অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

এন্দুৰ-নিগনিৰ সু-সংহত নিয়ন্ত্ৰণৰ উপায় :

এন্দুৰ-নিগনিৰ সু-সংহত নিয়ন্ত্ৰণৰ উপায়ৰ বিষয়ে লিখা হৈছে ।

 

এন্দুৰ নিগনিয়ে আমাৰ ঘৰত থকা বয়বস্তুৰ পৰা আৰম্ভ কৰি শস্যপথাৰত থকা ফচলৰো বিস্তৰ ক্ষতিসাধন কৰাৰ আমি সকলোৱে জানো। এই এন্দুৰ-নিগনিবোৰ পতংগ শ্ৰেণীত নপৰা আটাইতকৈ গুৰুত্বপুৰ্ণ স্থলচৰ কীট। ইহঁত ৰডেনটিয়া গণ আৰু মুছিদি পৰিয়ালৰ অন্তৰ্ভুক্ত। ই সাধাৰণতে খেতিপথাৰত সিঁচা গুটিবোৰ খাই নষ্ট কৰি পেলায়, ঠন ধৰি উঠা গছবোৰ গুৰিতে কাটি দিয়ে। আৰু মৰণা মৰা চোতালত চপাই থোৱা শস্যৰ দমবোৰৰ বিস্তৰ ক্ষতি কৰে। তদুপৰি ভঁৰালত থৈ দিয়া ফচলৰ ওপৰতো ই আক্ৰমণ কৰে।

এন্দুৰ-নিগনিবোৰ সাধাৰণতে এটা বা দুটা প্ৰস্থান পথ থকা সৰু-বৰ বিভিন্ন প্ৰকাৰৰ গাঁতত বাস কৰে। দুটা প্ৰস্থান পথ থকা গাঁতবোৰ মুলত: পোন বা ইংৰাজী আখৰ ইউ আকৃতিৰ । প্ৰস্থান পথত পৰ্যাপ্ত পৰিমাণে খান্দি উলিওৱা মাটিৰ দ’ম দেখিবলৈ পোৱা যায়।

এইটো ঠাৱৰ কৰা হৈছে যে এন্দুৰে যিমান খাদ্য ভক্ষণ কৰে তাতকৈ দহগুণ বেছি পৰিমাণৰ খাদ্যশস্য নষ্ট কৰে। সিহঁতে পথাৰত শস্য খোৱাৰ উপৰি এক বুজন পৰিমাণৰ শস্য গাঁতত মজুত কৰি ৰাখে, যাতে বৰষুণৰ বতৰত এইবোৰ অনায়াসে খাই বংশবৃদ্ধি কৰিব পাৰে।

এন্দুৰ-নিগনিৰ বংশবৃদ্ধিৰ হাৰ অতি বেছি। সিহঁতে পোৱালি অৱস্থাত, অৰ্থাৎ ৩-৪ মহীয়া হোৱাৰ লগে লগে গৰ্ভধাৰণ কৰিবলৈ লয় আৰু এবছৰৰ পৰা ডেৰ বছৰলৈকে সিহঁতৰ প্ৰজনন ক্ষমতা অটুট থাকে। গৰ্ভধাৰণ সময় মাত্ৰ ২০-২৫ দিন। একেজনী নিগনিয়ে বছৰত ৪-৮ বাৰ পোৱালি জগায় আৰু এবাৰত ৬-৮ টা পোৱালি দিয়ে। গতিকে কোনো নিয়ন্ত্ৰণ ব্যৱস্থা নল’লে এজনী এন্দুৰে বছৰৰ শেষত প্ৰায় আঠশটা পোৱালি জন্ম দিব। সেয়েহে এন্দুৰ-নিগনিৰ পোৱালিৰ আধিক্যৰ প্ৰতি লক্ষ্য ৰাখিলে আমি ক’ব পাৰোঁ যে এন্দুৰ-নিগনি আমাৰ এক ভীষণ অনিষ্টকাৰী কীট, যিয়ে পথাৰত থকা শস্যৰ উপৰি ভঁৰালত থকা খাদ্যশস্যৰ ব্যাপক অনিষ্ট সাধন কৰে। সেয়েহে এন্দুৰ-নিগনি মাৰি শেষ কৰিব নোৱাৰিলেও আমি সিহঁতক নিয়ন্ত্ৰণ কৰি কিছু পৰিমাণে হ’লেও সিহঁতে কৰা ক্ষয়-ক্ষতিৰ পৰা হাত সাৰিব পাৰোঁ।

এন্দুৰ-নিগনিৰ সু-সংহত নিয়ন্ত্ৰণ -

এন্দুৰ-নিগনিৰ নিয়ন্ত্ৰণ কাৰ্য এখন গাঁৱত, এখন খেতিপথাৰত সমুহীয়াভাৱে কৰিব লাগে। এই কাৰ্যব্যৱস্থা শস্য চপোৱাৰ আগতে নতুবা ৰবি শস্য চপোৱাৰ পাছতে কৰিব লাগে। বিভিন্ন স্তৰত এই কাৰ্য সম্পন্ন কৰিব পৰা যায়।

১) প্ৰথম দিনত গাওঁখনত থকা সকলো পথাৰতে জৰীপ চলাওক। এন্দুৰৰ খোলা গাঁত থাকিলে বন্ধ কৰি দিয়ক।

২) দ্বিতীয় আৰু তৃতীয় দিনত সকলো গাঁত পুনৰ পৰীক্ষা কৰক। খোলা গাঁত দেখিলে বুজিব যে এইবোৰত এন্দুৰে বিদ্যমান। একোডাল বাঁহৰ চুটি কামীত কাগজ বা কাপোৰ মেৰিয়াই লৈ গাঁতবোৰ চিহ্নিত কৰক।

৩) চতুৰ্থ দিনত বিহটোপ প্ৰস্তুত কৰি ইয়াৰ ১০-১৫ গ্ৰামকৈ নিগনি অহা-যোৱা কৰা বাটত থ’ব। গাঁতবোৰ আকৌ টানকৈ বন্ধ কৰি দিয়ক।

৪) পঞ্চম দিনত পুনৰ গাঁতবোৰ পৰীক্ষা কৰেই যদি কোনো খোলা গাঁত দেখে, তেন্তে তাত আকৌ বিহটোপ দি দিয়ক। যদিহে বিহটোপবোৰ নাখায়, তেন্তে গেছীয় ব্যৱস্থাৰ সহায় ল’ব লাগিব। এই ব্যৱস্থাতেলুমিনিয়াম ফছফাইড পিলৰ ০.৫ গ্ৰাম প্ৰতিটো সৰু গাঁতত এটাকৈ আৰু ডাঙৰ গাঁতত ২-৪ টা পিল সুমুৱাই দি মুখখন পুনৰ বন্ধ কৰি দিব লাগে। এই পিলবোৰৰ পৰা নিৰ্গত গেছে এন্দুৰ-নিগনিৰ শ্বাস-প্ৰশ্বাসত ব্যাঘাত জন্মায় বা শেষত মৃত্যুমুখত পৰে। পিল সদায় পুৱা ভাগতহে প্ৰয়োগ কৰিব। বজাৰত এই পিল চেলফ’ছ, ফছটাক্সিন নামেৰে কিনিব পাৰি। সাধাৰণতে তলত দিয়া বেইটবোৰ ব্যৱহাৰ কৰা হয়।

জিংক ফছফাইড বিহটোপ প্ৰস্তুতকৰণ -

২.৫ গ্ৰাম জিংক ফছফাইড, ৯৫ গ্ৰাম ঘেঁহু বা চাউলৰ গুড়ি আৰু ২.৫ গ্ৰাম সৰিয়হৰ তেল লওক। প্লাষ্টিকৰ বেগ এটাত ঘেঁহু বা চাউলৰ গুড়িখিনি লৈ তাত সৰিয়হৰ তেলখিনি মিহলাই ভালদৰে জোকাৰি দিয়ক। এতিয়া এই মিশ্ৰণটোত জিংক ফছফাইড ছটিয়াই তিনিওটা বস্তু ভালদৰে সানি লওক। মিশ্ৰণটোত থকা জিংক ফছফাইডখিনি ঘেঁহু বা চাউলৰ গুড়িত আঠা লাগি ধৰিব। এতিয়া একোখন কাগজত ১৫ গ্ৰামৰ সৰু সৰু টোপোলা বনাই এন্দুৰৰ গাঁতত থৈ দিব লাগে।

বেৰিয়াম কাৰ্বনেট বিহটোপ প্ৰস্তুতকৰণ -

এই বিহটোপত সাধাৰণতে ১৬-২০ শতাংশ বেৰিয়াম কাৰ্বনেট ব্যৱহাৰ কৰা হয়। ইয়াত গোটেই ঘেঁহুৰ গুৰি বা ময়দাৰ সৈতে বেৰিয়াম কাৰ্বনেটখিনি মিহলি কৰা হয়। এই মিশ্ৰণটোত অকণমান গুৰ মিহলাই পনীয়া কৰি লোৱা হয়।

ৱাৰফাৰিণ বা তামাৰিণ বিহটোপ প্ৰস্তুতকৰণ -

গোমধান, ঘেঁহু নতুবা চাউলৰ গুড়ি মিঠাতেলৰ সৈতে মিহলাই এই বিহটোপটো প্ৰস্তুত কৰা হয়।

ঘৰত বা ভঁৰালত নিগনিৰ উপদ্ৰৱ নিয়ন্ত্ৰণৰ বাবে ভেণ্টিলেশ্যন, খিৰিকী আদি লোৰ জালিৰে আবৃত কৰিব লাগে। এইক্ষেত্ৰত থিতাতে মাৰিব পৰা বিহটোপ নিগনি অহা-যোৱা কৰা পথত থৈ দিয়ক। ব্ৰম’ডিওলন বেইট আজিকালি বজাৰত প্ৰস্তুত কৰা অৱস্থাত কেক হিচাপে পৰ্যাপ্ত পৰিমাণে পোৱা যায়। এইবিধ কেকৰ বাণিজ্যিক নাম ‘মুচ-মুচ’ কিনি আনি পোনপটীয়াকৈ নিগনিক খাবলৈ দিব পাৰি।

ইয়াৰ উপৰি বিভিন্নধৰণৰ ফান্দ কিনি আনি তাত মাছ- মাংস আদিৰ টোপ দি এন্দুৰ- নিগনি অহা-যোৱা কৰা বাটত ৰাখিও এইবোৰ নিধন কৰিব পাৰি। পথাৰ বা ঘৰত মেকুৰী এৰি দিও এন্দুৰ-নিগনি নিপাত কৰিব পৰা যায়। এইদৰে বিভিন্ন প্ৰকাৰৰ উপায় অৱলম্বন কৰি আমি খেতিপথাৰত হওক নতুবা ঘৰতেই হওক আমাৰ সংৰক্ষিত খাদ্যশস্য এন্দুৰ-নিগনিৰ আক্ৰমণৰ পৰা বচাব পাৰোঁ। লগতে আৰ্থিকভাৱেও লাভাম্বিত হ’ব পৰা যায়।

লেখক: পিংকুধৰ বৰ্মন

উৎস: আধুনিক কৃষিকথা (শস্য সুৰক্ষা)

3.5
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top