অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মৰাপাটৰ খেতি :

মৰাপাটৰ খেতিৰ বিষয়ে লিখা হৈছে ।

অসমৰ বিভিন্ন আঁহজাতীয় শস্যৰ ভিতৰত মৰাপাটেই প্ৰধান। ই আমাৰ ৰাজ্যৰ আঁহজাতীয় শস্যৰ খেতি কৰা মুঠ কৃষিভুমিৰ সিংহভাগ দখল কৰি আহিছে। অসমৰ প্ৰায় 58,000  হেক্টৰ কৃষিভুমিত মৰাপাটৰ খেতি কৰি বছৰি প্ৰায় 5,59,00 টন উৎপাদন কৰা হয়। এইবিধ শস্যই কেৱল জাতীয় অৰ্থনীতিতে নহয় দেশৰ অৰ্থনীতিতো যথেষ্ট বৰঙণি যোগাই আহিছে। আমাৰ দেশত মৰাপাটৰ মুঠ উৎপাদনৰ শতকৰা প্ৰায় ৮২ ভাগ মৰাপাট কলসমুহত ব্যৱহৃত হয়, শতকৰা প্ৰায় ৮ ভাগ গ্ৰাহকৰ হাতত থকাৰ বিপৰীতে বাকী অংশ ইউৰোপ আৰু আমেৰিকা মহাদেশলৈ ৰপ্তানি কৰা হয়। আমাৰ দেশত এইবিধ শস্য বিভিন্ন প্ৰকাৰৰ সামগ্ৰী , যেনে- কাপোৰ, বেগ, কাৰ্পেট, পৰ্দা, কম্বল, ৰছী আদি প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা হয়। মৰাপাটৰ আঁহ নিষ্কাশনৰ পাছত ৰৈ যোৱা ঠাৰিবোৰ প্ৰজ্বলক হিচাপে ব্যৱহৃত হোৱাৰ লগতে কাৰ্বনজাতীয় সামগ্ৰী আৰু কাগজ প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা হয়। অসমৰ বহু অঞ্চলত মৰাপাটৰ ঠাৰিবোৰ বিভিন্ন লতাজাতীয় শাক-পাচলি বগাই যাবৰ বাবে ঢোকা হিচাপেও ব্যৱহাৰ কৰা হয়। তদুপৰি বিভিন্ন প্ৰকাৰ ফলি (Board) আদি প্ৰস্তুত কৰোঁতেও মৰাপাটৰ ঠাৰি ব্যৱহৃত হয়। মৰাপাটৰ কুমলীয়া পাত আৰু পুলিবোৰ শাক হিচাপেও মানুহে ব্যৱহাৰ কৰে।

ভাৰতবৰ্ষত পোৱা মৰাপাটৰ বিভিন্ন প্ৰজাতিৰ ভিতৰত মাত্ৰ কেপচুলাৰিচ (তিতা মৰা)আৰু অ’লিটৰিয়াচ (মিঠা মৰা) প্ৰজাতি দুটা অৰ্থকাৰী শস্য হিচাপে গণ্য কৰা হৈছে আৰু ব্যৱসায়িক ভিত্তিত খেতি কৰি কৃষকসকল লাভান্বিত হ’ব পাৰিছে। মৰাপাটৰ খেতিৰ প্ৰকৃত লাভালাভ মুলত: আঁহৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰে। আঁহৰ গুণাগুণ আঁহৰ দৈৰ্ঘ্য, শক্তি, ৰ্ং, উজ্জ্বলতা, কোমলতা, কটা আঁহৰ পৰিমাণ আদিয়ে নিৰ্ধাৰণ কৰে। মাটি, বতৰৰ অৱস্থা, গেৰোৱা পানীৰ গুণাগুণ, জাত, কৃষি পদ্ধতি, সাৰৰ পৰিমাণ, শস্য চপোৱা সময় আদি বিষয়বস্তুৰ ওপৰত আঁহৰ গুণাগুণ নিৰ্ভৰ কৰে।

বতৰ আৰু ভুমি -

মৰাপাটৰ খেতিৰ বাবে উষ্ণ সেমেকা জলবায়ু উপযোগী। খেতিৰ সময়ছোৱাত সলনাসলনিকৈ হোৱা ৰ’দ আৰু বৰষুণৰ বতৰত শস্যৰ উতগ্পাদন বৃদ্ধি হোৱাৰ লগতে আঁহৰ গুণাগুণ উন্নত হয়। কুমলীয়া অৱস্থাত শস্যই পানী জমা হোৱা অৱস্থা সহ্য কৰিব নোৱাৰে। সেয়েহে সঠিক সময়ত বীজ সিঁচিব পাৰিলে শস্য এই অৱস্থাৰ পৰা ৰক্ষা পৰে।

মৰাপাটৰ খেতিৰ বাবে পলসুৱা অথবা বালিচহীয়া মাটি উপযোগী। অতি ক্ষাৰীয় অথবা টেঙাজাতীয় মাটি এই খেতিৰ বাবে উপযুক্ত নহয়। অসমৰ মাটি টেঙাগুণযুক্ত হোৱা বাবে চুণ প্ৰয়োগ কৰা দৰকাৰ।

উন্নত জাতৰ নিৰ্বাচন -

অসমৰ বিভিন্ন অঞ্চলৰ মাটিৰ অৱস্থা অনুযায়ী কৰিব পৰা কেপচুলাৰিছ (তিতা মৰা) আৰু অ’লিট’ৰিয়াছ (মিঠা মৰা) মৰাপাটৰ বহুকেইটা উন্নত জাত উদ্ভাৱন কৰি ওলোৱা হৈছে। কেপচুলাৰিছ মৰাপাটৰ উন্নত জাতৰ ভিতৰত ‘সবুজ মোনা’ আৰু ‘শ্যামলী’ মধ্যমীয়া আৰু ওখ মাটিৰ বাবে আৰু ‘সোণালী’ আৰু ‘ৰেচমা’ দ’ চানেকীয়া অঞ্চলৰ বাবে উপযোগী। এই জাতসমুহৰ ভিতৰত ‘সোণালীৰ’ বাদে অন্যকেইটা জাতে কাণ্ড পচা ৰোগ কিছু পৰিমাণে প্ৰতিৰোধ কৰিব পাৰে। অ’লিট’ৰিয়াছ মৰাপাটৰ জাতসমুহৰ ভিতৰত ‘নবীন’ আৰু ‘বাসুদেৱ’ মধ্যমীয়া দ’ অঞ্চলৰ বাবে আৰু ‘বৈশাখীটোছা’ আৰু ‘ব’হাগী’ মধ্যমীয়া ওখ মাটিৰ বাবে উপযোগী। অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা নতুনকৈ উদ্ভাৱিত অ’লিট’ৰিয়াছ মৰাপাটৰ জাত হ’ল ‘তৰুণ’ । এই জাতৰ উৎপাদন ক্ষমতা অধিক হোৱাৰ লগতে আঁহৰ গুণাগুণো উন্নত মানৰ।

পথাৰ প্ৰস্তুতি -

মৰাপাটৰ খেতিৰ বাবে পলসুৱা অথবা বালিচহীয়া মাটি উপযোগী। তেনে মাটিত ৫/৬ বাৰ হাল বাই, মৈয়াই মিহি কৰি সমান কৰি ল’ব লাগে। মৰপাটৰ খেতিৰ বাবে পথাৰডৰা মিহি হোৱাৰ উপৰি বন-বাত, জাবৰ-জোথৰ আদিৰ পৰা মুক্ত হোৱাটো বাঞ্চনীয়। যিবিলাক অঞ্চলৰ মাটিৰ অম্লতা (Ph) ৫.৫ তকৈ কম, তেনেবোৰ কৃষিভুমিত অম্লতা অনুযায়ী ২.৫ ৰ পৰা ৪ কুইণ্টল চুণ বিঘাই প্ৰতি সিঁচাৰ প্ৰায় এমাহ আগতে প্ৰয়োগ কৰি মাটিৰ লগত ভালদৰে মিহলাই দিব লাগে। এনেধৰণে চুণ প্ৰত্যেক ৩ বছৰৰ মুৰে মুৰে প্ৰয়োগ কৰাটো দৰকাৰ। মাটি প্ৰস্তুতিৰ সময়মতে বিঘাই প্ৰতি ৪ কেজি শতকৰা ৫ ভাগ মালাথিয়ন পাউডাৰ প্ৰয়োগ কৰি মাটিৰ লগত মিহলাই দিব পাৰিলে ই খেতিডৰা উই পৰুৱা, উইচিৰিঙা আদি পোক-পৰুৱাৰ পৰা ৰক্ষা কৰে। অন্যথা ইহঁতে কুমলীয়া অৱস্থাতে পুলিবোৰ কাটি যথেষ্ট অনিষ্টসাধন কৰে।

বীজ সিঁচা -

তিতা মৰাৰ বীজ প্ৰায় ফাগুন মাহৰ পৰা আৰম্ভ কৰি প্ৰায় মাহৰ মাজভাগলৈকে সিঁচিব পাৰি। ইয়াৰে বিভিন্ন জাতসমুহৰ ভিতৰত ‘সোণালী’ আৰু ৰেচমা’ বতৰৰ আৰম্ভণিতে সিঁচিব পাৰি। মিঠা মৰাৰ জাতসমুহৰ ভিতৰত ‘নবীন’ আৰু ‘বাসুদেৱ’- এই দুবিধ জাত চ’ত মাহৰ আৰম্ভনিৰ পৰা প্ৰায় জেঠ মাহৰ মাজভাগলৈকে সিঁচিব পাৰি। বাকী দুবিধ মিঠা মৰাপাটৰ জাত, যেনে-‘বৈশাখী টোছা’ আৰু ‘ব’হাগী’ সিঁচাৰ উপযুক্ত সময় হ’ল ব’হাগ মাহৰ পৰা জেঠৰ মাজভাগ।

মৰাপাটৰ খেতি সাধাৰণতে বেছিভাগ অঞ্চলতে শাৰী শাৰীকৈ নকৰি ছটিয়াই সিঁচা দেখা যায়। ছটিয়াই কৰা পদ্ধতিত বিঘাই প্ৰতি তিতা মৰাৰ বাবে ১৩০০-১৫০০ গ্ৰাম আৰু মিঠা মৰাৰ ক্ষেত্ৰত ৮০০-৯০০ গ্ৰাম বীজৰ প্ৰয়োজন হয়। শাৰী শাৰীকৈ কৰা পদ্ধতিত অৱশ্যে তিতা মৰাৰ ক্ষেত্ৰত ৮০০-৯০০ গ্ৰাম আৰু মিঠা মৰাৰ বাবে ৬৫০-৮০০ গ্ৰাম বীজ প্ৰতি বিঘা তলীৰ বাবে প্ৰয়োজন হ’ব। বীজ সিঁচিবৰ বাবে ১০ ইঞ্চি আঁতৰে আঁতৰে শাৰী শাৰীকৈ সিঁচিব লাগে। পুলি গজি উঠাৰ ২০-২৫ দিন পাছত প্ৰায় ২-২ ১/২ ইঞ্চি ব্যৱধানত পুলিবোৰ পাতলাই দিব লাগে।

সাৰ প্ৰয়োগ -

মৰাপাটৰ খেতিত উৎপাদন বৃদ্ধিৰ বাবে আৰু আঁহৰ গুণাগুণ উন্নত কৰাৰ বাবে ৰাসায়নিক সাৰৰ ব্যৱহাৰ অপৰিহাৰ্য। একেধৰণে জৈৱিক সাৰ ব্যৱহাৰে মাটিৰ গুণাগুণ উন্নত কৰি ৰাসায়নিক সাৰৰ কাৰ্যদক্ষতা বৃদ্ধি কৰি উৎপাদন বৃদ্ধিত সহায় কৰে। গতিকে মাটি প্ৰস্তুতিৰ আৰম্ভণিতেই পথাৰডৰাত প্ৰচুৰ পৰিমাণে বিঘাই প্ৰতি প্ৰায় ৬/৭ কুইণ্টল গোবৰ সাৰ অথবা পচনসাৰ প্ৰয়োগ কৰাটো জৰুৰী। ৰাসায়নিক সাৰৰ ভিতৰত তিতা মৰাৰ ক্ষেত্ৰত বিঘাই প্ৰতি ১২ কেজি ইউৰিয়া, ২০ কেজি একক ছুপাৰ ফছফেট আৰু ৭ কেজি মিউৰিয়েট অৱ পটাছ সাৰ প্ৰয়োগ কৰিব লাগে। মিঠা মৰাৰ ক্ষেত্ৰত বিঘাই প্ৰতি ৯ কেজি ইউৰিয়া, ২০ কেজি একক ছুপাৰ ফছফেট আৰু ৬ কেজি মিউৰিয়েট অৱ পটাছ সাৰৰ প্ৰয়োজন হয়। ছুপাৰ ফছফেট আৰু পটাছ সাৰৰ গোটেই অংশ শেষৰবাৰ মাটি চহ কৰাৰ সময়ত প্ৰয়োগ কৰি মাটিৰ লগত ভালদৰে মিহলাই দিব লাগে। ইউৰিয়া সাৰভাগ সমানে দুভাগ কৰি প্ৰথমভাগ গুটি সিঁচাৰ ৪-৬ সপ্তাহ পাছত আৰু দ্বিতীয়ভাগ সিঁচাৰ ৬-৮ সপ্তাহ পাছত টপড্ৰেছিং কৰিব লাগে। অৱশ্যে পানী জমা হৈ থকা পথাৰত ইউৰিয়া সাৰ মাটিত প্ৰয়োগ কৰাৰ পৰিৱৰ্তে পানীৰ লগত মিশ্ৰণ বনাই পাতত প্ৰয়োগ কৰাটোহে ফলপ্ৰসু হয়। ইয়াৰ বাবে হস্তচালিত স্প্ৰে’য়াৰ ব্যৱহাৰ কৰিলে প্ৰতিলিটাৰ পানীত ৩০ গ্ৰাম ইউৰিয়া সাৰ মিহলাই সিঁচাৰ প্ৰায় ৪০-৪৫ দিন আৰু ৫৫-৬০ দিন পাছত দুবাৰ প্ৰয়োগ কৰিব লাগে। এইক্ষেত্ৰত কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগত আলোচনা কৰি সেইমতে ব্যৱস্থা গ্ৰহন কৰিব পাৰিলে অধিক লাভান্বিত হ’ব।

শস্যৰ প্ৰতিপালন -

পুলি গজি উঠাৰ প্ৰায় ৩/৪ সপ্তাহ পাছত ঘনকৈ গজা পুলিবোৰ ২-২ ১/২ ইঞ্চি দুৰত্বত পাতলাই দিব লাগে। এই সময়তে এবাৰ বন-বাত নিৰাই দিয়া দৰকাৰ। শাৰী শাৰীকৈ সিঁচা খেতিত শুকান মাটিত চলাব পৰা নিৰণি যন্ত্ৰ ব্যৱহাৰ কৰিও বন-বাত নিয়ন্ত্ৰণ কৰিব পাৰি। ছটিয়াই কৰা খেতিত সিঁচাৰ প্ৰায় ২-৩ সপ্তাহ পাছত ২/৩ বাৰ বিন্ধা ব্যৱহাৰ কৰা দৰকাৰ। বৰ্তমান সময়ত ৰাসায়নিক দৰবৰ দ্বাৰাও বন-বাত নিয়ন্ত্ৰণ কৰিব পাৰি। এইক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো অতিকৈ প্ৰয়োজনীয়।

শস্য চপোৱা আৰু গেৰোৱা -

মৰাপাট পুৰঠ হ’বলৈ প্ৰায় ৪ মাহ সময় লাগে। অৱশ্যে সঠিক উৎপাদন আৰু উন্নত গুণাগুণৰ আঁহ যাবলৈ শস্য ছেঁই ধৰিব ধৰা অৱস্থাতে চপাব লাগে। যিবিলাক পথাৰত মৰাপাটৰ পাছত শালিধানৰ খেতি কৰা হয় তেনেবোৰ কৃষিভুমিত শালিধানৰ বাবে সময়মতে মাটি চহ কৰিবলৈ মৰাপাটৰ খেতিডৰা আনকি ১০০ ৰ পৰা ১২০ দিনৰ ভিতৰতো চপাব পাৰি। শস্য চপাবৰ সময়ত গছবোৰ গুৰিতে কাটি মুঠা বান্ধি পথাৰতে থিয় থিয়কৈ ৩/৪ দিন ৰাখি পাতবোৰ সৰি যাবলৈ দিব লাগে। লাহি আৰু শকত গছবোৰ পৃথকে পৃথকে মুঠা বান্ধিব পাৰিলে ভাল। প্ৰতি মুঠাত এডাল বা দুডালকৈ ধইনচা বা মেডেলুৱা সুমুৱাই দিব পাৰিলে সোনকালে গেৰ লয়।

মৰাপাটৰ আঁহৰ গুণাগুণ গেৰোৱা প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ বাবে আহল-বহল, পুখুৰী, বিল   অথবা কম স্ৰোতৰ জান-জুৰি আদি নিৰ্বাচন কৰিব লাগে। পানীত মৰাপাটৰ মুঠাবোৰ ওচৰা-ওচৰিকৈ ৰাখি, টানকৈ বান্ধি জাক প্ৰস্তুত কৰি ল’ব লাগে। সম্ভৱ হ’লে ইয়াৰ ওপৰত আৰু এক তৰপ মৰাপাটৰ মুঠা জাপি দি মেটেকা, ধানখেৰ, কেতুৰীৰ পাত, উলুখেৰ আদিৰে ঢাকি দিব লাগে। জাক পানীৰ তলত ৰাখিবলৈ ওপৰত ওজন থকা বস্তু, যেনে- ইটা বা পকাৰ টুকুৰা, শিল আদি জাপি দিব লাগে। এইক্ষেত্ৰত বোকামাটি, কলগছ , কেঁচা কাঠৰ টুকুৰা আদি ব্যৱহাৰ নকৰাই ভাল। জাক পানীত উটি নাযাবলৈ বাঁহৰ খুঁটি পুতি ৰছীৰে বান্ধি থ’ব লাগে। মৰাপাট গেৰোৱাৰ সময়ত পানীৰ উষ্ণতা ৩২-৩৪° চেলচিয়াছ হোৱাটো বাঞ্চনীয়। পানীৰ উষ্ণতা আৰু বতৰৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি এই গোটেই প্ৰক্ৰিয়াটো ১০ ৰ পৰা ৩০ দিনৰ ভিতৰত সম্পন্ন হয়। গেৰ লোৱা পাতবোৰ ঠাৰিৰ পৰা এডাল এডালকৈ পৃথক কৰি লৈ পৰিষ্কাৰ পানীত ভালদৰে ধুব লাগে। পাছত বাঁহৰ ডাঁৰ বান্ধি কোমল ৰ’দত ২/৪ দিন মেলি দি শুকুৱাই ল’ব লাগে। বেছি টান ৰ’দত শুকুৱালে আঁহবোৰৰ উজ্জ্বলতা হ্ৰাস পোৱাৰ লগতে আঁহবোৰ দুৰ্বল হয়।

উৎপাদন -

মৰাপাট এবিধ লাভজনক খেতি। উন্নত জাতৰ ব্যৱহাৰ আৰু বিজ্ঞানসন্মতভাৱে কৰা এবিঘা কৃষিভুমিৰ পৰা প্ৰায় ৩ ৰ পৰা ৪ কুইণ্টল উৎপাদন কৰিব পাব পাৰি।

শস্যাৱৰ্তন -

মৰাপাটৰ খেতি কৰা কৃষিভুমিৰ উৰ্বৰতা ৰক্ষা কৰাৰ হেতুকে আৰু পোক-পৰুৱা, বেমাৰ- আজাৰৰ উপদ্ৰৱ হ্ৰাস কৰিবৰ বাবে উপ যুক্ত শস্যাৱৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ দৰকাৰ। এইক্ষেত্ৰত পৰিস্থিতি আৰু সুবিধা অনুযায়ী মৰাপাটৰ পিছত শালিধান আৰু ৰবিশস্যৰ বতৰত সৰিয়হৰ খেতি অথবা ঘেঁহুখেতি অধিক লাভজনকভাৱে কৰিব পৰা যায়। একেধৰণে বৰষুণ নিৰ্ভৰশীল খেতিত ওখ মাটিত মৰাপাটৰ পাছত মাটিমাহ আৰু ৰবিশস্যৰ বতৰত সৰিয়হৰ খেতিও কৰিব পৰা যায়। অৱশ্যে জাত নিৰ্বাচন কৰাৰ সময়ত বিশেষ সাৱধান হোৱা উচিত।

বীজৰ বাবে মৰাপাটৰ খেতি -

শস্যৰ উৎপাদনত উন্নত মানবিশিষ্ট বীজে এক গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰে। বহু সময়ত কৃষকে উন্নত মানৰ বীজ সময়মতে নোপোৱাৰ ফলত বজাৰত সহজতে পোৱা বীজৰ দ্বাৰাই  খেতি কৰিবলৈ বাধ্য হয় অথবা খেতি কৰিবলৈ অসমৰ্থ হয়।

মৰাপাটৰ বীজ উৎপাদকৰ বাবে শস্যৰ বীজ সিঁচাৰ উপযুক্ত সময় হ’ল- আহাৰ –শাওণ মাহ। অৱশ্যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ মধ্য অসম অঞ্চলত বীজ সামান্য আগতীয়াকৈ জেঠ-আহাৰ মাহত সিঁচিব লাগে। ইয়াৰ বাবে বালিচহীয়া অথবা দোমোজীয়া মাটি নিৰ্বাচন কৰি ভালদৰে ৫/৬ বাৰ চহাই, বন-বাত, গছৰ মুঢ়া আদি আঁতৰাই মৈয়াই মিহি কৰি সমান কৰি ল’ব লাগে। বীজ সিঁচিবৰ বাবে এফুট আঁতৰে আঁতৰে শাৰী শাৰীকৈ বিঘাই প্ৰতি তিতা মৰাৰ ক্ষেত্ৰত ৮০০ গ্ৰাম আৰু মিঠা মৰাৰ ক্ষেত্ৰত ৫৫০ গ্ৰাম সিঁচি ২০-২৫ দিন পাছত আধাফুট আঁতৰে আঁতৰে পাতলাই দিব লাগে। ছটিয়াই সিঁচিলে উপৰোক্ত মৰাপাটৰ ক্ষেত্ৰত বিঘাই প্ৰতি ক্ৰমে ১.৫ কেজি আৰু ১ কেজি বীজৰ প্ৰয়োজন হয়।

সাৰ প্ৰয়োগ -

মাটিৰ স্বাস্থ্য অক্ষুণ্ণ  ৰাখিবলৈ আৰু উন্নত কৰিবলৈ মাটি প্ৰস্তুতিৰ আৰম্ভণিতেই যথেষ্ট পৰিমাণে ভালকৈ পচা গোবৰ সাৰ নাইবা পচনসাৰ প্ৰয়োগ কৰিব লাগে। ৰাসায়নিক সাৰৰ ভিতৰত বিঘাই প্ৰতি ১৬ কেজি একিক ছুপাৰ ফছফেট আৰু ৪.৫ কেজি মিউৰিয়েট অৱ পটাছ সাৰ সিঁচাৰ আগেয়ে মাটিৰ লগত ভালদৰে মিহলি কৰি দি ৬ কেজি ইউৰিয়া সাৰ শস্যৰ বয়স ৩/৪ সপ্তাহ হোৱাত টপড্ৰেছিং কৰিব লাগে।

শস্যৰ যতন -

বতৰ আৰু মাটিৰ ব্যৱস্থা সুবিধাজনক হৈ থকা বাবে এই সময়ত বন-বাতৰ উপদ্ৰৱ যথেষ্ট হয়। সেয়েহে শস্যৰ ৩-৪ সপ্তাহ আৰু ৫-৬ সপ্তাহ বয়স হোৱাত পথাৰডৰাৰ বন-বাত নিৰাই দিব পাৰিলে ভাল। তদুপৰি সিঁচাৰ ২০-২৫ দিন পাছত ঘনকৈ গজা পুলিবোৰ উভালি পাতলাই দিব লাগে।

শস্য চপোৱা -

শস্য চপোৱাৰ কাম ছেঁইবোৰ ফাটিব ধৰাৰ আগেয়ে পুৰঠ অৱস্থাত চপাব লাগে। গছবোৰ ভালদৰে ৰ’দত শুকুৱাই লৈ গুটিবোৰ কোবাই বাহিৰ কৰিব লাগে।

মন কৰিবলগীয়া: শস্যৰ বীজ উৎপাদন কৰিবলৈ নিৰ্দিষ্ট জাতৰ মুল বীজ নিৰ্ভৰযোগ্য বা অনুমোদিত প্ৰতিষ্ঠানৰ পৰা সংগ্ৰহ কৰা উচিত। বীজ সিঁচাৰ সময়ত বিশেষভাৱে মন কৰিবলগীয়া বিষয়সমুহ হ’ল- পথাৰ নিৰ্বাচন, পৃথকীকৰণ দুৰত্ব, বীজ শোধন, সঁচাৰ সময় আৰু বীজৰ পৰিমাণ, সিঁচাৰ পদ্ধতি, অলাগতিয়াল গছ অপসাৰণ, অপতৃণ নিয়ন্ত্ৰণ, সাৰ প্ৰয়োগ, শস্যৰক্ষা, শস্য চপোৱা, শুকোৱা আৰু সংৰক্ষণ আদি।

লেখক: ড° চিন্ময় কুমাৰ শৰ্মা

উৎস: আধুনিক কৃষিকথা (শস্য ব্যৱস্থাপনা)

 

 

 

3.0303030303
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top