অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভৱিষ্যতৰ খাদ্য ‘আলু’ ৰ উন্নত কৃষি পদ্ধতি, বীজ সংৰক্ষণ ব্যৱস্থা আৰু ঔদ্যোগিক ব্যৱহাৰ :

ভৱিষ্যতৰ খাদ্য ‘আলু’ ৰ উন্নত কৃষি পদ্ধতি, বীজ সংৰক্ষণ ব্যৱস্থা আৰু ঔদ্যোগিক ব্যৱহাৰ :

 

শীতকালত হোৱা শস্যবিলাকৰ ভিতৰত আলু এবিধ অতি প্ৰয়োজনীয় খাদ্যশস্য আৰু গড় উৎপাদনৰ ভিত্তিত ভাৰতবৰ্ষত ঘেঁহু, ধান আৰু গোমধানৰ পাছতেই আলুৰ স্থান চতুৰ্থ। পৃথিৱীৰ বিষুৱৰেখাৰ উত্তৰ আৰু দক্ষিণে ৫০° অক্ষাংশত থকা প্ৰায় ১২৯ খন দেশত আলুখেতিৰ প্ৰচলন আছে। সাধাৰণতে সাগৰৰ জলপৃষ্ঠৰ পৰা প্ৰায় ৪০০০ মিটাৰ উচ্চতালৈ এই খেতি কৰিব পৰা যায়। বৰ্তমানৰ পেৰু আৰু বলিভিয়াৰ মাজৰ পাহাৰীয়া উচ্চ এণ্ডিয়ান অঞ্চলৰ ‘টিটিকাকা’ নামৰ হ্ৰদৰ কাষৰীয়া ঠাইতেই আলুৰ উৎপত্তি স্থল বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে। আজিৰ পৰা প্ৰায় ৮০০০ বছৰৰ পুৰ্বে দক্ষিণ আমেৰিকাৰ এণ্ডিজ পৰ্বতমালাৰ কিছু চিকাৰী আৰু অঘৰী সম্প্ৰদায়ৰ লোকে আলু খোৱাৰ বাবে উপযোগী বুলি চিনাক্ত কৰিছিল আৰু প্ৰায় ১৫৬৫ চনত স্পেইনৰ কেনেৰী দ্বীপলৈ লৈ গৈছিল। ইয়াৰ পাছত প্ৰায় ৪০ বছৰমানৰ ভিতৰতে সমগ্ৰ ইউৰোপ মহাদেশত আলুৰ বিস্তাৰ হৈছিল। ষষ্ঠদশ শতিকাত ভাৰতবৰ্ষৰ দক্ষিণ উপকুলত পৰ্তুগীজ জাহাজৰ সহায়ত আলুৰ প্ৰৱেশ ঘটে। ভাৰতীয় লেখাত পোনপ্ৰথমবাৰৰ বাবে ১৬১৫ চনত আলুখেতিৰ বিষয়ে ৰচনা পোৱা যায়। তেতিয়াৰ পৰাই আলুখেতিৰ প্ৰসাৰ ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চললৈ বিয়পি পৰে আৰু আজি বিশ্বৰ প্ৰধান আলু উৎপাদকাৰীৰ্দেশসমুহৰ ভিতৰত স্থান অধিকাৰ কৰে। বৰ্তমান আলু উৎপাদনত ভাৰতবৰ্ষৰ স্থান তৃতীয় আৰু চতুৰ্থ বৃহৎ আলুখেতি কৰা দেশ হিচাপে পৰিগণিত হৈছে।

উত্তৰ-পুব ভাৰতত ব্ৰিটিছসকলৰ যোগেদি আনুমানিক অষ্টাদশ শতিকাত পোনপ্ৰথমবাৰৰ বাবে আলুৰ প্ৰৱেশ ঘটে। সেই সময়ত খাছীয়া পাহাৰত পোনপ্ৰথমে ইয়াৰ প্ৰচলন আৰম্ভ হয় আৰু লাহে লাহে মেঘালয়ৰ (তেতিয়াৰ অসম) পৰা উত্তৰ-পুবৰ আন আন ৰাজ্যলৈ আলুখেতিৰ প্ৰসাৰ ঘটিবলৈ ধৰে। বৰ্তমান ভাৰতবৰ্ষৰ মুঠ আলুখেতিৰ মাটিকালিৰ প্ৰায় ১০% ঠাই উত্তৰ-পুৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত পোৱা যায়।

অসমৰ প্ৰধান শীতকালীন বা ৰবিশস্যসমুহৰ তালিকাত আলুৰ স্থান উল্লেখনীয়। বৰ্তমান অসমত প্ৰায় ৮০,০০০ হেক্টৰ কৃষিভুমিত আলুখেতি কৰা হয়। বছৰটোত অক্টোবৰ (কাতিমাহ) মাহৰ পৰা মাৰ্চ মাহ (ফাগুন মাহ) পৰ্যন্ত অসমৰ পথাৰত এই খেতি দেখা পোৱা যায়। আলুখেতিৰ বাবে কৃষকে নিজৰ সুবিধা অনুযায়ী বিভিন্ন প্ৰকাৰৰ মাটি নিৰ্বাচন কৰে। অসমৰ খাদ্যাভ্যাস আৰু পৰিৱেশৰ লগত খাপ খুৱাব পৰাতো আলু খাদ্য হিচাপে পৰিগণিত হৈছে। ৰাজ্যখনত বহুল ব্যৱহাৰৰ বাবেই বজাৰত বছৰৰ সকলো সময়তে চাহিদা ধৰি ৰখাত সক্ষম হৈছে।

আলুক ‘খাদ্য নিৰাপত্তাৰ’ উত্তম হিচাপে ধৰা হয় আৰু বিশ্বত ইয়াক পাচলি হিচাপে নধৰি খাদ্যশস্য হিচাপেহে অন্তৰ্ভুক্ত কৰা দেখা যায়। পুষ্টিকাৰক দিশৰ পৰা আলু এবিধ কম শক্তিদায়ক উচ্চ গুণবিশিষ্ট প্ৰ’টিন, প্ৰয়োজনীয় ভিটামিন আৰু খনিজ দ্ৰব্যযুক্ত খাদ্য (তালিকা ন্ং ১)। বৰ্তমান বিশ্বত আলুক ‘ভৱিষ্যতৰ খাদ্য’ (Food for the future)হিচাপে ধৰা হয় (FAO)।

তালিকা নং-১: আলুৰ খাদ্য গঠনৰ তালিকা:

দ্ৰব্য (১০০ গ্ৰাম খাদ্যৰ ভিত্তিত)

ধান

ঘেঁহু

আলু

প্ৰ’টিন (গ্ৰাম

৬.৮০

১১.৮০

১.৬০

পানী গ্ৰাম

১৩.৭০

১২.৮০

৭৪.৭০

কাৰ্বহাইড্ৰেট (গ্ৰাম

৭৮.২০

৭১.২০

২২.৬০

শক্তি (কিলো কেল’ৰি)

৩৪৫.০০

৩৪৬.০০

৯৭.০০

চৰ্বী (গ্ৰাম

০.৫০

১.৫০

০.১০

ফছফৰাছ (মি.গ্ৰা)

১৬০.০০

৩০৬.০০

৪০.০০

লো (মি.গ্ৰা)

৩.১০

৪.৯০

০.৭০

কেৰটিন (মাইক্ৰগ্ৰাম)

০.০০

৬৪.০০

২৪.০০

থায়ামিন (মি.গ্ৰা)

০.০৬

০.৪৫

০.১০

ৰাইব’ফ্লেভিন (মি.গ্ৰা)

০.০৬

০.০৭

০.০১

নিয়াচিন (মি.গ্ৰা)

১.৯০

৫.৫০

১.২০

ভিটামিন চি (মি.গ্ৰা)

০.০০

০.০০

১৭.০০

 

উন্নত কৃষি পদ্ধতিৰ আৱিষ্কাৰ আৰু ব্যৱহাৰৰ বাবেই ভাৰতবৰ্ষত আলুৰ উৎপাদন বৃদ্ধি হোৱা বুলি কৃষি বিজ্ঞানীসকলে ধাৰণা কৰে।

আলুখেতিৰ উন্নত কৃষি পদ্ধতিৰ বিষয়ে তলত বিশদভাৱে আলোচনা কৰা হৈছে -

মাটি নিৰ্বাচন: অসমত সাধাৰণতে বাম খেতি হিচাপে গ্ৰীষ্মকালীন শস্য চপোৱাৰ পাছত বা কোনো কোনোৱে চন পৰি থকা ঠাইত আলুখেতি কৰে। আনহাতে অসমৰ প্ৰধান আলু উৎপাদন হোৱা অঞ্চলসমুহত শালিধান চপোৱাৰ পাছত আলুখেতি কৰা দেখা যায়। অৱশ্যে পানী জমা নোহোৱা, বালীয়া বা বালিচহীয়া মাটি আলুখেতিৰ বাবে উত্তম। অৱশ্যে সময়মতে কৰা আলুখেতি যিকোনো ধৰণৰ মাটিত ভাল হোৱা দেখা যায়। মাটিডৰাত পানী ধৰি ৰাখিব পৰা গুণ থাকিলেই যথেষ্ট।

উচ্চ উৎপাদনক্ষম জাত: উন্নত জাতৰ বীজ আলুখেতিৰ বাবে  অতি প্ৰয়োজনীয়। বৰ্তমান ভাৰতবৰ্ষত প্ৰায় ৪৫ টা বিভিন্ন গুণবিশিষ্ট উচ্চ উৎপাদনক্ষম জাতৰ ব্যৱহাৰ হৈ আছে। এই জাতসমুহৰ শস্যকাল ৬০-১৪০ দিন পৰ্যন্ত হয়। হ্ৰস্বম্যাদী (৬০-৭০ দিন) জাতসমুহৰ বৱহিতৰত কুফ্ৰী চন্দমুখী, কুফ্ৰী অশোকা, কুফ্ৰী জৱাহৰ, কুফ্ৰী খ্যাতি প্ৰধান। এই জাতসমুহৰ লেট ব্লাইট ৰোগ প্ৰতিৰোধ ক্ষমতা কম। মজলীয়া (১১০-১২০ দিন) জাতসমুহৰ ভিতৰত কুফ্ৰী জ্যোতি, কুফ্ৰী পোখৰাজ, কুফ্ৰী ছাটলুজ, কুফ্ৰী বাহাৰ, কুফ্ৰী চদাবাহাৰ আৰু কুফ্ৰী বাদচাহ প্ৰধান। এই জাতসমুহৰ লেট ব্লাইট প্ৰতিৰোধ ক্ষমতা বেছি আৰু উচ্চ উৎপাদনক্ষম। দীৰ্ঘম্যাদী (১৩০-১৪০ দিন) জাতসমুহৰ ভিতৰত কুফ্ৰী চিন্ধুৰী, কুফ্ৰী মেঘা, কুফ্ৰী গিৰিৰাজ, কুফ্ৰী অৰুণ, কুফ্ৰী কাঞ্চন ইত্যাদি প্ৰধান। এই জাতসমুহৰ লেট ব্লাইট ৰোগ প্ৰতিৰোধ ক্ষমতা অনেক গুণে বেছি। উপৰিউক্ত সকলোবোৰ জাত অসমৰ মাটি আৰু জলবায়ুৰ বাবে ভাল। উন্নত মানৰ বীজৰ নাটনিৰ বাবে এই সকলোবোৰ জাত অসমত ব্যৱহাৰ কৰা নহয়। তথাপি কুফ্ৰী জ্যোতি, কুফ্ৰী চন্দ্ৰমুখী, কুফ্ৰী পোখৰাজ, কুফ্ৰী মেঘা, কুফ্ৰী গিৰিৰাজ, কুফ্ৰী চিন্ধুৰী, কুফ্ৰী বাহাৰ, কুফ্ৰী চদাবাহাৰ বৰ্তমান অসমৰ প্ৰধান আলুখেতি কৰা ঠাইত পৰ্যাপ্ত পৰিমাণে ব্যৱহাৰ কৰা দেখা যায়।

বীজ আহৰণ আৰু প্ৰস্তুতকৰণ: আলুৰ উন্নত বীজ আহৰণ কৰিবলৈ কৃষি বিভাগ বা বীজ নিগমৰ সহায় ল’ব লাগে। প্ৰকৃত মোহৰ বা চিহ্ন থকা বীজ আহৰণ কৰিব পাৰিলে ভাল আৰু প্ৰতি ৩-৪ বছৰৰ অন্তৰত পুৰণা বীজখিনি সলায় লোৱা উচিত। বীজ সিঁচাৰ আগতেই গজালি ওলাই থকাটো ভাল কাৰণ এনে বীজৰ পৰা অংকুৰণ খৰতকীয়া, নিয়মীয়া হয়, ফলত গছৰ সংখ্যা প্ৰতি একক মাটিত বৃদ্ধি পায়। আগতীয়াকৈ গজালি ওলাবৰ বাবে কুফ্ৰী চন্দ্ৰমুখীজাতীয় জাতসমুহ ৭ দিনমানৰ আগত আৰু কুফ্ৰী জ্যোতি নাইবা অন্য দীৰ্ঘ্ম্যাদী জাতৰ বাবে অন্তত: ১৫ দিনৰ আগতেই শীতল ভঁৰালৰ শীতল ভঁৰালৰ পৰা উলিয়াই ছাঁত ভালদৰে মেলি দিয়াৰ ব্যৱস্থা কৰিব লাগে।

আলুখেতিত বীজ পৰিশোধন এক  অতি প্ৰয়োজনীয় ব্যৱস্থা। ‘মেনক’জেব’ নামৰ ঔষধ ২.৫ গ্ৰাম প্ৰতিলিটাৰ পানীত মিহলাই প্ৰয়োজনীয় বীজখিনি ২০ মিনিট সময়ৰ বাবে ডুবাই ৰাখি টুকি লৈ ছাঁত ভালদৰে শুকুৱাব লাগে। এনেদৰে পৰিশোধন কৰা আলুৰ বীজ ৰুবৰ বাবে উপযোগী হয়।

খেতিপথাৰ প্ৰস্তুতকৰণ -

আলুৰ খেতিৰ বাবে পথাৰখন পানী জমা নোহোৱা ঠাইত বাছি ল’ব লাগে। ম’লবৰ্ড নাঙল নাইবা ট্ৰেক্টৰৰ সহায়ত ভালদৰে কেইবাবাৰো চহ কৰি ল’ব লাগে। আলু বাঢ়িবৰ বাবে দ’লৈকে চহাই জাবৰ-জোঁথৰ আতৰাই ভালদৰে সমান কৰি পেলোৱা দৰকাৰ। আবতৰীয়া বৰষুণত যাতে পানী জমা হ’ব নোৱাৰে তাৰ বাবে উপযুক্ত ব্যৱধানত নলাৰ ব্যৱস্থা কৰি ল’ব লাগে। শেষৰবাৰ চহ কৰোঁতে প্ৰয়োজনীয় সাৰ প্ৰয়োগ কৰিলে ভাল। সমান কৰি লোৱা মাটিডৰাত উত্তৰ-দক্ষিণ দিশত ৫০ চে.মি. ব্যৱধানত সীৰলু তৈয়াৰ কৰি ল’ব লাগে।

বীজ ৰোৱাৰ সময়: যিকোনো ঠাইৰ উষ্ণতাইহে বীজ সিঁচা/ ৰোৱাৰ সময় নিৰুপণ কৰে। অসমৰ বাবে অক্টোবৰ মাহৰ মাজভাগৰ পৰা নৱেম্বৰ মাহৰ মাজভাগলৈ বীজ সিঁচাৰ উপযুক্ত সময়। কুফ্ৰী মেঘা বা কুফ্ৰী গিৰিৰাজৰ দৰে জাতৰ বাবে ডিচেম্বৰৰ মাজভাগলৈ বীজ সিঁচিব পাৰি। শালিধানৰ খেতি চপোৱাৰ পাছত লেটব্লাইট ৰোগ প্ৰতিৰোধ ক্ষমতাসম্পন্ন যিকোনো জাত সিঁচিব পৰা হয়। উত্তৰ-পুৰ্বাঞ্চলৰ উচ্চ পাহাৰীয়া অঞ্চলৰ বাবে উপযুক্ত সময় হ’ল এপ্ৰিল মাহৰ দ্বিতীয় সপ্তাহ।

বীজৰ পৰিমাণ আৰু ৰোৱাৰ ব্যৱধান: এক হেক্টৰ মাটিত উপযুক্ত পৰিমাণৰ গছ (১,০০,০০০ জোপা)পাবলৈ হ’লে বীজৰ পৰিমাণ আৰু সিঁচাৰ সময়ত দুটা বীজৰ মাজৰ দুৰত্ব সঠিক হ’ব লাগে। অৱশ্যে বীজ ৰোপণৰ দুৰত্ব এটা আলুৰ গড় ওজন অনুযায়ী বেলেগ বেলেগ হোৱা উচিত। সাধাৰণতে তলত দিয়া ধৰণে ব্যৱধান বাছি ল’ব লাগে।

তালিকা নং ২: গড় ওজন আৰু বীজ ৰোপণৰ দুৰত্ব

বীজৰ গড় ওজন (গ্ৰাম

ৰোৱাৰ দুৰত্ব (চে.মি)

১) ২৫-৫০

৫০*৫০ বা ৬০*১৫

২) ৫০-১০০

৬০*২৫

৩) ১০০

৬০*৪০

 

যেতিয়া বীজৰ গড় ওজন ২৫ গ্ৰাম হয়, সাধাৰণতে এক হেক্টৰ মাটি ৰুবৰ বাবে ২২০০-২৫০০ কেজি বীজৰ আৱশ্যক হয়। অৱশ্যে বীজৰ ওজন যথেষ্ট বেছি হ’লে দুভাগকৈ কাটি ব্যৱহাৰ কৰিব পাৰি আৰু লক্ষ্য কৰা উচিত যে প্ৰতিটো ভাগতে অন্তত: ২-৩ টা চকু থাকে। ৰোৱাৰ সময়ত পৰাপক্ষত চকুবিলাক ওপৰমুৱাকৈ ৰাখিব পাৰিলে ভাল।

সাৰ পৰিমাণ আৰু প্ৰয়োগ : মাটিৰ গুণাগুণ আৰু পথাৰডৰাত কৰা আগৰ শস্যবিধৰ ওপৰত নিৰ্ভৰ কৰি উপযুক্ত পৰিমাণৰ সাৰ প্ৰয়োগ কৰিব পাৰিলে ভাল। গোবৰ বা পচনসাৰ আলুখেতিৰ বাবে অতি প্ৰয়োজনীয়। প্ৰায় ১০ টন ওজনৰ শুকান গোবৰ সীৰলু তৈয়াৰ কৰি ৰখা ঠাইত প্ৰয়োগ কৰি মাটিৰ লগত ভালদৰে মিহলাই দিব লাগে। অসমৰ বাবে তলত দিয়া ধৰণেৰে সাধাৰণ মাত্ৰা আলুখেতিৰ বাবে অনুমোদন কৰা আছে।

তালিকা নং-৩ সাৰৰ নাম আৰু পৰিমাণ

পুষ্টিকৰ মৌল (কি.গ্ৰা./ হেক্টৰ)

সাৰৰ নাম

সাৰৰ পৰিমাণ কি.গ্ৰা./হে:

কি.গ্ৰা/বিঘা

ক) বৰষুণ নিৰ্ভৰশীল খেতি নাইট্ৰ’জেন-৬০

ফছফৰাছ-৫০

পটাছ-৫০

ইউৰিয়া

একক ছুপাৰ ফছফেট

মিউৰিয়েট অৱ পটাছ

১৩৩

৩১২

৮৩

১৯

৪৫

১২

খ) জলসিঞ্চন কৰা খেতি

নাইট্ৰ’জেন-১২০

ফছফৰাছ-১০০

পটাছ-১০০

ইউৰিয়া

একক ছুপাৰ ফছফেট

মিউৰিয়েট অৱ পটাছ

২৬৬

৬২৪

১৬৮৩৮

৯০

২৪

 

 

একক ছুপাৰ ফছফেটৰ সলনি ডি এ পি ব্যৱহাৰ কৰিবলগা হ’লে বৰষুণ নিৰ্ভৰশীল খেতিত হেক্টৰে প্ৰতি ১০৮ কেজি ডি এ পি, ৪৩ কেজি ইউৰিয়া আৰু ৮৩ কেজি মিউৰিয়েট অৱ পটাছ সাৰ প্ৰয়োগ কৰিব লাগে। জলসিঞ্চন কৰা খেতিত এই সাৰৰ মাত্ৰা দুগুণ হ’ব লাগে।

সাৰ প্ৰয়োগৰ সময়ত আধা মাত্ৰাৰ ইউৰিয়া সাৰ আৰু সমুদায় একক ছুপাৰ ফছফেট বা ডি এ পি আৰু মিউৰিয়েট অৱ পটাছ শেষৰবাৰ মাটি চহোৱাৰ সময়ত প্ৰয়োগ কৰি বাকী থকা ইউৰিয়া সাৰভাগ বীজ ৰোৱাৰ ২৫-৩০ দিনৰ পাছত (প্ৰথমবাৰ মাটি চপোৱাৰ সময়ত) প্ৰয়োগ কৰিব লাগে। গছৰ গুৰিৰ দুয়োকাষে সাৰখিনি প্ৰয়োগ কৰি ভালদৰে মাটিৰ লগত মিহলাব লাগে।

জলসিঞ্চন ব্যৱস্থা -

আলুখেতিত জলসিঞ্চনৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। জলসিঞ্চনৰ সুবিধা থকা ঠাইত এই খেতিত উপযুক্ত পৰিমাণৰ পানী প্ৰয়োগ কৰিলে অধিক উৎপাদন পাব পাৰি। অসমৰ সৰহসংখ্যক অঞ্চলৰ আলুখেতি বৰষুণৰ ওপৰত নিৰ্ভৰশীল, কম উৎপাদন হোৱাৰ ইয়ো এটা কাৰণ। জলসিঞ্চনৰ বাবে সাধাৰণতে সীৰলু পদ্ধতিৰে (Furrow irrigation)পানীৰ যোগান ধৰা হয়। আলু খেতিডৰাত মাটি চপাবৰ সময়ত আপোনা-আপুনি (নিজে নিজে) সীৰলু তৈয়াৰ হয়। এই সীৰলুসমুহ জলসিঞ্চনৰ সময়ত ব্যৱহাৰ হয়। পানী প্ৰয়োগ কৰোঁতে শাৰীৰ মাজত থকা ভেটিবিলাক বুৰ যাব নালাগে। পানীৰ প্ৰয়োজনীয়তাৰ ফালৰ পৰা তলত দিয়া অৱস্থাকেইটা অতি প্ৰয়োজনীয়।

তালিকা নং ৪: জলসিঞ্চনৰ উপযুক্ত সময়

ক্ৰমিক নং

শস্যৰ অৱস্থা

ৰোৱাৰ পাছত দিন

প্ৰথম জলসিঞ্চন

পম ধৰা অৱস্থা

২৫-৩০

দ্বিতীয় জলসিঞ্চন

আলু ধৰা অৱস্থা

৫৫-৬০

তৃতীয় জলসিঞ্চন(প্ৰয়োজন সাপেক্ষে)

আলুবঢ়া অৱস্থা

৭০-৭৫ দিন

 

উপৰোক্ত তিনিটা অৱস্থাতে আলুৰ গছক পানীৰ প্ৰয়োজন হয়। এই সময়খিনিত বৰষুণ নহ’লে বা মাটিত জিপ নাথাকিলে জলসিঞ্চন কৰি  অধিক উৎপাদন পাব পাৰি।

বৰষুণ নিৰ্ভৰশীল খেতিত পানীমেটেকা ব্যৱহাৰ কৃষকসকলে কৰি আহিছে। যথেষ্ট পৰিমাণৰ পানীমেটেকাৰ অভাৱ হ’লে ধান খেৰ বা যিকোনো অপতৃণ ব্যৱহাৰ কৰিব পৰা যায়। পানীমেটেকাৰ পৰিমাণ হেক্টৰে প্ৰতি ৫ টন হোৱা উচিত। এনে কৰিলে মাটিত থকা পনীভাগ বাষ্প হৈ উৰি যাব নোৱাৰে।

অপতৃণ নিয়ন্ত্ৰণ: আলুখেতিত সাধাৰণতে অপতৃণ নিয়ন্ত্ৰণত বেছি গুৰুত্ব আৰোপ কৰা নহয়। কাৰণ এই সময়ছোৱাত বৰ বেছিকৈ অপতৃণ দেখা পোৱা নাযায়। আনহাতেদি যিহেতু দুবাৰকৈ খেতিডৰাত গছৰ গুৰিলৈ মাটি চপোৱা হয়, দুটা শাৰীৰ মাজত থকা বন-বাত সাধাৰণতে উঠি যায়। জলসিঞ্চন কৰা খেতিত যদি কেতিয়াবা বন-বাত বেছি হয় ইয়াক প্ৰতিৰোধ কৰিবৰ বাবে হাতেৰে উঠাব পাৰিলে ভাল। অপতৃণ নিয়ন্ত্ৰণৰ বাবে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিবলৈ হ’লে ‘পেৰাকোৱাট’ নামৰ ঔষধ প্ৰতি হেক্টৰত ২.৫ লিটাৰ হাৰত প্ৰায় ৫% গছ ওলোৱাৰ সময়তে প্ৰয়োগ কৰিব লাগে। বাকী থকা ইউৰিয়া সাৰভাগ বন-বাত নিৰোৱাৰ পাছত প্ৰয়োগ কৰি গছৰ গুৰিলৈকে ভালদৰে মাটি চপাব লাগে। সঠিক সময়ত গছৰ গুৰিলৈ মাটি চপোৱাৰ কাম কৰিলে আলুখেতিত অপতৃণ নিয়ন্ত্ৰণত সহায় হয়।

শস্য ৰক্ষা: আলুখেতিত পোক-পতংগ আৰু ৰোগ নিবাৰণৰ বাবে যথেষ্ট সতৰ্কতা ল’ব লাগে। অন্যথা শস্যডৰা নষ্ট হ’বলৈ বেছি সময় নালাগে।

অলুখেতিৰ বাবে ৰঙাপৰুৱা বা মাটিত থকা উইজাতীয় পোক প্ৰধান শত্ৰু। এনে পোকৰ পৰা হাত সাৰিবলৈ ‘ফৰেট-১০ জি’ (থিমেট) নামৰ ঔষধ প্ৰতি হেক্টৰত ১৫ কেজি হাৰত প্ৰথমবাৰ মাটি চপাবৰ সময়ত গছৰ গুৰিত প্ৰয়োগ কৰিব লাগে। অৱশ্যে ‘খলিহৈ’ প্ৰয়োগ কৰিও মাটিত থকা বহুত পোক-পতংগ নিয়ন্ত্ৰণ কৰিব পাৰি।

চৰহা পোক বা এফিড আলুখেতিত ভাইৰাছজাতীয় ৰোগ সংক্ৰমণৰ বাহক। সাধাৰণতে অসমৰ জলবায়ুত জানুৱাৰী মাহত আলুখেতিত চৰহা পোকৰ আৱিৰ্ভাৱ হয়। এণ্ডোছালফান, ডাইমিথয়েট, কাৰ্বাৰিল নাইবা মন’ক্ৰট’ফছ প্ৰতিলিটাৰ পানীত ১ মি.লি. হিচাপে মিহলাই স্প্ৰে’ কৰিব লাগে। আলু-পখিলা বা কেৰোণ পোক ভঁৰালত ৰখা আলুৰ বাবে বৰ অনিষ্টকাৰী। আলুত মাটি চপাওঁতে সাৱধান হ’ব লাগে কোনো আলু বাহিৰলৈ ওলাই নাথাকে। পথাৰত পখিলা দেখা পালে মন’ক্ৰট’ফছ বা ডাইমিথ’ৱেট প্ৰতিলিটাৰ পানীত ১ মি.লি. হিচাপে মিহলাই স্প্ৰে’ কৰিব লাগে। আলু-পখিলা বা কেৰোণ পোক ভঁৰালত ৰখা আলুৰ বাবে বৰ অনিষ্টকাৰী। আলুত মাটি চপাওঁতে সাৱধান হ’ব লাগে যাতে কোনো আলু বাহিৰলৈ ওলাই নাথাকে। পথাৰত পখিলা দেখা পালে মন’ক্ৰট’ফছ বা ডাইমিথয়েট ১ মি.লি প্ৰতিলিটাৰ পানীত মিহলাই গছৰ ওপৰত স্প্ৰে’ কৰিব লাগে। আলুখেতিত কেইবা প্ৰকাৰৰো ৰোগ দেখা পোৱা যায়। তথাপি লেট ব্লাইট ৰোগ অসমৰ আলুখেতিৰ প্ৰধান ৰোগ। বায়ুমণ্ডলত জলীয় বাষ্প বেছি হ’লে বা বৰষুণ হোৱাৰ উপক্ৰম হ’লে এই ৰোগৰ বীজাণু বিয়পি পৰে। শীতল বতাহ আৰু সেমেকা জলবায়ু লেট ব্লাইট ৰোগৰ বাবে প্ৰয়োজনীয় উপাদান। লেট ব্লাইট ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ হ’লে ৰোগ দেখা পোৱাৰ আগতে মেনক’জেব ২.৫ গ্ৰাম/১ লিটাৰ পানীত মিহলাই৮ ভালদৰে স্প্ৰে’ কৰিব লাগে। উক্ত হাৰত ১২ দিনৰ অন্তৰত কমেও ৬ টা স্প্ৰে’ কৰিব লাগে। ‘মেটালেক্সিল’ নামৰ ঔষধ প্ৰতিলিটাৰ পানীত ২ গ্ৰাম এই ৰোগ নিবাৰণৰ বাবে অধিক শক্তিশালী আৰু ইয়াৰ পৰা অধিক সুফল পাব পাৰি। মেঘাচ্ছন্ন আকাশ আৰু ডিচেম্বৰ-জানুৱাৰি মাহৰ শীতৰ সময়ত এই ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হয়, গতিকে আগতীয়াকৈ স্প্ৰে’ কৰাটো অতি প্ৰয়োজনীয়।

আলুগছ হঠাতে মৰহি যোৱা ৰোগ বহু সময়ত দেখা যায়। এই ৰোগ (বেক্টেৰিয়েল উইল্ট) নিয়ন্ত্ৰণ কৰিবলৈ যথেষ্ট কঠিন, কাৰণ এই ৰোগৰ বীজাণু মাটিৰ তলত থাকে। তথাপি ৰোগ কমাবৰ বাবে ব্লিছিং পাউডাৰ (প্ৰতি হেক্টৰত ১২ ক্ৰজি) বীজ সিঁচাৰ সময়ত মাটিত প্ৰয়োগ কৰিব লাগে। ধানখেতি কৰা মাটিত সদহাৰণতে এই ৰোগ কম হোৱা দেখা যায়। ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰিলে এই ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ হ’লে দুই-এজোপা গছত এই ৰোগ ধৰা দিলেই হিং আৰু হালধিৰ মিশ্ৰণ (১ গ্ৰাম হিং আৰু ১০ গ্ৰাম হালধিৰ মিশ্ৰণ ১০ লিটাৰ পানীত মিহলাই) মাটি তিতি যোৱাকৈ গছৰ গুৰিত বাকি দিব লাগে।

শস্য চপোৱা: শস্য চপাবৰ সময়ত ল’বলগা সাৱধানতাৰ ভিতৰত আলুৰ বাকলি টান হোৱাৰ নিৰুপণ কৰাটো প্ৰয়োজনীয়। ইয়াৰ বাবে শস্য চপোৱাৰ প্ৰায় ১০ দিনমানৰ আগতে শস্যডৰা কাটি পেলাব লাগে। উপযুক্ত সময়ত আলু খান্দি প্ৰতিটো আলুৰ ওজন অনুপাতে ভাগ কৰিব লাগে। অন্তত: ৭-১০ দিনৰ বাবে উঠাই ৰখা আলুখিনি ভালদৰে ছাঁত শুকুৱাব লাগে। এনে কৰিলে আলুৰ বাকলি টান হয় আৰু বস্তাত ৰাখিবলৈ সুবিধা হয়।

আলুভিত্তিক শস্যক্ৰম -

আধুনিক কৃষি পদ্ধতিত যিকোনো শস্যক্ৰমক অধিক গুৰুত্ব দিয়া হয়। একেডোখৰ মাটিত এটাতকৈ অধিক সশ্য কৰিবৰ যথেষ্ট দৰকাৰ আহি পৰিছে। অসমত আলুখেতিৰ লগত কেইবাবিধো শস্যক্ৰম কৃষকৰ নিজৰ সুবিধা অনুযায়ী গ্ৰহণ কৰিব পাৰে। উদাহৰণস্বৰুপে আলু-গ্ৰীষ্মকালীন মগুমাহ-শালিধান, আলু-আহুধান-শালিধান, আলু-মৰাপাট ইত্যাদি অলপ মজলীয়া ধৰণৰ মাটিত কৰিব পাৰি। অলপ বাম চানেকীয়া মাটিত আলু-ভেণ্ডি-মাটিমাহ, আলু-বাদাম-মগুমাহ, আলু-গ্ৰীষ্মকালীন পাচলি ইত্যাদি শস্যক্ৰমবিলাক লাভজনক। এই শস্যক্ৰমবিলাক মাহজাতীয় শস্য থকাৰ বাবে মাটিৰ উৰ্বৰাশক্তি অটুত থাকে। ইয়াৰ উপৰি আলুৰ মাজত অন্য কিছুমান শস্য, যেনে-আলু+ ঘেঁহু, আলু+গোমধান (ৰবি), আলু+পিঁয়াজ; আলু+গাজৰ ইত্যাদি কৰি অধিক লাভৱান হ’ব পাৰি। মাটিৰ গুণাগুণ আৰু পৰিস্থিতি সাপেক্ষে বিভিন্ন শস্যৰ পৰা বাছনি কৰি উপযুক্ত শস্যক্ৰম লৈ আলুৰ লগত শীতকালীন শাক-পাচলিৰ খেতি কৰি যথেষ্ট আয় বৃদ্ধি কৰিব পাৰি।

আলুখেতিত টি পি এছৰ ব্যৱহাৰ -

আলু এবিধ সপুষ্পক উদ্ভিদ। এক বিশেষ পাৰিপাৰ্শ্বিক পৰিস্থিতিতহে আলুৰ গছত ফুল ফুলে আৰু ফল ধৰে। এই ফলৰ ভিতৰত সৰু সৰু বীজ থাকে। একো একোটা ফলত প্ৰায় ১২০-১৫০ টামান বীজ থাকে। ইয়াকে আলুৰ প্ৰকৃত বীজ (টি পি এছ) বোলা হয়। জাত অনুযায়ী ১ গ্ৰাম বীজত প্ৰায় ১ গ্ৰাম বীজত প্ৰায় ১৪০০-১৫০০ টামান সৰু সৰু বীজ থাকে। আলুৰ প্ৰকৃত বীজ সম্পুৰ্ণ ৰোগমুক্ত আৰু উচ্চ উৎপাদনক্ষম । সাধাৰণততে ইয়াৰ ৰোগ প্ৰতিৰোধ ক্ষমতা থলুৱা বা অন্য উচ্চ উৎপাদনক্ষম জাততকৈ বেছি। বীজৰ আকাৰ সৰু হোৱাৰ বাবে এঠাইৰ পৰা অন্য ঠাইলৈ লৈ যাব পাৰি। যথেষ্ট কম সংখ্যক বীজেৰে অধিক মাটিত আলু খেতি কৰিব পৰা যায়। উদাহৰণস্বৰুপে এবিঘা মাটি ৰুবৰ বাবে পুলি তৈয়াৰ কৰিবলৈ মাত্ৰ ২০ গ্ৰাম প্ৰকৃত বীজৰ প্ৰয়োজন। আনহাতে একেখিনি মাটি ৰুবৰ বাবে সচৰাচৰ আলুৰ বীজ ৩-৩.৫ কুইণ্টল প্ৰয়োজন হয়।

টি পি এছৰ ব্যৱহাৰ প্ৰণালী -

টি পি এছ ব্যৱহাৰ কৰি দুইধৰণৰ পদ্ধতিৰে আলুখেতি কৰিব পাৰি।

১) বীজ সিঁচি কৰা পদ্ধতি (Direct seeding)

২) পুলি ৰুই কৰা পদ্ধতি (Transplanting)

দুয়োটা পদ্ধতিৰে কৰা আলুখেতিত উৎপাদিত আলুৰ পৰা কিছুসংখ্যক সৰু সৰু গুটি আলু পোৱা যায়, যাক ‘টিউবাৰলেট’ (Tuberlet) বোলা হয়। এই টিউবাৰলেটবিলাক পিছৰ বছৰৰ আলুখেতিত কঠীয়া হিচাপে ব্যৱহাৰ কৰি অধিক উৎপাদন পাব পাৰি।

অনুমোদিত জাত: অসমৰ কাৰণে অনুমোদিত টি পি এছৰ জাতকেইবিধ হ’ল- এইচ পি এছ ১/১৩; টি পি এছ চি-৩; এইচ পি এছ ২/১৩; ৯২-পিটি ২৭; এইচ পি এছ ২/৬৭ । এই জাতসমুহৰ শস্যকাল ১২০-১৪০ দিন আৰু প্ৰত্যেকৰে লেট ব্লাইট ৰোগ প্ৰতিৰোধ ক্ষমতা আছে।

১) বীজ সিঁচি কৰা পদ্ধতি: পথাৰডৰা ভালদৰে চহাই সমান কৰি, জাবৰ-জোঁথৰ আঁতৰাই পৰিষ্কাৰ কৰি ল’ব লাগে। শেষৰবাৰ চহাবৰ সময়ত সাধ্যানুসাৰে গোবৰ বা পচনসাৰ প্ৰয়োগ কৰি ওপৰৰ তালিকা নং ৩ ত দিয়া পৰিমাণৰ সাৰ প্ৰয়োগ কৰিব লাগে। আধা মাত্ৰাৰ ইউৰিয়া আৰু সমুদায় একক ছুপাৰ ফছফেট আৰু মিউৰিয়েট অৱ পটাছ সাৰ এই সময়মতে প্ৰয়োগ কৰিব লাগে।

এবিঘা মাটি সিঁচিবৰ বাবে ২০ গ্ৰাম বীজৰ আৱশ্যক হয় আৰু বীজখিনি এদিন পানীত তিয়াই থৈ ছাঁত শুকুৱাব লাগে। বীজ সিঁচাৰ সময়ত মাটিডৰাত যথেষ্ট জীপ থকাৰ দৰকাৰ। পথাৰডৰাত ৩০ চে.মি ব্যৱধানত ২.চে.মি. দ’কৈ সৰু সৰু লোৰ তৈয়াৰ কৰি এই লোৰবিলাকত বীজ সিঁচিব লাগে। প্ৰয়োজন সাপেক্ষে জিঞ্জিৰীৰ দ্বাৰা পাতলীয়াকৈ পানী দিব লাগে। পুলিৰ বয়স বীজ সিঁচাৰ পৰা ৩০-৪০ দিন হ’লে গছৰ গুৰিত মাটি চপাবৰ হয়। এই সময়ত বাকী থকা ইউৰিয়া সাৰভাগ প্ৰয়োগ কৰিব লাগে। প্ৰথমবাৰ মাটি চপোৱাৰ পাছত জলসিঞ্চন কৰা দৰকাৰ। সীৰলু পদ্ধতিৰে পানী দিব পাৰি। শস্যডৰাৰ বয়স ১২০-১৪০ দিন হ’লে চপাবৰ হয়। শস্য চপোৱাৰ ৭-১০ দিনমানৰ আগৰ গছবিলাক গুৰিত কাটি দিব লাগে। এনে কৰিলে মাটিৰ তলত থকা আলুৰ বাকলি পুৰঠ হয় আৰু ভৱিষ্যতৰ সংৰক্ষণত সুবিধা হয়। মাটিভেদে এনে পদ্ধতিৰে কৰা খেতিত শতকৰা ৬০-৭০ ভাগ সৰু সৰু গুটি আলু (Tuberlet) হয়। এইবিলাক গুটি আলু সংগ্ৰহ কৰি ভালদৰে সংৰক্ষণ কৰাৰ পাছত দ্বিতীয় বছৰত কঠীয়া হিচাপে ব্যৱহাৰ কৰি খেতিডৰাৰ পৰা অধিক উৎপাদন লাভ কৰিব পাৰি। বাকী থকা ৩০-৪০% ডাঙৰ আলু বজাৰত বিক্ৰী কৰা নাইবা ঘৰতে খোৱাৰ বাবে ব্যৱহাৰ কৰিব লাগে।

২) পুলি ৰুই কৰা পদ্ধতি: জলসিঞ্চনৰ সুবিধা থকা ঠাইত এই পদ্ধতি উপযোগী। এই পদ্ধতিত প্ৰথমে বীজতলীত পুলি প্ৰস্তুত কৰি মুল পথাৰত পুলি ৰুই খেতি কৰা হয়।

এবিঘা মাটি ৰুবৰ বাবে ৪০ বৰ্গমিটাৰ মাটিকালিৰ একোখন বীজতলীৰ প্ৰয়োজন। এক মিটাৰ বহল আৰু সুবিধা অনুযায়ী দীঘল কিছুমান বীজতলীৰ প্ৰয়োজন হয়। বীজতলীখনৰ উপৰিভাগত শুকান মিহি গোবৰ আৰু বালিচহীয়া মাটি ১:১ অনুপাতত মিহলাই ২ চে.মি.দ’কৈ এটা তৰপ দিব লাগে। বীজতলীখন পৰিশোধন কৰিবলৈ কেপটাফ ঔষধ প্ৰয়োগ কৰি ২৪ ঘণ্টা কলপাত নাইবা কোনো প্লাষ্টিকৰ সহায়ত ঢাকি ৰখা দৰকাৰ। পাছত বীজতলীখনৰ উপৰিভাগ পাতলকৈ চহাই সুৰ্যৰ পোহৰত শুকুৱাব লাগে। বীজতলীখনত প্ৰতিবৰ্গমিটাৰ মাটিকালিৰ হিচাপত ৮-১০ গ্ৰাম ইউৰিয়া, ৪০ গ্ৰাম একক ছুপাৰ ফছফেট আৰু ১০ গ্ৰাম মিউৰিয়েট অৱ পটাছ সাৰ সমভাৱে ছটিয়াই ভালদৰে মিলাই দিব লাগে। অক্টোবৰ মাহৰ ভিতৰতে বীজ সিঁচাৰ উপযুক্ত সময়। এখন ঠাইৰ ৰাতিৰ তাপমান যেতিয়া ১৮-২২° চেণ্টিগ্ৰেড হয়, তেতিয়া টি পি এছৰ অংকুৰণ ভাল হয়। এতেকে সঠিক সময়ত বীজ সিঁচিব লাগে। মিহিকৈ চহ কৰি লোৱা বীজতলীখনত পথালিকৈ ১০ চে.মি. ব্যৱধানত শাৰীবদ্ধভাৱে আগতে তিয়াই লৈ শুকুৱা বীজখিনি সিঁচিব লাগে। শুকান মিহি গোবৰ মিহলি মাটিৰে বীজখিনি সাৱধানে ঢাকিব লাগে আৰু প্ৰয়োজন সাপেক্ষে পাতলিয়াকৈ পানী দি বীজতলীৰ মাটিভাগ জীপাল কৰি ৰাখিব লাগে। বীজতলীখন ধানখেৰেৰে তৈয়াৰী ছালিৰ সহায়ত ছাঁ দি থ’ব লাগে। দুপৰীয়াৰ ৰ’দ আৰু আবতৰীয়া বৰষুণৰ পৰা পুলিবোৰ বচাবলৈ এনে ছাঁৰ প্ৰয়োজন হয়। পুৱা-গধুলি ছালিখন আঁতৰাই ৰাখিলে পুলিবিলাক সবল হয়। পুলিৰ বয়স দুপতীয়া হ’লেই ০.১% ইউৰিয়া (১ গ্ৰাম ইউৰিয়া ১ লিটাৰ পানীত) মিহলাই মিশ্ৰণটো স্প্ৰে’ কৰিব লাগে। এই স্প্ৰে’ এদিন এৰি কৰিব পাৰিলে ভাল। ২৫-৩০ দিনৰ ভিতৰত পুলি ৰুবৰ উপযোগী হয়।

মুল পথাৰডৰা ভালদৰে তৈয়াৰ কৰি ৫০ চে.মি. ব্যৱধানত ভেটি বনাই পুলি ৰোৱাৰ ব্যৱস্থা কৰিব লাগে। পুলি ৰোৱাৰ পাছত পাতলিয়াকৈ জলসিঞ্চন কৰাৰ দৰকাৰ। ৩০-৪০ দিনৰ পাছত প্ৰথমবাৰ মাটি চপাবৰ হয়। সাৰ প্ৰয়োগৰ ক্ষেত্ৰত সাধাৰণতে কৰা আলু খেতিৰ দৰেই ব্যৱস্থা ল’ব লাগে (তালিকা নং ৩)। শস্য ৰক্ষা নাইবা আন কোনো শস্য প্ৰতিপালনৰ ব্যৱস্থা সাধাৰণভাৱে আলুখেতিৰ দৰে কৰা উচিত। জলসিঞ্চন ব্যৱস্থা টি পি এছ ব্যৱহাৰ কৰা খেতিত অতি প্ৰয়োজন। সাধাৰণতে তিনিটা নিৰ্দিষ্ট সময়ত জলসিঞ্চন কৰা দৰকাৰ। জলসিঞ্চনৰ বাবে তালিকা নং ৪ ত দিয়া অৱস্থাকেইটাত পানী দিয়াৰ প্ৰয়োজন। সীৰলু পদ্ধতিৰে জলসিঞ্চন কৰিব লাগে। পুলি ৰুই কৰা পদ্ধতিৰে কৰা আলুখেতিৰ পৰা ডাঙৰ আলু বীজ সিঁচি কৰা পদ্ধতিতকৈ বেছি আহৰণ কৰিব পাৰি। সৰু সৰু গুটি আলু বা টিউবাৰলেটখিনি ভালকৈ সংৰক্ষণ কৰি ভৱিষ্যতৰ কঠীয়া হিচাপে ৰখাৰ প্ৰয়োজন।

টিউবাৰলেট ব্যৱহাৰ কৰা আলুখেতি -

সচৰাচৰ ব্যৱহাৰ কৰা আলুৰ কঠীয়াৰ দৰেই এই সৰু সৰু টিউবাৰলেট আলুখেতিত বীজ হিচাপে ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ কৃষি প্ৰণালীও আমাৰ সচৰাচৰ কৰা আলুখেতিৰ দৰেই। যিহেতু টিউবাৰলেট ব্যৱহাৰ কৰা আলুখেতি যথেষ্ট উৎপাদনক্ষম হয়, সেয়েহে উচিত মাত্ৰাত সাৰ প্ৰয়োগ আৰু প্ৰয়োজন সাপেক্ষে জলসিঞ্চন ব্যৱস্থা অতিশয় প্ৰয়োজনীয়। এবিঘা মাটি ৰুবৰ বাবে ১.৫-২ কুইণ্টল টিউবাৰলেট যথেষ্ট। অক্টোবৰ মাহৰ দ্বিতীয় পষেকৰ পৰা নৱেম্বৰ মাহৰ প্ৰথম পষেক টিউবাৰলেট ব্যৱহাৰ কৰি কৰা আলুখেতিৰ বাবে প্ৰশস্ত। ছেপ্টেম্বৰ মাহৰ শেষৰ পৰা অক্টোবৰ মাহৰ প্ৰথম পষেকৰ ভিতৰত মাটিডৰা ভালদৰে চহাই জাবৰ-জোঁথৰ আঁতৰাই ওপৰত দিয়া পৰিমাণৰ সাৰ (তালিকা নং ৩) প্ৰয়োগ কৰি টিউবাৰলেটখিনি ৰোপণ কৰিব লাগে। ৰোৱাৰ সময়ত দুটা শাৰীৰ মাজৰ ব্যৱধান ৬০ চে.মি. ৰখাৰ প্ৰয়োজন, কাৰণ এই খেতিত গছবিলাক ডাঙৰ আৰু সবল হয়। টিউবাৰলেট ব্যৱহাৰ কৰা খেতিত অনায়াসে ৩০০-৩৫০ কু:/হে: আলু উৎপাদন কৰিব পাৰি। এইদৰে কৰা আলুখেতিত ৭০-৮০% ডাঙৰ আৰু মজলীয়া আকাৰৰ আলু উৎপাদন কৰিব পাৰি আৰু ২০-৩০% সৰু সৰু গুটি আলু (Tuberlet) উৎপাদন হয়। ডাঙৰ আলুখিনি বজাৰত বিক্ৰী বা খাবৰ বাবে উলিয়াই দি সৰু সৰু আলুবিলাক ভালদৰে সংৰক্ষণ কৰিব লাগে। শীতল ভঁৰালৰ বাহিৰেও থলুৱাভাৱে নিৰ্মিত ভঁৰালত এই টিউবাৰলেটবিলাক সংৰক্ষণ কৰিব পৰা যায়। একেখিনি টি পি এছৰ পৰা উৎপাদিত টিউবাৰলেট ৩-৪ বছৰলৈহে ব্যৱহাৰ কৰিব লাগে। ইয়াৰ পাছত খেতি কৰিবলৈ হ’লে আকৌ নতুনকৈ টি পি এছ সংগ্ৰহ কৰি খেতি আৰম্ভ কৰিব লাগে। এনে কৰিলে টি পি এছৰ পৰা উৎপাদিত টিউবাৰলেটবিলকৰ গুণাগুণ ভাল হৈ থাকে। অন্যথা ভাইৰাছজনিত ৰোগৰ সংক্ৰমণৰ বাবে উৎপাদন পিছৰ বছৰত কম হ’বলৈ লয়।

টি পি এছৰ উৎসসমুহ -

বৰ্তমান বজাৰত টি পি এছৰ জাত সহজলভ্য হ’বলৈ লৈছে। তথাপি বিভিন্ন উৎস জনা থাকিলে প্ৰয়োজনৰ সময়ত সঠিক ঠিকনা দিবলৈ সুবিধা হ’ব।

১)Vegetable seed production Officer

Horticulture Research Complex

Directorate of Horiculture

Govt of Tripura,

PO.Nagicherra, Via-Agartala,

West Tripura-799004

২)

Head

Central Potato Research Station

PO.Sahay Nagar

Patna-801506, Bihar.

আলুৰ বীজ সংৰক্ষণ ব্যৱস্থা:

আলুখেতিত বিভিন্ন সমস্যাৰাজিৰ ভিতৰত বীজ সংৰক্ষণ এবিধ প্ৰধান সমস্যা। বৰ্তমান সময়ত ভাৰতবৰ্ষত শীতল ভঁৰালৰ (Cold storage) বীজ ৰাখিব পৰা ক্ষমতা মাত্ৰ ৭ নিযুত টন আৰু ই দেশখনৰ মুঠ উৎপাদনৰ এক তৃতীয়াংশহে মাথোন। এনে এটা পৰিস্থিতিত থলুৱাভাৱে নিৰ্মিত ভঁৰালত বীজ ৰাখিব পৰাটো যথেষ্ট জৰুৰী।

সাধাৰণভাৱে আলুখেতি শীতকাল ( ৰবিশস্য) কৰা হয় আৰু মাৰ্চ মাহৰ ভিতৰত চপোৱা হয়। এই সময়ৰ পৰাই সাধাৰণতে বতৰ ক্ৰমান্বয়ে গৰম আৰু সেমেকা হ’বলৈ ধৰে। শস্য চপোৱাৰ পাছত আলুৰ বীজ অন্তত: দুমাহতকৈ বেছিদিন ৰাখিবলৈ যথেষ্ট টান। কাৰণ উষ্ণতা ব্ৰিদ্ধিৰ লগে লগে আলুৰ পৰা গজালি ওলাবলৈ আৰম্ভ কৰে আৰু ভিতৰত থকা পানীভাগ বাষ্পমোচন হয়। ফলত আলুৰ বাকলি শুকাই আৰু ওজন হ্ৰাস পায়। আলুৰ সংৰক্ষণৰ বাবে ভঁৰালঘৰটোৰ ভিতৰৰ কেনে হোৱা উচিত এই বিষয়ে অলপ আলোচনা কৰা ভাল।

১) উষ্ণতা: আলুৰ বিভিন্ন ব্যৱহাৰৰ বাবে অনুমোদিত উষ্ণতা তলত দিয়াধৰণৰ-

ক) বীজ সংৰক্ষণৰ বাবে ২-৪° চেণ্টিগ্ৰেড

খ)বজাৰত বিক্ৰীৰ বাবে ৪-৫° চেণ্টিগ্ৰেড

গ) ফ্ৰেন্স ফ্ৰাইৰ বাবে ৫-৭° চেণ্টিগ্ৰেড

ঘ) চিপছ তৈয়াৰ কৰিবলৈ ৭-১০° চেণ্টিগ্ৰড

২) জলীয় বাষ্প: ভঁৰালৰ ভিতৰৰ পৰিৱেশ সেমেকা হোৱা দৰকাৰ। ভঁৰালঘৰটোৰ ভিতৰত আপেক্ষিক আৰ্দ্ৰতা ৯৫% বা তাতোকৈ অধিক হোৱা দৰকাৰ। ভিতৰটো সেমেকা থাকিলে আলুৰ পৰা পানী বাহিৰলৈ ওলাই যোৱাটো কম হয়, ফলত ওজন হ্ৰাস নাপায়।

৩) পোহৰ: যদি ভঁৰালৰ ভিতৰত উষ্ণতা ৪° চেণ্টিগ্ৰেডতকৈ বেছি হয়, তেতিয়াহ’লে আলুৰ বীজ আংশিক পোহৰত ৰাখিব লাগে। বজাৰত বিক্ৰীৰ বাবে আলু সংৰক্ষণ কৰিবলৈ আন্ধাৰত ৰখাৰ প্ৰয়োজন। সাধাৰণতে আলুত বেছি সময় পোহৰ পৰি থাকিলে বাকলিৰ ৰং সেউজীয়া হয় আৰু খাবৰ বাবে উপযোগী হৈ নাথাকে।

৪) বায়ু চলাচল: ভঁৰালঘৰটোৰ ভিতৰত অক্সিজেনৰ পৰিমাণ বেছি হোৱাৰ প্ৰয়োজন। সেয়েহে বতাহ চলাচল কৰিব পৰা সুবিধা থাকিলে ভাল, কাৰণ এনেকুৱা পৰিৱেশত বাকলি শুকাই থকাত সহায় হয়। যিহেতু অন্য বীজৰ দৰে আলু এক জীৱিত বস্তু আৰু উশাহ-নিশাহ লওঁতে কাৰ্বন-ডাই-অক্সাইড গেছ এৰি দিয়ে, এই গেছ ভঁৰালঘৰটোত বেছি হ’লে উষ্ণতা বৃদ্ধি পায় আৰু আলু গেলিবলৈ ধৰে। সেইবাবে ভঁৰালটোৰ ভিতৰত বতাহ চলাচল কৰি থাকিলে অক্সিজেনৰ পৰিমাণ বৃদ্ধি পাব আৰু কাৰ্বন-ডাই-অক্সাইড গেছ বাহিৰলৈ নিৰ্গমন হ’ব।

উপৰিউক্ত ব্যৱস্থাসমুহ থলুৱা পদ্ধতিৰ ভঁৰালত তৈয়াৰ কৰি ল’ব নোৱাৰি। আধুনিক ভঁৰালসমুহত এই ব্যৱস্থা থকাৰ বাবে আলু বেছিদিনৰ বাবে সংৰক্ষণ কৰিব পাৰি। ভঁৰালত আলুৰ বীজ বেয়া হোৱাৰ প্ৰধান কাৰণ অসময়ত গজালি ওলোৱা, গেলা-পচা আৰু বীজ শুকাবলৈ লোৱা। আলুৰ গজালি ওলোৱাৰ সময় বীজৰ সুপ্ত হৈ থকা অৱস্থাৰ ওপৰত নিৰ্ভৰশীল। বায়ুমণ্ডলৰ উষ্ণতাই গজালি ওলোৱাত সহায় কৰে। প্ৰকৃত সময়ৰ আগতে গজালি ওলালে বীজৰ গুণাগুণ বেয়া হয়। আলুৰ বীজৰ গজালি ওলোৱা প্ৰতিৰোধ কৰিবলৈ চাৰি প্ৰকাৰৰ ব্যৱস্থা আছে।

১) হিমঘৰ বা শীতল ভঁৰাল (Cold storage): আলুৰ এক বৈশিষ্ট্য হ’ল যে ৪° চেণ্টিগ্ৰেড উষ্ণতাত থাকিলে আলুৰ গজালি নোলায়। গতিকে ভঁৰালঘৰটো যান্ত্ৰিক পদ্ধতিত ৪° চেণ্টিগ্ৰেড উষ্ণতাত ৰাখিবলৈ প্ৰয়োজন হয়। শীতল বতাহ চলাচল কৰাই ঘৰটোৰ ভিতৰখন উপযুক্ত উষ্ণতাত ৰখা হয়।

২) ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ (Chemical application): আলুৰ গজলই নোলাবৰ বাবে কেতবোৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা দেখা যায়। চি আই পি চি নামৰ ঔষধ আলুত ব্যৱহাৰ বা প্ৰয়োগ কৰি গজালি ওলোৱা ৰোধ কৰিব পাৰি। আজিকালি হিমঘৰত ৰখা আলুত এই ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি অলপ বেছি উষ্ণতাত (১০-১২° চেণ্টিগ্ৰেড) সংৰক্ষণ কৰা হয়।

৩) ৰশ্মিৰ বিকিৰণ (Irradiation): যিহেতু আলুৰ বীজ এক জীৱিত অংগ, ইয়াৰ চকু বা যিকোনো অংশত থকা কোষবিলাক পৰমাণু ৰশ্মিৰ বিকিৰণৰ দ্বাৰা মাৰি পেলোৱা হয় আৰু এই চকুবিলাকৰ পৰা গজালি ওলাবলৈ নাপায়। এই পদ্ধতিটোত যথেষ্ট খৰচ হয় আৰু য’তে-ত’তে ইয়াক প্ৰয়োগ কৰিব পৰা নাযায়। পৃথিৱীৰ উন্নত দেশসমুহত এই পদ্ধতিৰ ব্যৱহাৰ আছে।

৪) আংশিক পোহৰৰ ভঁৰাল (Diffused light storage): অতি কম খৰচত আৰু কোনো ৰাসায়নিক দ্ৰব্য বা যান্ত্ৰিক পদ্ধতিৰ ব্যৱহাৰ নকৰাকৈ গজালি প্ৰতিৰোধ কৰিব পৰা ক্ষমতা এই পদ্ধতিত আছে। আলুৰ ভঁৰালত আংশিক পোহৰ থাকিলে গজালি চুটি আৰু শকত হয়। পাছলৈ সেউজীয়া বৰণৰ গজালিৰ পৰা আলুৰ গছ সোনকালে ওলাবলৈ ধৰে আৰু উৎপাদন বৃদ্ধি পায়।

এই পদ্ধতিৰ বাবে ভঁৰালঘৰটোৰ চাল খেৰৰ হোৱা উচিত আৰু ঘৰটো ছাঁ পৰি থকাৰ ঠাই যেনে কোনো ডাঙৰ গছৰ ছাঁ পৰা ঠাইত হোৱা উচিত। খেৰীঘৰৰ উষ্ণতা টিনপাতৰ ঘৰতকৈ কম হয়। ভঁৰালৰ বেৰ বাঁহৰ দ্বাৰা তৈয়াৰী আৰু মজিয়া মাটিৰ পৰা ৩ ফুট উচ্চতাত বাঁহৰ চাং দি তৈয়াৰ কৰি ল’ব লাগে। ঘৰটো এনে এটুকুৰা ঠাইত বনাব লাগে যাতে বাৰিষাৰ বতৰতো পানী জমা হ’ব নোৱাৰে। এনে ভঁৰালঘৰত বাঁহৰ বা কাঠৰ ৰেক বনাই গাধৈ বা ঢাৰিত আলু ৰাখিব পাৰি। সাৱধানতা ল’ব লাগে যাতে প্ৰতিটো আলুত কম পৰিমাণে হ’লেও পোহৰ পৰে। গৱেষণাৰ পৰা দেখা যায়, প্ৰায় ১ বৰ্গমিটাৰ ঠাইত ৭৫ কেজি আলুৰ বীজ এনে ভঁৰালত ৰাখিব পাৰি। বীজ সংৰক্ষণৰ বাবে বাছনি কৰা আলু সম্পুৰ্ণ পৈণত গছৰ পৰা আহৰণ কৰিব লাগে। পথাৰৰ পৰা ভালদৰে ঘা নলগাকৈ অনা আলুৰ বীজ পোনে পোনে ভঁৰাললৈ নিনি দুই-এবাৰ ৰ’দত শুকুৱাই ল’ব লাগে আৰু ঠাণ্ডা ঠাইত ৰাখিব লাগে। ইয়াৰ পৰা ৭-১০ দিনমানৰ পাছত ভঁৰালত ৰাখিব লাগে। ভঁৰালত ৰখা আলুসমুহ মাজে সময়ে পৰীক্ষা কৰিব লাগে আৰু গেলা- পচা দেখিলে আঁতৰাই পেলাব লাগে। ডাঙৰ আকাৰৰ আলুতকৈ সৰু সৰু বীজৰ গেলা-পচা সম্ভাৱনা কম থাকে। ভঁৰালত ৰাখিবলৈ লোৱা আলুৰ বীজ বীজাণুৰ পৰা ৰক্ষা কৰিবলৈ ৩% বৰিক এচিডৰ (৩০ গ্ৰা: বৰিক ১ লিটাৰ পানীত) মিশ্ৰণত ৩০ মিনিট সময় ডুবাই ৰাখি টুকি লৈ আকৌ শোধিত বীজখিনি মেনক’জেবৰ মিশ্ৰণত (০.২৫%), ২.৫ গ্ৰাম ঔষধ ১ লিটাৰ পানীত মিহলাই ২০ মিনিট সময় ডুবাই ৰাখি ভালদৰে ছাঁত শুকুৱাই ল’ব লাগে। এনেদৰে পৰিশোধন কৰা বীজ ছাঁত শুকুৱাবলৈ ২১ দিনমান সময়ৰ প্ৰয়োজন। এতিয়া এই বীজ থলুৱাভাৱে নিৰ্মিত ভঁৰালত সংৰক্ষণ কৰিবলৈ উপযোগী হয়। প্ৰয়োজন সাপেক্ষে ভঁৰালঘৰটোৰ ভিতৰত পোকৰ উপদ্ৰৱৰ পৰা উপশম ঘটাবলৈ মালাথিয়ন ৫% পাউডাৰ (১ গ্ৰাম প্ৰতি ১০০ কেজি বীজত) প্ৰয়োগ কৰিব লাগে। আগষ্ট মাহত এবাৰ বীজখিনি পৰীক্ষা কৰিব লাগে আৰু গজালি ওলোৱা দেখিলে ভাঙি দিব লাগে। দেৰিকৈ গজালি ভাঙিব নালাগে, কাৰণ দেৰি হ’লে অক্টোবৰ মাহত ৰুবলগা বীজখিনি মাটিত দিয়াৰ পাছত দেৰিকৈ অংকুৰণ হয়।

থলুৱাভাৱে নিৰ্মিত ভঁৰালত খোৱাৰ বাবে আলু ৰাখিবলৈ হ’লে কেতিয়াও ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিব নালাগে। কীট-পতংগৰ পৰা ৰক্ষা কৰিবলৈ এনে পৰিস্থিতিত নিমপাত নাইবা ইউকেলিপটাছ গছৰ পাত সংৰক্ষণ কৰা আলুৰ মাজত ৰাখিব লাগে। উপৰিউক্ত নিয়মসমুহ মানি চলিলে থলুৱাভাৱে নিৰ্মিত ভঁৰালত বহুদিনলৈকে আলুৰ বীজ সংৰক্ষণ কৰিব পাৰি। অৱশ্যে এনে ভঁৰালত খোৱাৰ বাবে বা বজাৰত বিক্ৰীৰ বাবে আলু ৰাখিবলৈ অলপ কঠিন হয়, কিয়নো আংশিক পোহৰ পৰিলেও আলুৰ ৰং সেউজীয়া হয়। ‘চ’লানিন’ নামৰ পদাৰ্থ এটা থকাৰ বাবে আলুত সেউজীয়া ৰং হয় আৰু ই খোৱাৰ বাবে অনুপযোগী। কিন্তু বীজত সেউজীয়া ৰং ধৰিলে কোনো বাধা নাই আৰু ইয়াৰ বাবে সংৰক্ষণ কৰাত সুবিধাহে হয়। হিমঘৰৰ অভাৱত এনে পদ্ধতি অৱলম্বন কৰি আলুখেতি কৰা কৃষকসকল উপকৃত হ’ব পাৰে।

আলুৰ ঔদ্যোগিক ব্যৱহাৰ -

আলু সতেজ অৱস্থাত লগে লগে খোৱা খাদ্য হ’লেও বহুত সময়ত ইয়াক খাদ্য উদ্যোগৰ কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা দেখা যায়। ভাৰতবৰ্ষৰ মুঠ আলু উৎপাদনৰ ১-২% আলু উদ্যোগৰ কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ হয়। কিন্তু পৃথিৱীৰ উন্নত দেশসমুহত ৪০-৬০% আলু বিভিন্ন আলুভিত্তিক উদ্যোগত ব্যৱহাৰ হয়। আমাৰ দেশত কেইটামান আলুভিত্তিক উদ্যোগ হ’ল- পেপচিকো ইণ্ডিয়াৰ পেপচি ফুড লিমিটেড, হলদিৰাম, আই টি চি (ITC), বালাজী ৱেফাৰছ (Balaji Wafers) ইত্যাদি। এই উদ্যোগসমুহত উৎপাদিত আলুৰ খাদ্য- সামগ্ৰীসমুহ হ’ল চিপছ, আলুভুজিয়া , আলুষ্টিকছ আদি। মেকড’লালড আৰু উইস্পিজ নামৰ উদ্যোগ। দুটাই ৰাষ্ট্ৰীয় পৰ্যায়ত আলুৰ পৰা তৈয়াৰী খাদ্যৰ বজাৰখন দখল কৰি আছে। এই উদ্যোগসমুহে ব্যৱহাৰ কৰিবলগা আলুত কিছুমান কঠিন নিৰ্দেশাৱলী ধৰি দিয়ে যাতে খাদ্যৰ যিকোনো সামগ্ৰীৰ (যেনে-চিপছ, ভুজিয়া, ফ্ৰেন্স ফ্ৰাই, ইত্যাদি) গুণগত মান উন্নত হয়। কেঁচা সামগ্ৰী হিচাপে আলুৰ দৰকাৰী গুণকেইটা হ’ল- দৈৰ্ঘ্য, ৰং বা বৰণ , চৰ্বী আৰু শুষ্ক পদাৰ্থ (Dry matter) । এই গুণৰাজিয়ে উৎপাদিত সামগ্ৰীৰ গুণাগুণ নিৰ্ণয় কৰে। সেইবাবে উদ্যোগৰ ব্যৱহাৰৰ বাবে আলু উৎপাদন কৰিবলৈ কিছুমান নিয়ম মানি চলিব লাগিব। ইয়াৰ থুলমুল আভাস এটা দাঙি ধৰা হৈছে- উদ্যোগত ব্যৱহাৰ হোৱা জাতসমুহৰ ভিতৰত ভাৰতবৰ্ষত খেতি কৰা জাতসমুহ হ’ল- কুফ্ৰী চিপচোনা-১, কুফ্ৰী চিপচোনা-২, কুফ্ৰী চিপচোনা-৩, আটলাণ্টিক, লেডি ৰ’জেতা আৰু কম পৰিমাণে হ’লেও কুফ্ৰীজ্যোতি। এই জাতসমুহৰ ৰং বা বৰণ বগা আৰু উজ্জ্বল হয়, শুষ্ক পদাৰ্থৰ পৰিমাণ বেছি থাকে (২১-২৩%), চৰ্বী কম থাকে আৰু নিৰ্দিষ্ট আকাৰ থাকে। এইবিলাক গুণৰ বাবে জাতকেইবিধ আলুভিত্তিক উদ্যোগত কেঁচামাল হিচাপে ব্যৱহাৰ হয়। উদাহৰণস্বৰুপে ফেন্স ফ্ৰাই তৈয়াৰ কৰিবলৈ দীঘল, হাঁহকণী আকৃতিৰ আলুৰ প্ৰয়োজন যাৰ গড় দৈৰ্ঘ্য ৫০ মি.মি বা তাতকৈ অধিক। ইয়াৰ বাবে শুষ্ক পদাৰ্থৰ পৰিমাণ ২০-২৬% হ’ব লাগে। শৰ্কৰা বেছি হ’লে আলুৰ পৰা তৈয়াৰী খাদ্য-সামগ্ৰীৰ ৰং গাঢ় বা ৰঙচুৱা হয়। ফলত মান নিম্নগামী হোৱা দেখা যায়। উপৰিউক্ত জাতসমুহ ব্যৱহাৰ কৰিলে উদ্যোগৰ বাবে কেঁচামাল হিচাপে আলুৰ বজাৰ দখল কৰিব পৰা যায়। এখন ঠাইৰ জলবায়ুৰ ওপৰত এই গুণাগুণসমুহ নিৰ্ভৰ কৰা দেখা যায়। কাৰণ উচ্চ উষ্ণতা আৰু দিন চুটি হ’লে শুষ্ক পদাৰ্থৰ পৰিমাণ হ্ৰাস পায়, আকৌ দিন দীঘল হ’লে কেতিয়াবা আলুত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি পায়। এইবিলাক কাৰণত প্ৰকৃত জাত আৰু আলু ৰোৱাৰ সময় নিৰ্ধাৰণ কৰিব লাগে। আমাৰ অসমত উদ্যোগৰ বাবে ব্যৱহাৰ কৰিবলগা আলু দেৰিকৈ ৰুব নালাগে। অক্টোবৰ মাহৰ প্ৰথম পষেকত ৰুব পৰাটো নিতান্ত প্ৰয়োজনীয়। শেহতীয়া হ’লে দিন ক্ৰমান্বয়ে দীঘল হ’ব আৰু আলুত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি হ’ব। উদ্যোগৰ কেঁচামালৰ বাবে তৈয়াৰ কৰিবলগা আলুখেতিডৰাত সাৰ প্ৰয়োগ কৰাত কিছু সাৱধানতাৰ দৰকাৰ। কাৰণ বেছি পৰিমাণৰ নাইট্ৰ’জেন আৰু পটাছযুক্ত সাৰৰ ব্যৱহাৰে আলুৰ শুষ্ক পদাৰ্থৰ পৰিমাণ হ্ৰাস কৰে। সেইবাবে মাটিত থকা মৌলৰ (প্ৰয়োজনীয়) সঠিক পৰিমাণ নিৰ্ধাৰণ কৰিহে সাৰ প্ৰয়োগ কৰিব লাগে। জলসিঞ্চনৰ প্ৰয়োজনীয়তা উদ্যোগৰ কেঁচামালৰ বাবে তৈয়াৰী আলুখেতিত অধিক গুৰুত্বপুৰ্ণ। কাৰণ, আলুৰ আকাৰ (size) খেতিডৰাত কেতিয়া পানী দিয়া হয় তাৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে। সেইবাবে জলসিঞ্চনৰ ‘প্ৰকৃত সময়’ আগতেই নিৰ্ধাৰণ কৰি ল’ব লাগিব। মাটিৰ পানী ধৰি ৰাখিব পৰা গুণাগুণ আৰু মাটিডৰাৰ ভৌতিক গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি জলসিঞ্চনৰ প্ৰকৃত সময় (scheduling) নিৰুপণ কৰা উচিত। উদ্যোগত ব্যৱহাৰ হোৱা আলু চপোৱাৰ আগতে সম্পুৰ্ণ পৈণত হ’বলৈ দিব লাগে। এনে কৰিলে আলুত থকা শুষ্ক পদাৰ্থৰ পৰিমাণ বেছি হয় আৰু শৰ্কৰাৰ পৰিমাণ হ্ৰাস পায়। শস্য চপাওঁতে বাকলিত ঘা লাগিবলৈ দিব নালাগে। শস্য চপোৱাৰ পাছত আলু কেতিয়াও বন্ধ কোঠাত ৰাখিব নালাগে আৰু যিমান পৰা যায় বতাহ চলাচল কৰা ঠাইত ৰাখিব লাগে। অক্সিজেনৰ অভাৱত আলুৰ ভিতৰখনত কেতিয়াবা ক’লা বৰণৰ ফোঁপোলা অংশ দেখা যায়। যিমান পৰা যায় সোনকালে এই আলু বজাৰত এৰি দিব লাগে। দীঘলীয়া সংৰক্ষণ কৰাটো উদ্যোগৰ বাবে ব্যৱহাৰ কৰিবলগা আলুৰ ক্ষেত্ৰত অতি কঠিন। সেইবাবে এই খেতিত উদ্যোগৰ লগত ঠিকাভিত্তিক খেতি (contract farming) কৰি  অধিক লাভৱান হ’ব পাৰি। পেপচিকো ইণ্ডিয়াই পঞ্জাব, হিমাচল প্ৰদেশ, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগত ঠিকা ভিত্তিত খেতি (আলু) কৰি আছে। ইয়াৰ উপৰি মেকড’নালড আৰু মেককেইনে গুজৰাটত , মহিন্দ্ৰ আৰু মহিন্দ্ৰই মহাৰাষ্ট্ৰত, গ’লডেন ফ্ৰাইজে তামিলনাডুত, ডি চি এম শ্ৰীমে হাৰিয়ানা আৰু হিমালয়ান ইণ্টাৰনেচনেল লিমিটেডে হিমাচল প্ৰদেশত ঠিকাভিত্তিক আলুখেতিত অধিক মনোনিৱেশ কৰিছে। এটা কথা ঠিক যে উদ্যোগৰ বাবে কেঁচা সামগ্ৰী হিচাপে তৈয়াৰ কৰিবলগীয়া আলুখেতি ঠিকাভিত্তিক খেতিৰ সহায়ত অধিক লাভৱান হোৱাৰ থল আছে। কাৰণ এই খেতিৰ বাবে যিখিনি নুন্যতম আন্ত:গাঁথনিৰ প্ৰয়োজন সেইখিনি ক্ষুদ্ৰ আৰু মজলীয়া কৃষকৰ হাতত কম। অসমতো উদ্যোগৰ বাবে লাগতিয়াল আলুখেতিৰ প্ৰচুৰ সম্ভাৱনা আছে।

উচ্চ উৎপাদনক্ষম জাতৰ বীজ উৎপাদন ব্যৱস্থা -

পাহাৰীয়া অঞ্চলত, যেনে- হিমাচল প্ৰদেশৰ কুফ্ৰী আৰু ফাগু, মেঘালয়ৰ শ্বিলং, অৰুণাচলৰ টাৱাং, মণিপুৰৰ মাওফাৰ্ম আদিত আলুৰ বীজ উৎপাদনৰ সু-ব্যৱস্থা আছে। কিন্তু আজিকালি ভৈয়ামতো আলুৰ উন্নত বীজ উৎপাদন কৰা হয়। উদাহৰণস্বৰুপে পঞ্জাবৰ জলন্ধৰ, উত্তৰ প্ৰদেশৰ মিৰাট প্ৰধান। ভৈয়ামত ৰোগমুক্ত আলুৰ বীজ উৎপাদনৰ বাবে ‘চিডপ্লট টেকনিক’ ব্যৱহাৰ কৰাৰ অনুমোদন আছে। বীজ উৎপাদনৰ বাবে আগবাঢ়োঁতে সম্পুৰ্ণ ৰোগমুক্ত উন্নত জাতৰ বীজৰ বাবে ‘কেন্দ্ৰীয় আলু গৱেষণা প্ৰতিষ্ঠান’, চিমলাৰ সহায়ৰ আৱশ্যক। কাৰণ আলুৰ বীজ উৎপাদন আঁচনিৰ বাবে প্ৰয়োজনীয় ‘প্ৰজনন বীজ’ (breeder seed) এই প্ৰতিষ্ঠানৰ পৰাহে পোৱা যায়। ‘চিড প্লট টেকনিক’ ৰ দ্বাৰা প্ৰথমতে ‘আধাৰ বীজ’ (Foundation seed) উৎপাদন কৰি পাছৰ বছৰত ‘প্ৰামাণিক বীজ (Certified seed) উৎপাদন আঁচনি হাতত ল’ব লাগে। এইটো শ্ৰেণীৰ বীজ অৰ্হতাসম্পন্ন কৃষকৰ দ্বাৰা কৰাব পাৰি। চিড প্লট টেকনিকৰ বাবে বীজ উৎপাদন কৰিবলৈ লোৱা ঠাইডোখৰত মোৱা পোকৰ উপদ্ৰৱ কম হ’ব লাগে নাইবা অন্তত মোৱা পোক আগমনৰ সঠিক সময় চিহ্নিত কৰা অতি প্ৰয়োজন। কাৰণ বীজৰ বাবে কৰা খেতিত কেতিয়াও মোৱা পোকৰ আক্ৰমণ হ’ব নোৱাৰে। এই মোৱা পোক বিভিন্ন ভাইৰাছজনিত ৰোগৰ বাহক। সেইবাবে মোৱা পোকৰ আগমনৰ আগতে খেতিডৰা চপাব পাৰিলে ভাল নহ’লে উপযুক্ত ঔষধৰ প্ৰয়োগেৰে মোৱা পোক নিয়ন্ত্ৰণ কৰিব লাগে। বীজৰ বাবে কৰা আলুখেতিত কোনো ৰোগৰ আক্ৰমণ হ’বলৈ দিব নোৱাৰি আৰু উপযুক্ত উপায়েৰে ৰোগ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব লাগে। যিকোনো ৰোগ যেতিয়া বীজত আহে দেখা পোৱাৰ লগে লগে গোটেই গছজোপা শিপাৰে সৈতে উঠাই মাটিত দ’গাঁত কৰি পুতি থ’ব লাগে। এনে কৰিলে পাছলৈ ৰোগৰ সংক্ৰমণ হ’ব নোৱাৰে। একেডোখৰ মাটিত কেইবাবছৰো বীজৰ বাবে আলুখেতি কৰিব নালাগে। শস্যাৱৰ্তনৰ (crop rotation) সহায় লৈ মাটিডৰা বীজাণু নাইকিয়া কৰি লোৱাৰ প্ৰয়োজন। ৰাজ্যত আলুৰ বীজৰ চাহিদালৈ চাই বীজ উৎপাদন আঁচনি হাতত লোৱাৰ সময় আহি পৰিছে। ৰোগমুক্ত আলুৰ বীজৰ উৎপাদন প্ৰণালী উপযুক্ত প্ৰশিক্ষণৰ দ্বাৰা আহৰণ কৰি লৈ কৃষকসকল আগবাঢ়িলে উপকৃত হ’ব।

লেখক: ড° মৃণাল শইকীয়া

উৎস: আধুনিক কৃষিকথা (শস্য ব্যৱস্থাপনা)

 

শেহতীয়া উন্নীতকৰণ: : 1/20/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate