অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভোট জলকীয়াৰ খেতি :

ভোট জলকীয়াৰ খেতিৰ বিষয়ে লিখা হৈছে ।

 

আমাৰ সমাজত খাদ্য সম্ভাৰত জলকীয়া ব্যৱহাৰ কৰাটো এটা পৰম্পৰা আৰু ই ইতিহাসসমৃদ্ধ। জলকীয়া সেউজীয়া অৱস্থাত কেঁচাই আৰু পকিলেও কেঁচাই বা শুকুৱাই খোৱাৰ ব্যৱস্থা আছে। এই জলকীয়াবিলাকৰে এবিধ আছে ভাজি খোৱা জলকীয়া, যাক কেপচিকাম বুলি কোৱা হয়। ইয়াৰ উপৰি আৰু এবিধ জলকীয়াই বৰ্তমান আমাৰ সমাজত প্ৰাধান্য বিস্তাৰ কৰিছে। ই হৈছে ভোট জলকীয়া। ইয়াৰ বৈজ্ঞানিক নাম হৈছে- কেপচিকাম চাইনেনছ (Capsicum chinense)। তেজপুৰৰ ডিফেন্স ৰিচাৰ্ছ লেব’ৰেটৰীৰ মতে ভোট জলকীয়াৰ কেপচিকাম ফ্ৰুটেচেন্স (Capsicum frutescens) প্ৰজাতিৰ এই ভোট জলকীয়াক বিহ জলকীয়া, নগা জলকীয়া, নাগা হৰিহৰ, কিং চিলি, বৰ বিহ আদি নামেৰেও জনা যায় যদিও ভোট জলকীয়া হিচাপে বেছি প্ৰসিদ্ধ। কিন্তু বিশ্বত ২০০৬ চনলৈকে ৰেড চেভিনা হাৱানিয়েই আছিল আটাইতকৈ বেছি জলা জলকীয়া। কাৰণ বিশ্বৰ কেইবিধমান অতি বেছি জলা জলকীয়াৰ জলাৰ পৰিমাণ এনেধৰণৰ-জালাপিনৰ জলকীয়াৰ জলাৰ পৰিমাণ ২,৫০০-৮,০০০ স্ক’ভাইল হিট ইউনিট (Schovile Heat Unit), চিৰান জলকীয়াৰ জলাৰ পৰিমাণ ৮,০০০-২২,০০০ SHU, কেইনিৰ জলকীয়াৰ জলাৰ পৰিমাণ ৩০,০০০-৫০,০০০ SHU, থাই জলকীয়াৰ জলাৰ পৰিমাণ ৫০,০০০-১,০০,০০০ SHU, মিজোৰামৰ বাৰ্ডছ আই চিলি বা জলকীয়াৰ (Bird’s eye chilli) জলাৰ পৰিমাণ ১,০০,০০০-২,২৫,০০০ SHU,স্কটছ বনেট জলকীয়াৰ পৰিমাণ ১,৫০,০০০-৩,২৫,০০০ SHU, ৰেড চেভিনা হাৱানিৰ জলকীয়াৰ জলাৰ পৰিমাণ ৩,৫০,০০০-৫,৭৫,০০০ SHU। কিন্তু ২০০৬ চনৰ শেষৰ ফাললৈ নিউ মেক্সিকো ষ্টেট ইউনিভাৰছিটিৰ পৰীক্ষাগাৰত যেতিয়া অসমৰ ভোট জলকীয়াৰ জলাৰ পৰিমাণ জোখা হ’ল, তেতিয়া চকু কপালত উঠিল আৰু প্ৰমাণ হ’ল যে অসমৰ ভোট জলকীয়াই হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি জলা জলকীয়া। গীণিজ বুক অৱ ৱ’ৰ্লডৰ টোকাবহীত অসমৰ ভোট জলকীয়াৰ নাম উঠিল যে অসমত পোৱা ভোট জলকীয়াৰ জলাৰ পৰিমাণ ১০,০১৩০৪ স্ক’ভাইল হিট ইউনিট। এইবাবে ভোট জলকীয়াক King Chilli  বা জলকীয়াৰ ৰজা বুলি জনা যায়।

জাত -

ভোট জলকীয়াৰ স্থানীয় সঁচেই ৰোপণ কৰা হয় যদিও ইয়াৰ বিভিন্ন আকাৰত পোৱা যায়-থোপোকা, দীঘলীয়া আৰু ঘুৰণীয়া।

মাটি -

ভাৰতবৰ্ষৰ অসমকে ধৰি উত্তৰ-পুৰ্বাঞ্চলৰ পাহাৰ, ভৈয়াম সকলোতে ইয়াৰ খেতি কৰিবলৈ উপযোগী। পানী জমা নোহোৱা ওখ, সাৰুৱা, যথেষ্ট পৰিমাণে জৈৱিক পদাৰ্থ থকা, বালিয়া-পলসুৱা মাটিৰ আৱশ্যক। মাটিৰ অম্লতা ৫-৬.২ হ’ব লাগে।

খেতি কৰাৰ সময় -

ভোট জলকীয়াৰ খেতি কৰাৰ সময় ভৈয়াম অঞ্চলত আঘোণ-পুহৰ পৰা জেঠ-আহাৰ মাহলৈ আৰু পাহাৰীয়া অঞ্চলত ব’হাগ-জেঠৰ পৰা পুহ-মাঘ মাহলৈ। অৰ্থাৎ ভৈয়াম অঞ্চলত শীতকালৰ পৰা গ্ৰীষ্মকাললৈকে আৰু পাহাৰীয়া অঞ্চলত গ্ৰীষ্মকালত আৰম্ভ কৰি শীতকাললৈকে খেতি কৰা হয়।

বীজৰ পৰিমাণ -

প্ৰতি বিঘা মাটিৰ বাবে ২০-২৫ গ্ৰাম আৰু ৭.৫ বিঘা বা এক হেক্টৰ মাটিৰ বাবে ১৫০-২০০ গ্ৰাম বীজৰ প্ৰয়োজন হয়।

পুলি তৈয়াৰ পদ্ধতি -

পুলিবাৰীত বীজ সিঁচিবৰ বাবে মাটিডোখৰ চাহ কৰি মৈয়াই সমান কৰি বীজ সিঁচিবৰ বাবে ২০-২৫ চে.মি. ওখ, ১ মিটাৰ বহল আৰু সুবিধাজনক দৈৰ্ঘ্যৰ পুলিৰ তলী প্ৰস্তুত কৰিব লাগে। দুখন পুলিবাৰীৰ মাজত ৫০ চে.মি. বহল নলাৰ ব্যৱস্থা ৰাখিব লাগে।

ভোট জলকীয়াৰ ফল বা বীজবোৰ নিৰ্ভৰযোগ্য উৎসৰ পৰা সংগ্ৰহ কৰিব লাগে। বেমাৰে আক্ৰমণ নকৰা নিৰোগী গছৰ পৰা ৰঙা পকা ভোট জলকীয়াবোৰ সংগ্ৰহ কৰি সাৱধানে ফলৰ পৰা গুটিবোৰ বাছি উলিয়াব লাগে। যিহেতু ইয়াৰ জলা গুণটোৰ বাবে হাত-মুখ পুৰিব পাৰে সেইবাবে এই কামৰ বাবে হাতমোজা, ব্লেড আৰু ফৰচেপ ব্যৱহাৰ কৰিব লাগে। বীজবোৰ সংগ্ৰহ কৰি পৰিষ্কাৰ চেঁচাপানীৰে ধুই ছাঁত শুকুৱাব লাগে। নতুবা ফালি লোৱা জলকীয়াৰ বীজ লাগি থকা মঙহাল অংশ পানীত ডুবাই সাৱধানে জোৰেৰে বীজখিনি পৃথক হৈ পৰাকৈ পানীখিনি ঘুটিব লাগে। তেনে কৰিলে পাতল বীজবোৰ ওপঙি উঠিব, যিবোৰ কামত নাহে। গধুৰ ডুব যোৱা বীজবোৰ পুলি গজাবৰ বাবে উপযুক্ত।

ৰ’দঘাই , ওখ, পানী জমা নোহোৱা, বালিয়া-পলসুৱা মাটিত পুলিবাৰীখন পাতিব লাগে। একমিটাৰ বহল আৰু সুবিধানুযায়ী দৈৰ্ঘ্যৰে পতা পুলিবাৰীখনত ভোট জলকীয়াৰ বীজবোৰ শাৰী শাৰীকৈ সিঁচিব লাগে। বীজ সিঁচাৰ আগতে প্ৰতি বৰ্গমিটাৰ বীজতলীত দুই কিলোগ্ৰাম বালি বা পলস আৰু দুই কিলোগ্ৰাম ভালকৈ পচা গোবৰ বা পচনসাৰ (চালনিৰে চালি মিহি কৰিলে ভাল ) প্ৰয়োগ কৰি ল’ব লাগে।

বীজ সিঁচা -

কবি, বিলাহী, বেঙেনা, কেপচিকাম আদি শস্যৰ পুলিবাৰীত যেনেদৰে বেমাৰৰ বীজাণুনাশক আৰু পোকনাশক ব্যৱস্থা লোৱা হয় তেনেদৰে ভোট জলকীয়াৰ পুলি তৈয়াৰ কৰোঁতেও বীজতলীখন তেনে ব্যৱস্থা কৰি ল’ব লাগে। শোধন কৰা বীজবোৰ মাটিৰ ৫-৬ চে.মি. গভীৰতাত শাৰী শাৰীকৈ সিঁচিব লাগে।

বীজতলী বা পুলিবাৰীত সামান্যভাৱে আগতে অংকুৰিত কৰি লোৱা বীজো সিঁচিব পাৰি। মাত্ৰ সাৱধান হ’ব লাগে যে অংকুৰিত হোৱা বীজৰ বগা কণটো ভাগি নাযায়। বীজ সিঁচাৰ পাছত বালি আৰু চালি লোৱা মিহি গোবৰৰ মিশ্ৰণেৰে পাতলকৈ ঢাকি দিব লাগে আৰু পাছত পাতলীয়াকৈ পানী দিব লাগে। প্ৰয়োজন সাপেক্ষে পুলিবাৰীৰ ওপৰত চালিৰ ব্যৱস্থা ৰাখিব লাগে। বীজ গজাৰ বাবে ১৪-২৫ দিন সময় লাগে। বীজ সিঁচাৰ ৩৫-৫০ দিন পাছত পুলিবোৰ যেতিয়া ৮-১০ চেণ্টিমিটাৰ ওখ হ’ব তেতিয়া পুলিবাৰীত প্ৰথমে পানী প্ৰয়োগ কৰি মাটি কোমল কৰি পুলি উঠাব লাগে।

সাৰ প্ৰয়োগ -

ভোট জলকীয়াৰ বাবে বাছনি কৰা পথাৰখন দীঘে-পথালিয়ে কেইবাবাৰো চহ কৰি মৈয়াই ল’ব লাগে। শেষৰবাৰ চহ কৰাৰ আগতে প্ৰয়োজনীয় গোবৰ আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব লাগে। এবিঘা মাটিৰ বাবে ২ টন গোবৰ ৩৫ কিলোগ্ৰাম ইউৰিয়া, ৫০ কিলোগ্ৰাম একক ছুপাৰ ফছফেট আৰু ১২ কিলোগ্ৰাম মিউৰিয়েট অৱ পটাছ সাৰ প্ৰয়োগ কৰিব লাগে। শেষৰবাৰ চহ কৰিবৰ সময়ত সম্পুৰ্ণ ভাগ গোবৰ, একক ছুপাৰ ফছফেট আৰু মিউৰিয়েট অৱ পটাছ আৰু আধাভাগ ইউৰিয়া সাৰ সমভাৱে প্ৰয়োগ কৰি ল’ব লাগে। বাকী থকা আধাভাগ ইউৰিয়া সাৰ আকৌ দুভাগ কৰি এভাগ পুলি ৰোৱাৰ এমাহৰ পাছত আৰু এভাগ পুলি ৰোৱাৰ দুমাহৰ পাছত প্ৰয়োগ কৰিব লাগে।

পুলি ৰোপণ -

মুল ভেটিত পুলি লগোৱাৰ আগতে ২-৩ বাৰ ঠাই সলাই পৰিৱেশৰ লগত খাপ খুৱাই ল’লে ভাল। ভোট জলকীয়াৰ ৩৫-৫০ দিনীয়া পুলি একমিটাৰ আৰু একমিটাৰ দুৰত্বত ৰোপণ কৰিব লাগে অৰ্থাৎ দুটা শাৰী আৰু প্ৰতিটো শাৰীত দুটা পুলিৰ মাজত একমিটাৰ বা তিনিফুট ব্যৱধানত ৰাখিব লাগে। প্ৰতি দুশাৰী বা তিনি শাৰী পুলিৰ মাজত এফুট বা ৩০ চে.মি. বহল আৰু দ’ একোটা সৰু নলাৰ ব্যৱস্থা কৰিব লাগে, যাতে অতিৰিক্ত পানীভাগ ওলাই নলাত পৰে। পুলি ৰোপণ কৰাৰ পাছত কাষৰ অংশ জোৰকৈ হেঁচি দিব লাগে যাতে পানী প্ৰয়োগ কৰাৰ পাছত পুলিৰ গুৰিত পানী জেকজেকীয়া হৈ নাথাকে।

পৰিচৰ্যা -

পথাৰত ভোট জলকীয়াৰ পুলি ৰোপণ কৰাৰ পাছত পুলিবোৰ ভালদৰে ঠন ধৰি সবল হৈ নুঠালৈকে ৭-১০ দিনৰ বাবে প্ৰতিদিনে এবাৰকৈ পানীৰ ব্যৱস্থা কৰিউব লাগে।

ইয়াৰ পাছত পুলিৰ চাৰিওকাষ হেঁচি টান কৰি দিব লাগে যাতে পানী প্ৰয়োগ কৰিলে পুলিৰ গুৰি অংশ জীপজীপীয়া হৈ নুঠে। জলসিঞ্চনৰ ব্যৱস্থা কৰিলে বা বৰষুণ পৰিলে পুলিৰ গুৰিৰ পৰা অতিৰিক্ত পানীখিনি ওলাই যাব পৰাকৈ প্ৰতি ২-৩ শাৰীৰ মাজে মাজে এফুট বহল আৰু এফুট দ’ কৰি একোটা সৰু নলাৰ ব্যৱস্থা কৰিব লাগে। পথাৰখনৰ পৰা বন-বাত-মাজে-সময়ে আঁতৰাই ৰাখিব যাতে পোক আৰু বেমাৰৰ আক্ৰমণৰ পৰা হাতসাৰি থাকিব পৰা যায়। বন-বাত বা অপতৃণবোৰ ৩-৪ আঙুলমান ওখ হ’লেই লগে লগে আঁতৰাই পৰিষ্কাৰ কৰিব লাগে। বন-বাত নিৰোৱাৰ ৪-৫ দিনৰ পাছতহে বাৰীত পানী দিয়াৰ ব্যৱস্থা কৰিব লাগে।

শস্য ৰক্ষা -

পাতৰ বগা পোক বা হোৱাইট ফ্লাই (White fly): বগা ৰঙৰ এবিধ সৰু সৰু পোকে জলকীয়াৰ পাতৰ পৰা ৰস শুহি খায়। এই পোকে আক্ৰমণ কৰিলে পাত মুজুৰা পৰি হালধীয়া হোৱা ভাইৰাছ বেমাৰ হয়। গতিকে এই বগা পোক ভাইৰাছ বেমাৰৰ বাহক। প্ৰতিকাৰৰ বাবে এক মিলিলিটাৰ ‘ৰগৰ’ দৰব একলিটাৰ পানীত মিহলাই পাতত ছটিয়াব লাগে। পুলি ৰোৱাৰ সময়ত প্ৰতিটো খলিত আধাচামুচ ‘ফুৰাদন’ প্ৰয়োগ কৰিলেও সুফল পোৱা যায়।

মোৱা পোক বা এফিড (Aphid) আৰু বগা ফুটি পোক বা থ্ৰিপচ (Thrips): মোৱা পোক আৰু ফুটি পোকে পাতৰ ৰস শুহি খায় আৰু পাতখিলা মেটুৰা-মেটুৰি হৈ পৰে। লাহে লাহে গছবিলাক মুজুৰা পৰি যায়। কাৰণ এই পোকবিলাকেও ভাইৰাছজনিত ৰোগ কঢ়িয়াই আনে। গতিকে প্ৰতিকাৰৰ বাবে ৰগৰ বা মন’ক্ৰটফছ ঔষধ এক মিলিলিটাৰ দুই লিটাৰ পানীত মিহলাই ছটিয়াব লাগে। পাতৰ ৰস শুহি লোৱা পোকে আক্ৰমণ নকৰিলেও প্ৰতিষেধক হিচাপে প্ৰতি ১০ দিনৰ ব্যৱধানত একে শক্তিৰ ‘ৰগৰ’ ছটিয়াব লাগে।

পুলিৰ গুৰি কটা পোক (Cut worm): পথাৰত পুলি ৰোৱাৰ পাছত পুলি ভালদৰে ঠন ধৰি নুঠালৈকে পুলিৰ গুৰিটো এবিধ পোকে কাটি দিয়ে। ইয়াৰ নিবাৰণৰ বাবে ৫ শতাংশ শক্তিৰ মালাথিয়ন ঔষধৰ গুৰি পুলি ৰোৱাৰ সময়ত প্ৰয়োগ কৰিব লাগে। নহ’লে সৰিয়হৰ খলিহৈ গুড়ি কৰি প্ৰতিটো খলিত এমুঠিকৈ প্ৰয়োগ কৰিব লাগে।

বেমাৰ -

ভোট জলকীয়াৰ প্ৰধান বেমাৰবিলাক হৈছে- পুলিৰ গুৰি পচা বা ডেমপিং অফ (Damping off)। ভেঁকুৰৰ দ্বাৰা আক্ৰমণ হোৱা এই বেমাৰে পুলি অৱস্থাত গুৰিত আক্ৰমণ কৰি পুলিটো মাৰি পেলায়। কৃষকসকলে ইয়াক সাৰ উঠা বুলি কয়। ইয়াক নিবাৰণৰ বাবে পুলিবাৰীৰ ভেটিটো বীজ সিঁচাৰ আগতে দশমিক ২ শতাংশ শক্তিৰ (২ গ্ৰাম একলিটাৰ পানী) কেপটাফ দৰবৰ মিশ্ৰণেৰে শোধন কৰি ল’ব লাগে। বীজখিনিও প্ৰতিকিলোগ্ৰাম বীজ এক চামুচ (৫ গ্ৰাম) কেপটান দৰবেৰে শোধন কৰি ল’ব লাগে। পুলিবাৰীত বেমাৰে আক্ৰমণ কৰাৰ লগে লগে ০.২% কেপটান বা ইণ্ডোফিল এম-৪৫ দৰব প্ৰয়োগ কৰিও নিবাৰণ কৰিব পৰা যায়।

পাত, ডাল বা ফল পচা ৰোগ বা এনথ্ৰাকনোজ (Anthracnose): ভেঁকুৰৰ দ্বাৰা আক্ৰমণ হোৱা এই ৰোগৰ বাবে পাতত প্ৰথমে ৰঙচুৱা মুগা ঘুৰণীয়া দাগ পৰে, লাহে লাহে পৰিসৰ বাঢ়ি যায় আৰু যেতিয়া পাতখিলাৰ কেইবাঠাইতো আক্ৰমণ কৰে তেতিয়া পাতখিলা সৰি পৰে। পাছত গছৰ ডালত আক্ৰমণ কৰে আৰু শেষত ফলত আক্ৰমণ কৰিলে ফল সৰি যায়। প্ৰতিকাৰৰ বাবে প্ৰতিকিলোগ্ৰাম বীজ এচামুচ বেভিষ্টিন দৰবত শোধন কৰিব লাগে। গছৰ পাতত বেমাৰে আক্ৰমণ কৰাৰ লগে লগে ০.২% কপাৰ অক্সিক্ল’ৰাইড বা ০.২% (২ গ্ৰাম দৰব একলিটাৰ পানী) বেভিষ্টিন দৰবৰ মিশ্ৰণ প্ৰতি ৫/৬ দিনৰ অন্তৰত ছটিয়াব লাগে।

ফল পচা ৰোগ (fruit rot): বীজ সিঁচাৰ আগতে বীজ শোধন কৰিব লাগে। ভেঁকুৰৰ দ্বাৰা ফল বা জলকীয়াত আক্ৰমণ হোৱা এই ৰোগৰ প্ৰতিকাৰৰ বাবে ০.২% ইণ্ডোফিল এম ৪৫ বা বেভিষ্টিন বা ১ শতাংশ শক্তিৰ বৰড’ মিশ্ৰেণেৰে গছত ৮-১০ দিনৰ ব্যৱধানত ছটিয়াব লাগে।

পাত ঘোৰ খাই যোৱা বা লিফ কাৰ্ল (leaf curl)আৰু পাত হালধীয়া পৰি মুজুৰা পৰা বা মোজাইক বেমাৰ (mosaic) আদি ভাইৰাছজনিত ৰোগ। এই ৰোগৰ বাহক হৈছে পাতৰ ৰস চুহি খোৱা পোক, যেনে-মোৱা পোক, বগা ফুটি পোক বা বগা উৰণ পোক (whitefly)। এই ৰস চুহি খোৱা পোকবিলাক পোকৰ শিতানত উল্লেখ কৰাৰ দৰে নিয়ন্ত্ৰণ কৰিলে এই ভাইৰাছজনিত বেমাৰ নহয়। কিন্তু এই ভাইৰাছজনিত ৰোগে এবাৰ আক্ৰমণ কৰিলে দৰব ছটিয়াই ৰোগ নিৰাময় কৰিব নোৱাৰি। গতিকে আক্ৰান্ত গছবোৰ উঘালি দুৰৈত পুতি পেলাব নহ’লে পুৰি পেলাব।

শস্য চপোৱা -

পুলি ৰোৱাৰ ৯০/১০০ দিনৰ পাছৰ পৰা ফল পকিবলৈ ধৰে। ভোট জলকীয়াবোৰ যেতিয়া ৰঙা ৰঙৰ বা কমলা ৰঙৰ হ’ব আৰু জলকীয়াটো সম্পুৰ্ণ পকি যাব তেতিয়াহে গছৰ পৰা ঠাৰিডালৰ সৈতে ছিঙি আনিব লাগে। ভৈয়াম অঞ্চলত আঘোণ-পুহত ৰোপণ কৰা শস্যৰ পৰা জেঠ-আহাৰলৈকে ফল চপাই থাকিব পাৰি। এজোপা ভোট জলকীয়াৰ গছৰ পৰা ১৮০-২০০ টা জলকীয়া পাব পৰা যায়।

ব্যৱহাৰ -

ভোট জলকীয়া কেঁচা বা পকা অৱস্থাত ভাতৰ লগত খোৱা হয়। ভোট জলকীয়া খালে পেটৰ গেষ্ট্ৰিক অসুখ ভাল হয় বুলি এটা লোকবিশ্বাস আছে। পকা অৱস্থাত চাটনী বা আচাৰ তৈয়াৰ কৰা হয়। পৰীক্ষাৰ পৰা নিশ্চিত হৈছে যে পকা ভোট জলকীয়াৰ ৰঙা ৰঙে এবিধ এণ্টি-অক্সিডেণ্টৰ (anti-oxident) কাম কৰে। জলকীয়াটোৰ ভিতৰৰ ঠাৰিডালত থকা তেলখিনি এণ্টি-ইনফেকচন তেল হিচাপে ব্যৱহাৰ কৰিব পাৰি। ভোট জলকীয়াৰ জলা গুণ্টোৰ বাবে এণ্টি-এলাৰজিক আৰু পেইন কিলাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। ভোট জলকীয়াৰ পৰা উত্তম লোকেল এনাস্থেচিয়া প্ৰস্তুত কৰিব পাৰি আৰু ইয়াৰ কোনো পাৰ্শ্বক্ৰিয়া নাই বুলি পৰীক্ষাগাৰত নিশ্চিত হৈছে। পকা ভেটি জলকীয়াৰ পৰা ‘গ্ৰেনেড’ আৰু ‘চিলি’ বুলেট’ প্ৰস্তুত কৰাৰ আঁচনি তেজপুৰত অৱস্থিত সামৰিক পৰীক্ষাগাৰত আৰম্ভ হৈছে।

বিশেষ মন কৰিবলগীয়া -

১) ভোট জলকীয়াৰ খেতিৰ বাবে সম্পুৰ্ণ পুৰঠ আৰু পকা নিৰোগী ফলহে সংগ্ৰহ কৰিব লাগে।

২) বীজৰ বাবে ফল সংগ্ৰহ কৰা শস্যডৰা অধিক উৎপাদনক্ষম হ’ব লাগে।

৩) যিবিলাক পকা জলকীয়া তাৰ আকাৰ প্ৰায় সমান হ’ব লাগে। অৰ্থাৎ ফলৰ ছাল অংশ বেছি শোটোৰা-শোটোৰ আৰু খহটা হ’ব নালাগে। বেছি খহটা ছালৰ জলকীয়াবিলাক বেমাৰৰ দ্বাৰা আক্ৰান্ত হোৱা বুলি নিশ্চিত হ’ব পাৰিব।

৪) গুটি সিঁচাৰ চৌবিশ ঘণ্টাৰ আগত শতকৰা ০.৩ মাত্ৰাৰ ট্ৰাইচ’ডিয়াম ফছফেট (Trisodium phosphate) নামৰ ঔষধৰ দ্বাৰা শোধন কৰক। বীজসমুহ উক্ত ঔষধৰ মিশ্ৰণত ৫-১০ মিনিট পৰ্যন্ত ডুবাই ৰাখি সম্পুৰ্ণ ছাঁ পৰা ঠাইত শুকুৱাই বীজতলীত সিঁচিব।

৫) বীজতলীখনৰ পুলিবিলাক নাইলন সুতাৰে তৈয়াৰী (৩০ ছিদ্ৰযুক্ত) আঁঠুৱাৰে মুল পথাৰলৈ নিয়ালৈকে ঢাকি ৰাখিব লাগে।

৬) পুলি ৰোপণ কৰাৰ পাছত কাষৰ মাটি অংশ হেঁচি টান কৰি দিব লাগে।

৭) পুলি বাঢ়ি যোৱাৰ লগে লগে কাষৰ মাটি অংশ হেঁচি বা গচকি টান কৰি ল’ব লাগে, যাতে বৰষুণ পৰিলে বা পানী যোগান ব্যৱস্থা কৰিলে পুলিৰ গুৰিত পানী জীপজীপীয়া হৈ নাথাকে।

৮) ভালদৰে পুৰঠ হৈ ৰং ধৰা উজ্জ্বল ফলবোৰেহে গছৰ পৰা চপাব লাগে।

৯) বীজৰ বাবে খেতি কৰা শস্যডৰা সম্পুৰ্ণ নিৰোগী আৰু স্বাস্থ্যৱান হ’ব লাগে।

১০) ভালদৰে প্ৰতিপালন কৰি ভোট জলকীয়াৰ খেতি কৰিলে এজোপা গছৰ পৰা ২০০ টাকৈ জলকীয়া পাব পাৰি।

১১) পোন্ধৰ দিনৰ অন্তৰে অন্তৰে বীজতলী আৰু মুল পথাৰৰ শস্যত মালাথিয়ন (Malathion 50 EC) ৰ দ্ৰৱণ শতকৰা এভাগ (০.১%) মাত্ৰাত ছটিওৱাৰ (spray) ব্যৱস্থা কৰিব লাগে। ছটিয়াওঁতে গছজোপাৰ পাতৰ ওপৰে-তলে তিতি যোৱাৰ প্ৰতি লক্ষ্য ৰাখিব ।

১২) ভাইৰাছ বেমাৰৰ বিস্তাৰ কমাবৰ বাবে হালধীয়া ৰঙৰ আঠাযুক্ত পলিথিনৰ ফিটা (yellow sticky polythene sheet) বতাহৰ গতিৰ দিশত লগোৱাৰ ব্যৱস্থা কৰিলে সুফল পোৱা যায়।

১৩) অপতৃণসমুহ জলকীয়াৰ পথাৰৰ ভিতৰত আৰু ওচৰে-পাঁজৰে গজিবলৈ নিদিব। এইসমুহো ভাইৰাছজনিত বেমাৰৰ বাহক হ’ব পাৰে।

১৪) বেমাৰী গছবোৰ দেখা পোৱাৰ লগে লগেই উঘালি জ্বলাই পেলাব লাগে।

১৫) গছৰ গুৰি আৰু কাণ্ড পচা বেমাৰ নিয়ন্ত্ৰণৰ বাবে বেভিষ্টিন আৰু কেপটান নামৰ ঔষধ শতকৰা ০.১ আৰু ০.২৫ মাত্ৰাত মিহলাই গুৰিত ৬ চে.মি. পৰ্যন্ত তিতি যোৱাকৈ বেমাৰ দেখা দিয়াৰ সময়তে প্ৰয়োগ কৰিলে নিয়ন্ত্ৰণ হ’ব।

১৬) বেক্টেৰিয়াজনিত ৰোগৰ বাবে এগ্ৰ’মাইচিন বা বেক্টৰিনল নামৰ ঔষধ শতকৰা ০.০২% হাৰত গুৰিত ৬ চে.মি. পৰ্যন্ত তিতি যোৱাকৈ প্ৰয়োগ কৰিলে সুফল পোৱা যায়।

১৭) ভোট জলকীয়াৰ খেতি ওখ, পানী জমা নোহোৱা, শুকান, ফচফচীয়া , আধা ৰ’দ পৰা (semi shaded) ঠাইত কৰিলে গছৰ শ্ৰীবৃদ্ধি হোৱাৰ লগতে গছজোপাৰ বহুতো বেমাৰ-আজাৰ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি পোৱা যেন অনুমান হয়।

১৮) অনিয়ন্ত্ৰিত সাৰ, পানী যোগান আদিয়ে খেতিৰ সুফল অনাতকৈ অনিষ্টহে কৰে। গতিকে সাৰ-পানী যোগান ধৰাত সু-সংহত বা সমন্বিত কৃষি প্ৰণালী প্ৰয়োগ কৰিব লাগে।

১৯) সৰহ মাটিত ভোট জলকীয়াৰ খেতি কৰিলে ২/৩ বিঘাৰ মাটিৰ মাজত একঠা মাটিত অন্য শাক-পাচলি, যেনে-বেঙেনা, উৰহী আদিৰ খেতি কৰিব লাগে।

২০) এবাৰ বেমাৰে আক্ৰমণ কৰা মাটিত দ্বিতীয়বাৰ ভোট জলকীয়াৰ খেতি নকৰি, কবি-বিলাহী আদিৰ খেতি কৰিব লাগে, অৰ্থাৎ শস্যক্ৰম (crop rotation) কৰিলে বেমাৰ একেবাৰে নিৰ্মুল কৰিব পাৰি।

লেখক: ড° ৰাজেন্দ্ৰ প্ৰসাদ দাস

উৎস: আধুনিক কৃষিকথা (শস্য ব্যৱস্থাপনা)

 

 

 

 

 

2.97142857143
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top