অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

উন্নত পদ্ধতিৰে শালিধানৰ খেতি :

উন্নত পদ্ধতিৰে শালিধানৰ খেতিৰ বিষয়ে লিখা হৈছে ।

অসম এখন কৃষিপ্ৰধান ৰাজ্য আৰু ইয়াৰ অৰ্থনীতি প্ৰধানকৈ কৃষিৰ ওপৰত নিৰ্ভৰশীল। আমাৰ ৰাজ্যৰ মুঠ জনসংখ্যাৰ শতকৰা ৮০ ভাগেই কৃষিকাৰ্যৰ লগত জড়িত। বৰ্তমান সময়ত ৰাজ্যৰ মুঠ মাটিকালিৰ প্ৰায় ৩৬ শতাংশ কৃষিখণ্ডই আৱৰি আছে আৰু ই সৰ্বমুঠ ৰাজ্যিক আয়ৰ প্ৰায় ৪০ শতাংশ নিৰ্ধাৰণ কৰে। অসমৰ মাটি আৰু জলবায়ু বিভিন্ন খাদ্যশস্য উৎপাদনৰ বাবে উপযোগী যদিও মুঠ কৃষিভূমিৰ এক বৃহৎ অংশ ধানখেতিয়ে দখল কৰি আছে। ইয়াৰ মূলতে হ’ল খাদ্যশস্য হিচাপে ধানৰ গুৰুত্ব। আজি জনসাধাৰণৰ সিংহভাগেই প্ৰধান খাদ্য হিচাপে চাউল ব্যৱহাৰ কৰে। ই এবিধ শক্তিদায়ক খাদ্য হোৱাৰ উপৰি বহিঃউৎপাদিত সামগ্ৰী হিচাপে ওলোৱা তুহগুড়ি, খেৰ আদি গৰু-ম’হৰ উৎকৃষ্ট খাদ্য। খাদ্যশস্য হিচাপে ধানৰ যথেষ্ট গুৰুত্ব থকা সত্বেও ৰাজ্যৰ ধানৰ গড় উৎপাদন বৃদ্ধিৰ হাৰ সৰ্বভাৰতীয় পৰ্যায়ৰ তুলনাত যথেষ্ট কম। ধানৰ উৎপাদন প্ৰায় আঢ়ৈগুণ বৃদ্ধি পাইছে যদিও প্ৰতি বিঘাত গড় উৎপাদন বৃদ্ধি নিচেই কম। ধানৰ উৎপাদন বৃদ্ধিৰ মূলতে হ’ল ধানখেতি কৰা কৃষিভূমিৰ পৰিমাণ বৃদ্ধি, গড় উৎপাদিকা শক্তি বৃদ্ধি নহয়। কিন্তু ক্ৰমবৰ্ধমান জনসংখ্যাৰ ফলত ক্ৰমান্বয়ে সংকুচিত হৈ অহা কৃষিভূমিয়ে আৰু বেছিদিনলৈ ধানৰ উৎপাদন বৃদ্ধিত অৰিহণা যোগাব নোৱাৰিব। সেয়েহে প্ৰতি বিঘা মাটিত উৎপাদন বৃদ্ধি কৰাৰ প্ৰয়োজন আহি পৰিছে। ই আমাৰ খাদ্য চাহিদা পূৰণ কৰাৰ উপৰি বানপানী, খৰাং বতৰকে ধৰি নানা প্ৰাকৃতিক দূৰ্যোগৰ পৰা হ’ব পৰা ঘাটিও পূৰণ কৰিব পাৰিব। আমাৰ ৰাজ্যত ধানৰ গড় হিচাপত উৎপাদিকা শক্তি কম হোৱাৰ প্ৰধান কাৰণসমূহ হ’ল-

আধুনিক কৃষিকথা -

ক)বৰষুণ নিৰ্ভৰশীল খেতি আৰু সীমিত জলসিঞ্চল ব্যৱস্থাপনা,

খ)কম উৎপাদনক্ষম জাতৰ ব্যৱহাৰ,

গ)বীজ সলনি কৰাৰ প্ৰতি অনীহা,

ঘ)সুষম সাৰ প্ৰয়োগৰ অভাৱ,

ঙ)শস্যৰক্ষাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ অভাৱ আৰু

চ)প্ৰয়োজনীয় কৃপ্ৰযুক্তি কৌশলৰ সঠিক প্ৰয়োগৰ অভাৱ আদি।

এই অন্তৰায়সমূহ আঁতৰাই উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলেহে প্ৰতি বিঘা মাটিত ধানৰ উৎপাদন বৃদ্ধি পাব।

অসমত ধান প্ৰধানকৈ আহু, শালি আৰু বৰো খেতি হিচাপে কৰা হয় আৰু ইয়াৰ ভিতৰত অকল শালিধানেই মুঠ ধানখতি কৰা মাটিৰ প্ৰায় ৭০ শতাংশ দখল কৰি আছে। গতিকে আমাৰ ৰাজ্যৰ মুঠ উৎপাদিত ধানৰ এক বৃহৎ অংশ শালি খেতিৰ পৰা উৎপাদিত হৈছে। কৃষিবিজ্ঞানীসকলে আমাৰ ৰাজ্যৰ মাটি, জলবায়ু আৰু পৰিস্থিতিৰ লগত খাপ খোৱাকৈ নানাধৰণৰ আধুনিক জাত আৰু প্ৰযুক্তি কৌশল উদ্ভাৱন কৰি উলিয়াইছে। কৃষকৰ পথাৰত এইবোৰৰ সফল প্ৰয়োগ কৰিব পাৰিলে ধানৰ উৎপাদন বৃদ্ধি হোৱাটো নিশ্চিত।

অনুমোদিত জাত -

সময়মতে কৰিব পৰা দীৰ্ঘদিনীয়া(১৫০-১৫৫ দিন) উচ্চ উৎপাদনক্ষম শালিধানৰ জাতসমূহ হ’ল- ৰণজিত, বাহাদুৰ, পিয়লি, মণিৰাম, কুশল, পংকজ আদি। পানী জমা থকা মধ্যমীয়া তথা দ’ মাটিৰ বাবে উপযোগী এই অৰ্ধচাপত জাতসমূহৰ কঠীয়াৰ বাবে বীজ জেঠ-আহাৰ মাহত সিঁচি আহাৰ-শাওণৰ ভিতৰতে ৰুব লাগে। প্ৰতি বিঘাত উৎপাদন প্ৰায় ২০ৰ ২৫ মোন। ওখ জাতৰ ভিতৰত ‘মাচুৰি’ উল্লেখযোগ্য। শালিৰ পাছত ৰবি শস্য(বছৰত দুটা খেতি) কৰা অঞ্চলৰ বাবে উপযোগী মধ্যমদিনীয়া(১৩০-১৩৫ দিন) জাতসমূহ হ’ল- ‘সত্যৰঞ্জন’ আৰু ‘বসুন্ধৰা’। এই দুবিধ ধানৰ কঠীয়া আহাৰ/শাওণ মাহত পাৰি শাওণ মাহৰ পৰা প্ৰায় ভাদ মাহৰ মাজভাগলৈকে ৰুব পাৰি।

শেহতীয়া শালি হিচাপে কৰিব পৰা জাতৰ ভিতৰত মনোহৰ শালি প্ৰসাদভোগ, গোবিন্দভোগ আদি দীৰ্ঘদিনীয়া জাত উল্লেখযোগ্য। এই জাতসমূহৰ বুঢ়া কঠীয়া(প্ৰায় ৬০ দিন) ভাদৰ শেষলৈকে ৰুব পাৰি। কমদিনীয়া(১০০ দিন) জাতৰ ক্ষেত্ৰত ‘লুইত’, ‘কপিলী’, ‘কলং’ ‘দিচাং’ আদি জাতৰ কুমলীয়া কঠীয়া(২০-২৫ দিন) ভাদৰ শেষলৈকে ৰুব পাৰি অথবা গজালি ওলোৱা বীজ বোকামাটিত একে সময়লৈকে সিঁচিও কৰিব পাৰি।

সময়মতে কৰিব পৰা বৰাধানৰ উন্নত জাতসমূহৰ ভিতৰত অৰ্ধচাপৰ জাত ‘আঘোণী’ আৰু ‘ভোগালী’ আৰু ওখ জাত ‘ৰঙিলী’ উল্লেখযোগ্য। এই জাতসমূহৰ বীজ আহাৰ-শাওণ মাহত কঠীয়াতলীত সিঁচি কঠীয়া শাওণৰ পৰা ভাদৰ মাজভাগৰ ভিতৰত ৰুব লাগে। কৃষিকাল ১৫০ৰ পৰা ১৬০ দিন। একে সময়তে কৰিব পৰা সমকৃষিকালৰ জহাধানৰ জাতসমূহ হ’ল- ‘কেতেকী জহা’ আৰু ‘বকুল জহা’।

প্ৰতিকূল পৰিস্থিতিত প্ৰয়োজন সাপেক্ষে বুঢ়া কঠীয়া ৰুব পৰা উচ্চ উৎপাদনক্ষম জাত হ’ল ‘প্ৰফুল্ল’(৩০-৯০ দিন বয়সৰ কঠীয়া) আৰু ‘গীতেশ’(৩০-৬০ দিন বয়সৰ কঠীয়া)। একেধৰণে বানাক্ৰান্ত অঞ্চলত ১৫ৰ পৰা ১৮ দিনলৈ পানীৰ ডুব সহিব পৰা উন্নত জাত তিনিবিধ হ’ল- ‘জলশ্ৰী’, ‘জলকুঁৱৰী’, আৰু ‘প্লাৱন’। এই জাতসমূহৰ কৃষিকাল ১৫০ৰ পৰা ১৫৫ দিন আৰু বিঘাই প্ৰতি উৎপাদন প্ৰায় ১৮ৰ পৰা ২০ মোঞ্জ।

বীজ নিৰ্বাচন আৰু বীজ শোধন -

উন্নত জাতৰ বীজ সংগ্ৰহ কৰি বীজখিনি পৰিষ্কাৰ পানীত তিয়াই লৈ পানীত ভাহি উঠা বীজসমূহ আঁতৰাই পেলাব লাগে। গজালি উলিয়াবৰ বাবে বীজ পানীত তিওৱাৰ সময়ত অনুমোদিত ভেঁকুৰনাশক দ্ৰব্য পানীত মিহলাই বীজ শোধন কৰা দৰকাৰ। বীজ এদিন এৰাতি তিয়াই থৈ পাছত দুদিন দুৰাতি গাপ দিব লাগে।

কঠীয়াতলী প্ৰস্তুতি -

কঠীয়া পৰাৰ প্ৰায় এমাহমান আগেয়ে এচাহ বাই থ’ব লাগে। কঠীয়াতলীডৰাত যথেষ্ট পৰিমাণে পচনসাৰ অথবা গোবৰ সাৰ প্ৰয়োগ কৰি ভালদ্ৰে ৬-৮ চাহ মাৰি বোকা কৰি মৈয়াই সমান কৰি ল’ব লাগে। কঠীয়া প্ৰস্তুত কৰিবৰ বাবে মাটিডৰা ৪ ফুট বহলকৈ মাজত এফুটমান লোৰ ৰাখি চিতা প্ৰস্তুত কৰি ল’ব লাগে। চিতাবোৰৰ দৈৰ্ঘ্য নিজৰ সুবিধা অনুযায়ী কৰিব লাগে আৰু যিমান মাটি ৰুব তাৰ দহভাগৰ এভাগ মাটিত কঠীয়া পাৰিব লাগে। প্ৰতি ১০ মিটাৰ দীঘল, ১.২৫ মিটাৰ বহল চিতা(Bed) এখনত ২০ৰ পৰা ৩০ কেজি পচনসাৰ অথবা গোৱৰ সাৰ, ইউৰীয়া আৰু একক ছুপাৰ ফছফেট সাৰ ৮০ গ্ৰামকৈ আৰু মিউৰিয়েট অৱ পটাছ সাৰ ৪০ গ্ৰাম প্ৰয়োগ কৰি মাটিৰ লগত ভালদৰে মিহলাই দিব লাগে। এনেধৰণৰ এখন চিতাত বীজৰ আকাৰ অনুযায়ী ৬৫০ৰ পৰা ১০০০ গ্ৰাম বীজ সিঁচিব পাৰি। প্ৰতি বিঘা ৰুবৰ বাবে প্ৰায় ৬ কেজি বীজৰ প্ৰয়োজন হয়।

কঠীয়াতলীডৰাত খৰাং পৰিস্থিতি বিৰাজ কৰা যেন পালে দুখন চিতাৰ মাজৰ লোৰবোৰেৰে পানী সুমুৱাই দিয়া দৰকাৰ। একেধৰণে বৰষুণৰ অতিৰিক্ত পানীভাগ উলিয়াই দিবলৈও লোৰবোৰ ব্যৱহাৰ কৰিব পাৰি। কঠীয়াতলীত পানী জমা হৈ থকাটো সুবিধাজনক বুলি ক’ব নোৱাৰি। ইয়াৰ ফলত কঠীয়াৰ শিপা চুটি হয়। অৱশ্যে কঠীয়া তোলাৰ ২/৩ দিন আগতে কঠীয়াতলীডৰাত পানী সুমুৱাই ৰাখিলে পাছত কঠীয়া তোলাত সহজ হয়। কঠীয়াতলীডৰাত শস্যৰক্ষাৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা দৰকাৰ।

মূল পথাৰ প্ৰস্তুতি -

কঠীয়া ৰোৱাৰ কমেও ৩ সপ্তাহমান আগেয়ে প্ৰথম চাহ বাই থ’ব লাগে। আগতীয়াকৈ হাল বাই থ’লে বন-বাতবোৰ গেলি-পচি সাৰ হোৱাৰ উপৰি পোক-পৰুৱা আদি ধ্বংস হোৱাত সহায়ক হয়। পথাৰডৰা ভালদৰে চহ কৰি মৈয়াই সমান কৰি ল’ব লাগে। ই সমভাৱে পানী ৰখাত সহায় কৰে। পথাৰৰ আলিবোৰো ভালদৰে মেৰামতি কৰি পথাৰডৰাৰ চাৰিওকাষ পৰিষ্কাৰ কৰি ৰখাও অতিশয় জৰুৰী। মাটি প্ৰস্তুতিৰ আৰম্ভণিতে বিঘাই প্ৰতি প্ৰায় ১৫ কুইন্টল পচন অথবা গোবৰ সাৰ প্ৰয়োগ কৰিব পাৰিলে ই মাটিৰ স্বাস্থ্য উন্নত হোৱাৰ সহায়ক হয়।

কঠীয়া ৰোৱা -

কঠীয়াৰ বয়স আৰু ৰোৱাৰ ব্যৱধান ধানৰ কৃষিকালৰ ওপৰত নিৰ্ভৰ কৰে। তলত এই বিষয়ে উল্লেখ কৰা হ’ল-

জাত

কঠীয়াৰ বয়স(দিন)

ব্যৱধান(ইঞ্চি)

শাৰী

গোছা

ক)অতি কমদিনীয়া জাত(১০০ দিনৰ ভিতৰত)

২১-২৫

৪ বা

খ)কমদিনীয়া আৰু মধ্যকালীন জাত(১২০)

২৫-২৮

গ)মধ্যকালীন জাত(১২০-১৩০ দিন)

২৫-৩০

ঘ)দীৰ্ঘদিনীয়া জাত(১৩০ দিনৰ বেছি)

৩০-৪০

ঙ)মাচুৰি ৩০-৪০

১০

 

চ)মনোহৰ শালি

৩৫-৪৫

১০

১০

 

সময়মতে কৰা শালি খেতিত প্ৰতিগোছাত ২/৩ দাল কঠীয়া দিব লাগে। কমদিনীয়া কঠীয়া ৰোৱা শেহতীয়া শালিৰ ক্ষেত্ৰতো একে সংখ্যাৰে কঠীয়া প্ৰতিগোছাত দিব লাগে। কিন্তু দীৰ্ঘকালীন অথবা ওখ জাতৰ বুঢ়া কুঠীয়া ৰুলে প্ৰতিগোছাত ৬/৭ ডালকৈ কঠীয়া দিয়া দৰকাৰ। যিকোনো সময়তে কৰা যিকোনো জাতৰ ক্ষেত্ৰতে কঠীয়া ১-২ ইঞ্চি গভীৰতাত ৰুব লাগে। ৰোৱাৰ পাছত মৰি যোৱা গোছাবোৰ ৭-১০ দিনৰ ভিতৰত নতুন কঠীয়াৰে খাঁজি দিব লাগে।

শেহতীয়াকৈ কৰা ওখ জাতৰ বুঢ়া কঠীয়া ৰোৱা(৫০-৫৫ দিন) পদ্ধতিত কঠীয়া সমান ঘনকৈ অৰ্থাৎ দুইশাৰীৰ মাজত ৮ ইঞ্চিকৈ আৰু দুই গোছাৰ মাজত ৬ ইঞ্চিকৈ দূৰত্ব ৰাখি ৰুব লাগে।

ৰাসায়নিক সাৰৰ ব্যৱহাৰ -

উন্নত কৃষি প্ৰণালীত ৰাসায়নিক সাৰৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। শালিধানৰ উন্নত জাতসমূহৰ পৰা অধিক উৎপাদন পাবলৈ হ’লে মাটিত অভাৱে দেখা দিয়া শস্যৰ প্ৰয়োজনীয় মৌলসমূহ বিশেষকৈ নাইট্ৰ’জেন, ফছফৰাছ আৰু পটাছিয়াম সঠিক পৰিমাণ আৰু অনুপাতত সঠিক পদ্ধতিৰে প্ৰয়োগ কৰাত গুৰুত্ব আৰোপ কৰিব লাগিব। নাইট্ৰ’জেন মৌলই ধানৰ গা-গছ, পোখাৰ বৃদ্ধিৰ সহায় কৰাৰ উপৰি গছ-পাতৰ ৰং সেউজীয়া হোৱাত সহায় কৰে। এই মৌলৰ অভাৱ পূৰণ কৰিবলৈ বিভিন্নধৰণৰ ৰাসায়নিক সাৰ বজাৰত ওলাইছে। এইবোৰৰ ভিতৰত ইউৰিয়া, ডি এ পি, এম’নিয়াম ছালফেট, এমনিয়াম ফছফেট আদি উল্লেখযোগ্য। এই মৌলৰ অভাৱ কিছু পৰিমাণে জৈৱিক সাৰ, জীৱাণু সাৰ আদিৰ যোগেদিও পূৰণ কৰিব পৰা যায়। ফছফৰাছ মৌলবিধে ধানৰ শিপাৰ বৃদ্ধিত সহায় কৰাৰ উপৰি ফুল আৰু ফলৰ সংখ্যাও বৃদ্ধি কৰে। এই সাৰৰ চাহিদা বজাৰত সহজলভ্য একক ছুপাৰ ফছফেট, ডি এ পি, ৰক ফছফেট আদিৰ যোগেদি পূৰণ কৰিব পাৰি। পটাছিয়াম মৌলই ধানৰ গা-গছ শক্তিশালী কৰাৰ উপৰি বেমাৰ-আজাৰ, পোক-পতংগ প্ৰতিৰোধ আৰু খৰাং পৰিস্থিতি সহ্য কৰিব পৰা ক্ষমতা বৃদ্ধি কৰে। এই মৌল মিউৰিয়েট অৱ পটাছ সাৰৰ যোগেদি ধানখেতিত যোগান ধৰিব পাৰি। এইকেইবিধ মুখ্য মৌলৰ উপৰি আন কিছুমান প্ৰয়োজনীয় মৌল আছে যিবোৰে উৎপাদন বৃদ্ধিত সহায় কৰে।

শালিধানৰ খেতিত ৰাসায়নিক সাৰ প্ৰয়োগৰ পৰা সুফল পাবলৈ সঠিক পৰিমাণৰ ৰাসায়নিক সাৰ সঠিক সময়ত সঠিক পদ্ধতিৰে প্ৰয়োগ কৰা দৰকাৰ।

ৰাসায়নিক সাৰৰ পৰিমাণ -

শালিধানৰ খেতিত ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ আগেয়ে প্ৰধানকৈ তলত উল্লেখ কৰা বিষয় দুটাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সাৰৰ পৰিমাণ নিৰ্ধাৰণ কৰিব লাগে।

ক)মাটি পৰীক্ষাৰ যোগেদি মাটিত থকা বিভিন্ন মৌলৰ পৰিমাণ নিৰ্ধাৰণ কৰি সেইমতে ৰাসায়নিক সাৰৰ পৰিমাণ নিৰ্ধাৰণ কৰিব লাগে।

খ)ব্যৱহৃত জাতৰ ওপৰত নিৰ্ভৰ কৰি ধানৰ বাবে প্ৰয়োজনীয় ৰাসায়নিক সাৰৰ পৰিমাণ নিৰ্ণয় কৰিব পাৰি। সাধাৰণতে শালিধানৰ থলুৱা, ওখ জাতবোৰৰ তুলনাত উন্নত অৰ্ধচাপৰ জাতবোৰক অধিক পৰিমানৰ ৰাসায়নিক সাৰৰ প্ৰয়োজন হয়।

অসমৰ সকলো অঞ্চলতে মাটি পৰীক্ষাৰ সুবিধা নথকা হেতুকে প্ৰথমতে উল্লিখিত বিষয়টোৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিব পৰা হোৱা নাই। তথাপি বিভিন্ন অঞ্চলত কৰা গৱেষণাৰ যোগেদি শালিধানৰ জাতভেদে অসমৰ বাবে ৰাসায়নিক সাৰৰ অনুমোদন দিয়া আছে। এই অনুমোদন মৰ্মে উন্নত অৰ্ধচাপৰ জাত, যেনে- ৰঞ্জিত, বাহাদুৰ, মণিৰাম, পিয়লি, কুশল, পংকজ, সত্যৰঞ্জন, বসুন্ধৰা আদি জাতৰ বাবে প্ৰতি বিঘাত ১৮ কেজি ইউৰিয়া, ১৮ কেজি একক ছুপাৰ ফছফেট আৰু ৯ কেজি মিউৰিয়েট অৱ পটাছ সাৰৰ দৰকাৰ হয়ু। একক ছুপাৰ ফছফেট সাৰৰ সলনি ডি এ পি সাৰ ব্যৱহাৰ কৰিলে ১৬ কেজি ইউৰিয়া, ৬ কেজি ডি এ পি আৰু ৯ কেজি পটাছ সাৰৰ প্ৰয়োজন হ’ব। ওখ জাতৰ ক্ষেত্ৰত বিঘাই প্ৰতি ৬ কেজি ইউৰিয়া, ৮ কেজি একক ছুপাৰ ফছফেট আৰু ২ কেজি মিউৰিয়েট অৱ পটাছ সাৰৰ প্ৰয়োজন হয়।

ৰাসায়নিক সাৰ প্ৰয়োজন সময় -

ৰাসায়নিক সাৰ প্ৰয়োগৰ পৰা অধিক সুফল পাবলৈ হ’লে সঠিক সময়ত সাৰ প্ৰয়োগ কৰা অতিশয় গুৰুত্বপূৰ্ণ সময়ত প্ৰয়োগ কৰিব লাগে সেই কথাকে বুজায়। ইয়াৰ বাবে আমি ৰাসায়নিক সাৰৰ বৈশিষ্ট্য আৰু শস্যৰ গুৰুত্বপূৰ্ণ সময়ৰ বিষয়ে জানিব লাগিব। কৃষকে সচৰাচৰ ব্যৱহাৰ কৰা ইউৰিয়া সাৰবিধ পানীত সহজে দ্ৰৱীভূত হৈ বোৱঁতী পানীৰ লগত উটি গৈ নষ্ট হোৱাৰ লগতে মাটিৰ তললৈ গুচি হৈয়ো লগতে মাটিৰ তললৈ গুচি গৈয়ো নষ্ট হয়। ইয়াৰ উপৰি আন প্ৰক্ৰিয়াৰ যোগেদিও সাৰবিধ নষ্ট হয়। গতিকে এই সাৰবিধ একে সময়তে প্ৰয়োগ নকৰি শস্যৰ গুৰুত্বপূৰ্ণ সময়ত প্ৰয়োগ কৰা দৰকাৰ। একক ছুপাৰ ফছফেটত থকা ফছফৰাছ গছৰ বাবে লাহে লাহে সহজলভ্য হোৱাৰ উপৰি কমকৈ নষ্ট হোৱাৰ বাবে এইবিধ সাৰ ধানখেতিত সাধাৰণতে আৰম্ভণিতে এবাৰতে আৰম্ভণিতে এবাৰ প্ৰয়োগ কৰা হয়। তথাপি পৰিস্থিতিসাপেক্ষে ইয়াক কেতিয়াবা ভাগ ভাগকৈয়ো গুৰুত্বপূৰ্ণ সময়ত প্ৰয়োগ কৰিবলগা হয়।

শালিধানৰ কমদিনীয়া জাতৰ(১০০-১২০ দিনীয়া) ক্ষেত্ৰ্ত অনুমোদিত ৰাসায়নিক সাৰৰ ইউৰিয়া আধাভাগ আৰু একক ছুপাৰ ফছফেট আৰু মিউৰিয়েট অৱ পটাছ সাৰৰ সমুদায় অংশ ৰোৱনী চাহতে প্ৰয়োগ কৰিব লাগে। বাকী থকা আধাভাগ ইউৰিয়া শস্যৰ মণি ধৰা অৱস্থাত প্ৰয়োগ কৰিব লাগে।

শালিধানৰ মধ্য আৰু দীৰ্ঘদিনীয়া জাতৰ(১২০-১৫০ দিন) ক্ষেত্ৰত অনুমোদিত আধাভাগ ইউৰিয়া আৰু সমুদায় ছুপাৰ ফছফেট আৰু পটাছ সাৰ ৰোৱনী চাহত প্ৰয়োগ কৰি বাকী থকা আধাভাগ ইউৰিয়া সমানে দুভাগ কৰি এভাগ পোখা মেলা অৱস্থাত আৰু আনভাগ শস্যৰ মণি ধৰা অৱস্থাত প্ৰয়োগ কৰিব লাগে। অসমৰ কিছুমান অঞ্চলত মিউৰিয়েট অৱ পটাছ সাৰবিধৰ্ আধাভাগ ৰোৱনী চাহত আৰু আধাভাগ পোখা মেলা অৱস্থাত প্ৰয়োগ কৰাৰ বাবে অনুমোদন আছে। কেতিয়াবা বজাৰত সময়মতে একক ছুপাৰ ফছফেট সাৰবিধ পোৱা নগ’লে এইবিধ সাৰ কঠীয়া ৰোৱাৰ পাছত ৩০ দিনলৈকে প্ৰয়োগ কৰিব পাৰি।

সাৰ প্ৰয়োগৰ পদ্ধতি -

শালিধানৰ খেতিত প্ৰয়োগ কৰা ৰাসায়নিক সাৰৰ পৰা অধিক সুফল পাবলৈ সাৰখিনি সঠিক পদ্ধতিৰে প্ৰয়োগ কৰা দৰকাৰ। সাৰ প্ৰয়োগৰ সময়ত পথাৰত বেছি পানী ৰাখিব নালাগে। পথাৰত ২-৩ ইঞ্চি পানী থাকিলে সাৰ প্ৰয়োগ কৰিব পাৰে। বোৱঁতী পানীৰ পথাৰত সাৰ প্ৰয়োগ কৰা উচিত নহয়। ৰোৱনী চাহৰ আগে আগে অনুমোদিত সাৰখিনি প্ৰয়োগ কৰি মাটিৰ লগত ভালদৰে মিহলাই দিব লাগে। বাকীকেইবিধ সাৰৰ তুলনাত ইউৰিয়া সাৰবিধ সহজে নষ্ট হয়। সেয়ে ইউৰিয়া সাৰ টপ ড্ৰেছিং কৰাৰ সময়ত বিশেষ অৱলম্বন কৰিব লাগে। সাৰ সদায় ধানৰ মাজৰ মাটিত প্ৰয়োগ কৰিব লাগে। পাতত সাৰ ছটিয়াব নালাগে। সাৰ প্ৰয়োগৰ লগে লগে বা আগতে বন-বাত নিৰাই ল’ব পাৰিলে ভাল। অন্যথা অধিকাংশ সাৰ বন-বাতে গ্ৰহণ কৰিব। সাৰ প্ৰয়োগ কৰি উঠি নিৰণি যন্ত্ৰৰ সহায়ত সাৰখিনি মাটিৰ লগত ভালদৰে মিহলি কৰি দিব লাগে। নিৰণি যন্ত্ৰৰ অভাৱত মাটিডৰা ভালদৰে ভৰিৰ গচকি দিলেও সাৰখিনি মিহলি হ’ব। বেছি পানী থকা পথাৰত ইউৰিয়া সাৰ টপড্ৰেছ কৰিবলগা হ’লে প্ৰতি ১০ কেজি গোবৰ বা পচনসাৰৰ লগত ১ কেজি ইউৰিয়া মিহলাই গাপ দি পথাৰত প্ৰয়োগ কৰিব পাৰে। ৰাসায়নিক সাৰৰ ব্যৱহাৰে শালিধানৰ উন্নত জাতসমূহৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰে। ইয়াৰ বাবে সঠিক পৰিমাণ আৰু অনুপাতত, সঠিক সময়ত, সঠিক সময়ত, সঠিক পদ্ধতিৰে ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব লাগিব। ৰাসায়নিক সাৰৰ লগে লগে পৰ্যাপ্ত পৰিমাণে পচনসাৰ, গোবৰ সাৰ প্ৰয়োগ কৰা উচিত। ই মাটিৰ গুণাগুণ উন্নত কৰাৰ লগে লগে পৰিৱেশ-সুস্থতা অটুট ৰখাতো সহায় কৰিব।

জীৱাণু সাৰ আৰু সেউজ সাৰৰ ব্যৱহাৰ -

মাটিৰ সাৰুৱা গুণ আৰু পৰিৱেশ-সুস্থতা অটুট ৰাখি ভৱিষৎ প্ৰজন্মৰ বাবে প্ৰয়োজনীয় কৃষি সম্পদসমূহ ঠিকে ৰাখিবলৈ কেৱল ৰাসায়নিক সাৰৰ ওপৰতে নিৰ্ভৰ নকৰি সুসংহতভাৱে জীৱাণু সাৰ, জৈৱিক সাৰ, ৰাসায়নিক সাৰ আদিৰ ব্যৱহাৰৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজন আহি পৰিছে। মাটিত বিভিন্ন প্ৰজাতিৰ অংখ্য ক্ষুদ্ৰাতিক্ষুদ্ৰ অণুজীৱই বাস কৰে। ইয়াৰে শস্যৰ বাবে উপকাৰী জীৱাণুসমূহে মাটিত সংঘটিত বিভিন্ন ক্ৰিয়া-বিক্ৰিয়াসমূহত প্ৰত্যক্ষ বা পৰোক্ষভৱে সহায় কৰি মাটিৰ স্বাস্থ্য উন্নত হোৱাত সহায় কৰে।

জীৱাণু সাৰ হ’ল শস্যৰ বাবে উপকাৰী অণুজীৱসমূহৰ জীৱন্ত উপাদান, যিবিলাক শস্যৰ বীজ, শিপা নাইবা মাটিত প্ৰয়োগ কৰাৰ ফলত মাটিত এই অণুজীৱৰ সংখ্যা বৃদ্ধি পায় আৰু শস্যৰ বাবে প্ৰয়োজনীয় খাদ্যমৌলসমূহ গছে সহজতে গ্ৰহণ কৰিব পৰা অৱস্থালৈ লৈ আনে অথবা এইবোৰক সঞ্চয় কৰি ৰখাত সহায় কৰে। ধানখেতিৰ উৎপাদন বৃদ্ধিত নীলা সেউজীয়া শেলাই, এজলা, এজ’স্পাইৰিলাম, বেচিলাছ আদি জাতীয় জীৱাণু সাৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। পানী আৱদ্ধ হৈ থকা ৰ’দঘাই মাটিত নীলা সেউজীয়া শেলাই প্ৰচুৰ পৰিমাণে উৎপাদন হয় আৰু কঠীয়া ৰোৱাৰ প্ৰায় এসপ্তাহ পাছত ইয়াক প্ৰয়োগ কৰিব পাৰি। এ’জলা নামৰ এবিধ পুনীজাতীয় উদ্ভিদ নাইট্ৰ’জেন সঞ্চয় কৰি ৰাখিব পৰা এবিধ নীলা সেউজীয়া শেলাইৰ লগত সহবাস কৰি মাটিৰ বাবে অত্যন্ত উপযোগী আৰু প্ৰতি হেক্টৰ কৃষিভূমিত প্ৰায় ৪০-৬০ কেজি নাইট্ৰ’জেন সঞ্চয় কৰি ৰাখিব পাৰে। এজ’মা শালিধানৰ ৰোৱনী চাহৰ ২-৩ সপ্তাহ আগেয়ে মাটিডৰাত ৫-১০ চে.মি. পানী ৰাখি প্ৰতি হেক্টৰ মাটিত ৫০০ কেজি হিচাপে প্ৰয়োগ কৰি ইয়াৰ বংশ বিস্তাৰ কৰিবলৈ দি ৰোৱনী চাহত মাটিৰ লগত ভালদৰে মিহলাই দিব লাগে। এইবিধ পুনীজাতীয় উদ্ভিদ ৰোৱাৰ পাছত কঠীয়া সঁজাল ধৰাৰ সময়তো একে পৰিমাণত পানী আৱদ্ধ হৈ থকা মাটিত প্ৰয়োগ কৰিব পাৰি। এই পৰিমাণৰ এজ’লা উৎপাদন কৰিবলৈ খাল, পুখুৰী আদিত প্ৰথমে ইয়াৰ উৎপাদন কৰি লৈ পাছত মূল পথাৰত প্ৰয়োগ কৰিব লাগে। একেধৰণে নাইট্ৰ’জেন মৌল সঞ্চয় কৰি ৰাখিব পৰা বজাৰত সহজলভ্য জীৱাণু সাৰ, যেনে- এজ’স্পাইৰিলাম আৰু মাটিত আৱদ্ধ হৈ থকা ফছফৰাছ মৌল দ্ৰৱীভূত কৰিব পৰা বেচিলাছজাতীয় জীৱাণু সাৰ আদিও শালিধানত ব্যৱহাৰ কৰিব পাৰি।

মাটিডৰাত জৈৱিক পদাৰ্থৰ পৰিমাণ বৃদ্ধি কৰিবলৈ বিভিন্ন প্ৰকাৰৰ জৈৱিক সাৰ, যেনে- পচনসাৰ, গোবৰ সাৰ আদি ব্যৱহাৰ কৰাৰ উপৰি কিছুমান উদ্ভিদক মাটিৰ লগত মিহলাই দিওঁ, মাটিত জৈৱিক পদাৰ্থৰ পৰিমাণ বৃদ্ধি কৰিব পাৰি। তদুপৰি ই মাটিডৰাত শস্যৰ প্ৰয়োজনীয় বিভিন্ন পোষক দ্ৰব্যৰো যোগান ধৰে। এনেধৰণৰ শস্যবোৰক সেউজ সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। অসমত শালি খেতি আৰম্ভ কৰাৰ আগে আগে মূল পথাৰডৰা চহ কৰি ব’হাগ-জেঠ মাহত ধইনচা, ছান হেম্প আদি শস্য সিঁচি দি ৬ৰ পৰা ৮ সপ্তাহমান পাছত ইয়াক হাল বাই মাটিৰ লগত মিহলি কৰি দিব পাৰি।

পথাৰত পানী ৰখাৰ ব্যৱস্থা আৰু বন-বাত নিয়ন্ত্ৰণ -

কঠীয়া ৰোৱাৰ ২/৩ দিন পাছৰ পৰা খেতি চপোৱাৰ ৭/৮ দিন আগলৈকে ধাননি পথাৰত ২-৩ ইঞ্চিমান পানী ৰখা দৰকাৰ। জলসিঞ্চন কৰিলে এবাৰ ২-৩ ইঞ্চিমান পানী সুমুৱাই বন্ধ পানী নাইকিয়া হোৱাৰ ৩ দিন পাছত পুনৰ পানী ভৰাই দিব লাগে। ধাননি পথাৰৰ মাটি কঠীয়া ৰোৱাৰ পাছত কেতিয়াও ফাটি যোৱাকৈ শুকাবলৈ দিব নালাগে। ধানৰ পোখা মেলা, ফুল ফুলা বা মণি ধৰা সময়ত পথাৰত পানী ৰখাতো অত্যন্ত জৰুৰী।

শস্যৰ প্ৰাৰম্ভিক অৱস্থাত বন-বাত নিয়ন্ত্ৰণ কৰিব পাৰিলে পাছত ই গা কৰি উঠিব নোৱাৰে। গতিকে ৰোৱাৰ ২০-২৫ দিন আৰু ৪০-৪৫ দিনৰ ভিতৰত শাৰীবোৰৰ মাজত নিৰণি যন্ত্ৰ চলাই বন-বাত নিয়ন্ত্ৰণ কৰা দৰকাৰ। প্ৰয়োজনসাপেক্ষে ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰিও বন-বাত নিয়ন্ত্ৰণ কৰিব পাৰি ইয়াৰ বহল অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱা দৰকাৰ।

লেখক: ড° চিন্ময় কুমাৰ শৰ্মা

উৎস: আধুনিক কৃষিকথা(শস্য ব্যৱস্থাপনা)

3.10714285714
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top