অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমৰ কৃষিত শস্যৰ পৰিপুষ্টি :

অসমৰ কৃষিত শস্যৰ পৰিপুষ্টি :

 

পুষ্টি মৌলৰ অভাৱত শস্যত দেখা দিয়া লক্ষণ আৰু তাৰ প্ৰতিকাৰ -

শস্যৰ পৰিপুষ্টিত পোষ্য মৌলৰ অৱদানৰ বিষয়ে মানুহে দুহেজাৰ বৰ্ষৰ আগতেই জানিব পাৰিছিল। ঊনবিংশ শতিকাত লিৱিগে (Liebig, 1803-1873) ঘাইকৈ  পৰ্যবেক্ষণৰ দ্বাৰা এই সিদ্ধান্তলৈ আহিছিল যে নাইট্ৰ’জেন, ছালফাৰ, ফছফৰাছ, পটাছিয়াম, কেলচিয়াম ,মেগনেছিয়াম , চিলিকন , ছ’ডিয়াম আৰু লো শস্যৰ বৃদ্ধিত অপৰিহাৰ্য। এই জ্ঞানৰ প্ৰয়োগে শতিকাটোৰ শেষৰফালে ইউৰোপৰ কৃষিত একপ্ৰকাৰ বিপ্লৱ আনিছিল। পৰৱৰ্তী কালত শস্য বা উদ্ভিদৰ পৰিপুষ্টি এক বিজ্ঞান হিচাপে বহু উৎকৰ্ষ লাভ কৰিলে। ৰাসায়নিক সাৰৰ ৰুপত পুষ্টিদ্ৰব্যৰ ব্যৱহাৰে কৃষিৰ উৎপাদনত আমুল পৰিৱৰ্তন সাধিছে। সত্তৰৰ দশকৰ ভাৰতৰ সেউজ বিপ্লৱে প্ৰমাণ কৰিছে উন্নত জাতৰ বীজ আৰু পানী যোগানৰ লগতে পুষ্টিদ্ৰব্য প্ৰয়োগৰ উপযোগিতা। আজি বিশ্বৰ শস্য উৎপাদনৰ শতকৰা পঞ্চাশভাগেই ৰাসায়নিক সাৰৰ ৰুপত পুষ্টি মৌল প্ৰয়োগৰ ফলশ্ৰুতি।

অসমত বহুতো প্ৰকাৰৰ শস্যৰ খেতি কৰা হয়। খাদ্যশস্য বা দানাশস্যৰ ভিতৰত ধানৰ খেতিত অধিক গুৰুত্ব দিয়া হয় যদিও মাকৈ বা গোমধান আৰু ঘেঁহুৰ খেতিও কৰা হয়। মাহজাতীয় (বা দাইলজাতীয় )শস্যৰ ভিতৰত মাটিমাহ, মগুমাহ, মচুৰমাহ (দাইল), মটৰমাহ, ৰহৰমাহ (দাইল), ৰাজমাহ আদিৰ খেতি কৰা হয়। চয়াবিনৰ খেতিও অসমত জনপ্ৰিয় হৈ উঠিছে। তৈলবীজ বা তেলজাতীয় শস্যৰ ভিতৰত সৰিয়হ, গুজিতিল বা নাইজাৰ, বাদাম, তিচী, তিল, বেলিফুল আদিৰ খেতি অসমৰ কৃষকে কম-বেছি পৰিমাণে কৰি আহিছে। কুঁহিয়াৰ, আলু আৰু মৰাপাট, কপাহ আদি আঁহজাতীয় শস্যৰ খেতিও অসমৰ কৃষকে কৰে। অসমৰ চাহৰ কথা সমগ্ৰ বিশ্বই জানে। পৰম্পৰাগত আৰু অপৰম্পৰাগত উদ্যানশস্য বুলিলে সমগ্ৰ অসমকে ইয়াৰ বাগান বুলিব পাৰি। অসমৰ জলবায়ু কল, কমলাৰ জলবায়ু। ভাৰতৰ ৰপ্তানিকৃত শস্যৰ অন্যতম আদা, হালধি আৰু জালুক অসমত প্ৰচুৰ হয়। মৌচুমী বায়ুৰে প্ৰভাৱিত অসমৰ জলবায়ু। ইয়াৰ নব্বৈ শতাংশ মাটিয়েই আম্লিক শ্ৰেণীৰ। ইয়াৰ খেতি উপযোগী মাটিখিনিত বছৰ বছৰ ধৰি শস্য উৎপাদন কৰি অহা হৈছে। সত্তৰ-আশীৰ পৰা অসমৰ খেতিয়কে ক্ৰমাগতভাৱে উচ্চ উৎপাদনক্ষম বা উচ্চ ফলনশীল জাত গ্ৰহণ কৰি আহিছে। সেই অনুপাতে মাটিত মুখ্য পুষ্টি মৌলযুক্ত সাৰৰ প্ৰয়োগো বাঢ়ি গৈছে। অধিক উৎপাদনৰ বাবে শস্যই পৰ্যাপ্ত নাইট্ৰ’জেন, ফছফৰাছ আৰু পটাছ সাৰ আহৰণ কৰিছে আৰু সেই অনুপাতে সুক্ষ্ম মৌলবোৰৰ আহৰণো বাঢ়ি গৈছে। ইয়াৰ ফলস্বৰুপে এতিয়া  শস্যত বিভিন্ন পুষ্টি মৌলৰ অভাৱজনিত সমস্যাই দেখা দিছে। এনে সমস্যা পঞ্জাব, হাৰিয়ানা, তামিলনাডু, বিহাৰ আদি ভাৰতৰ আন প্ৰদেশৰ কৃষিত বহু আগতেই গা কৰি উঠিছে। কোনো বিশেষ পুষ্টি মৌলৰ অভাৱত শস্যই বিশেষধৰণৰ লক্ষণ দেখুৱায়। এনে লক্ষণ পাতত, গা-গছত, ফলত বা শিপাতো দেখুৱাব পাৰে। অৱশ্যে উদ্ভিদৰ পাত অভাৱজনিত লক্ষণ পৰীক্ষণৰ সবাতোকৈ উত্তম অংগ। মৌলৰ অভাৱজনিত লক্ষণৰ বৈশিষ্ট্য জানিব পাৰিলে কৃষিৰ ব্যৱস্থাপনা বা সাৰ প্ৰয়োগ সহজ হৈ পৰে। পুষ্টি মৌলবোৰৰ অভাৱৰ ফলত বিভিন্ন শস্যত হোৱা লক্ষণসমুহৰ বিৱৰণ এই চমু আলোচনাটিত উপস্থাপন কৰিবলৈ যত্ন কৰা হৈছে।

নাইট্ৰ’জেনৰ অভাৱত বিভিন্ন শস্যত দেখা দিয়া লক্ষণসমুহ -

শস্য উৎপাদনৰ বাবে সবাতোকৈ গুৰুত্বপুৰ্ণ মৌলটোৱেই হ’ল নাইট্ৰেজেন। খেতিত সৰ্বাধিক অভাৱ পৰিলক্ষিত হোৱা মৌলও এই নাইট্ৰ’জেন । নাইট্ৰ’জেনৰ অভাৱ হ’লে উদ্ভিদে প্ৰয়োজনীয় প্ৰ’টিন তৈয়াৰ কৰিব নোৱাৰে। ফলত উদ্ভিদৰ বৃদ্ধিৰ হাৰ কমি যায়। ধান, ঘেঁহু আদি পোখাধৰা শস্যত পোখাৰ সংখ্যা কমি যায়।

নাইট্ৰ’জেনৰ অভাৱত উদ্ভিদ সাধাৰণতে ক্ষীণকায় বা লাহী হয়। হৰিৎকণা বা ক্ল’ৰ’ফিল কমি যোৱাৰ প্ৰথমে বয়স্ক পাতবোৰ হালধীয়া পৰে। ধান, ঘেঁহু, মাকৈ, কুঁহিয়াৰ আদি শস্যৰ পৰিণত পাতবোৰ সম্পুৰ্ণভাৱে হালধীয়া পৰে আৰু পাছলৈ গছতে মৰহি যায়। দ্বি-বীজপত্ৰী শস্য, যেনে-তেলজাতীয় আৰু মাহজাতীয় শস্যৰ ক্ষেত্ৰত হালধীয়া পৰা পাতবোৰ সৰি যায়। নাইট্ৰ’জেনৰ অভাৱত উদ্ভিদৰ শেঁতাপৰা বেমাৰী চেহেৰাক সাধাৰণ পুষ্টিহীনতা বা জেনেৰেল ষ্টাৰ্ভেছন বোলা হয়।

নাইট্ৰ’জেনৰ অভাৱত বয়স্ক পাতবোৰ সিৰাপৰ্যন্ত সম্পুৰ্ণকৈ হালধীয়া পৰে যদিও ওপৰৰ কোমল পাতবোৰ সাধাৰণতে সেউজীয়া হৈয়েই থাকে। হালধীয়া পৰা পাতত মৃত কোষৰ দাগ নপৰে। বিলাহীৰ ক্ষেত্ৰ্ত পাতৰ সিৰাবোৰ ৰঙচুৱা হয়। বীন আৰু ধঁপাতত হালধীয়া পৰা গুৰিৰ পাতবোৰ শুকাই যোৱাৰ পাছত সৰি পৰে।

নাইট্ৰ’জেনৰ অভাৱত ফুলকবিৰ গছ বাঢ়িব নোৱাৰে আৰু ফুলটোও তেনেই সৰু হয়। ইয়াকে বুটাম ফুলা বা বাটনিং নামেৰে জনা যায়।

নাইট্ৰ’জেনৰ অভাৱ দুৰীকৰণ -

শস্যত উল্লিখিত লক্ষণসমুহে দেখা দিলে নাইট্ৰ’জেনযুক্ত ৰাসায়নিক সাৰ ইউৰীয়া বা এমোনিয়াম ছালফেট প্ৰয়োগ কৰিব লাগে। মাটি পৰীক্ষাৰ ফলাফলক বিবেচনা কৰিহে সাৰৰ অনুমোদিত পৰিমাণ নিৰ্ধাৰণ কৰিব লাগে। শস্যভেদে অনুমোদিত সাৰৰ পৰিমাণ বেলেগ হয়। ডাই এমোনিয়াম ফছফেট, কেলচিয়াম এমোনিয়াম নাইট্ৰেট আদিও নাইট্ৰ’জেনৰ উত্তম উৎস। পাতত ইউৰীয়া স্প্ৰে’ কৰি নাইট্ৰ’জেনৰ অভাৱৰ তাৎক্ষণিক উপশম পাব পাৰি।

ফছফৰাছৰ অভাৱত শস্যত দেখা দিয়া লক্ষণসমুহ -

পুৰ্বতে সাৰ প্ৰয়োগ নকৰা তথা আম্লিক মাটিত সাধাৰণতে ফছফৰাছৰ অভাৱ পৰিলক্ষিত হয়। অসমৰ শস্যসমুহতো ফছফৰাছৰ অভাৱজনিত লক্ষণ দেখা যায়। শস্যৰ পাত, শিপা আৰু গা-গছ এই তিনিও অংগতে ফছফৰাছৰ অভাৱজনিত লক্ষণ দেখা দিয়ে।

এই মৌলৰ অভাৱত উদ্ভিদৰ পাতবোৰ হালধীয়া হোৱাৰ পৰিৱৰ্তে গাঢ় সেউজীয়া হয়। এন্থ’চায়ানিনৰ উপস্থিতিৰ বাবে তেনে পাতে ৰঙচুৱা বৰণ ধৰে। মাকৈত এনে লক্ষণ সুন্দৰকৈ ধৰা দিয়ে।

বহু শস্যত মধ্যসিৰাৰ এফালে মাথোন পত্ৰফলক সৃষ্টি হোৱাৰ ফলত পাতখনে কাঁচিৰ আকাৰ লয়। ফছফৰাছৰ অভাৱৰ বাবে হোৱা এনে বিকৃতিক ছিকল লিভ বা কাঁচিপতীয়া কোৱা হয়।

ফছফৰাছৰ অভাৱত গা-গছৰ বাঢ়ন থমকি ৰয় আৰু গছ চাপৰ হৈ ৰয়। ফুল ফুলা দেৰি হয় আৰু ফুলৰ সংখ্যাও কমি যায়। ফল পকিবলৈ অধিক সময় লয়।

ফছফৰাছৰ অভাৱ বুলি সন্দেহ হ’লে শস্য উভালি চাব লাগে। শিপাৰ দৈৰ্ঘ্য বাঢ়ি যায়। আনহাতে শিপাৰ সংখ্যা তেনেই কমি যায়।

ফছফৰাছৰ অভাৱ দুৰীকৰণ -

মাটি কমকৈ আম্লিক হ’লে ডাই এমোনিয়াম ফছফেট ব্যৱহাৰ কৰিব পাৰি। একক ছুপাৰ ফছফেট প্ৰয়োগ কৰিলে একেলগে ছালফাৰৰো যোগান ধৰিব পাৰি।

সৰিয়হ, বন্ধাকবি, মটৰ, চালগোম, পালেঙত ৰ’ক ফছফেট ব্যৱহাৰ কৰি ফছফৰাছৰ অভাৱ দুৰ কৰা ভাল। দীৰ্ঘকালীন শস্যত ফছফৰাছৰ অভাৱ নহ’বলৈ ৰ’ক ফছফেট উত্তম। ৰ’ক ফছফেটে কেলচিয়ামৰ যোগান ধৰে আৰু মাটিৰ অম্লতা নিৰাময় কৰে।

পটাছৰ অভাৱত বিভিন্ন শস্যত দেখা দিয়া লক্ষণসমুহ -

বালিচহীয়া, ক্ষয়ীভৱনত আক্ৰান্ত, পিতনি বা পাহাৰৰ কোলাত অৱস্থিত শস্যডৰাত পটাছিয়ামৰ অভাৱ তেনেই সাধাৰণ।

মাহজাতীয় শস্য আৰু শাক-পাচলিত পটাছৰ অভাৱৰ লক্ষণ স্পষ্টকৈ ফুটি উঠে। আঁহজাতীয় শশ্য আৰু ফলমুলৰ মান ৰক্ষাত ইয়াৰ ভুমিকা অতি গুৰুত্বপুৰ্ণ। গা-গছক শক্তিশালী কৰি শস্যক মাটিত বাগৰি পৰাৰ পৰা ৰক্ষা কৰাত পটাছ মৌলৰ অৱদানেই সৰ্বাধিক।

উদ্ভিদৰ পৰিণত পাতত প্ৰথমে পটাছিয়ামৰ অভাৱজনিত লক্ষণ দেখা দিয়ে। পাতৰ আগলি অংশৰ পৰা আৰম্ভ কৰি পাতৰ কাষবোৰ ক্ৰমে হালধীয়া পৰে। হালধীয়া অংশত প্ৰথমে মৰা কোষৰ ফুটফুটীয়া মুগাবৰণীয়া দাগ পৰে আৰু পাছলৈ কাষবোৰ শুকাই যায়।

মাকৈ, ধান, ঘেঁহু আদি শস্যত বয়স্ক পাতৰ আগলি অংশত প্ৰথমে মৃত কলাৰ মুগাবৰণীয়া দাগ পৰে আৰু পাতৰ কাষে কাষে পাতৰ গুৰিলৈ বিস্তৃত হৈ পৰে। এই শস্যবোৰৰ মুল গা-গছ দুৰ্বল হৈ পৰে।

পটাছিয়ামৰ অভাৱ ঘটিলে গাজৰকে আদি কৰি মুলাজাতীয় পাচলিৰ গুৰিৰ পৰা বহুতো সৰু সৰু পাত ওলায়। আলু, মটৰমাহ, ধান আৰু ঘেঁহুতো একে অৱস্থা হয়। তেনে অৱস্থাত ধান আৰু ঘেঁহুত মাত্ৰাধিক পোখা ওলায়।

পটাছৰ অভাৱৰ মাত্ৰা বাঢ়িলে শস্যৰ আগ মৰি যায়। যথেষ্ট পটাছ নাপালে আদা, হালধি, বীন, কল, অমিতা, গাজৰ, মুলা, ওলকবি আদি শস্যই পটাছৰ অভাৱৰ লক্ষণ সহজে দেখুৱায়। পকিবৰ পৰত বিলাহীৰ ৰং সুষম নহয়।

পটাছৰ অভাৱ দুৰীকৰণ -

শস্যত পটাছৰ অভাৱ দুৰ কৰিবলৈ মিউৰিয়েট অৱ পটাছ ব্যৱহাৰ কৰিব লাগে। আলু আৰু ধঁপাতৰ ক্ষেত্ৰত পটাছিয়াম ছালফেট ব্যৱহাৰ কৰি ইয়াৰ অভাৱ পুৰণ কৰিব লাগে। পটাছিয়াম নাইট্ৰেট, পটাছিয়াম ক্ল’ৰাইড আদিৰেও শস্যত পটাছিয়ামৰ অভাৱ দুৰ কৰিব পাৰি।

কেলচিয়ামৰ অভাৱত বিভিন্ন শস্যত দেখা দিয়া লক্ষণসমুহ -

কেলচিয়ামৰ অভাৱৰ প্ৰভাৱ উদ্ভিদৰ দ্ৰুত বৃদ্ধি হোৱা অংশবোৰত বিশেষভাৱে পৰে। তেনে অংশত বাষ্পমোচন বা ট্ৰেনস্পাইৰেচন কম হ’লে এনে প্ৰভাৱৰ মাত্ৰা বাঢ়ে আৰু অভাৱজনিত বেমাৰে দেখা দিয়ে।

কেলচিয়ামৰ অভাৱত শস্যৰ কোমল আগ পাক খাই যায় আৰু তেনে আগ বিকৃত হয়। ফুলকবি, চালগোম আদিৰ কোমল আগবোৰ বিশেষধৰণে পাক খাই যায়।

কেলচিয়ামৰ অভাত বিলাহীৰ ফলটোৰ ফুল থকা অংশটো পচিবলৈ আৰম্ভ কৰে আৰু ক’লা পৰি যায়। ইংৰাজীত ব্ল’জম এণ্ড ৰ’ট বোলা কেলচিয়ামৰ অভাৱজনিত এই বেমাৰটো অসমত ঠাইবিশেষে ব্যাপক হাৰত দেখা দিছে। আনকি তৰমুজতো এই বেমাৰ হয়।

বিলাহীৰ আগ মৰি যায়। শস্য পৈণত বা পুৰঠ হওঁতে পলম হয়।

উদ্ভিদ উভালি কেলচিয়ামৰ অভাৱ পৰ্যবেক্ষণ কৰিলে দেখা যায় যে শিপাই বৰণ সলায় আৰু চুই চালে পিছল লাগে।

কেলচিয়ামৰ অভাৱ দুৰীকৰণ -

কেলচিয়াম এমোনিয়াম নাইট্ৰেট কেলচিয়ামৰ উত্তম উৎস। মাটিত জিপছাম প্ৰয়োগ কৰিও শস্যত কেলচিয়ামৰ যোগান ধৰিব পাৰি। মাটিত ছালফাৰৰো অভাৱ থাকিলে কেলচিয়াম ছালফেট অধিক উপযোগী। ফছফৰাছৰ অভাৱ অনুভৱ হ’লে ছুপাৰ ফছফেট প্ৰয়োগ কৰি দুয়োবিধ মৌলৰ অভাৱ দুৰ কৰিব পাৰিও।

ছালফাৰৰ অভাৱত শস্যত দেখা দিয়া লক্ষণসমুহ -

ছালফাৰৰ অনুপস্থিতিত উদ্ভিদত প্ৰ’টিন তৈয়াৰ হোৱাত বাধা জন্মে। ইয়াৰ ফলত সিৰাসহ পাতবোৰ হালধীয়া পৰে। পাত হালধীয়া পৰা এই লক্ষণ ঠিক নাইট্ৰ’জেনৰ অভাৱৰ লক্ষণৰ দৰেই। পাৰ্থক্য ইমানেই যে ছালফাৰৰ অভাৱত শস্যৰ কোমল পাতবোৰ প্ৰথমে হালধীয়া পৰে যাক নাইট্ৰ’জেনযুক্ত সাৰ প্ৰয়োগৰ দ্বাৰা নিৰাময় কৰিব নোৱাৰি। পাছলৈ পুৰঠ পাতলৈও এই লক্ষণে দেখা দিয়ে। কোমল পাতত কমলা বা ৰঙচুৱা ৰং ধৰে।

তৈল শস্যৰ ক্ষেত্ৰত ছালফাৰৰ স্থান নাইট্ৰ’জেন, ফছফৰাছ আৰু পটাছৰ পিছতেই।

ছালফাৰৰ অভাৱত ভোগা খেতিত ছালফাৰ প্ৰয়োগৰ দ্বাৰা সৰিয়হৰ উৎপাদনত ৩০ শতাংশ আৰু বেলিফুলৰ উৎপাদনত ২০ শতাংশ বৃদ্ধি পোৱা গৈছে।

ছালফাৰৰ অভাৱ হ’লে সৰিয়হৰ আগ আৰু কুমলীয়া পত্ৰফলক নাবাঢ়ে। কোমল পাতবোৰ সিৰাপৰ্যন্ত হালধীয়া পৰিবলৈ ধৰে আৰু বয়স্ক পাতবোৰ ৰঙচুৱা হৈ পৰে। পাতৰ কাষ ঘেৰ খাই যায়। ছালফাৰৰ অভাৱ ঘটিলে চাহগছৰ পাত হালধীয়া পৰে। চাহ আৰু বিলাহী গছৰ পাতৰ আগলি তলমুৱাকৈ ঘেৰ খায়। এই মৌলৰ অভাৱত শস্যত দেখা দিয়া আন এটা লক্ষণ হ’ল- পাতৰ ঠাৰি বা উদ্ভিদৰ ডাল ভ্ংগুৰ হয়।

ছালফাৰৰ অভাৱ দুৰীকৰণ -

ছালফাৰৰ অভাৱৰ লক্ষণে দেখা দিলে মাটিত জিপচাম বা পাইৰাইট প্ৰয়োগ কৰিব লাগে। মাটিত কেৱল ছালফাৰ কম থাকিলে কেলচিয়াম ছালফেট প্ৰয়োগ কৰা ভাল। বালিয়া মাটিত এমোনিয়াম ছালফেট অধিক উপযোগী। অনুমোদিত ফছফৰাছৰ অৰ্ধেক একক ছুপাৰ ফছফেট হিচাপে দিলেও শস্যত ছালফাৰৰ চাহিদা পুৰণ হয়।

মেগনেছিয়ামৰ অভাৱত শস্যত দেখা দিয়া লক্ষণসমুহ -

মেগনেছিয়ামৰ অভাৱজনিত লক্ষণ প্ৰথমে শস্যৰ তলৰ পুৰঠ পাতত দেখা দিয়ে। বয়স্ক পাতৰ সিৰাত মধ্যৱৰ্তী অংশ হালধীয়া পৰে। ফলত বহু সময়ত পত্ৰপৃষ্ঠ অসমতল হৈ পৰে।

পত্ৰফলকত মৃত কোষৰ ফুটফুটীয়া মুগা দাগ পৰিব পাৰে। গা-গছ কঠিন হৈ পৰে অভাৱৰ মাত্ৰা বাঢ়ি গ’লে পাতবোৰ মৰহি যায়।

ধঁপাতত মেগনেছিয়ামৰ অভাৱৰ ফলত অধিক পুৰঠ পতেফলকৰ আগলিৰ পৰা বগা পৰিবলৈ আৰম্ভ কৰে। এনে অৱস্থা পত্ৰফলকৰ গুৰিলৈ বাঢ়ি আহে। তেনে পাতৰ সিৰাবোৰৰ সেউজীয়া ৰং নেহেৰায়। ইংৰাজেত এই অভাৱজনিত লক্ষণক ছেণ্ড ড্ৰাউন বোলে।

মেগনেছিয়ামৰ অভাৱ দুৰীকৰণ -

মেগনেছিয়াম ছালফেট মাটিত প্ৰয়োগ কৰি বা পাতত স্প্ৰে’ কৰি শস্যত মেগনেছিয়ামৰ অভাৱ দুৰ কৰিব লাগে।

লো বা আইৰণৰ অভাৱত শস্যত দেখা দিয়া লক্ষণসমুহ -

শস্যৰ কোমল পাতত প্ৰথমে এই মৌলৰ অভাৱ দেখা দিয়ে। পাতৰ মুল সিৰা বাদ দি পত্ৰফলক হালধীয়া হৈ পৰে। কেতিয়াবা পাত বগা পৰাও দেখা যায়।

মাটিত চুণ প্ৰয়োগৰ পাছত শস্যত ইয়াৰ অভাৱ অধিক পৰিস্ফুট হয় আৰু শস্যৰ কোমল পাতত ওপৰত বৰ্ণোৱা লক্ষণ দেখা দিয়ে।

লোৰ অভাৱ দুৰীকৰণ -

ফেৰাছ ছালফেট মাটিত প্ৰয়োগ কৰি অথবা পাতত স্প্ৰে’ কৰি নাইবা আইৰণ ই ডি টি এ প্ৰয়োগ কৰি লৌহ মৌলৰ অভাৱজনিত সমস্যা সমাধান কৰিব পাৰি। মাটিত প্ৰয়োগ কৰি সুফল লাভ কৰিব পৰা আইৰণৰ আন এটা উত্তম উৎস হ’ল পাইৰাইট।

ব’ৰণৰ অভাৱত শস্যত দেখা দিয়া লক্ষণসমুহ -

অসমত হোৱা বহু শস্যত ব’ৰণৰ অভাৱ এটা সমস্যা হৈ পৰিছে। ব’ৰণৰ অবহৱত শস্যৰ আগ বা সৰু কোমল পাতৰ ৰং সলনি হয় আৰু মৰি যায়। কোমল পাতবোৰত মৃত কোষৰ সৰু সৰু মুগা দাগ বহে আৰু তেনে পাত অকালতে সৰি পৰে। কেলচিয়ামৰ অভাৱৰ লক্ষণৰ সৈতে এই লক্ষণৰ আন এটা বৈসাদৃশ্য এয়ে যে ইয়াত পাতবোৰ পাকঘুৰণি খাই বিকৃত নহয়।

ফুল বা নিচেই সৰু অৱস্থাতে ফল সৰি পৰাটো এটা সাধাৰণ লক্ষণ। টেঙাজাতীয় ফলত বাকলিৰ অনুপাত বাঢ়ি যায় আৰু ফলটো অধিক কঠিন হয়।

ফুলকবি, বন্ধাকবি, ব্ৰুকলি আদি শস্যৰ ঠাৰিদাল ফোঁপোলা হয়। সেইদৰে গাজৰ, মুলা, বীট, চালগোম আদি মুলজাতীয় শাক-পাচলিৰ কলিৰ তলত মুল শিপাৰ মাজডোখৰ ফোঁপোলা হৈ পচন আৰম্ভ হয়। ব’ৰণৰ অভাৱত ফুলকবিৰ পাত ডাঠ হয়। ফুলটোৱে মুগা বৰণ লয় আৰু কঠিন হৈ পৰে।

ধানৰ কোমল পাত বগা পৰে। সৰিয়হত সম্পুৰ্ণকৈ গুটি নধৰে। আলু সৰু আকৃতিৰ হয় আৰু ফাটি যায়। আমৰ নাভিৰ বিপৰীত দিশত ক’লা দাগ পৰে।

ব’ৰণৰ অভাৱত বহুতো ফল ফাটি যায়। আম, দালিম, বেল, আপেল আদি ফল ফটাৰ অন্যতম কাৰণ ব’ৰণৰ অভাৱ।

ব’ৰণৰ অভাৱ দুৰীকৰণ:

ব’ৰণৰ  অভাৱৰ লক্ষণ দেখা দিলে ব’ৰাক্স অথবা অক্টাব’ৰেট পাতত স্প্ৰে’ কৰি তাৰ প্ৰতিকাৰৰ যত্ন ল’ব লাগে। ব’ৰণৰ অভাৱ দেখুওৱা মাটিত খেতিডৰাৰ প্ৰস্তুতিৰ সময়তে এই সাৰ প্ৰয়োগ কৰিলে অধিক সুফল পাব পাৰি।

মলিবডেনামৰ অভাৱত শস্যত দেখা দিয়া লক্ষণসমুহ -

মলিবেডনামৰ অভাৱ ঘটিলে পত্ৰফলৰ বাঢ়ন চকুতলগাকৈ কমি যায়। মধ্যসিৰাৰ গুৰিৰ ফালৰ পৰা পত্ৰফলকৰ গঠন নহয় বা অলপীয়া হয়।  এনে গঠন একেবাৰে অনিয়মীয়া হয়। মলিবডেনামৰ অভাৱজনিত পত্ৰফলকৰ এই অৱস্থাকে বোলা হয়। অসমৰ ফুলকবিৰ খেতিত ইয়াক সাধাৰণতে চকুত পৰে। আনকি নেমু, কমলা আদি টেঙাজাতীয় গছৰ কোমল পাততো হুইপটেইল হোৱা দেখা যায়। এনে গছৰ পৰিণত পাতৰ মুল সিৰাৰ কাষে কাষে হালধীয়া পৰে আৰু তাত মৃত কোষৰ মুগাবৰণীয়া দাগ দেখা যায়। নেমু প্ৰথমে হালধীয়া বৰণ ধৰে আৰু পাছলৈ মুগা বৰণ ধৰি শুকাই যায়। পাতৰ পৰা আঠাজাতীয় পদাৰ্থ নি:সৰণ হোৱা দেখা যায়।

মাকৈ আৰু মাহজাতীয় শস্যতো ইয়াৰ অভাৱ লক্ষ্য কৰা হৈছে। মাহজতীয় শস্য প্ৰথমে শেঁতা পৰে আৰু ক্ৰমশ: লেৰেলি শুকাই যায়।

মলিবডেনামৰ অভাৱত বন্ধাকবি বান্ধ নাখায়। বিলাহীৰ পাত ঘেৰ খাই বিশেষ আকাৰ লয়। তৰমুজত স্ত্ৰী ফুলৰ সংখ্যা কমি যায়।

মলিবডেনামৰ অভাৱ দুৰীকৰণ:

শস্যত মলিবডেনামৰ অভাৱ আঁতৰাবলৈ এমোনিয়াম মলিবডেট মাটিত সিঁচি বা পাতত স্প্ৰে কৰি প্ৰয়োগ কৰিব লাগে।

মেংগানিজৰ অভাৱত শস্যত দেখা দিয়া লক্ষণসমুহ -

শস্যত আইৰণৰ অভাৱৰ লক্ষণৰ সৈতে মেংগানিজৰ অভাৱৰ লক্ষণৰ সাদৃশ্য আছে। মেংগানিজৰ অভাৱজনিত লক্ষণ প্ৰথমে কোমল পাততে ধৰা দিয়ে। ইয়াৰ ক্ষেত্ৰতো পাতৰ সিৰাৰ মধ্যৱৰ্তী অংশ হালধীয়া পৰে। কিন্তু মেংগানিজৰ ক্ষেত্ৰত উপ-সিৰা পৰ্যন্ত সেউজীয়া হৈ থাকে। হালধীয়া অংশত মৃতকোষৰ সৰু সৰু ফুটফুটীয়া মুগাবৰণীয়া দাগ পৰে।

ধান, ঘেঁহু আদি শস্যৰ তলৰ অংশৰ পাতত মৃতকোষৰ দাগ পৰে আৰু এই দাগবোৰ একেলগ হৈ এটা মুগাবৰণীয়া ষ্ট্ৰিপ সৃষ্টি কৰে। সাধাৰণতে তলৰ তৃতীয় বা চতুৰ্থ পাতত এই লক্ষণে দেখা দিয়ে। ইয়াক গ্ৰে স্পেক বুলি জনা যায়।

মাহজাতীয় শস্যৰ বীজপত্ৰৰ সংযোগস্থলত ক’লা বৰণৰ দাগ পৰে আৰু বীজপত্ৰৰ বিকৃতি ঘটে। এই বিকৃতিক মাৰ্চস্পট বোলা হয়। মটৰ, বুট আদিত মাৰ্চস্পট সাধাৰণতে দেখা যায়।

কুঁহিয়াৰত মেংগানিজৰ অভাৱজনিত বেমাৰটোক পাহলা (Pahla) ব্লাইট নামে জনা যায়। পাতত প্ৰথমে বহুতো হালধীয়া দাগ পৰে। পাছলৈ এই দাগবোৰ ৰঙচুৱা আৰু একেলগ হৈ দীঘলীয়া ষ্ট্ৰিপৰ সৃষ্টি কৰে।

মেংগানিজৰ অভাৱ দুৰীকৰণ:

মেংগানিজ ছালফেট মাটিত প্ৰয়োগ কৰি বা পাতত স্প্ৰে’ কৰি শস্যত মেংগানিজৰ অভাৱ দুৰ কৰিব লাগে।

দস্তা বা জিংকৰ অভাৱত শস্যত দেখা দিয়া লক্ষণসমুহ:

জিংকৰ অভাৱত গছৰ আগৰ গাঁঠি ইমান ঘন হৈ পৰে যে পাতবোৰ ফুলৰ পাহৰ দৰে একেটা গাঁঠিৰ পৰাই ওলোৱা যেন লাগে। পাতবোৰ সৰু আকৃতিৰ হয়, কেতিয়াবা ডাঠ হয় আৰু ঠাৰি ভংগুৰ হয়। পৈণত পাতৰ ফলক অসমান হয়। টেঙাজাতীয় গছত এই লক্ষণ সাধাৰণতে দেখা যায়।

মাকৈ আদি খাদ্যশস্যত পৰিণত পাতৰ মধ্যসিৰাৰ সমান্তৰালভাৱে ৰঙচুৱা ষ্ট্ৰিপ পৰে। কোমল পাত বগা পৰে।

ধানৰ ক্ষেত্ৰত পুলি অৱস্থাত গছবোৰ সেউজীয়া ৰং হেৰুৱাই মুগাবৰণীয়া হয়। অথবা পুলি ৰোৱাৰ দুসপ্তাহৰ পাছতে মুগাবৰণীয়া হয়। জিংকৰ অভাৱজনিত এই লক্ষণ ফুটি উঠিলে ধানত খাইৰা ৰোগে দেখা দিয়া বুলি কোৱা হয়।

জিংকৰ অভাৱত আনাৰসৰ পাত বিকৃত হয়। আলুৰ সেউজীয়া পাত ব্ৰঞ্জৰ ৰং ধৰে। নেমুৰ ফলটোৰ ছাল খহটা হৈ পৰে।

বিলাহীৰ ক্ষেত্ৰত পাতবোৰ সৰু আকৃতিৰ হোৱাৰ লগতে ঘেৰ খোৱাকৈ ভাঁজ লয়। বহুক্ষেত্ৰত পুৰঠ পাতবোৰৰ সিৰাৰ মধ্যৱৰ্তী অংশ বগা বৰণৰ হৈ পৰে। বীন আৰু মটৰমাহত গুটি হোৱাত বাধা জন্মে।

জিংকৰ অভাৱ দুৰীকৰণ:

জিংকৰ অভাৱ দুৰ কৰিবলৈ জিংক ছালফেট বা জিংক ই ডি টি এ মাটিত প্ৰয়োগ কৰিব লাগে বা পাতত স্প্ৰে’ কৰিব লাগে।

তাম বা ক’পাৰৰ অভাৱত শস্যত দেখা দিয়া লক্ষণসমুহ -

তাম বা ক’পাৰৰ প্ৰতি শস্যৰ সক্ৰিয় বৃদ্ধিৰ অংশসমুহ অতি সংবেদনশীল । ইয়াৰ অভাৱ ঘটিলে মাকৈ, ধান, ঘেঁহু আৰু মাহজাতীয় শস্যৰ কোমল আগ বা কুমলীয়া পাত বগা পৰি যায়। ইয়াৰ ফলত শস্যত গুটি ধৰিব নোৱাৰে। ইয়াক শ্বেতাগ্ৰ বুলি জনা যায়।

গ্ৰীষ্মকালি ফলৰ গছৰ আগ শুকাই যোৱা আৰু কুমলীয়া পাত সৰি যোৱাত ক’পাৰৰ অভাৱৰ যথেষ্ট অৰিহণা আছে। টেঙাজাতীয় গছত , বিশেষকৈ সুমথিৰাত এই সমস্যা গুৰুতৰ হৈ পৰিছে। ক’পাৰৰ অভাৱ ঘটিলে ফলৰ গা-গছ বা ডালৰ পৰা আঠাজাতীয় ৰস নি:সৰণ হয়।

পোখাধৰা শস্যত তামৰ অভাৱ হ’লে বহুতো সৰু সৰু পোখা মেলা দেখা যায়।

ক’পাৰৰ অভাৱ দুৰীকৰণ:

মাটিত ক’পাৰ ছালফেট প্ৰয়োগ কৰি শস্যত ক’পাৰৰ অভাৱ আঁতৰাব পাৰি। নাইবা এইবিধ সাৰকে পাতত স্প্ৰে’ কৰি ক’পাৰৰ অভাৱৰ তাৎক্ষণিক উপশম পাব পাৰি।

লেখক: ড° বিমল কুমাৰ ৰাভা

উৎস: আধুনিক কৃষিকথা (শস্য সুৰক্ষা)

 

 

 

 

 

2.93333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top