অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বৰোধানৰ উন্নত কৃষি পদ্ধতি :

বৰোধানৰ উন্নত কৃষি পদ্ধতিৰ বিষয়ে লিখা হৈছে ।

 

আমাৰ ৰাজ্যখনত বছৰি হোৱা বৰষুণৰ পৰিমাণ, জলসিঞ্চন ব্যৱস্থাপনা, মাটিৰ অৱস্থা আদি অনুযায়ী বছৰৰ প্ৰায়ভাগ সময়তে ভিন ভিন প্ৰকাৰৰ ধানখেতি কৰা হয়। এইবোৰ হ’ল- শালিধান, আহুধান (আগতীয়া আৰু সময়মতে কৰা), বৰোধান আৰু বাওধান। অসমৰ এই চাৰিওবিধ ধানৰ ভিতৰত শালিধানে মুঠ ধানখেতি কৰা কৃষিভুমিৰ সিংহভাগ দখল কৰি আছে। এইবিধ ধান প্ৰধানকৈ বৰষুণৰ ওপৰত নিৰ্ভৰশীল। শালিধানৰ পিছতেই কৃষিভুমিৰ হিচাপত আহুধানৰ স্থান দ্বিতীয় আৰু পানীৰ সুবিধা অনুযায়ী ইয়াক সিঁচা বা ৰোৱা ধান হিচাপে কৰিব পৰা যায়। অসমৰ ঠাইবিশেষে দ’ মাটিবোৰত, বিশেষকৈ বিল অঞ্চল বা পিতনিবোৰত অতীজৰে পৰা শীতকালীন শস্য হিচাপে বৰোধানৰ খেতি কৰা অহা হৈছে। অৱশ্যে জলসিঞ্চন ব্যৱস্থাৰ উন্নতি সাধনৰ লগে লগে আৰু বহু উন্নত জাতৰ উদ্ভাৱনৰ ফলত আমাৰ ৰাজ্যৰ অঞ্চলবিশেষত পানী যোগানৰ দ্বাৰা বৰোধানৰ খেতি কৰিব পৰা পৰিলক্ষিত হৈছে। যিবিলাক অঞ্চলত প্ৰতিবছৰে শালিধান বানপানীৰ কবলত পৰে অথবা বানপানীৰ বাবে কৰিব কৰিব নোৱাৰা অৱস্থা হয়, তেনেবোৰ অঞ্চলত এই খেতি সুবিধাজনকভাৱে কৰিব পৰা যায়। বৰোধানৰ খেতিৰ সময়ছোৱাত বতৰ শস্যৰ বাবে অনুকুল হৈ থাকে বাবে শালিধানৰ তুলনাত এই খেতিৰ উৎপাদিকা শক্তি বেছি হয়। বৰ্তমান সময়ত এইবিধ ধানৰ উৎপাদিকা শক্তি প্ৰতি হেক্টৰ মাটিত প্ৰায় ২০১৭ কেজি আৰু উন্নত কৃষি কৌশলৰ যোগেদি উৎপাদিকা শক্তি বৃদ্ধি কৰাৰ যথেষ্ট সম্ভাৱনীয়তা আছে। এইক্ষেত্ৰত বিশেষভাৱে মন কৰিবলগীয়া বিষয়সমুহ হ’ল-

অধিক উৎপাদনক্ষম জাতৰ প্ৰচলন -

অসমত বৰোধানৰ অধিক উৎপাদনক্ষম জাতসমুহৰ প্ৰচলন সন্তোষজনক নহয়। বেছিভাগ কৃষকেই বাহিৰৰ পৰা অহা জাতসমুহ (নামনি অসমত ইৰি ধান আৰু চাইনা বৰো বুলি প্ৰচলিত) আৰু ব্যক্তিগত কোম্পানীসমুহৰ পৰা উদ্ভাৱিত উন্নত আৰু হাইব্ৰিড ধানৰ জাতৰ ওপৰত নিৰ্ভৰ কৰা পৰিলক্ষিত হৈছে। অৱশ্যে ক্ৰমান্বয়ে অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা উদ্ভাৱিত বৰোধানৰ বিভিন্ন জাতসমুহো কৃষকৰ পথাৰত প্ৰচলিত হ’ব ধৰিছে। এই জাতসমুহ হ’ল-

জয়মতী: জলসিঞ্চনৰ সুবিধা থকা অঞ্চলৰ বাবে উপযোগী মধ্যমীয়া ওখ জাত। কৃষিকাল ১৭০-১৭৫ দিন আৰু বিঘাই প্ৰতি উৎপাদন ২৫ ৰ পৰা ৩০ মোন।

কনকলতা: জলসিঞ্চনৰ সুবিধা থকা অঞ্চলৰ বাবে উপযোগী লাহিধানৰ জাত আৰু ইয়াৰ কৃষিকাল ১৭০-১৭৫ দিন। উৎপাদন বিঘাই প্ৰতি ২৫-৩০ মোন।

বিষ্ণুপ্ৰসাদ আৰু জ্যোতিপ্ৰসাদ: অৰ্ধচাপৰ, মজলীয়া মোটা ধানৰ জাত আৰু কৃষিকাল ১৬০-১৭০ দিন। পানী যোগানৰ সুবিধা থকা কৃষিভুমিৰে বাবে উপযোগী এই জাতসমুহৰ উৎপাদন বিঘাই প্ৰতি ২৫-৩০ মোন।

দীননাথ, স্বৰ্ণভ: নতুনকৈ উদ্ভাৱিত আৰু অনুমোদিত জাত। এই জাতসমুহৰ উৎপাদন ক্ষমতা ২০ ৰ পৰা ২৫ মোন আৰু কৃষিকাল ১৬৫ দিন। এই জাত দুবিধৰ কিছু পৰিমাণে পাত জ্বলি যোৱা আৰু বৌখা জ্বলা বেমাৰ প্ৰতিৰোধ কৰা ক্ষমতা আছে। দুয়োবিধ পানী যোগানৰ সুবিধা থকা মাটিৰ বাবে উপযোগী। আগতীয়াকৈ কঠীয়া পৰা জাত।

ওপৰত উল্লিখিত জাতসমুহৰ বীজ কাতি মাহৰ মাজভাগৰ পৰা আঘোণ মাহলৈ সিঁচি কঠীয়া প্ৰায় মাঘ মাহৰ মাজভাগলৈ ৰুব পাৰি। বৰোধানৰ অন্যান্য জাতসমুহৰ ভিতৰত মাচুৰী (১৮০-১৯০ দিন, শীত সহ্য কৰিব নোৱৰা লাহি, ওখ, আগতীয়াকৈ কঠীয়া পৰা জাত), বৰো ১ আৰু বৰো ২ (কমদিনীয়া ১৫০-১৬০ দিন, মোটা ধানৰ জাত, অদি দ’ বা বিল অঞ্চলৰ বাবে উপযোগী) আদি উল্লেখযোগ্য।

মাটি নিৰ্বাচন:

বৰোধানৰ খেতিৰ বাবে দ’ মাটি, বিল অঞ্চল, পিতনি অথবা জলসিঞ্চনৰ সুবিধা থকা ধানখেতিৰ বাবে উপযোগী মাতি নিৰ্বাচন কৰা দৰকাৰ।

বীজ নিৰ্বাচন আৰু বীজ শোধন -

বীজখিনি পৰিষ্কাৰ পানীত তিয়াই লৈ পানীত ভাহি উঠা বীজসমুহ আঁতৰাই পেলাব লাগে। বীজ নিৰ্বাচনৰ পাছত বীজখিনি অনুমোদিত দৰবৰ দ্বাৰা শোধন কৰি লোৱা দৰকাৰ। ইয়াৰ বাবে বেভিষ্টিন নামৰ দৰবৰ ১০ গ্ৰাম অথবা ইন্দ’ফিল এম-৪৫ নামৰ দৰবৰ ২৫ গ্ৰাম অথবা কেপটান দৰবৰ ২৫ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত মিহলাই মিশ্ৰণ বনাই বীজখিনি এদিন এৰাতি তিয়াই থৈ পাছত গাপ দি গজালি উলিয়াই ল’ব লাগে।

কঠীয়াতলী প্ৰস্তুতি -

কঠীয়া পৰাৰ এমাহমান আগেয়েই মাটিডৰাত যথেষ্ট পৰিমাণে পচনসাৰ অথবা গোবৰ সাৰ প্ৰয়োগ কৰি এচাহ বাই থ’ব লাগে। কঠীয়াতলীডৰা ভালদৰে চহ কৰি বোকা কৰি মৈয়াই সমান কৰি ল’ব লাগে। কঠীয়াতলীখন ৪ ফুট বহল কৰি মাজত এফুট বহলকৈ লোৰ ৰাখি চিতা প্ৰস্তুত কৰি ল’ব পাৰিলে ভাল। চিতাবোৰৰ দৈৰ্ঘ্য নিজৰ সুবিধা অনুযায়ী কৰিব লাগে। এনেদৰে প্ৰস্তুত কৰা ৬-৮ খন ৪ ফুট বহল আৰু প্ৰায় ৩০ ফুট দীঘল কঠীয়াতলীৰ পৰা প্ৰস্তুত হোৱা কঠীয়াৰ দ্বাৰা প্ৰায় ১ বিঘা মাটি ৰুব পৰা যাব। দুখন চিতাৰ মাজৰ লোৰবোৰৰ সহায়ত খৰাং পৰিস্থিতিত জলসিঞ্চিত পানী প্ৰয়োগ কৰিবৰ সুবিধা হোৱাৰ উপৰি পথাৰত জমা হোৱা বৰষুণৰ অতিৰিক্ত পানীভাগ নিষ্কাষণৰ সময়তো সহজ হ’ব। বৰো খেতিৰ বতৰত বায়ুমণ্ডলৰ উষ্ণতা যথেষ্ট হ্ৰাস পায় বাবে কঠীয়াৰ বৃদ্ধি তুলনামুলকভাৱে কম হয়। এনে অৱস্থাত কঠীয়াতলীৰ ওপৰত বাঁহেৰে ধেনুভিৰীয়াকৈ ফ্ৰেম বনাই তাৰ ওপৰত প্লাষ্টিক লগাই সুৰংগৰ নিচিনা বনায়ো কঠীয়া প্ৰস্তুত কৰিব পৰা যায়। এনে সুৰংগৰ ভিতৰত বায়ুমণ্ডলৰ উষ্ণতা বাহিৰতকৈ বেছি হোৱা বাবে কঠীয়াৰ বৃদ্ধি ত্বৰান্বিত হয়। ওপৰত উল্লিখিত আকাৰৰ প্ৰতিখন চিতাৰ বাবে ৮০ গ্ৰাম ইউৰিয়া, ৮০ গ্ৰাম একক ছুপাৰ ফছফেট আৰু ৪০ গ্ৰাম মিউৰিয়েট অৱ পটাছ সাৰৰ প্ৰয়োজন হয়। সাৰখিনি কঠীয়াতলী প্ৰস্তুতিৰ সময়তে প্ৰয়োগ কৰি মাটিৰ লগত ভালদৰে মিহলাই দিব লাগে।

বীজৰ পৰিমাণ কঠীয়াতলীৰ আকাৰ আৰু জাতৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰতিখন ৪ ফুট বহল, ৩০ ফুট দীঘল কঠীয়াতলীত ৬৫০ গ্ৰামৰ পৰা ১০০০ গ্ৰাম ভালকৈ গজালি ওলোৱা বীজ সিঁচিব লাগে। প্ৰতি হেক্টৰ কৃষিভুমি ৰুবৰ বাবে প্ৰয়োজন হোৱা বীজৰ পৰিমাণ ৪০ ৰ পৰা ৪৫ কেজি। কঠীয়াতলীডৰা চৰাই-চিৰিকতিৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰাৰ উপৰি পোক-পতংগ, বেমাৰ-আজাৰৰ পৰা ৰক্ষা কৰিবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা দৰকাৰ। কঠীয়াতলীতডৰাত পানী জমা হৈ থাকিবলৈ নিদি মাটিৰ জীপ ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰাটো অতিশয় জৰুৰী। অন্যথা কঠীয়াৰ শিপা চুটি, আঁকোৰা আৰু দুৰ্বল হয়। অতি জেকা অৱস্থাত বেমাৰ-আজাৰৰ সম্ভাৱনাও বাঢ়ে আৰু প্ৰাথমিক অৱস্থাত মৰিও যাব পাৰে। অৱশ্যে কঠীয়া তোলাৰ ২/৩ দিন আগতে কঠীয়াতলীডৰাত পানী সুমুৱাই দিব পাৰিলে পাছত কঠীয়া তোলাত সহজ হয়।

মুল পথাৰ প্ৰস্তুতি -

বৰোধানৰ খেতি বিভিন্ন প্ৰকাৰৰ মাটিত কৰিব পাৰি। বিল অথবা পিতনি অঞ্চল হ’লে মেটেকা গুচাই আলি বান্ধি পলসযুক্ত মাটিত বৰ বেছি কষ্ট নকৰাকৈয়ে কঠীয়া ৰুব পাৰি। জলসিঞ্চিত বাম চানেকীয়া মাটি হ’লে কঠীয়া ৰোৱাৰ প্ৰায় এমাহমান আগৰে পৰা মাটি প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব লাগে। এনে ব্যৱস্থাই বন-বাতবোৰ গেলি-পচি সাৰ হোৱাত সহায় কৰাৰ উপৰি অনিষ্টকাৰী পোক-পৰুৱা আৰু বেমাৰৰ বীজাণু ধ্বংস হোৱাত সহায় কৰে। পথাৰডৰা ভালদৰে চহাই বোকা কৰি মৈয়াই সমান কৰি ল’ব লাগে। ই সমভাৱে পানী ৰখাত সহায় কৰে। পথাৰৰ আলিবোৰ ভালদৰে মেৰামতি কৰি পথাৰডৰাৰ চাৰিওকাষ পৰিষ্কাৰ কৰি ৰাখিব লাগে। মাটি প্ৰস্তুতিৰ আৰম্ভণিতেই পথাৰডৰাত যথেষ্ট পৰিমাণে জৈৱিক সাৰ প্ৰয়োগ কৰা দৰকাৰ।

ৰাসায়নিক সাৰৰ ব্যৱহাৰ -

আন সকলো শস্যৰ দৰেই ধানৰ উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত ৰাসায়নিক সাৰৰ ব্যৱহাৰ অতিকৈ জৰুৰী। বৰোধানৰ ক্ষেত্ৰত ৰাসায়নিক সাৰৰ পৰিমাণ অসমৰ কৃষি জলবায়ু পৰিমণ্ডল, মাটিৰ অৱস্থা আৰু জাত অনুযায়ী পৃথক পৃথকভাৱে অনুমোদন জনোৱা আছে। অতি দ’ বিল বা পিতনি অঞ্চলৰ মাটি যথেষ্ট সাৰুৱা হোৱা বাবে এনেবোৰ ধানখেতি কৰা পথাৰত সাৰ দিয়াৰ প্ৰয়োজনেই নহয়। দ’ অঞ্চলৰ আশে-পাশে থকা কৃষিভুমিত কৰা বৰোধানৰ খেতিত অৱশ্যে বিঘাই প্ৰতি ১২ কেজি ইউৰিয়া, ১৮ কেজি একক ছুপাৰ ফছফেট আৰু ৪ কেজি মিউৰিয়েট অৱ পটাছ সাৰ প্ৰয়োগ কৰা দৰকাৰ। জলসিঞ্চন ব্যৱস্থাৰ যোগেদি কৰা খেতিত ১৮ কেজি ইউৰিয়া, ২৭ কেজি একক ছুপাৰ ফছফেট আৰু ৬ কেজি মিউৰিয়েট অৱ পটাছ সাৰৰ প্ৰয়োজন হয়। ওপৰত উল্লিখিত সাৰৰ পৰিমাণ উচ্চ উৎপাদনক্ষম অৰ্ধচাপৰ জাতৰ ক্ষেত্ৰত প্ৰযোজ্য আৰু ওখ জাতৰ ক্ষেত্ৰত আধা পৰিমাণৰ সাৰৰ প্ৰয়োজন হ’ব। বৰাক উপত্যকা আৰু মধ্য ব্ৰহ্মপুত্ৰ উপত্যকাৰ দ’ অঞ্চলৰ আশে-পাশে বিঘাই প্ৰতি ৫ কেজি ইউৰিয়া, ৯ কেজি একক ছুপাৰ ফছফেট আৰু ২ কেজি মিউৰিয়েট অৱ পটাছ সাৰৰ অনুমোদন আছে।

ৰাসায়নিক সাৰ প্ৰয়োগৰ পৰা সুফল পাবলৈ হ’লে সঠিক পৰিমাণৰ ৰাসায়নিক সাৰ সঠিক সময়ত সঠিক পদ্ধতিৰে প্ৰয়োগ কৰা দৰকাৰ। দ’ অঞ্চলৰ আশে-পাশে কৰা খেতিত সমুদায় ছুপাৰ ফছফেট আৰু পটাছ সাৰ ৰোৱনী চাহত প্ৰয়োগ কৰি ইউৰিয়া সাৰৰ গোটেই অংশ ৰোৱাৰ ২০-২৫ দিন পাছত টপড্ৰেছিং কৰিব লাগে। জলসিঞ্চিত খেতিত সমুদায় ছুপাৰ ফছফেট আৰু পটাছ সাৰ আৰু ৬ কেজি ইউৰিয়া ৰোৱনী চাহত প্ৰয়োগ কৰি বাকী থকা ইউৰিয়া সাৰৰ ৬ কেজি পোখা মেলা অৱস্থাত আৰু ৬ কেজি মণি ধৰা অৱস্থাত টপড্ৰেছিং কৰিব লাগে। ইউৰিয়া সাৰ টপড্ৰেছিং কৰা আগে আগে বন-বাত নিৰনি কৰাৰ লগতে পথাৰৰ পানীভাগ যিমান পাৰি কমাই ল’ব লাগে। তদুপৰি ইউৰিয়া সাৰখিনি ১০ গুণমান পচনসাৰৰ লগত মিহলাই দুদিন দুৰাতি ৰাখি প্ৰয়োগ কৰিলে সাৰভাগ নষ্ট হোৱাৰ সম্ভাৱনা কম।

কঠীয়া ৰোৱা -

কঠীয়া ৰোৱাৰ সময়ত বিশেষভাৱে মন কৰিবলগীয়া বিষয়কেইটা হ’ল কঠীয়াৰ বয়স, গোছেপ্ৰতি কঠীয়াৰ সংখ্যা, ৰোৱাৰ গভীৰতা আৰু দুৰত্ব। কঠীয়া ৫-৬ পতীয়া হ’লে ই ৰোৱাৰ বাবে উপযোগী হয়। গোছে প্ৰতি কঠীয়াৰ সংখ্যা ২/৩ ডাল হ’ব লাগে। কঠীয়া ৰোৱাৰ গভীৰতাৰ তাৰতম্য হ’লে ধানৰ থোক ওলোৱাৰ আগ –পিছ হয়। সেয়েহে সকলো জাতৰ কঠীয়াই ২ ইঞ্চি গভীৰতাত ৰুব লাগে। কঠীয়া ৰোৱাৰ দুৰত্ব জাতভেদে বেলেগ বেলেগ হয়। বিষ্ণুপ্ৰসাদ, জ্যোতিপ্ৰসাদ, জয়মতী, কনকলতা আদি জাতৰ কঠীয়া শাৰীৰ পৰা শাৰীলৈ ৮ ইঞ্চি আৰু গোছাৰ পৰা গোছালৈ গোছালৈ ৮ ইঞ্চি দুৰত্বত ৰুব লাগে। কঠীয়া বেছি ঘনাই ৰুলে শস্যৰ উৎপাদন হ্ৰাস পায়। কঠীয়া ৰোৱাৰ পাছত কোনো ঠাইত কঠীয়া মৰিলে ৭-১০ দিনৰ ভিতৰত একে বয়সৰ কঠীয়া পুনৰ খাঁজি দিব লাগে। বেছি পলমকৈ খাঁজি দিলে সকলো ধানৰ থোক একে সময়তে পুৰঠ নহয়।

পানী যোগান: শীতকালত বৰষুণৰ পৰিমাণ যথেষ্ট কম হোৱা বাবে সাধাৰণতে পানী থকা ঠাই অথবা জলসিঞ্চনৰ ব্যৱস্থা থকা মাটিতহে বৰোধানৰ খেতি কৰা হয়। জলসিঞ্চিত খেতিত সঠিক পৰিমাণৰ পানী সঠিক সময়ত সঠিক পদ্ধতিৰে প্ৰয়োগ কৰিব পাৰিলেহে পানী যোগানৰ পৰা সুফল পোৱা যাব। অবাবত জধে মধে পানী প্ৰয়োগ কৰি থাকিলে খৰচৰ মাত্ৰাও বৃদ্ধি পাব। গতিকে ৰোৱাৰ ২/৩ দিন পাছত ২ ইঞ্চি (৫ চে.মি) গভীৰতাৰ জলসিঞ্চিত পানী প্ৰয়োগ কৰি পানী শুকুৱাৰ ৩ দিন পাছত পুনৰ একে পৰিমাণৰ জলসিঞ্চন কৰা দৰকাৰ। এইদৰে শস্য চপোৱাৰ ১০/১৫ দিনৰ আগলৈকে পানী যোগান অটুট ৰাখক।

বন-বাত নিয়ন্ত্ৰণ -

শস্যৰ প্ৰাৰম্ভিক অৱস্থাত পথাৰডৰা বন-বাতৰ পৰা মুক্ত কৰি ৰাখিব পাৰিলে পাছত ই গা কৰি উঠিব  নোৱাৰে। সেয়েহে কঠীয়া ৰোৱাৰ ২০ দিন পাছত দুবাৰ বন-বাত নিৰাই দিব পাৰিলে ভাল। ইউৰিয়া সাৰ টপড্ৰেছিং কৰাৰ সময়ত বোকা মাটিত চলাব পৰা নিৰনি যন্ত্ৰ ব্যৱহাৰ কৰিলে ই বন-বাত নিয়ন্ত্ৰণ কৰাৰ লগতে সাৰভাগ মাটিৰ লগত মিহলি হোৱাতো সহায় কৰিব। বহু অঞ্চলৰ কৃষকে বৰোধানৰ খেতিত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিও বন-বাত নিয়ন্ত্ৰণ কৰে। এইক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লৈহে আগবঢ়া উচিত। ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিলে ৰোৱাৰ পাছতে বন-বাতৰ গজালি ওলোৱাৰ আগতে প্ৰেতিলাক্ল’ৰ অথবা বুটাক্ল’ৰ জাতীয় দৰব অনুমোদিত হাৰত ব্যৱহাৰ কৰি ৪০ দিনমান পাছত ৰ’টাৰী নিৰণি যন্ত্ৰ ব্যৱহাৰ কৰিও সুফল পাবপ্পাৰে।

শস্য ৰক্ষা -

অন্যান্য শস্যৰ দৰেই বৰোধানৰ খেতিতো প্ৰতিবছৰে নানাপ্ৰকাৰৰ কীট-পতংগ আৰু বেমাৰ-আজাৰৰ প্ৰাদুৰ্ভাৱ দেখা যায়। এনেধৰণৰ অনিষ্টকাৰী পোক-পৰুৱা আৰু বেমাৰ-ব্যাধিয়ে শস্যৰ প্ৰচুৰ অনিষ্ট সাধন কৰে। বৰ্তমান সময়ত এইবোৰ নিৰাময়ৰ বাবে কেৱল ৰাসায়নিক দৰবৰ ওপৰতে নিৰ্ভৰ নকৰি সুস্ংগত কৃষি ব্যৱস্থাৰ যোগেদি এইবোৰ নিয়ন্ত্ৰণৰ বিষয়ে চিন্তা কৰি অহা হৈছে। এইক্ষেত্ৰত ল’বলগীয়া ব্যৱস্থাৱলী হ’ল-

১) বেমাৰ-আজাৰৰ প্ৰতিৰোধ ক্ষমতা থকা জাতৰ ব্যৱহাৰ কৰা।

২) সঠিক কৃষি কৌশল বা প্ৰতিপালন ব্যৱস্থা, যেনে-সময় মতে বীজ সিঁচা , ৰোৱা, নিৰণি কৰা, ভালদৰে মাটি প্ৰস্তুত কৰা, বন-বাত গুচাই পৰিষ্কাৰ কৰা আদি কাৰ্য সম্পন্ন কৰা।

৩) জৈৱিক দ্ৰব্য ব্যৱহাৰৰ যোগেদি শস্য ৰক্ষা কৰা।

৪) প্ৰাকৃতিক শত্ৰুৰ দ্বাৰা অনিষ্টকাৰী শস্য ৰক্ষা কৰা।

৫)যান্ত্ৰিক বা শাৰীৰিক পদ্ধতিৰ দ্বাৰা শস্য ৰক্ষা কৰা।

৬) কমকৈ তথা প্ৰয়োজন সাপেক্ষেহে কীটনাশকৰ দ্বাৰা প্ৰতিৰোধৰ ব্যৱস্থা কৰা।

লেখক: ড° চিন্ময় কুমাৰ শৰ্মা

উৎস: আধুনিক কৃষিকথা (শস্য ব্যৱস্থাপনা)

2.89655172414
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top