অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মাহজাতীয় শস্যৰ উন্নত কৃষি ব্যৱস্থা :

মাহজাতীয় শস্যৰ উন্নত কৃষি ব্যৱস্থাৰ বিষয়ে লিখা হৈছে ।

 

ভাৰতবৰ্ষৰ জনসাধাৰণৰ খাদ্য তালিকাত মাহজাতীয় শস্যই এক গুৰুত্বপুৰ্ণ স্থান দখল কৰি আছে। দেশৰ জনসংখ্যাৰ এক বৃহৎ অংশই নিৰামিষভোজী হোৱাৰ ফলত দেহৰ গঠন আৰু বৃদ্ধিৰ বাবে প্ৰয়োজন হোৱা প্ৰ’টিন জাতীয় খাদ্যৰ বেছি অংশ মাহজাতীয় শস্যৰ দ্বাৰা পুৰণ কৰা হয়। মানুহৰ খাদ্য তালিকাত স্থান লাভ কৰা বিভিন্ন খাদ্য-শস্যৰ ভিতৰত মাহজাতীয় শস্যতেই সৰ্বাধিক প্ৰ’টিন পোৱা যায়। এই প্ৰ’টিনৰ পৰিমাণ শতকৰা হাৰত বুটমাহত ২১ ভাগ, ৰহৰমাহত ২২ ভাগ, মাটিমাহত ২৪ ভাগ, মচুৰমাহত ২৫ ভাগ আৰু মগুমাহত ২৪ ভাগ। তদুপৰি ধান, ঘেঁহু ,গোমধান আদি শস্যত নথকা দেহৰ বাবে প্ৰয়োজনীয় ‘এমাইন’ এছিড মাহজাতীয় শস্যত থকাৰ বাবে দুয়োধৰণৰ খাদ্যশস্য একেলগে গ্ৰহণ কৰিলে খাদ্যৰ গুণগত মান যথেষ্ট উন্নত হয়। মাহজাতীয় শস্য ‘ক’ আৰু ‘খ’ ভিটামিনৰ উৎস হোৱাৰ লগতে গজালি ওলোৱা অৱস্থাত ‘গ’ ভিটামিনো প্ৰচুৰ পৰিমাণে পোৱা যায়।

মাহজাতীয় শস্যই মাটিৰ উৰ্বৰতা বৃদ্ধিত এক গুৰুত্বপুৰ্ণ ভুমিকা গ্ৰহণ কৰে। এই শস্যই ‘ৰাইজ’বিয়াম’ নামৰ এবিধ বেক্টেৰিয়াৰ সহায়ত শিপাৰ টেমুনাত ‘নাইট্ৰ’জেন’ মৌল সঞ্চয় কৰি ৰাখে আৰু পাছত জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা এই মৌলবিধ মাটিৰ লগত মিহলি হৈ মাটিৰ উৰ্বৰতা বৃদ্ধিত সহায় কৰে। বহুক্ষেত্ৰত মাহজাতীয় শস্যক ‘সেউজ সাৰ’ হিচাপে ব্যৱহাৰ কৰিও মাটিত জৈৱিক পদাৰ্থ আৰু নাইট্ৰ’জেনৰ পৰিমাণ বৃদ্ধি কৰিব পাৰি।

মাহজাতীয় শস্যই ভুমি সংৰক্ষণ আৰু মাটিৰ আৰ্দ্ৰতা ৰক্ষা কৰাত গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰে। এই শস্যৰ শিপাই মাটিৰ কণিকাবোৰ টানকৈ ধৰি ৰাখি ক্ষয় প্ৰতিৰোধ কৰাৰ লগতে মাটিৰ উপৰিভাগ গছৰ ডাল-পাত আদিয়ে আৱৰি ৰাখি মাটিডৰাক বৰষুণৰ আঘাতৰ পৰা ৰক্ষা কৰি ভুমিক্ষয় হ্ৰাস কৰে। শস্যৰ গা-গছে মাটিৰ ওপৰেৰে বৈ যোৱা পানীভাগৰ গতিবেগ হ্ৰাস কৰি মাটিৰ তললৈ নিজৰি যোৱাত সহায় কৰি মাটিৰ আৰ্দ্ৰতা বৃদ্ধি কৰে।

গৰু-ছাগলীৰ খাদ্য হিচাপে মাহজাতীয় শস্যৰ সেউজীয়া গা-গছ, ডাল-পাত অদি ব্যৱহাৰ কৰাৰ উপৰি এইবোৰ শুকাই ৰাখিও গৰু-ম’হক খাদ্য হিচাপে যোগান ধৰিব পাৰি। তদুপৰি মাহজাতীয় শস্যৰ গুটি, গুটিৰ গুড়ি আদি গৰু-ম’হৰ বাবে এক উৎকৃষ্ট মানৰ খাদ্য হিচাপে যোগান ধৰিব পৰা যায়।

মানুহৰ দৈনন্দিন জীৱনত মাহজাতীয় শস্যৰ যথেষ্ট গুৰুত্ব থকা সত্বেও চাহিদা অনুযায়ী উৎপাদন নোহোৱাৰ ফলত এইবোৰ শস্য অননুমোদিত পৰিমাণত গ্ৰহণ কৰিব পৰা নাই। আমাৰ ৰাজ্যত এই শস্যৰ উৎপাদন বৃদ্ধি কৰিবলৈ হ’লে প্ৰচলিত শস্যক্ৰমত এইবোৰ শস্যক অন্তৰ্ভুক্ত কৰাৰ লগতে প্ৰধান অন্তৰায়সমুহ ফঁহিয়াই চাই সেইমতে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কৃষি সম্প্ৰসাৰণ ব্যৱস্থাটো অধিক শক্তিশালী কৰি বিভিন্ন প্ৰকাৰৰ উন্নত জাত, কৃষি প্ৰযুক্তি কৌশল আদি কৃষকৰ পথাৰত জনপ্ৰিয় কৰাৰ বাবে যত্ন কৰাৰ প্ৰয়োজন আছে। শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে পানী অপৰিহাৰ্য। ইয়াৰ নাটনি বা আধিক্য এই দুয়োটাই শস্যৰ উৎপাদন হ্ৰাস কৰিব পাৰে। সেয়েহে পৰিস্থিতি সাপেক্ষে ব্যৱস্থা গ্ৰহণ কৰা অতিকৈ প্ৰয়োজনীয়। উন্নত জাতৰ বাবে আগতীয়াকৈ অসম কৃষি বিশ্ববিদ্যালয় আৰু ইয়াৰ বিভিন্ন গৱেষণা আৰু সম্প্ৰসাৰণ প্ৰতিষ্ঠানৰ লগত যোগাযোগ কৰাৰ লগতে অন্যান্য নিৰ্ভৰযোগ্য কৃষি প্ৰতিষ্ঠানৰ পৰা বীজ সংগ্ৰহ কৰি লোৱা দৰকাৰ। একেধৰণে শস্যক প্ৰয়োজনীয় পোষক দ্ৰব্যসমুহ যোগান ধৰিবৰ বাবে জৈৱিক সাৰৰ লগতে ৰাসায়নিক আৰু জীৱাণু সাৰৰ ব্যৱহাৰ বৰ্তমান সময়ত অপৰিহাৰ্য হৈ পৰিছে। এইক্ষেত্ৰত মাটি পৰীক্ষাৰ যোগেদি মাটিৰ গুণাগুণ নিৰুপণ কৰি সেইমতে ব্যৱস্থা গ্ৰহণ কৰিলে অধিক সুফল পোৱা যাব। অনিষ্টকাৰী পোক-পৰুৱাৰ লগতে বেমাৰ-আজাৰৰ দ্বাৰাও শস্যৰ উৎপাদন যথেষ্ট হ্ৰাস পোৱা দেখা যায়। সু-সংহত শস্যৰক্ষা ব্যৱস্থাৰ যোগেদি এইবোৰৰ নিৰাময় ব্যৱস্থা গ্ৰহণ কৰাৰো প্ৰয়োজন আছে। গতিকে মাহজাতীয় শস্যৰ উৎপাদন বৃদ্ধি কৰিবলৈ কৃষকসকলে এই খেতি যথেষ্ট গুৰুত্বসহকাৰে লৈ খেতি কৰা মাটিৰ পৰিমাণ বৃদ্ধি কৰাৰ লগতে উন্নত কৃষি প্ৰযুক্তি কৌশলসমুহ খেতিপথাৰত প্ৰয়োগ কৰিবলৈ যত্ন কৰিব লাগিব।

মগুমাহ আৰু মাটিমাহৰ উন্নত কৃষি পদ্ধতি -

অসমত কৰিব পৰা বিভিন্ন মাহজাতীয় শস্যৰ ভিতৰত মগুমাহ আৰু মাটিমাহ উল্লেখযোগ্য। এই দুয়োবিধ শস্যই জনসাধাৰণৰ দৈনন্দিন খাদ্য তালিকাত দাইলজাতীয় শস্য হিচাপে এক গুৰুত্বপুৰ্ণ স্থান দখল কৰি আহিছে।

জাত নিৰ্বাচন:

আমাৰ ৰাজ্যত মগুমাহ আৰু মটিমাহৰ উৎপাদন আশানুৰুপ নোহোৱাৰ বিভিন্ন কাৰকসমুহৰ ভিতৰত কম উৎপাদনক্ষম জাতৰ ব্যৱহাৰ গুৰুত্বপুৰ্ণ। অসমৰ মাটি আৰু জলবায়ুৰ লগত খাপ খোৱাকৈ বিভিন্ন মানৰ জাত অনুমোদন কৰা হৈছে। এইবোৰ জাত কৃষকসকলে গ্ৰহণ কৰি উন্নত কৃষি কৌশল প্ৰয়োগ কৰিলেহে অধিক লাভৱান হ’ব পাৰিব।

মগুমাহৰ উন্নত জাতসমুহৰ ভিতৰত টি-৪৪, ক’পাৰগাওঁ, কে-৮৫১, এম এল ৫৬, প্ৰতাপ আদি উল্লেখযোগ্য। বৰ্ষাকালীন শস্য হিচাপে এই জাতসমুহৰ মুঠ কৃষিকাল প্ৰায় ৬০-৭০ দিন। আনহাতে গ্ৰীষ্মকালীন শস্য হিচাপে ৬৫ ৰ পৰা ৭০ দিনৰ ভিতৰতে প্ৰথমবাৰ ছেঁই ছিঙা আৰম্ভ কৰি ৭০-৮০ দিনৰ ভিতৰত সম্পুৰ্ণৰুপে চপাব পাৰি।

মাটিমাহৰ অনুমোদিত জাতসমুহৰ ভিতৰত বৰ্ষাকালীন শস্য হিচাপে টি ৯, টি ২৭, পণ্ট ইউ ১৯, টি ১২২ আৰু শাওণীয়া মাহ আদি জাত প্ৰায় ৮০-৯০ দিনৰ ভিতৰত চপাব পাৰি। গ্ৰীষ্মকালীন শস্য হিচাপে টি ৯, পণ্ট ইউ ১৯, ইউ জি ১৫৭, জে ইউ ৭৮ আদি জাতৰ খেতি ৬৫-৭০ দিনৰ পৰা চপাব আৰম্ভ কৰি ৭৫-৮৫ দিনৰ ভিতৰত সম্পুৰ্ণকৈ ছিঙিব পাৰি।

প্ৰয়োজনীয় বতৰ আৰু ভুমি -

বতৰ আৰু ভুমিৰ অৱস্থাই শস্যৰ উৎপাদনত যথেষ্ট প্ৰভাৱ পেলায়। সাধাৰণতে মগুমাহ আৰু মাটিমাহৰ খেতিৰ বাবে উষ্ণ আৰু কম সেমেকা জলবায়ুৰ দৰকাৰ। পথাৰত পানী জমা হোৱা অৱস্থাটো শস্যৰ বাবে অত্যন্ত ক্ষতিকাৰক। গতিকে মধ্যমীয়া বৰষুণ হোৱা অঞ্চল এই খেতিৰ বাবে উপযোগী। অন্যথাই পানী নিষ্কাশনৰ ব্যৱস্থা ৰখাটো অতিকৈ জৰুৰী।

বৰ্ষাকালীন শস্য হিচাপে বীজ সিঁচাৰ উপযুক্ত সময় হ’ল ভাদ মাহ। অৱশ্যে মাটিমাহৰ জাত ‘শাওণীয়া মাহ’ৰ বীজ শাওণ মাহৰ ভিতৰতে সিঁচা দৰকাৰ। গ্ৰীষ্মকালীন শস্য হিচাপে মগুমাহ আৰু মাটিমাহৰ বীজ ফাগুন মাহৰ পৰা চ’ত মাহৰ মাজভাগলৈকে সিঁচিব পাৰি।

মাহজাতীয় শস্যই গুৰিত পানী জমা হৈ থকা অৱস্থা বেছিদিনলৈ সহ্য কৰিব নোৱাৰে। বৰ্ষাকালীন মগুমাহ আৰু মাটিমাহৰ খেতিৰ সময়ছোৱাত যথেষ্ট পৰিমাণৰ বৰষুণ হোৱাৰ ফলত বীজৰ অংকুৰণ হ্ৰাস পোৱাৰ লগতে বহু সময়ত শস্য পুলি অৱস্থাতে মৰি যোৱা দেখা যায়। সেয়েহে এই খেতিৰ বাবে ৰ’দঘাই, পানী ওলাই যোৱাৰ সু-বন্দৱস্ত থকা বালিচহীয়া মাটি নিৰ্বাচন কৰা দৰকাৰ।

পথাৰ প্ৰস্তুতি -

মাটি প্ৰস্তুতিৰ আৰম্ভণি বীজ সিঁচাৰ প্ৰায় এমাহমান আগতেই আৰম্ভ কৰি পাৰিলে ভাল। মাটিডৰা ভালদৰে ২/৩ বাৰ চহাই, মিহি কৰি মৈয়াই সমান কৰি ল’ব লাগে। গছৰ মুঢ়া, বন-বাত আদি পথাৰডৰাৰ পৰা আঁতৰাই পেলোৱাৰ লগতে মাটিডৰাই পানী নিষ্কাশনৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা দৰকাৰ।

মাটিডৰা যদিহে অম্লীয় গুণযুক্ত হয়, তেন্তে মাটিৰ অম্লতা (Ph) ৬ লৈ আনিবলৈ নিৰ্ধাৰিত পৰিমাণৰ চুণ বীজ সিঁচাৰ প্ৰায় ৩ সপ্তাহমান আগতে প্ৰয়োগ কৰি মাটিৰ লগত ভালদৰে মিহলি কৰি দিব লাগে। প্ৰতি ৩ বছৰত এবাৰ চুণ প্ৰয়োগ কৰা দৰকাৰ।

সাৰ প্ৰয়োগ:

জৈৱিক সাৰৰ ব্যৱহাৰে মাটিৰ গুণাগুণ উন্নত কৰাৰ লগতে মাটিৰ সাৰুৱা গুণ অটুট ৰখাত সহায় কৰে। সেয়েহে মাটি প্ৰস্তুতিৰ আৰম্ভণিতে বিঘাই প্ৰতি প্ৰায় ৬ কুইণ্টল হাৰত পচনসাৰ অথবা গোবৰ সাৰ প্ৰয়োগ কৰা দৰকাৰ।

সুষমভাৱে সঠিক সময়ত পৰিমাণৰ ৰাসায়নিক সাৰৰ ব্যৱহাৰে শস্যক প্ৰয়োজনীয় খাদ্যমৌল যোগান ধৰাত সহায় কৰে। বৰ্তমান সময়ত জীৱাণু সাৰৰ ব্যৱহাৰেৰে শস্যৰ প্ৰয়োজনীয় মৌলসমুহ গছক কিছু পৰিমাণে যোগান ধৰিব পৰা যায় আৰু ইয়াৰ দ্বাৰা প্ৰয়োজনীয় ৰাসায়নিক সাৰৰ পৰিমাণ কিছু পৰিমাণে কমাব পাৰি। জীৱাণুসাৰ প্ৰয়োগ নকৰা কৃষিভুমিত মগুমাহ আৰু মাটিমাহ খেতিৰ বাবে প্ৰতি বিঘাত ৪.৫ কেজি ইউৰিয়া, ৩০ কেজি একক ছুপাৰ ফছফেট আৰু প্ৰায় ৩ কেজি মিউৰিয়েট অৱ পটাছ সাৰৰ প্ৰয়োজন হয়। জীৱাণু সাৰ প্ৰয়োগ কৰিলে প্ৰতি বিঘাত ৩ কেজি ইউৰিয়া আৰু উপৰোক্ত পৰিমাণৰ ছুপাৰ আৰু পটাছ সাৰ প্ৰয়োগ কৰা দৰকাৰ। ইউৰিয়া আৰু একক ছুপাৰ ফছফেট সাৰৰ সলনি বিঘাই প্ৰতি ডি এ পি সাৰ ১০ কেজি হাৰত প্ৰয়োগ কৰিব পাৰি। অনুমোদিত ৰাসায়নিক সাৰৰ গিটেইখিনি বীজ সিঁচাৰ আগেয়ে শেষৰবাৰ হাল বোৱাৰ সময়ত প্ৰয়োগ কৰিব লাগে।

ৰাইজ’বিয়াম জীৱাণু সাৰ প্ৰয়োগ কৰিবৰ বাবে বীজ সিঁচাৰ আগেয়ে বীজখিনি পৰিষ্কাৰ পানীত তিয়াই থৈ অনুমোদিত পৰিমাণৰ জীৱাণু সাৰ বীজখিনিৰ লগত ভালদৰে মিহলাব লাগে যাতে প্ৰতিটো বীজতেই জীৱাণু সাৰৰ প্ৰলেপ পৰে। এনেদৰে সাৰ মিহলোৱা বীজখিনি কাপোৰ বা বস্তাত মেলি দি ছাঁত শুকুৱাব লাগে। প্ৰতি কেজি বীজৰ বাবে ৪০ ৰ পৰা ৫০ গ্ৰামমান জীৱাণু সাৰৰ প্ৰয়োজন হ’ব। জীৱাণু সাৰ প্ৰয়োগ কৰাৰ পাছত অতি সোনকালে সিঁচাৰ ব্যৱস্থা ল’ব লাগে।

বীজৰ পৰিমাণ আৰু সিঁচাৰ পদ্ধতি -

শস্যৰ বীজৰ পৰিমাণ সিঁচা পদ্ধতি আৰু বীজৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰে। শাৰী শাৰীকৈ সিঁচা পদ্ধতিত কৰা খেতিৰ বাবে বীজৰ আকাৰ অনুযায়ী মগুমাহৰ বাবে বিঘাই প্ৰতি ২-৩ কেজি আৰু মাটিমাহৰ বাবে ৩-৩.৩ কেজি বীজৰ প্ৰয়োজন হয়। বীজ ছটিয়াই কৰা পদ্ধতিত মগুমাহৰ বাবে ২.৫-৩.৫ কেজি আৰু মাটিমাহৰ বাবে ৩-৩.৫ কেজি বীজৰ প্ৰয়োজন হ’ব।

শাৰী শাৰীকৈ বীজ সিঁচা পদ্ধতিত দুইশাৰীৰ মাজত ব্যৱধান এফুট (৩০ চে.মি) হোৱা উচিত। সিঁচাৰ ২০-২৫ দিনৰ ভিতৰত পুলিবোৰ ৪ ইঞ্চি (১০ চে.মি) মানৰ ব্যৱধানত পাতলাই দিব লাগে।

বন-বাত নিয়ন্ত্ৰণ:

শস্যৰ জীৱনকালৰ প্ৰাৰম্ভিক অৱস্থাত বন-বাতৰ উপদ্ৰৱ কম হোৱাটো বাঞ্চনীয়। সেয়েহে সিঁচাৰ ২০-২৫ দিন পাছত খেতিডৰাৰ বন-বাত ভালদৰে নিৰাই দিয়া দৰকাৰ।

পানী পৰিচালনা:

বৰ্ষাকালীন মগুমাহ আৰু মাটিমাহৰ খেতিত বহু সময়ত বৰষুণৰ পানী জমা হৈ বীজৰ অংকুৰণ হ্ৰাস কৰাৰ লগতে পুলি অৱস্থাতে গছবোৰ মৰি যোৱাত শস্যৰ উৎপাদনত যথেষ্ট প্ৰভাৱ পেলায়। সেয়েহে প্ৰায় ২০ ফুটমান আঁতৰে আঁতৰে প্ৰায় এফুট বহল আৰু আধা ফুট দ’ খাৱৈ খান্দি পানী নিষ্কাশনৰ ব্যৱস্থা গ্ৰহণ কৰা দৰকাৰ। গ্ৰীষ্মকালীন শস্য হিচাপে কৰা খেতিত সময়ে সময়ে খৰাং পৰিস্থিতি বিৰাজ কৰা দেখা যায়। জলসিঞ্চনৰ সুবিধা থকা মাটিত ফুল ফুলা আৰু ছেঁই ধৰিব পৰা অৱস্থাত জলসিঞ্চিত পানী প্ৰয়োগ কৰিব পাৰিলে অধিক সুফল পোৱা যায়।

শস্য চপোৱা:

গ্ৰীষ্মকালীন মগুমাহ আৰু মাটিমাহৰ ক্ষেত্ৰত শতকৰা ৭০ ভাগ ছেঁই পুৰঠ হ’লেই প্ৰথমবাৰ ছেঁই ছিঙি পেলাব লাগে। বাকী থকা অংশ দ্বিতীয় বা তৃতীয়বাৰত সম্পুৰ্ণৰুপে চপাই পেলাব লাগে। বৰ্ষাকালীন শস্যৰ ক্ষেত্ৰত শতকৰা ৭৫ ভাগ ছেঁই পুৰঠ হ’লেই গছবোৰ গুৰিতে কাটি চপাব লাগে।

মাহজাতীয় শস্যৰ গুটিবোৰ প্ৰায়ে বিভিন্ন প্ৰকাৰৰ পোক-পৰুৱাৰ আক্ৰমণৰ দ্বাৰা আক্ৰান্ত হোৱা দেখা যায়। সেয়েহে গুটিবোৰ ভালদৰে ৰ’দত শুকুৱাই লৈ প্ৰতি কেজি বীজত ৩ গ্ৰাম হিচাপে জালুকৰ গুটিৰ গুড়ি মিহলাই সংৰক্ষণ কৰা দৰকাৰ। সংৰক্ষণ কৰিবৰ বাবে গুটিবোৰ পলিথিনৰ বেগত ৰাখি বস্তাত ভৰাই থ’ব লাগে।

ভালদৰে প্ৰতিপালন কৰা এবিঘা মাটিৰ প্ৰায় ১.৫ ৰ পৰা ১.৬ কুইণ্টল উৎপাদন পাব পাৰি।

মচুৰমাহৰ উন্নত কৃষি ব্যৱস্থা -

অসমৰ মাটিৰ বাবে উপযোগী বিভিন্নধৰণৰ মাহজাতীয় শস্যৰ ভিতৰত শীতকালত কৰিব পৰা মচুৰমাহ উল্লেখযোগ্য। মচুৰমাহৰ খেতি ৰাজ্যৰ বিভিন্ন অঞ্চলত মুল শস্য হিচাপে কৰাৰ উপৰি অন্যান্য শস্য, যেনে-ধান, সৰিয়হ আদিৰ লগত মিহলি শস্য হিচাপেও কৰা যায়। অসমত প্ৰায় ২০,৩৮৬ হেক্টৰ কৃষিভুমিত মচুৰমাহৰ খেতি কৰা হয় যদিও প্ৰতি হেক্টৰ মাটিত গড় উৎপাদন মাত্ৰ ৫৪২ কেজি। সেয়েহে উন্নত কৃষি ব্যৱস্থাৰ যোগেদি উৎপাদিকা শক্তি বৃদ্ধি কৰাৰ যথেষ্ট প্ৰয়োজন আছে।

প্ৰয়োজনীয় বতৰ আৰু ভুমি:

মচুৰমাহৰ বীজৰ অংকুৰণৰ বাবে উষ্ণতা প্ৰায় ২০-২২° চেলচিয়াছ হোৱা উচিত। ফুল ফুলা আৰু ছেঁই ধৰা অৱস্থালৈ উষ্ণতা ক্ৰমান্বয়ে হ্ৰাস পোৱাটো বাঞ্চনীয় যদিও অতিশয় ঠাণ্ডা বা তুষাৰপাত হোৱা অৱস্থাত শস্যৰ বৃদ্ধি কম হোৱাৰ লগতে কেতিয়াবা শস্য মৰি যোৱাৰো সম্ভাৱনা থাকে। অতি সেমেকা ডাৱৰীয়া বতৰত ভেঁকুৰজনিত ৰোগৰ বিস্তাৰ হোৱাৰ বাবে এনে অৱস্থাও মচুৰমাহৰ বাবে সুবিধাজনক নহয়। পাতলীয়া বৰষুণ হোৱা আৰু উজ্জ্বল ৰ’দৰ বতৰত মচুৰ মাহৰ খেতিৰ পৰা অধিক উৎপাদন পোৱা যায়। মচুৰ মাহৰ বীজ সিঁচাৰ উপযুক্ত সময় হ’ল কাতি মাহ। পলমকৈ সিঁচা শস্যত বহু সময়ত খৰাং পৰিস্থিতিয়ে বিৰাজ কৰা দেখা যায়।

মচুৰমাহৰ খেতিৰ বাবে পানী জমা নোহোৱা পলসুৱা মাটি নিৰ্বাচন কৰা দৰকাৰ। অতি অম্লীয় মাটি অথবা ক্ষাৰীয় মাটি এই খেতিৰ বাবে উপযোগী নহয়। অসমৰ মাটি অম্লীয় হোৱা হেতুকে মাটিৰ অম্লতা নিৰপেক্ষ কৰিবলি মাটি প্ৰস্তুতিৰ আৰম্ভণ ইতে প্ৰায় এমাহ আগতে অনুমোদিত পৰিমাণৰ চুণ প্ৰয়োগ কৰি মাটিৰ লগত ভালদৰে মিহলাই দিব লাগে।

অনুমোদিত জাত:

অসমৰ মাটি আৰু জলবায়ুৰ বাবে উপযোগী বিভিন্ন উন্নত জাতৰ ভিতৰত বি-৭৭, এল-৯-১২, পি এল-৪০৬, পি এল-৮১-৪ আদি উল্লেখযোগ্য। এইবোৰ জাতৰ কৃষিকাল ১১০-১২৫ দিন হোৱাৰ লগতে বিঘাই প্ৰতি গড় উৎপাদন প্ৰায় ১ ৰ পৰা ১.৫ কুইণ্টল।

পথাৰ প্ৰস্তুতি:

মাটি প্ৰস্তুতিৰ কাম বীজ সিঁচাৰ প্ৰায় ৩/৪ সপ্তাহমান আগেয়ে আৰম্ভ কৰা দৰকাৰ। মাটি প্ৰস্তুতিৰ আৰম্ভণিতে বিঘাই প্ৰতি প্ৰায় ৬ কুইণ্টল হাৰত ভালকৈ পচা গোবৰ সাৰ অথবা পচনসাৰ প্ৰয়োগ কৰি মাটিৰ লগত মিহলাই দিলে অধিক সুফল পোৱা যায়। মাটি প্ৰস্তুতিৰ সময়ত ৩/৪ বাৰ ভালদৰে হাল বাই, জাবৰ-জোঁথৰ আঁতৰাই, মৈয়াই, মিহি কৰি সমান কৰি ল’ব লাগে। মাহজাতীয় শস্যৰ বাবে অম্লীয় অৰ্থাৎ টেঙা গুণযুক্ত মাটি উপযোগী নহয়। গতিকে মাটিৰ টেঙা হ্ৰাস কৰিবলৈ মাটিডৰাত চুণ প্ৰয়োগ কৰি লোৱা অতিশযয় জৰুৰী। ইয়াৰ বাবে সিঁচাৰ প্ৰায় ৩ সপ্তাহমান আগেয়ে বিঘাই প্ৰতি ৬৫.৫ কেজি চুণ প্ৰয়োগ কৰি মাটিৰ লগত মিহলাই দিব লাগে। প্ৰতি তিনি বছৰৰ মুৰে মুৰে এবাৰ চুণ প্ৰয়োগ কৰা দৰকাৰ।

সাৰ প্ৰয়োগ:

ৰাসায়নিক সাৰ সুষমভাৱে সঠিক সময়ত সঠিক পৰিমাণত ব্যৱহাৰ কৰিলে ই শস্যৰ উৎপাদনত প্ৰত্যক্ষভাৱে সহায় কৰে। সাৰৰ পৰিমাণ মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰা হেতুকে মাটি পৰীক্ষাৰ যোগেদি ইয়াক নিৰ্ধাৰণ কৰি ল’ব পাৰিলে কৃষকসকল অধিক লাভাম্বিত হ’ব। মাহজাতীয় শস্যৰ বাবে নিৰ্ধাৰিত জীৱাণু সাৰ ব্যৱহাৰ কৰি কিছু পৰিমাণে ৰাসায়নিক সাৰৰ ব্যৱহাৰ হ্ৰাস কৰিব পাৰি। ৰাইজ’বিয়াম জীৱাণু সাৰ ব্যৱহাৰ কৰা কৃষিভুমিত বিঘাই প্ৰতি ৩ কেজি ইউৰিয়া, ৩০ কেজি একক ছুপাৰ ফছফেট আৰু ৩ কেজি মিউৰিয়েট অৱ পটাছ সাৰৰ প্ৰয়োজন হয়। ৰাইজ’বিয়াম জীৱাণু সাৰ ব্যৱহাৰ নকৰিলে ওপৰত উল্লিখিত ইউৰিয়া সাৰৰ পৰিমাণ ৪.৫ কেজিলৈ বৃদ্ধি কৰাৰ প্ৰয়োজন হ’ব। ইউৰিয়া আৰু ছুপাৰ ফছফেট সাৰৰ সলনি ‘ডি এ পি’ সাৰো প্ৰতি বিঘাত ১০ কেজি হাৰত ব্যৱহাৰ কৰিব পাৰি। অনুমোদিত ৰাসায়নিক সাৰৰ সমুদায় অংশ বীজ সিঁচাৰ আগেয়ে শেষৰবাৰ চাহ কৰা সময়ত প্ৰয়োগ কৰি মাটিৰ লগত ভালদৰে মিহলাই দিব লাগে।

মচুৰমাহৰ বাবে নিৰ্ধাৰিত ৰাইজ’বিয়াম জীৱাণু সাৰ প্ৰয়োগ কৰিবৰ বাবে সিঁচাৰ আগেয়ে বীজখিনি পৰিষ্কাৰ পানীত তিয়াই লৈ অনুমোদিত পৰিমাণৰ জীৱাণু সাৰ বীজৰ লগত ভালদৰে মিহলাব লাগে যাতে প্ৰতিটো বীজতেই জীৱাণু সাৰৰ প্ৰলেপ পৰে। এনেদৰে জীৱাণু সাৰ মিহলোৱা বীজখিনি ছাঁত শুকুৱাই লৈ সোনকালে সিঁচাৰ ব্যৱস্থা কৰিব লাগে। প্ৰতি কেজি বীজৰ বাবে প্ৰায় ৫০ গ্ৰামমান সাৰৰ প্ৰয়োজন হয়।

বীজৰ পৰিমাণ আৰু সিঁচাৰ পদ্ধতি:

প্ৰতি বিঘা তলীৰ বাবে প্ৰয়োজন হোৱা বীজৰ পৰিমাণ ৪ কেজি। এই পৰিমাণৰ বীজ প্ৰায় ১০ ইঞ্চিমান দুৰত্বত লোৰ বনাই প্ৰায় ২ ইঞ্চিমানৰ অন্তৰে অন্তৰে সিঁচিব লাগে। সিঁচাৰ গভীৰতা ১ ৰ পৰা ১ ১/২ ইঞ্চিতকৈ অধিক হ’ব নালাগে।

প্ৰতিপালন:

শীতকালত শস্যৰ পথাৰত বন-বাতৰ উপদ্ৰৱ হয় যদিও বীজ সিঁচাৰ ২০-২৫ দিন পাছত বন-বাত নিৰাই দি ঘনকৈ গজা পুলিবোৰ উভালি পাতলাই দিব লাগে।

মচুৰমাহৰ খেতিপথাৰত বিশেষকৈ পলমকৈ সিঁচা শস্যত সচৰাচৰ খৰাং পৰিস্থিতিয়ে বিৰাজ কৰা দেখা যায়। জলসিঞ্চনৰ ব্যৱস্থা থকা কৃষিভুমিত গুটি ধৰিব ধৰা অৱস্থাত পাতলীয়াকৈ পানী যোগানৰ ব্যৱস্থা কৰিব পাৰিলে শস্যৰ উৎপাদন বৃদ্ধি হয়।

ৰহৰমাহৰ উন্নত কৃষি ব্যৱস্থা -

বৰ্ষাকালীন শস্য হিচাপে কৰিব পৰা আৰু অসমৰ জনসাধাৰণৰ খাদ্য তালিকাত দাইলজাতীয় শস্য হিচাপে গুৰুত্বপুৰ্ণ স্থান দখল কৰি থকা এবিধ মাহজাতীয় শস্য হ’ল ৰহৰমাহ। এইবিধ শস্য সাধাৰণতে এক বৰ্ষীয় শস্য হিচাপে কৰা হয় যদিও কিছুমান জাত বহুবৰ্ষীয় শস্য হিচাপেও কৰিব পৰা যায়। ৰহৰমাহ আন্ত:শস্য হিচাপেও গোমধান, তিল, মাটিমাহ, মগুমাহ, লেচেৰামাহ আদি শস্যৰ লগত সফলভাৱে কৰিব পৰা যায়।

উপযোগী বতৰ আৰু ভুমি:

বীজৰ সঠিক অংকুৰণৰ বাবে উষ্ণ সেমেকা বতৰ উপযোগী। অৱশ্যে শস্যৰ গা-গছৰ বিকাশ, ফুল ফুলা আৰু ছেঁই ধৰিব ধৰা অৱস্থাত উষ্ণতা ক্ৰমান্বয়ে হ্ৰাস পোৱা দৰকাৰ। অসমৰ বতৰ অনুযায়ী বীজ সিঁচাৰ উপযুক্ত সময় হ’ল জেঠ মাহৰ মাজভাগৰ পৰা শাওণ মাহৰ মাজভাগ।

ৰহৰমাহৰ খেতি সকলোধৰণৰ মাটিতে কৰিব পাৰি যদিও ৰ’দঘাই, বালিচহীয়াৰ পৰা পলসুৱা, পানী জমা নোহোৱা মাটি এই খেতিৰ বাবে উপযোগী।

অনুমোদিত জাত:

আমাৰ ৰাজ্যৰ সকলো অঞ্চলৰ বাবে অনুমোদিত ৰহৰমাহৰ জাত হ’ল ‘টি-২১’। এইবিধ জাত মধ্যমীয়া ওখ আৰু ইয়াৰ কৃষিকাল ১৭০ ৰ পৰা ২০০ দিন।

পথাৰ প্ৰস্তুতি:

ৰহৰমাহৰ খেতিৰ বাবে মাটিডৰা ৩/৪ বাৰ হালবাই, মৈয়াই সমান কৰি ল’ব লাগে। পথাৰডৰাৰ পৰা বন-বাত, গছৰ মুঢ়া, জাবৰ-জোঁথৰ আদি আঁতৰাই পেলোৱাৰ লগতে মাটি প্ৰস্তুতিৰ আৰম্ভণিতে বিঘাই প্ৰতি প্ৰায় ৬ কুইণ্টল হিচাপে জৈৱিক সাৰ প্ৰয়োগ কৰিব পাৰিলে মাটিৰ গুণাগুণ উন্নত হোৱাত সহায়ক হয়।

সাৰ প্ৰয়োগ:

আমাৰ ৰাজ্যৰ কৃষকবন্ধুসকলে বেছিভাগ ক্ষেত্ৰতে ৰহৰমাহৰ খেতিত ৰাসায়নিক সাৰ প্ৰয়োগ কৰা দেখা নাযায়। অন্যান্য মাহজাতীয় শস্যৰ দৰেই কম পৰিমাণৰ নাইট্ৰ’জেনজাতীয় সাৰৰ দৰকাৰ হোৱাৰ বিপৰীতে যথেষ্ট পৰিমাণৰ ফচফৰাছজাতীয় সাৰৰ প্ৰয়োজন হয়। একেধৰণে ৰাইজ’বিয়াম জীৱাণু সাৰৰ ব্যৱহাৰৰ যোগেদি শস্যক কিছু পৰিমাণে নাইট্ৰ’জেন মৌলৰ নযোগান ধৰিব পৰা যায় আৰু ই মাটিৰ স্বাস্থ্য উন্নত কৰাত সহায়ক হয়।

জীৱাণু সাৰ প্ৰয়োগ কৰা মাটিত প্ৰতি বিঘাত ৩ কেজি ইউৰিয়া আৰু ৩৫ কেজি একক ছুপাৰ ফছফেট সাৰৰ প্ৰয়োজন হয়। জীৱাণু সাৰ প্ৰয়োগ নকৰিলে ইউৰিয়া সাৰৰ পৰিমাণ ৪ কেজিলৈ বৃদ্ধি কৰাৰ প্ৰয়োজন হ’ব। ইউৰিয়া আৰু ছুপাৰ ফছফেট সাৰৰ সলনি ডি এ পি সাৰো বিঘাই প্ৰতি ১২ কেজি হাৰত প্ৰয়োগ কৰিব পাৰি। উপৰোক্ত সাৰখিনি বীজ সিঁচাৰ আগেয়ে শেষবাৰ মাটি প্ৰস্তুতিৰ সময়ত প্ৰয়োগ কৰি ভালদৰে মাটিৰ লগত মিহলাই দিব লাগে। জীৱাণু সাৰ প্ৰয়োগৰ পদ্ধতি অন্যান্য মাহজাতীয় শস্যৰ সৈতে একে।

বীজৰ পৰিমাণ আৰু সিঁচাৰ পদ্ধতি:

প্ৰতি বিঘা তলী কৃষিভুমিৰ বাবে প্ৰয়োজন হোৱা বীজৰ পৰিমাণ ১.৮ ৰ পৰা ২ কেজি। শাৰী শাৰীকৈ বীজ সিঁচা পদ্ধতিত দুইশাৰীৰ মাজত ব্যৱধান আঢ়ৈফুটকৈ ৰাখি বীজ সিঁচাৰ ২০-২৫ দিনৰ ভিতৰত ঘনকৈ গজা পুলিবোৰ এফুট ব্যৱধানত পাতলাই দিব লাগে। সিঁচাৰ সময়ত বীজ অধিক দ’কৈ নিসিঁচি ২-২.৫ ইঞ্চি গভীৰতাত সিঁচিব লাগে।

প্ৰতিপালন:

বৰ্ষাকালীন শস্যত বতৰ অনুকুল হোৱা হেতুকে বন-বাতৰ উপদ্ৰৱ অধিক হোৱা দেখা যায়। বৰহমাহৰ প্ৰাৰম্ভিক অৱস্থাত গছৰ বৃদ্ধি কম হোৱা হেতুকে সিঁচাৰ ৪৫ ৰ পৰা ৫০ দিন মানলৈকে খেতিডৰা বন-বাতৰ পৰা মুক্ত কৰি ৰখা দৰকাৰ। অন্যথাই খেতিডৰা বন-বাতে ছানি ধৰাৰ সম্ভাৱনা থাকে। গতিকে সিঁচাৰ ২৬-৩০ দিন পাছত প্ৰথমবাৰ আৰু প্ৰয়োজন সাপেক্ষে ৪০-৪৫ দিন পাছত দ্বিতীয়বাৰ বন-বাত নিৰণি কৰি দিয়া দৰকাৰ।

শস্যৰ আৰম্ভণি অৱস্থাত প্ৰচুৰ পৰিমাণে বৰষুণ হোৱাৰ ফলত বীজৰ অংকুৰণ ক্ষমতা হ্ৰাস পোৱাৰ লগতে শস্যৰো যথেষ্ট ক্ষতি হয়। সেয়েহে বৰষুণৰ অতিৰিক্ত পানীভাগ যাতে খেতিডৰাত জমা হৈ থাকিব নোৱাৰে তাৰ বাবে পানী নিৰ্গমনৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা দৰকাৰ।

উন্নত পদ্ধতিৰে কৰা এডৰা খেতিৰ পৰা প্ৰতি বিঘা হিচাপত প্ৰায় ১.৫ ৰ পৰা ২ কুইণ্টল উত্‌পাদন পাব পাৰি।

ৰাজমাহৰ কৃষি পদ্ধতি -

শীতকালত কৰিব পৰা এক উল্লেখযোগ্য মাহজাতীয় শস্য হ’ল ৰাজমাহ। এইবিধ শস্যক ইংৰাজীত ফ্ৰেন্সবীন বুলিও কোৱা হয়। আমাৰ দেশত এইবিধ শস্যৰ পাচলি হিচাপে খেতি কৰিলে ইয়াক ফ্ৰেন্সবীন আৰু গুটিৰ বাবে অৰ্থাৎ দাইলজাতীয় শস্য হিচাপে উৎপাদন কৰিলে ৰাজমাহ বুলি কোৱা হয়। পৃথিৱীৰ অতি জনপ্ৰিয় আৰু গুৰুত্বপুৰ্ণ কেইবিধমান খাদ্য হিচাপে ব্যৱহৃত মাহজাতীয় শস্যৰ ভিতৰত ইয়ো এবিধ। ৰাজমাহ এবিধ অতি পুষ্টিকাৰক দাইলজাতীয় শস্য। শতকৰা হিচাপত শুকান গুটিত ২১.১ ভাগ প্ৰ’টিন, ১.৭ ভাগ চৰ্বী, ৬৯.৯ ভাগ শৰ্কৰা থকাৰ উপৰি প্ৰতি ১০০ গ্ৰামত ৩৮১ মি.গ্ৰা. কেলচিয়াম, ৪২৫ মি.গ্ৰা. ফছফৰাছ আৰু ১২.৪ মি.গ্ৰা. লৌহ পদাৰ্থ থাকে।

ৰাজমাহৰ খেতি সমতল ভুমিৰ পৰা পাহাৰীয়া ওখ অঞ্চললৈকে কৰিব পাৰি। ই উত্তৰ ভাৰতৰ বিভিন্ন অঞ্চলৰ এক গুৰুত্বপুৰ্ণ মাহজাতীয় শস্য। অসমতো এইবিধ শস্যৰ খেতি শীতকলত অতি সফলভাৱে কৰিব পৰা যায়। আমাৰ ৰাজ্যৰ কৃষকসকলে বিজ্ঞানসন্মতভাৱে এইবিধ শস্যৰ খেতি কৰি কম খৰচতে অধিক উৎপাদন পাব পাৰো।

জাত:

অসমৰ বাবে অনুমোদিত জাত হ’ল উদয় (পি ডি আৰ-১৪)। এইবিধ জাত ওখই ৩৫ ৰ পৰা ৫০ চে.মি. হয় আৰু কৃষিকাল ১০০ ৰ পৰা ১২০ দিন। উৎপাদন প্ৰতি বিঘা মাটিত ২ ৰ পৰা ২.৫ কুইণ্টল।

সিঁচাৰ সময়:

ৰাজমাহৰ খেতি অসমত শীতকালত কৰা হয় যদিও বীজ সিঁচাৰ সময়ত সামান্য উচ্চ উষ্ণতা থাকিলে গজালি ওলোৱাত সহজ হয়। ইয়াৰ পাছত ক্ৰমান্বয়ে ঠাণ্ডা বতৰৰ প্ৰয়োজন হয়। অৱশ্যে অতি ঠাণ্ডা বতৰ এইবিধ শস্যৰ বাবে ক্ষতিকাৰক। ফুল ফুলা সময়ত হোৱা বৰষুণেও এইবিধ শস্যৰ যথেষ্ট ক্ষতি কৰে। অসমত এইবিধ শস্য সিঁচাৰ উপযুক্ত সময় হ’ল কাতি মাহৰ পৰা আঘোণ মাহৰ মাজভাগ।

মাটি আৰু মাটি প্ৰস্তুতি:

ৰাজমাহৰ খেতি প্ৰায় সকলোধৰণৰ মাটিতেই কৰিব পাৰি যদিও ৰ’দঘাই , পানী ওলাই যোৱাৰ সু-বন্দৱস্ত থকা বালিচহীয়া মাটি এই খেতিৰ বাবে উপযোগী। ৰাজমাহৰ খেতিৰ বাবে মাটিডৰা দ’কৈ এবাৰ হাল বাই থৈ পাছত ২/৩ বাৰ হাল বাই মৈয়াই মিহি কৰি সমান কৰি ল’ব লাগে।

বীজৰ পৰিমাণ, শোধন আৰু সিঁচাৰ দুৰত্ব:

ৰাজমাহৰ খেতিৰ বাবে প্ৰতি বিঘা মাটিত ১০ কেজি বীজৰ প্ৰয়োজন হয়। বীজ সিঁচাৰ আগেয়ে ‘কেপটাফ’ নামৰ দৰবেৰে (প্ৰতি কেজি বীজত ২.৫ গ্ৰাম দৰব) শোধন কৰি ল’লে পাছত শস্যডৰা কিছুমান ভেঁকুৰজনিত ৰোগৰ পৰা ৰক্ষা পৰে। সিঁচাৰ দুৰত্ব হ’ল দুইশাৰীৰ মাজত এফুট (৩০ চে.মি). আৰু দুডাল গছৰ মাজত আঠ ইঞ্চি (২০ চে.মি।)

জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰ প্ৰয়োগ:

ৰাজমাহৰ খেতিত ৰাসায়নিক সাৰৰ লগতে প্ৰচুৰ পৰিমাণে জৈৱিক সাৰৰো দৰকাৰ হয়। ইয়াৰ বাবে মাটি প্ৰস্তুতিৰ আৰম্ভণিতে প্ৰতি বিঘা তলীত প্ৰায় ১০ কুইণ্টল হাৰত ভালদৰে প্ৰস্তুত হোৱা পচনসাৰ প্ৰয়োগ কৰি মাটিৰ লগত ভালদৰে মিহলি কৰি দিব লাগে।

অন্যান্য মাহজাতীয় শস্যৰ নিচিনাকৈ ৰাজমাহে ইয়াৰ শিপাত বায়ুমণ্ডলৰ নাইট্ৰ’জেন মৌল সঞ্চয় কৰি ৰাখিব নোৱাৰে। সেয়ে এই মৌলৰ প্ৰয়োজনীয় গোটেই অংশ বাহিৰৰ পৰা যোগান ধৰাৰ প্ৰয়োজন হয়। ইয়াৰ বাবে প্ৰতি বিঘা তলীত ইউৰিয়া সাৰ ৯ কেজি হিচাপে লৈ আধাভাগ (৪.৫ কেজি)শেষৰবাৰ মাটি প্ৰস্তুতিৰ সময়ত আৰু বাকী আধাভাগ (৪.৫ মি.গ্ৰা।) বীজ সিঁচাৰ ৩০ দিন পাছত টপড্ৰেছিং কৰি দিব লাগে। বাকী সাৰৰ ভিতৰত একক ছুপাৰ ফছফেট সাৰ ৩৩ কেজি আৰু মিউৰিয়েট অৱ পটাছ সাৰ ৪.৫ কেজি প্ৰতি বিঘা তলীত শেষবাৰ মাটি প্ৰস্তুতিৰ সময়ত প্ৰয়োগ কৰিব লাগে।

বন-বাত নিয়ন্ত্ৰণ, মাটি চপোৱা আৰু জলসিঞ্চন -

ৰাজমাহৰ খেতিৰ পৰা অধিক উৎপাদন পাবলৈ খেতিডৰা বীজ সিঁচাৰ পাছত অতি কমেও এমাহমানলৈ বন-বাতৰ পৰা মুক্ত কৰি ৰখা দৰকাৰ। সেয়ে বীজ সিঁচাৰ ২০-২৫ দিন পাছত খেতিডৰাৰ বন-বাত এবাৰ নিৰাই দিয়াৰ উপৰি ঘনকৈ গজা পুলিবো ৰ পাতলাই দিব লাগে। ইউৰিয়া সাৰ টপড্ৰেছিং কৰাৰ সময়ত খেতিডৰা বন-বাতৰ পৰা মুক্ত হৈ থাকিলে সাৰ প্ৰয়োগৰ পৰা অধিক সুফল পোৱা যায়। পাছত প্ৰয়োজন সাপেক্ষে আকৌ এবাৰ বন-বাত নিৰাই দিব পাৰে। বন-বাত নিৰণি কৰাৰ পাছতে গছৰ গুৰিত মাটি চপাই দিব লাগে।

ৰাজমাহৰ খেতি অসমত প্ৰধানকৈ বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি কৰা হয় যদিও জলসিঞ্চনৰ ব্যৱস্থা থকা মাটিত শস্যৰ গুৰুত্বপুৰ্ণ সময়ত পানী প্ৰয়োগৰ যোগেদি অধিক উৎপাদন পাব পাৰি। পানী যোগানৰ ফালৰ পৰা এইবিধ শস্যৰ গুৰুত্বপুৰ্ণ সময় দুটা হ’ল শস্যৰ ফুল ফুলো অৱস্থা (সিঁচাৰ ৪০ দিনমান পাছত)আৰু ছেঁই ধৰিব ধৰা অৱস্থা (৬৫-৭০ দিন)।

শস্যৰক্ষা:

ৰাজমাহৰ খেতিত দেখা দিয়া অনিষ্টকাৰী পোক-পতংগৰ ভিতৰত ছেঁই ফুটা কৰা পোক, পাত আৰু পাতৰ ৰস শুহি খোৱা পোক উল্লেখযোগ্য। এইবোৰ পোকৰ আক্ৰমণৰ পৰা শস্যডৰা ৰক্ষা কৰিবলৈ ‘ৰগৰ ৩০ ইচি’ নামৰ দৰবৰ ২ মি.লি. প্ৰতিলিটাৰ পানীত মিহলাই প্ৰয়োগ কৰিব লাগে।

শস্য চপোৱা :

শস্য চপোৱাৰ বাবে উপযুক্ত সময় হ’ল যেতিয়া শতকৰা ৭৫-৮০ ভাগ ছেঁই মুগাবৰণীয়া হয় আৰু পাতবোৰ লাহে লাহে সৰিব ধৰে। শস্য চপোৱাত পলম হ’লে ছেঁইবোৰ ফাটি গুটিবোৰ সৰি নষ্ট হোৱাৰ সম্ভাৱনা থাকে।

লেখক: ড° চিন্ময় কুমাৰ শৰ্মা

উৎস: আধুনিক কৃষিকথা (শস্য ব্যৱস্থাপনা)

 

 

2.89655172414
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top