঁহৰ কৃষিকালছোৱাত দুবাৰ শস্য চপাই সেউজীয়া ঘাঁহ পাব পাৰি। বীজ সিঁচাৰ প্ৰায় দুমহ পাছত প্ৰথমবাৰ কাটিব পাৰি। শস্য কটাৰ পাছত বিঘাই প্ৰতি ৯ কেজি ইউৰিয়া সাৰ শাৰীৰ দুয়োকাষে টপড্ৰেছিং কৰিব লাগে। । এনে ব্যৱস্থা শস্যৰ উৎপাদন বৃদ্ধিত সহায়ক হয়। প্ৰথমবাৰৰ কটাৰ প্ৰায় ১ ১/২ মাহ পাছত দ্বিতীয়বাৰ শস্য কাটিব পাৰি। শস্যৰ পৰা পাব পৰা সেউজীয়া ঘাঁহৰ উৎপাদন বতৰৰ উষ্ণতা আৰু বৰষুণৰ পৰিমাণ আৰু বিতৰণৰ ওপৰত নিৰ্ভৰ কৰে। ভালদৰে প্ৰতিপালন কৰিলে আৰু সুবিধাজনক বতৰত এবিঘা মাটিৰ পৰা সৰ্বমুঠ প্ৰায় ৭০-৮০ কুইণ্টল সেউজীয়া ঘাঁহ পাব পাৰি।

খ) ৰীণা ঘাঁহ(টিওচিনেট): অসমৰ মাটি আৰু জলবায়ুৰ উপযোগী ৰীণা ঘাঁহৰ খেতি কৰি যথেষ্ট পৰিমাণে সেউজীয়া ঘাঁহ উৎপাদন কৰিব পৰা যায়। গ্ৰীষ্মকালীন বতৰ এই শস্যৰ বাবে উপযোগী হোৱা হেতুকে ব’হাগ মাহৰ পৰা আহাৰ মাহৰ ভিতৰত এই শস্যৰ বীজ সিঁচি ৭০-৮০ দিনৰ ভিতৰত শস্য কাটি গৰু-ম’হক প্ৰয়োজনীয় ঘাঁহত যোগান ধৰিব পৰা যায়। এই শস্যৰ খেতিৰ বাবে পানী ওলাই যোৱাৰ সু-বন্দৱস্ত থকা বালিচহীয়া মাটি নিৰ্বাচন কৰি ৩/৪ বাৰ ভালদৰে চহাই মৈয়াই মিহি কৰি সমান কৰি ল’ব লাগে। মাটি প্ৰস্তুতিৰ আৰম্ভণিতে পৰ্যাপ্ত পৰিমাণে ভালকৈ পচা গোবৰ সাৰ বা পচনসাৰ প্ৰয়োগ কৰি মাটিৰ লগত মিহলাই দিব পাৰিলে ভাল। পথাৰডৰাত নিৰ্দিষ্ট দুৰত্বৰ অন্তৰে অন্তৰে নলা খান্দি বৰষুণৰ  অতিৰিক্ত পানীভাগ ওলাই যোৱাৰ ব্যৱস্থা কৰা দৰকাৰ। শস্যৰ বীজ শাৰী শাৰীকৈ ৮০ চে.মি. আঁতৰে আঁতৰে ১৫ চে.মি. ব্যৱধানত সিঁচিব লাগে। বিঘাই প্ৰতি প্ৰায় ৫ ১/২ কেজি বীজৰ প্ৰয়োজন হয়। ৰাসায়নিক সাৰৰ ভিতৰত ২৪ কেজি ইউৰিয়া, ২৫ কেজি একক ছুপাৰ ফছফেট অৰু ৫ কেজি মিউৰিয়েট অৱ পটাছ সাৰ বিঘাই প্ৰতি প্ৰয়োগ কৰিব লাগে। উল্লিখিত সাৰৰ আধাভাগ ইউৰিয়া আৰু ছুপাৰ ফছফেট আৰু পটাছ সাৰ সিঁচাৰ আগেয়ে প্ৰয়োগ কৰি মাটিৰ লগত ভালদৰে মিহলাই দিব লাগে। বাকী থকা ইউৰিয়া সাৰখিনি বীজ সিঁচাৰ প্ৰায় ৪০ দিন পাছত শাৰীৰ দুয়োকাষে টপড্ৰেছিং কৰি দিব লাগে। শুকান বতৰত জলসিঞ্চিত পানীৰ প্ৰয়োগে উৎপাদন বৃদ্ধিত সহায় কৰে। সিঁচাৰ আগেয়ে মাটিডৰাত খৰাং পৰিস্থিতিয়ে বিৰাজ কৰা যেন পালে এবাৰ জলসিঞ্চিত পানী প্ৰয়োগ কৰি মাটিডৰা জীপাল কৰি ল’ব পাৰিলে বীজৰ অংকুৰণত সহায়ক হয়। ৰীণা ঘাঁহৰ উন্নত জাতসমুহৰ ভিতৰত চিৰচা, টি এল ১৬, টি এল ২ আদি জাত অসমৰ জলবায়ু আৰু মাটিৰ লগত খাপখোৱা। উন্নত পদ্ধতিৰে খেতি কৰি এই অনুমোদিত জাতসমুহৰ পৰা বিঘাই প্ৰতি প্ৰায় ৪০ কুইণ্টল সেউজীয়া ঘাঁহ উৎপাদন কৰিব পৰা যায়।

গ) মাকৈ ঘাঁহ: সচৰাচৰ মাকৈ খেতি খাদ্যশস্য হিচাপে কৰা দেখা যায় যদিও কিছুমান জাত ঘাঁহজাতীয় শস্য হিচাপেও অধিক লাভজনকভাৱে কৰিব পৰা যায়। পানী জমা নোহোৱা বালিচহীয়া মাটিত মাকৈ ঘাঁহৰ বীজ ব’হাগ মাহৰ পৰা আহাৰ মাহৰ ভিতৰত সিঁচিব পাৰি। শীতকালীন শস্য হিচাপে বীজ সিঁচাৰ উপযুক্ত সময় হ’ল আহিন মাহৰ পৰা কাতি মাহ। আমাৰ ৰাজ্যৰ বাবে অনুমোদিত বিভিন্ন উন্নত জাতৰ ভিতৰত গংগা ৫, বিজয়, আফ্ৰিকান টল উল্লেখযোগ্য। এই জাতসমুহৰ উৎপাদন ক্ষমতা অধিক হোৱা বাবে সঠিক পদ্ধতিৰে খেতি কৰি বিঘা তলীত প্ৰায় ৪০-৪৫ কুইণ্টল সেউজীয়া ঘাঁহ উৎপাদন কৰিব পৰা যায়। মাকৈ ঘাঁহৰ খেতিৰ বাবে পথাৰডৰা ভালদৰে প্ৰস্তুত কৰা দৰকাৰ। ইয়াৰ বাবে মাটিডৰা ৫/৬ বাৰ চহাই লৈ মৈয়াই মিহি কৰি সমান কৰি ল’ব লাগে। শস্যৰ প্ৰয়োজনীয় বতৰত বিঘাই প্ৰতি ৮ কেজি বীজ এফুট অন্তৰে অন্তৰে শাৰী শাৰীকৈ ৪ ইঞ্চিমান ব্যৱধানত সিঁচিব লাগে। বীজ সিঁচাৰ আগেয়ে বিঘাই প্ৰতি ৯ কেজি ইউৰিয়া সাৰ, ২৭ কেজি একক ছুপাৰ ফছফেট আৰু ৭ কেজি মিউৰিয়েট অৱ পটাছ সাৰ প্ৰয়োগ কৰি মাটিৰ লগত মিহলাই দিব লাগে। সিঁচাৰ প্ৰায় ৪০ দিনমান পাছত পুনৰাই ৯ কেজি ইউৰিয়া সাৰ শাৰীৰ দুয়োকাষে টপড্ৰেছিং কৰি দিব লাগে। শস্যৰ অন্যান্য যতনৰ ভিতৰত খৰাং পৰিস্থিতিয়ে বিৰাজ কৰা যেন পালে প্ৰয়োজনীয় জলসিঞ্চিত পানীৰ ব্যৱস্থা কৰা দৰকাৰ। শস্য কাটিবৰ সময়ত বিশেষভাৱে মন কৰিবলগীয়া কথাটো হ’ল শস্যৰ বয়স। বেছি পুৰঠ হ’লে গৰু-ম’হে ইয়াক খাবলৈ মন নকৰাৰ লগতে গুণগত মানো কিছু পৰিমাণে হ্ৰাস পায়। সেয়েহে সিঁচাৰ প্ৰায় ২ ১/২ মাহমান পাছত অৰ্থাৎ শস্যৰ মাইকী ফুল ওলাব ধৰা অৱস্থাত কাটিলেহে সঠিক উৎপাদন পোৱা যায়।

ঘ) লেচেৰা মাহ/ ৰাইচ বীন: শৰীৰৰ পৰিপুষ্টিৰ বাবে অতি প্ৰয়োজনীয় উপাদান হ’ল প্ৰ’টিন। গৰু-ম’হ আদি আদি তৃণভোজী জীৱ-জন্তুৰ খাদ্য তালিকাত থাকিবলগীয়া প্ৰ’টিনৰ এক প্ৰধান উৎস হ’ল মাহজাতীয় খাদ্য। গতিকে সেউজীয়া ঘাঁহৰ লগতে মাহজাতীয় শস্যকো যদি জীৱ-জন্তুৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পৰা যায়, তেন্তে ই জীৱ-জন্তুক প্ৰয়োজনীয় পৰিপুষ্টি সাধনত সহায় কৰি উৎপাদন বৃদ্ধি কৰিব। অসমৰ জলবায়ু আৰু মাটিৰ লগত খাপ খোৱা মাহজাতীয় শস্যৰ ভিতৰত ‘লেচেৰা মাহ’ আৰু ‘ৰাইচ বীন’- এই দুবিধ শস্যক গৰু-ম’হৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিব পৰা যায়। এই দুবিধ শস্যৰে যিবোৰ জাতৰ গা-গছ, শাখা-প্ৰশাখা, পাত আদিৰ বৃদ্ধি বেছি, তেনেবোৰ জাত সাধাৰণতে গৰু-ম’হৰ বাবে ঘাঁহজাতীয় শস্য হিচাপে উৎপাদন কৰা হয়।

মাহজাতীয় শস্যৰ বাবে মাটিত পানী জমা হোৱা অৱস্থা অত্যন্ত ক্ষতিকাৰক। সেয়েহে পানী ওলাই যোৱাৰ সু-বন্দৱস্ত থকা মাটি এই খেতিৰ বাবে নিৰ্বাচন কৰা দৰকাৰ। লেচেৰা মাহৰ অনুমোদিত জাতসমুহ হ’ল ইচি-৪২১৬, নং ১০, ন্ং ৪২/১ আদি। ৰাইচ বীনৰ অনুমোদিত জাতসমুহৰ ভিতৰত কে-১ অন্যতম। বীজ সিঁচাৰ বাবে উপযুক্ত সময় হ’ল ব’হাগ মাহৰ পৰা জেঠ মাহ। ইয়াৰ বাবে মাটিডৰাত বিঘাই প্ৰতি ৫-৬ কুইণ্টল পচনসাৰ অথবা গোবৰ সাৰ প্ৰয়োগ কৰি ভালদৰে চহাই মিহি কৰি মৈয়াই সমান কৰি ল’ব লাগে। মাটি প্ৰস্তুতিৰ পাছত ৩০ চে.মি. আঁতৰে আঁতৰে লোৰ বনাই প্ৰায় ১০ চে.মি. ব্যৱধানত সিঁচিব লাগে। লেচেৰা মাহৰ ক্ষেত্ৰত প্ৰায় ৬ ১/২ কেজি বীজ প্ৰতি বিঘা তলীত প্ৰয়োজন হোৱাৰ বিপৰীতে ৰাইচ বীনৰ ক্ষেত্ৰত এই বীজৰ পৰিমাণ প্ৰায় ৩.৫ কেজি। সিঁচাৰ আগেয়ে বিঘাই প্ৰতি ৬ কে.জি. ইউৰিয়া সাৰ , ৩৫ কেজি একক ছুপাৰ ফছফেট সাৰ আৰু ৫ কেজি মিউৰিয়েট অৱ পটাছ সাৰ প্ৰয়োগ কৰি মাটিৰ লগত ভালদৰে মিহলাই দিব লাগে, অন্যথা ৰাসায়নিক সাৰৰ সংস্পৰ্শত আহিলে বীজ নষ্ট হোৱাৰ সম্ভাৱনা থাকে। শস্য চপোৱাৰ উপযুক্ত সময় হ’ল ফুল ফুলা সময়। ভালদৰে প্ৰতিপালন কৰা এবিঘা মাটিৰ পৰা ৩০ ৰ পৰা ৩৫ কুইণ্টল সেউজীয়া ঘাঁহ পাব পাৰি।

ঙ) ওট ঘাঁহ: শীতকালত গৰু-ম’হক সেউজীয়া ঘাঁহৰ যোগান ধৰিবলৈ অসমৰ মাটি আৰু জলবায়ু উপযোগী এবিধ ঘাঁহ হ’ল ওট ঘাঁহ। এইবিধ শস্য ঘাঁহ হিচাপে ব্যৱহাৰ কৰাৰ উপৰি ইয়াৰ গুটিৰ পৰা উৎপাদিত সামগ্ৰী মানুহে খাদ্য হিচাপেও গ্ৰহণ কৰে।

ওট ঘাঁহৰ বীজ সিঁচাৰ উপযুক্ত সময় হ’ল কাতি মাহৰ পৰা আঘোণ মাহ। এই খেতিৰ বাবে মাটিডৰা ভালদৰে চহাই মিহি কৰি মৈয়াই সমান কৰি ল’ব লাগে। এইবিধ শস্য শালিধান কটাৰ পাছত একেডৰা মাটিতো সিঁচিব পাৰি। ওট ঘাঁহৰ উন্নত মানৰ জাতৰ ভিতৰত কেণ্ট, এইচ জে-১১৪ আদি অসমৰ মাটি আৰু জলবায়ুৰ বাবে উপযোগী জাত। বীজ সিঁচিবৰ বাবে পথাৰডৰাত এফুট আঁতৰে আঁতৰে লোৰ বনাই বিঘাই প্ৰতি ১২ ৰ পৰা ১৪ কেজি বীজ সিঁচিব লাগে। সিঁচাৰ আগেয়ে প্ৰতি বিঘা তলীত ৮ কেজি ইউৰিয়া , ১৮ কেজি একক ছুপাৰ ফছফেট আৰু ৪ কেজি মিউৰিয়ট অৱ পটাছ সাৰ প্ৰয়োগ কৰি লোৱা দৰকাৰ। এইবিধ ঘাঁহ দুবাৰ কাটিব পাৰি। প্ৰথমবাৰৰ সিঁচাৰ ৬০-৭০ দিন পাছত আৰু দ্বিতীয়বাৰ ফুল ফুলিব ধৰা সময়ত। প্ৰথমবাৰ কটাৰ পাছত শাৰীৰ কাষে কাষে ৪ কেজি ইউৰিয়া সাৰ টপড্ৰেছিং কৰি দিলে উৎপাদন বৃদ্ধিত সহায়ক হয়। উন্নত পদ্ধতিৰে খেতি কৰি এইবিধ শস্যৰ পৰা বিঘাই প্ৰতি ৬০ ৰ পৰা ৭০ কুইণ্টল সেউজীয়া উৎপাদন কৰিব পাৰি।

চ) হাইব্ৰিড নেপিয়াৰ/ চেটেৰিয়া/গিনি: অসমৰ মাটি আৰু জলবায়ুৰ লগত খাপ খোৱা বহুবৰ্ষীয় ঘাঁহসমুহ হ’ল- হাইব্ৰিড নেপিয়াৰ, গিনি , চেটেৰিয়া আদি। এইবোৰ ঘাঁহ এবাৰ ৰোপণ কৰি বহু বছৰলৈ উৎপাদন কৰিব পাৰি। তদুপৰি গছৰ বৃদ্ধি বতৰৰ উষ্ণতা আৰু মাটিত থকা জীপৰ ওপৰত নিৰ্ভৰশীল হোৱা হেতুকে সুবিধাজনক পৰিৱেশত বছৰি ৪/৫ বাৰলৈকে ঘাঁহ কাটিব পাৰি। সেয়েহে উৎপাদন অন্যান্য একবৰ্ষীয় ঘাঁহৰ তুলনাত যথেষ্ট বেছি। এইবোৰ ঘাঁহৰ খেতিৰ বাবে পানী জমা নোহোৱা অথবা পানী ওলাই যোৱাৰ সু-বন্দৱস্ত থকা পথাৰ নিৰ্বাচন কৰি ব’হাগ মাহৰ পৰা আহাৰ মাহৰ ভিতৰত ৰোপণ কৰিব লাগে। আমাৰ ৰাজ্যৰ বাবে অনুমোদিত জাতসমুহৰ ভিতৰত হাইব্ৰিড নেপিয়াৰৰ এন বি-২১, আই জি এফ আৰ আই -৬, চি অ’-২ আদি, চেটেৰিয়া ঘাঁহৰ নন্দী আৰু কাজুংগুলা, আনফালে গিনি ঘাঁহৰ জি জি-২ আৰু হামিল উল্লেখযোগ্য। মাটি প্ৰস্তুতিৰ সময়ত পথাৰডৰাত যথেষ্ট পৰিমাণে পচনসাৰ অথবা গোবৰ সাৰ প্ৰয়োগ কৰি চহাই মিহি কৰি মৈয়াই সমান কৰি ল’ব লাগে। এইবোৰ ঘাঁহৰ ৰোপণ সামগ্ৰী হিচাপে পুৰণি গছৰ মুঢ়াৰ পৰা পাব পৰা শিপাৰে সৈতে থকা পোখা- পুলি ব্যৱহাৰ কৰা হয়। প্ৰতি বিঘাত প্ৰায় ৫০০০ পোখা-পুলিৰ প্ৰয়োজন হয়। এই পুলিবোৰ ৰুবৰ বাবে ৫০ চে.মি. ব্যৱধানত শাৰী প্ৰস্তুত কৰি ৫০ চে.মি. ব্যৱধানত ৰুব লাগে। ৰাসায়নিক সাৰৰ ভিতৰত ৩৫ কেজি ইউৰিয়া, ৪৫ কেজি একক ছুপাৰ ফছফেট আৰু ৭ কেজি মিউৰিয়েট অৱ পটাছ সাৰৰ দৰকাৰ। উপৰোক্ত সাৰৰ ইউৰিয়া ভাগ সমানে চাৰিটা ভাগ কৰি এভাগ ইউৰিয়া, সমুদায় ছুপাৰ ফছফেট আৰু পটাছ সাৰ ৰোপণৰ আগেয়ে শাৰীত প্ৰয়োগ কৰিব লাগে। বাকী থকা ইউৰিয়া সাৰ পাছত সমানে তিনিভাগ কৰি কটাৰ সময়ত শাৰীৰ কাষে কাষে টপ ড্ৰেছিং কৰি পাতলীয়াকৈ কোৰ মাৰি দিব লাগে। জলসিঞ্চনৰ সুবিধা থকা মাটিত খৰাং পৰিস্থিতিয়ে বিৰাজ কৰা যেন পালে ৰোৱাৰ ঠিক পাছতে আৰু প্ৰয়োজন সাপেক্ষে জলসিঞ্চিত পানী প্ৰয়োগ কৰিব পাৰিলে ই উৎপাদন বৃদ্ধিত সহায়ক হয়। এইবোৰ ঘাঁহ বছৰত ৪-৬ বাৰলৈকে কাটিব পাৰি। ৰোৱাৰ প্ৰায় ৬০-৬৫ দিন পাছত প্ৰথমবাৰ কাটি-পাছত প্ৰতি ৪০-৪৫ দিনৰ অন্তৰে   অন্তৰে কাটিব পাৰি। ভালকৈ প্ৰতিপালন কৰা এবিঘা মাটিৰ পৰা বছৰি ১০০-১২০ কুইণ্টল সেউজীয়া ঘাঁহ পাব পাৰি।

হাইব্ৰিড নেপিয়াৰ, গিনি, চেটেৰিয়া আদি বহুবৰ্ষীয় ঘাঁহৰ উৎপাদন শীতকালত বাদে বছৰৰ বাকী গোটেই সময়তে পোৱা যায়। ইয়াৰ উৎপাদনে ভাল আৰু এবাৰ ৰোপণ কৰিয়েই বহু বছৰলৈ সেউজীয়া ঘাঁহৰ উৎপাদন পাব পাৰি। গৰু-ম’হক গোটেই বছৰজুৰি সেউজীয়া ঘাঁহৰ যোগান ধৰিবলৈ শস্যক্ৰমত ঘাঁহখেতিক অন্তৰ্ভুক্ত কৰাৰ লগতে মিশ্ৰিত অথবা আন্ত:শস্য হিচাপে আৰু ব্যাপক হাৰত এককভাৱে ঘাঁহ উৎপাদনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

ক) ব্যাপক হাৰত এককভাৱে ঘাঁহ উৎপাদন: আমাৰ জলবায়ু আৰু মাটি উপযোগী বিভিন্ন প্ৰকাৰৰ একবৰ্ষীয় ঘাঁহ নিৰ্বাচন কৰি এক সুনিৰ্দিষ্ট শস্যক্ৰম পৰিকল্পনা কৰি সেইমতে গোটেই বছৰজুৰি সেউজীয়া ঘাঁহ পাব পাৰি।

১) লেচেৰামাহ- ৰীণা ঘাঁহ/ মাকৈ/ দীননাথ- ওট

২) লেচেৰামাহ-লেচেৰামাহ/ ৰাইচ বীণ- ওট/মাকৈ

৩) মাকৈ+ লেচেৰামাহ- ৰীণা ঘাঁহ+ লেচেৰামাহ- ওট

খ) বহুবৰ্ষীয় ঘাঁহৰ লগত আন্ত:শস্য হিচাপে

১) নেপিয়াৰ/ গিনি/ চেটেৰিয়া+ লেচেৰামাহ-লেচেৰামাহ- ওট / খেচাৰী

২) গিনি/ চেটেৰিয়া/ নেপিয়াৰ+ ৰাইচবীন- ৰাইচবীন- ওট/ খেচাৰী

গ) বহুবৰ্ষীয় ঘাঁহৰ লগত আন্ত:শস্য হিচাপে

১) ওট+ মটৰমাহ

২) ওট+ খেচাৰী

৩) মাকৈ+ খেচাৰী

৪) মাকৈ+ লেচেৰামাহ/ ৰাইচবীন

৫) ৰীণা ঘাঁহ+ লেচেৰামাহ/ ৰাইচবীন

৬) জোৱাৰ+ লেচেৰামাহ

ঘ) খাদ্যশস্যৰ লগত ঘাঁহ উৎপাদন

১) শালিধান- ওট ঘাঁহ

২) লেচেৰামাহ- শালিধান- ওট ঘাঁহ

৩)  গ্ৰীষ্মকালীন ধান- লেচেৰামাহ- মাকৈ+ ওট ঘাঁহ

ঙ) খাদ্যশস্য আৰু ঘাঁহৰ মিশ্ৰিত খেতি

১) সৰিয়হ+ ওট ঘাঁহ

২)মচুৰ + ওট ঘাঁহ

৩) মটৰমাহ+ ওট ঘাঁহ

৪) ধান+ লেচেৰামাহ

লেখক: ড° চিন্ময় কুমাৰ শৰ্মা

উৎস: আধুনিক কৃষিকথা (শস্য ব্যৱস্থাপনা)

 

 

 

 

 

3.06060606061
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top