মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / আধুনিক কৃষিকথা (ড° প্ৰশান্ত মিশ্ৰ) / উমৈহতীয়া সম্পদ ব্যৱস্থাপনা: এটি ধাৰণা আৰু পদ্ধতি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

উমৈহতীয়া সম্পদ ব্যৱস্থাপনা: এটি ধাৰণা আৰু পদ্ধতি

উমৈহতীয়া সম্পদ ব্যৱস্থাপনা: এটি ধাৰণা আৰু পদ্ধতিৰ বিষয়ে লিখা হৈছে ।

 

উমৈহতীয়া সম্পত্তি হ’ল সেইবোৰ সম্পদ যিবিলাক গোটেই গাওঁ বা জাতিয়ে ভোগ কৰিব পাৰে, কিন্তু কোনো ব্যক্তিবিশেষৰ মালিকীস্বত্ব বা অধিকাৰ নাথাকে। এই সম্পদ সকলোৰে বাবে কিন্তু কোনো ব্যক্তিয়ে ইয়াৰ অধিকাৰ দখল কৰিব নোৱাৰিব, বৰঞ্চ ইয়াক নিৰ্দিষ্ট গাওঁ বা ব্যক্তিসমূহে স্বাধীনভাৱে ব্যৱহাৰ কৰাৰ অধিকাৰ থাকিব।

উমৈহতীয়া সম্পদৰ বিশেষত্ব পৰিগণিত হয় ইয়াৰ গাওঁবাসী বা সমাজবিশেষৰ নূন্যতম প্ৰয়োজনীয়তা পূৰণ  কৰাৰ ক্ষমতাৰ ওপৰত। যদি উচিতভাৱে ব্যৱহাৰ কৰা হয় উমৈহতীয়া সম্পদ গাঁওবাসীৰ বা সমাজবিশেষৰ বাবে উপাৰ্জনৰ পথ প্ৰশস্ত কৰে। মূল সমস্যাটো হৈছে মালিকীস্বত্বৰ অনুভৱৰ অভাৱে উমৈহতীয়া শ বাহী হোৱাৰ দৰে সম্পদৰ উচিত ব্যৱহাৰ নহয়। সেয়েহে উমৈহতীয়া সম্পদৰ দায়িত্ব আৰু পৰিচালনা সামাজিকভাৱে গ্ৰহণযোগ্য আৰু আইনীভাৱে দায়বদ্ধ এক ৰাইজৰ অনুষ্ঠানে লোৱা উচিত।

উমৈহতীয়া সম্পদ ব্যৱস্থাপনা -

উমৈহতীয়া সম্পদ ব্যৱস্থাপনা কৰিবলৈ যাওঁতে সেয়েহে তলত দিয়া আৰ্হি প্ৰয়োগ কৰিলে সুফল আশা কৰিব পাৰি।

১) সম্পদৰ এক সুনিৰ্দ্দিষ্ট সীমাৰেখা বা পৰিধি নিৰ্ণয়।

২) স্থানীয় অৱস্থাৰ সৈতে খাপখোৱা নীতি-নিয়ম নিৰ্ধাৰণ।

৩) সমূহীয়া পছন্দৰ ধাৰণাৰ জন্ম দিবলৈ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত জনসাধাৰণৰ অংশগ্ৰহণ নিশ্চিতকৰণ।

৪) সম্পদৰ চোৱাচিতা কৰিবলৈ উপযুক্ত লোকৰ নিৰ্বাচন।

৫) ৰাইজৰ মতৰ বিপক্ষে যোৱাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ।

৬) দ্বন্দ্ব- নিৰাময়ৰ ব্যৱস্থা গ্ৰহণ।

৭) সম্পদৰ উপযুক্ত পৰিচালনা কৰিবলৈ কমিটী নিৰ্ধাৰণ আৰু সম্পদৰ পৰা সমূহ ৰাইজে যাতে সমানে সুফল ভোগ কৰিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ।

৮) সম্পদৰ সুফল ভোগ কৰিবলৈ যাওঁতে উমৈহতীয়া সম্পদ যাতে ধ্বংস কৰি পেলোৱা নহয়, বৰং এক অব্যাহত উন্নয়নমূলক ব্যৱস্থাহে লোৱা হয়, তাৰ প্ৰতি সজাগ হৈয়ো থাকিব লাগিব।

উমৈহতীয়া সম্পদ ব্যৱস্থাপনাৰ ক্ষেত্ৰত দুটা উল্লেখযোগ্য ধাৰণাগত আৰ্হি হ’ল সমাজবাদ আৰ্হি আৰু পুঁজিবাদ আৰ্হি। পুঁজিবাদ আৰ্হিৰ মতে উমৈহতীয়া সম্পদৰ ব্যক্তিগতকৰণেই হৈছে এই সমস্যাৰ একমাত্ৰ নিদান।

সমাজবাদ আৰ্হিমতে গ্ৰামীণ ৰাইজৰ মাজত অসমভাৱে হোৱা উমৈহতীয়া সম্পদৰ বিতৰণে সৃষ্টি কৰা আৰ্থিক দৰিদ্ৰতাই হৈছে সম্পদ ধ্বংসৰ কাৰক। গতিকে উমৈহতীয়া সম্পদৰ জাতীয়কৰণেই এক গ্ৰহণযোগ্য নীতি যি উমৈহতীয়া সম্পদক ৰক্ষণাবেক্ষণ দিব পাৰিব।

এক তৃতীয় আৰ্হি সমাজবিজ্ঞানীসকলৰ মতে বিশেষকৈ নৃতত্ত্ববিদসকলৰ মতে সামাজিক, ঐতিহাসিক , ৰাজনৈতিক আৰু আৰ্থিক জটিলতাই উমৈহতীয়া সম্পদৰ ধ্বংসকৰণত এক সক্ৰিয় ভূমিকা গ্ৰহণ কৰে। এই জটিলতাই স্থানীয় নিয়ন্ত্ৰণ প্ৰণালীক ভাঙি দিয়ে যি অন্যথাই এক সুস্থিৰ পৰিৱেশৰ দ্বাৰা উমৈহতীয়া সম্পদৰ ব্যৱস্থাপনা কৰিব পাৰিলেহেঁতেন।

উমৈহতীয়া সম্পদ বিশেষকৈ বনাঞ্চল আৰু বিচৰণভূমিবিলাক ক্ষিপ্ৰভাৱে কমি আহিছে আৰু ধ্বংস হৈছে। এই ঘটনাৰ ফলত বহুত অপ্ৰয়োজনীয় আৰু অভাবনীয় পাৰিপাৰ্শ্বিক সমস্যাৰ সৃষ্টি হৈছে। বহুতৰ বাবে বিশেষকৈ নব্যবাদী অৰ্থনীতিবিদসকলৰ মতে জনসংখ্যা বৃদ্ধিৰ ফলত হোৱা দৰিদ্ৰতাই দিয়া হেঁচাই উমৈহতীয়া সম্পদৰ বিস্তৰ ক্ষতি কৰিছে, যাক ‘সৰ্বসাধাৰণৰ বেদনা’ৰুপে পৰিগণিত কৰা হয়। তেওঁলোকৰ যুক্তিমতে জনসংখ্যাৰ বৃদ্ধিয়ে দিয়া হেঁচাৰ বাবে উমৈহতীয়া সম্পদসমূহ ধ্বংসৰ সন্মুখীন হৈছে, যিহেতু প্ৰত্যেক ব্যক্তিয়ে (সেই সমাজৰ) নিজৰ লাভ বেছিকৈ গ্ৰহণ কৰে কোনো মাচুল নিদিয়াকৈ। ইয়াৰ উচিত সমাধান হৈছে (নব্যবাদী অৰ্থনীতি মতে) ব্যক্তিগতকৰণ। ব্যক্তিগত সম্পত্তি হিচাপে, এজন ব্যক্তিয়ে সম্পদসমূহৰ উচিত ব্যৱস্থাপনা কৰিব, লগতে উপযুক্ত ব্যৱহাৰ কৰিব- কাৰণ বজাৰৰ মাজত সদায় প্ৰতিযোগিতামূলক ভাব থাকে। তেওঁলোকৰ ধাৰণা যে বজাৰেই হৈছে সদায় ৰাইজৰ সম্পত্তিৰ উচিত ব্যৱহাৰ নিৰুপক আৰু প্ৰতিযোগিতাৰ ভাবে নিশ্চিন্তভাৱে প্ৰয়োজনীয় উচিত ব্যৱস্থাপনা প্ৰদানত সহায় কৰে।

সমাজবাদৰ আৰ্হিমতে জনসংখ্যা বৃদ্ধিয়ে ‘সৰ্বসাধাৰণৰ বেদনা’ ৰ মূল কাৰক নহয়। এই আৰ্হিয়ে জনসংখ্যা বৃদ্ধিৰ হাৰক ঐতিহাসিক আৰু সামাজিক জটিল চক্ৰ হিচাপে বিশ্লেষণ কৰে। উদাহৰণস্বৰুপে পৰিয়ালৰ সংখ্যা বা আকাৰে বহুতো আৰ্থিক সিদ্ধান্ত লোৱাত নিশ্চিন্ত ভূমিকা পালন কৰে। দুখীয়া পৰিয়ালত জন্ম হোৱা এটি শিশুৱে খেতিত শ্ৰমিক হিচাপে বা ঘৰুৱা কামকাজত সহায়ক হিচাপে অতি কম সময়ত কাম কৰে আৰু গোটেই জীৱন কাম কৰি যায়। গতিকে এটি শিশু বেছিকৈ জন্ম দিয়াৰ সিদ্ধান্ত আৰ্থিক কাৰকৰ বিপৰীতে এক নিশ্চিন্ত প্ৰতিক্ৰিয়া। সেয়েহে ব্যক্তিগতকৰণৰ বিপৰীতে উমৈহতীয়া সম্পদবিলাক জাতীয়কৰণ কৰিব লাগে। এইটো ধাৰণা কৰা হয় যে জাতীয়কৰণে সামাজিক আৰু মূলত: চাৰিত্ৰিক ক্ষেত্ৰত সম্পদ ব্যৱহাৰকাৰীৰ মাজত প্ৰভূত পৰিবৰ্তন আনে। জাতীয়কৰণে ব্যক্তিগতভাৱে বেছিকৈ সম্পদ ব্যৱহাৰকাৰীক দমন কৰিব পাৰিব বুলি ভবা হয়।

ব্যক্তিগতকৰণ আৰ্হিয়ে বহুতৰ স্বাৰ্থত আঘাত হানি ব্যক্তিবিশেষক লাভান্বিত কৰে। ব্যক্তিগতকৰণে দৰিদ্ৰ লোকক উমৈহতীয়া সম্পদ ব্যৱহাৰৰ পৰা বঞ্চিত কৰি এচাম উচ্চবিত্তশীল লোকক সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰে। এই আৰ্হিয়ে সমাজত অসমতা বৃদ্ধি কৰে। ব্যক্তিগতকৰণ আৰ্হিয়ে স্থানীয় সাংস্কৃতিক প্ৰণালী আৰু সামাজিক ৰাজনৈতিক অনুষ্ঠানবিলাকক উপেক্ষা কৰে, যি উমৈহতীয়া সম্পদ ব্যৱহাৰৰ সৈতে ওতপ্ৰোতভাৱে জড়িত।

জাতীয়কৰণেও উমৈহতীয়া সম্পদ ব্যৱস্থাপনাৰ অসুবিধাসমূহ দূৰ কৰিব পৰা নাই। উদাহৰণস্বৰুপে , নেপালত বনাঞ্চল চৰকাৰীকৰণ হোৱা সত্ত্বেও বনাঞ্চল ধ্বংসকৰণ ৰোধ কৰিব পৰা নাই। বৰঞ্চ বনাঞ্চল ধ্বংসকৰণ বাঢ়িছেহে, কমা নাই। দেখা গৈছে যে চৰকাৰীকৰণ বা জাতীয়কৰণে স্থানীয় ব্যৱস্থাপনা প্ৰণালীক দুৰ্বল কৰে আৰু স্থানীয় ৰাইজৰ উমৈহতীয়া সম্পদৰ ৰক্ষণাবেক্ষণত দিয়া গুৰুত্ব কম কৰে। গতিকে এতিয়া নেপাল চৰকাৰে ৰাইজৰ সম্পত্তি অধিকাৰ আইনৰ পুৰ্নগঠন কৰিছে।

নৃতত্ত্ববিদ আৰ্হি -

বৰ্তমান সময়ত সমাজবিজ্ঞানীসকলে বিশেষকৈ সাংস্কৃতিক নৃতত্ত্ববিদসকলে স্থানীয় ৰাইজে উমৈহতীয়া সম্পদ ব্যৱস্থাপনা বাবে স্থানীয়ভাৱে যিবোৰ পদ্ধতি ব্যৱহাৰ কৰে তাক বিশ্লেষণৰ বাবে গ্ৰহণ কৰিছে। ৰাইজৰ ব্যৱস্থাপনা প্ৰণালীয়েই হৈছে উমৈহতীয়া সম্পদৰ ব্যৱস্থাপনাৰ ভাল সমাধান। এই ধাৰণাৰ মূল কথা এয়ে যে যিবিলাক মানুহে (সমাজে) জীয়াই থাকিবৰ বাবে প্ৰাকৃতিক সম্পদৰ ওপৰত নিৰ্ভৰশীল, তেনে সমাজে সদায় কিছুমান সাংস্কৃতিক প্ৰণালী আৰু সমাজিক-ৰাজনৈতিক অনুষ্ঠান গঢ় দিয়ে, যি প্ৰকৃতিৰ সৈতে তেওঁলোকৰ সম্পৰ্ক নিয়ন্ত্ৰণ কৰে। নৃতত্ত্ববিদসকলে দ্বিধাহীনভাৱে উমৈহতীয়া সম্পদৰ ব্যৱস্থাপনাৰ অসুবিধাসমূহ দূৰ কৰিবলৈ ৰাইজৰ বনাঞ্চলক এক উপযুক্ত আৰু ফলপ্ৰসূ সমিধান হিচাপে আগবঢ়ায়।

ঘাইকৈ পাঁচ প্ৰকাৰৰ উমৈহতীয়া সম্পদৰ ব্যৱস্থাপনা হ’ল- বনাঞ্চল ব্যৱস্থাপনা, চৰণভূমি ব্যৱস্থাপনা, জলসিঞ্চনৰ জল ব্যৱস্থাপনা, ভূমি সংৰক্ষণ  আৰু খেতিমাটি সংৰক্ষণ।

আনহাতে সম্পত্তি সজ্জিতকৰণো সম্পদ ব্যৱস্থাপনাত এক ফলপ্ৰসূ প্ৰণালী। এই ব্যৱস্থাৰ ফলত ব্যৱহাৰকাৰীক সম্পদ ব্যৱহাৰ কৰাৰ অধিকাৰ দিয়া হয়, কিন্তু মালিকীস্বত্ব দিয়া নহয়। উমৈহতীয়া সম্পদৰ ব্যৱস্থাপনাত বিভিন্ন সামাজিক আৰু আৰ্থিক অৱদান থাকে। প্ৰথমতে, ইয়াৰ দ্বাৰা এক নিশ্চিত প্ৰাকৃতিক সম্পদৰ যোগান পোৱা যায় যিটো গ্ৰামীণ ৰাইজৰ জীৱনধাৰণৰ বাবে প্ৰয়োজনীয়। দ্বিতীয়তে, ই এক সমাজ নিয়ন্ত্ৰণ প্ৰণালী গঠন কৰে যি উমৈহতীয়া প্ৰাকৃতিক সম্পদক ব্যক্তি বিশেষৰ অপব্যৱহাৰৰ পৰা ৰক্ষণাবেক্ষণ দিয়ে। ফলস্বৰুপে স্থানীয় সম্পদক একক হিতাধিকাৰীৰ ধ্বংসকাৰক কামৰ পৰা ৰক্ষা কৰিব পৰা যায়। অব্যাহত উন্নয়ন প্ৰক্ৰিয়াৰ সৈতে উমৈহতীয়া সম্পদ ব্যৱস্থাপনাৰ অংগাংগী সম্পৰ্ক আছে।

ব্যক্তিগতকৰণে কেতিয়াও সম্পদ ব্যৱস্থাপনাত সন্মুখীন হোৱা সমস্যাসমূহ সম্পূৰ্ণভাৱে ৰোধ কৰিব নোৱাৰে। স্থানীয় সম্পদ ব্যৱস্থাপনা প্ৰণালী চিহ্নিত কৰি আৰু স্বীকৃতি দি নীতি নিৰ্ধাৰকসকলে আৰু পৰিকল্পনাবিদসকলে এক ফলপ্ৰসূ সম্পদ ব্যৱস্থাপনা নিৰ্ধাৰণ কৰিব পাৰে। স্থানীয় ব্যৱস্থাপনা প্ৰণালীবিলাক প্ৰভাৱশালী, সুদূৰপ্ৰসাৰী আৰু লাভজনক। এইবিলাক স্থানীয়ভাৱে প্ৰচলিত পদ্ধতি, গতিকে এইবিলাকক সামৰ্থ্যশালী কৰা উচিত।

লেখক: ৰিপুঞ্জয় কাকতী , ড° প্ৰশান্ত মিশ্ৰ

উৎস: আধুনিক কৃষিকথা (কৃষি আৰু পৰিৱেশ)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top