অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মছলাজাতীয় শস্যৰ আধুনিক কৃষি পদ্ধতি :

মছলাজাতীয় শস্যৰ আধুনিক কৃষি পদ্ধতিৰ বিষয়ে লিখা হৈছে ।

 

ভাৰতবৰ্ষ মছলা শস্যৰ ভূস্বৰ্গৰূপে খ্যাত। বিভিন্ন জলবায়ুৰে সমৃদ্ধ আমাৰ দেশখনত প্ৰায় সকলোবিধ মছলাৰে খেতি কৰিব পাৰি। ভাৰতত উৎপাদিত মছলাৰ গোন্ধ আৰু তৃপ্তি(Flavour) বিশ্বৰ অন্য ক’তো পোৱা নাযায়। সেয়েহে আন্যঃৰাষ্ট্ৰীয় বজাৰত ভাৰতীয় মছলাৰ সমাদৰ বৰ বেছি। আজিৰ সচেতন সমাজ ব্যৱস্থাত মছলাব সেৱন স্বাস্থ্যৰ কাৰণে যথেষ্ট উপযোগী হিচাপেও পৰিগণিত হৈছে। স্বাস্থ্যৰক্ষাত মছলা সেৱন বাঞ্ছনীয় বুলি বিজ্ঞানীসকলে মতপোষণ কৰিছে। হালধিত থকা এন্টিঅক্সিডেন্ট ‘কুৰকুমিন’, মেদবহুলতা নিৰোধ কৰা ‘পাইপেৰিণ’ আৰু ‘জিঞ্জিবাৰিন’ ক্ৰমে জালুক আৰু আদাৰ পৰা আৰু কলেষ্টৰল নাশ কৰা নহৰু আৰু পিঁয়াজৰ ব্যৱহাৰ বৰ্তমান স্বাস্থ্য সচেতন মহলত যথেষ্ট সমাদৃত।

ভাৰতত উৎপাদিত মছলা আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, শ্ৰীলংকা, জাপান, জাৰ্মানী, চীন, আৰব দেশসমূহ, ছিংগাপুৰ, মালয়েছীয়া, কানাডা, ফ্ৰান্স, ৰাছিয়া আদি দেশলৈ ৰপ্তানি হয়। বিশ্বৰ বজাৰত ভাৰতে এক বুজন অংশৰ মছলা বিক্ৰী কৰে(প্ৰায় ৯৮ শতাংশ)। কিন্তু বৰ্তমান  অন্য কিছুমান নতুন দেশৰ মছলা বজাৰত উপলব্ধ হৈছে, যিয়ে ভাৰতৰ মছলা বাণিজ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে।

অসমৰ মাটি আৰু জলবায়ুও বিভিন্ন মছলা খেতিৰ বাবে অনুকূল। ২০০ চনৰ সমীক্ষা মতে অসমত প্ৰায় ৭৮,৭৪৬ হেক্টৰ মাটিত বিভিন্ন মছলা খেতি কৰি উৎপাদন হয় ১,৮৫,১৬৭ টন। সৰ্বভাৰতীয় মছলা উৎপাদনৰ শতকৰা ৭.৪ ভাগ অসমত হয়। অসমত কৰা মছলাৰ ভিতৰত আদা, হালধি আৰু জালুকেই প্ৰধান। ভাৰতৰ মুঠ আদা উৎপাদনৰ সিংহভাগ(৪৪%) অসমতেই উৎপাদন হয়। বিশেষকৈ কাৰ্বি আংলঙৰ আদা আদি বিশ্ববিখ্যাত।

উৎপাদনৰ ক্ষেত্ৰত আধুনিক কৃষি পদ্ধতি অতি প্ৰয়োজন। উপযুক্ত উৎপাদন প্ৰযুক্তিৰেহে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ উৎপাদন কৰিব পাৰি। সেয়ে তলত অসমত কৰিব পৰা কেইবিধমান মছলাৰ কৃষি প্ৰযুক্তি দিয়া হ’ল-

মছলা শস্যৰ কৃষি প্ৰযুক্তি -

১)মছলা শস্যৰ নাম:

আদা -

সঁচ:

নাদিয়া, মৰাণ, ৰিঅ’-ডি জেনেৰিঅ’, ভোলা, যোৰহাট ইত্যাদি।

ৰোপণৰ সময় আৰু নিয়ম:

ৰোপণৰ সময় মাৰ্চ আৰু এপ্ৰিল মাহ। ওখ ভেটি বনাই ভালদৰে পচনসাৰ দি আদা লগাব লাগিব। শাৰীৰ দূৰত্ব: ২৫ চেন্টিমিটাৰ, পুলিৰ দূৰত্ব: ১৫ চেন্টিমিটাৰ।

বংশ বিস্তাৰ:

আদা ৰাইজম অথবা প্ৰকন্দৰ পৰা কৰা হয়। ৰুবলগীয়া আদাৰ টুকুৰাটোৰ ওজন ৫ গ্ৰাম হ’ব লাগে আৰু প্ৰতি হেক্টৰ মাটিত ১০-১৫ কুইন্টল আদা লাগে।

সাৰ আৰু পানীৰ প্ৰয়োগ:

যথেষ্ট পৰিমাণৰ পচসাৰৰ প্ৰয়োগ(১০ টন/প্ৰতি হেক্টৰ), তদুপৰি প্ৰতি বিঘা মাটিত ৬ কিলোগ্ৰাম ইউৰিয়া, ৩৫ কিলোগ্ৰাম একক ছুপাৰ ফছফেট আৰু ১১ কিলোগ্ৰাম মিউৰিয়েট অৱ পটাছ প্ৰয়োগ কৰা হয়। ইউৰিয়াখিনি দুভাগ কৰি এভাগ ৰোপণৰ সময়ত আৰু আনভাগ দুমাহ পাছত প্ৰয়োগ কৰা হয়। শুকান বতৰত পানীৰ ব্যৱস্থা ১৫ দিনৰ মূৰে মূৰে কৰিব লাগে।

কীট-পতংগ আৰু বেমাৰ নিয়ন্ত্ৰণ:

আদাতপ্ৰধান বেমাৰ হৈছে  প্ৰকন্দ পচি যোৱা বেমাৰ। ০.৩% মেনক’জেৱ(২ গ্ৰাম প্ৰতিলিটাৰ পানীত) ৰোপণৰ আগতে প্ৰয়োগ কৰিলে নিয়ন্ত্ৰণ হয়। আজিকালি ‘জৈৱিক নিয়ন্ত্ৰণ পদ্ধতি’ও ওলাইছে। যেনে- Biofor-pf, জৈৱিকৰণ আদি মাটিও দিলে বেমাৰটো কম হয়। তদুপৰি মাটিডৰাৰ জেকা ভাব একেবাৰে থাকিব নালাগে।

ব্যৱহাৰ:

দৈনিক বিভিন্ন আহাৰত আদা ব্যৱহাৰৰ উপৰি হজমী দৰব, বিয়েৰ আদি বিভিন্ন প্ৰকৰণত ব্যৱহাৰ হয়।

২)মছলা শস্যৰ নাম-

হালধি -

সঁচ:

টলক্ল’ন, লাকাডঙ, মেঘাটাৰমাৰিক-১ ইত্যাদি।

ৰোপণৰ সময় আৰু নিয়ম:

ৰোপণৰ সময় এপ্ৰিল মাহ। মাটিখিনি ভালদৰে চহাই ৪৫ চেন্টিমিটাৰ দূৰত্বত প্ৰকন্দখিনি লগাব লাগিব।

বংশ বিস্তাৰ:

প্ৰকন্দৰ টুকুৰাৰ পৰা হালধিৰ বংশ বিস্তাৰ কৰা হয়। প্ৰতি হেক্টৰ মাটিত ২৫ কুইন্টল হালধি ৰোপণৰ বাবে লাগে।

সাৰ আৰু পানীৰ প্ৰয়োগ:

যথেষ্ট পৰিমাণৰ পচনসাৰ(২০ টন প্ৰতি হেক্টৰ) আৰু ৯ কিলোগ্ৰাম ইউৰিয়া, ৪২ কিলোগ্ৰাম একক ছুপাৰ ফছফেট আৰু ১৩ কিলোগ্ৰাম মিউৰিয়েট অৱ পটাছ প্ৰতি বিঘাত দিয়া হয়।

কীট-পতংগ আৰু বেমাৰ নিয়ন্ত্ৰণ:

পাতত ক’লা দাগ পৰা আৰু প্ৰকন্দ পচি যোৱা বেমাৰেই মুখ্য। আদাৰ দৰে মেনক’জেৱ ব্যৱহাৰ আৰু জৈৱিক পদ্ধতি প্ৰয়োগ কৰিলে ভাল ফল পোৱা যায়।

ব্যৱহাৰ:

প্ৰতি বিঘা মাটিত ৪০ৰ পৰা ৪৭ কুইন্টল হালধি পোৱা যায়। ভাৰতীয় আহাৰত বহুল ব্যৱহাৰৰ লগতে বহু ঔষধ আৰু প্ৰসাধন সামগ্ৰীত হালধি ব্যৱহাৰ হয়।

৩)মছলা শস্যৰ নাম:

জালুক -

সঁচ:

পানিউৰ-১, ২,৩, কাৰিমুণ্ডা, কাল্লুভাল্লি ইত্যাদি।

বংশ বিস্তাৰ:

অংগজ প্ৰজননৰ দ্বাৰা বংশ বিস্তাৰ কৰা হয়। তিনিটা গাঁঠিৰে সৈতে লতাৰ অংশ বা আজিকালি মুকুল সহিত এটি পাত থকা অংশ এটাৰ পৰাই বংশ বিস্তাৰ কৰা হয়।

ৰোপণৰ সময় আৰু নিয়ম:

মে’ বা জুন মাহত জালুক লগোৱা হয়। জালুক বগাবলৈ অৱলম্বন লগা হেতুকে অসমৰ বাৰীবোৰত তামোল, নাৰিকল আদিত জালুক বগাবলৈ দিব পাৰি।

সাৰ আৰু পানীৰ প্ৰয়োগ:

জালুকক যথেষ্ট পৰিমাণৰ পচনসাৰ লাগে। প্ৰতিজোপা লাগনী গছত ৯ কিলোগ্ৰাম পচনসাৰ, ২২৫ গ্ৰাম ইউৰিয়া, ১ কিলোগ্ৰাম একক ছুপাৰ ফছফেট আৰু ১০০ গ্ৰাম মিউৰিয়েট অৱ পটাছ দিয়া হয়। তদুপৰি ৫০০-১০০০ গ্ৰাম চূণ প্ৰতিবছৰে প্ৰতিজোপা গছত দিব লাগে।

প্ৰথম বছৰীয়া পুলিত সাৰৰ অথবা অংশ দিব লাগে। দুবছৰীয়া পুলিটোত আধা, তিনি বছৰীয়া পুলিটোত ৩/৪ অংশ, চতুৰ্থ বছৰৰ পৰা পূৰা মাত্ৰাত সাৰ প্ৰয়োগ কৰা হয়।

খৰালি সময়ত পানীৰ যথেষ্ট প্ৰয়োজন। সেয়ে মালচিং আৰু অধিক পচনসাৰ দিব লাগে। কলগছ কাটি দিলে ভাল ফল পোৱা যায়। অন্যথা জলসিঞ্চন আৱশ্যাম্ভাবী।

কীট-পতংগ আৰু বেমাৰ নিয়ন্ত্ৰণ:

জালুকত বিভিন্ন বেমাৰ হ’ব পাৰে। বিশেষকৈ ব্লাইট আৰু শিপা পচি যোৱা বেমাৰ আদিয়েই প্ৰধান। মাটিডৰাত পানী জমা নোহোৱাকৈ ৰখা আৰু ঔষধ(কাৰাথেন, ফাইটলান, বেভিষ্টিন আদি) প্ৰয়োগ কৰিলে বেমাৰ প্ৰতিৰোধ কৰি পাৰি। জালুকৰ কাৰণে বৰড’ মিশ্ৰণ বৰ উপকাৰী।

ব্যৱহাৰ:

জালুক বিভিন্ন ৰূপত ব্যৱহাৰ কৰা হয়। বগা জালুক, ক’লা জালুক ইত্যাদি। আজিকালি জালুকৰ গুটি সততে ব্যৱহাৰ হয়। ১০০ কিলোগ্ৰাম কেঁচা জালুকৰ পৰা ২৬-৪০ কিলোগ্ৰাম শুকান জালুক পোৱা যায়। প্ৰতি বিঘা মাটিত প্ৰায় ৩০ কিলোগ্ৰাম শুকান জালুক উৎপাদন হয়।

৪)মছলা শস্যৰ নাম:

ধনীয়া -

সঁচ:

ইউ পি ২১, গাউই(GAUI), চি এছ আই, চিম্প’(CIMPO) ৩৩, ইউ পি ৪১, উন্নত মানৰ থলুৱা সঁচ।

বংশ বিস্তাৰ:

গুটিৰ পৰা বংশ বিস্তাৰ হয়। গুটিখিনি প্ৰথমে পানীত ১২-২৪ ঘন্টা তিয়াই অলপ ছাঁত শুকুৱাই গুটিখিনি কেপটান(২ গ্ৰাম/কিলোগ্ৰা) ঔষধেৰে শোধন কৰি ল’ব লাগে।

ৰোপণৰ সময় আৰু নিয়ম:

প্ৰতি বিঘা মাটিত ধনীয়া সিঁচিবলৈ ১ কিলোগ্ৰামৰ পৰা ১.৫ কিলোগ্ৰামৰ গুটি লাগে। গুটি মাটিত পেলোৱাৰ সময় অক্টোবৰ-নৱেম্বৰ মাহ। গুটি ৩০ চেন্টিমিটাৰ শাৰীৰ ব্যৱধানত সিঁচিব লাগে। পাছত পুলিৰ মাজৰ দূৰত্ব ২০ চেন্টিমিটাৰ কৰি দিয়া হয়।

সাৰ আৰু পানীৰ প্ৰয়োগ:

প্ৰতি বিঘা মাটিত ১.৫ টনৰ পৰা ২ টন পচনসাৰ/গোবৰ দিব লাগে। তদুপৰি প্ৰতি বিঘা মাটিত ৰাসায়নিক সাৰ দিয়াৰ মাত্ৰা হ’ল- ইউৰিয়া ৫ কিলোগ্ৰাম, একক ছুপাৰ ফছফেট ২৫ কিলোগ্ৰাম, মিউৰিয়েট অৱ পটাছ ৪ কিলোগ্ৰাম, প্ৰথম জলসিঞ্চন গুটি সিঁচাৰ ৩০ দিনমানৰ পাছত দিব লাগে। ফুল ফুলাৰ সময়তো জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে।

কীট-পতংগ আৰু বেমাৰ নিয়ন্ত্ৰণ:

পাউডাৰী মিলডিউ আৰু লেৰেলি যোৱা বেমাৰ হয়। ছালফাৰযুক্ত ঔষধ(২ কিলোগ্ৰাম প্ৰতি হেক্টৰ) আৰু গুটি পৰিশোধন কৰি এই বেমাৰবোৰ নিয়ন্ত্ৰণ কৰিব পাৰি।

ব্যৱহাৰ:

ধনীয়াৰ সকলো অংশই ব্যৱহাৰ হয় আহাৰৰ তৃপ্তি বঢ়াবলৈ আৰু ধনীয়া গুটি বিভিন্ন বেমাৰৰো ঔষধ। ইয়াৰ পৰা তেল উলিয়াই বিভিন্ন প্ৰসাধন সামগ্ৰী উদ্যোগত ব্যৱহাৰ হয়।

৫)মছলা শস্যৰ নাম:

মেঠি -

সঁচ:

মেঠি নং ৪৭, পুছা আৰ্লি বাঞ্চিং, কাচুৰি ইত্যাদি।

বংশ বিস্তাৰ:

গুটিৰ পৰা হয়। সিঁচাৰ আগতে গুটিখিনি কেপটাফ ঔষধেৰে(২ গ্ৰাম/কিলোগ্ৰাম গুটি) শোধন কৰি ল’ব লাগে।

ৰোপণৰ সময় আৰু নিয়ম:

প্ৰতি বিঘা মাটিত মেঠি খেতি কৰিবলৈ ২.৫কিলোগ্ৰামৰ পৰা ৩.৫ কিলোগ্ৰাম গুটি লাগে। গুটি সিঁচাৰ সময় অক্টোবৰ-নৱেম্বৰ। শাৰীত পুলিবোৰৰ দূৰত্ব ১০ চেন্টিমিটাৰমানত ৰখা হয়।

সাৰ আৰু পানীৰ প্ৰয়োগ:

যথেষ্ট পৰিমাণৰ পচনসাৰৰ লগতে প্ৰতি বিঘা মাটিত ৭ কিলোগ্ৰাম ইউৰিয়া, ২১ কিলোগ্ৰাম একক ছুপাৰ ফছফেট আৰু ৭ কিলোগ্ৰাম মিউৰিয়েট অৱ পটাছ দিয়া হয়।

গুটি সিঁচাৰ ঠিক পাছতেই পানী দিয়া প্ৰয়োজন। ইয়াৰ পাছত প্ৰয়োজনমতে পানী দিব লাগে।

কীট-পতংগ আৰু বেমাৰ নিয়ন্ত্ৰণ:

মেঠিৰ কোনো অনিষ্ট কৰিব পৰা বেমাৰ নাই। প্ৰতি বিঘা মাটিত ৯ কুইন্টলৰ পৰা ১৪ কুইন্টল পাত আৰু ০.৮ কুইন্টলৰ পৰা ২ কুইন্টল গুটি উৎপাদন পাব পাৰি।

ব্যৱহাৰ:

মেঠি আহাৰৰ তৃপ্তি বঢ়াবলৈ ব্যৱহাৰ কৰাৰ লগতে বহু বেমাৰৰ ঔষধ হিচাপেও ব্যৱহাৰ হয়। ডিচেন্ট্ৰি, ডায়েৰীয়া, ড্ৰপছি আদি বেমাৰত লাগে।

৬)মছলা শস্যৰ নাম:

জলকীয়া -

সঁচ:

পুচা জ্বালা, এন পি ৪৬, সূৰ্যমূখী, কৃষ্ণ, বালিজাৰী ইত্যাদি।

বংশ বিস্তাৰ:

গুটিৰ পৰা কৰা হয়। প্ৰতি বিঘা মাটিত ৮০ৰ পৰা ৯৫ গ্ৰাম গুটি লাগে।

ৰোপণৰ সময় আৰু নিয়ম:

গুটি সিঁচাৰ সময় ডিচেম্বৰ-জানুৱাৰী। গুটিখিনি ভেটি বনাই শাৰী শাৰীকৈ সিঁচিব লাগে। দুটা পদ্ধতিৰে জলকীয়া খেতি কৰা হয়-

১)গুটি সিঁচি আৰু

২)পুলি ৰোপণ।

সাৰ আৰু পানীৰ প্ৰয়োগ:

প্ৰতি বিঘা মাটিত প্ৰায় ১৩ কুইন্টল পচনসাৰ বা গোবৰ, ৩০ কিলোগ্ৰাম ইউৰিয়া, ৫০ কিলোগ্ৰাম একক ছুপাৰ ফছফেট আৰু ১৩ কিলোগ্ৰাম মিউৰিয়েট অৱ পটাছ দিব লাগে। আধা ইউৰিয়া আৰু পূৰা ছুপাৰ আৰু পটাছ মাটি তৈয়াৰ কৰোঁতে আৰু আধা ইউৰিয়া ৰোৱাৰ ৩০-৩৫ দিনৰ পাছত প্ৰয়োগ কৰিব লাগে।

কীট-পতংগ আৰু বেমাৰ নিয়ন্ত্ৰণ:

জলকীয়াৰ ফল পচি যোৱা আৰু লেৰেলি যোৱা বেমাৰেই প্ৰধান। বীজ শোধন আৰু কেপটান(২ গ্ৰাঃ/লিঃ) প্ৰয়োগ কৰি বেমাৰ নিয়ন্ত্ৰণ কৰিব পৰা যায়।

ব্যৱহাৰ:

জলকীয়াৰ বহুল ব্যৱহাৰ হয়। খাদ্যৰ লগতে ৰং আদি উলিয়াবলৈ জলকীয়া ব্যৱহাৰ হয়। জলকীয়াৰ গুৰি ক্বহু ঔষধতো ব্যৱহাৰ হয়।

উপসংহাৰ -

অতীজৰে পৰা ভাৰতবৰ্ষত মছলা শস্য উৎপাদন কৰি অহাৰ লগতে, গোটেই বিশ্বৰ ভিতৰতে ভাৰত প্ৰধানতঃ মছলা ব্যৱহাৰ কৰা দেশ। ভাৰতবৰ্ষ মুখ্য ৰপ্তানিকাৰী দেশ হিচাপেও চিৰপৰিচিত। মুঠ মছলা উৎপাদন ৯.৯ মিলিয়ন টনেৰে ভাৰতে বিশ্বৰ প্ৰথম স্থান দখল কৰিছে, ইয়াৰ বৰ্তমান বজাৰ মূল্য ২০ বিলিয়ন ডলাৰ। বিশ্বৰ এক তৃতীয়াংশ মছলা ভাৰততে উৎপাদন হয়। টকাৰ হিচাপত ভাৰতৰ পৰা মছলা ৰপ্তানি ১৯৯০-৯১ চনত ১৩৩ মিলিয়ন ডলাৰৰ পৰা ১৯৯৯-২০০০ চনৰ বৃদ্ধি হৈ ৪৩০.২ মিলিয়ন ডলাৰ হৈছেগৈ। এই বৃদ্ধিৰ হাৰ গড়ে বছৰি ২৫ শতাংশ। কৃষি সামগ্ৰী ৰপ্তানি কৰি ভাৰতে পোৱা মুঠ আয়ৰ ১৯.৩৭ শতাংশ অকলে মছলা শস্যই যোগান ধৰে। টকাৰ মূল্যত ই ৭২৭০.২ কোটি টকা(১৯৯৭-৯৮)।

যি নহওক, বৰ্তমান মছলা শস্য উৎপাদনত ভাৰত যথেষ্ট প্ৰতিযোগিতাৰ সন্মুখীন হৈছে। বৰ্তমান মছলা ৰপ্তানি কমি গৈছে। উৎপাদন হিচাপত প্ৰায় ৩ শতাংশ আৰু টকাৰ হিচাপত ২০০০-২০০১ চনৰ ২০ শতাংশকৈ হ্ৰাস পাব ধৰিছে। ২০০১-২০০২ চনতো এনেধৰণৰ বজাৰ প্ৰতিযোগিতাৰ সন্মুখীন হ’বলগীয়া হৈছিল আৰু এনে প্ৰত্যাহ্বান এতিয়াও চলি আছে।

ভাৰতীয় দুৰ্বল বজাৰ ব্যৱস্থা, সময়োচিত নিৰ্দিষ্ট মূল্য নিৰ্ধাৰণ আৰু লেহেম ধ্যান-ধাৰণাই এই অৱস্থাৰ মূল কাৰণ। অসমতো একেধৰণৰ সমস্যা দেখিবলৈ পোৱা যায়। অসমৰ আদা, হালধি আৰু জালুকৰ উৎপাদন যথেষ্ট ভাল, কিন্তু বজাৰৰ পৰিকাঠামো এতিয়াও সন্তোষজনক নহয়। ইয়াৰ পৰা অব্যাহতি পাবলৈ সজাগতা আৰু জৈৱিক মছলা উৎপাদনত জোৰ দিব লাগিব। অসমত মছলা উৎপাদনৰ ভৱিষ্যৎ অতি উজ্জ্বল।

লেখক: ড° বিজিত কুমাৰ সাউদ, ভাস্কৰজ্যোতি শৰ্মা

উৎস: আধুনিক কৃষিকথা(শস্য ব্যৱস্থাপনা)

2.925
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top