অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শাক-পাচলিৰ খেতি :

শাক-পাচলিৰ খেতিৰ বিষয়য়ে লিখা হৈছে ।

 

শাক-পাচলি প্ৰকৃতিৰ এক অনবদ্য উপহাৰ। ই এবিধ উৎকৃষ্ট উদ্ভিদজাত পুষ্টিকৰ খাদ্য। মানৱ শৰীৰ সুস্থ-সবল, যৌৱনদীপ্ত আৰু ৰোগমুক্ত কৰিব ৰাখিবলৈ আৱশ্যকীয় পৰিপোষকসমূহৰ সৰ্বোত্তম, সহজলভ্য উৎস হ’ল শাক-পাচলি।

উল্লেখযোগ্য যে সতেজ শাক-পাচলিসমূহ খাদ্যপ্ৰাণ, খনিজ পদাৰ্থ, চেলুল’জ বা আঁহজাতীয় পদাৰ্থ, শৰ্কৰা, ফেটি এচিড, এন্টিঅক্সিডেন্ট আদিৰে পৰিপূৰ্ণ। নিয়মিত শাক-পাচলি ভোজন কৰিলে কৰ্কট ৰোগ, হৃদৰোগ, মধুমেহ, ৰেটিনাৰ অৱক্ষয় আদি দুৰাৰোগ্য ৰোগ প্ৰতিৰোধী শক্তি বৃদ্ধি কৰে বুলি গৱেষকসকলে মত প্ৰকাশ কৰিছে।

শাক-পাচলি সুৰক্ষিত স্বাস্থ্যৰ সহায়ক হোৱাৰ উপৰি আৰ্থিক অৱদানো অতুলনীয়। অন্যান্য শস্যৰ তুলনাত প্ৰতি একক্ মাটিত শাক-পাচলিৰ উৎপাদন অধিক হোৱা হেতুকে উপাৰ্জনো বেছি। নিম্নোক্ত তালিকাৰ পৰা এই কথা সহজেই অনুমেয়।

তালিকা নং-১:

শাক-পাচলি আৰু আন খাদ্যশস্য প্ৰতি একক মাটিত তুলনামূলক উৎপাদনৰ নিদৰ্শন।

 

ক্ৰমিক নং

শস্য

গড় উৎপাদন(কুঃ/হেঃ)

গোমধান

২০-২৫

ধান

২৫-৩০

আলু

১৫০-২০০

ফুলকবি

১২৫-১৭৫

তৰমুজ

২০০-২২৫

বিলাহী

২০০-২৫০

মটৰ

৬০-৭০

ভেণ্ডি

১০০-২০০

 

উৎপাদন দক্ষতাৰ উপৰি শাক-পাচলিৰ কৃষিকাল হ্ৰস্বকালীন হোৱা হেতুকে শস্যক্ৰমত সুন্দৰভাৱে খাপ খায় আৰু অন্তৰ্ৱতী শস্য হিচাপেও উপাদেয়। ইয়াৰোপৰি শাক-পাচলি সহজভাৱেই হওক কিম্বা পৰিসফূটিত খাদ্যদ্ৰব্য হিচাপেই হওক, ৰপ্তানিযোগ্য সামগ্ৰী। সেয়েহে বৰ্তমান কালত সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো শাক-পাচলি শাৰীৰিক স্বাস্থ্য, উপাৰ্জন তথা আত্মসংস্থাপনৰ নিৰ্ণায়ক পথ হিচাপে চিহ্নিত হৈছে। ভাৰতবৰ্ষত শাক-পাচলিৰ খেতিয়ে আশানুৰূপ গুৰুত্ব লাভ কৰাৰ পৰিপ্ৰেক্ষিতত, প্ৰাক স্বাধীনতা কালৰ ১৫ নিযুত টন উৎদানৰ বিপৰীতে বৰ্তমান(২০০৬-০৭) বছৰি ১১১.৮০ নিযুত টন শাক-পাচলি উৎপাদন কৰি বিশ্বৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

অসমৰ মাটি আৰু জলবায়ু অনুকুল হোৱা হেতুকে শাক-পাচলিৰ খেতিয়ে ৰাজ্যখনত দ্ৰুতভাৱে প্ৰসাৰ লাভ কৰিছে। ৰাজ্যখনৰ ভৈয়াম তথা পাহাৰীয়া এলেকাত শাক-পাচলিৰ খেতিয়ে দ্ৰুতগতিত বাণিজ্যিক ৰূপ লৈছে। ঘৰুৱা বাৰীৰ পৰা আৰম্ভ কৰি চৰ-চাপৰিৰ বিস্তীৰ্ণ অঞ্চলত শাক-পাচলিৰ খেতিয়ে বাণিজ্যিক ৰূপত আত্মপ্ৰকাশ কৰিছে। অগণন যুৱক-যুৱতী স্বাৱলম্বী হোৱাৰ প্ৰয়াসেৰে শাক-পাচলিৰ খেতিত ব্ৰতী হৈছে। আধুনিক কৃষি প্ৰযুক্তিৰ প্ৰয়োগে ৰাজ্যখনৰ নিৰ্দিষ্ট এলেকাত শাক-পাচলিৰ খেতিত এক স্বকীয় মাত্ৰা প্ৰদান কৰিছে। ক্ৰমাগতভাৱে প্ৰসাৰ লাভ কৰি বৰ্তমান আমাৰ ৰাজ্যখনে ২ লাখ ৩৬ হেজাৰ হেক্টৰ মাটিকালিৰ পৰা ৩৮ লাখ ৮৭ হেজাৰ টন শাক-পাচলি উৎপাদন কৰিবলৈ সক্ষম হৈছে।

আমাৰ ৰাজ্যখনত বছৰটোৰ বাৰমাহে শাক-পাচলি খেতি কৰিব পৰাকৈ প্ৰযুক্তিগত সমল যথেষ্ট আছে। খেতিয়কসকলক উন্নত মানৰ বীজ তথা অন্যান্য পণ্য সামগ্ৰীৰ নিয়মীয়া উপলব্ধতাৰ লগত বিপণন ব্যৱস্থা সুনিশ্চিত কৰিব পাৰিলে ৰাজ্যখনে শাক-পাচলি উৎপাদনৰ ক্ষেত্ৰত এক অভিলেখ গঢ়াৰ সম্ভাৱনা আছে। আন শস্যৰ তুলনাত শাক-পাচলি খেতিৰ পৰা যথেষ্ট আয় কৰিব পাৰি। কেইবিধমান শাক-পাচলিৰ খেতিৰ ব্যয়-লাভৰ অনুপাত তলত দিয়া হ’ল।

 

বন্ধাকবি

১ : ৩.২

ফুলকবি

১ : ৩.২

ওলকবি

১ : ১.৬

বিলাহী

১ : ৪.৭

আলু

১ : ১.৮

বেঙেনা

১ : ৩.২

পিঁয়াজ

১ : ৩.২

গাজৰ

১ : ৫.৫

ফ্ৰেন্সবীন

১ : ৩.৩

মূলা

১ : ১.৮

মটৰ

১ : ২.৩

স্কোৱাছ

১ : ৩.৬

পালেং

১ : ২.৭

কোমোৰা

১ : ৬.৮

জিকা

১ : ১.৫

তিয়ঁহ

১ : ২.০

ভেণ্ডি

১ : ২.৯

ভাতকেৰেলা

১ : ৩.০

তিতাকেৰেলা

১ : ৪.০

লেচেৰামাহ

১ : ১.৪

জলকীয়া

১ : ২.৬

কেপচিকাম

১ : ৮.৭

পটল

১ : ৩.৩

ৰঙালাও

১ : ১.৬

জাতিলাও

১ : ৩.০

কচু

১ : ৩.৯

উৰহী

১ : ২.০

অমিতা

১ : ৩.১

 

উক্ত পটভূমিৰ পৰিপ্ৰেক্ষিততে কেইবিধমান মুখ্য শাক-পাচলিৰ প্ৰযুক্তিগত দিশসমূহ ইয়াত পৰ্যালোচনা কৰা হ’ল।

বন্ধাকবি -

বন্ধাকবি হৈছে ভাৰতবৰ্ষৰ এক অন্যতম পাচলি। খনিজ লৱণ আৰু খাদ্যপ্ৰাণ ক, খ, B1, B2 আৰু C সমৃদ্ধ বন্ধাকবি পাচলি হিচাপে খোৱাৰ উপৰি চালাদ আৰু আচাৰ তৈয়াৰ কৰোঁতেও বহুলভাৱে ব্যৱহৃত হয়। প্ৰতি ১০০ গ্ৰাম বন্ধাকবিত থকা বিভিন্ন পৌষ্টিক দ্ৰব্যৰ পৰিমান নিম্নোক্ত ধৰণৰ-

 

উৎপাদন

পৰিমাণ

পানী

৯২.১ গ্ৰাম

প্ৰ’টিন

১.৪ গ্ৰাম

চৰ্বী

২.০ গ্ৰাম

শৰ্কৰা

৫.৭ গ্ৰাম

খাদ্যপ্ৰাণ A

৭০ আই ইউ

খাদ্যপ্ৰাণ B1

০.০৪ মি.গ্ৰা.

খাদ্যপ্ৰাণ B2

০.০৪ মি.গ্ৰা.

খাদ্যপ্ৰাণ B6

০.১১ মি.গ্ৰা.

খাদ্যপ্ৰাণ C

৪৬.০০ মি.গ্ৰা.

ফছফৰাছ

২৮.০০ মি.গ্ৰা.

কেলচিয়াম

৪৬.০০ মি.গ্ৰা.

পটাচিয়াম

১২৭.০০ মি.গ্ৰা.

ছডিয়াম

১৩.০০ মি.গ্ৰা।

 

অনুমোদিত জাত -

আগতীয়া: গলডেন একৰ, প্ৰাইড অৱ ইণ্ডিয়া

শেহতীয়া: ড্ৰামহেড, ইক্লিপছ ড্ৰামহেড

হাইব্ৰিড: গ্ৰীণ এক্সপ্ৰেছ, ৰেয়াৰ বল

মাটি -

সকলোধৰণৰ মাটিতে বন্ধাকবি খেতি কৰিব পাৰি যদিও আগতীয়া খেতিৰ বাবে বালিঅঁহীয়া আৰু শেহতীয়া খেতিৰ বাবে পলসুৱা, পানী ওলাই যাব পৰা কিন্তু জীপ থকা, ৫.৫ৰ পৰা ৬.৫ অম্লতাবিশিষ্ট মাটিয়েই উপযুক্ত।

পুলি প্ৰস্তুতি -

সকলোবোৰ কবি, বিলাহী, বেঙেনা, জলকীয়াৰ বাবে পুলি প্ৰস্তুতি কাৰ্য একে। তাৰ বাবে পুলিবাৰী প্ৰস্তুতি আৰু পুলি প্ৰস্তুতি শিতান চাওক।

মাটি প্ৰস্তুতি -

মাটিডৰা ৪-৫ বাৰ হাল বাই মৈয়াই মিহি কৰি গোবৰ বা পচনসাৰ মিহলি কৰি ল’ব লাগে। আম্লিক মাটিত মাটি পৰীক্ষাৰ ওপৰত ভিত্তি কৰি তিনি বছৰৰ মূৰে মূৰে চূণ প্ৰয়োগ কৰি ল’ব পাৰিলে ভাল। চূণ সাধাৰণতে খেতি আৰম্ভ কৰাৰ এমাহ পূৰ্বে প্ৰয়োগ কৰিব লাগে।

বীজৰ পৰিমাণ -

আগতীয়া খেতিৰ বাবে বিঘাই প্ৰতি ১০৭ গ্ৰাম। শেহতীয়া খেতিৰ বাবে বিঘাই প্ৰতি ৬০ গ্ৰাম। বীজ সিঁচোতে প্ৰতি বৰ্গমিটাৰ পুলিবাৰীত ১০ গ্ৰাম হিচাপে বীজ ছটিয়াব লাগে।

বীজ সিঁচাৰ সময়:

ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা নৱেম্বৰ মাহৰ শেষৰ সপ্তাহলৈকে।

ৰোপণ দূৰত্ব:

আগতীয়া খেতিৰ বাবে শাৰীৰ পৰা শাৰীৰ দূৰত্ব ৬০ চে.মি.(২ ফুট), পুলিৰ পৰা দূৰত্ব ৩০ চে.মি.(১ ফুট)। শেহতীয়া খেতিৰ বাবে শাৰীৰ দূৰত্ব ৬০ চে.মি.(২ ফুট), পুলিৰ পৰা পুলিৰ দূৰত্ব ৬০ চে.মি.(২ ফুট)।

জৈৱিক আৰু ৰাসায়নিক সাৰ প্ৰয়োগ -

বন্ধাকবিৰ খেতিত এবিঘা মাটিৰ বাবে অনুমোদিত সাৰৰ পৰিমাণ হৈছে পচা গোবৰ বা পচনসাৰ ১ টন, ইউৰিয়া ৩৫ কেজি, একক ছুপাৰ ফছফেট ৫০ কেজি আৰু মিউৰিয়েট অৱ পটাছ ১৩ কেজি আৰু সুৱগা ১ কেজি। এই সাৰৰ আধাভাগ ইউৰিয়া বাদ দি সমুদায় সাৰ শেষৰবাৰ মাটি চহ কৰাৰ আগতে হাল বাই মৈয়াই ল’ব লাগে। বাকীভাগ ইউৰিয়া সাৰ পথাৰত পুলি ৰোৱাৰ এমাহৰ পাছত পুলিৰ গুৰি বা দুটি শাৰীৰ মাজত পাতলীয়া লোৰ কৰি গোবৰৰ লগত মিহলাই প্ৰয়োগ কৰি মাটিৰে ঢাকি দিব লাগে।

পৰিচৰ্যা -

জলসিঞ্চন:

ৰোৱাৰ পাছৰে পৰা পুলিটো ঠন ধৰি উঠালৈকে পাতলীয়া জলসিঞ্চন কৰি পাছলৈ প্ৰয়োজন অনুসৰি প্ৰয়োগ কৰিব লাগে। জলসিঞ্চন সমভাৱে কৰিলে কবিবোৰত ফাট নেমেলে।

বন-বাত নিয়ন্ত্ৰণ:

পুলি ৰোৱাৰ ২০ দিন আৰু ৪০ দিন পাছত এবাৰকৈ নিৰণি কৰি খেতিডৰা অপতৃণমুক্ত কৰি ৰাখিব পাৰি।

ফুলকবি:

ভাৰতবৰ্ষৰ প্ৰধান পাচলিবোৰৰ ভিতৰত ফুলকবিও অন্যতম। ফুলকবিৰ খেতি খৰালি কৰা হয় আৰু তৰকাৰী, চুৰুহা বা আচাৰ তৈয়াৰ কৰিবলৈ ব্যৱহৃত হয়। সিজোৱা ফুলকবিত যথেষ্ট পৰিমাণৰ খাদ্যপ্ৰাণ B আৰু প্ৰ’টিন অটুট থাকে।

পুষ্টিৰ গুণাগুণ -

খোৱাৰ উপযোগী প্ৰতি ১০০ গ্ৰাম ফুলকবিত থকা পুষ্টিগত গুণাগুণ এনেধৰণৰ-

 

পানী

৯১.৭ গ্ৰাম

প্ৰ’টিন

২.৪ গ্ৰাম

মুঠ চৰ্বী

০.২ গ্ৰাম

মুঠ শৰ্কৰা

৪.৯ গ্ৰাম

খাদ্যপ্ৰাণ A

৯০ আই ইউ

খাদ্যপ্ৰাণ B1

০.১১ মি.গ্ৰা.

খাদ্যপ্ৰাণ  B2

০.১০ মি.গ্ৰা.

খাদ্যপ্ৰাণ B6

০.২০ মি.গ্ৰা.

খাদ্যপ্ৰাণ C

৬০.০ মি.গ্ৰা.

খাদ্যপ্ৰাণ K

৩.৬ মি.গ্ৰা.

ফেটি এচিড

০.০০২ মি.গ্ৰা.

চাইট্ৰিক এচিড

২১০ মি.গ্ৰা.

মেলিক এচিড

৩৯০ মি.গ্ৰা.

ছডিয়াম

১৬ মি.গ্ৰা.

পটাচিয়াম

৪০০ মি.গ্ৰা.

লো

১.১ মি.গ্ৰা.

ফচফৰাচ

৭২ মি.গ্ৰা.

গন্ধক

২৯ মি.গ্ৰা.

ক্লৰিণ

৩০ মি.গ্ৰা.

 

উন্নত জাত -

আগতীয়া: আৰ্লি কুঁৱৰী, পুচা কেটকী, পুচা দিপালী

মধ্যমীয়া সময়ৰ: ইম্প্ৰ’ভড জাপানীজ, পুচা ছিনথেটিক, পুচা স্ন’বল, ,মেইন ক্ৰপপাটনা

শেহতীয়া: স্ন’বল-১৬, পুচা স্ন’বল, কে-১, হিচাৰ-১

হাইব্ৰীড: স্বাতী, হিমানি

মাটি:

পানী জমা নোহোৱা বালিঅঁহীয়া মাটি আগতীয়া ফুলকবিৰ বাবে পলসুৱা মাটি মধ্যকালীন তথা শেহতীয়া খেতিৰ বাবে উপযুক্ত। এই খেতিৰ বাবে উপযুক্ত pH হৈছে ৬-৭।

পুলি প্ৰস্তুতি:

‘পুলিবাৰীত পুলিৰ প্ৰস্তুতি’ চাওক।

মূল পথাৰৰ মাটি প্ৰস্তুতি -

মাৰিডৰা ৪-৫ বাৰ হাল বাই মৈয়াই মিহি কৰি গোবৰ বা পচনসাৰ মিহলি কৰি ল’ব লাগে। আম্লিক মাটিত মাটি পৰীক্ষাৰ ওপৰত ভিত্তি কৰি তিনি বছৰৰ মূৰে মূৰে চূণ আয়োগ কৰি ল’ব পাৰিলে ভাল। চূণ প্ৰয়োগ কৰিলে ৰোৱাৰ এমাহ পূৰ্বে প্ৰয়োগ কৰিব লাগে।

বীজৰ পৰিমাণ:

আগতীয়া খেতিৰ বাবে বিঘাই প্ৰতি ৮০ গ্ৰাম। মধ্যমীয়া সময়ৰ খেতিৰ বাবে বিঘাই প্ৰতি ৫৩ গ্ৰাম। শেহতীয়া খেতিৰ বাবে বিঘাই প্ৰতি ৮০ গ্ৰাম।

বীজ সিঁচাৰ সময়:

আগতীয়া: মধ্য জুলাইৰ পৰা মধ্য আগষ্ট, অক্টোবৰত পূৰঠ হয়।

মধ্যমীয়া সময়: ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা অক্টোবৰৰ শেষৰ সপ্তাহ(ডিচেম্বৰ-জানুৱাৰীত পূৰঠ হয়)।

শেহতীয়া: নৱেম্বৰৰ প্ৰথম সপ্তাহ পৰ্যন্ত, ফেব্ৰুৱাৰী-মাৰ্চত পূৰঠ হয়।

উত্তৰ ব্ৰহ্মপুত্ৰ সমভূমি মণ্ডলৰ বাবে-

আগতীয়া: আগষ্ট মাহৰ শেষৰ সপ্তাহ,

মধ্যমীয়া সময়: নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহ,

শেহতীয়া: নৱেম্বৰৰ শেষৰ সপ্তাহ।

ৰোপণ দূৰত্ব:

আগতীয়া: দুটা শাৰীৰ মাজত্ আৰু দুটা পুলিৰ মাজত ১ ১/২ ফুট(৪৫ চে.মি.),

মধ্যমীয়া সময়: দুটা শাৰীৰ মাজত আৰু দুটা পুলিৰ মাজত ২ ফুট(৬০ চে.মি.),

শেহতীয়া: দুটা শাৰীৰ মাজত আৰু দুটা পুলিৰ মাজত ১ ১/২ ফুট(৪৫ চে.মি.)।

জৈৱিক আৰু ৰাসায়নিক সাৰ প্ৰয়োগ -

বন্ধাকবি খেতিৰ বাবে বিঘাই প্ৰতি ১.৩ কুইন্টল পচা গোবৰ, ২৩ কেজি ইউৰিয়া, ৫০ কেজি একক ছুপাৰ ফছফেট, ১৩ কেজি মিউৰিয়েট অৱ পটাছ আৰু ১ কেজি সুৱগা প্ৰয়োগ কৰিব লাগে। ইয়াৰ আধাভাগ ইউৰিয়া আৰু বাকী সকলো সাৰ শেষৰবাৰ মাটি চহ কৰাৰ সময়ত প্ৰয়োগ কৰিব লাগে। বাকী আধাভাগ ইউৰিয়া পুলি ৰোৱাৰ এমাহৰ পাছত পুলিৰ গুৰিত প্ৰয়োগ কৰিব লাগে। ৰোৱাৰ সময়ত সুৱগা প্ৰয়োগ নকৰিলে ০.২ ৰ পৰা ০.৩ শতাংশ সুৱগা(অৰ্থাৎ ২১০-৩২০ গ্ৰাম প্ৰতি বিঘাৰ বাবে ১০৬ লিটাৰ পানীত মিহলাই) ছটিয়াই দিব লাগে। মলিবডেনামৰ অভাৱৰ পৰা বাচিবলৈ(অণুসাৰৰ অভাৱত বিসংগতি শিতান চাওক) ৰাসায়নিক সাৰৰ লগত বিঘাই প্ৰতি ৪০ গ্ৰাম এমনিয়াম মলিবডেট প্ৰয়োগ কৰিব লাগে। বজাৰত সহজলভ্য অণুসাৰৰ মিশ্ৰণো প্ৰয়োগ কৰিব পৰা যায়।

জলসিঞ্চন:

ৰোৱাৰ পাছতেই পাতলীয়াকৈ এবাৰ আৰু প্ৰয়োজন সাপেক্ষে জলসিঞ্চন কৰিব লাগে।

বন-বাত/অপতৃণ নিয়ন্ত্ৰণ:

পুলি ৰোৱাৰ ২০ দিন আৰু ৪০ দিন পাছত এবাৰকৈ বন-বাত নিয়ন্ত্ৰণ কৰিব লাগে।

ওলকবি -

ওলকবিও এক প্ৰয়োজনীয় আৰু পুষ্টিকৰ পাচলি। পুষ্টিৰ ফালৰ পৰা চাবলৈ হ’লে প্ৰতি ১০০ গ্ৰাম ওলকবিত ৯০.১ গ্ৰাঃ পানী, ২.১ গ্ৰাম প্ৰ’টিন, ০.১ গ্ৰাম মুঠ চৰ্বী, ৬.৭ গ্ৰাঃ শৰ্কৰা, ১.১ গ্ৰাম আঁহজাতীয় পদাৰ্থ থকাৰ উপৰি ৩৪ আই ইউ খাদ্যপ্ৰাণ A, ৩৩ মি.গ্ৰা. খাদ্যপ্ৰাণ C, ২৯২ মি.গ্ৰা. খাদ্যপ্ৰাণ K, ৪৫ মি.গ্ৰা. কেলচিয়াম, ৪৮ মি.গ্ৰা. মেগনেচিয়াম, ০.১৪ মি.গ্ৰা. আইৰণ, ৫০.০ মি.গ্ৰা. ফছফৰাছ আৰু ৫৭ মি.গ্ৰা. ক্লৰিণ থাকে।

উন্নত সঁচ:

আগতীয়া: হোৱাইট ভিয়েনা

শেহতীয়া: পাৰ্পল ভিয়েনা

মাটি:

ওলকবি খেতিৰ বাবে ৫.৫-৬.৫ pH বিশিষ্ট বালিঅঁহীয়া মাটিয়েই উপযুক্ত।

পুলি প্ৰস্তুতি:

‘পুলিবাৰী আৰু পুলি প্ৰস্তুতি’ শিতান চাওক।

মূল পথাৰৰ মাটি প্ৰস্তুতি:

মাটিডৰা ৪-৫ বাৰ হাই বাই মৈয়াই মিহি কৰি গোবৰ বা পচনসাৰ মিহলি কৰি ল’ব লাগে।

বীজৰ পৰিমাণ:

এবিঘা মাটিত ওলকবিৰ খেতি কৰিবলৈ হ’লে ১৬৬ গ্ৰাম বীজৰ আৱশ্যক হয়। পুলিবাৰীৰ প্ৰতি বৰ্গমিটাৰত ১০ গ্ৰাম বীজ ছটিয়াব লাগে।

বীজ সিঁচাৰ সময়:

ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা নৱেম্বৰ মাহৰ শেষৰ সপ্তাহলৈকে ওলকবিৰ বীজ সিঁচিব পাৰি।

ৰোপণ দূৰত্ব:

শাৰীৰ পৰা শাৰীৰ মাজত ৩০ চে.মি. আৰু পুলিৰ পৰা পুলিৰ দূৰত্ব ২৫ চে.মি.।

জৈৱিক আৰু ৰাসায়নিক সাৰ প্ৰয়োগ -

ওলকবি শস্যত এবিঘা মাটিৰ বাবে প্ৰয়োজনীয় অনুমোদিত সাৰ হৈছে এক টন গোবৰ বা পচনসাৰ, ইউৰিয়া ২৩ কিলোগ্ৰাম, একক ছুপাৰ ফছফেট ৫০ কিলোগ্ৰাম আৰু মিউৰিয়েট অৱ পটাছ ১৩ কিলোগ্ৰাম। ইউৰিয়া সাৰৰ আধাভাগ আৰু বাকী সমুদায় সাৰ শেষৰবাৰ মাটি চহ কৰাৰ সময়ত প্ৰয়োগ কৰিব লাগে। বাকী থকা আধাভাগ ইউৰিয়া সাৰ পুলি ৰোৱাৰ ২০ দিনৰ পাছত গছৰ গুৰিত বা দুটা শাৰীৰ মাজত পাতলীয়া লোৰ কৰি গোবৰৰ লগত মিহলাই প্ৰয়োগ কৰিব লাগে। অসমৰ ক্ষেত্ৰত উপৰোক্ত সাৰৰ লগত ব’ৰাক্স ১ কেজি প্ৰতি বিঘা হিচাপত প্ৰয়োগ কৰা ভাল।

পৰিচৰ্যা:

জলসিঞ্চন:

ৰোৱাৰ পাছৰে পৰা পুলিটো ঠন ধৰি উঠালৈকে পাতলীয়া জলসিঞ্চন কৰি পাছলৈ প্ৰয়োজন অনুসৰি প্ৰয়োগ কৰিব লাগে। জলসিঞ্চন সমভাৱে কৰিলে কবিবোৰত ফাট নেমেলে।

বন-বাত নিয়ন্ত্ৰণ:

পুলি ৰোৱাৰ ২০ দিন আৰু ৪০ দিন পাছত এবাৰকৈ নিৰণি কৰি খেতিডৰা অপতৃণমুক্ত কৰি ৰাখিব পাৰি।

আনুষংগিক বিসংগতি -

কেতিয়াবা ওলকবি খেতিত কবিটো ফাটি যোৱা দেখা যায়। মাটিডৰাত বৰণ সাৰৰ অভাৱ হ’লে অথবা পটাছ সাৰৰ অভাৱ হ’লে এনে সমস্যাই দেখা দিয়ে। এনে সমস্যা দেখা দিলে ওপৰত উল্লেখ কৰাৰ দৰে ব’ৰাক্স সাৰ আৰু পটাছ সাৰ প্ৰয়োগ কৰিলে সমস্যাটোৰ পৰা উপশম পোৱা যায়। পানীৰ অভাৱৰ বাবেও কেতিয়াবা এনে সমস্যা দেখা দিয়ে। এবাৰ পানী দি দীৰ্ঘদিন পানী নিদিয়াকৈ থাকি আকৌ একেদিনাই সৰহকৈ পানী প্ৰয়োগ কৰিলে গছজোপাই পানীৰ সমতা ৰক্ষা কৰিব নোৱাৰে আৰু ফলস্বৰূপে কবিবোৰ ফাটি যায়। সেয়েহে কমকৈ হ’লেও ওলকবিত নিয়মীয়াকৈ জনসিঞ্চন কৰা উচিত।

বিলাহী -

বিলাহী হৈছে এক জনপ্ৰিয় আৰু সফলতাৰে কৰিব পৰা খেতি। এই পাচলি অন্যান্য শাক-পাচলিৰ লগত মিহলি কৰি তৰকাৰী হিচাপে খোৱাৰ উপৰি কেঁচাই চালাড হিচাপে খোৱা হয়। চুপ, আচাৰ, চচ, কেটচাপ আদি প্ৰস্তুত কৰাটো এই পাচলি ব্যৱহাৰ হয়। বিলাহীত প্ৰচুৰ পৰিমাণৰ খাদ্যপ্ৰাণ আৰু খনিজ লৱণ থাকে।

পুষ্টিৰ গুণাগুণ:

প্ৰতি ১০০ গ্ৰাম বিলাহীত থকা পুষ্টিগত গুণাগুণ এনেধৰণৰ-

 

পানী

৯৪.১ গ্ৰাম

প্ৰ’টিন

১.০ গ্ৰাম

চৰ্বীজাতীয় পদাৰ্থ

০.৫ গ্ৰাম

শৰ্কৰা

৪.০ গ্ৰাম

আঁহজাতীয় পদাৰ্থ

০.৬ গ্ৰাম

খাদ্যপ্ৰাণ A

১১০০ আই ইউ

খাদ্যপ্ৰাণ B

০.২ মি.গ্ৰা.

খাদ্যপ্ৰাণ C

২৩ মি.গ্ৰা.

নিকটিনিক এচিড

০.৬ মি.গ্ৰা.

পেন্টথেনিক এচিড

০.৩১ মি.গ্ৰা.

খাদ্যপ্ৰাণ

০.২৭ মি.গ্ৰা.

বায়টিন

০.০০৪ মি.গ্ৰা.

মেলিক এচিড

১৫০ মি.গ্ৰা.

চাইট্ৰিক এচিড

৩৯০ মি.গ্ৰা.

অক্সেলিক এচিড

৭.৫ মি.গ্ৰা.

ছডিয়াম

৩.০ মি.গ্ৰা.

পটাচিয়াম

২৬৮.০ মি.গ্ৰা.

কেলচিয়াম

১১.০ মি.গ্ৰা.

মেগনেচিয়া

১১.০ মি.গ্ৰা.

লো

১.৬ মি.গ্ৰা.

তাম

০.১ মি.গ্ৰা.

মেংগানিজ

০.১৯ মি.গ্ৰা.

ফছফৰাছ

২৭.০ মি.গ্ৰা.

গন্ধক

১১.০ মি.গ্ৰা.

ক্লৰিণ

৫১.০ মি.গ্ৰা.

 

জাত নিৰ্বাচন:

অসমৰ জলবায়ু আৰু মাটিৰ বাবে অনুমোদিত উন্নত জাত হৈছে পঞ্জাব চুহাৰা, এছ-১২, পঞ্জাব কেশৰী, পুচা আৰ্লি ডুৱাৰ্ফ, চিয়ক্স, পুচা ৰূবী, ভি চি ৪৮-১, আৰ্কা আভা, আৰ্কা আলোক। হাইব্ৰীড হৈছে ৰূপালী, বৈশালী, নবীন, মংগলা, ৰজনী, ত্ৰিশূল, ৰশ্মি, অবিনাশ, ৰকি ইত্যাদি।

মাটি আৰু মাটিৰ প্ৰস্তুতি:

বিলাহী খেতিৰ বাবে পানী জমা নোহোৱা প্ৰচুৰ জৈৱিক পদাৰ্থৰে পুষ্ট, pH ৫ৰ পৰা ৭ বিশিষ্ট মাটিয়েই উত্তম। মাটিখিনি ৪-৫ বাৰ দ’কৈ হাল বাই মিহি কৰি মৈয়াই সমান কৰি ল’ব লাগে। আম্লিক মাটিত অতি কমেও ১০-১৫ দিনৰ আগতে চূণ প্ৰয়োগ কৰি ল’ব পাৰিলে ভাল। মাটিডৰাৰ অম্লতা উপযুক্ত কৰিবলৈ হ’লে অম্লতাৰ মানৰ ওপৰত নিৰ্ভৰ কৰি তিনি বছৰৰ মূৰে মূৰে প্ৰতি বিঘাত ১ কুইন্টল হাৰত চূণ প্ৰয়োগ কৰিব লাগে।

বীজৰ পৰিমাণ:

এবিঘা মাটিৰ বাবে উন্নত জাতৰ ৬৬ গ্ৰাম আৰু হাইব্ৰীডৰ ২০ গ্ৰাম বীজৰ প্ৰয়োজন হয়।

সিঁচাৰ সময়:

সাধাৰণতে বিলাহীৰ বীজ সিঁচাৰ উপযুক্ত সময় হৈছে অক্টোবৰ-নৱেম্বৰ।

পুলি প্ৰস্তুতি:

বিলাহীৰ পুলি প্ৰস্তুত কৰিবৰ বাবে ‘পুলিবাৰী আৰু পুলি প্ৰস্তুতি’ শিতান চাওক।

ৰোপণ দূৰত্ব:

উন্নত, উচ্চ উৎপাদনক্ষম জাতৰ ক্ষেত্ৰত শাৰীৰ পৰা শাৰীৰ দূৰত্ব ৫০-৭৫ চে.মি. আৰু পুলিৰ পৰা পুলিৰ দূৰত্ব ৩০ চে.মি. ৰাখিব লাগে।

জৈৱিক আৰু ৰাসায়নিক সাৰ প্ৰয়োগ:

এবিঘা বিলাহীৰ খেতিৰ বাবে ১ টন গোবৰ বা পচনসাৰ, ২১ কিলোগ্ৰাম ইউৰিয়া, ৫০ কিলোগ্ৰাম একক ছুপাৰ ফছফেট আৰু ১৩ কিলোগ্ৰাম মিউৰিয়েট অৱ পটাছ সাৰৰ অনুমোদন আছে। ইয়াৰে আধাভাগ ইউৰিয়া আৰু সমুদায় সাৰ শেষৰবাৰ মাটি চহ কৰাৰ সময়ত প্ৰয়োগ কৰিব লাগে। বাকী থকা আধাভাগ ইউৰিয়া পুলি ৰোৱাৰ এমাহৰ পাছৰ পৰা গোবৰৰ লগত মিহলি কৰি পুলিৰ গুৰিত প্ৰয়োগ কৰিব লাগে।

বিলাহীত নাইট্ৰ’জেন সাৰ পাতত প্ৰয়োগ কৰি সুফল পোৱা যায়। তাকে কৰিবলৈ হ’লে ৰোৱাৰ সময়ত বিঘাই প্ৰতি ১২ কিলোগ্ৰাম আৰু ৰোৱাৰ পাছত বিঘাই প্ৰতি ৬ কিলোগ্ৰাম ইউৰিয়া সাৰৰ প্ৰয়োজন হয়। ৰোৱাৰ পাছত প্ৰয়োগ কৰিবলৈ হ’লে তলত দিয়া ধৰণে প্ৰয়োগ কৰিব লাগে-

১)ৰোৱাৰ ৩০ দিনৰ পাছত ১০০০ লিটাৰ পানীত ৯.৭১ কিলোগ্ৰাম ইউৰিয়া মিহলাই ছটিয়াব লাগে।

২)ৰোৱাৰ ৪০ দিনৰ পাছত ১৫০০ লিটাৰ পানীত ১৪.১ কিলোগ্ৰাম ইউৰিয়া মিহলি কৰি পাতত ছটিয়াব লাগে।

৩)ৰোৱাৰ ৫০ দিনৰ পাছত ২০০০ লিটাৰ পানীত ১৯.৩ কিলোগ্ৰাম ইউৰিয়া মিহলি কৰি পাতত ছটিয়াব লাগে।

হাইব্ৰীড বিলাহী খেতিত সাৰ প্ৰয়োগ -

হাইব্ৰীড বিলাহী খেতিত প্ৰয়োজনীয় সাৰৰ পৰিমাণ বেছি। হাইব্ৰীড বিলাহীৰ খেতিত ৩৪ কিলোগ্ৰাম ইউৰিয়া, ১৬৫ কিলোগ্ৰাম একক ছুপাৰ ফছফেট আৰু ৪৪ কিলোগ্ৰাম মিউৰিয়েট অৱ পটাছ প্ৰয়োগ কৰিব লাগে। ইয়াৰে ইউৰিয়াৰ আধাভাগ আৰু বাকী সাৰৰ সমুদায় শেষৰবাৰ মাটি চহ কৰাৰ সময়ত প্ৰয়োগ কৰিব লাগে। বাকী থকা ইউৰিয়া সাৰখিনি পুলি ৰোৱাৰ এমাহৰ পাছত পুলিৰ গুৰিত অথবা দুটা শাৰীৰ মাজত পাতলীয়া লোৰ কৰি গোবৰৰ লগত মিহলি কৰি প্ৰয়োগ কৰিব লাগে।

পৰিচৰ্যা:

জলসিঞ্চন:

ৰোৱাৰ ঠিক পাছতেই প্ৰথম জলসিঞ্চনটো কৰি তাৰ পাছত ১০-১৫ দিনৰ অন্তৰে অন্তৰে মাটিৰ জীপৰ ওপৰত নিৰ্ভৰ কৰি জলসিঞ্চন কৰিব লাগে।

বন-বাত নিয়ন্ত্ৰণ:

পুলি ৰোৱাৰ ২০ দিনৰ পাছত এবাৰ নিৰণি কৰিব লাগে।

হৰমোন প্ৰয়োগ:

জিবাৰিলিক এচিডৰ ২০ পি.পি.এম.(২০ মিলিগ্ৰাম ১ লিটাৰ পানীত মিহলাই) ৰোৱাৰ এমাহৰ পাছত স্প্ৰে’ কৰিলে ফলন বাঢ়ে।

অন্তৰ্ৱতী শস্য:

দুই শাৰী বিলাহীৰ মাজত দুই শাৰী ওলকবি আন্তঃশস্য হিচাপে কৰিব পাৰি।

বিলাহীৰ শস্যৰক্ষা -

১)শেহতীয়া ব্লাইট বা লেট ব্লাইট:

লেট ব্লাইট ৰোগৰ আক্ৰমণ হ’লে মেংকজেব ঔষধৰ ২.৫ গ্ৰাম প্ৰতিলিটাৰ হিচাপে পানীত মিহলি কৰি তলত দিয়া পৰিমাণেৰে স্প্ৰে’ কৰিব লাগে। ৰোৱাৰ এমাহৰ পাছত বিঘাই প্ৰতি ৮০ লিটাৰ, দ্বিতীয় মাহৰ পাছত ১০৬ লিটাৰ আৰু তিনি মাহৰ পাছত ১৩৩ লিটাৰ ঔষধৰ মিশ্ৰণ ছটিয়াব লাগে। মেঘাচ্ছন্ন বতৰত ৰোগৰ আক্ৰমণ আৰম্ভ কৰাৰ আগতে মেনক’জেৱ ঔষধ প্ৰতিলিটাৰ পানীত ২ গ্ৰাম হাৰত মিহলাই ছটিয়াব লাগে। বিকল্পস্বৰূপে ডাইথেন জেদ-৭৮ ঔষধ প্ৰতিলিটাৰ পানীত ২.৫ গ্ৰাম হাৰত মিহলাই ছটিয়াব লাগে। ৰোগৰ আক্ৰমণ দেখা পালে ৭-১০ দিন অন্তৰত বতৰৰ ওপৰত নিৰ্ভৰ কৰি ছটিয়াব লাগে। ছটিওৱাৰ সময়ত এইটো কথা লক্ষ্য কৰিব লাগে যাতে পাতৰ তলফালে ভালদৰে তিতি যায়।

২)মেটালেক্সিল ঔষধ ২.৫ গ্ৰাম প্ৰতিলিটাৰ হাৰত তিনিবাৰ মেংকজেৱ ২ গ্ৰাম প্ৰতিলিটাৰ হাৰত তিনিবাৰ ১২ দিন অন্তৰত ডিচেম্বৰ মাহৰ ১৫ তাৰিখৰ পৰা ছটিয়াব লাগে। বৰষুনৰ বতৰত প্ৰতি ২ লিটাৰ পানীত ১ মি.লি. ট্ৰাইটন(ষ্টিকাৰ) মিহলাই ল’লে ভাল ফল পোৱা যায়।

৩) ১% বৰড’ মিশ্ৰণ প্ৰয়োগ কৰিও এই ৰোগৰ পৰা উপশম পোৱা যায়।

বিলাহীৰ লেৰেলা বেমাৰ -

১)বেক্টেৰিয়াজনিত লেৰেলা বেমাৰ হ’লে ১০০ পি.পি.এম. হাৰত ষ্ট্ৰেপ্ট’মাইচিন ঔষধ মাটি তিতি যোৱাকৈ প্ৰয়োগ কৰিব লাগে। ৰোগ প্ৰতিৰোধী জাত ব্যৱহাৰ কৰিব লাগে। সৰিয়হৰ খলিহৈ প্ৰয়োগ কৰিব লাগে।

২) ১ গ্ৰাম হিং, ৫ গ্ৰাম হালধি ১০ লিটাৰ পানীত মিহলি কৰি মাটি তিতি যোৱাকৈ ৰোৱাৰ ১৫, ৩০ আৰু ৪৫ দিনৰ পাছত প্ৰয়োগ কৰিব লাগে।

৩)ভেঁকুৰজনিত লেৰেলা ৰোগৰ বেলিকা কেপটান ঔষধ ৩ গ্ৰাম প্ৰতিলিটাৰ পানীত মিহলাই ছটিয়াব লাগে।

বেঙেনা -

বেঙেনা এবিধ একবৰ্ষী আৰু ভাৰতবৰ্ষৰ প্ৰায় সকলো ঠাইতে খেতি কৰা এক জনপ্ৰিয় পাচলি। পুষ্টিৰ দিশৰ পৰা ই কোনোগুণে বিলাহীতকৈ কম নহয়। এইবিধ পাচলি বছৰটোৰ সকলো সময়তে বজাৰত উপলব্ধ। পুষ্টিৰ ফালৰ পৰা প্ৰতি ১০০ গ্ৰাম সতেজ বেঙেনাত থকা গুণাগুণ এনেধৰণৰ-

 

পানী

৯২.৭ গ্ৰাম

প্ৰ’টিন

১.৪ গ্ৰাম

চৰ্বীজাতীয় পদাৰ্থ

০.৫ গ্ৰাম

খনিজ লৱণ

০.৩ গ্ৰাম

আঁহজাতীয় পদাৰ্থ

১.৩ গ্ৰাম

শৰ্কৰা

৪.০ গ্ৰাম

ফছফৰাছ

৪৭.০ গ্ৰাম

পটাচিয়াম

২০০.০ গ্ৰাম

কেলচিয়াম

১৮.০ গ্ৰাম

মেগনেচিয়াম

১৬.০ গ্ৰাম

ছডিয়াম

৩.০ গ্ৰাম

লো

০.৯ গ্ৰাম

তাম

০.১৭ গ্ৰাম

গন্ধক

৪৪.০ গ্ৰাম

ক্লৰিণ

৩২.০ গ্ৰাম

খাদ্যপ্ৰাণ ‘ক’

১২৪ আই ইউ

থিয়ামিন

০.০৪ মি.গ্ৰা.

ৰাইব’ফ্ৰেবিন

০.১১ মি.গ্ৰা.

নিকটিনিক এচিড

০.৯১ মি.গ্ৰা.

খাদ্যপ্ৰাণ এচিড C

১২.০ মি.গ্ৰা.

অক্সেলিক এচিড

১৮.০ মি.গ্ৰা.

কেলৰি(শক্তি)

২৪.০ মি.গ্ৰা.

 

জাত নিৰ্বাচন:

দীঘলীয়া জাত: ক্লাষ্টাৰ, বৰবেঙেনা, জে চি-১, কুচিয়া, পুচা ক্ৰান্তি, পুচা পাৰ্পল লং, পুচা পাৰ্পল।

ঘূৰণীয়া: পুচা পাৰ্পল ৰাউণ্ড, পুচা ভৈৰৱ, জে চি-২

Oblong: বি বি-৭, পন্ত সম্ৰাট

হাইব্ৰীড: সুফল, ৰাউণ্ড-১৪, লং-১৩

মাটি:

পানী জমা নোহোৱা, জৈৱিক পদাৰ্থৰে সমৃদ্ধ বালিঅঁহীয়া মাটি আগতীয়া খেতিৰ বাবে আৰু শেহতীয়া খেতিৰ বাবে পলসুৱা মাটি উপযুক্ত। মাটিডৰাৰ অম্লতাৰ পৰিমাণ ৫.৫ ৰ পৰা ৭.০ ৰ ভিতৰত হ’লে ভাল। মাটিডৰা ভালদৰে হাল বাই, মৈয়াই প্ৰচুৰ পৰিমাণে গোবৰ বা পচনসাৰ প্ৰয়োগ কৰিব লাগে।

বিঘাই প্ৰতি ৩ কিলোগ্ৰাম মালাথিয়ন পাউডাৰ প্ৰয়োগ কৰি ল’লে উঁই, ৰঙাপৰুৱা আদিৰ আক্ৰমণৰ পৰা ৰক্ষা পাব পাৰি। আম্লিক মাটিৰ ক্ষেত্ৰত অম্লতাৰ ওপৰত ভিত্তি কৰি বিঘাই প্ৰতি ৩ কুইন্টল কৃষিচূণ ব্যৱহাৰ কৰিব লাগে। চূণ প্ৰয়োগ কৰিলে পুলি ৰোৱা কমপক্ষেও এমাহৰ আগত প্ৰয়োগ কৰি ভালদৰে মিহলি কৰি দিব লাগে।

বীজৰ পৰিমাণ:

বিঘাই প্ৰতি বীজৰ পৰিমাণ হৈছে ৯৩-১০৬ গ্ৰাম।

বীজ সিঁচাৰ সময়:

শীতকালীন শস্যৰ বাবে ছেপ্টেম্বৰ-অক্টোবৰ মাহত আৰু বসন্তকালীন শস্যৰ বাবে জানুৱাৰী-ফেব্ৰুৱাৰী মাহত বীজ সিঁচিব লাগে।

পুলিবাৰী প্ৰস্তুতি:

‘পুলিবাৰী আৰু পুলি প্ৰস্তুতি’ শিতান চাওক।

ৰোপণ দূৰত্ব:

শাৰীৰ মাজত দূৰত্ব ৭৫ চে.মি.(২ ১/২ ফুট) আৰু পুলিৰ মাজৰ দূৰত্ব ৬০ চে.মি.(২ ফুট) হোৱা উচিত।

জৈৱিক আৰু ৰাসায়নিক সাৰ প্ৰয়োগ:

এবিঘা বেঙেনা খেতিৰ বাবে ১.৩ টন পচা গোবৰ, ১৫ কিলোগ্ৰাম ইউৰিয়া, ৪০ কিলোগ্ৰাম একক ছুপাৰ ফছফেট আৰু ১০ কিলোগ্ৰাম মিউৰিয়েট অৱ পটাছ সাৰৰ অনুমোদন আছে।

ইউৰিয়া সাৰৰ আধাভাগ আৰু বাকী সাৰৰ সমুদায় শেষৰবাৰ মাটি চহ কৰাৰ সময়ত প্ৰয়োগ কৰি বাকী আধাভাগ ইউৰিয়া পুলি ৰোৱাৰ এমাহৰ পাছত গছৰ গুৰিত অথবা দুটা শাৰীৰ মাজত পাতলীয়া লোৰ কৰি গোবৰৰ লগত মিহলি কৰি প্ৰয়োগ কৰিব লাগে।

পৰিচৰ্যা:

জলসিঞ্চন:

ৰোৱাৰ ঠিক পাছতেই প্ৰথম জলসিঞ্চনটো কৰি তাৰ পাছত ১০-১৫ দিনৰ অন্তৰে অন্তৰে মাটিৰ জীপৰ ওপৰত নিৰ্ভৰ কৰি জলসিঞ্চন কৰিব লাগে।

অপতৃণ নিয়ন্ত্ৰণ:

পুলি ৰোৱাৰ ২০ দিনৰ পাছত এবাৰ নিৰণি কৰিব লাগে।

কবিজাতীয় পাচলিৰ পোক-পৰুৱা নিয়ন্ত্ৰণ -

১)কবি পখিলা:

লক্ষণ:

এই পোকৰ পখিলটোৱে শস্যৰ পাতত কণী পাৰে। ইহঁতৰ পলুবিলাকে শস্যৰ পুলি অৱস্থাৰ পৰা শস্য চপোৱালৈকে শস্যৰ পাত খাই টকলা কৰে। কবিৰ পাতত কিছুমান বিন্ধা দেখা পোৱা যায়।

প্ৰতিকাৰ:

খেতিডৰা নিয়মীয়াকৈ নিৰীক্ষণ কৰি গছৰ পাতত থকা কণী আৰু পলুবোৰ সংগ্ৰহ কৰি ধ্বংস কৰিব লাগে।

২)কবি লুপাৰ:

লক্ষণ:

এই পোকৰ পলুবোৰে কবিৰ পাতবিলাক খোৱাৰ ফলত আক্ৰান্ত পাতবোৰ দেখাত একোখন জালিকাৰ দৰে হয়।

প্ৰতিকাৰ:

পুলি ৰোৱাৰ ১০-১২ দিনৰ পাছৰ পৰা নিমৰ পৰা তৈয়াৰী ঔষধ যেনে- এজাচেল ৫ মিলিলিটাৰ প্ৰতি লিটাৰ পানী হাৰত ১৫ দিনৰ অন্তৰে অন্তৰে স্প্ৰে’ কৰি থাকিলে শস্যডৰা পোক-পৰুৱাৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰিব।

৩)কবি বৰাৰ(ফুটা কৰা পোক):

লক্ষণ:

এই পোকৰ পলুবোৰে গছৰ বাঢ়ি অহা কুমলীয়া অংশ খাই অনিষ্ট কৰে। ইহঁতে কবিটোৰ প্ৰায় সম্পূৰ্ণ অংশ খাই অনিষ্ট কৰিব পাৰে।

৪)ডাইমণ্ড বেক মথ:

এই পোকৰ পলুটোৱে পাতৰ সেউজীয়া অংশ খোৱাৰ ফলত আক্ৰান্ত খেতিডৰা দূৰৈৰ পৰা বগা হোৱা দেখা যায়। আক্ৰান্ত পাতত কিছুমান বিন্ধা দেখা যায়।

৫)মোৱা পোক:

এই পোকে পাতৰ ৰস চুহি খোৱাৰ ফলত আক্ৰান্ত গছজোপা মৰহি শুকাই যায়।

জিকা -

জিকা এবিধ গোটেই বছৰজুৰি কৰিব পৰা জনপ্ৰিয় গ্ৰীষ্মকালীন পাচলি। দক্ষিণ আৰু উত্তৰ-পূব ভাৰতৰ প্ৰায় সকলো ৰাজ্যতেই ইয়াৰ খেতি সফলতাৰে কৰিব পৰা যায়।

পুষ্টিগত গুণাগুণ:

কুন্নুৰস্থিত পৰিপুষ্টি গৱেষণাগাৰত কৰা পৰীক্ষা অনুযায়ী জিকাৰ খোৱা উপযোগী অংশৰ প্ৰতি ১০০ গ্ৰামত থকা পুষ্টিগত গুণাগুণ এনেধৰণৰ-

 

জুলীয়া পদাৰ্থ

৯৫.২ গ্ৰাম

চৰ্বীজাতীয় পদাৰ্থ

০.১ গ্ৰাম

আঁহজাতীয় পদাৰ্থ

০.৫ গ্ৰাম

কেলচিয়াম

৪০.০ মি.গ্ৰা.

ফচফৰাছ

৪০.০ মি.গ্ৰা.

অক্সেলিক এচিড

২৭.০ মি.গ্ৰা.

পটাচিয়াম

৫০.০ মি.গ্ৰা.

গন্ধক

১৪.০ মি.গ্ৰা.

খাদ্যপ্ৰাণ A

৫৬ আই ইউ

ৰাইব’ফ্লেভিন

০.০১ মি.গ্ৰা.

খাদ্যপ্ৰাণ C

৫.০ মি.গ্ৰা.

প্ৰ’টিন

০.৫ গ্ৰাম

খনিজ পদাৰ্থ

০.৩ গ্ৰাম

অন্যান্য শৰ্কৰা

৩.৪ গ্ৰাম

মেগনেচিয়াম

১১.০ মি.গ্ৰা.

লো

১.৬ মি.গ্ৰা.

ছডিয়াম

২.৯ মি.গ্ৰা.

তাম

০.১৬ মি.গ্ৰা.

ক্লৰিণ

৭.০ মি.গ্ৰা.

থিয়ামিন

০.০৭ মি.গ্ৰা.

নিকটিনিক এচিড

০.২ মি.গ্ৰা.

 

মাটি নিৰ্বাচন:

ওখ, পানী জমা নোহোৱা বালিঅঁহীয়া মাটি জিকা খেতিৰ বাবে উপযোগী। ধাননি পথাৰৰ বাম চানেকীয়া মাটিত ওখ ভেটি কৰিও এই খেতি কৰিব পাৰি।

জাত নিৰ্বাচন:

পুচা নাচদাৰ আৰু অন্যান্য স্থানীয় নিৰ্বাচিত জাতসমূহ।

বীজ সিঁচা:

জিকা খেতি কৰিব বিচৰা মাটিডোখৰ ভালদৰে হাল-কোৰ মাৰি চহাই ২ মিটাৰ আঁতৰত শাৰী শাৰীকৈ একোটাকৈ ওখ ভেটি(৬০*৬০*৬০ চে.মি) কৰিব লাগে। গুটিবোৰ কাপোৰত বান্ধি এৰাতি তিয়াই পিছদিনা সেইবোৰ টুকি ১-২ দিনমানৰ বাবে গাপ দিয়াৰ ব্যৱস্থা কৰিব লাগে। বীজবোৰ কেপটান ঔষধ প্ৰতিকিলোগ্ৰাম বীজত ৫ গ্ৰাম হিচাপে শোধন কৰি ল’ব লাগে। ভেটিবোৰত ২-৩ টা গুটি সিঁচিব লাগে। বীজ অংকুৰিত হোৱাৰ পাছত স্বাস্থ্যৱান পুলিটো ৰাখি বাকীবোৰ উঠাই দিব লাগে।

সিঁচাৰ সময়:

জানুৱাৰীৰ পৰা মে’ মাহ।

সাৰ প্ৰয়োগ:

জিকা খেতিৰ বাবে কৰা ওখ ভেটিবোৰত ১০ কিলোগ্ৰামমান পচা গোবৰ বা পচনসাৰ, ৪০ গ্ৰাম ইউৰিয়া, ৪০ গ্ৰাম একক ছুপাৰ ফছফেট আৰু ৮০ গ্ৰাম মিউৰিয়েট অৱ পটাছ সাৰ প্ৰয়োগ কৰিব লাগে।

পৰিচৰ্যা:

বীজ সিঁচাৰ এমাহৰ পাছত বন-বাত নিৰণি কৰি পুলিৰ গুৰিত মাটি চপাই দিব লাগে। লগতে জিকা গছডাল বগাবলৈ জেং পুতি দিব লাগে। বাৰিষাকালত গছৰ গুৰিত পানী জমা হ’বলৈ দিব নালাগে। গছৰ স্ত্ৰীফুলৰ সংখ্যা বঢ়াবলৈ ২-৪ পতীয়া পুলিবোৰত প্লেন’ফিক্স ঔষধৰ ১০০ পি.পি.এম. নাইবা ইথ্ৰেল ২৫ পি.পি.এম স্প্ৰে’ কৰিলে সুফল পোৱা যায়।

পোক-পৰুৱা আৰু বেমাৰ নিয়ন্ত্ৰণ:

পাত খোৱা বিছা আৰু ফল খোৱা বৰলজাতীয় পোকে সাধাৰণতে জিকাৰ বেছি অনিষ্ট কৰা দেখা যায়। এই পোকবিলাকৰ নিয়ন্ত্ৰণৰ বাবে মালাথিয়ন ৫০ ই.চি. ঔষধ ২ মিলিলিটাৰ প্ৰতিলিটাৰ হিচাপত ১০ গ্ৰাম গুৰৰ লগত মিহলাই স্প্ৰে’ কৰিব লাগে।

জিকাৰ পাতৰ দুয়োফালে বগা বগা কপাহৰ দৰে হয় আৰু পাতবোৰ মৰি যায়। কেতিয়াবা পাতৰ মাজ অংশ মুগা বৰণৰ হৈ সেই অংশটো গেলি যায়। এনেধৰণৰ ৰোগৰ নিয়ন্ত্ৰণৰ বাবে ১ গ্ৰাম বেভিষ্টিন প্ৰতিলিটাৰ হিচাপত স্প্ৰে’ কৰিব লাগে।

জিকাৰ আনুষংগিক বিসংগতি -

জিকা কেতিয়াবা খাবলৈ তিতা হয়। ই এই শস্যৰ এক আনুষংগিক বিসংগতি। এই তিতাগুণ নোহোৱাব কৰিবৰ বাবে জিকাৰ গুটিবোৰ ৮০ পি.পি.এম. শক্তিৰ চাকছিনিক এচিডৰ মিশ্ৰণত এৰাতি তিয়াই পিছদিনা টুকি গুটিবোৰ গজালি মেলাৰ পাছত সিঁচিব লাগে। পুলিবোৰ যেতিয়া ৪-৫ পতীয়া হয় আৰু প্ৰথম স্ত্ৰীফুল ফুলাৰ সময়ত একোবাৰকৈ সেই একে শক্তিৰ চাকছিনিক এচিড স্প্ৰে’ কৰিলে জিকাৰ তিতা গুণ বহু পৰিমাণে লোপ পায়।

তিয়ঁহ -

তিয়ঁহ হৈছে ভাৰতবৰ্ষৰ প্ৰায় সকলো ঠাইতে খেতি কৰিব পৰা গুৰুত্বপূৰ্ণ পাচলি। তিয়ঁহৰ কোমল ফলবোৰ সাধাৰনতে কেঁচাই খোৱা হয় অথবা চালাডত নিমখৰ সৈতে খোৱা হয়। সিজাই খোৱা পাচলি হিচাপেও ইয়াক ব্যৱহাৰ কৰা হয়।

পুষ্টিগত গুণাগুণ:

প্ৰতি ১০০ গ্ৰাম খোৱাৰ উপযোগী তিয়ঁহৰ অংশৰ পুষ্টিগত গুণাগুণ এনেধৰণৰ-

 

জুলীয়া পদাৰ্থ

৯৬.৫ গ্ৰাম

চৰ্বীজাতীয় পদাৰ্থ

০.১ গ্ৰাম

আঁহজাতীয় পদাৰ্থ

০.৪ গ্ৰাম

মেগনেচিয়াম

১১.০ মি.গ্ৰা.

ফচফৰাছ

২৫.০ মি.গ্ৰা.

প্ৰ’টিন

০.৪ গ্ৰাম

খনিজ লৱণ

০.৩ গ্ৰাম

শৰ্কৰা

২.৫ গ্ৰাম

কেলচিয়াম

১০.০ মি.গ্ৰাম

অক্সেলিক এচিড

১৫.০ মি.গ্ৰাম

লো

১.৫ মি.গ্ৰাম

ছডিয়াম

১০.২ মি.গ্ৰাম

তাম

০.১ মি.গ্ৰাম

ক্লৰিণ

১৫.০ মি.গ্ৰাম

থিয়ামাইন

০.০৩ মি.গ্ৰাম

নিকটিনিক ৱচিড

০.২০ মি.গ্ৰাম

পটাছিয়াম

৫০.০ মি.গ্ৰাম

ছালফাৰ

১৭.০ মি.গ্ৰাম

ৰাইবফ্লেভিন

০.০১ মি.গ্ৰাম

খাদ্যপ্ৰাণ C

৭.০ মি.গ্ৰাম

 

মাটি নিৰ্বাচন:

তিয়ঁহ খেতিৰ বাবে ওখ, ৰ’দ ঘাই, বালিচহীয়া মাটি উপযোগী।

জাত নিৰ্বাচন:

চাইনীজ গ্ৰীণ, পুচা সংযোগ, পইনছেটী, প্ৰিয়া, মালিনী আৰু মাটি তিয়ঁহ।

সিচাঁৰ সময়:

নৱেম্বৰ-ডিচেম্বৰ আৰু মাৰ্চ-এপ্ৰিল।

সিঁচা পদ্ধতি:

এই খেতিৰ বাবে সৰু সৰু ভেটি বা টিপ কৰি তাত ২-৩ টাকৈ গুটি সিঁচা হয় আৰু ভেটিবোৰ শাৰী শাৰীকৈ কৰা হয়।

মাটি তিয়ঁহৰ ৰোপণৰ ব্যৱধান ১.৫ মিটাৰ*১.২ মিটাৰ।

লতা তিয়ঁহৰ ৰোপণৰ ব্যৱধান ১.২ মিটাৰ*৭৫ মিটাৰ।

সাৰ প্ৰয়োগ:

তিয়ঁহৰ খেতিত অনুমোদিত সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাত ইউৰিয়া ১৪ কিলোগ্ৰাম, একক ছুপাৰ ফছফেট ৩৭.৫ কিলোগ্ৰাম আৰু মিউৰিয়েট অৱ পটাছ ১৮ কিলোগ্ৰাম। অনুমোদিত সাৰৰ আধাভাগ ইউৰিয়া আৰু সমুদায় একক ছুপাৰ ফচফেট আৰু পটাছ সাৰ শেষৰবাৰ হাল বোৱাৰ সময়ত আৰু বাকী আধাভাগ ইউৰিয়া গুটি সিঁচাৰ এমাহৰ পাছত গুৰিত প্ৰয়োগ কৰিব লাগে। নাইবা প্ৰতিটো ভেটিত ১-২ পাচি গোবৰ-পচনসাৰ, ৫০ গ্ৰাম ইউৰিয়া, ৫০ গ্ৰাম একক ছুপাৰ ফছফেট আৰু ৮০ গ্ৰাম মিউৰিয়েট অৱ পটাছ সাৰ প্ৰয়োগ লাগে।

পৰিচৰ্যা:

তিয়ঁহৰ তলীত নিয়মীয়াকৈ বন-বাত নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব লাগে। গুটি সিঁচাৰ এমাহৰ পাছত পুলিৰ গুৰিত পাতলীয়াকৈ মাটি চপাব লাগে। গছবোৰ বগাবলৈ আৰম্ভ কৰিলে বাঁহৰ জেং দিয়াৰ ব্যৱস্থা কৰিব লাগে। ২-৪ পতীয়া পুলিবোৰত ১০০ পি.পি.এম. শক্তিৰ প্লেনফিক্স স্প্ৰে’ কৰিলে গছত স্ত্ৰীফুলৰ সংখ্যা বাঢ়ে আৰু ফলৰ উৎপাদন বৃদ্ধি হয়।

পোক-পৰুৱা আৰু ৰোগ নিয়ন্ত্ৰণ:

তিয়ঁহৰ খেতিত পুলি কটা পোক নিয়ন্ত্ৰণৰ বাবে মালাথিয়ন ৫% পাউডাৰ মাটিৰ লগত মিহলাই দিব লাগে। তিয়ঁহৰ ফল বিন্ধা কৰা পোক, মোৱা পোক, আদিৰ নিয়ন্ত্ৰণৰ বাবে মালাথিয়ন ৫০ ই.চি. নামৰ ঔষধ ১ মি.লি. প্ৰতিলিটাৰ পানীত মিহলাই স্প্ৰে’ কৰা আৱশ্যক।

তিয়ঁহৰ পাতত বগা পাউডাৰৰ দৰে ভেঁকুৰ হৈ পাতখিলা লাহে লাহে মৰহি যায়। এই ৰোগৰ প্ৰতিৰোধৰ বাবে বেভিষ্টিন ঔষধ ১ গ্ৰাম প্ৰতিলিটাৰ পানীৰ হিচাপত মিহলাই পাতৰ দুয়োফালে স্প্ৰে কৰা উচিত।

পটল -

গ্ৰীষ্মকালীন পাচলিসমূহৰ ভিতৰত পটন অন্যতম। পটল অতিকৈ পুষ্টিকৰ, হজম কৰিব পৰা, কোষ্ঠকাঠিন্য ৰোধ কৰিব পৰা পাচলি আৰু হৃদপিণ্ড আৰু মস্তিষ্কৰ বাবে উপকাৰী। ৰক্তসঞ্চালনতন্ত্ৰৰ বাবেও পটল উপকাৰী।

পুষ্টিগত গুণাগুণ:

পটলৰ প্ৰতি ১০০ গ্ৰাম খোৱাৰ উপযোগী অংশত থকা পুষ্টি হৈছে এনেধৰণৰ-

 

জুলীয়া পদাৰ্থ

৯২ গ্ৰাম

প্ৰ’টিন

২.০ গ্ৰাম

চৰ্বীজাতীয় পদাৰ্থ

০.৩ গ্ৰাম

খনিজ লৱণ

০.৫ গ্ৰাম

আঁহজাতীয় পদাৰ্থ

৩.০ গ্ৰাম

শৰ্কৰা

২.২ গ্ৰাম

শক্তি

২০ কিলোকেলৰি

কেলচিয়াম

৩০ মি.গ্ৰা.

ফছফৰাছ

৪০.০ মি.গ্ৰা.

লো

২.৭ মি.গ্ৰা.

কেৰটিন

১.৫৩ মি.গ্ৰা.

থিয়ামাইন

০.০৫ মি.গ্ৰা.

ৰাইবফ্লেভিন

০.০৬ মি.গ্ৰা.

নিয়াচিন

০.৫০ মি.গ্ৰা.

খাদ্যপ্ৰাণ C

২৯.০ মি.গ্ৰা.

 

কৃষি পদ্ধতি:

মাটি নিৰ্বাচন:

পটল খেতিৰ বাবে ওখ, পানী জমা নোহোৱা বালিচহীয়া পলসুৱা মাটি উপযোগী। নৈপৰীয়া পলসুৱা মাটিত এই খেতি ভাল হয়।

জাত নিৰ্বাচন:

অধিক উৎপাদনক্ষম থলুৱা সঁচৰ পটল।

বংশ বিস্তাৰ:

পটলৰ পুং পুষ্প আৰু স্ত্ৰী পুষ্প বেলেগ গছত থাকে। সেয়েহে এই খেতিৰ বাবে ৰোপণ সামগ্ৰীসমূহ সংগ্ৰহ কৰাৰ আগতে পুং পুষ্প আৰু স্ত্ৰী পুষ্পৰ গছবোৰ বাছনি কৰি ল’ব লাগে। প্ৰতি ১০ জোপা স্ত্ৰী পুষ্প গছৰ মাজত এজোপাকৈ পুং পুষ্প গছ ৰোৱাৰ ব্যৱস্থা কৰিব লাগে।

তিনিটা পদ্ধতিয়ে পটলৰ বংশ বিস্তাৰ কৰিব পৰা যায় -

পাতযুক্ত ডাল কলম পদ্ধতি:

এই পদ্ধতিত অধিক উৎপাদনক্ষম স্বাস্থ্যৱান পটল গছৰ পৰা এটা পাতৰ সৈতে এটা গাঁঠি থকা দুই ইঞ্চি দৈৰ্ঘ্যৰ ডালৰ টুকুৰা ল’ব লাগে। এই ডালৰ টুকুৰাবোৰ ইণ্ডোফিল এম ৪৫ ঔষধৰ ২.৫ গ্ৰাম প্ৰতিলিটাৰ পানী হিচাপত এটা মিশ্ৰণ তৈয়াৰ কৰি ১০ মিনিটমানৰ বাবে ডুবাই থৈ শোষণ কৰি ল’ব লাগে। পৰিশোধিত ডালবোৰ পুলিবাৰীত পচাব লাগে। পচোৱাৰ এমাহৰ পাছত পোখা ওলোৱা ডালবোৰ ৰুবৰ বাবে উপযোগী হৈ উঠে।

লতি কলম পদ্ধতি:

জানুৱাৰী-ফেব্ৰুৱাৰী মাহত পুৰণি পটল গছৰ পৰা পূৰঠ ৩-৫ ফুত দৈৰ্ঘ্যৰ লতিবোৰ বাছনি কৰিব লাগে। এই লতিবোৰৰ দুয়োটা মূৰ মুকলিকৈ ৰাখি বাকী অংশ চহ কৰি থোৱা মাটিত সমানকৈ পুতি থোৱা হয়। এই পদ্ধতিৰে ব্যৱসায়িক ভিত্তিত পটলৰ খেতি কৰা হয়। এই পদ্ধতিত প্ৰতি বিঘা মাটিৰ বাবে ৩৫০ ডাল লতিৰ আৱশ্যক।

সাৰ প্ৰয়োগ:

এই খেতিৰ বাবে শেষৰবাৰ মাটি চহাবৰ সময়ত বিঘাই প্ৰতি ১ টন পচনসাৰ, শুকান গোবৰ, ২৩ কিলোগ্ৰাম ইউৰিয়া, ৪২ কিলোগ্ৰাম একক ছুপাৰ ফছফেট আৰু ১১ কিলোগ্ৰাম মিউৰিয়েট অৱ পটাছ সাৰ প্ৰয়োগ কৰিব লাগে। মুঢ়া শস্যত মাটি চপাওঁতে সাৰ প্ৰয়োগ কৰা হয়।

পৰিচৰ্যা:

পটলৰ খেতিত নিয়মিতভাৱে বন-বাত নিৰাব লাগে। বন-বাত চাফা কৰোঁতে বা কোৰ মাৰোঁতে যাতে পটলৰ লতি বা শিপা নষ্ট নহয়, তাৰ বাবে সাৱধান হ’ব লাগে। ফেব্ৰুৱাৰী-মাৰ্চ মাহত গছৰ গুৰিত মাটি চপাই মাটিত ধান খেৰ বা নৰা পাৰি দিলে গছজোপা বগাবলৈ সুবিধা হয়।

পোক-পৰুৱা আৰু ৰোগ নিয়ন্ত্ৰণ:

পটলৰ কলি অৱস্থাত বৰল পোক, মোৱা পোক আদিয়ে আক্ৰমণ কৰি গছজোপা দুৰ্বল কৰি তোলে। এই পোকবিলাকৰ নিয়ন্ত্ৰণৰ বাবে গছৰ পাতত মালাথিয়ন ৫০ ই.চি. ঔষধ ২ মিলিলিটাৰ লগত ১০ গ্ৰাম গুৰ প্ৰতিলিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে।

পটলৰ পাত, ঠাৰি বা ফলত ভেঁকুৰৰ দ্বাৰা বিস্তাৰিত এনথ্ৰেকন’জ নামৰ ৰোগ হ’লে সেই অংশবিলাক জহি যাবলৈ আৰম্ভ কৰে। এই ৰোগ প্ৰতিৰোধৰ বাবে ০.১ শতাংশ বৰ্ডো মিশ্ৰণ বা ০.১ শতাংশ বেভিষ্টিনৰ মিশ্ৰণ স্প্ৰে’ কৰিব লাগে।

ভেণ্ডি -

ভেণ্ডি এবিধ পুষ্টিকৰ গ্ৰীষ্মকালীন পাচলি শস্য আৰু ইয়াক বাৰিষা কালৰ শেষভাগলৈকে খেতি কৰিব পাৰি। ভেণ্ডি বিভিন্ন খাদ্যপ্ৰাণ, কেলচিয়াম, প্টাচিয়াম আৰু অন্যান্য খনিজ লৱণৰ এবিধ উৎকৃষ্ট উৎস। আনহাতে ভেণ্ডিত যথেষ্ট পৰিমাণে আয়’ডিন থাকে বাবে গৰল ৰোগৰ প্ৰতিষেধন পাচলি হিচপে ইয়াৰ যথেষ্ট গুৰুত্ব আছে। বিভিন্ন মূত্ৰজনিত ৰোগ, পেটৰ অসুখ ইত্যাদিৰ ক্ষেত্ৰতো ভেণ্ডিৰ ঔষধি গুণ ইতিমধ্যে প্ৰমাণিত হৈছে।

আমাৰ ৰাজ্যত যদিও ভেণ্ডিক মূলতঃ এবিধ পাচলি হিচাপে ব্যৱহাৰ কৰা হয়, তথাপি ইয়াৰ পূৰঠ গুটিসমূহ পানীয় তৈয়াৰ কৰাৰ বাবে ব্যৱহাৰ কৰা হয়। তদুপৰি কুঁহিয়াৰৰ ৰসত ভেণ্ডি গছৰ গা-গছ বা ফল আদি থেতেলি মিহলাই লৈ গুৰ তৈয়াৰ কৰিলে গুৰৰ ৰং যথেষ্ট চাফা হোৱা দেখা যায়। আনহাতে ভেণ্ডিৰ গা-গছসমূহত যথেষ্ট আঁহ থাকে বাবে ইয়াৰ পৰা উৎকৃষ্ট বিধৰ আঁহ আহৰণ কৰিব পাৰি।

মাটি নিৰ্বাচন:

ভেণ্ডি খেতিৰ বাবে ওখ, ৰ’দঘাই, পানী জমা নোহোৱা মাটিয়েই উপযুক্ত। মাটিডৰাত যথেষ্ট পৰিমাণে জৈৱিক সাৰ থকাটো বাঞ্ছনীয়।

জাত নিৰ্বাচন:

পুচা চাৱনী, প্ৰভানী ক্ৰান্তি, আৰ্কা অনামিকা, ৰে’ড ৱাণ্ডাৰ, পঞ্চশিৰা, বিজয়, বিশাল, বিৰ্চা।

বীজৰ পৰিমাণ:

বৈঘাইপ্ৰতি ২৫০০-২৮০০ গ্ৰাম। বাৰিষা কালত কৰা খেতিৰ বাবে ১ কিলোগ্ৰাম। বীজবোৰ এদিন চেঁচা পানীত তিয়াই থৈ পাছত পানীৰ পৰা টুকি এদিন কাপোৰেৰে মেৰিয়াই গাপ দি থ’ব লাগে। বীজবোৰ সামান্য অংকুৰণ হ’লে মাটিত গুঁজি দি বা ১ চেন্টিমিটাৰ*১/২ চেন্টিমিটাৰ ব্যৱধানত(বাৰিষা কৰা খেতিত ১ ১/২ চেন্টিমিটাৰ*১/২ চেন্টিমিটাৰ ব্যৱধানত) শাৰী শাৰীকৈ ছটিয়াব লাগে।

সাৰ প্ৰয়োগ:

মটিডৰা শেষবাৰৰ বাবে চহোৱাৰ আগে আগে বিঘাইপ্ৰতি প্ৰায় ১০ কুইন্টল পচনসাৰ, ৬ কিলোগ্ৰাম ইউৰিয়া, ৪০ কিলোগ্ৰাম একক ছুপাৰ ফছফেট সাৰ আৰু ১০ কিলোগ্ৰাম মিউৰিয়েট অৱ পটাছ সাৰ প্ৰয়োগ কৰি ভালদৰে মাটিত মিহলি কৰি ল’ব লাগে। বীজ সিঁচাৰ ৩৫ দিনৰ পৰা ৪০ দিনৰ পাছত যেতিয়া পুলিবোৰ আধা ফুটমান ওখ হয়, বিঘাই প্ৰতি ৬ কিলোগ্ৰাম ইউৰিয়া শাৰীবোৰৰ মাজতে প্ৰয়োগ কৰি মাটিৰে পূৰাই দিব লাগে।

পৰিচৰ্যা:

ভেণ্ডি গছৰ পুলিবোৰ লহপহকৈ বাঢ়ি অহাৰ সময়ত প্ৰয়োজন অনুসৰি বন-বাত নিৰাই দিব লাগে। অতি খৰাং বতৰত এবাৰমান জনসিঞ্চনৰ ব্যৱস্থা কৰি পাৰিলে খেতিডৰাৰ পৰা অধিক উৎপাদন আশা কৰিব পাৰি।

এইবিধ শস্যৰ প্ৰধান অনিষ্টকাৰী কীট হ’ল পুলি কটা পোক আৰু গা-গছ তথা ফল বিন্ধা কৰা পোক। পুলি কটা পোকৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবৰ বাবে বিঘাই প্ৰতি ২.৫ কিলোগ্ৰাম মালাথিয়ন ৫% পাউডাৰ ছটিয়াব লাগে। গা-গছ আৰু ফলবিন্ধা কৰা পোকৰ বাবে পুলিবোৰ ৬-৮ ইঞ্চি ডাঙৰ হোৱাৰ পাছত এসপ্তাহৰ ব্যৱধান্ত প্ৰতি ৩ লিটাৰ পানীত ৫ মিলিলিটাৰ(১ চামুচ) মালাথিয়ন ৫০ ই.চি. দৰব মিহলাই ছটিয়াব লাগে।

পাত হালধীয়া পোক হৈছে এক ভাইৰাছ বা বীষাণুজনিত ৰোগ। এইবিধ ৰোগৰ বাহক হ’ল এবিধ সৰু পখিলাজাতীয় পোক। এই বাহকবিধ নিয়ন্ত্ৰণ কৰিবৰ বাবে ওপৰত উল্লেখ কৰা ধৰণে মালাথিয়ন ৫০ ই.চি. ঔষধৰ স্প্ৰে’ কৰি সুফল লাভ কৰিব পাৰি।

ৰঙালাও -

ৰঙালাও এবিধ লাওজাতীয় গ্ৰীষ্মকালীন পাচলি। ৰঙালাও খাদ্যপ্ৰাণ A আৰু Cৰ সুলভ উৎস হিচাপে পৰিগণিত। তদুপৰি ৰঙালাওক শৰ্কৰাৰ ভঁৰাল বুলিব পাৰি। ইয়াৰ পূৰঠ ফলসমূহ অতি সহজে সংৰক্ষণ কৰিব পাৰি আৰু এনেদৰে সংৰক্ষিত ৰঙালাও গোটেই ৰাজ্যজুৰি বছৰজুৰি খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰি।

অসমৰ বিভিন্ন ঠাইত ৰঙালাও গছৰ কুমলীয়া আগসমূহ পাচলি হিচাপে ব্যৱহাৰ কৰা দেখা যায়। এই আগসমূহত যথেষ্ট পৰিমাণে খাদ্যআঁহ থাকে যিবোৰ কোষ্ঠকাঠিন্য নিৰাময়ৰ এক মহৌষধ।

মাটি নিৰ্বাচন:

ৰঙালাও খেতিৰ বাবে সাধাৰণতে বালিচহীয়া মাটিয়েই উপযোগী। মাটিডোখৰ ওখ, পানী জমা নোহোৱা হ’ব লাগে। যথেষ্ট পৰিমাণে জৈৱিক সাৰ থকা আতলীয়া মাটিতো এই খেতি কৰিব পাৰি।

জাত নিৰ্বাচন:

আৰ্কা সূৰ্যমুখী, আৰ্কা চন্দন আৰু স্থানীয় নিৰ্বাচিত জাত্য।

বীজৰ পৰিমাণ:

এবিঘা ৰঙালাওৰ খেতিৰ বাবে ১ কিলোগ্ৰাম বীজৰ প্ৰয়োজন। বছৰৰ দুটা সময়ত গ্ৰীষ্মকালীন আৰু বসন্তকালীন শস্য হিচাপে ৰঙালাওৰ খেতি কৰিব পাৰি। গ্ৰীষ্মকালীন শস্যৰ বাবে জানুৱাৰীৰ পৰা এপ্ৰিল মাহত আৰু শীতকালীন শস্যৰ বাবে ছেপ্টেম্বৰ-অক্টোবৰ মাহত বীজ সিঁচা হয়।

বীজবোৰ মূল পথাৰত শাৰী শাৰীকৈ কৰি লোৱা ঢাপত সিঁচিলে গ্ৰীষ্মকালত অধিক বৰষুণৰ বাবে গছৰ গুৰিত পানী জমা হোৱা সমস্যাৰ পৰা সহজে হাত সাৰিব পাৰি। গ্ৰীষ্মকালীন তথা বসন্তকালীন খেতিৰ বাবে এনে শাৰীবোৰ ২.৫-৩ মিটাৰ দূৰত্বত কৰি লোৱা আৱশ্যক। গ্ৰীষ্মকালীন খেতিত প্ৰতিটো শাৰীত ০.৯-১ মিটাৰ ব্যৱধানত আৰু বসন্তকালীন খেতিত ১ মিটাৰ ব্যৱধানত প্ৰতিটো শাৰীত ৰোপণ কৰা উচিত।

জৈৱিক আৰু ৰাসায়নিক সাৰ প্ৰয়োগ:

মাটিডোখৰত শেষৰবাৰ হাল বোৱাৰ আগেয়ে বিঘাই প্ৰতি প্ৰায় ২০ কুইন্টল পচনসাৰ, ২০ কিলোগ্ৰাম ইউৰিয়া, ৭০ কিলোগ্ৰাম একক ছুপাৰ ফছফেট আৰু ১৫ কিলোগ্ৰাম মিউৰিয়েট অৱ পটাছ সাৰ প্ৰয়োগ কৰি ভালদৰে হাল বাই মাটিৰ লগত মিহলাই ল’ব লাগে। এনেদৰে সাৰ প্ৰয়োগ কৰাৰ এসপ্তাহৰ পাছতহে বীজ সিঁচিব লাগে।

পৰিচৰ্যা:

ৰঙালাওৰ পুলিবোৰ লহপহকৈ বাঢ়ি অহাৰ সময়ত প্ৰয়োজন অনুসৰি বন-বাত নিৰাই দিয়া উচিত। খৰালি কালত ৰঙালাও গছ মাটিত বগাবলৈ সুবিধা কৰি দিব লাগে। ইয়াৰ বিপৰীতে গছবোৰৰৰ বাবে বাঁহ, জেং, গছৰ ডাল ইত্যাদিৰ ব্যৱস্থা কৰি দিয়া উচিত।

ৰঙালাওৰ একেজোপা গছতে বেলেগ বেলেগ অংশত পুং আৰু স্ত্ৰী পুষ্পৰ জন্ম হয়। স্ত্ৰী পুষ্পসমূহ পৰাগযোগৰ পাছত ফললৈ ৰূপান্তৰিত হয় বাবে অধিক স্ত্ৰী পুষ্প থকা গছৰ পৰা অধিক উৎপাদন আশা কৰিব পাৰি। ৰঙালাওৰ দুপতীয়া বা চাৰিপতীয়া পুলিসমূহত ১০০ পি.পি.এম. শক্তিৰ নেফথেলিক এচেটিক এচিড স্প্ৰে’ কৰিলে পাছলৈ গছবোৰত অধিক স্ত্ৰী ফুলৰ সৃষ্টি হয়।

ৰঙালাওৰ প্ৰধান অনিষ্টকাৰী পোক হ’ল বৰল পোক। এইবিধ কীটে ৰঙালাওৰ কুমলীয়া ফলবোৰত আৰু কণী ফুটি ওলোৱা পলুবোৰে ফলবোৰ ভিতৰ ফালৰ পৰা খাই শেষত লাওবোৰ গেলাই পেলায়। খেতিডৰাত বৰল পোক দেখা দিয়া মাত্ৰকে মালাথিয়ন ৫০ ই.চি. নামৰ দৰব এই চাহ চামুচ আৰু ৫০ গ্ৰাম গুৰ প্ৰতি পাঁচ লিটাৰ পানীত ভালদৰে মিহলাই কুমলীয়া ফলবোৰত ছটিয়াব লাগে। একেদৰে দৰৱ স্প্ৰে’ কৰাৰ পাছত কমপক্ষেও দুসপ্তাহলৈ ফলবোৰ ছিঙিব নালাগে। কেতিয়াবা আকৌ ৰঙালাওৰ পাতৰ দুয়োফালে বগা, কপাহৰ দৰে এবিধ ভেঁকুৰে আক্ৰমণ কৰা দেখা যায়। এনে হ’লে আক্ৰান্ত গছবোৰত বেভিষ্টিন ঔষধ প্ৰতিলিটাৰ পানীত ১ মিলিলিটাৰ হিচাপত স্প্ৰে’ কৰি সুফল পাব পাৰি।

লেচেৰা মাহ -

গ্ৰীষ্মকালীন লতাজাতীয় পাচলিৰ ভিতৰত লেচেৰা মাহ অন্যতম। লেচেৰা মাহ যথেষ্ট পৰিমাণৰ প্ৰ’টিন আৰু শ্বেতসাৰৰ উৎস। এই লেচেৰা মাহৰ দীঘল কোমল চিৰাবোৰ সেউজীয়া পাচলি হিচাপে ৰান্ধি খোৱা হয়।

মাটি নিৰ্বাচন:

লেচেৰা মাহৰ খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু জৈৱিক পদাৰ্থৰে পুষ্ট মটিয়েই উপযুক্ত।

জাত নিৰ্বাচন:

এই খেতিৰ উন্নত সঁচবোৰ হৈছে পুচা বৰছাতি, আমেৰিকান গ্ৰীণ লং, হোৱাইট লং ইত্যাদি।

বীজৰ পৰিমাণ:

এবিঘা লেচেৰা মাহৰ খেতিৰ বাবে ২.৫-৩.০ কিলোগ্ৰাম বীজৰ প্ৰয়োজন।

সিঁচাৰ পদ্ধতি:

দুই-তিনবাৰ চহ কৰা মাটিত দুফুট ব্যৱধানত আৰু ১ ১/২ ফুট বহল একোটা ওখ ভেটি তৈয়াৰ কৰিব লাগে। প্ৰতিটো ভেটিত একোটাকৈ বীজ সিঁচিত লাগে। বীজবোৰ সিঁচাৰ আগতে পানীত তিওৱাৰ প্ৰয়োজন নাই।

সিঁচাৰ সময়:

ফাগুন-চ’ত মাহৰ পৰা জেঠ মাহলৈকে লেচেৰা মাহৰ বীজ সিঁচিব লাগে যদিও আহাৰ-শাওণ মাহলৈকে এই বীজ সিঁচিব পাৰি।

সাৰ প্ৰয়োগ:

এবিঘা লেচেৰা মাহৰ খেতিৰ বাবে ১২ কুইন্টল পচনসাৰ, ৪ কিলোগ্ৰাম ইউৰিয়া, ২৫-৩০ কিলোগ্ৰাম একক ছুপাৰ ফছফেট আৰু ২-৩ কিলোগ্ৰাম মিউৰিয়েট অৱ পটাছ সাৰৰ প্ৰয়োজন। সাৰ প্ৰয়োগৰ এসপ্তাহৰ পাছতহে বীজ সিঁচিব লাগে।

পৰিচৰ্যা:

লেচেৰা মাহৰ খেতিডৰাত বন-বাত নিৰাই থকা উচিত। বীজ সিঁচাৰ ২০-২৫ দিনৰ পাছতে পুলিৰ গুৰিৰ পৰা বন-বাতবোৰ আঁতৰাই দিয়াৰ লগতে প্ৰতিজোপা গছৰ গুৰিত ৮-১০ ফুট দীঘল একোডাল কামী পুতি দিলে গছজোপাই বগাবলৈ সুবিধা পায়।

শস্য ৰক্ষা:

লেচেৰা মাহৰ খেতিত মোৱা পোক আৰু বিছাই আক্ৰমণ কৰিলে প্ৰতিকাৰৰ বাবে মালাথিয়ন ৫০ ই.চি. দৰৱ ১ মিলিলিটাৰ ১ লিটাৰ হিচাপত মিহলাই স্প্ৰে’ কৰিব লাগে।

ছেঁই ধৰা অৱস্থাত লেচেৰা মাহত এবিধ পলুজাতীয় পোকে ছেঁইবিলাক কুটি খাই নষ্ট কৰে। ইয়াৰ প্ৰতিকাৰৰ বাবে এণ্ডচালফান ঔষধ ১ মিলিলিটাৰ ১ লিটাৰ পানীত মিহলাই ছটিয়াব লাগে।

লেচেৰা মাহৰ গছত ফুল ফুলাৰ আগতে গা-গছডাল ক’লা পৰি যোৱাৰ দৰে হ্য আৰু গছজোপা মৰিবলৈ ধৰে। এই ভেঁকুৰজাতীয় ৰোগ বীজৰ পৰা সংক্ৰমিত হয় আৰু ইয়াৰ প্ৰতিৰোধৰ বাবে প্ৰতিকিলো বীজ তিনি গ্ৰাম কেপটান বা থিৰাম ঔষধেৰে শোষন কৰি ল’ব লাগে।

তিতাকেৰেলা -

গ্ৰীষ্মকালীন শাক-পাচলিৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ পাচলি হৈ তিতাকেৰেলা। এইবিধ পাচলিৰ কেঁচা ফলবোৰ ভাজি খোৱা হয় আৰু ই বহুতো ঔষধি গুণেৰে সমৃদ্ধ। তিতাকেৰেলাই পেটত হোৱা পেলু-কৃমি আৰু বাতবিষ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা হয়।

কৃষি পদ্ধতি:

তিতাকেৰেলা খেতিৰ বাবে পানী জমা নোহোৱা পলসুৱা বালিয়া মাটিয়েই উপযুক্ত। ধানখেতি কৰা বাম চানেকীয়া মাটিতো আগতীয়া সঁচৰ তিতাকেৰেলা খেতি কৰিব পৰা যায়।

সঁচ নিৰ্বাচন:

তিতাকেৰেলা সাধাৰণতে দুটা ঋতুত কৰা হয়- বসন্ত আৰু গ্ৰীষ্ম। বসন্ত ঋতুত খেতি সঁচবোৰ হৈছে- আৰলিয়েষ্ট অৱ অল, লং গ্ৰীণ, এক্সট্ৰা লং আৰু পুচা ডো মৌচুমী। গ্ৰীষ্ম ঋতুত কৰা তিতাকেৰেলাৰ সঁচবোৰ হৈছে মনছুন মনাৰ্ক, লং গ্ৰীণ মনছুন আৰু কোইম্বাটোৰ লং।

বীজৰ পৰিমাণ:

এবিঘা তিতাকেৰেলা খেতিৰ বাবে ৬০০-৮০০ গ্ৰাম বীজৰ আৱশ্যক হয়।

সিঁচাৰ সময়:

মাটিত বগোৱা আগতীয়া তিতাকেৰেলা সঁচৰ বীজ ৫ ফুট আঁতৰে আঁতৰে শাৰী শাৰীকৈ আৰু প্ৰতিটো শাৰীত ২-৩ ফুট ব্যৱধানত সিঁচিব লাগে। বসন্তকালত আৰু বাৰিষা কালত কৰা খেতিৰ বাবে বীজ সিঁচিবলগীয়া দুটা শাৰীৰ মাজৰ দূৰত্ব ৫-৮ ফুট। প্ৰতিটো শাৰীত ২-৪ ফুট ব্যৱধানত বীজ সিঁচিব লাগে। বীজ সিঁচিবলগীয়া মাটিডোখৰ এবাৰ ভালকৈ হাল-কোৰ মাৰি নিৰ্দিষ্ট দূৰত্বত এফুট ওখকৈ দুফুট দীঘল আৰু দুফুট বহল সৰু সৰু ভেটি তৈয়াৰ কৰি ল’ব লাগে। বীজ সিঁচাৰ আগতে এৰাতি বীজবোৰ পানীত তিয়াই থৈ পিছদিনা পুৱা আপোৰত গাপ দি সিঁচিলে ভাল ফল পোৱা যায়।

সাৰ প্ৰয়োগ:

প্ৰতিটো ভেটি তৈয়াৰ কৰা সময়ত ৫০ গ্ৰাম ইউৰিয়া, ৪০ গ্ৰাম একক ছুপাৰ কফছফেট আৰু ৮০ গ্ৰাম মিউৰিয়েট অৱ পটাছ সাৰ প্ৰচুৰ পৰিমাণৰ পচনসাৰৰ লগত প্ৰয়োগ কৰিব লাগে। ভেটি নকৰাকৈ খেতি কৰাৰ ক্ষেত্ৰত বিঘাই প্ৰতি ৬ কিলোগ্ৰাম ইউৰিয়া, ২৫ কিলোগ্ৰাম একক ছুপাৰ ফছফেট আৰু ৭ কিলোগ্ৰাম মিউৰিয়েট অৱ পটাছ সাৰ প্ৰয়োগ কৰিব লাগে। গছ ফুলিবলৈ ধৰিলে ৬ কিলোগ্ৰাম ইউৰিয়া সাৰ পচা গোবৰৰ লগত মিহলাই বিঘাই প্ৰতি প্ৰয়োগ কৰিব লাগে।

পৰিচৰ্যা:

তিতাকেৰেলা খেতি কৰা মাটিডৰাৰ পৰা অলাগতিয়াল বন-বাতবোৰ আঁতৰাই ৰাখিব লাগে। বাৰিষা কালত কেৰেলাতলীত যাতে পানী জমা হ’ব নোৱাৰে তাৰ বাবে ভেটিবোৰৰ মাজে মাজে একোটা সৰু নলাৰ ব্যৱস্থা কৰিব লাগে।

ভাতকেৰেলা -

ভাতকেৰেলা গ্ৰীষ্মকালত অসমত পোৱা এক উল্লেখযোগ্য পাচলি। ভাতকেৰেলাৰ ফল গ্ৰীষ্মকালৰ পৰাই লাগিবলৈ আৰম্ভ কৰে যদিও বাৰিষাকাল অৰ্থাৎ শাওন-ভাদ মাহলৈকে ফল লাগি থাকে। ই এবিধ পুষ্টিকৰ আৰু উৎকৃষ্ট পাচলি। ৰোগীৰ বাবেও ইয়াক এবিধ ভাল পাচলি বুলি গণ্য কৰা হয়।

জাত:

নিৰ্বাচিত অধিক উৎপাদনক্ষম থলুৱা জাতবোৰেই ভাতকেৰেলা খেতিৰ বাবে উত্তম।

মাটি:

পানী জমা নোহোৱা বালিয়া মাটি নিৰ্বাচন কৰিলে ভাতকেৰেলাৰ খেতি ভাল হয়। মাটিডৰাত যথেষ্ট পৰিমাণে জৈৱিক পদাৰ্থ থাকিলে ভাল।

মাটি প্ৰস্তুতি:

মাটিডৰা দ’কৈ কেইবাবাৰো হাল বা কোৰ মাৰি মৈয়াই সমান কৰি ল’ব লাগে। শেষৰবাৰ হাল মাৰোঁতে বিঘাই প্ৰতি ৩ কিলোগ্ৰাম মালাথিয়ন ৫% মাটিৰ লগত মিহলাই দিলে উঁই তথা গুৰিকটা পোকৰ পৰা পৰিত্ৰাণ পাব পাৰি।

ৰোপণ সামগ্ৰী:

ভাতকেৰেলাৰ বংশ বিস্তাৰ অংগজ প্ৰজননৰ দ্বাৰা হয়। মাটিৰ তলত থকা গছৰ মঙহাল আলুকেই ভাতকেৰেলা খেতিৰ ৰোপণ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয়। সেয়েহে অধিক উৎপাদনক্ষম ভাতকেৰেলাৰ স্ত্ৰী পুষ্পী গছৰ মঙহাল আলুবোৰ গছৰ শস্যকাল শেষ খোৱাৰ সময়তে বাছনি কৰি থ’ব লাগে।

ৰোৱাৰ সময়:

ভাতকেৰেলাৰ আলু পথাৰত দিয়াৰ উপযুক্ত সময় হ’ল ফেব্ৰুৱাৰী-মাৰ্চ মাহ অৰ্থাৎ ফাগুন-চ’ত মাহ।

ৰোৱাৰ প্ৰণালী:

পথাৰত ১ মিটাৰ ব্যৱধানত ৩০ চেন্টিমিটাৰ দ’কৈ নলা বনাই ল’ব লাগে। প্ৰতিটো নলা পচনসাৰ বা গোবৰ সাৰ সৰহকৈ মাটিৰ লগত মিহলাই পূৰাব লাগে। নিৰ্বাচিত মঙহাল আলুবোৰ(৮০-১০০ গ্ৰাম ওজনৰ) ১ মিটাৰ ব্যৱধানত আগতে বনাই লোৱা নলাত ৮-১০ চেন্টিমিটাৰ গভীৰতাত ৰোপণ কৰিব লাগে।

সাৰ প্ৰয়োগ:

এবিঘা ভাতকেৰেলা খেতিৰ বাবে ৩ টনমান পচনসাৰ, ১৪.৫ কিলোগ্ৰাম ইউৰিয়া, ৩৩ কিলোগ্ৰাম একক ছুপাৰ আৰু ১১ কিলোগ্ৰাম মিউৰিয়েট অৱ পটাছ সাৰৰ প্ৰয়োজন হয়। আধাভাগ ইউৰিয়া নিলগাই ৰাখি বাকী গোটেইখিনি সাৰ গছ বগাব পৰা হওঁতেই নলাত প্ৰয়োগ কৰিব লাগে। ৰৈ যোৱা ইউৰিয়াখিনি প্ৰথম সাৰ প্ৰয়োগৰ এমাহৰ পাছত গোবৰৰ লগত মিহলাই গছৰ গুৰিয়ে গুৰিয়ে প্ৰয়োগ কৰিব লাগে।

পৰিচৰ্যা:

মাটিৰ উপৰিভাগত পোখা ওলোৱাৰ ১৫ দিনৰ ভিতৰত বাঁহৰ জেং পুতি বা চাং পাতি ভাতকেৰেলাৰ গছবোৰ বগাবলৈ দিব লাগে। ইয়াৰ এমাহৰ পাছত গছৰ গুৰিৰ পৰা বন-বাতবোৰ আঁতৰাই দিব লাগে। প্ৰয়োজনসাপেক্ষে পানী যোগান ধৰিব লাগে। আগলতাবোৰ হাউলি অহা দেখিলে চাঙলৈ বা জেঙৰ মাজলৈ ঘূৰাই দিব লাগে।

খাদ্যৰক্ষা:

ফলবিন্ধা, মোৱা, এপিলেকনা আদি পোকৰ আক্ৰমণ দেখিলে মালাথিয়ন ৫০ ই.চি. দৰব ২ মিলিলিটাৰ ১ লিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিলে সুফল পোৱা যায়। মাইট পোকৰ আক্ৰমণ হ’লে কেৰাথেন ১ গ্ৰাম ১ লিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে।

গছত ৰাসায়নিক ঔষধ প্ৰয়োগ কৰিলে ৭/৮ দিনলৈ গছৰ পৰা ফল ছিঙিব নালাগে। পৰাপক্ষত দৰব প্ৰয়োগ কৰাৰ আগতে ছিঙিবলগীয়া ফলবোৰ গছৰ পৰা ছিঙি আনিব লাগে।

গাজৰ -

শীতকালত হোৱা বিভিন্ন পাচলিৰ ভিতৰত গাজৰ এবিধ অতি জনপ্ৰিয় আৰু গুণসম্পন্ন পাচলি। কেঁচাই চালাড বনাই খোৱাৰ উপৰি নানা ব্যঞ্জন ৰান্ধিও ইয়াক খাব পাৰি। গাজৰৰ ৰসত যথেষ্ট পৰিমাণৰ কেৰোটিন থাকে বাবে খাদ্যপ্ৰাণ ‘ক’ৰ পুষ্টিহীনতাত ভোগা লোকক এই ৰস খাবলৈ দিয়া হয়। গাজৰৰ পৰা বনোৱা হালোৱা এবিধ অতি জনপ্ৰিয় খাদ্য।

পুষ্টি গুণ:

প্ৰতি ১০০ গ্ৰাম গাজৰত থকা পুষ্টিগুণ এনেধৰণৰ-

 

শক্তি

৪২ কিলো কেল’ৰি

পানী

৮২.২ গ্ৰাম

প্ৰ’টিন

১.১ গ্ৰাম

মুঠ চৰ্বী

০.২ গ্ৰাম

মুঠ শৰ্কৰা

৯.৭ গ্ৰাম

খাদ্যপ্ৰাণ ‘ক’

১১০০০ আই ইউ

থিয়ামিন

০.০৬ মিলিগ্ৰাম

ৰিবোফ্লেভিন

০.০৫ মিলিগ্ৰাম

নিয়াচিন

০.৬ মিলিগ্ৰাম

এচক’ৰবিক এচিড

৮ মিলিগ্ৰাম

কেলচিয়াম

৩৭ মিলিগ্ৰাম

ফছফৰাছ

৩৬ মিলিগ্ৰাম

লো

০.৭ মিলিগ্ৰাম

 

উন্নত জাত:

অসমৰ মাটি আৰু জলবায়ুৰ বাবে অনুমোদিত জাতসমূহ হ’ল- নানটেজ, পুচা কেশৰ আৰু চানটেনয়।

মাটি:

পানী জমা নোহোৱা জৈৱিক সাৰ থকা বালিয়া-পলসুৱা মাটি গাজৰ খেতিৰ বাবে উপযোগী। বিঘাই প্ৰতি ৩ কুইন্টল চূণ মিহলাই মাটিৰ অম্লতা গুণ কমাই ল’লে গাজৰ খেতিৰ পৰা ভাল ফল লাভ কৰিব পাৰি।

মূল পথাৰৰ মাটি প্ৰস্তুতি:

মাটিডৰা ভালদৰে হাল বাই মৈয়াই মিহি কৰি গোবৰ বা পচনসাৰ মিহলি কৰি ল’ব লাগে।

বীজৰ পৰিমাণ:

এবিঘা মাটিৰ বাবে ৭০০-৯০০ গ্ৰাম বীজৰ প্ৰয়োজন হয়।

বীজ সিঁচাৰ সময় তথা বীজ শোধন:

অক্টোবৰ-নৱেম্বৰ মাহত গাজৰৰ বীজ সিঁচিব লাগে। সিঁচাৰ আগতে বীজখিনি ভালদৰে মোহাৰি পানীত প্ৰায় ২৪ ঘন্টা তিয়াই থ’ব লাগে। বীজখিনি পানীৰ পৰা টুকি ছাঁত শুকুৱাই প্ৰতি কিলোগ্ৰাম বীজ ৩ গ্ৰাম কেপটাফ ঔষধত মিহলাই লৈহে পথাৰত সিঁচিলে ভাল ফল পোৱা যায়।

বীজ সিঁচা প্ৰণালী:

গাজৰৰ বীজ ১.৫ চেন্টিমিটাৰ দ’কৈ বনাই লোৱা শাৰীত সিঁচিব লাগে। এটা শাৰীৰ পৰা আনটোলৈ ৩০ চেন্টিমিটাৰ ব্যৱধান ৰাখিব লাগে। গজালি ওলোৱাৰ ১০-১৫ দিন মানৰ পাছত প্ৰতিশাৰীতে ১০ চেন্টিমিটাৰ আঁতৰে আঁতৰে এটাকৈ পুলি ৰাখি বাকীবোৰ উঠাই পেলালে ভাল উৎপাদন পাব পাৰি।

সাৰ প্ৰয়োগ:

শেষৰবাৰ হাল বাওঁতে মাটিডৰাত যথেষ্ট পৰিমাণে গোবৰ বা পচনসাৰ(বিঘাই প্ৰতি ১ টন) মিহলোৱাৰ উপৰি বিঘাই প্ৰতি ৮.৫ কিলোগ্ৰাম ইউৰিয়া, ২৫ কিলোগ্ৰাম একক ছুপাৰ ফছফেট আৰু ২৭ কিলোগ্ৰাম মিউৰিয়েত অৱ পটাছ সাৰ মিহলাব লাগে। বীজ সিঁচাৰ এমাহৰ পাছত আকৌ বিঘাই প্ৰতি ৮.৫ কিলোগ্ৰাম ইউৰিয়া শাৰীবোৰৰ মাজত প্ৰয়োগ কৰিব লাগে।

পৰিচৰ্যা:

প্ৰয়োজন অনুসাৰে গাজৰৰ পথাৰত পানী যোগান ধৰিলেহে ভাল উৎপাদন আশা কৰিব পাৰি। বীজ সিঁচাৰ ২০ দিন আৰু ৪০ দিনৰ পাছত দুবাৰ অলাগতিয়াল বন-বাতবোৰ পথাৰৰ পৰা আঁতৰাই দিব লাগে।

শস্যৰক্ষা:

মালাথিয়ন ৫০ ই.চি. দৰবৰ ১০ মিলিলিটাৰ আৰু মেনকোজেৱ ৭৫ ডব্লিউ পি ২৫ গ্ৰাম ১০ লিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিলে গাজৰৰ গুৰি কটা পোক পাত পচা বেজাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি। শস্য কৃমিৰ পৰা হাত সাৰিবলৈ বিঘাই প্ৰতি ৪০-৫০ কেজি খলিহৈ মাটিত প্ৰয়োগ কৰিব লাগে।

মূলা -

শীতকালৰ পাচলি হিচাপে মূলা অতি জনপ্ৰিয়। কুমলীয়া অৱস্থাত ইয়াৰ পাত ঢেৰুৱা শাক হিচাপে অতি বহুলভাৱে প্ৰচলিত। কুমলীয়া মূলা কেঁচাই চোবাই খাব পাৰি আৰু চালাডতো ব্যৱহাৰ কৰিব পাৰি। ৰঙা, বগা, বেঙুনীয়া, গুলপীয়া আদি নানা ৰঙৰ মূলা পোৱা যায়। মূলাৰ পুষ্টিগত মানো যথেষ্ট উন্নত। মূল্যত(১০০ গ্ৰামত) থকা বিভিন্ন পুষ্টিমান তলত দিয়া হ’ল-

 

শক্তি

১৫ কিলো কেল’ৰি

কাৰ্ব’হাইড্ৰেত

৩.৪ গ্ৰাম

শৰ্কৰা

১.৮৬ গ্ৰাম

আঁহ

১.৬ গ্ৰাম

চৰ্বী

০.১ গ্ৰাম

প্ৰ’টিন

০.৬৮ আই ইউ

থায়ামিন

০.০১২ মিলিগ্ৰাম

ৰিবোফ্লেবিন

০.০৩৯ মিলিগ্ৰাম

নিয়াচিন

০.২৫৪ মিলিগ্ৰাম

পেন্টাথ’নিক এচিড

০.১৬৫ মিলিগ্ৰাম

খাদ্যপ্ৰাণ খ৬

০.০৭১ মিলিগ্ৰাম

ফ’লেট

২৫ মাইক্ৰ’গ্ৰাম

খাদ্যপ্ৰাণ ‘গ’

১৪.৮ মিলিগ্ৰাম

কেলচিয়াম

২৫ মিলিগ্ৰাম

লো

০.৩৪ মিলিগ্ৰাম

মেগনেছিয়াম

১০ মিলিগ্ৰাম

ফছফৰাছ

২০ মিলিগ্ৰাম

পটাছিয়াম

২৩৩ মিলিগ্ৰাম

দস্তা

০.২৮ মিলিগ্ৰাম

 

মাটি:

পানী জমা নোহোৱা বালিচহীয়া মাটি মূলা খেতিৰ বাবে উপযুক্ত।

জাত:

আগতীয়া জাত: কপুচা দেশী, পুচা চেতলী, পুচা হিমানী।

পলমকৈ কৰা জাত: জাপানীজ হোৱাইট, জৌনপুৰী, ব’ম্বে ৰেড।

মাটি প্ৰস্তুতি:

মাটিডৰা ভালদৰে চহাই, মৈচ দি সমান কৰিব লাগে। মাটিডৰাত পৰ্যাপ্ত পৰিমাণে পচনসাৰ দিব পাৰিলে ভাল।

বীজৰ পৰিমাণ:

বিঘাই প্ৰতি ৮০০ গ্ৰামৰ পৰা ১৫০০ গ্ৰাম বীজ লাগে।

বীজ সিঁচাৰ সময়:

আগতীয়া জাত: আগষ্ট-ছেপ্টেম্বৰ।

পলমকৈ কৰা জাত: অক্টোবৰ-নৱেম্বৰ।

বীজ শোধন:

বীজ শোধন কৰিবলৈ প্ৰতিকিলোগ্ৰাম বীজৰ বাবে কেপটান ৫০ ডব্লিউ পি ঔষধ ৩ গ্ৰাম ব্যৱহাৰ কৰিব লাগে।

বীজ দিয়াৰ ব্যৱধান:

ঢাপত বীজ সিঁচিলে ৪৫ চেন্টিমিটাৰ দূৰত্বত আৰু সমান মাটিত কৰিলে ২০ চেন্টিমিটাৰ দূৰত্বত শাৰী বনাই বীজ সিঁচিব লাগে। বীজ অংকুৰিত হোৱাৰ ১০-১৫ দিনৰ পাছত শাৰীয়ে প্ৰতি পুলিবোৰ ১০ চেন্টিমিটাৰ দূৰত্বত পাতলাই দিব লাগে।

সাৰ প্ৰয়োগ:

বিঘাই প্ৰতি ৩ টন পচনসাৰ ১৪.৫ কিলোগ্ৰাম ইউৰিয়া, ২৫ একক ছুপাৰ ফছফেট আৰু ২২ কিলোগ্ৰাম মিউৰিয়েট অৱ পটাছ সাৰ প্ৰয়োগ কৰিব লাগে। ইউৰিয়া সাৰৰ আধাভাগ আৰু বাকী গোটেইখিনি সাৰ শেষৰপৰা হাল বাওঁতে প্ৰয়োগ কৰি আন আধা ভাগ ইউৰিয়া বীজ সিঁচাৰ ৩০ দিনৰ পাছত পথাৰত প্ৰয়োগ কৰিব লাগে।

পৰিচৰ্যা:

প্ৰয়োজন অনুসৰি সপ্তাহত এবাৰকৈ পানী যোগানৰ ব্যৱস্থা কৰিলে ভাল উৎপাদন আশা কৰিব পাৰি। গজালি ওলোৱাৰ ২০ দিনৰ পাছত বন-বাত ভালদৰে আঁতৰাই দিব লাগে।

শস্যৰক্ষা:

মোৱা পোকৰ আক্ৰমণ দেখা দিলে মালাথিয়ন ৫০ ই.চি. ঔষধ ২ মিলিলিটাৰ এক লিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে।

পালেং -

অসমীয়া জনজীৱনত শাকৰ বহুল ব্যৱহাৰ দেখা যায়। পালেং হ’ল লেবিধ উৎকৃষ্ট আৰু পুষ্টিকৰ শাক। ইয়াক কেঁচাই আৰু ৰান্ধি- এই দুধৰণে খোৱা হয়। পালেং শাকত যথেষ্ট পৰিমাণে ‘এন্টি-অক্সিডেন্ট’ থাকে বাবে ইয়াৰ সমাদৰ বৰ্তমান আগতকৈ বহু বৃদ্ধি পাইছে। কেঁচা পালেং শাকত(১০০ গ্ৰাম) থকা বিভিন্ন পুষ্টিমান তলত দিয়া হ’ল-

 

শক্তি

২৩ কিলো কেল’ৰি

কাৰ্বহাইড্ৰেত

৩.৬ গ্ৰাম

শৰ্কৰা

০.৪ গ্ৰাম

আঁহ

২.২ গ্ৰাম

চৰ্বী

০.৪ গ্ৰাম

প্ৰ’টিন

২.২ গ্ৰাম

খাদ্যপ্ৰাণ ‘ক’

৯৪০০ আই ইউ

বিটা কেৰ’টিন

লুটেইন আৰু জিয়া

৫৬২৬ মাইক্ৰ’গ্ৰাম

জেনথিন

১২১৯৮ মাইক্ৰ’গ্ৰাম

ফ’লেট

১৯৪ মাইক্ৰ’গ্ৰাম

খাদ্যপ্ৰাণ ‘গ’

২৮ মিলিগ্ৰাম

কেলচিয়াম

৯৯ মিলিগ্ৰাম

লো

২.৭ মিলিগ্ৰাম

 

মাটি:

পালেং শাকৰ বাবে ওখ ৰ’দঘাই সাৰুৱা বালিচহীয়া মাটিৰ প্ৰয়োজন।

জাত:

জ’বনাৰ গ্ৰীণ, অল গ্ৰীণ, এছ-২৩ আৰু পুচা জ্যোতি।

মাটি প্ৰস্তুতি:

মাটিডৰা ভালদৰে চহাই পৰ্যাপ্ত পৰিমাণৰ পচনসাৰ প্ৰয়োগ কৰিব পাৰিলে ভাল।

বীজৰ পৰিমাণ:

বিঘাই প্ৰতি ২.৫-৩ কিলোগ্ৰাম বীজৰ প্ৰয়োজন হয়।

বীজ সিঁচাৰ সময়:

ছেপ্টেম্বৰ মাহৰ দ্বিতীয় সপ্তাহৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত পালেং শাকৰ বীজ সিঁচিব পাৰি। পলিহাউছ বা সেউজগৃহৰ সুবিধা থাকিলে জুন-জুলাই মাহত পালেং শাকৰ বীজ সিঁচি আগতীয়া লফচল আৰু লগতে অধিক উপাৰ্জন পাব পাৰি।

বীজ শোধন:

বীজ শোধন কৰিবলৈ প্ৰতি কিলোগ্ৰাম বীজৰ বাবে কেপটান ৫০ ডব্লিউ পি ঔষধ ৩ গ্ৰাম ব্যৱহাৰ কৰিব লাগে।

বীজ দিয়াৰ ব্যৱধান:

বীজবোৰ ২০ চেন্টিমিটাৰ দূৰত্বত শাৰী বনাই সিঁচিব লাগে। বীজখিনি অংকুৰিত হোৱাৰ ১০-১২ দিনৰ পাছত শাৰীয়ে প্ৰতি পুলিবোৰ ৫-৭ চেন্টিমিটাৰ দূৰত্বত পাতলাই দিব লাগে।

সাৰ প্ৰয়োগ:

বিঘাই প্ৰতি ৩ টন পচনসাৰ, ২৩ কিলোগ্ৰাম ইউৰিয়া লাৰু ৫০ কিলোগ্ৰাম একক ছুপাৰ ফছফেট সাৰৰ প্ৰয়োজন হয়। বীজ সিঁচাৰ আগতেই শেষৰবাৰ হাল বোৱাৰ সময়ত সমুদায় সাৰখিনি প্ৰয়োগ কৰিব লাগে।

পৰিচৰ্যা:

বীজ সিঁচাৰ ঠিক পাছতেই পাতলীয়াকৈ পানী যোগান ধৰিলে সোনকালে গজালি ওলায়। পুলি গজি উঠাৰ পাছত প্ৰয়োজন অনুসৰি ১০-১২ দিনৰ ব্যৱধানত পানী যোগান ধৰিব লাগে। বীজ সিঁচাৰ ২০ দিন মানৰ পাছত এবাৰ বন-বাতবোৰ আঁতৰাই দিব লাগে।

লেখক: ড° ৰণজিৎ শৰ্মা, ৰূপজ্যোতি বড়া, ভাস্কৰজ্যোতি শৰ্মা।

উৎস: আধুনিক কৃষিকথা(শস্য ব্যৱস্থাপনা)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top