অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

তৈলবীজ :

তৈলবীজৰ বিষয়ে লিখা হৈছে ।

 

জনসাধাৰণৰ খাদ্য তালিকাত তৈলবীজে এক গুৰুত্বপুৰ্ণ স্থান দখল কৰি আহিছে। মানৱ দেহৰ বাবে প্ৰয়োজনীয় তেলৰ যোগান ধৰাৰ লগতে বিভিন্ন প্ৰকাৰৰ ৰং, চাবোন, দৰব, বাৰ্নিচ, বনস্পতি আদি প্ৰস্তুতকৰণত তৈলবীজৰ পৰা নিষ্কাশিত তেল ব্যৱহাৰ কৰা হয়। তেল নিষ্কাশনৰ পাছত ৰৈ যোৱা খলিহৈ খেতিপথাৰত জৈৱিক সাৰ হিচাপে ব্যৱহাৰ কৰাৰ উপৰি কিছুমান তৈলবীজৰ খলিহৈ জীৱ-জন্তুৰ খাদ্য হিচাপেও ব্যৱহাৰ কৰা হয়। অসমত কৰিব পৰা বিভিন্ন তৈলবীজৰ ভিতৰত সৰিয়হ, তিল, গুজিতিল, তিচী, বাদাম, চয়াবিন আদি উল্লেখযোগ্য। অসমৰ মাটি আৰু জলবায়ু বিভিন্ন তৈলবীজৰ বাবে উপযোগী যদিও আমাৰ কৃষকসকলে সৰিয়হৰ বাহিৰে বাকী শস্যসমুহ এতিয়াই গুৰুত্বসহকাৰে লোৱা নাই। ২০০৪-২০০৫ চনৰ সমীক্ষামতে অসমত সৰ্বমুঠ ২.৮ লাখ হেক্টৰ মাটিত তৈলবীজৰ খেতি কৰি প্ৰতি হেক্টৰ মাটিত গড় উৎপাদন ৫.৩৬ কুইণ্টল হিচাপে মুঠ ১.৫ লাখ মেট্ৰিক টন তৈলবীজ উৎপাদন কৰা হয়। স্বাধীনতাৰ পাছৰ পৰা আমাৰ ৰাজ্যত তৈলবীজৰ মাটিকালি, উৎপাদন আৰু উৎপাদিকা শক্তি বৃদ্ধি পাইছে যদিও গড় উৎপাদিকা শক্তি সৰ্বভাৰতীয় হাৰৰ তুলনাত কিছু কমি আছে। একেধৰণে জনসাধাৰণৰ চাহিদা পুৰণ কৰিবলৈ বছৰি প্ৰয়োজন হোৱা তেলৰ গোটেইখিনি আমাৰ ৰাজ্যত উৎপাদন নোহোৱাৰ ফলত প্ৰতিবছৰে এক বুজন পৰিমাণৰ তেল অন্য ৰাজ্যৰ পৰা আমদানি কৰিবলগাত পৰে। এই ক্ষেত্ৰত আমাৰ বাবে প্ৰয়োজনীয় তেল নিজ ৰাজ্যতে উৎপাদন কৰিবলৈ তৈলবীজৰ খেতি কৰা কৃষিভুমিৰ পৰিমাণ বৃদ্ধি কৰাৰ লগতে গড় উৎপাদিকা শক্তি বৃদ্ধি কৰিবলৈ যথেষ্ট সমল আছে। ইয়াৰ বাবে উৎপাদনৰ প্ৰধান অন্তৰায়সমুহ পৰ্যালোচনা কৰি সেইমতে ব্যৱস্থা গ্ৰহণ কৰাত গুৰুত্ব আৰোপ কৰিব লাগিব।

সৰিয়হৰ খেতি -

শীতকালত কৰিব পৰা বিভিন্ন প্ৰকাৰৰ তৈলবীজৰ ভিতৰত সৰিয়হ উল্লেখযোগ্য। ইয়াক প্ৰধানকৈ খোৱা তেল নিষ্কাশন কৰিবৰ বাবেই খেতি কৰা হয় যদিও প্ৰাথমিক অৱস্থাত সৰিয়হৰ পুলি শাক হিচাপেও ব্যৱহাৰ কৰা দেখা যায়। তেল নিষ্কাশনৰ পাছত উৎপাদিত খলিহৈ গৰু- ম’হৰ উত্তম খাদ্য হিচাপে ব্যৱহৃত হোৱাৰ উপৰি খলিহৈ এবিধ জৈৱিক সাৰ হিচাপে ব্যৱহাৰ কৰিব পৰা যায়। কিছুমান শস্যত পোক-পৰুৱাক নিয়ন্ত্ৰণ কৰিবৰ বাবেও খলিহৈ ব্যৱহাৰ কৰা হয়। অসমীয়া সমাজত বহুলভাৱে ব্যৱহৃত কাহুঁদী, খাৰলি আদিও সৰিয়হৰ পৰাই তৈয়াৰ কৰা হয়।

অসমৰ মাটি আৰু জলবায়ু সৰিয়হ খেতিৰ বাবে উপযোগী যদিও অন্যান্য ৰাজ্যৰ তুলনাত সৰিয়হৰ উৎপাদিকা শক্তি কম। বিভিন তৈলবীজৰ কৃষিভুমিৰ ভিতৰত প্ৰায় ২,৩৮,০০০ হেক্টৰ মাটিত সৰিয়হৰ খেতি কৰি ১,১৬,০০০ টন উৎপাদন কৰা হয়। এই পৰিমাণৰ সামগ্ৰীৰ পৰা উৎপাদিত তেলেৰে কিছু পৰিমাণেহে ৰাজ্যৰ প্ৰয়োজনীয় চাহিদা পুৰণ কৰিব পৰা যায়। গতিকে সৰিয়হৰ মুঠ কৃষিভুমিৰ পৰিমাণ বৃদ্ধি কৰাৰ লগতে উন্নত কৃষি প্ৰযুক্তি কৌশলসমুহ কৃষকৰ পথাৰত সফলভাৱে প্ৰয়োগ কৰাৰ প্ৰয়োজন আহি পৰিছে।

জলবায়ু আৰু মাটি নিৰ্বাচন -

শীতকালীন বতৰ এই শস্যৰ কৃষিৰ বাবে উপযোগী। ফুল ফুলাৰ সময়ত ফৰকাল, শুকান বতৰৰ প্ৰয়োজন যদিও বৰষুণ নিৰ্ভৰশীল খেতিত ফুল ফুলাৰ আগেয়ে হোৱা পাতলীয়া বৰষুণ দুই-এজাক পৰিলে ই শস্যৰ উৎপাদন বৃদ্ধিত সহায়ক হয়। অৱশ্যে বৰষুণ বেছিকৈ হৈ বতৰ সেমেকা হ’লে বেমাৰ-আজাৰ বৃদ্ধি হোৱাৰ লগতে পোক-পতংগৰ আক্ৰমণ বৃদ্ধি পায়। সেমেকা ডাৱৰীয়া বৰষুণৰ বতৰত সৰিয়হৰ খেতিত মোৱা পোকৰ উপদ্ৰৱ বেছি হয়। বৰষুণৰ বতৰত মৌ-মাখি অথবা অন্যান্য পোক-পৰুৱাৰ দ্বাৰা সংঘটিত হোৱা পৰাগযোগ প্ৰক্ৰিয়াও বাধাগ্ৰস্ত হৈ উৎপাদনত ঘাটি পৰা দেখা যায়।

সৰিয়হ খেতিৰ বাবে ৰ’দঘাই, বালিচহীয়া মাটি নিৰ্বাচন কৰা দৰকাৰ। পলসুৱা, জীপাল, অধিক জৈৱিক পদাৰ্থ থকা মাটিত সৰিয়হ খেতিৰ পৰা অধিক উৎপাদন পোৱা যায়।

অনুমোদিত জাত -

বিভিন্ন অঞ্চলৰ মাটিৰ অৱস্থা আৰু বতৰৰ লগত খাপখোৱা জাত নিৰ্বাচন কৰিব পাৰিলে ই উৎপাদন বৃদ্ধিৰ সহায়ক হয়। বৰ্তমান সময়ত কৃষকৰ পথাৰত এম-২৭ নামৰ জাতটো বহুলভাৱে প্ৰচলিত। এই জাতটো উন্নত আৰু উচ্চ উৎপাদনক্ষম। নতুনকৈ উদ্ভাৱিত উচ্চ উৎপাদনক্ষম জাতসমুহ হ’ল টি এছ-৩৬, টি এছ-৩৮, টি এছ-২৯, লক্ষ্মী আদি। এই জাতসমুহ তুলনামুলকভাৱে চাপৰ আৰু কৃষিকাল ৯০-৯৫ দিন। অন্যান্য জাতসমুহৰ ভিতৰত টি এম ২, টি এম ৪, বৰুণা আদি উল্লেখযোগ্য। এই জাতসমুহৰ কৃষিকাল ১০৫-১১৫ দিন।

মাটি প্ৰস্তুতি -

সৰিয়হৰ বীজৰ আকাৰ সৰু হোৱা বাবে মাটিডৰা ভালদৰে ৩/৪ বাৰ চহাই-মৈয়াই মিহি কৰি সমান কৰি ল’ব লাগে। বন-বাত, জাবৰ-জোঁথৰ, শস্যৰ মুঢ়া আদি আঁতৰাই পেলোৱাৰ লগতে মাটি প্ৰস্তুতিৰ আৰম্ভণিতে বিঘাই প্ৰতি ৩/৪ কুইণ্টলমান জৈৱিক সাৰ প্ৰয়োগ কৰা দৰকাৰ। ই মাটিৰ গুণাগুণ উন্নত কৰাত সহায় কৰে।

সাৰ প্ৰয়োগ -

শস্যক ইয়াৰ বৃদ্ধিৰ বাবে মাটিত থকা সাৰৰ উপৰি আৱশ্যক অনুযায়ী সুষমভাৱে ৰাসায়নিক সাৰৰ যোগান ধৰাৰ প্ৰয়োজন হয়। ৰাসায়নিক সাৰৰ পৰা পাবলগা সুফল মাটিৰ জীপৰ ওপৰত যথেষ্ট পৰিমাণে নিৰ্ভৰ কৰে। সেয়েহে বৰষুণ নিৰ্ভৰশীল আৰু জলসিঞ্চিত খেতিত ৰাসায়নিক সাৰৰ পৰিমাণ ভিন্ন ভিন্ন হয়। সমতল ব হুমিৰ বৰষুণ নিৰ্ভৰশীল খেতিত বিঘাই প্ৰতি ১২ কেজি ইউৰিয়া, ৩০ কেজি একক ছুপাৰ ফছফেট আৰু প্ৰায় ৩.৫ কেজি মিউৰিয়েট অৱ পটাছ সাৰৰ প্ৰয়োজন হয়। জলসিঞ্চিত খেতিৰ বাবে প্ৰতি বিঘাত প্ৰায় ১৮ কেজি ইউৰিয়া, ৩৩ কেজি একক ছুপাৰ ফছফেট আৰু ৯ কেজি মিউৰিয়েট অৱ পটাছ সাৰৰ প্ৰয়োজন হ’ব। সৰিয়হৰ খেতিত উপৰোক্ত পোষক দ্ৰব্যসমুহৰ উপৰি ছালফাৰ, বৰ’ন আদি সুক্ষ্ম মৌলসমুহৰ প্ৰয়োজন হয়। গতিকে উপৰোক্ত সাৰৰ লগত বিঘাই প্ৰতি প্ৰায় ১.৫ কেজি ব’ৰাক্স সাৰ প্ৰয়োগ কৰা দৰকাৰ। অৱশ্যে ছালফাৰ মৌলৰ চাহিদা একক ছুপাৰ ফছফেট সাৰৰ যোগেদি পুৰণ কৰিব পৰা যাব। সমুদায় সাৰ বীজ সিঁচাৰ আগেয়ে শেষৰবাৰ মাটি চাহ কৰাৰ সময়ত প্ৰয়োগ কৰি মাটিৰ লগত ভালদৰে মিহলাই দিব লাগে।

বীজৰ পৰিমাণ আৰু সিঁচা:

শস্যৰ বীজ সিঁচাৰ সময়ৰ ওপৰত গা-গছৰ শ্ৰীবৃদ্ধি, উৎপাদন, বেমাৰ-আজাৰ, পোক-পৰুৱাৰ উপদ্ৰৱ আদি যথেষ্ট পৰিমাণে নিৰ্ভৰ কৰে। বতৰৰ আৰম্ভণিতে বীজ সিঁচিলে পোক-পৰুৱাৰ উপদ্ৰৱ হ্ৰাস পোৱাৰ লগতে শস্যৰ জীৱনকালৰ শেষৰফালে পৰিলক্ষিত হোৱা খৰাং পৰস্থিতিৰ পৰা কিছু পৰিমাণে ৰক্ষা পৰে। সৰিয়হৰ খেতিৰ বীজ সিঁচাৰ বাবে উপযুক্ত সময় হ’ল কাতি মাহ।

বীজৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰি ১ ৰ পৰা ১.৫ কেজি বীজ প্ৰতি বিঘা তলীত সিঁচিব্লাগে। সিঁচাৰ আগেয়ে পথাৰডৰাত খৰাং পৰিস্থিতিয়ে বিৰাজ কৰা যেন অনুভুত হ’লে এবাৰ পাতলীয়াকৈ জলসিঞ্চিত পানী প্ৰয়োগ কৰি ল’লে বীজৰ অংকুৰণ বৃদ্ধি পোৱাৰ লগতে সবল হয়। শেহতীয়াকৈ কৰিবলগীয়া বৰষুণ নিৰ্ভৰশীল খেতিৰ ক্ষেত্ৰত বীজৰ পৰিমাণ সচৰাচৰ অনুমোদিত পৰিমাণৰ বীজতকৈ শতকৰা প্ৰায় ৩৩ ভাগ বেছি পৰিমাণৰ বীজ অৰ্থাৎ বিঘাই প্ৰতি প্ৰায় ১.৭৫ কেজি বীজৰ দৰকাৰ হয়।

জলসিঞ্চন আৰু বন-বাত নিয়ন্ত্ৰণ -

সৰিয়হৰ খেতিত সঠিক সময়ত পানী যোগান ব্যৱস্থাৰ যোগেদি উৎপাদন বৃদ্ধি কৰিব পাৰি। মাটিত থকা জীপৰ ওপৰত নিৰ্ভৰ কৰি ফুল ফুলা অথবা ছেঁই ধৰা অৱস্থাত ৬ চে.মি. পৰিমাণৰ জলসিঞ্চিত পানী প্ৰয়োগ কৰা দৰকাৰ। এনে ব্যৱস্থাই গা-গছ সবল কৰাৰ লগতে ফুল-ফলৰ সংখ্যা বৃদ্ধিত সহায় কৰে।

খৰালিকালত সাধাৰণতে বন-বাতৰ উপদ্ৰৱ কম হোৱা পৰিলক্ষিত হয় যদিও বীজ সিঁচাৰ ২০-২৫ দিনৰ পাছত এবাৰ বন-বাত চিকুণাই দিয়া উচিত।

শস্য চপোৱা:

সঠিক সময়ত শস্য চপোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰা দৰকাৰ। অন্যথা ছেঁইবোৰ ফাটি শস্য নষ্ট হোৱাৰ সম্ভাৱনা থাকে। সৰিয়হৰ ছেঁইবোৰ শতকৰা ৭৫-৮০ ভাগ হালধীয়া পৰাৰ লগে লগে শস্য চপাব লাগে।

তিল খেতি -

অসমত বৰ্ষাকালীন খেতি হিচাপে কৰিব পৰা তৈলবীজৰ ভিতৰত তিল খেতিয়েই প্ৰধান। এই খেতি গ্ৰীষ্মকালীন শস্য হিচাপেও ঠাইবিশেষে কৰা দেখা যায়। অতি পুৰণি কালৰ পৰাই কৃষকে তিল খেতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে। অসমৰ বিভিন্ন উৎসৱ-পাৰ্ৱণত পিঠা-পনা আদি তৈয়াৰ কৰাত তিল ব্যৱহাৰ কৰা হয়। তিলত শতকৰা ৪৫ ৰ পৰা ৫০ ভাগ তেল থাকে। এই তেল ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰাৰ উপৰি বিভিন্ন সুগন্ধি তেল, দৰব আদি প্ৰস্তুতকৰণত ব্যৱহৃত হয়। তেল নিষ্কাশনৰ পাছত ৰৈ যোৱা খলিহৈ গৰু-ম’হৰ উৎকৃষ্ট খাদ্য। তিলৰ ঔষধি গুণৰ বাবে অৰ্শ, কোষ্ঠকাঠিন্য আদি ৰোগ নিৰাময়ত ইয়াক ব্যৱহাৰ কৰা হয়।

শস্য হিচাপে তিলৰ যথেষ্ট গুৰুত্ব থকা সত্ত্বেও আমাৰ ৰাজ্যত এইবিধ শস্যৰ উৎপাদন আশানুৰুপ নহয়। তিল খেতি অসমত বৰ্ষাকালীন শস্য হিচাপে কৰা হয়। সিঁচাৰ সময়ত বা পিছে পিছে যথেষ্ট বৰষুণ হোৱাৰ ফলত ই শস্যৰ অংকুৰণত যথেষ্ট প্ৰভাৱ পেলায়। বহু সময়ত পথাৰত পানী জমা হোৱাৰ ফলত নতুনকৈ গজা পুলিবোৰ মৰি যোৱাও দেখা যায় আৰু ফলত গছৰ সংখ্যা যথেষ্ট হ্ৰাস পায়। তদুপৰি শস্যৰ অধিক উৎপাদনৰ বাবে প্ৰয়োজনীয় জাত আৰু কৃষি ব্যৱস্থাসমুহো কৃষকসকলে গুৰুত্বসহকাৰে লোৱা দেখা নাযায়। গতিকে কৃষকসকলে তিলখেতিৰ গুৰুত্বপুৰ্ণ বিষয়সমুহ ভালদৰে চালিজাৰি চাই সেইমতে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলেহে এইবিধ শস্যৰ পৰা অধিক উৎপাদন আশা কৰিব পাৰি।

বতৰ আৰু মাটি:

তিলখেতি বৰ্ষাকালীন আৰু গ্ৰীষ্মকালীন শস্য হিচাপে কৰা হয় যদিও নেৰানেপেৰা বৰষুণৰ বতৰ অথবা দীঘলীয়া খৰাং বতৰ এই শস্যৰ বাবে উপযোগী নহয়। বৰ্ষাকালীন শস্যৰ বতৰত যথেষ্ট পৰিমাণে বৰষুণ হোৱাৰ ফলত কেতিয়াবা বীজ সিঁচাত অসুবিধাই দেখা দিয়ে আৰু সিঁচাত পলম হয়। বহু সময়ত সিঁচাৰ পাছতেই হোৱা বৰষুণৰ ফলত গজালি নষ্ট হোৱাৰ উপৰি গছো মৰি যায়। ফলত উৎপাদনত যথেষ্ট ঘাটি পৰে। গতিকে তিলখেতিৰ বাবে ৰ’দ ঘাই , পানী ওলাই যোৱাৰ সু-বন্দবস্ত থকা ওখ বালিচহীয়া মাটি নিৰ্বাচন কৰা দৰকাৰ।

অনুমোদিত জাত:

বৰ্ষাকালীন শস্য হিচাপে কৰিব পৰা কমদিনীয়া (৭০-৮০ দিন) জাতৰ ভিতৰত মাধৱী, গৌৰী, বিনায়ক উল্লেখযোগ্য। এইকেইবিধ জাতৰ খেতি কৰিলে ৰবি শস্যৰ বতৰত সঠিক সময়ত সৰিয়হৰ বীজ সিঁচিব পৰা যায়। ইয়াৰ উপৰি এছ টি-১৬৮৩ (৯০-৯৫ দিন) আৰু পাঞ্জাব তিল নং ১ (৫-৮৫ দিন) জাতসমুহ আমাৰ ৰাজ্যৰ বাবে অনুমোদিত। ওপৰত উল্লিখিত জাতসমুহ পাত জ্বলি যোৱা আৰু লেৰেলি যোৱা বেমাৰৰ দ্বাৰা আক্ৰান্ত হয় যদিও পাঞ্জাব তিল নং ১ কম পৰিমাণে আক্ৰান্ত হোৱা দেখা যায়।

গ্ৰীষ্মকালীন শস্য হিচাপে কৰিব পৰা অনুমোদিত জাতসমুহ হ’ল টি চি-২৫ (৯০-৯৫ দিন) আৰু বিনায়ক (৯৫-১০০ দিন)।

পথাৰ প্ৰস্তুতি

মাটি প্ৰস্তুতিৰ কাম বীজ সিঁচাৰ প্ৰায় ৩\৪ সপ্তাহমান আগতেই আৰম্ভ কৰা দৰকাৰ। এনে ব্যৱস্থাই পথাৰৰ বন-বাত, জাবৰ-জোঁথৰ আদি ভালদৰে পচি মাটিৰ লগত মিহলি হোৱাত সহায় কৰে। তিলখেতিৰ বাবে মাটিডৰা ভালদৰে ৩\৪ বাৰ চহাই মৈয়াই মিহি কৰি সমান কৰি লোৱা দৰকাৰ। মাটি প্ৰস্তুতিৰ আৰম্ভণিতে বিঘাই প্ৰতি প্ৰায় ১০ ৰ পৰা ১৫ কুইণ্টল গোবৰ সাৰ অথবা পচনসাৰ প্ৰয়োগ কৰিব লাগে। বৰ্ষাকালীন তিল খেতিত বৰষুণৰ অতিৰিক্ত পানীয়ে যথেষ্ট সমস্যাৰ সৃষ্টি কৰে। সেয়ে পথাৰডৰাত পানী ওলাই যোৱাৰ সু-বন্দৱস্ত ৰখা দৰকাৰ।

সাৰ প্ৰয়োগ:

জৈৱিক সাৰৰ লগতে প্ৰয়োজনীয় পৰিমাণৰ ৰাসায়নিক সাৰ সুষমভাৱে প্ৰয়োগ কৰা দৰকাৰ। বিভিন্ন ৰাসায়নিক সাৰৰ ভিতৰত ইউৰিয়া ৯ কেজি, একক ছুপাৰ ফছফেট ১৯ কেজি আৰু মিউৰিয়েট অৱ পটাছ ৫ কেজি প্ৰতি বিঘা তলীত প্ৰয়োগ কৰা দৰকাৰ। উপৰোক্ত সাৰখিনি সিঁচাৰ আগেয়ে প্ৰয়োগ কৰি মাটিৰ লগত ভালদৰে মিহলাই দিব লাগে।

বীজ সিঁচা:

বৰ্ষাকালীন শস্য হিচাপে তিলৰ বীজ সিঁচাৰ উপযুক্ত সময় হ’ল আহাৰ মাহৰ মাজভাগৰ পৰা শাওণ মাহ। বতৰৰ আৰম্ভণিতে বীজ সিঁচিব পাৰিলে ৰবি শস্যৰ বতৰত অন্যান্য শস্যৰ বীজ সিঁচিবলৈ মাটিডৰা সোনকালে আজৰি হয়। গ্ৰীষ্মকালীন শস্য হিচাপে ফাগুন মাহৰ শেষৰ পৰা চ’ত মাহৰ শেষৰলৈকে তিলৰ বীজ সিঁচিব পাৰি। প্ৰতি বিঘা তলীৰ বাবে প্ৰয়োজন হোৱা বীজৰ পৰিমাণ প্ৰায় ৫৫০ গ্ৰাম। সিঁচাৰ আগেয়ে বীজ শোধন কৰি লৈ শাৰী শাৰী পদ্ধতিত এফুট আঁতৰে আঁতৰে এক ইঞ্চি গভীৰতাত বীজ সিঁচিব লাগে। গজি উঠাৰ ২০-২৫ দিন পাছত ঘনকৈ গজা পুলিবোৰ ৬ ইঞ্চিমান ব্যৱধানত পাতলাই পেলাব লাগে।

শস্যৰ যতন:

বৰ্ষাকালীন বতৰত শস্যত বন-বাতৰ উপদ্ৰৱ অধিক হয়। সেয়েহে বীজ সিঁচাৰ ২০-২৫ দিন পাছত শস্যৰ মাজৰ বন-বাত নিৰণি কৰি দিয়া দৰকাৰ। ইয়াৰ পাছতো প্ৰয়োজন সাপেক্ষে প্ৰায় ডেৰমাহলৈ খেতিডৰা বন-বাতৰ পৰা মুক্ত কৰি ৰখা দৰকাৰ।

শস্য চপোৱা:

গছৰ পাত আৰু গা-গছ হালধীয়া হৈ পাতবোৰ সৰিবলৈ আৰম্ভ কৰা অথবা গুৰিৰ ফালে দুই-এটা চিৰা ফাটিবলৈ আৰম্ভ হোৱাৰ সময়তে তিল খেতি চপাব লাগে। ভালদৰে পৰিচৰ্যা কৰা এবিঘা মাটিৰ পৰা ১ ৰ পৰা ১.২৫ কুইণ্টল পৰ্যন্ত উৎপাদন পাব পাৰি।

গুজিতিলৰ খেতি -

শীতকালীন শস্য হিচাপে কৰিব পৰা এবিধ উৎকৃষ্ট মানৰ তৈলবীজ হ’ল গুজিতিল। আমাৰ ৰাজ্যৰ নামনি অসমত এইবিধ শস্য পুৰ্বেৰ পৰা ব্যাপকভাৱে প্ৰচলন হৈ আছে যদিও অসমৰ বহু অঞ্চলত এইবিধ শস্য এতিয়াও নতুন। গুজিতলিত শতকৰা প্ৰায় ৪০ ৰ পৰা ৪২ ভাগ তেল থাকে। এই তেল উৎকৃষ্ট মানৰ আৰু প্ৰধানত কলেষ্ট’ৰেলমুক্ত। গুজিতিলৰ তেল ৰন্ধন কাৰ্যত ব্যৱহৃত হোৱাৰ উপৰি বিভিন্ন প্ৰকাৰৰ প্ৰসাধন সামগ্ৰী, চাবোন, ৰং আদি প্ৰস্তুত কৰোঁতে বহুলভাৱে ব্যৱহৃত হয়। ইয়াৰ খলিহৈ শস্যৰ বাবে এক উচ্চ মানবিশিষ্ট জৈৱিক সাৰ।

গুজিতিলৰ খেতি যিকোনো প্ৰকাৰৰ মাটিতেই কৰিব পাৰি আৰু এইবিধ শস্যত বেমাৰ- আজাৰ আৰু পোক পৰুৱাৰ উপদ্ৰৱ কম। তথাপি বাম, বালিচহীয়াৰ পৰা পলসুৱা মাটিত এই খেতিৰ উৎপাদন অধিক পোৱা যায়। তদুপৰি আন খেতি নোহোৱা কম সাৰুৱা মাটিতো এইবিধ শস্য কৰিব পৰা যায়।

শীতকালীন বতৰৰ গুজিতিলৰ খেতিৰ বাবে উপযোগী। বীজ সিঁচাৰ বাবে উপযুক্ত সময় হ’ল আহিন মাহৰ মাজভাগৰ পৰা কাতি মাহৰ মাজভাগ। ফৰকাল বতৰ হ’লে অৱশ্যে শস্যৰ বীজ প্ৰায় আহিন মাহৰ আৰম্ভণিৰ পৰাই সিঁচিব পাৰি। বতৰৰ আৰম্ভণিতে বীজ সিঁচিব পাৰিলে শস্যৰ গা-গছৰ বৃদ্ধি সুন্দৰ হোৱাৰ লগতে শেহৰফালে খৰাং পৰিস্থিতিৰ পৰা ৰক্ষা পৰে। শস্যৰ গা-গছৰ বৃদ্ধি সুন্দৰ হোৱাৰ লগতে শেহৰফালে খৰাং পৰিস্থিতিৰ পৰা ৰক্ষা পৰে।

গুজিতিলৰ নানাবিধ জাত উদ্ভাৱন কৰি উলিওৱা হৈছে। অসমৰ বাবে ইয়াৰে অনুমোদিত জাতসমুহ হ’ল ‘এন জি-১, ‘জি এ-৫ আৰু ‘কে ই চি-৩। এইবোৰ সঁচৰ কৃষিকাল প্ৰায় ১০০-১১০ দিন।

বীজ সিঁচিবৰ বাবে মাটিডৰা ৩/৪ বাৰ ভালদৰে চহাই মৈয়াই মিহি কৰি সমান কৰি ল’ব লাগে। শাৰী শাৰীকৈ সিঁচা পদ্ধতিত বিঘাই প্ৰতি ১১০০ গ্ৰাম বীজৰ প্ৰয়োজন হয়। অন্যথা ছটিয়াবলৈ হ’লে প্ৰতি বিঘাত ১৫০০ গ্ৰাম বীজৰ প্ৰয়োজন হ’ব। বীজ সিঁচিবৰ বাবে ১০ ইঞ্চি আঁতৰে আঁতৰে প্ৰায় ২ ইঞ্চি গভীৰতাৰ লোৰ বনাই সিঁচিব লাগে। সিঁচাৰ পাছত এবাৰ মৈয়াই দি লোৰবোৰ ঢাকি দিব লাগে। এনে ব্যৱস্থাই বীজ মাটিৰ সংস্পৰ্শলৈ অহা আৰু সোনকালে গজলই ওলোৱাত সহায় কৰে। ৰাসায়নিক সাৰৰ ব্যৱহাৰে শস্যৰ উট্‌পাদন বৃদ্ধিত সহায় কৰে। সেয়েহে বীজ সিঁচাৰ আগেয়ে বিঘাই প্ৰতি ৬ কেজি ইউৰিয়া, ৯ কেজি একক ছুপাৰ ফছফেট আৰু ২ কেজি নিউৰিয়েট অৱ পটাছ সাৰ প্ৰয়োগ কৰি মাটিৰ লগত ভালদৰে মিহলাই দিব লাগে। ৰাসায়নিক সাৰৰ লগতে পচনসাৰৰ ব্যৱহাৰো অপৰিহাৰ্য। গতিকে মাটি প্ৰস্তুতিৰ আৰম্ভণিতে পথাৰডৰাত প্ৰচুৰ পৰিমাণে গোবৰ সাৰ বা পচনসাৰ প্ৰয়োগ কৰা দৰকাৰ।

বীজ সিঁচাৰ প্ৰায় ২০-২৫ দিন পাছত শস্যৰ ঘনকৈ গজা পু লিবোৰ পাতলাই দিয়াৰ লগতে বন-বাতবোৰ উভালি তলীখন খুঁচৰি দিব পাৰিলে উৎপাদন বৃদ্ধি পায়।

গুজিতিলৰ খেতি ১১০-১১৫ দিনৰ ভিতৰতে চপাব পাৰি। শস্য পুৰঠ হ’লে গুটিবোৰ তিলৰ দৰে ক’লা হয় আৰু গছজোপা শুকাই যায়। পুৰঠ হোৱা শস্য গুৰিতে কাটি চপাই ৰ’দত শুকাবলৈ দিব লাগে। পাছত মৰণা মাৰি অথবা লাঠিৰে কোবাই গুটিবোৰ পৃথক কৰা হয়। ভালদৰে প্ৰতিপালন কৰা এডৰা খেতিৰ পৰা প্ৰতি বিঘা হিচাপত প্ৰায় ৬০-৭০ কেজি গুজিতিল পাব পাৰি।

তিচী খেতি

শীতকালীন শস্য হিচাপে কৰিব পৰা আন এবিধ উল্লেখযোগ্য শস্য হ’ল তিচী। অতীজৰে পৰা ইয়াক তৈলবীজ আৰু আঁহজাতীয় শস্য হিচাপে খেতি কৰি অহা হৈছে। আমাৰ ৰাজ্যত প্ৰধানকৈ তৈল আহৰণৰ বাবে এই খেতি কৰা হয়। বীজত থকা তেলৰ পৰিমাণ শতকৰা হিচাপত প্ৰায় ৪৪ ভাগ। এই তেল প্ৰধানকৈ বিভিন্ন প্ৰকাৰৰ প্ৰসাধন সামগ্ৰী, চাবোন, ৰং, বাৰিনচ আদি প্ৰস্তুতকৰণত ব্যৱহৃত হয়।

অন্যান্য শীতকালীন শস্যৰ দৰে তিচীখেতিৰ বাবে ঠাণ্ডা বতৰৰ প্ৰয়োজন হয়। তেলজাতীয় শস্য হিচাপে কৰা খেতিৰ বাবে ঠাণ্ডা শুকান বতৰৰ প্ৰয়োজন হোৱাৰ বিপৰীতে আঁহজাতীয় শস্যৰ বাবে অধিক ঠাণ্ডা আৰু সেমেকা বতৰৰ প্ৰয়োজন হয়। তিচীখেতিয়ে খৰাংসদৃশ পৰিস্থিতিতো যথেষ্ট ভাল ফলাফল দেখুৱায়। সাধাৰণতে অতি বেছি বৰষুণ আৰু ডাৱৰীয়া বতৰত তিচীখেতিৰ পৰা অধিক উৎপাদন আশা কৰিব নোৱাৰি। শস্য পুৰঠ হোৱাৰ সময়ত ইয়াক উষ্ণ, শুকান বতৰৰ প্ৰয়োজন হয়। তিচীখেতি প্ৰায় সকলো প্ৰকাৰৰ মাটিতেই কৰিব পাৰি যদিও পলসুৱা মটিত এই খেতি অধিক লাভজনকভাৱে কৰিব পাৰি।

অসমৰ মাটি আৰু জলবায়ু উপযোগী জাত হ’ল টি-৩৯৭। এইবিধ জাতৰ কৃষিকাল ১৩০-১৩৫ দিন আৰু বিঘাই প্ৰতি গড় উৎপাদন ১ ৰ পৰা ১.৫ কুইণ্টল।

তিচীখেতিৰ বাবে মাটিডৰা ৩/৪ বাৰ চহাই মৈয়াই কৰি সমান কৰি ল’ব লাগে। বীজ সিঁচাৰ প্ৰায় ৩ সপ্তাহমান আগেয়ে বিঘাই প্ৰতি ৬৫.৫ কেজি চুণ প্ৰয়োগ কৰি মাটিৰ লগত মিহলাই দিব পাৰিলে অধিক সুফল পোৱা যায়। তদুপৰি মাটি প্ৰস্তুতিৰ আৰম্ভণিতে পথাৰডৰাত প্ৰচুৰ পৰিমাণে পচনসাৰ অথবা গোবৰ সাৰ প্ৰয়োগ কৰি লোৱা দৰকাৰ।

বীজ সিঁচাৰ উপযুক্ত সময় হ’ল কাতি মাহ। বতৰৰ আৰম্ভণিতেই সিঁচদিব পাৰিলে খেতিডৰা খৰাং পৰিস্থিতিৰ পৰা কিছু পৰিমাণে ৰক্ষা পৰে। বৰাক উপত্যকাত এই খেতি শালিধান চপোৱাৰ পাছত প্ৰায় পুহ মাহৰ প্ৰথম সপ্তাহমানলৈকে সিঁচিব পাৰি।

আমাৰ ৰাজ্যত তিচীখেতিত ৰাসায়নিক সাৰৰ ব্যৱ হাৰ প্ৰায় নহয় বুলিলেও ভুল কোৱা নহ’ব। ৰাসায়নিক সাৰৰ ব্যৱহাৰে উৎপাদন বৃদ্ধিত যথেষ্ট সহায় কৰে। সিঁচাৰ আগেয়ে শেষৰবাৰ মাটি চাহ কৰা সময়ত বিঘাই প্ৰতি ১২ কেজি ইউৰিয়া , ১৮ কেজি একক ছুপাৰ ফছফেট আৰু ২ কেজি মিউৰিয়েট অৱ পটাছ সাৰ প্ৰয়োগ কৰি মাটিৰ লগত ভালদৰে মিহলাই দিব লাগে।

সিঁচাৰ বাবে প্ৰায় এফুট আঁতৰে আঁতৰে লোৰ বনাই শাৰী শাৰীকৈ বীজ সিঁচিব লাগে। এবিঘা মাটিৰ বাবে প্ৰয়োজন হোৱা বীজৰ পৰিমাণ ২ ৰ পৰা ২.৫ কেজি। শীতকালীন বতৰত সচৰাচৰ বন-বাতৰ উপদ্ৰৱ যথেষ্ট কম হোৱা দেখা যায় যদিও সিঁচাৰ প্ৰায় ২০-২৫ দিন পাছত ঘনকৈ গজা পুলিবোৰ পাতলাই দিয়াৰ লগতে বন-বাত এবাৰ নিৰাই দিব পাৰিলে ভাল।  খৰাং পৰিস্থিতিৰ উদ্ভৱ হ’লে জলসিঞ্চনৰ সুবিধা থকা মাটিত পানী যোগানৰ ব্যৱস্থা কৰিব পাৰিলে ভাল। এইবিধ শস্যৰ কৃষিকাল মোটামুটি ১৩০ ৰ পৰা ১৩৫ দিন। তেলবীজ হিচাপে কৰা খেতিত গা-গছ শুকাই যোৱা আৰু সম্পুৰ্ণকৈ পাত সৰি যোৱা অৱস্থাত শস্য চপাব লাগে। অৱশ্যে আঁহজাতীয় শস্য হিচাপে কৰা খেতিডৰা সামান্য আগতীয়াকৈ অৰ্থাৎ গা-গছ সামান্য সেউজীয়া হৈ থকা আৰু ছেঁই পুৰঠ হোৱা অৱস্থাত চপাব লাগে।

তৈলবীজ হিচাপে বাদামৰ খেতি -

আমাৰ ৰাজ্যত তৈলবীজৰ খেতি বুলিলে প্ৰধানকৈ সৰিয়হ আৰু তিলখেতিৰ কথাই মনলৈ আহে যদিও অঞ্চলবিশেষে তিচী আৰু গুজিতিলৰ খেতিয়েও ক্ৰমান্বয়ে প্ৰসাৰ লাভ কৰিছে। এইবোৰৰ উপৰি অসমৰ মাটি আৰু জলবায়ুৰ লগত খাপখোৱা প্ৰচুৰ সম্ভাৱনাপুৰ্ণ বাদাম আৰু চয়াবিন খেতিৰ বিষয়েও চিন্তা কৰাৰ প্ৰয়োজন আহি পৰিছে।

বাদাম এবিধ মাহজাতীয় শস্য যদিও ইয়াক তৈলবীজ হিচাপেহে খেতি কৰি অহা হৈছে। ইয়াত থকা তেলৰ পৰিমাণ শতকৰা হিচাপত প্ৰায় ৪৭-৪৮ ভাগ। বাদামৰ পৰাই বিভিন্ন প্ৰকাৰৰ বনস্পতি তেল প্ৰস্তুত কৰা হয়। তদুপৰি বাদামৰ পৰা উৎপাদিত তেল বিভিন্ন উদ্যোগত চাবোন, ৰং, বাৰ্নিচ, মমবাতি, কীটনাশক দৰব আদি উৎপাদনত ব্যৱহৃত হয়। তেল নিষ্কাশনৰ পাছত ৰৈ যোৱা খলিহৈ গৰু-ম’হৰ বাবে উৎকৃষ্ট খাদ্য হোৱাৰ উপৰি জৈৱিক সাৰ হিচাপে আৰু অনিষ্টকাৰী পোক-পতংগ (মাটিত থকা ) নিয়ন্ত্ৰণ কৰাত ই গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰে। আনহাতে মাহজাতীয় শস্য হোৱা হেতুকে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাৰ ক্ষেত্ৰতো এইবিধ শস্যই যথেষ্ট সহায় কৰে। বাদামৰ গুটিত যথেষ্ট পৰিমাণে প্ৰ’টিন (২৯%) থাকে বাবে ই এক উৎকৃষ্ট খাদ্য।

অসমত বাদামৰ খেতি প্ৰধানকৈ বৰ্ষাকালীন, শীতকালীন আৰু গ্ৰীষ্মকালীন শস্য হিচাপে কৰিব পাৰি। শীতকালীন শস্য হিচাপে আহিন মাহ আৰু গ্ৰীষ্মকালীন শস্য হিচাপে মাঘৰ ভিতৰতে এই শস্যৰ বীজ সিঁচিব লাগে। বৰ্ষাকালীন শস্য হিচাপে বীজ সিঁচাৰ উপযুক্ত সময় হ’ল জেঠ-আহাৰ মাহ।

বাদামৰ ছেঁইৰ (Pod) বৃদ্ধি মাটিৰ তলত হোৱা বাবে এই খেতিৰ বাবে মাটি নিৰ্বাচন কৰোঁতে যথেষ্ট সাৱধানতা অৱলম্বন কৰা দৰকাৰ। বালিঅঁহীয়া, পানী ওলাই যোৱাৰ সু-বন্দৱস্ত থকা, ঢিলা, ৰ’দঘাই, বাম মাটি খেতিৰ বাবে উপযোগী । অতি বেছি টেঙা অথবা ক্ষাৰীয় মাটি এই খেতিৰ বাবে উপযোগী হয়।

অসমৰ মাটি আৰু জলবায়ুৰ লগত খাপখোৱা উপযোগী জাত হ’ল জে এল-২৪। এই জাতৰ কৃষিকাল ১৩০-১৪০ দিন। বাদামৰ গুটি সিঁচাৰ আগেয়ে শকত-আৱত, গুটিৰে পৰিপুৰ্ণ ছেঁই নিৰ্বাচন কৰি সিঁচাৰ ঠিক আগে আগে গুটিবোৰ পৃথক কৰি উলিয়াব লাগে। বহুদিন আগেয়ে জমা কৰি ৰাখিলে গুটিৰ অংকুৰণ ক্ষমতা হ্ৰাস পায়। বিঘাই প্ৰতি প্ৰায় ১০-১৬ কেজি বীজৰ প্ৰয়োজন হয়।

বাদাম খেতিৰ বাবে পথাৰডৰা ভালদৰে চহাই-মৈয়াই সমান কৰি মিহিকৈ প্ৰস্তুত কৰি উলিয়াব লাগে। পানী জমা হোৱাৰ সম্ভাৱনা দেখিলে বিশেষকৈ বৰ্ষাকালীন খেতিত ৪ ফুট বহল আৰু ৬ ইঞ্চি ওখকৈ চিতা প্ৰস্তুত কৰি দুখন চিতাৰ মাজত লোৰ ৰাখি পানী ওলাই যোৱাৰ সুবিধা কৰি দিব লাগে। সিঁচাৰ আগেয়ে শেষৰবাৰ চাহ কৰাৰ সময়ত বিঘাই প্ৰতি ৬ কেজি ইউৰিয়া সাৰ, ৩৩ কেজি একক ছুপাৰ ফছফেট আৰু ৭ কেজি মিউৰিয়েট অৱ পটাছ সাৰ প্ৰয়োগ কৰি মাটিৰ লগত ভালদৰে মিহলাই দিব লাগে। গুটি সিঁচিবৰ সময়ত এফুট আঁতৰে আঁতৰে শাৰী শাৰীকৈ লোৰ বনাই প্ৰায় ২ ইঞ্চি গভীৰতাত ৪-৬ ইঞ্চি ব্যৱধানত বীজ সিঁচিব লাগে। বীজ সিঁচাৰ ৩০-৩৫ দিন পাছত অৰ্থাৎ ফুল ফুলিব ধৰাৰ আৰম্ভণি  অৱস্থাত বন-বাত এবাৰ নিৰণি কৰি দিব লাগে। ইয়াৰ পাছত খেতিপথাৰত কোৰ মৰা বা নিৰণিৰ কাম নকৰাই শ্ৰেয়। বাদামৰ খেতিৰ পৰা অধিক উৎপাদন পাবলৈ মাটিডৰাত জীপ থকা অত্যন্ত জৰুৰী। গতিকে শুকান বতৰত ফুল ফুলা, ফুলৰ পৰা মাটিলৈ ঠাৰি ওলোৱা (Pegging) আৰু গুটি ধৰা অৱস্থাত জলসিঞ্চিত পানী প্ৰয়োগ কৰিব পাৰিলে সুফল পোৱা যায়।

শস্যৰ পাত হালধীয়া বৰণৰ হ’লে আৰু সৰিব ধৰিলে শস্য পুৰথ হোৱা বুলি অনুমান কৰিব পাৰি। ছেঁইবোৰ পুৰঠ হ’লে টান হয় আৰু খোলাটোৰ ভিতৰফালে ৰঙচুৱা বৰণৰ হয়। গুটিবোৰ সোত-মোচ খোৱা ভাবটো আঁতৰি টান হৈ বাদামী ৰঙচুৱা হয়। শতকৰা প্ৰায় ৭৫ ভাগ ছেঁই পুৰঠ হ’লে গছবোৰ মাটি খান্দি উভালি চপাব লাগে। চপোৱা গছবোৰ সৰু সৰু মুঠি কৰি ছেঁইবোৰ ওপৰমুৱাকৈ ৰাখি ছাঁত শুকুৱাব লাগে। পাছত ছেঁইবোৰ ছিঙি পৃথক কৰি, মুঠি কৰি ছেঁইবোৰ ওপৰমুৱাকৈ ৰাখি ছাঁত শুকুৱাব লাগে। পাছত ছেঁইবোৰ ছিঙি পৃথক কৰি, ছাঁত পাতলীয়াকৈ মেলি দি শুকাই বায়ু চলাচল কৰিব নোৱৰা পাত্ৰত সংৰক্ষণ কৰিব লাগে।

চয়াবিনৰ খেতি -

অসমৰ মাটি আৰু জলবায়ু উপযোগী এবিধ উল্লেখযোগ্য শস্য হ’ল চয়াবিন। এইবিধ মাহজাতীয় শস্য যদিও ই তৈলবীজ হিচাপেও বহুলভাৱে ব্যৱহৃত হয়। মাহজাতীয় শস্য হিচাপে ই প্ৰ’টিন বা মাংসসাৰৰ এক প্ৰধান উৎস, বিশেষকৈ নিৰামিষভোজীসকলৰ বাবে । ইয়াত থকা প্ৰ’টিনৰ পৰিমাণ শতকৰা হিচাপত প্ৰায় ৪২ ভাগ। তেলজাতীয় শস্য হিচাপে ইয়াত থকা তেলৰ পৰিমাণ প্ৰায় ২০ শতাংশ । চয়াবিনৰ পৰা উৎপাদিত তেল বিভিন্ন প্ৰকাৰৰ বনস্পতি ঘিউ প্ৰস্তুতকৰণত ব্যৱহৃত হয়। চয়াবিনৰ গুটিৰ পৰা গাখীৰ, দৈ আদি প্ৰস্তুত কৰাৰ উপৰি গুটিৰ পৰা উৎপাদিত আটাৰ পৰা বিভিন্ন খাদ্য-সামগ্ৰী, যেনে- ৰুটি, লাডু, ভুজিয়া আদি তৈয়াৰ কৰিব পাৰি। গৰু, ম’হ, পক্ষী আৰু মাছৰ খাদ্য হিচাপেও চয়াবিন ব্যৱহাৰ কৰিব পাৰি ।সেউজীয়া পাচলি হিচাপে কুমলীয়া ছেঁইবোৰ কিছুমান অঞ্চলত ব্যৱহাৰ কৰাও দেখা যায়। বিভিন্ন প্ৰকাৰৰ খাদ্য-সামগ্ৰী তৈয়াৰ হোৱাৰ উপৰি নানাধৰণৰ ৰং, বাৰ্ণিচ, মমবাতি, গ্লিচাৰিণ, চাবোন, ৰেজিন, প্ৰসাধন সামগ্ৰী আদি প্ৰস্তুতকৰণ উদ্যোগত ইয়াক ব্যৱহাৰ কৰা হয়। চয়াবিনৰ বহুল ব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ ৰাজ্যতো এই খেতি কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে।

অসমৰ জলবায়ু চয়াবিন খেতিৰ বাবে উপযোগী। এই খেতিৰ বাবে উপযোগী। এই খেতি প্ৰধানকৈ বৰ্ষাকালীন শস্য হিচাপে মে’-জুন মাহত আৰু শীতকালীন শস্য হিচাপে জানুৱাৰী-ফেব্ৰুৱাৰী মাহত বীজ সিঁচিব লাগে। শীতকালীন খেতিত জলসিঞ্চনৰ সুবিধা থাকিলে বতৰৰ আৰম্ভণিতে অৰ্থাৎ জানুৱাৰী মাহতে বীজ সিঁচিব পাৰি। শালিধান চপোৱাৰ পাছত শীতকালীন চয়াবিনৰ খেতি কৰি একেডৰা   মাটিতে আহুধানৰ খেতিও কৰিব পৰা যায়। বৰ্ষাকালীন শস্যৰ বাবে ওখ, ৰ’দঘাই পানী জমা নোহোৱা অথবা পানী ওলাই যোৱাৰ সু-বন্দৱস্ত থকা সাৰুৱা মাটি নিৰ্বাচন কৰিব লাগে। শীতকালীন শস্যৰ ক্ষেত্ৰত খৰালিকালতো মাটিত জীপ থকা মধ্যমীয়া ওখ মাটি বৰষুণ নিৰ্ভৰশীল খেতিৰ বাবে নিৰ্বাচন কৰিব লাগে। প্ৰয়োজন সাপেক্ষে অধিক টেঙা গুণসম্পন্ন মাটিত চুণ প্ৰয়োগ কৰিব পাৰিলে ভাল ফল পোৱা যায়।

অসমৰ বাবে অনুমোদিত চয়াবিনৰ জাতসমুহ হ’ল জে এছ-২, ম’তি, পুচা চয়াবিন-১, অলংকাৰ, ব্ৰেগ ইত্যাদি। চয়াবিনৰ খেতিৰ বাবে মাটিত যথেষ্ট পৰিমাণে পচনসাৰ অথবা গোবৰ সাৰ প্ৰয়োগ কৰি ভালদৰে চহাই, মিহি কৰি মৈয়াই সমান কৰি ল’ব লাগে। বৰ্ষাকালীন শস্যত এক নিৰ্দিষ্ট ব্যৱধানত লোৰ বনাই মাটি ওপৰলৈ দি ভেটিৰ দৰে ওখ কৰি তলী প্ৰস্তুত কৰি ল’ব পাৰি। এনে ব্যৱস্থাই বৰষুণৰ অতিৰিক্ত পানীভাগ ওলাই যোৱাত সহায় কৰাৰ লগতে সম্ভাব্য বিপদৰ পৰা খেতিডৰা ৰক্ষা কৰে। উন্নত কৃষি পদ্ধতিৰে কৃষি কৰাজনে পচনসাৰৰ লগতে সুষমভাৱে ৰাসায়নিক সাৰ প্ৰয়োগ কৰা কৰ্তব্য। প্ৰতি বিঘা মাটিত দিবলগা সাৰৰ পৰিমাণ হ’ল ইউৰিয়া ৬.৫ কেজি, একক ছুপাৰ ফছফেট ৪০-৫০ কেজি আৰু মিউৰিয়েট অৱ পটাছ সাৰ ১০.৫ কেজি। ৰাইজ’বিয়াম জীৱাণু সাৰ প্ৰয়োগ কৰিলে ইউৰিয়া সাৰ ৩ কেজি ব্যৱহাৰ কৰিলেও হয়। সমুদায় সাৰ সিঁচাৰ বাবে প্ৰস্তুত কৰা লোৰবোৰত ৩ ইঞ্চিমান গভীৰতাত প্ৰয়োগ কৰি ওপৰত ২ ইঞ্চিমান মাটিৰে ঢাকি দিব পাৰিলে অধিক সুফল পোৱা যায়। অন্যথা ছটিয়াই দিবও পাৰি।

বীজ সিঁচিবৰ বাবে ১২-১৮ ইঞ্চিৰ ব্যৱধানত ৩ ইঞ্চি গভীৰতাৰ লোৰ প্ৰস্তুত কৰি উলিয়াব লাগে। প্ৰতি বিঘা কৃষিভুমিৰ বাবে প্ৰায় ৮.৫-১০ কেজি বীজৰ প্ৰয়োজন হয়। এই অনুমোদিত পৰিমাণৰ বীজ লোৰবোৰত ১-১.৫ ইঞ্চি গভীৰতাত ৩-৪ ইঞ্চি ব্যৱধানত সিঁচিব লাগে। বহু সময়ত সীৰলুত গুটি সিঁচি মৈয়াই মাটিত সুমুৱায়ো দিব পাৰি। শীতকালীন শস্যত ব্যৱধান কিছু পৰিমাণে হ্ৰাস কৰিব পৰা যায়, বিশেষকৈ কমকৈ ডাল-পাত মেলা জাতৰ ক্ষেত্ৰত। বাৰিষা বতৰত বৰষুণ পৰি মাটিৰ উপৰিভাগ টান হৈ পৰে আৰু গুটি গজিব নোৱাৰে। গতিকে সিঁচাৰ পাছত ধানখেৰ, নৰা আদিৰে শাৰীবোৰ ঢাকি দিলে গজালি মেলাত সহায় হয়। শুকান বতৰত এনে ব্যৱস্থাই জল সংৰক্ষণ কৰি মাটিৰ জীপ অটুট ৰাখি বীজ অংকুৰিত হোৱাত সহায় কৰে। শীতকালীন শস্যৰ অংকুৰণ ক্ষমতা ব্ৰিদ্ধি কৰিবলৈ বিভিন্ন প্ৰকাৰৰ হৰম’ন আৰু এনজাইমো আজিকালি সহজলভ্য হৈছে। পুলি গজাৰ পাছত সিঁচাৰ ১৫ দিন আৰু ৩৫ দিনৰ ভিতৰত দুবাৰ বন-বাত নিৰাই দিব লাগে। দ্বিতীয়বাৰ নিৰণি কৰাৰ সময়ত শাৰীৰ দুয়োকাষে পাতলীয়াকৈ মাটি চপাই দিলে গছবোৰ থিয় হৈ থকাত সহায় হয়। বৰষুণ নিৰ্ভৰশীল খেতিত জল সংৰক্ষণ কৰিবলৈ শাৰীৰ ওপৰত ধানখেৰ অথবা নৰাজাতীয় আৱৰণী ব্যৱহাৰ কৰিলে সিঁচাৰ ৩০- ৩৫ দিনৰ পাছত এবাৰ নিৰণি কৰিলেই হয়। চয়াবিনৰ খেতিত শুকান বতৰত পানী যোগানৰ ব্যৱস্থা কৰা দৰকাৰ। ফুল ফুলা আৰু ছেঁই ধৰিব ধৰা অৱস্থা পানী যোগানৰ ফালৰ পৰা অত্যন্ত সংবেদনশীল। এই অৱস্থাত মাটিত সঠিক পৰিমাণৰ আৰ্দ্ৰতা থাকিলে শস্যৰ বৃদ্ধি আৰু ছেঁইবোৰত গুটি ধৰাত সহায়ক হয়। চয়াবিনৰ জাতভেদে কৃষিকাল ৩ মাহৰ পৰা ৪ মাহ। শস্যৰ গুটিবোৰ পৈণত হ’লে পাতবোৰ হালধীয়া হৈ সৰি পৰে। এই সময়ত গছবোৰ কাটি শুকুৱাই মৰণা মাৰি গুটিবোৰ উলিয়াব পাৰি।

সুৰ্যমুখী ফুলৰ খেতি -

উৎপাদনৰ প্ৰচুৰ সম্ভাৱনা থকা অসমৰ তৈলবীজৰ ক্ষেত্ৰখনত নতুনকৈ সংযোজিত এবিধ তৈলবীজ হ’ল সুৰ্যমুখী ফুল। গোলাকাৰ, হালধীয়া বৰণৰ এই ফুলটো দেখিবলৈ বেলিটোৰ নিচিনা বাবে ইয়াক বেলিফুল বুলিও কোৱা হয়। অতি প্ৰাচীন কালৰ পৰাই মানুহে বাগিচাৰ শোভাবৰ্ধনৰ বাবে সুৰ্যমুখী ফুলৰ খেতি কৰি আহিছে যদিও ইয়াৰ বীজৰ পৰা আহৰণ কৰা তেলৰ গুণাগুণ আৱিষ্কৃত হোৱাৰ পাছতে তৈলবীজ হিচাপে এই খেতিৰ গুৰুত্ব বৃদ্ধি পাইছে। সুৰ্যমুখী ফুলৰ তেল গুণগত মানৰ ফালৰ পৰা অতি উচ্চ। এই ফুলৰ তেলত থকা কিছুমান উপাদানৰ বাবে ই মানুহৰ দেহৰ কলেষ্ট’ৰেল বৃদ্ধিত বাধা দিয়ে আৰু ইয়াক সহজে হৃদৰোগীয়ে ব্যৱহাৰ কৰিব পাৰে। সুৰ্যমুখী ফুলৰ বীজত থকা তেলৰ পৰিমাণ শতকৰা ৪০-৪৫ ভাগ। এই তেল বনস্পতি, ৰং, বাৰ্ণিচ আদি বনাওঁতেও ব্যৱহৃত হয়। সুৰ্যমুখী ফুলৰ কুমলীয়া গা- গছ গৰু-ছাগলীৰ উত্তম খাদ্য। তেল নিষ্কাশনৰ পাছত প্ৰস্তুত হোৱা খলিহৈতো যথেষ্ট পৰিমাণে প্ৰ’টিন থাকে (শতকৰা ৪০-৪৫ ভাগ) আৰু ইয়াক গৰু-ম’হৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰি।

ভাৰতবৰ্ষত তৈলবীজ হিচাপে সুৰ্যমুখী ফুলে প্ৰধানকৈ গুৰুত্ব লাভ কৰে ১৯৬৯ চনৰ পৰা। বৰ্তমান ই আমাৰ দেশৰ এক উল্লেখযোগ্য তৈলবীজ হিচাপে পৰিগণিত হৈছে। অসমত তৈলবীজ হিচাপে এই ফুলৰ খেতিৰ আৰম্ভণি বৰ বেছিদিনীয়া নহয়। সম্প্ৰতি এই খেতি কৃষকসকলৰ মাজত জনপ্ৰিয় কৰাৰ বাবে চেষ্টা কৰি থকা হৈছে আৰু কৃষকসকলে ক্ৰমান্বয়ে এই খেতিৰ বাবে আগ্ৰহান্বিত হৈছে। আমাৰ ৰাজ্যৰ কৃষকসকলে প্ৰচলিত শস্যক্ৰমত সুৰ্যমুখী  ফুল অন্তৰ্ভুক্ত কৰিবলৈ এই খেতিৰ যথেষ্ট সুবিধা আছে। এইবোৰৰ ভিতৰত-

ক) এইবিধ শস্যৰ কৃষিকাল কম (৯০ ৰ পৰা ১২০ দিন)

খ) বছৰৰ যিকোনো সময়তে কৰিব পাৰি।

গ) খৰাং পৰিস্থিতি সহ্য কৰিব পাৰে।

ঘ) প্ৰতিবছৰে উৎপাদিত একে খিনি বীজকে সিঁচিবৰ বাবে ৪-৫ বছৰলৈ ব্যৱহাৰ কৰিব পাৰি।

আমাৰ ৰাজ্যত ক্ৰিষকসকলে তেওঁলোকৰ প্ৰচলিত শস্যক্ৰমত খেতি অন্তৰ্ভুক্ত কৰাৰ উপৰি কিছুমান দীৰ্ঘকালীন শস্য যেনে-কুঁহিয়াৰ আদিত সহযোগী শস্য হিচাপেও ইয়াৰ খেতি কৰিব পাৰে। বতৰৰ আহুকালত কোনো শ স্য সময়মতে সিঁচিব নোৱাৰিলে অথবা বেয়া বতৰৰ বাবে শস্য নষ্ট হ’লে, আপাতকালীন শস্য হিচাপে সুৰ্যমুখী ফুলৰ খেতি কৰিব পাৰি। কিছুমান শস্যৰ মাজত আন্ত:শস্য হিচাপেও এই ফুলৰ খেতি কৰিব পাৰি।

কৃষি পদ্ধতি:

তৈলবীজ হিচাপে সুৰ্যমুখী ফুল অসমৰ এবিধ নতুন শস্য। এইবিধ শস্যৰ উন্নত কৃষি পদ্ধতি সম্পৰ্কে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ বিভিন্ন কৃষি গৱেষণা কেন্দ্ৰত গৱেষণা চলি আছে যদিও অসমৰ সকলো অঞ্চলৰ কৃষকৰ পথাৰৰ বাবে এতিয়াও এই সম্পৰ্কে অনুমোদন জনোৱা হোৱা নাই। এইক্ষেত্ৰত ৰাসায়নিক সাৰ প্ৰয়োগ, সিঁচাৰ পদ্ধতি, জলসিঞ্চন আদি উন্নত কৃষি প্ৰণালী, ভাৰতবৰ্ষৰ অন্যান্য অঞ্চলৰ বাবে দিয়া অনুমোদনৰ ওপৰত ভিত্তি কৰি আলোচনা কৰা হৈছে।

মাটি নিৰ্বাচন:

প্ৰায় সকলো প্ৰকাৰৰ মাটিতে সুৰ্যমুখী ফুলৰ খেতি কৰিব পাৰি যদিও পানী জমা নোহোৱা সাৰুৱা, ৰ’দঘাই পলসুৱা মাটি এই খেতিৰ বাবে উপযোগী। বৰ্ষাকালীন শস্যৰ ক্ষেত্ৰত পানী ওলাই যোৱাৰ সু-বন্দবস্ত থকা মাটি নিৰ্বাচন কৰিব লাগে। অন্যথা পানী জমা হৈ বীজৰ অংকুৰণ ক্ষমতা হ্ৰাস পোৱাৰ লগতে পুলিবোৰ মৰি যোৱাৰ সম্ভাৱনা থাকে। শীতকালীন আৰু গ্ৰীষ্মকালীন শস্যৰ ক্ষেত্ৰত জলসিঞ্চনৰ ব্যৱস্থা থকা মাটি হ’লে ভাল।

খেতি কৰাৰ সময়:

সুৰ্যমুখী ফুলৰ ফুল ফুলাৰ ওপৰত পোহৰ আৰু উষ্ণতাৰ প্ৰভাৱ অতি কম হোৱা বাবে এইবিধ শস্যৰ খেতি বছৰৰ তিনিওটা বতৰত অৰ্থাৎ গ্ৰীষ্মকালীন, বৰ্ষাকালীন আৰু শীতকালীন শস্য হিচাপে কৰিব পাৰি।

 

বতৰ

সিঁচাৰ সময়

চপোৱাৰ সময়

বৰ্ষাকালীন

জুন-জুলাই

ছেপ্টেম্বৰ-অক্টোবৰ

শীতকালীন

অক্টোবৰ-নৱেম্বৰ

জনুৱাৰী-ফেব্ৰুৱাৰী

গ্ৰীষ্মকালীন

ফেব্ৰুৱাৰী-মাৰ্চ

মে’-জুন

 

বীজ সিঁচা:

বীজৰ অংকুৰণ ক্ষমতা আৰু আকাৰ অনুযায়ী প্ৰতি হেক্টৰ মাটিত প্ৰয়োজন হোৱা বীজৰ পৰিমাণ হ’ল ১০-১২.৫ কিলোগ্ৰাম। সিঁচাৰ আগেয়ে গুটিবোৰ ‘ইণ্ডোফিল –এম-৪৫’ অথবা ‘কেপটাফ’ নামৰ দৰবেৰে শোধন কৰি ল’ব পাৰিলে ভাল। সিঁচাৰ আগেয়ে গুটিবোৰ ১২ ঘণ্টামান পানীত তিয়াই থ’ব পাৰিলে গজালি ওলোৱাত সহজ হয়। মাটি প্ৰস্তুতিৰ পাছত ১ ৰ পৰা ১.৫ ফুট আঁতৰে আঁতৰে শাৰী শাৰীকৈ ১.৫ ৰ পৰা ২ ইঞ্চি গভীৰতাত ১০-১২ ইঞ্চি অন্তৰে অন্তৰে বীজ সিঁচিব লাগে। বীজ সিঁচাৰ ১৫-২০ দিন পাছত ঘনকৈ গজা পুলিবোৰ পাতলাই দি পাতলকৈ গজা ঠাইবোৰত অনুমোদিত দুৰত্বত নতুনকৈ ৰুই দিব লাগে। বৰ্ষাকালীন শস্যৰ বতৰত গুটিবোৰ ঢাপত ৰুব পাৰিলে পানী জমা হৈ পুলি নষ্ট হোৱাৰ সম্ভাৱনা হ্ৰাস পায়।

সাৰ প্ৰয়োগ:

সুৰ্যমুখী ফুলক যথেষ্ট পৰিমাণে ৰাসায়নিক সাৰৰ প্ৰয়োজন হয়। সাৰ প্ৰয়োগৰ আগেয়ে মাটি পৰীক্ষা কৰি সাৰুৱা গুণাগুণ নিৰ্ধাৰণ কৰি ল’ব লাগে। ইয়াৰ উপৰি শস্যৰ জাত, কৃষি ব্যৱস্থা আদিৰ ওপৰত ভিত্তি কৰি সাৰৰ পৰিমাণ ভিন্ন হয়। সাধাৰণতে বৰষুণ নিৰ্ভৰশীল খেতিত প্ৰতি বিঘা মাটিত ১২ কেজি ইউৰিয়া, ৫০ কেজি একক ছুপাৰ ফছফেট আৰু ৯ কেজি মিউৰিয়েট অৱ পটাছ সাৰৰ প্ৰয়োজন হয়। জলসিঞ্চিত খেতিত উপৰোক্ত পৰিমাণতকৈ অধিক সাৰৰ প্ৰয়োজন হয়। ওপৰত উল্লিখিত সাৰৰ দুই-তৃতীয়াংশ ইউৰিয়া আৰু বাকী সাৰৰ গোটেই অংশ বীজ সিঁচাৰ আগেয়ে প্ৰয়োগ কৰি বাকী থকা ইউৰিয়াখিনি সিঁচাৰ ৫-৬ সপ্তাহ পাছত প্ৰয়োগ কৰিব লাগে।

বন-বাত নিয়ন্ত্ৰণ:

বীজ সিঁচাৰ ১৫-২০ দিন পাছত খেতিডৰাৰ বন-বাত এবাৰ নিৰাই দি ১৫-২০ দিন পাছত পুনৰাই এবাৰ বন-বাত চিকুণাই দিব লাগে। পুলিবোৰ এফুটমান ওখ হ’লে পুলিবোৰৰ গুৰিত মাটি চপাই দিব লাগে।

জলসিঞ্চন:

সুৰ্যমুখী ফুলে খৰাং পৰিস্থিতি সহ্য কৰিব পাৰে যদিও খৰাং পৰিস্থিতিত শস্যৰ গুৰুত্বপুৰ্ণ অৱস্থাত পানী যোগানৰ ব্যৱস্থাই উৎপাদন বৃদ্ধিত সহায় কৰে। গজালি ওলোৱা, ফুল ফুলা আৰু গুটি ধৰা অৱস্থা পানী যোগানৰ দিশত সংবেদনশীল অৱস্থা। মাটি শুকান হ’লে বীজ সিঁচাৰ আগেয়ে জলসিঞ্চন কৰা দৰকাৰ। ইয়াৰ পাছত খৰাং খৰাং পৰিস্থিতিয়ে বিৰাজ কৰা যেন পালে প্ৰয়োজন সাপেক্ষে ২-৩ বাৰ জলসিঞ্চন কৰা দৰকাৰ।

শস্য চপোৱা:

ফুলপাহৰ পিছফাল আৰু কাষৰ পাহিবোৰ হালধীয়া অথবা মুগা বৰণৰ হ’লেই ফুলবোৰ কাটি আনি ৰ’দত শুকুৱাই লাঠিৰে মৰিয়াই গুটিবোৰ পৃথক কৰিব পাৰি। গুটিবোৰ পাছত ভালদৰে ৰ’দত শুকুৱাই বীজৰ আৰ্দ্ৰতাৰ পৰিমাণ শতকৰা ছয় ভাগমানলৈ আনি ভালদৰে চাফা কৰি বেগত ভৰাই সংৰক্ষণ কৰিব লাগে।

সুৰ্যমুখী ফুলৰ খেতিৰ কেইটামান সমস্যা:

১) চৰাইৰ উপদ্ৰৱৰ ফলত শস্য নষ্ট হয়।

২) ফুল পুৰঠ হোৱাৰ সময়ত হোৱা বৰষুণৰ ফলত গুটিৰ গুণাগুণ নষ্ট হোৱাৰ সম্ভাৱনা থাকে।

৩) উপযুক্ত জাত আৰু উন্নত মানৰ বীজৰ অভাৱ।

৪) শস্য চপোৱাৰ তিনি মাহমানৰ ভিতৰত তেল নিষ্কাশন নকৰিলে তেলৰ গুণাগুণ নষ্ট হোৱাৰ সম্ভাৱনা থাকে।

৫) উৎপাদিত গুটি আৰু নিষ্কাশিত তেল বিক্ৰীৰ বাবে উপযুক্ত বজাৰৰ অভাৱ।

লেখক: ড° চিন্ময় কুমাৰ শৰ্মা

উৎস: আধুনিক কৃষিকথা (শস্য-ব্যৱস্থাপনা)

 

 

 

3.14285714286
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top