মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / আধুনিক কৃষিকথা (শস্য সুৰক্ষা) / উদ্যানশস্যৰ বিভিন্ন ৰোগ আৰু নিৰাময়ৰ ব্যৱস্থাৱলী :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

উদ্যানশস্যৰ বিভিন্ন ৰোগ আৰু নিৰাময়ৰ ব্যৱস্থাৱলী :

উদ্যানশস্যৰ বিভিন্ন ৰোগ আৰু নিৰাময়ৰ ব্যৱস্থাৱলীৰ বিষয়ে লিখা হৈছে ।

 

শাক-পাচলিৰ বীজতলীত দেখা দিয়া গুৰি পচা বা ডেম্পিং অফ ৰোগ(Damping off of vegetables)-

বিলাহী, জলকীয়া, ভেণ্ডি, অমিতা, কবিজাতীয় পাচলি আদিৰ বীজতলীত এই ৰোগ সাধাৰণতে দেখা যায়। বীজতলীৰ উপৰি কেতিয়াবা এই ৰোগ মুল পথাৰতো পুলি ৰোৱাৰ কিছুদিন পাছলৈকে দেখা যায়।

ৰোগৰ লক্ষণ -

ক) গজালি ওলোৱাৰ আগতে হোৱা ডেম্পিং অফ (Pre-emergence damping off ):

এই ৰোগৰ দ্বাৰা আক্ৰান্ত হ’লে গুটি সিঁচাৰ পাছত গজালিবোৰ মাটিৰ তলতেই পচি মৰি যায়। সেয়েহে নিৰোগী উচ্চ অংকুৰণ ক্ষমতাপ্ৰাপ্ত বীজ ব্যৱহাৰ কৰাৰ পাছতো বীজতলীত গুটি নগজে অথবা ঠায়ে ঠায়ে গজা দেখা যায়।

খ) গজালি ওলোৱাৰ পাছত হোৱা ডেম্পিং অফ (Post emergence damping off):

দুই-তিনিপতীয়া পুলিবোৰ গুৰিত জলসিক্ত, কোমল, মুগা ৰঙৰ দাগৰ সৃষ্টি হয় আৰু ই ক্ৰমান্বয়ে গা-গছ আৰু গছৰ শিপাৰ ফাললৈ প্ৰসাৰিত হয়। আক্ৰান্ত পুলিবোৰৰ গুৰিটো দুৰ্বল হৈ পৰাৰ বাবে পুলিবোৰ বীজতলীতে হালি পৰে আৰু মৰহি যায়।

কোনো কোনো ক্ষেত্ৰত পুলিবোৰৰ গুৰিটো ক্ৰমাৎ চিয়াঁ (constricted)হৈ আহে আৰু সেই অংশ শুকাই এডাল তাঁৰ সদৃশ হৈ পৰে। অৱশেষত দুৰ্বল পুলিবোৰ মাটিত হালি পৰে আৰু মৰি যায়।

ৰোগৰ কাৰক:

মুলত: দুবিধ মাটিত থকা ভেঁকুৰ যেনে-পিঠিয়াম (Pythium spp) আৰু ৰাইজ’কটনিয়া (Rhizoctonia spp) ৰ দ্বাৰা বীজ আৰু পুলিবোৰ আক্ৰান্ত হোৱাৰ ফলতেই বীজতলীত এই ৰোগ হয়।

ৰোগৰ অনুকুল পৰিৱেশ:

সেমেকা আৰু পানী জমা হোৱা বীজতলী পিঠিয়ামৰ দ্বাৰা হোৱা ডেম্পিং অফ ৰোগৰ বাবে অনুকুল। আনহাতে শুকান অৱস্থাত থকা বীজতলীত ৰাইজ’কটনিয়াৰ আক্ৰমণ বেছিকৈ হোৱা দেখা যায়। এইবিধ ভেঁকুৰৰ আক্ৰমণৰ ফলত পুলিবোৰৰ গুৰিটো শুকাই ওপৰত উল্লেখ কৰাৰ দৰে তাঁৰ সদৃশ হয়।

ৰোগৰ প্ৰতিকাৰ -

১) বীজতলীখন সদায় ৰ’দঘাই হোৱাৰ উপৰি পানী ওলাই যোৱাৰ সুব্যৱস্থা থাকিব লাগে।

২) বীজ সিঁচাৰ পুৰ্বে কেপটাফ বা থিৰামৰ (৩ গ্ৰাম প্ৰতিকিলোগ্ৰাম বীজত) দ্বাৰা বীজ শোধন কৰিব লাগে। ডায়’থেন এম-৪৫ বা বেভিষ্টিনো বীজ শোধনৰ বাবে একেহাৰতে ব্যৱহাৰ কৰিব পাৰি। ট্ৰাইক’ড্ৰামাযুক্ত বজাৰত পোৱা উপযুক্ত জৈৱনিয়ন্ত্ৰকো (৪ গ্ৰাম প্ৰতি কিলোগ্ৰাম বীজ) বীজ শোধনৰ বাবে ব্যৱহাৰ কৰি সুফল পাব পাৰি।

৩) বীজতলীত আক্ৰান্ত পুলি দেখা মাত্ৰেই ০.১% শক্তিযুক্ত বেভিষ্টিন আৰু ০.২৫ শক্তিযুক্ত ডাইথেন এম-৪৫ মিহলাই বীজতলীৰ মাটি তিতি যোৱাকৈ প্ৰয়োগ কৰিব লাগে।

পুলি পচা ৰোগ নিয়ন্ত্ৰণৰ বাবে ট্ৰাইক’ড্ৰামা অতি উপকাৰী জৈৱনিয়ন্ত্ৰক। ই মাটিত বাস কৰা ৰোগত বীজাণুৰ বৃদ্ধিক একেবাৰে কমাই ৰাখিব পাৰে। সেয়েহে ট্ৰাইক’ড্ৰামা (বজাৰত পোৱা উত্তম ট্ৰাইক’ড্ৰামাযুক্ত যিকোনো জৈৱনিয়ন্ত্ৰক) যুক্ত জৈৱ-ভেঁকুৰনাশক (Trichoderma viride) ৫ গ্ৰাম একলিটাৰ পানীত মিহলাই বীজতলীত এনেদৰে ছটিয়াব লাগে যাতে পুলিবোৰৰ গুৰি অংশত এই মিশ্ৰণ পৰে। ট্ৰাইক’ড্ৰামা মাটিত বৃদ্ধি হৈ ৰোগ নিয়ন্ত্ৰণত সহায় কৰে। বজাৰৰ পৰা কৃষকে যিকোনো জৈৱনিয়ন্ত্ৰক কিনোতে এটা কথাত গুৰুত্ব দিব লাগে, যাতে পেকেটত থকা জৈৱনিয়ন্ত্ৰক জীৱিত অৱস্থাত থাকে আৰু মাটিত দিয়াৰ লগে লগে বৃদ্ধি হ’বলৈ ধৰে। ইক’ডাৰমা (Ecoderma), ইক’ফিট (Ecofit), বায়’কন (Biocon) আদি নানাধৰণৰ ট্ৰাইক’ড্ৰামাযুক্ত জৈৱ-ভেঁকুৰনাশক বজাৰত পোৱা যায়।

শাক-পাচলিৰ মৰহা ৰোগ (Wilt of vegetables):

ছ’লানেচি গোত্ৰৰ শাক-পাচলি, যেনে-আলু, বিলাহী, বেঙেনা, জলকীয়া আদি খেতিৰ অন্যতম প্ৰধান সমস্যা হ’ল মৰহা ৰোগ। এই ৰোগৰ প্ৰাদুৰ্ভাৱ অসমৰ সকলো অঞ্চলতেই দেখা যায়। একেখন পথাৰতে বহু বছৰ ধৰি বিলাহী, বেঙেনা আদিৰ খেতি কৰি থকা অঞ্চলত এই ৰোগৰ প্ৰকোপ বেছি হয়।

শাক-পাচলিৰ মৰহা ৰোগ দুইপ্ৰকাৰৰ -

ক) ভেঁকুৰজনিত মৰহা ৰোগ (Fungal wilt)

খ)বেক্টেৰিয়াজনিত মৰহা ৰোগ (Bacterial wilt)

দুয়োপ্ৰকাৰৰ মৰহা ৰোগেই অতি মাৰাত্মক হোৱা হেতুকে ই কৃষকক আৰ্থিকভাৱে জুৰুলা কৰে। দুয়োবিধ মৰহা ৰোগ পৃথকে পৃথকে আলোচনা কৰা হ’ল।

ক) ভেঁকুৰজনিত মৰহা ৰোগ:

ৰোগৰ লক্ষণ: এই ৰোগৰ আক্ৰমণৰ ফলত প্ৰথমে আক্ৰান্ত গছৰ উপসিৰাবোৰ বৰণহীন হৈ পৰে আৰু পাতবোৰ হৰিৎকণাবিহীন হয়। পাতবোৰ লাহে লাহে জঁই পৰি অহাৰ লগে লগে গছবোৰ মৰহিবলৈ আৰম্ভ কৰে। অতি কম দিনৰ ভিতৰত কুমলীয়া পাতবোৰ ক্ৰমশ: মৰহি শুকাই যায়। বেছিকৈ আক্ৰান্ত গছৰ কাণ্ডৰ গুৰি অংশ আৰু শিপাৰ সংবহন কলাবোৰত ডাঠ মুগা বা ক’লা বৰণৰ দাগ পৰে। ভেঁকুৰজনিত মৰহা ৰোগৰ তলৰ ডালবোৰ প্ৰথমে মৰহা দেখা যায়। ই হঠাৎ জঁই পৰি নগৈ, লাহে লাহে হালধীয়া হৈ জঁই পৰি যায়।

ৰোগৰ কাৰক:

ফিউছেৰিয়াম অক্সিস্প’ৰাম ফৰ্মিস্পেচিয়েলছ লাইক’পাৰছিকি (Fusarium oxysporum) নামৰ মৃতজীৱী ভেঁকুৰৰ দ্বাৰা এই ৰোগ হয়। আক্ৰান্ত গছৰ সংবহন নলীকাবোৰ ভেঁকুৰে সোপামাৰি ধৰাৰ ফলত আৰু চেলুল’জ বিনষ্টকাৰী এনজাইমৰ ক্ৰিয়াৰ ফলত আক্ৰান্ত গছবোৰ মৰহি যায়।

ৰোগৰ অনুকুল পৰিৱেশ:

এই ৰোগৰ কাৰক ভেঁকুৰবিধ মাটিত বাস কৰে। মাটিৰ উচ্চ উষ্ণতা ইয়াৰ বৃদ্ধিৰ বাবে অনুকুল। সেয়েহে এনে অৱস্থাত ভেঁকুৰজনিত মৰহা ৰোগৰ প্ৰকোপ বৃদ্ধি পায়।

ৰোগৰ প্ৰতিকাৰ:

১) বিলাহী, বেঙেনা আদিৰ মৰহা ৰোগ (ভেঁকুৰজনিত) প্ৰতিৰোধী জাত ব্যৱহাৰ কৰিব লাগে।

২) আক্ৰান্ত পথাৰত ছ’লানেচি গোত্ৰৰ শস্যৰ পৰিৱৰ্তে আন শস্যৰ খেতি কৰিব লাগে, অৰ্থাৎ শস্যাৱৰ্তন কৰিব লাগে।

৩) কেপটাফ (০.৩% অৰ্থাৎ ৩ গ্ৰাম/ লিটাৰ ) ৰ দ্বাৰা মাটি শোধন কৰি মাটিত থকা ৰোগৰ বীজাণু নাশ কৰি ৰোগৰ প্ৰকোপ কমাব পাৰি।

খ) বেক্টেৰিয়াজনিত মৰহা ৰোগ:

আলু, বিলাহী, বেঙেনা, জলকীয়া আদি ছ’লনেচি গোত্ৰৰ শাক-পাচলিৰ ই অতি মাৰাত্মক ৰোগ।

ৰোগৰ লক্ষণ:

সুস্থ-সবল, লহপহকৈ বাঢ়ি অহা বিলাহী, বেঙেনা, জলকীয়া আদিৰ পুলি বা গছবোৰ হঠাতে লেৰেলি যায়। কেতিয়াবা দুই-চাৰিদিনৰ পাছত সাময়িকভাৱে ৰোগমুক্ত হোৱা লক্ষণ দেখুৱালেও পুনৰ হঠাৎ ভালবোৰ বা গোটেই গছজোপাই লেৰেলি যায়। আক্ৰান্ত আলুৰ চকুৰ পৰা বেক্টেৰিয়াৰ কোষবোৰ পুঁজৰ দৰে ওলাই থাকে আৰু আলুৰ ভিতৰৰ কোষবোৰ মুগাবৰণীয়া হয়। আক্ৰান্ত পৈণত গছৰ ছালত ক’লা বৰণৰ দাগৰ সৃষ্টি হয় আৰু গুৰিৰ পৰা কিছুমান অস্থানিক মুল ওলায়। এটা সাধাৰণ পৰীক্ষাৰ দ্বাৰা ভেঁকুৰজনিত মৰহা ৰোগ আৰু বেক্টেৰিয়াজনিত মৰহা ৰোগক পৃথককৈ চিনাক্ত কৰিব পাৰি। এই পৰীক্ষাক অ’জ পৰীক্ষা (ooze test) নামেৰে জনা যায়। আক্ৰান্ত গছৰ এটা পৰিষ্কাৰ ডাল এখন চোকা কটাৰীৰে কাটি স্বচ্ছ গিলাছ বা টেষ্ট টিউব (test tube) ৰ পানীত কটা মুৰটো লৰচৰ নকৰাকৈ ১০-১৫ মিনিট সময় ডুবাই ৰাখিলে কিছু সময়ৰ পাছত কটা মুৰটোৰ পৰা ধোঁৱা বা আঁচ সদৃশ পদাৰ্থ পানীলৈ নিগৰি আহে। এই ধোঁৱাবৰণীয়া পদাৰ্থবোৰ হৈছে বেক্টেৰিয়া। এনেদৰে অতি সহজেই অ’জ পৰীক্ষাৰ দ্বাৰা বেক্টেৰিয়াজনিত মৰহা ৰোগ চিনাক্ত কৰিব পাৰি। ভেঁকুৰজনিত মৰহা ৰোগৰ ক্ষেত্ৰত এনে কোনো নি:সৰণ দেখা নাযায়।

ৰোগৰ কাৰণ:

ৰালষ্ট’নিয়া ছ’লানাছিয়েৰাম (Ralstonia solanacerum) নামৰ এবিধ বেক্টেৰিয়া এই ৰোগৰ কাৰক।

ৰোগৰ অনুকুল পৰিৱেশ -

এইবিধ বেক্টেৰিয়াই মআটিত আৰু আক্ৰান্ত গছৰ মাটিত পৰি থকা অৱশিষ্ট অংশত বৃদ্ধি হৈ জীয়াই থাকে। উচ্চ উষ্ণতা (২১-৩৮° চেলছিয়াছ) আৰু বেছি সেমেকা মাটিত এই ৰোগ অতি সোনকালে বিয়পি পৰে। কীট-পতংগৰ দ্বাৰা অন্যান্যধৰণে হোৱা উদ্ভিদৰ দেহত হোৱা আঘাত বা ফুটাৰে এই বেক্টেৰিয়া গছৰ ভিতৰত প্ৰৱেশ কৰে। জাইলেম নলীকাত ই বংশবৃদ্ধি কৰাৰ ফলত নলীকাবোৰ বন্ধ হৈ যায়, ফলত শিপাই মাটিৰ পৰাৰ্শোষণ কৰা পানী গছৰ বিভিন্ন অংশলৈ পৰিবাহিত নোহোৱাৰ ফলত গছবোৰ মৰহি যায়।

ৰোগৰ প্ৰতিকাৰ:

১) বেক্টেৰিয়াজনিত মৰহা ৰোগ প্ৰতিৰোধক্ষম (bacterial wilt resistance) জাত ব্যৱহাৰ কৰিব লাগে।

২) প্ৰতিবছৰে আক্ৰান্ত হোৱা পথাৰত শস্যাৱৰ্তনৰ দ্বাৰা এই ৰোগ প্ৰতিৰোধত সফল হ’ব পাৰি। ছ’লানেচি গোত্ৰৰ শাক-পাচলিৰ পৰিৱৰ্তে ধান বা মাহজাতীয় শস্যৰ খেতি কৰিব লাগে।

৩) ষ্ট্ৰেপ্ট’মাইচিন (১০০ পি পি এম) ১ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত মিহলাই মাটি শোধন কৰিব লাগে।

৪) আক্ৰান্ত গছৰ গুৰিত ১ গ্ৰাম হিং আৰু ৫ গ্ৰাম হালধি ১০ লিটাৰ পানীত মিহলাই তিনিবাৰ (ৰোৱাৰ ১৫, ৩০ আৰু ৪৫ দিনৰ পাছত) প্ৰয়োগ কৰিব লাগে।

৫) বেক্টেৰিয়াজনিত লেৰেলা বেমাৰত ছিউড’ম’নাছ ফ্ল’ৰেছেনছ (Pseudomonas fluorescens) যুক্ত জৈৱনিয়ন্ত্ৰক ব্যৱহাৰ কৰি সফল হ’ব পাৰি। অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট ( উদ্ভিদ ৰোগ বিভাগ)-এ উৎপন্ন কৰা বায়’ফাৰ পি এফ (Biofar pf) নামৰ জৈৱনিয়ন্ত্ৰক বীজ শোধনৰ বাবে ব্যৱহাৰ কৰি মুল পথাৰত ৰোৱাৰ আগতে বিলাহী, বেঙেনা, জলকীয়া পুলি বায়’ফাৰ মিশ্ৰণত ডুবাই বা মুল পথাৰত মাটিত প্ৰয়োগ কৰিও সুফল পাব পাৰি।

আলুৰ ব্লাইট বা ডেই যোৱা ৰোগ (Late Blight of Potato)

ব্লাইট বা ডেই যোৱা ৰোগ আলু আৰু বিলাহীৰ অতি মাৰাত্মক ৰোগ। আলু উৎপাদনকাৰী বহুতো দেশত এই ৰোগ আলুখেতিৰ অন্তৰায়ৰুপে পৰিগণিত হৈছে। ১৮৪৫ চনত আয়াৰলেণ্ডৰ দুৰ্ভিক্ষৰ (Irish famine) ৰ কাৰণো আছিল আলুৰ ব্লাইট ৰোগ। অনুকুল পৰিৱেশত অতি কম দিনৰ ভিতৰতে এই ৰোগ বৃহৎ এলেকাত বিয়পি পৰি কৃষকৰ আলু আৰু বিলাহী খেতিৰ বিস্তৰ ক্ষতিসাধন কৰে।

ৰোগৰ লক্ষণ:

প্ৰথম অৱস্থাত এই ৰোগৰ ফলত পাতত জলসিক্ত অৰ্থাৎ পানী পৰি কাগজ-কাপোৰ সেমেকি যোৱাৰ দৰে পাতল মুগা বৰণৰ দাগ পৰা দেখা যায়। এই ৰোগে আলুগছৰ প্ৰায়বোৰ অংশকেই আক্ৰান্ত কৰে। পাতত দেখা দিয়া দাগবোৰ পাতৰ কাষৰ পৰা ক্ৰমান্বয়ে ৰোগৰ বৃদ্ধিৰ লগে লগে পাতৰ ভিতৰৰ ফাললৈ আগবাঢ়ে। পাতত থকা দাগবোৰ ঠিক তলফালে (তলৰ পৃষ্ঠাত) কপাহৰ দৰে বগা ৰঙৰ ভেঁকুৰৰ অনুসুত্ৰ ৱৃদ্ধি হোৱা দেখা যায়। সেমেকা আৰু ডাৱৰীয়া বতৰত দাগবোৰ উপপত্ৰ আৰু পত্ৰবৃন্তলৈ প্ৰসাৰিত হয়।

ৰোগৰ কাৰক:

ফাইট’পথৰা ইনফেছটেন্স (Phytophthora infestans) নামৰ ভেঁকুৰবিধেই হ’ল আলু –বিলাহীৰ ব্লাইত ৰোগৰ কাৰক। ইয়াৰ পাতৰ তলপৃষ্ঠত উৎপন্ন হোৱা ৰেণুবোৰ বতাহৰ সহায়ত বৰ প্ৰখৰ গতিত বিস্তাৰিত হোৱৰ ফলত আলু-বিলাহীৰ বতৰতেই (একেটা বছৰতে) বহু কৃষকৰ পথাৰত ৰোগ সংক্ৰমিত কৰি মহামাৰীৰ ৰুপ ধাৰণ কৰে।

ৰোগৰ অনুকুল পৰিৱেশ:

অসমত সাধাৰণতে ডিচেম্বৰ মাহৰ শেষৰ ভাগ অথবা জানুৱাৰী মাহৰ প্ৰথমভাগত ডাৱৰে আকাশ দুই-তিনিদিন ঢাকি ৰাখি বৰষুণ দিয়াৰ পাছতেই এই ৰোগৰ লক্ষণ দেখা যায়। বৰ্তমান গোলকীয় উষ্ণ অৱস্থাৰ (Global warming) বাবে হোৱা বতৰৰ পৰিৱৰ্তনৰ বাবে আলু- বিলাহীৰ প্ৰথম আক্ৰমণৰ সময়ৰো কিছু পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছে। অনুকুল বতৰত ৰোগৰ প্ৰসাৰো ক্ষিপ্ৰতৰ হয়। দিন আৰু ৰাতিৰ ভাগত তাপমাত্ৰা ক্ৰমে ২২°-২৩° চেলছিয়াছ আৰু ১০°-১৫° চেলছিয়াছ, আপেক্ষিক আৰ্দ্ৰতা ৯০% তকৈ অধিক হ’লে এই ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি হয়। উষ্ণতা বৃদ্ধিৰ (৩০° চেলছিয়াছতকৈ অধিক) লগে লগে ভেঁকুৰৰ বৃদ্ধিত ব্যাঘাত জন্মে আৰু ফলত বৃদ্ধি আৰু বিস্তাৰ কমি আহে।

ৰোগৰ প্ৰতিকাৰ:

১) আলুৰ সহনক্ষম জাত, যেনে- কুফ্ৰি বাদছাহ, কুফ্ৰি মেঘা আদি ব্যৱহাৰ কৰিব লাগে।

২) পুৰ্বানুমান অনুসৰি নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে ভেঁকুৰনাশক স্প্ৰে’ কৰাটো ব্লাইট বেমাৰ প্ৰতিৰোধৰ বাবে অতি গুৰুত্বপুৰ্ণ। এই ৰোগ ডিচেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত বেছিকৈ হয়। সেয়েহে অনুমোদিত ভেঁকুৰনাশক, যেনে- ইণ্ডোফিল এম-৪৫ (০.২৫%) বা ড়িড’মিল এম জেদ-৭২ (Combo fungicide, ০.২০%) ১০ দিনৰ অন্তৰে অন্তৰে ডিচেম্বৰ মাহৰ দ্বিতীয় সপ্তাহৰ পৰা মাৰ্চ মাহলৈকে স্প্ৰে’ কৰিব লাগে।

৩) প্ৰতিষেধক হিচাপে ১% শক্তিযুক্ত বৰড’ মিশ্ৰণ (Bordeaux mixture) ওপৰত উল্লেখ কৰাৰ দৰে ব্যৱহাৰ কৰিও সুফল পাব পাৰি।

আলু আৰু বিলাহীৰ আগতীয়া ব্লাইট বেমাৰ (Early Blight of Potato and Tomato)

আলু আৰু বিলাহী দুয়োবিধ খেতিতে আগতীয়া ব্লাইট ৰোগে সময়ে সময়ে দেখা দিয়ে। পুলিবোৰ ৰোৱাৰ কম দিনৰ ভিতৰতে দেখা পোৱাৰ বাবে এই ৰোগক আগতীয়া ব্লাইট বেমাৰ বোলে।

ৰোগৰ লক্ষণ:

ঘুৰণীয়াৰ পৰা কোণীয়াধৰণৰ গাঢ় মুগা বৰণৰ দাগ পাতত দেখা যায়। দাগবোৰ ভালদৰে পৰ্যবেক্ষণ কৰিলে ঐককেন্দ্ৰিক (concentric) বহুতো বলয় (ring) দেখা যায়। এই ঐককেন্দ্ৰিক বলয় আগতীয়া ব্লাইট ৰোগ চিনাক্তকৰণৰ অন্যতম প্ৰধান লক্ষণ। ৰোগৰ প্ৰকোপ বৃদ্ধি হ’লে এনেধৰণৰ অসংখ্য দাগ লগ হৈ পাতৰ বহু অংশ অধিকাৰ কৰে আৰু পাছলৈ শুকাই জ্বলি যোৱাৰ দৰে হয়।

পাতত প্ৰধানকৈ বিয়পি থকা এই ৰোগ আলু আৰু বিলাহীৰ ফলটোতো দেখা যায়। আলুত মুগা বৰণৰ দাগ পৰি পচি যোৱা দেখা যায়। আনহাতে বিলাহীৰ ফলটোতো প্ৰথমে পানীজোলাৰ দৰে বান্ধি লাহে লাহে মুগা বৰণৰ হৈ পৰে আৰু পাতত দেখাৰ দৰেই জোলাবন্ধা মুগা বৰণৰ দাগবোৰত ঐককেন্দ্ৰিক বলয় দেখা যায়।

ৰোগৰ কাৰক: অল্টাৰনেৰিয়া ছ’লানি (Alternaria solani) নামৰ বতাহ আক্ৰান্ত আলুৰ দ্বাৰা বিস্তাৰিত হোৱা একপ্ৰকাৰৰ ভেঁকুৰৰ দ্বাৰা এই ৰোগ হয়।

ৰোগৰ প্ৰতিকাৰ:

১) আক্ৰান্ত গছত ইণ্ডোফিল এম-৪৫ (২ গ্ৰাম প্ৰতিলিটাৰ) বা ব্লাইটক্স-৫০ বা ডাইফলেটানৰ ০.২৫% (২.৫ গ্ৰাম/ লিটাৰ) মিশ্ৰণ ১৫ দিনৰ ব্যৱধানত গছত ছটিয়াব লাগে।

২) বিলাহীৰ ব্লাইট নিয়ন্ত্ৰণ কৰিবলৈ ১% বৰড’ মিশ্ৰণ ব্যৱহাৰ কৰিব লাগে।

আলু আৰু বিলাহীৰ পাত মোজোৰা পৰা ৰোগ (Leaf Roll)

আক্ৰান্ত গছৰ ওপৰৰ পাতবোৰ ওপৰলৈ ঘোৰ খাই উঠি আহে বা ঘোৰ খাই তলৰ ফাললৈ সোমাই যায়। আক্ৰান্ত পাতবোৰ হালধীয়া পৰি যায়। কোনো কোনো জাতৰ আলু এই ৰোগৰ দ্বাৰা আক্ৰান্ত হ’লে পাতবোৰ কজলা বৰণ ৰ হৈ পৰে।

ৰোগৰ প্ৰতিকাৰ:

ভাইৰাছৰ দ্বাৰা হোৱা এই ৰোগ নিবাৰণৰ একমাত্ৰ উপায় হ’ল ৰোগ সংক্ৰমিত কৰা পোকবিধ নিয়ন্ত্ৰণ কৰা। মালাথিয়ন ৫০ ই চি )১ মিলিলিটাৰ/ লিটাৰ)ৰ মিশ্ৰণ দুই-এজোপা গছত দেখাৰ লগে লগে গছত ছটিয়াব লাগে আৰু আক্ৰান্ত গছবোৰ উভালি পেলাব লাগে।

আলু বা বিলাহী দুয়োবিধ খেতিতে ম’জাইক ৰোগো দেখা যায়। আলুগুটি আৰু বিলাহীৰ বীজে এই ৰোগ বহন কৰে। মাটিয়েও এই ৰোগৰ কাৰক ভাইৰাছ বহন কৰে। মাটিত মিথাইল ব্ৰ’মাইড (৭৫ গ্ৰাম প্ৰতিবৰ্গমিটাৰত মাটিত) প্ৰয়োগ কৰি ভাইৰাছক নিষ্ক্ৰিয় কৰিব পাৰি।

বেঙেনাৰ প্ৰধান ৰোগসমুহ (Diseases of Brinjal)

বেঙেনা খেতিত দেখা দিয়া প্ৰধান ৰোগসমুহ হ’ল পুচি বা জেকনিলগা ৰোগ, লেৰেলা বেমাৰ, ফল পচা বা ফম’পছিছ ব্লাইট, বগা মলড আৰু লিটল লিফ বা পাত সৰু হোৱা ৰোগ।

পুলি পচ অৰোগ পুলিবাৰীত দেখা দিয়ে। এই ৰোগৰ বিষয়ে বীজতলীত দেখা দিয়া ৰোগৰ শিতানত বহলাই আলোচনা কৰা হৈছে। বেঙেনা খেতিতো বেক্টেৰিয়াজনিত আৰু ভেঁকুৰজনিত লেৰেলা বেমাৰ আলু-বিলাহীত দেখা দিয়া লেৰেলা ৰোগৰ দৰেই হয়। এই বিষয়ে শাক-পাচলিৰ লেৰেলা ৰোগ সন্দৰ্ভত্ন বিশদভাৱে আলোচনা কৰা হৈছে। গতিকে পুনৰ উল্লেখ নকৰি মাত্ৰ বেঙেনাৰ কেইটামান বেক্টেৰিয়াজনিত ৰোগৰ প্ৰতিৰোধী জাত কৃষকৰ জ্ঞাতাৰ্থে উল্লেখ কৰা হ’ল-

*পুছা পাৰপল ক্লাষ্টাৰ (Pusa Purple Cluster)

*বি বি-৭ (BB-7) আৰু বি ডব্লিউ আৰ-৩৪ (BWR-34)

*পণ্ট সম্ৰাট (Pant সম্ৰাট)

*জে চি-৩ (JC-3) আৰু জে- চি -৫ (JC-5)

১) বেঙেনাৰ ফল পচা বা ফম’পছিছ ব্লাইট (Fruit rot or Phomopsis blight):

অসমত বেক্টেৰিয়াজনিত লেৰেলা বেমাৰৰ পিছতেই বেঙেনাৰ দ্বিতীয় মাৰাত্মক ৰোগ হ’ল ফল পচা ৰোগ।

ৰোগৰ লক্ষণ:

ফল পচা ৰোগৰ লক্ষণ পুলি অৱস্থাৰ পৰা পুৰ্ণাংগ অৱস্থালৈ বিভিন্ন পৰ্যায়ত বেলেগ বেলেগ ৰুপত দেখা যায়। পুলি অৱস্থাত বে বীজতলীত এই ৰোগৰ আক্ৰমণৰ বাবেও কেতিয়াবা পুলি পচি যায়।

বীজতলীৰ পৰা মুল পথাৰলৈ স্থানান্তৰ কৰাৰ পাছত বেঙেনা পুলিৰ পাতত (বিশেষকৈ মাটিত লাগি থকা পাতত) সৰু সৰু ঘুৰণীয়া ধোঁৱাবৰণীয়া বা মুগা বৰণৰ দাগ পৰে। দাগবোৰৰ মাজটো কিছু পাতল ৰঙৰ হয়। দাগবোৰ পাতৰ ঠাৰি আৰু কাণ্ডলৈও বিয়পি পৰে।

এই ৰোগে ফল আক্ৰমণ কৰি কৃষকৰ বিস্তৰ ক্ষতি সাধন কৰে। বেঙেনাত প্ৰথমে শেঁতা বৰণৰ দাগ পৰে। সময়ৰ লগে লগে এনে বহুত দাগ একেলগ হৈ এক বৃহৎ অংশ আৱৰি ধৰে। বেঙেনাৰ দাগ পৰা অংশবোৰৰ ভিতৰফালটোৱেই পচি যায়। বেঙেনাটোত কিছুমান আঙঠিৰ দৰে দাগ দেখা যায়।

ৰোগৰ কাৰক:

ফম’পছিছ ভেক্সেনছ (Phomopsis vexans) নামৰ জবৰ-জোঁথৰ বা বীজত সুপ্ত অৱস্থাত থাকিব পৰা ভেঁকুৰ এই ৰোগৰ কাৰক।

ৰোগৰ প্ৰতিকাৰ:

১) বেঙেনা খেতি আৰম্ভ কৰাৰ আগেয়ে , আগৰ বছৰৰ বেঙেনাৰ মৰা ডাল-পাত জ্বলাই ৰোগৰ বীজাণু ধ্বংস কৰিব লাগে। ভালদৰে হাল বাই মাটিডৰা দুদিনমান প্ৰখৰ ৰ’দত ৰ’দাই, পুনৰ হাল বাই মাটি ওপৰ-তল কৰিব লাগে। এনেদৰে সুৰ্যৰ উত্তাপতো ৰোগৰ বীজাণু কিছু পৰিমাণে ধ্বংস কৰিব পাৰি।

২) বেঙেনাৰ গুটি সদায় ৰোগমুক্ত গছৰ পৰাহে সংগ্ৰহ কৰিব লাগে।

৩) ৰুগীয়া গছ পথাৰৰ পৰা উভালি দুৰত পুতি বা পুৰি পেলাব লাগে।

৪) মাৰকিউৰিক ক্লৰাইড (১ গ্ৰাম প্ৰতিলিটাৰ) ৰ দ্বাৰা বীজ শোধন কৰিব লাগে।

৫) বীজতলীত জিৰাম (Ziram) বা কেপটান (Captan) ২ গ্ৰাম প্ৰতিলিটাৰ পানীত মিহলাই ৭ দিনৰ অন্তৰে অন্তৰে স্প্ৰে’ কৰিব লাগে।

৬) মুল পথাৰত ৰোগৰ লক্ষণ দেখা পোৱাৰ লগে লগে ইণ্ডোফিল এম-৪৫ (২ গ্ৰাম প্ৰতিলিটাৰ পানীত) ৭-১০ দিনৰ ব্যৱধানত স্প্ৰে’ কৰিব লাগে।

৭) ১% শক্তিযুক্ত বৰড’ মিশ্ৰণ প্ৰতিষেধক হিচাপে নিয়মীয়াকৈ ফল ধৰাৰ পৰা প্ৰয়োগ কৰিও সুফল পাব পাৰি।

২) বেঙেনাৰ বগা ম’লড (White mould of Brinjal):

বেঙেনা খেতিৰ উপৰি ফ্ৰেন্সবীন, গাজৰতো এই ৰোগ দেখা যায়।

ৰোগৰ লক্ষণ:

বেঙেনাত কেতবোৰ জলসিক্ত দাগ পৰে। ৰোগৰ আক্ৰমণ সাধাৰণতে মাটিৰ পৰা আৰম্ভ হয়। আক্ৰান্ত গছবোৰৰ ডালবোৰক তলফালৰ পৰা ভেঁকুৰে আৱৰি আহে আৰু ডালবোৰ লাহে লাহে মৰহি যায়। বেঙেনাৰ গুৰিৰ মাটিতো বগা বগা ভেঁকুৰৰ অনুসুত্ৰ দেখা যায়। ডাল আৰু বেঙেনাত বৃদ্ধি হোৱা ভেঁকুৰত সৰিয়হৰ গুটিৰ দৰে টান, দীঘল আকৃতিৰ নিগনিৰ্ বিষ্ঠাৰ দৰে স্ক্লেৰ’টিয়া নামৰ ৰোগৰ কাৰক ভেঁকুৰবিধে উৎপন্ন কৰা এবিধ সুপ্ত ৰেণু লাগি থকা দেখা যায়।

ৰোগৰ কাৰক:

স্ক্লেৰ’টিনিয়া স্ক্লেৰ’ছিয়’ৰাম (Sclerotinia sclerotiorum) নামৰ মাটিত বাস কৰা এবিধ ভেঁকুৰ ।

ৰোগৰ প্ৰতিকাৰ:

১) ৰোগাক্ৰান্ত ডাল-পাত আৰু ফলবোৰ ভালকৈ জ্বলাই ধ্বংস কৰিব লাগে। স্ক্লেৰ’ছিয়া মাটিত পৰিবলৈ দিব নালাগে।

২) ভেঁকুৰৰ বগা বগা অনুসুত্ৰ দেখাৰ লগে লগে বেভিষ্টিন ০.০৫% (০.৫ গ্ৰাম প্ৰতিলিটাৰ পানীত) স্প্ৰে’ কৰিও ৰোগৰ প্ৰকোপ কমাব পাৰি।

৩) বেঙেনাৰ লিটল লিফ বা পাত সৰু হোৱা ৰোগ (Little leaf of Brinjal)

ৰোগৰ লক্ষণ:

বেঙেনাৰ পাতবোৰৰ আকাৰ স্বাভাৱিকতকৈ সৰু হৈ বহুত পাত একেলগ হৈ এটা থোপাৰ দৰে হৈ থাকে। গছৰ বৃদ্ধিও কমি যায়। আক্ৰান্ত গছত ফল নধৰে।

ৰোগৰ কাৰক:

মাইক’প্লাজমা (Mycoplasma) বা ফাইট’প্লাজমা (Phytoplasma) নামৰ একপ্ৰকাৰ গছক আক্ৰমণ কৰি কৰিব পৰা কোষবেৰবিহীন বেক্টেৰিয়া।

ৰোগৰ প্ৰতিকাৰ:

১) আক্ৰান্ত গছবোৰ পথাৰৰ পৰ উভালি পেলাব লাগে।

২) ৰোগ বিয়পোৱা জেছিদজাতীয় পোক নিয়ন্ত্ৰণ কৰাটোৱেই এই ৰোগৰ প্ৰতিকাৰৰ প্ৰধান উপায়। জেছিদ নিয়ন্ত্ৰণৰ বাবে মালাথিয়ন ৫০ ই চি (১ মি.লি একলিটাৰ পানীত) ১০-১৫ দিনৰ অন্তৰে অন্তৰে প্ৰয়োগ কৰিব লাগে।

জলকীয়া খেতিৰ প্ৰধান ৰোগসমুহ:

জলকীয়াৰ প্ৰধান ৰোগসমুহ হ’ল পুলিবাৰীত গুৰি পচা, ফল পচা বা এনথ্ৰাকন’ছ, পাতত দাগ পৰা আৰু পাত পাক খাই ধৰা ৰোগ। বেক্টেৰিয়াজনিত লেৰেলা ৰোগ অসমৰ জলবায়ুত জলকীয়ৰ অন্যতম ৰোগ। পুলি অৱস্থাত গুৰি পচা বা জেকনিলগা ৰোগ আৰু লেৰেলা ৰোগৰ বিষয়ে ক্ৰমে পুলিবাৰীত দেখা য়া ৰোগ আৰু শাক-পাচলিত দেখা দিয়ে। লেৰেলা ৰোগৰ শিতানত আলোচনা কৰা হৈছে। ৰোগৰ লক্ষণ আৰু প্ৰতিকাৰৰ উপায় জলকীয়াৰ ক্ষেত্ৰতো একেই।

১) ফল পচা বা এনথ্ৰাকন’ছ (Fruit rot or Anthracnose):

জলকীয়াৰ খেতি কৰা সকলো অঞ্চলতে ই জলকীয়াৰ অত্যন্ত ক্ষতিকাৰক ৰোগ।

ৰোগৰ লক্ষণ:

এই ৰোগত দুইপ্ৰকাৰৰ লক্ষণ দেখা যায়-

ক)ওপৰৰ পৰা ডালবোৰ সৰি অহা

খ) ফল পচা

জলকীয়াৰ ডালবোৰৰ আগটো পাক খাই তলমুৱা হৈ আহে। লাহে লাহে আক্ৰান্ত ডালবোৰ ওপৰৰ পৰা শুকাই আহে আৰু মৰি যায়।

এই ৰোগ পকা জলকীয়াতহে দেখা যায়। পকিবলৈ ধৰা জলকীয়াবোৰত ক’লা দাগ পৰে আৰু লাহে লাহে দাগবোৰ ঘুৰণীয়া আকৃতিৰ হয়। দাগবোৰত সৰু সৰু অসংখ্য ক’লা ফুট ফুট থাকে। ৰোগৰ কাৰক ভেঁকুৰবিধে এইবোৰৰ সৃষ্টি কৰি তাত অসংখ্য ৰেণু উৎপন্ন কৰে। লাহে লাহে গোটেই জলকীয়াটো গেলি যায়।

ৰোগৰ কাৰক:

ক’লেট’ট্ৰিকাম কেপছিচি (Colletotrichum capsici) নামৰ বীজৰ দ্বাৰা বাহিত আৰু বতাহৰ দ্বাৰা বিস্তাৰিত হোৱা ভেঁকুৰেই এই ৰোগৰ কাৰক। বাৰিষাৰ বতৰত বতাহ-বৰষুণৰ দ্বাৰা এই ভেঁকুৰৰ ৰেণু এটা অঞ্চলৰ পৰা আনটো অঞ্চললৈ বিস্তাৰিত হৈ নতুন নতুন খেতিত আক্ৰমণ কৰে।

ৰোগৰ প্ৰতিকাৰ:

ক) আক্ৰান্ত গছৰ ডাল আৰু গেলি মাটিত পৰি থকা জলকীয়াবোৰ আঁতৰাই জ্বলাই পেলাব লাগে।

খ)চেৰেচান (২ গ্ৰাম প্ৰতিলিটাৰ) ৰ দ্বাৰা বীজ শোধন কৰিব লাগে।

গ) আক্ৰান্ত গছত জিৰাম (২ গ্ৰাম প্ৰতিলিটাৰ), ডাইফলেটান (৩ গ্ৰাম প্ৰতিলিটাৰ) বা ডাইথেন এম-৪৫ (২ গ্ৰাম প্ৰতিলিটাৰ) ১০-১৫ দিনৰ অন্তৰে অন্তৰে স্প্ৰে’ কৰিব লাগে।

২) পাতত দাগ পৰা ৰোগ:

ৰোগৰ লক্ষণ:

ঘুৰণীয়া, জলসিক্ত মুগাবৰণীয়া দাগ জলকীয়া গছৰ পাত, কাণ্ড, ঠাৰি, আনকি জলকীয়াতো দেখা যায়। বুঢ়া পাতত, দাগবোৰৰ মাজৰ অংশটো পচি পাতৰ পৰা সৰি সৰি পাতত ফুটাৰ সৃষ্টি কৰে। ৰোগ বৃদ্ধিৰ লগে লগে পাতবোৰ হালধীয়া হৈ সৰি পৰে।

ৰোগৰ কাৰক:

চাৰক’স্প’ৰা কেপছিচি (Cercospora capsici) নামৰ আক্ৰান্ত গছৰ জাবৰ-জোঁথৰত জীয়াই থাকিব পৰা একপ্ৰকাৰৰ ভেঁকুৰৰ দ্বাৰা এই ৰোগ হয়।

ৰোগৰ প্ৰতিকাৰ:

ক) ফাইট’লান (৩ গ্ৰাম প্ৰতিলিটাৰ )বা ডাইথেন এম-৪৫ ( ২ গ্ৰাম প্ৰতিলিটাৰ )বা ১% শক্তিশালী বৰড’ মিশ্ৰণ প্ৰয়োগ কৰি ৰোগৰ প্ৰকোপ কমাব পাৰি।

খ) আক্ৰান্ত গছৰ পাত, ডালবোৰ গোটাই ধ্বংস কৰি পেলাব লাগে।

৩) জলকীয়াৰ পাত পাকখোৱা ৰোগ (Leaf curl of Chilli)

ৰোগৰ লক্ষণ:

আক্ৰান্ত গছৰ ওপৰৰ পাতবোৰ ডাঠ হৈ, কোঁচ খাই, পাক খাই ধৰে। পাতবোৰ দেখাত মেটোৰা-মেটোৰ হৈ যায়। গছৰ বৃদ্ধি কমি যায়, আনহাতে ঠাল-ঠেঙুলি অধিক মেলিবলৈ ধৰে। অৱশেষত বেছিকৈ আক্ৰান্ত গছবোৰত একেবাৰে জলকীয়া নলগা হৈ পৰে।

ৰোগৰ কাৰক:

জলকীয়াৰ পাত পাকখোৱা ৰোগ এবিধ বগা ৰঙৰ মাখিয়ে কঢ়িয়াই অনা ভাইৰাছৰ দ্বাৰা হয়।

ৰোগৰ প্ৰতিকাৰ:

ভাইৰাছক পোনপতীয়াকৈ নিয়ন্ত্ৰণ কৰাৰ কোনো  উপায় নাই। কেৱল ৰোগ বিয়পোৱা বগা মাখি (White fly) বিধ নিয়ন্ত্ৰণ কৰিবলৈ ‘ৰগৰ’ (১ মিলিলিটাৰ একলিটাৰ পানীত) নামৰ দৰববিধ ১০-১৫ দিনৰ অন্তৰে আন্তৰে স্প্ৰে’ কৰিব লাগে।

কবিজাতীয় শস্যৰ ৰোগসমুহ (Diseases of Cole crops)

কবিজাতীয় শস্য, যেনে- বন্ধাকবি, ফুলকবি, ব্ৰুকলি আদি খেতিত দেখা দিয়া ৰোগবোৰ প্ৰায় একেধৰণৰ। সেয়েহে পৃথকে পৃথকে আলোচনা নকৰি একেলগে কবিজাতীয় শস্যৰ ৰোগ হিচাপে আলোচনা কৰা হ’ল।

কবিজাতীয় শস্যৰ পুলিবাৰীত দেখা দিয়া গুৰি পচা বা পুলি পচা বা জেকনিলগা ৰোগৰ বিষয়ে ‘বীজতলীত দেখা দিয়া ৰোগ’ শিতানত বিশদভাৱে আলোচন কৰা হৈছে। কবিজাতীয় শস্যৰ মুল পথাৰত দেখা দিয়া ৰোগসমুহ এনেধৰণৰ-

১) ব্লেক ৰট (Black rot)

ৰোগৰ লক্ষণ:

কবি পুলি ৰোৱাৰ এক-ডেৰমাহৰ ভিতৰত এই ৰোগৰ প্ৰথম লক্ষণে ধৰা দিয়ে। প্ৰথমে পাতৰ কাষৰ কোনো এক অংশত হালধীয়া দাগ (চকলা ৰুপত) দেখা যায়। সময়ৰ লগে লগে ই ইংৰাজী ‘V’ আখৰটোৰ দৰে আকৃতি লৈ পাতৰ মধ্যভাগলৈ বৃদ্ধি হৈ থাকে। পাতৰ আক্ৰান্ত অংশৰ সিৰা-উপসিৰাবোৰ প্ৰথমে মুগাবৰণীয়া হৈ পাছত ক’লা পৰিবলৈ ধৰে। কবিজাতীয় শস্যৰ ব্লেক ৰট ৰোগ চিনাক্তকৰণৰ বাবে ইয়েই আটাইতকৈ নিৰ্ভৰযোগ্য উপায়। ৰোগৰ প্ৰকোপ বৃদ্ধি হ’লে এই কলা পৰা লক্ষণ ঠাৰি, কাণ্ড আনকি শিপালৈকে বিয়পি পৰে।

আক্ৰান্ত গছৰ কাণ্ড দীঘলে দীঘলে ফালি চালে মুগা বৰণৰ দাগ সংবহন কলাত দেখা যায়। আক্ৰান্ত কাণ্ড পৰিষ্কাৰ পানীত ১০-১৫ মিনিট সময় ডুবাই ৰাখি ধোঁৱা বা সুতাৰ দৰে পানীলৈ নিৰ্গত হোৱা বেক্টেৰিয়া বা ‘ওজ’ (ooze) ৰ দ্বাৰা এই ৰোগ বেক্টেৰিয়াজনিত বুলি নিশ্চিত হ’ব পাৰি।

কম বয়সীয়া পুলিবোৰক এই ৰোগে আক্ৰমণ কৰিলে লেৰেলি শুকাই যায়। আনহাতে বয়সীয়া অৱস্থাত ৰোগাক্ৰান্ত হ’লে আক্ৰান্ত অংশ কোমল হৈ পচি (Soft rot) যায়।

ৰোগৰ কাৰক:

জেন্থ’ম’নাছ কেমপেছট্ৰিছ্ম পেথ’ভাৰ কেমপেছট্ৰিছ (Xanthomonas campestris pv. campestris) নামৰ বেক্টেৰিয়াৰ দ্বাৰা কবিজাতীয় শস্যত ব্লেক ৰট হয়। এই বেক্টেৰিয়া মাটিত আক্ৰান্ত গছৰ আশ্ৰয় জীয়াই থাকে। বীজৰ দ্বাৰাও এই ৰোগৰ বিস্তাৰ হয়। আক্ৰান্ত পথাৰৰ পৰা এই ৰোগ বৰষুণৰ পানী, জলসিঞ্চনৰ পানী, বতাহ আদিৰ সহায়ত কাষৰ পথাৰলৈ বিয়পি পৰে।

ৰোগৰ প্ৰতিকাৰ:

১) বীজ সিঁচাৰ পুৰ্বেই বীজখিনি গৰম পানীত (৪৮° চেণ্টিগ্ৰেড) ৩০ মিনিট সময় ডুবাই ৰাখিব লাগে।

২) বেছিকৈ আক্ৰান্ত পথাৰত অন্তত: তিনি বছৰলৈ কবিজাতীয় শস্যৰ খেতি কৰিব নালাগে।

৩) আক্ৰান্ত গছক ৰক্ষা কৰা কঠিন যদিও, আক্ৰান্ত পথাৰৰ সুস্থ গছৰ গুৰিত এগ্ৰিমাইচিন বা ষ্ট্ৰেপট’মাইচিন (১০০ মিলিগ্ৰাম প্ৰতিলিটাৰ পানীত) ৰ  মিশ্ৰণ মাটি তিতি যোৱাকৈ গছৰ গুৰিত প্ৰয়োগ কৰিব লাগে। পুলি ৰোৱাৰ আগতে ওপৰত উল্লেখ কৰা এণ্টিবায়’টিকৰ মিশ্ৰণত পুলিবোৰ ডুবাই পাছত মুল পথাৰত ৰুলেও ব্লেক ৰটৰ পৰা ৰক্ষা পাব পাৰি।

২) কবিজাতীয় শস্যৰ অন্যান্য ৰোগসমুহ-

ক) হালধীয়া পৰা ৰোগ (Yellows)

ৰোগৰ কাৰক: ফিউছেৰিয়াম প্ৰজাতি

ৰোগৰ লক্ষণ: আক্ৰান্ত গছবোৰ ক্ৰমে শেঁতা বৰণৰ হৈ হালধীয়া পৰি যায় আৰু স্বাভাৱিক উচ্চতা হ্ৰাস পায়। তলৰ পাতবোৰ সৰি গৈ কাণ্ড কিছু লঠঙা হৈ পৰে। গছৰ সংবহন কলাবোৰ মুগা বৰণৰ হয়। আক্ৰান্ত গছবোৰ লেৰেলি মৰি যায়। আক্ৰান্ত কবিৰ সোৱাদ তিতা হয়।

ৰোগৰ প্ৰতিকাৰ:

কেপটান বা থিৰাম ২.৫ গ্ৰাম প্ৰতিকিলোগ্ৰাম বীজৰ হিচাপত মিহলাই বীজ শোধন কৰিব লাগে।

খ) ক্লাব ৰুট (Club Root):

ৰোগৰ কাৰক আৰু লক্ষণ সৰিয়হৰ ক্লাব ৰুট ৰোগত উল্লেখ কৰাৰ দৰে সম্পুৰ্ণ একে।

ৰোগৰ প্ৰতিকাৰ:

প্ৰতিকাৰৰ উপায় সৰিয়হৰ ক্লাব ৰুটত উল্লেখ কৰা হৈছে। ইয়াৰ উপৰি টেৰাক্ল’ৰ (Terraclor), কুইনট’জন (Quintozon) আদি (৩০ কিলোগ্ৰাম প্ৰতি হেক্টৰত) পুলি ৰোৱাৰ এক সপ্তাহৰ আগতে মুল পথাৰত প্ৰয়োগ কৰিব লাগে।

লাওজাতীয় শস্যৰ ৰোগ -

১) লাওজাতীয় শস্যৰ ডাউনী মিলডিউ:

ডাউনী মিলডিউ বা পাতত হালধীয়া বৰণৰ কোণীয়া দাগ পৰা ৰোগ তিয়ঁহ, জিকা, ভোল আৰু ৰঙালাওৰ অতি ক্ষতিকাৰক ৰোগ। তিয়ঁহ আৰু জিকাখেতিত এই ৰোগে কৃষকৰ বিস্তৰ ক্ষতি কৰে।

ৰোগৰ লক্ষণ:

এই ৰোগৰ আৰম্ভণিৰ লগে লগে পাতত ত্ৰিভুজাকৃতিৰ বা কোণীয়াকৈ দাগ পৰা দেখা যায়। পাতৰ উপৰিভাগত সিৰা-উপসিৰাৰ মাজত আৱদ্ধ হৈ থকা দাগবোৰ প্ৰথমে হালধীয়া বৰণৰ হয়। এনে দাগবোৰ সিৰা-উপসিৰাৰ মাজত সোমাই থকা বাবে ত্ৰিভুজাকৃতিৰ বা কেইবাকোণীয়া হয়। পাছলৈ এনে দাগে পাতৰ বৃহৎ অংশ অধিকাৰ কৰে আৰু দাগবোৰ মুগাবৰণীয়া হৈ শুকাই যায়। বেছিকৈ আক্ৰান্ত পাতবোৰ শুকাই যোৱাৰ ফলত তিয়ঁহ, জিকা আদিৰ লতাবোৰ শুকাই যায়।

পাতৰ উপৰিভাগত থকা কোণাকৃতিৰ দাগবোৰ ঠিক তলফালে অৰ্থাৎ পাতৰ তলপিঠিত ধোঁৱাবৰণীয়া ভেঁকুৰৰ অনুসুত্ৰ (সুতাৰ দৰে) আৰু ৰেণুৰ বৃদ্ধি সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিলে দেখা যায়। পাতবোৰ শুকাই গ’লে কপাহৰ দৰে পাতৰ তলপৃষ্ঠত দেখা ভেঁকুৰৰ অনুসুত্ৰ নোহোৱা হয়। ফলক পোনপটীয়াকৈ এই ৰোগে আক্ৰমণ নকৰে যদিও আক্ৰান্ত গছত ফলৰ সংখ্যা কমি যায়। লতাবোৰ শুকাই যোৱাৰ ফলত বেছিকৈ আক্ৰান্ত গছত ফলবোৰো শুকাই যায়।

ৰোগৰ কাৰণ:

ছিউড’পেৰেন’ স্প’ৰা কিউবেনছিছ (Pseudoperonospora cubensis Berk and Curt) নামৰ অবিকল্পী পৰজীৱী ভেঁকুৰবিধ লাওজাতীয় শস্যৰ ডাউনী মিলিউড ৰোগৰ কাৰক। ইয়াৰ ৰেণুধানীধৰবোৰ প্ৰশাখাযুক্ত আৰু বৰণহীন। বহুসংখ্যক এনে ৰেণুধানীধৰ পত্ৰৰন্ধ্ৰৰ মাজেৰে পাতৰ আক্ৰান্ত অংশবোৰত বাহিৰলৈ ওলাই অহাৰ বাবেই সেই অংশত ভেঁকুৰৰ বৃদ্ধি দেখা যায়।

ৰোগৰ অনুকুল পৰিৱেশ:

উচ্চ আৰ্দ্ৰতা , কম তাপমাত্ৰা আৰু ডাৱৰীয়া বতৰ এই ৰোগৰ বৃদ্ধিৰ বাবে অনুকুল। উচ্চ তাপমাত্ৰা আৰু শুকান বতৰত ৰেণুবোৰৰ অংকুৰণ ক্ষমতা লোপ পায়। শীতকালত বিভিন্ন প্ৰকাৰৰ পোষক, যেনে- ভোল, তিঁয়হ আদিত ভেঁকুৰৰ অনুসুত্ৰবোৰ সক্ৰিয় হৈ থাকি জীৱনচক্ৰ অটুট ৰাখে।

ৰোগৰ প্ৰতিকাৰ:

১) পাতত ডাউনি মিলডিউৰ দাগ দেখাৰ লগে লগে ডাইথেন এম-৪৫ (০.২৫ গ্ৰাম/ লিটাৰ)নাইবা ১% শক্তিযুক্ত বৰড’ মিশ্ৰণ  ১০ দিনৰ অন্তৰে অন্তৰে দুই-তিনিবাৰ প্ৰয়োগ কৰিব লাগে।

২) ৰোগৰ প্ৰকোপ বৃদ্ধি পালে ৰিড’মিল এম জেদ- ৭২ (২.৫ গ্ৰাম/ লিটাৰ) এবাৰ প্ৰয়োগ কৰিব লাগে।

৩) আক্ৰান্ত পাতবোৰ ছিঙি ৰোগৰ বিস্তাৰ কমাব পাৰি। আক্ৰান্ত পাতবোৰ গোটাই জ্বলাই পেলাব বা পুতি থ’ব লাগে।

২) লাওজাতীয় শস্যৰ মজাইক ৰোগ:

তিঁয়হ , জিকা আদি এই ৰোগৰ দ্বাৰা বেছিকৈ আক্ৰান্ত হয়।

ৰোগৰ লক্ষণ:

মজাইক ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱাৰ লগে লগে পাতৰ সিৰাবোৰৰ মাজৰ অংশত (interveinal region) প্ৰথমে কিছুমান আঁক পৰে আৰু আঁকবোৰ ডাঙৰ হৈ সেউজীয়া পাতখিলাত ম’জাইক কৰাৰ দৰে হৈ পৰে। আক্ৰান্ত পাতৰ কাষবোৰ ঘোৰ খাই যায় আৰু গছবোৰ চাপৰ হৈ পৰে আৰু দেখাত বেমাৰীৰ দৰে হৈ পৰে। আক্ৰান্ত গছৰ ফুল-ফলধাৰণ ক্ষমতা কমি আহে।

ৰোগৰ কাৰক:

ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ লাওজাতীয় শস্যত এই ৰোগ হয়। এইবিধ ভাইৰাছ গছে গছে ঘঁহনি খাই বা মোৱা পোক জাতীয় পোকৰ দ্বাৰা বিস্তাৰিত হয়।

ৰোগৰ প্ৰতিকাৰ:

ভাইৰাছ নিয়ন্ত্ৰণৰ একমাত্ৰ আওপকীয়া উপায় হ’ল ৰোগ দেখা দিয়াৰ আগৰে পৰা ৰোগ বিয়পোৱা পোকবিধ নিয়ন্ত্ৰণৰ বাবে মালাথিয়ন ৫০ ইচি (১ মিলিলিটাৰ একলিটাৰ পানীত) ১৫ দিনৰ অন্তৰে অন্তৰে স্প্ৰে’ কৰিব লাগে।

৩) লাওজাতীয় শস্যৰ অন্যান্য ৰোগসমুহ:

ক) ফল পচা বা এনথ্ৰাকন’ছ (Fruit rot or anthracnose):

ৰোগৰ কাৰক: কলেট’ট্ৰিকাম লেজিনেৰিয়াম(Colletotrichum Laginarium) নামৰ ভেঁকুৰ।

ৰোগৰ লক্ষণ:

শস্যৰ পাত আৰু ঠাৰিত ক’লা দাগ পৰি পচিবলৈ ধৰে আৰু অৱশেষত ভেঁকুৰৰ আক্ৰমণ ফললৈকো বিয়পি লাও, কোমোৰা, তিয়ঁহ আদি পচাই পেলায়। পচি যোৱা অংশত তেলৰ নি:সৰণ পোৱা যায়।

ৰোগৰ প্ৰতিকাৰ:

১) ৰোগ আৰম্ভ হোৱাৰ লগে লগে ইণ্ডোফিল এম-৪৫ (২.৫ গ্ৰাম প্ৰতিলিটাৰ) হিচাপত গছত প্ৰয়োগ কৰিব লাগে।

২) ০.১ শক্তিৰ বৰ’ড মিশ্ৰণ প্ৰয়োগ কৰিও আৰম্ভণিতে ৰোগ নিয়ন্ত্ৰণত সফল হ’ব পাৰি।

খ) শিপা পচা ৰোগ (Fusarium root rot):

ৰোগৰ কাৰক: ফিউছেৰিয়াম প্ৰজাতিৰ ভেঁকুৰ (Fusarium spp)।

ৰোগৰ লক্ষণ: লাওজাতীয় শস্য দুপতীয়া অৱস্থাতে গুৰি পচা ৰোগে আক্ৰমণ কৰে। ফলত পুলিবোৰ খুউব কম সময়ৰ ভিতৰতে মৰি যায়।

ৰোগৰ প্ৰতিকাৰ:

কেপটাফ নামৰ ভেঁকুৰনাশকৰ দ্বাৰা (৫ গ্ৰাম প্ৰতি ১ কিলোগ্ৰাম বীজৰ বাবে) বীজ সিঁচাৰ আগতে শোধন কৰিব লাগে।

গ) নীলা-ক’লা ম’লড (Blue and Black mould):

ৰোগৰ কাৰক: অল্টাৰনেৰিয়া প্ৰজাতি, পেনিচিলিয়াম প্ৰজাতি আৰু ক্লেড’স্পৰিয়াম প্ৰজাতি (Alternaria spp, Penicillium spp, Cladosporium spp)

ৰোগৰ লক্ষণ: ফলটো ভেঁকুৰৰ আক্ৰমণৰ বাবে পচি যায়। পচা ফলটো নীলা, ক’লা আদি ভেঁকুৰৰ ৰেণুৰে আৱৰি থাকে।

ৰোগৰ প্ৰতিকাৰ: ইণ্ডোফিল এম-৪৫ (২.৫ গ্ৰাম প্ৰতিলিটাৰ হিচাপত) ৰোগৰ আক্ৰমণ দেখাৰ লগে লগে স্প্ৰে’ কৰিব লাগে।

ঘ) পাতৰ ব্লাইট আৰু ফল পচা ৰোগ

ৰোগৰ কাৰক: ফাইথ’পথ’ৰা কেপছিচি (Phytophthora capsici) নামৰ ভেঁকুৰ।

ৰোগৰ লক্ষণ: ৰোগৰ প্ৰথম লক্ষণ পাতত মুগাবৰণীয়া দাগৰুপে দেখা যায়, পাতৰ দাগ পৰা অংশটো পচি যায়। কুমলীয়া আগ আৰু ফলত ৰোগে সহজে আক্ৰমণ কৰে। ফলবোৰ মুগা বৰণ ধৰি পচি যায়।

ৰোগৰ প্ৰতিকাৰ:

১) পচি যোৱা ফলবোৰ শস্যৰ বতৰ শেষ হোৱাৰ লগে লগেই ধ্বংস কৰি পেলাব লাগে।

২) ৰোগৰ আক্ৰমণ দেখাৰ লগে লগে ব্লাইটক্স-৫০ (২.৫ গ্ৰাম প্ৰতিলিটাৰ পানীত) স্প্ৰে’ কৰিব লাগে।

ঙ) বেক্টেৰিয়াজনিত পাতত দাগ পৰা ৰোগ:

ৰোগৰ কাৰক: জেন্থ’মনাছ কেমপেছট্ৰিছ পেথ’ভাৰ কুকাৰবিটি (Xanthomonas campestris pv. cucurbitae) নামৰ বেক্টেৰিয়া।

ৰোগৰ লক্ষণ: পাতৰ পানী জমা হোৱা ঠাইবোৰত দাগ পৰে আৰু সেই অংশ পচি যায়। ফলবোৰ ছিঙি দমাই থোৱা অৱস্থাত পচি যায়। প্ৰায় ৩০% মান ফল এনেদৰে পচে।

ৰোগৰ প্ৰতিকাৰ: কপাৰযুক্ত ভেঁকুৰনাশক যেনে-বৰড’মিশ্ৰণ (১% শক্তিযুক্ত) আৰম্ভণিৰে পৰা প্ৰয়োগ কৰি ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি। ব্লাইটক্স ৫০ ওপৰত উল্লেখ কৰাৰ দৰে প্ৰয়োগ কৰিও সুফল পাব পাৰি।

চ) লাওজাতীয় শস্যৰ পাউডাৰী মিলডিউ ৰোগ (Powdery mildew of cucurbits)

লাওজাতীয় শস্যৰ উপৰি শাক-পাচলি আৰু মাহজাতীয় শস্যতো পাউডাৰী মিলডিউ ৰোগ সাধাৰণতে দেখা যায়। জাতিলাও আৰু ৰঙালাওত এই ৰোগৰ প্ৰাদুৰ্ভাৱ অতি বেছিকৈ পৰিলক্ষিত হয়।

ৰোগৰ লক্ষণ: পাতৰ উপৰিভাগত ৰোগৰ কাৰক ভেঁকুৰবিধ বৃদ্ধি হৈ পাউডাৰ সদৃশ একোটা আৱৰণৰ সৃষ্টি কৰে আৰু পাছলৈ পাতৰ তলপৃষ্ঠৰ উপৰি বৃন্ত বা ডাললৈকো এই ভেঁকুৰৰ আৱৰণ বিয়পি পৰে। ৰোগৰ প্ৰকোপ বৃদ্ধি পালে আক্ৰান্ত ডাল-পাতবোৰ লেৰেলি শুকাই যায়। ৰুগীয়া গছত ফলৰ সংখ্যা কমি যোৱাৰ উপৰি ফলবোৰ সৰু আৰু বিকৃত হয়।

ৰোগৰ কাৰণ: এৰিছিফি ছিক’ৰাছিয়েৰাম (Erysiphe cichoracearum DC) নামৰ ভেঁকুৰৰ বাবেই এই ৰোগ হয়। এই ভেঁকুৰৰ অনুসুত্ৰ পাতৰ ওপৰে ওপৰে বিস্তাৰিত হৈ থাকি শোষক অংগৰ (haustoria) দ্বাৰা অধিকত্বীয় কোষৰ পৰা খাদ্য আহৰণ কৰে। কনিডিয়াধৰবোৰ সমকোণীয়াকৈ পাতৰ উপৰিভাগত উন্মুক্ত হয়। কনিডিয়াধৰবোৰত কনিডিয়াবোৰ মণি এধাৰৰ লেখীয়াকৈ এটাৰ ওপৰত আনটো সজ্জিত হৈ থাকি উপৰিভাগত পাউডাৰ সদৃশ আৱৰণৰ সৃষ্টি কৰে।

ৰোগৰ অনুকুল পৰিৱেশ:

শুকান বতৰত এই ৰোগ বেছিকৈ হয়। বতাহৰ দ্বাৰা কনিডিয়াধৰবোৰ বিস্তাৰিত হোৱাৰ বাবে এই ৰোগ বহুদুৰলৈ বিয়পি পৰে।

ৰোগৰ প্ৰতিকাৰ:

১) ৰোগ নিয়ন্ত্ৰণৰ আটাইতকৈ ফলপ্ৰসু উপায় হ’ল আক্ৰান্ত গছত ছালফাৰযুক্ত ভেঁকুৰনাশক , যেনে-কাৰাথেন ০.৫% (৫ গ্ৰাম/ লিটাৰ) বা বেভিষ্টিন ০.১% ( ১ গ্ৰাম/ লিটাৰ) ৰ প্ৰয়োগ।

২) বৰষুণে পাতৰ উপৰিভাগত থকা ভেঁকুৰৰ ৰেণুবোৰ উটুৱাই নিয়াৰ বাবে বেছি বৰষুণ দি থকা অঞ্চলত এই ৰোগৰ প্ৰাদুৰ্ভাৱ কম হয়। সেয়েহে পাতত পাউডাৰসদৃশ ভেঁকুৰৰ আৱৰণ দেখা পোৱা মাত্ৰেই আক্ৰান্ত গছত পানী ছটিয়াব লাগে।

ফ্ৰেন্সবিন খেতিৰ ৰোগ

ফ্ৰেন্সবিন খেতিত শিপা পচি লেৰেলি যোৱা ৰোগ, এনথ্ৰাকন’জ ৰোগ, মজাইক ৰোগ, পাতত দাগ পৰা ৰোগ আৰু বেক্টেৰিয়েল ব্লাইট ৰোগ প্ৰধানকৈ দেখা যায়। ফ্ৰেন্সবিন খেতিৰ হোৱা বগা মলড ৰোগ বেঙেনাৰ সৈতে একক। বেঙেনাৰ ৰোগ শিতানত ৰোগৰ লক্ষণ, নিয়ন্ত্ৰণ উল্লেখ কৰা হৈছে। তলত ফ্ৰেন্সবিনৰ ৰোগসমুহৰ সংক্ষেপে আলোচনা কৰা হ’ল-

১) শিপা পচি লেৰেলি যোৱা ৰোগ (Root rot wilt)

ফ্ৰেন্সবিনৰ গা-গছৰ মাটিৰ ঠিক ওচৰতে লাগি থকা অংশত ক’লা বা মুগাবৰণীয়া দাগ দেখা যায়। এই দাগ ঘাৰ দৰে হৈ মাটিৰ ওপৰলৈ (গা-গছত) আৰু তললৈ (শিপাৰ দিশত) দুয়ো দিশতে আগবাঢ়ি যায়। ৰোগৰ প্ৰকোপ বেছি হোৱাৰ লগে লগে শিপাবোৰ আংশিক বা সম্পুৰ্ণভাৱে পচি যাবলৈ ধৰে।

একেই কাৰকৰ দ্বাৰা ফ্ৰেন্সবিনৰ পাতত ব্লাইট ৰোগৰ লক্ষণ দেখা যায়। প্ৰথমে পাতত জলসিক্ত সৰু সৰু ঘুৰণীয়া দাগ দেখা যায়। এই দাগবোৰ লাহে লাহে বাঢ়ি গৈ পাতৰ এক বৃহৎ অংশ আগুৰি ধৰে আৰু বহুতো দাগ লগ হৈ গোটেই পাতখন মুগা বৰণৰ হৈ শুকাই যোৱাৰ দৰে হয় আৰু শেষৰ পৰ্যায়ত পাতবোৰ সৰি যায়। ভেঁকুৰৰ অনুসুত্ৰ আক্ৰান্ত পাতৰ তল-ওপৰ দুয়ো পিঠিতে দেখা যায়। আক্ৰান্ত গছৰ পৰা নিৰোগী গছলৈ এই অনুসুত্ৰৰ সহায়তে ৰোগ বিয়পি যায়। আক্ৰান্ত গছবোৰ শুকাই লেৰেলি যায়।

ৰোগৰ কাৰক:

মাটিত বাস কৰা ৰাইজ’কটনিয়া ছ’লানি (Rhizoctonia solani) নামৰ ভেঁকুৰৰ দ্বাৰাই এই ৰোগ হয়। প্ৰায় ২০০ তকৈ অধিক গছক এই ভেঁকুৰে আক্ৰমণ কৰিব পাৰে আৰু তেনেদৰেই সক্ৰিয় হৈ জীয়াই থাকে। আক্ৰান্ত গছত সৰিয়হৰ দৰে ঘুৰণীয়া ক’লা বৰণৰ সুপ্ত ৰেণু স্ক্লেৰ’ছিয়াৰ সহায়ত মাটিত বহুত বছৰ জীয়াই থাকিব পাৰে।

ৰোগৰ প্ৰতিকাৰ:

ক) আক্ৰান্ত গছবোৰ উভালি পুৰি পেলাব লাগে।

খ) যিহেতু ৰোগ সৃষ্টিকাৰী ভেঁকুৰবিধ মাটিত জীয়াই থাকে, সেয়েহে ফ্ৰেন্সবিন খেতিৰ বাবে পথাৰ সাজু কৰাৰ সময়ত চোকা ৰ’দত মাটি তল-ওপৰ কৰিলে ভেঁকুৰৰ সক্ৰিয় অনুসুত্ৰবোৰ ধ্বংস কৰিব পাৰি।

গ) বীজশোধন: বেভিষ্টিন (৩ গ্ৰাম প্ৰতিকিলোগ্ৰাম বীজৰ হিচাপত) ৰ দ্বাৰা বীজ শোধন কৰি পুলিবোৰক ৰক্ষা কৰিব পাৰি।

ঘ) ট্ৰাইক’ড্ৰামা ভিৰিদি (Trichoderma viride) নামৰ জৈৱনিয়ন্ত্ৰকৰ দ্বাৰা (১০ গ্ৰাম প্ৰতিকিলোগ্ৰাম বীজৰ বাবে) বীজ শোধন কৰিও মাটিত বাস কৰা ভেঁকুৰবিধৰ পৰা ফ্ৰেন্সবিনৰ পুলিবোৰ ৰক্ষা কৰিব পাৰি।

ঙ) কাণ্ডৰ গুৰি অংশ আৰু পাতত ৰোগৰ লক্ষণ দেখাৰ লগে লগে বেভিষ্টিন (০.৫ গ্ৰাম প্ৰতিলিটাৰ পানীত মিহলাই ) স্প্ৰে’ কৰিব লাগে। প্ৰয়োজন হ’লে ১০ দিনৰ পাছত দ্বিতীয়বাৰ স্প্ৰে’ কৰিব লাগে।

২) এনথ্ৰাকন’জ ৰোগ (Bean Anthracnose)

ৰোগৰ লক্ষণ:

ফ্ৰেন্সবিনত পুলি অৱস্থাতো এই ৰোগে দেখা দিয়ে। পাতত মুগা বা ক’লা বৰণৰ সৰু-ডাঙৰ দাগ পৰে। দাগ পৰা অংশটো সামান্য (স্বাভাৱিকতকৈ) উপৰিভাগৰ পৰা তললৈ বহি যোৱা যেন লাগে। আক্ৰান্ত অংশত কেতিয়াবা গুলপীয়া ৰঙৰ ভেঁকুৰেৰে ভৰি থকা দেখা যায়। পাছলৈ দাগ পৰা অংশটো সিৰাৰে সৈতে পচি যায় আৰু পাতত কোণীয়া কোণীয়া দাগৰ সৃষ্টি হয়। ফ্ৰেন্সবিনৰ চিৰাবোৰতো একেধৰণৰ দাগ দেখা যায়। সৰু মুগা-ক’লা বৰণৰ দাগবোৰ বাঢ়ি যায় আৰু কাষবোৰ কজলা বৰণৰ হয়।

ৰোগৰ কাৰক:

কলেট্ৰ’ট্ৰিকাম লিনডেমুঠিয়েনাম (Colletotrichum lindemuthiaum) নামৰ বীজ আৰু জাবৰ-জোঁথৰত সুপ্ত অৱস্থাত থাকিব পৰা ভেঁকুৰৰ দ্বাৰা এই ৰোগ হয়।

ৰোগৰ প্ৰতিকাৰ :

ক) বেভিষ্টিন বা কেপটান (২ গ্ৰাম প্ৰতিকিলোগ্ৰাম বীজ) ৰ দ্বাৰা বীজ শোধন কৰিহে গুটি সিঁচিব লাগে।

খ) আক্ৰান্ত গছত বেভিষ্টিন বা বেনলেট ( ২ গ্ৰাম/ লিটাৰ) স্প্ৰে’ কৰিব লাগে।

৩) ম’জাইক ৰোগ

ৰোগৰ লক্ষণ :

ম’জাইক (Mosaic) শব্দটোৱে দুটা ডাঙৰ সমাহাৰকে বুজায়। এটা ৰঙৰ ওপৰত আন এটা ৰং বিস্তৃত হৈ থকা। পাতৰ পাতল সেউজীয়া ৰঙৰ ওপৰত গাঢ় সেউজীয়া ৰঙৰ অংশ চকলা-চকলকৈ বিস্তৃত হৈ থাকে। আক্ৰান্ত পাতবোৰৰ সেউজীয়া ৰং আঁতৰি যাবলৈ ধৰে, পাতবোৰ ঠৰঙা হয় আৰু পাতবোৰ পাক খাই যায়। গছবোৰৰ স্বাভাৱিক উচ্চতা হ্ৰাস পায়। আক্ৰান্ত গছৰ গুটি বীজ হিচাপে ব্যৱহাৰ কৰিলে এই ৰোগে দেখা দিয়ে।

এই ৰোগৰ কাৰক এবিধ ভাইৰাছ।

ৰোগৰ প্ৰতিকাৰ:

ক) আক্ৰান্ত গছৰ গুটি বীজ হিচাপে ব্যৱহাৰ কৰিব নালাগে।

খ) আক্ৰান্ত গছবোৰ উভালি ধ্বংস কৰি পেলাব লাগে।

গ) ৰোগৰ প্ৰতিকাৰ হিচাপে ৰোগৰ বাহক ক’লা মোৱা পোকবিধ নিয়ন্ত্ৰণ কৰাৰ বাহিৰে অন্য উপায় নাই। মালাথিয়ন ৫০ ই চি এচামুচ পাঁচ লিটাৰ পানীত মিহলাই ছটিয়াব লাগে।

৪) বেক্টেৰিয়াজনিত ব্লাইট ৰোগ বা কমন ব্লাইট (Common Blight of French Bean):

ফ্ৰেন্সবিনৰ পাত আৰু চিৰাত প্ৰথমে সৰু সৰু জলসিক্ত অংশ দেখা যায়। লাহে লাহে এনে দাগৰ অংশবোৰ লগ হৈ মুগা বৰণৰ যিকোনো আকৃতিৰ এক বৃহৎ আক্ৰান্ত অংশলৈ পৰিণত হয়। আক্ৰান্ত অংশৰ চাৰিওকাষ পাতল হালধীয়া ৰঙৰ হয়। আক্ৰান্ত অংশক হালধীয়া বলয়ে আৱৰি থকাটো বেক্টেৰিয়াজনিত ৰোগৰ লক্ষণ।

ৰোগৰ কাৰক:

ছিউদ’ম’নাছ প্ৰজাতি (Pseudomonas spp) ৰ বেক্টেৰিয়া।

ৰোগৰ প্ৰতিকাৰ:

ক) শস্যাৱৰ্তনৰ দ্বাৰা ৰোগৰ পৰা হাত সাৰিব পাৰি

খ) বীজশোধন: ষ্ট্ৰেপ্ট’মাইচিন ছালফেট (২.৫ গ্ৰাম/ কিলোগ্ৰাম বীজ) ৰ দ্বাৰা বীজ শোধন কৰি মুল পথাৰত ৰোগৰ প্ৰকোপ কমাব পাৰি।

গ) ব্লাইট্ৰক্স-৫০ (২ গ্ৰাম/ লিটাৰ) বা ক’পাৰ অক্সি-ক্লৰাইড ( ২ গ্ৰাম/ লিটাৰ) আক্ৰান্ত গছত ছটিয়াব লাগে।

ৰাজমাহৰ ৰোগসমুহ ফ্ৰেন্সবিনৰ সৈতে প্ৰায় একেই।

গাজৰৰ প্ৰধান ৰোগসমুহ (Diseases of Carrot)

অসমৰ জলবায়ুত গাজৰ খেতিত দেখা দিয়া প্ৰধান ৰোগসমুহ হ’ল গাজৰ পচা ৰোগ আৰু পাউডাৰী মিলডিউ। কেতিয়াবা পাতৰ দাগ পৰা ৰোগো দেখা যায়।

১) গাজৰ পচা ৰোগ (Soft rot of Carrot)

গাজৰ পচা ৰোগ খেতি পথাৰতকৈ শস্য চপোৱাৰ পাছতহে বেছি হয়।

ৰোগৰ লক্ষণ;

কোমল কোমল ধৰণৰ জলসিক্ত কিছুমান বিভিন্ন আক্ৰিতিৰ ‘ঘা’ বা দাগ লগাৰ দৰে অংশ গাজৰৰ মটিৰ তলত থকা অংশত অৰ্থাৎ গাজৰটোত দেখা যায়। প্ৰথম অৱস্থাত ই গাজৰৰ ওপৰভাগতে থাকে যদিও লাহে লাহে এই কোমল পচা অংশ ভিতৰলৈয়ো বিস্তৃত হয়। গাজৰ পাত অৰ্থাৎ মাটিৰ ওপৰত থকা অংশত ৰোগৰ একো লক্ষণ দেখা নাযায়। গাজৰটো যেতিয়া একেবাৰে পচি যায় তেতিয়াহে পাতবোৰ লেৰেলিবলৈ ধৰে।

ৰোগৰ কাৰক:

আৰৱিনিয়া কাৰাট’ভৰা (Erwinia caratovora) নামৰ মাটিত বাস কৰা এবিধ মৃতজীৱী বেক্টেৰিয়াৰ দ্বাৰা এই ৰোগ হয়। গাজৰটোৰ উপৰিভাগৰ কোনো কটা-ছিঙা অংশ থাকিলে সেই বাটেৰেই মাটিত বাস কৰি থকা বেক্টেৰিয়া গাজৰৰ ভিতৰত প্ৰৱেশ কৰি ৰোগৰ সৃষ্টি কৰে।

ৰোগৰ প্ৰতিকাৰ:

ক) ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াবিধ যিহেতু গাজৰৰ আলুটোত হোৱা আঘাত বা কটা-ছিঙাৰ সহায়ত ভিতৰলৈ সোমায়, সেয়েহে গাজৰবোৰ চপোৱাৰ আগৰ পৰা সাৱধান হ’ব লাগে যাতে গাজৰটোত কোনো আঘাতৰ সৃষ্টি নহয়।

খ) পথাৰতে আক্ৰান্ত যেন লগা গাজৰবোৰ নিৰোগী গাজৰৰ লগত একেলগে দমাই ৰাখিব নালাগে।

গ) মাটিৰ পৰা খান্দি উলিওৱাৰ পাছত গাজৰবোৰ ভালকৈ ৰ’দাব লাগে। ফলত গাজৰৰ বাহিৰৰ ছালখন কিছু কঠিন হৈ ৰোগ প্ৰতিৰোধৰ ক্ষমতা বাঢ়ে।

২) পাউডাৰী মিলডিউ ৰোগ (Powdery mildew of Carrot)

ৰোগৰ লক্ষণ:

অন্যান্য শস্যৰ পাউডাৰী মিলডিউ ৰোগৰ দৰে গাজৰৰো পাতত পাউডাৰ ছটিওৱাৰ দৰে ভেঁকুৰৰ ৰেণু চকলা-চকলিকৈ বা গোটেই পাতবোৰ আৱৰি বিস্তৃত হৈ থাকে আৰু লাহে লাহে পাতৰ ঠাৰিলৈকো বিস্তৃত হৈ যায়। পাতবোৰ মুগা বৰণৰ হৈ লেৰেলি যায়। এই ৰোগৰ ফলত গাজৰৰ উৎপাদন যথেষ্ট পৰিমাণে কমি যায়।

ৰোগৰ কাৰক: ইৰিছিফি পলিগনি (Erysiphae polygoni) নামৰ ভেঁকুৰৰ দ্বাৰাই এই ৰোগৰ সৃষ্টি হয়।

ৰোগৰ প্ৰতিকাৰ:

কেলিক্সিন নামৰ ভেঁকুৰনাশক ১ গ্ৰাম প্ৰতিলিটাৰ পানীত মিহলাই ৰোগৰ লক্ষণ দেখাৰ লগে লগে ছটিয়াব লাগে।

৩) গাজৰৰ অন্যান্য ৰোগ

পাতত দাগ পৰা ৰোগ (Leaf spot)

চাৰক’স্পৰা এপি (Cercospora apii) নামৰ ভেঁকুৰৰ দ্বাৰা পাতত দাগ পৰা ৰোগৰ সৃষ্টি হয়। ঘুৰণীয়া, হালধীয়া দাগবোৰ প্ৰায় ১ চেণ্টিমিটাৰমান ডাঙৰ হয় আৰু দাগ পৰা অংশটো পচি ক’লা বৰণ ধৰে।

পাতত দাগ পৰা ৰোগ ‘বিট’ৰ (Beet root) ক্ষেত্ৰটো দেখা যায়। একে উপায়েৰে ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি।

ৰোগৰ প্ৰতিকাৰ:

১) আক্ৰান্ত গছৰ ডাল-পাত পথাৰৰ এঠাইত গোটাই জ্বলাই পেলাব লাগে।

২) ইণ্ডোফিল এম-৪৫ ( ২ গ্ৰাম প্ৰতিলিটাৰ) বা বেভিষ্টিন (০.২ গ্ৰাম প্ৰতিলিটাৰ) আক্ৰান্ত গছত প্ৰয়োগ কৰিব লাগে।

ভেণ্ডিৰ ৰোগসমুহ (Diseases of Okra)

ভেণ্ডিৰ প্ৰধান ৰোগসমুহ হ’ল ভেণ্ডি পুলিৰ গুৰি পচা ৰোগ আৰু পাতৰ সিৰা হালধীয়া পৰা ৰোগ। পুলিৰ গুৰি পচা ৰোগ ইতিমধ্যে বিশদভাৱে আলোচনা কৰা হৈছে।

পাতৰ সিৰা হালধীয়া পৰা ৰোগ(Yellow vein Mosaic)

ৰোগৰ লক্ষণ:

ভেণ্ডিখেতিত যিকোনো সময়তে এই ৰোগে দেখা দিব পাৰে। অতি সহজেই ৰোগ চিনাক্ত কৰিব পাৰি । পাতৰ সিৰা-উপসিৰা সকলোবোৰ হালধীয়া হৈ পৰে আৰু সিৰাবোৰ কিছু মোটা হৈ পৰে। ৰোগৰ প্ৰকোপ বেছি হ’লে গোটেই পাতটোৱেই হালধীয়া হৈ পৰে। ফুল-ফলধাৰণ ক্ষমতা আক্ৰান্ত গছৰ কমি আহে। ভেণ্ডিবোৰ সৰু হৈ আহে।

ৰোগৰ কাৰক:

ৰোগৰ কাৰক হ’ল বগা এবিধ মাখিয়ে বিস্তাৰ কৰা ভাইৰাছ।

ৰোগৰ প্ৰতিকাৰ:

১) পুছা ছাৱনী, প্ৰভানী ক্ৰান্তি আদি প্ৰতিৰোধী জাতৰ ভেণ্ডিৰ খেতি কৰিব লগে।

২) মালাথিয়ন ৫০ ই চি (১ মিলিলিটাৰ প্ৰতিলিটাৰ পানীত ) ৮-১০ দিনৰ ব্যৱধানত আক্ৰান্ত গছবোৰত স্প্ৰে’ কৰিব লাগে।

লেচেৰামাহৰে ৰোগ:

লেচেৰামাহৰ ৰোগ:

লেচেৰামাহৰ ৰোগতকৈ পোকৰ আক্ৰমণেহে (মোৱা পোক) কৃষকক জুৰুলা কৰে। গা-গছ (লতা) ডেই যোৱা (stem blight) ভেঁকুৰজনিত একপ্ৰকাৰৰ বেমাৰ লেচেৰামাহৰ গা-গছ ক’লা পৰি ডেই যোৱাৰ দৰে হয় আৰু ৰোগ বাঢ়ি যোৱাৰ লগে লগে আক্ৰান্ত লতাবোৰ শুকাই গছবোৰ মৰি যায়। সাধাৰণতে ফুলাৰ আগতেই এই ৰোগে দেখা দিয়ে।

বীজে ৰোগৰ কাৰক ভেঁকুৰবিধ বহন কৰে। সেয়েহে বীজ সিঁচাৰ আগতে কেপটান বা থিৰাম (৩ গ্ৰাম প্ৰতি কিলোগ্ৰাম বীজত) ৰ দ্বাৰা বীজ শোধন কৰি ল’ব লাগে।

অসমত টেঙাখেতিৰ বিভিন্ন ৰোগ:

অসমত টেঙাজাতীয় বা নেমুজাতীয় ফলৰ উৎপাদন বছৰি বছৰি হ্ৰাস পাই আহিছে। টেঙাবাৰীবোৰ বহু অঞ্চলত মৃত্যুৰ গৰাহত পৰিছে। ইয়াৰ প্ৰধান কাৰণবোৰৰ ভিতৰত মুল কাৰণ হৈছে চাইট্ৰাছ ডাই-ব্ৰেক (Citrus die-back) ৰোগ। এই ৰোগৰ উপৰি অসমৰ টেঙাখেতিত অনিষ্টকাৰী ৰোগ সমুহ হ’ল- কেংকাৰ ৰোগ, গামোছিছ, গ্ৰীনিং াৰু স্কেব ৰোগ। ৰোগসমুহ সংক্ষেপে আলোচনা কৰা হ’ল-

১) চাইট্ৰাছ ডাই-বেক (Citrus die- back)

ৰোগৰ লক্ষণ:

লাগনি গছবোৰৰ (ফল লাগি থকা বা লাগিবলৈ ধৰা) আগ অংশ ওপৰৰ পৰা ক্ৰমান্বয়ে শুকাই আহে। পাতবোৰ হালধীয়া হয়, অসংখ্য সৰু সৰু টেঙা লাগে। ৰোগৰ বৃদ্ধিৰ লগে লগে পাতবোৰ সৰু হয়, সংখ্যাটো কমি আহে আৰু লাহে লাহে লেৰেলিবলৈ ধৰে। আক্ৰান্ত গছৰ শিপাবোৰ পৰীক্ষা কৰিলে চুলি শিপাবোৰ মৰি যোৱা দেখা যায়। শাখা শিপাবোৰো শুকাই পচি যায়। সেয়েহে আক্ৰান্ত গছ লেৰেলি শুকাই আহে। আক্ৰান্ত গছৰ বাকলিও চনচনীয়া হৈ পৰে। পাতবোৰ সৰি ডালবোৰ লঠঙা হয়, ফলবোৰ পুৰঠ হোৱাৰ আগতেই শুকাই যায় আৰু অৱশেষত গোটেই গছজোপা মৰি যায়।

ৰোগৰ কাৰণ:

বহুতো কাৰণত টেঙাজাতীয় ফলত এনে বিসংগতিয়ে দেখা দিয়ে। মুখ্য কাৰণসমুহ  হ’ল-

ক) গছত মুখ্য আৰু অণুসাৰৰ অভাৱ

খ) পোক-পতংগ নিমাট’ড ভেঁকুৰ, বেক্টেৰিয়া আৰু

ভাইৰাছ আক্ৰমণ

গ) বাৰিষা গছৰ গুৰিত পানী জমা হোৱা

ঘ) টেঙাবাৰীত বন-বাতৰ বৃদ্ধি ইত্যাদি।

ৰোগৰ প্ৰতিকাৰ:

ক) বিশেষকৈ জিংক বা দস্তাৰ অভাৱেই টেঙাগছত ডাইবেক হোৱাত বেছিকৈ প্ৰভাৱ পেলায়। নতুন পাত ওলোৱাৰ সময়তে টেঙাগছত ০.৪ ৰ পৰা ০.৬% (৪ ৰ পৰা ৬ গ্ৰাম প্ৰতিলিটাৰ পানীত) জিংক ছালফেট প্ৰয়োগ কৰিব লাগে।

ঝ) গছৰ গুৰিত পানী জমা নোহোৱাৰ ব্যৱস্থা কৰিব লাগে।

গ) টেঙাগছৰ আংগিক প্ৰজননৰ বাবে ব্যৱহাৰ কৰা মাতৃগছ বা মুল গছজোপা ভাইৰাছ বা ফাইটপ্লাজমা (Phytoplasma) এক প্ৰকাৰৰ গছক আক্ৰমণ কৰিব পৰা কোষবেৰহীন বেক্টেৰিয়াৰ আক্ৰমণৰ পৰা মুক্ত হ’ব লাগে।

ঘ) নিয়মীয়া বন-বাত নিৰণি কৰিব লাগে। অন্তৰ্বতী শস্যৰ খেতি কৰিলে অতি কম সময়তে হৈ উঠা খেতি কৰিব লাগে। টেঙাগছবোৰ লাগিনি হোৱাৰ আগলৈকেহে এই খেতি কৰা যুগুত।

ঙ)আক্ৰান্ত মৰি যোৱা ডালবোৰ কাটি আঁতৰাই পেলাব লাগে। গছৰ গুৰিবোৰ চাফ-চিকুণ কৰোঁতে শিপাত আঘাত কৰিব নালাগে।

চ) টেঙাগছৰ মাটিৰ পৰা ৫০ চেণ্টিমিটাৰমান উচ্চতালোপি নিয়মীয়াকৈ ১% শক্তিৰ বৰডো মিশ্ৰণ ছটিয়াব লাগে।

ছ) সকলোতকৈ প্ৰয়োজনীয় হ’ল, টেঙাগছত বয়স অনুযায়ী পচনসাৰ আৰু ৰাসায়নিক সাৰ উপযুক্ত পৰিমাণত প্ৰয়োগ কৰা। বজাৰত সহজেই পোৱা অণুসাৰ, যেনে- ট্ৰেচেল, পলিমেক্স আদিৰ ০.২% (২ মিলিলিটাৰ/ লিটাৰ) মিশ্ৰণ বছৰেকত কমেও এবাৰ ছটিয়াব লাগে।

২) কেংকাৰ ৰোগ (Citrus Canker)

কেংকাৰ ৰোগৰ লক্ষণ টেঙাগছৰ পাত, ডাল আৰু ফলত দেখা যায়। কেংকাৰ ৰোগৰ লশণ প্ৰথমে সৰু সৰু ঘুৰণীয়া পানীজোলাৰ দৰে দাগেৰে আৰম্ভ হয়। লাহে লাহে পাত আৰু ফলটোৰ উপৰিভাগৰ পৰা কিছু উঠি আহি হালধীয়া মুগা বৰণৰ খহুৰ দৰে জিলিকি উঠে। প্ৰথমে খহুবোৰ পাতৰ তলপিঠিত দেখা যায় যদিও পাছত ওপৰৰ পৃষ্ঠলৈকো বিয়পি পৰে। পাতত হোৱা খহুবোৰ চাৰিওফালে হালধীয়া বলয়ে আৱৰি থাকে। বেছিকৈ আক্ৰান্ত গছৰ পতবোৰ সৰিবলৈ ধৰে। আক্ৰান্ত টেঙাবোৰৰ খহুৱা উপৰিভাগৰ বাবে বজৰৰ দাম বহুত কমি যায়।

ৰোগৰ কাৰক:

জেন্থ’ম’নাছ কেমপেছট্ৰিছ পেথ’ভাৰ চাইট্ৰি (Xanthomonas campestris pv. citri) নামৰ বতাহে কঢ়িয়াই বিস্তাৰ কৰিব পৰা এবিধ বেক্টেৰিয়াৰ দ্বাৰা হয়। বতাহ-বৰষুণত টেঙাগছৰ ইজোপাৰ কাঁইটৰ পৰা সিজোপাৰ পাত, ফল বা ডালবোৰত আঁচোৰ লাগি আঘাত লাগে। বতাহ, বৰষুণৰ টোপালে কঢ়িয়াই অনা বেক্টেৰিয়া সেই অংশৰে সোমাই ৰোগৰ সৃষ্টি কৰে।

ৰোগৰ প্ৰতিকাৰ:

ক) ৰোগমুক্ত টেঙাৰ পুলিহে ৰুবৰ বাবে নিৰ্বাচন কৰিব লাগে।

খ) আক্ৰান্ত ডাল-পাত আৰু ফলবোৰ গোটাই লৈ পুৰি পেলাব লাগে।

গ) টেঙাগছৰ নতুন পাত ওলোৱাৰ সময়ত অৰ্থাৎ বাৰিষাৰ আগে আগে ১% শক্তিৰ বৰড’ মিশ্ৰণ, ১ গ্ৰাম ষ্ট্ৰেপ্টমাইচিন (১০০ পি পি এম) আৰু ৩০ গ্ৰাম ব্লাইটক্স ১০ লিটাৰ পানীত মিহলাই টেঙাগছত ছটিয়াব লাগে।

৩) গামোছিছ বা গুৰি পচা বেমাৰ (Gummosis or Phytophthora foot rot)

গামোছিছ ৰোগৰ আক্ৰমণত শাখা শিপা পচি যায়, পাত সৰি পৰে, গছৰ বাকলি ফাটিবলৈ ধৰে আৰু চটা-চটে গা-গছৰ পৰা এৰাই যায়। আক্ৰান্ত অংশৰ পৰা কম-বেছি পৰিমাণে আঠাজাতীয় পদাৰ্থ নিৰ্গত হয় আৰু লাহে লাহে গছবোৰ শুকাই আহি মৰি যায়।

ৰোগৰ কাৰক:

ফাইট’পথৰা পালমিভৰা (Phytophthora palmivora) নামৰ মাটিত প্ৰতিকুল সময় অতিবাহিত কৰা এবিধ ভেঁকুৰৰ পৰাই এই ৰোগ হয়। টেঙাবাৰীৰ মাটিৰ পৰা প্ৰথম আক্ৰমণ আৰম্ভ হয়।

ৰোগৰ প্ৰতিকাৰ:

ক) আক্ৰান্ত বাকলি বা গা-গছৰ পচা অংশ লাহে লাহে কাটি এৰুৱাই পুৰি পেলাব লাগে। কটাৰ সময়ত গা-গছত ঘা লগাব নালাগে। বাকলি এৰুৱাই পেলোৱা অংশত বৰড’ পেষ্ট বা মলমেৰে ভালদৰে প্ৰলেপ দিব লাগে। ক’পাৰ অক্সি ক্লৰাইড (৩ গ্ৰাম/ লিটাৰ পানীত) ছটিয়ায়ো সফল হ’ব পাৰি।

৪) গ্ৰিনিং (Citrus greening)

কুমলীয়া পাতত প্ৰথমে এই ৰোগে দেখা দিয়ে। পাতৰ প্ৰধান সিৰাৰ কাষৰ দুয়ো অংশ হালধীয়া পৰে। হালধীয়া পৰা পাতবোৰ সৰিবলৈ ধৰে আৰু গছবোৰ ওপৰৰ পৰা শুকাই আহে। আক্ৰান্ত গছত কেতিয়াবা স্বাভাৱিকতকৈ বেছিকৈ থোপা-থুপে ফুল ফুলে আৰু ফলব ওৰ বিকৃত আক্ৰান্ত গছত কেতিয়াবা স্বাভাৱিকতকৈ বেছিকৈ থোপা-থুপে ফুল ফুলে আৰু ফলবোৰ বিকৃত ৰুপ লৈ টেমুনাৰ দৰে হয়। বিকৃত ফলবোৰ নপকাকৈ বহুত দিন থাকি পাছত সৰি পৰে।

ৰোগৰ কাৰক:

‘গ্ৰিনিং মাইক’প্লাজমা বা ফাইট’প্লাজমা’ৰ (Greening mycoplasma or phytoplasma) (Phytoplasma এবিধ কোষবেৰহীন বিশেষধৰণৰ বেক্টেৰিয়া) দ্বাৰা এই ৰোগ হয়। Diaphorina citri নামৰ এবিধ পোকে এই ৰোগ সংক্ৰমিত কৰে।

ৰোগৰ প্ৰতিকাৰ:

ৰোগৰ প্ৰতিকাৰৰ বাবে ৰগৰ (১ মি.লি./ লিটাৰ) আক্ৰান্ত গছত ছটিয়াব লাগে।

৫) স্কেব বা খহুৱা ৰোগ (Citrus scab)

এই ৰোগৰ ফলত পাত আৰু ফলত সৃষ্টি হোৱা কমলা-হালধীয়া সৰু সৰু পানীজোলাৰ দৰে দাগবোৰ লাহে লাহে ডাঙৰ হৈ মুগা বৰণৰ হয়। ফল, পাত আৰু ডালবোৰত সৃষ্টি হোৱা খহুৰ দৰে অংশবোৰ খহটা আৰু কঠুৱা হৈ পৰে।

ৰোগৰ কাৰক:

ইলছিন’ ফাউচেটি (Elsinoe fawcetti) নামৰ বেক্টেৰিয়াৰ দ্বাৰা এই ৰোগ হয়।

ৰোগৰ প্ৰতিকাৰ:

ক) ৰোগৰ নিৰাময়ৰ বাবে আক্ৰান্ত পাত, ডাল, ফল ছিঙি জ্বলাই পেলাব লাগে।

খ) বৰড’ মিশ্ৰণ (১%) বা ব্লাইটক্স ০.৩% (৩ গ্ৰাম প্ৰতিলিটাৰ পানীত) বা ইণ্ডোফিল এম-৪৫ ( ২ গ্ৰাম/ লিটাৰ) বছৰত দুবাৰকৈ মে’- জুন আৰু জুলাই আগষ্টত ছটিয়াই ৰোগ নিবাৰণ কৰিব পাৰি।

কলৰ ৰোগ:

১) কলৰ পানামা ৰোগ বা কলৰ লেৰেলা বেমাৰ (Panama wilt of Banana)

কলৰ লেৰেলা ৰোগক পানামা ৰোগ নামাৰেও জনা যায়। এই ৰোগক ফিউছেৰিয়ামজনিত লেৰেলা ৰোগ নামেৰেও বৌদ্ধিক মহলত জনা যায়।

ৰোগৰ লক্ষণ:

ৰোগৰ প্ৰথম লক্ষণ হিচাপে কলগছৰ তলৰ পতবোৰ হালধীয়া হ’বলৈ ধৰে। প্ৰথমে পাতৰ কাষৰ ফালে হালধীয়া পৰি ক্ৰমান্বয়ে মধ্যসিৰাৰ ফাললৈ ই আগবাঢ়ি যায়। হালধীয়া পৰা পাতবোৰ ভাঙি হাওলি পৰে আৰু শেষত গছজোপা মৰি থাকে। কলপাতৰ গুৰিৰ ফাললৈ গা- গছত দীঘলে ফাট মেলে । আক্ৰান্ত গছৰ গা-গছ ফালি চালে ৰঙচুৱা/ মুগা বৰণৰ সংবহন কলা পৰিলক্ষিত হয়। মলভোগ কলত এই ৰোগে কৃষকৰ বিস্তৰ ক্ষতিসাধন কৰে।

ৰোগৰ কাৰক:

ফিউছেৰিয়াম অক্সিস্প’ৰাম ফৰ্মাস্পেচিচ কিউবেনছ (Fusarium oxysporum fsp. cubens) নামৰ মাটিত বাস কৰা এবিধ ভেঁকুৰৰ দ্বাৰাই কলগছত পানামা ৰোগ বা লেৰেলা বেমাৰ হয়। সাধাৰণতে জেকা মাটিত বাস কৰা এইবিধ ভেঁকুৰ কলৰ শিপাইদি গছলৈ বিয়পি যায়। মাটিৰ পি এইচ (ph) ৩.৮-৫ হ’লে ৰোগৰ প্ৰকোপ বৃদ্ধি হয়।

ৰোগৰ প্ৰতিকাৰ:

১) ৰোগ নিবাৰণৰ বাবে আক্ৰান্ত গছ কাটি উভালি পুৰি পেলাব লাগে। পুৰণা গাঁতবোৰত চুণ (১.৫ কিলোগ্ৰাম প্ৰতিটো গাঁতত) দি মাটিৰ পি এইচ () বঢ়াব পাৰি।

২) ৰোৱাৰ আগতে কলপুলিবোৰ ০.২% বেভিষ্টিন অৰ্থাৎ ২ গ্ৰাম প্ৰতিলিটাৰ পানীৰ এটা মিশ্ৰণত ৪৫ মিনিট ডুবাই ৰাখি ৰুলে লেৰেলা ৰোগৰ পৰা কলবাৰীখনক ৰক্ষা কৰিব পাৰি।

৩) কম বয়সীয়া কলগছত লেৰেলা বেমাৰৰ লক্ষণ দেখা পালে অনতিপলমে ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰি গছবোৰ ৰোগৰ কবলৰ পৰা ৰক্ষা কৰিব পাৰি। আক্ৰান্ত কলগছৰ গা-গছত ৪৫° হেলনীয়াকৈ ১০ চেণ্টিমিটাৰ ফুটা এটা কৰি প্ৰতিটো ফুটাতে ২% বেভিষ্টিনৰ (২০ গ্ৰাম প্ৰতিলিটাৰ পানীত) মিশ্ৰণ ৰোৱাৰ ৫ মাহ, ৭ মাহ আৰু ৯ মাহত ভৰ্তিকৈ ভৰাই দি ৰোগ নিয়ন্ত্ৰণ বহু সময়ত কৰিব পৰা যায়। বয়সীয়া কলগছত এই ৰোগ এবাৰ শিপাই গ’লে ইয়াক নিয়ন্ত্ৰণ কৰা সম্ভৱ নহয়, কাৰণ ই সংবহন কলাত আক্ৰমণ কৰে আৰু সংবহন কলাত বৃদ্ধি হৈ পানী আৰু খাদ্যবস্তু পৰিবাহী নলীকাবোৰ সোপা মাৰি ধৰে।

এইধৰণৰ লেৰেলা বেমাৰৰ বীজাণু পোনপ্ৰথমে মাটিৰ পৰাই আহে, সেয়েহে মাটি পৰিচৰ্যাত বিশেষ গুৰুত্ব দিব লাগ্ৰে।

২) অসমত দেখা দিয়া কলৰ অন্যান্য ৰোগসমুহ

ক) কলগছৰ বাঞ্চি টপ বা তৰাপতীয়া বেমাৰ (Bunchy top of Banana)

ৰোগৰ কাৰণ: ভাইৰাছজনিত এবিধ পোকে এই বেমাৰৰ বীজাণু এজোপাৰ পৰা আনজোপা গছলৈ বিয়পায়।

ৰোগৰ লক্ষণ: এই ৰোগৰ দ্বাৰা আক্ৰান্ত কলগছৰ পাতবোৰ স্বাভাৱিক পাততকৈ সৰু হ’বলৈ ধৰে, পাতবোৰ ঘন আৰু থুপ খাই ধৰাৰ দৰেও হয়। পাতৰ সিৰাবোৰো ঘন হৈ পৰে।

ৰোগৰ প্ৰতিকাৰ: এই ৰোগৰ কাৰক ভাইৰাছবিধ নিয়ন্ত্ৰণ কৰিব নোৱাৰি। ইয়াৰ বিপৰীতে ৰোগ বিয়পোৱা পোকবিধ ০.১% (এক গ্ৰাম প্ৰতিলিটাৰ পানী) শক্তিৰ ৰগৰ (Rogor) বা ডাইমেক্ৰন বা নুভাক্ৰন দৰব নিৰোগী গছৰ পাতত ছটিয়াব লাগে।

খ) পাতত দাগ পৰা বা ছিগাট’কা ৰোগ (Sigatoka Disease)

ৰোগৰ কাৰণ: চাৰক’স্প’ৰা মুছি (Cercospora musae) নামৰ আক্ৰান্ত গছৰ পচা অংশত বংশ বিস্তাৰ কৰা এবিধ ভেঁকুৰ এই ৰোগৰ কাৰক।

ৰোগৰ লক্ষণ: প্ৰথমে কলগছৰ তলৰ বুঢ়া পাতবোৰত হালধীয়া ৰঙৰ আঁক পৰে আৰু এই আঁক লাহে লাহে মুগাবৰণীয়া হয়। পাছলৈ আঁকবোৰ বহলি দাগত পৰিণত হয়। কুমলীয়া পাতত দাগবোৰ প্ৰায় ঘুৰণীয়া হয় যদিও বয়সীয়া পাতত ই দীঘলীয়া হৈ বাঢ়ি যায়। বহুতো দাগ একেলগ হৈ পাতৰ এক বৃহৎ অংশ আৱৰি ধৰে। লাহে লাহে আক্ৰান্ত অংশটো শুকাই যায়। জাহাজী কল এই ৰোগত আক্ৰান্ত হ’লে একেবাৰে ওপৰৰ ২-৩ খিলামান পাত বাদ দি সকলোবোৰ পাত শুকাই যায়।

ৰোগৰ প্ৰতিকাৰ:

১) ৰোগ সৃষ্টিকাৰী ভেঁকুৰবিধ যিহেতু আক্ৰান্ত মৰা-পচা জাবৰ-জোঁথৰত বংশবৃদ্ধি হয় সেয়েহে আক্ৰান্ত গছবোৰ পথাৰৰ পৰা আঁতৰাই জ্বলাই পেলাব লাগে।

২) টিলট (১ মিলিলিটাৰ/ প্ৰতিলিটাৰ), বেভিষ্টিন (১ গ্ৰাম প্ৰতিলিটাৰ) আদি ভেঁকুৰনাশক ১৫ দিনৰ মুৰে মুৰে বেছিকৈ আক্ৰান্ত পথাৰত গোটেই বছৰজুৰি স্প্ৰে’ কৰিব লাগে।

অমিতা খেতিত দেখা দিয়া প্ৰধান ৰোগসমুহ:

অসমৰ অমিতা খেতিত গুৰি পচা, শিপা পচা, পাত মুজুৰা পৰা আৰু ম’জাইক ৰোগেই প্ৰধানকৈ দেখা যায়। সংক্ষেপে ৰোগৰ লক্ষণ আৰু প্ৰতিকাৰৰ উপায় তলত উল্লেখ কৰা হ’ল-

১) গুৰি পচা বেমাৰ (Foot rot)

গুৰি পচা ৰোগ অমিতা পুলিৰ দুপতীয়া অৱস্থাতো দেখা যায় আৰু কিছু ডাঙৰ গছতো দেখা যায়। বীজতলীত দেখা দিয়া গুৰি পচা ৰোগৰ বিষয়ে ইতিমধ্যে উল্লেখ কৰা হৈছে। বাৰিষা বতৰত এই ৰোগৰ প্ৰকোপ বেছি হয়।

ৰোগৰ লক্ষণ:

মুল পথাৰত এই ৰোগৰ আক্ৰমণৰ ফলত অমিতা গছৰ গুৰি আৰু কাণ্ড পচি যায়, পাতবোৰ হালধীয়া পৰে। আক্ৰান্ত গছৰ স্বাভাৱিক উচ্চতা কমি যায়, অমিতাবোৰো কিছু সৰু হয়। ৰোগে ভালদৰে প্ৰসাৰতা লাভ কৰিলে গছবোৰ মৰি যায়।

ৰোগৰ কাৰক:

পিথিয়াম প্ৰজাতি (Pythium aphenidermatum ) আৰু ফাইট’পথ’ৰা পালমিভ’ৰা (Phytophthora palmivora) নামৰ দুবিধ ভেঁকুৰৰ পৰা এই ৰোগ হয়। দুয়োবিধ ভেঁকুৰৰে সুপ্ত ৰেণু মাটিত জীয়াই থাকে আৰু অমিতাগছ ৰোৱাৰ পাছত উপযুক্ত উষ্ণতা আৰু সেমেকা অৱস্থা পাই অংকুৰিত হৈ অমিতাৰ মাটিৰ লগতে লাগি থকা গুৰি অংশত আক্ৰমণ কৰি পচাই পেলায়।

ৰোগৰ প্ৰতিকাৰ:

আক্ৰান্ত গছৰ গুৰিত ১% শক্তিৰ বৰড’ মিশ্ৰণ প্ৰয়োগ কৰিব লাগে। ফাইট’লান বা ব্লাইটক্স ২ গ্ৰাম প্ৰতিলিটাৰ পানীত মিহলাই গছৰ গুৰি অংশ তিতি যোৱাকৈ মাটিত প্ৰয়োগ কৰিব লাগে। এনে কৰাৰ ফলত মাটিত বংশবৃদ্ধি কৰি থকা ভেঁকুৰৰ বীজাণু ধ্বংস হয়।

গছবোৰক গুৰি পচা ৰোগৰ পৰা ৰক্ষা কৰিবৰ বাবে প্ৰতিষেধক হিচাপে বাৰিষাৰ বৰষুণ আৰম্ভ হোৱাৰ আগতেই ওপৰত উল্লেখ কৰা ভেঁকুৰনাশক যিকোনো এবিধ প্ৰয়োগ কৰিব লাগে।

২) শিপা পচা ৰোগ (Root rot)

ৰোগাক্ৰান্ত গছৰ শিপা পচি যোৱাৰ ফলত পাতবোৰ হালধীয়া পৰে। শিপা পচি মাটিত খোপনি হেৰাই যোৱাৰ ফলত গছবোৰ হাওলি আহে।

ৰোগৰ কাৰক: মেক্ৰ’ফমিনা ফেছিঅ’লিনা (Macrophomina phoseolina) নামৰ এবিধ ভেঁকুৰৰ আক্ৰমণৰ বাবে এই ৰোগ হয়।

ৰোগৰ প্ৰতিকাৰ:

ক) বীজ শোধন: কেপটান (৩ গ্ৰাম/ কিলোগ্ৰাম) নামৰ ভেঁকুৰনাশকৰ দ্বাৰা সিঁচাৰ আগেয়ে বীজ শোধন কৰিব লাগে।

খ) ৰোগাক্ৰান্ত গছৰ গুৰিত তিতি যোৱাকৈ ১% শক্তিযুক্ত বৰড’ মিশ্ৰণ প্ৰয়োগ কৰিব লাগে।

৩) অমিতাৰ ম’জাইক ৰোগ:

অমিতাৰ ম’জাইক ৰোগ যিকোনো বয়সৰ অমিতা গছত দেখা দিব পাৰে যদিও কমবয়সীয়া গছত ই বেছি গুৰুতৰ ৰুপ ধাৰণ কৰা দেখা নাযায়। অমিতা গছৰ একেবাৰে ওপৰৰ কুমলীয়া পাতবোৰত গাঢ় সেউজীয়া ৰঙৰ দাগ চকলা- চকলকৈ বিস্তৃত হৈ থকা দেখা যায়। পাতৰ বাকী অংশ হালধীয়া পৰে আৰু মুজুৰা পৰি যায়। ওপৰৰ পাতবোৰৰ ঠাৰিবোৰৰ চুটি হৈ আহে আৰু নতুন পাত পেলোৱা হয়। গছবোৰৰ বাঢ়ন প্ৰায় নোহোৱা হয়। আক্ৰান্ত অমিতাৰ ফলটোত ঘুৰণীয়া জলসিক্ত দাগ দেখা যায়। দাগবোৰৰ মাজৰ অংশ স্বাভাৱিক হৈ থাকে। ফলবোৰ অস্বাভাৱিকভাৱে দীঘলীয়া হৈ যায় যদিও স্বাভাৱিকতকৈ আকৃতিত সৰু হয়।

ৰোগৰ কাৰক:

মোৱা পোকৰ (Aphis spp) দ্বাৰা সংক্ৰমিত হোৱা ভাইৰাছৰ দ্বাৰা এই ৰোগ হয়।

ৰোগৰ প্ৰতিকাৰ:

ক) ভাইৰাছজনিত অমিতাৰ ম’জাইক ৰোগ প্ৰতিৰোধৰ প্ৰধান উপায় হ’ল পাতৰ ৰস শুহি খোৱা পোকবিধ নিয়ন্ত্ৰণ কৰা। পাতৰ ৰস খোৱাৰ সময়ত অজানিতে বহন কৰি অনা ভাইৰাছৰ কণা নিৰোগী গছত বিয়পাই যায়। ৰগৰ নামৰ কীটনাশক (২ মিলিলিটাৰ/ লিটাৰ পানীত ) ৰোগৰ আক্ৰমণ আৰম্ভ হোৱাৰ আগৰে পৰাই প্ৰতিষেধক হিচাপে ছটিয়াব লাগে।

খ) বাদামৰ তেল ১% (১০ মিলিলিটাৰ/ লিটাৰ ) ছটিয়ায়ো এই মোৱা পোক নিয়ন্ত্ৰণ কৰিব পাৰি।

৪) অমিতাৰ পাত মুজুৰা পৰা ৰোগ (Papaya Leaf curl)

অসম তথা ভাৰতবৰ্ষৰ সকলো অঞ্চলৰে অমিতা খেতিত পাত মুজুৰা এবিধ সঘনাই দেখা দিয়া ৰোগ। ৰোগ চিনাক্তকৰণৰ প্ৰধান লক্ষণ অতি সহজ। আক্ৰান্ত হোৱা পাতবোৰ ভাঁজ খাই, মুজুৰা পৰি, সৰু সৰু হৈ ঘোৰ খাই যায়। সাধাৰণতে ওপৰৰ কোমল পাততেই এই লক্ষণ সততে দেখা যায়। ৰোগাক্ৰান্ত পাতত কেতবোৰ আন লক্ষণ, যেনে- পাতৰ সিৰাবোৰ হালধীয়া পৰি ঘন, ডাঠ হৈ আহে অৰু পাতখনে বিকৃত ৰুপ লয়।

ৰোগৰ কাৰক:

বগা মাখি (White fly Bemesia tabaci) ৰ দ্বাৰা সংক্ৰমিত হোৱা ভাইৰাছৰ দ্বাৰা এই ৰোগ হয়।

ৰোগৰ প্ৰতিকাৰ:

ক) আক্ৰান্ত গছবোৰ উভালি ধ্বংস কৰি পেলাব লাগে।

খ) ৰোগ সংক্ৰমণ কৰা পোক নিয়ন্ত্ৰণৰ বাবে মালাথিয়ন ৫০ ই চি বা ৰগৰ ০.১% (১ মিলিলিটাৰ/ লিটাৰ পানীত) ছটিয়াব লাগে। প্ৰতিষেধক হিচাপে অমিতাৰ বাৰীত পুলি অৱস্থাৰে পৰা এই কীটনাশক ছটিয়াই ৰোগ নিয়ন্ত্ৰণত সফল হ’ব পাৰি।

আমৰ প্ৰধান ৰোগসমুহ:

অসমৰ জলবায়ুত আমৰ বাগানত দেখা দিয়া প্ৰধান ৰোগসমুহ হ’ল পাউডাৰী মিলডিউ, পিংক বা গুলপীয়া বেমাৰ, এনথ্ৰাকন’জ আৰু আমৰ বিসংগতি বা মালফৰমেছ’নেই প্ৰধান। এই বিষয়ে তলত উল্লেখ কৰা হ’ল-

১) পাউডাৰী লিলডিউ:

পাউডাৰী মিলডিউ ৰোগে আমৰ প্ৰায় সকলো জাতকে আক্ৰমণ কৰি আমৰ উৎপাদন বহু পৰিমাণে হ্ৰাস কৰে । বগা পাউডাৰ সদৃশ গুড়িয়ে আমৰ মলৰ ওপৰভাগ ঢাকি ধৰে। পাছলৈ ফুলৰে সৈতে ফুল ধাৰণ কৰা অংগবোৰ পচি সৰি পৰে। পাত, ডাল, ফুলৰ উপৰি কেতিয়াবা ফলবোৰো পাউডাৰী মিলডিউৰ দ্বাৰা আক্ৰান্ত হয়। ফলত ঠাৰিডালো মিলডিউৰ দ্বাৰা আক্ৰান্ত হ’লে অপৈণত ফলবোৰ সৰি পৰে। তেতিয়া আক্ৰান্ত সৰু সৰু ডালবোৰ আগৰ পৰা মৰি আহিবলৈ ধৰে।

ৰোগৰ কাৰক:

মাইক্ৰ’স্ফেইৰা মেংগিফেৰি (Microsphaera mangiferae) নামৰ ভেঁকুৰৰ দ্বাৰা এই ৰোগ হয়।

ৰোগৰ প্ৰতিকৰ:

ক) কেৰাথোন ০.১% ( ১ গ্ৰাম/ লিটাৰ ) বা ৱেটেবল ছালফাৰ ০.২৫% (২.৫ গ্ৰাম/ লিটাৰ) তিনিবাৰ ছটিয়াই এই ৰোগক নিয়ন্ত্ৰণত ৰাখিব পাৰি। প্ৰথমবাৰ ফুল ফুলাৰ আগে আগে, দ্বিতীয়বাৰ ফুল ফুলি থকা অৱস্থাত আৰু শেষৰবাৰ ফল ধৰাৰ সময়ত।

২) পিংক ৰোগ বা গুলপীয়া পৰা ৰোগ

পেলিকুলেৰিয়া ছালম’নিক’লৰ (Pellicularia salmonicolor) নামৰ ভেঁকুৰৰ গুলপীয়া ৰেণুৱে (conidia) পাউডাৰৰ দৰে ঢাকি ধৰাৰ বাবে আক্ৰান্ত অংশবোৰ গুলপীয়া ৰঙৰ হয়। ক্ৰমান্বয়ে ভেঁকুৰৰ অনুসুত্ৰই আমগছৰ বাকলি ভেদ কৰি অন্তৰ্ভাগৰ কলাতন্ত্ৰ আৱৰি ধৰে, ফলত গছজোপাৰ বাঢ়ি অহা আগবোৰলৈ খাদ্যবস্তুৰ পৰিবহণত বাধাপ্ৰাপ্ত হয় আৰু বাঢ়ি অহা ডালবোৰ লেৰেলি যায়, পাতবোৰ সৰি ডালবোৰ মৰি শুকাই যায়।

ৰোগৰ প্ৰতিকাৰ:

ৰোগ সৃষ্টিকাৰী ভেঁকুৰে গছৰ অন্তৰ্ভাগত বিস্তাৰিত হৈ তাতে সুপ্ত অৱস্থাত থাকি ইটো বছৰৰ পৰা সিটো বছৰলৈ বাহিত হয়। সেয়েহে আক্ৰান্ত ডালবোৰ কাটিহে ভেঁকুৰৰ বীজাণু আঁতৰাব পাৰি। কটাৰ পাছত ডালবোৰৰ কটা মুৰটোত ভেঁকুৰনাশৰ প্ৰলেপ দিব লাগে।

৩) এনথ্ৰাকন’জ (Anthracnose)

ক’লেট’ট্ৰিকাম গ্ল’ইয়স্প’ৰিয়ইদিছ (Colletotrichum gloeosporioides) নামৰ এবিধ ভেঁকুৰৰ দ্বাৰা হোৱা ৰোগ। পাত, ডাল, ফুল, ফুলৰ ঠাৰি আৰু কোমল ফলটো আক্ৰমণ কৰি অনিষ্ট সাধন কৰে। আক্ৰমণৰ ফলত আমৰ ঠাৰিবোৰত ক’লা পচি যোৱা অংশ দেখা যায়। আনহাতে আনবোৰ আক্ৰান্ত অংশত মুগাবৰণীয়া পচি যোৱা অংশ দেখা যায়। ফুল-ফলৰ ঠাৰিবোৰত ক’লা দাগ পৰে। কুমলীয়া ডালবোৰ এই ৰোগৰ দ্বাৰা আক্ৰান্ত হ’লে, ৰোগ বৃদ্ধি হৈ আক্ৰান্ত ডালবোৰ আগৰ ফালৰ পৰা (tip portion) মৰি অহা (die-back symptom) লক্ষণে দেখা দিয়ে।

ৰোগৰ প্ৰতিকাৰ:

ক) আক্ৰান্ত ডালবোৰ কাটি ধ্বংস কৰি পেলাব লাগে।

খ) ক’পাৰ অক্সিক্লৰাইড (Copper oxychloride) ০.৪% ( ৪ গ্ৰাম/ লিটাৰ) আক্ৰান্ত গছত ছটিয়াব লাগে। এসপ্তাহৰ ব্যৱধানত দুই-তিনিবাৰ ছটিয়াই অধিক সুফল পাব পাৰি।

৪) মেংগো মালফৰমেছন (Mango malformation)বা আমৰ বিসংগতি

ৰোগৰ লক্ষণ: ৰোগৰ লক্ষণ দুইধৰণৰ-

ক) আংগিক বিসংগতি (Vegetative malformation): আমৰ পুলিবোৰত এই লক্ষণ বেছি প্ৰকট হয়। আক্ৰান্ত পুলিবোৰত চুটি চুটি অসংখ্য ডাল-পাত আগটোত থোপা খাই থাকে। আক্ৰান্ত আগবোৰৰ গাঁঠিবোৰ ফুলি যায় আৰু দুটা গাঁঠিৰ মাজৰ দুৰত্ব কমি যায়। এনে ডালবোৰৰ কাষৰ পৰা ওলোৱা মুকুলবোৰো ওখহি যায়। এনে পুলিবোৰৰ শিপাতন্ত্ৰ মাটিৰ সামান্য তলতে থাকে আৰু শাখা শিপাবোৰ কমি যায়।

খ) ফুলৰ বিসংগতি (Floral malformation):

বিসংগতি দেখা দিয়া ফুলবোৰ স্বাভাৱিক ফুলবোৰতকৈ ডাঙৰ হয়, কিন্তু অতি কম পৰাগৰেণু থাকে। ফুল ধৰা আগবোৰত অসংখ্য এনে ফুল ঠাহ খাই থাকে, কিন্তু জননক্ষম ফুল কাচিৎহে থাকে আৰু কাচিৎহে ফলধাৰণ কৰে। আক্ৰান্ত অংশবোৰ মুগা বা ক’লা বৰণৰ হৈ পৰে। ফুলৰ ঠাৰিৰ আগটো ফুলৰ পৰিৱৰ্তে অসংখ্য সৰু সৰু পাতেৰে ঠাহ খাই পৰে।

ৰোগৰ কাৰণ: ফিউছেৰিয়াম মনিলিফৰমি ভেৰাইটি ছাবগ্লুটিনানছ (Fusarium moniliformae var. subglutinans)

ৰোগৰ প্ৰতিকাৰ:

ক) আক্ৰান্ত অংশবোৰ কাটি পেলাব লাগে।

খ) নেপথেলিন এচেটিক এচিড (Nephthelene Acetic Acid-NAA) ২০০ পি পি এম (১১০ গ্ৰাম  NAA অলপ এলকহলত গলাই লৈ তাত পানী ঢালি মিশ্ৰণটো ৫৫০ লিটাৰ কৰিব লাগে) অক্টোবৰ মাহমানত ছটিয়ালে এই বিসংগতি আঁতৰ কৰাত ফলপ্ৰসু হ’ব পৰা যায়।

মধুৰি- আম খেতিৰ প্ৰধান ৰোগসমুহ:

অসমৰ মধুৰি-আম খেতিত অন্তৰায়ৰ সৃষ্টি কৰা ৰোগ হ’ল লেৰেলা বেমাৰ। এই ৰোগৰ বিষয়ে তলত সংক্ষেপে আলোচনা কৰা হ’ল-

ৰোগৰ লক্ষণ:

মধুৰি-আমৰ লেৰেলা বেমাৰত ভেঁকুৰজনিত লেৰেলা ৰোগৰ লক্ষণবোৰ দেখা যায়। প্ৰথমে পাতবোৰৰ বৰণ মুগাবৰণীয়া হয় আৰু লাহে লাহে ঠাৰিবোৰৰো স্বাভাৱিক ৰং নোহোৱা হয়। পাতবোৰ লেৰেলাৰ লগে লগে ডালবোৰো লেৰেলি যায়। ৰোগৰ আক্ৰমণ আংশিক হ’লে আক্ৰান্ত গছৰ এফালৰ ডালবোৰ লেৰেলি যায়। আনহাতে ৰোগৰ কাৰক ভেঁকুৰ কাণ্ডৰ ভিতৰৰ কলাতন্ত্ৰত ভালকৈ প্ৰসাৰ লাভ কৰিলে মধুৰিৰ গোটেই গছজোপা লেৰেলি শুকাই যায়। পাতবোৰ সৰি যায় আৰু প্ৰায় এবছৰমানৰ ভিতৰত গছবোৰ সম্পুৰ্ণকৈ মৰি যায়। লেৰেলা গছৰ গা-গছ দীঘলে দীঘলে ফালি দিলে ভিতৰৰ সংবহন কলাবোৰ কজলা ৰঙৰ দেখা যায়। ই ভেঁকুৰৰ আক্ৰমণৰ ফলতেই মধুৰি-আম লেৰেলি যোৱাটো নিশ্চিত কৰে। মধুৰি-আমৰ গছৰ গুৰিত পানী জমা হ’লে এই ৰোগৰ আক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়।

ৰোগৰ কাৰক:

ফিউছেৰিয়াম অক্সিস্প’ৰাম ছিডি (Fusarium oxysporum fsp. psidii) নামৰ মাটিত বাস কৰা এবিধ ভেঁকুৰৰ আক্ৰমণৰ বাবেই এই লেৰেলা ৰোগ হয়। প্ৰায়বোৰ শস্যতে এই ভেঁকুৰৰ আক্ৰমণৰ ফলত আক্ৰান্ত গছ লেৰেলি যায়।

ৰোগৰ প্ৰতিকাৰ :

ক) মধুৰিৰ বাগিচাত পানী ওলাই যাব পৰাৰ সু-ব্যৱস্থা থাকিব লাগে।

খ) আক্ৰান্ত গছৰ গুৰিৰ মাটি কেপটান ৫০ ডব্লিউ পি (Captan 50WP) ০৩% (৩ গ্ৰাম/ লিটাৰ পানীত) মিশ্ৰণেৰে শোধন কৰিব লাগে। মাটি ভালকৈ তিতি যোৱাকৈ এই ভেঁকুৰনাশক প্ৰয়োগ কৰিব লাগে, কিয়নো ৰোগ সৃষ্টিকাৰী ভেঁকুৰবিধ গছৰ গুৰি অংশতেই বিয়পি থাকে। মাটি শোধনৰ পাছত আক্ৰান্ত গছবোৰত বেভিষ্টিন ১% (১০ গ্ৰাম/ লিটাৰ) ১৫ দিনৰ ব্যৱধানত ছটিয়াব লাগে। ৰোগৰ আৰম্ভণিতে যথাযথ ব্যৱস্থা হাতত নল’লে ৰোগ গছবোৰত বেছিকৈ বিয়পি পৰিলে ৰোগ নিয়ন্ত্ৰণ সম্ভৱ নহয়।

অসমৰ মধুৰি-আমৰ বাগানত ই এক জ্বলন্ত সমস্যা।

কঁঠালৰ বেমাৰ:

কঁঠালৰ ফল পচা ৰোগ:

ফল পচা ৰোগ কঁঠালৰ কলি অৱস্থাতে দেখা যায়। কুমলীয়া কলিবোৰ ক’লা পৰি পচি যায়। ভালকৈ চালে ফলটোৰ ওপৰখন ক’লা ভেঁকুৰে আৱৰি থকা দেখা যায়।

ৰোগৰ কাৰক:

ৰাইজ’পাছ আৰট’কাৰপি (Rhizopous artocarpi) নামৰ ভেঁকুৰৰ আক্ৰমণৰ ফলতেই এই ৰোগ হয়।

ৰোগৰ প্ৰতিকাৰৰ বাবে:

ইণ্ডোফিল বা ডাইথেন এম-৪৫, ২ গ্ৰাম এক লিটাৰ পানীত মিহলাই ছটিয়াব লাগে।

মাটিকঁঠালৰ ৰোগ:

পাত আৰু ফল পচা ৰোগ (Leaf and fruit rot)

কেৰাট’চিছটিছ পেৰাডক্সা (Ceratocystis paradoxa) নামৰ ভেঁকুৰৰ দ্বাৰা হোৱা ৰোগেই অসমৰ জলবায়ুত মাটিকঁঠালৰ খেতিত প্ৰধান ৰোগ। এই ৰোগৰ ফলত পাতৰ দাগবোৰ বিভিন্ন আকৃতিৰ মটিয়া ৰঙৰ হয়, আনহাতে দাগবোৰৰ কাষবোৰ ডাঠ ক’লা ৰঙৰ হয়। ৰোগ বৃদ্ধিৰ লগে লগে দাগ পৰা অংশৰ কোষবোৰ শুকাই যায় আৰু পাতবোৰ চনকা হৈ পৰে।

মাটিকঁঠালটোত জলসিক্ত (পানীজোলাৰ দৰে) দাগ দেখা যায় আৰু সময়ত দাগবোৰ হালধীয়া হৈ মুগাবৰণীয়া গাঢ়ৰঙী হয়। আক্ৰান্ত অংশটো কোমল হৈ মাতিকঁঠালৰ সেই অংশতো পচিবলৈ ধৰে। পকা মাটিকঁঠাল পচিলে কিছু দুৰ্গন্ধ ওলায়। এই ৰোগ অতি সোনকালে গোটেই গছজোপালৈ বিয়পি পৰে। দুই-চাৰিদিনৰ ভিতৰতে গোটেই গছজোপা ক’লা পৰি গৈ লাহে লাহে ভেঁকুৰৰ ৰেণুৱে ঢাকি ধৰে।

ৰোগ নিবাৰণ:

১) ৰোগ নিৰাময়ৰ অতি ফলপ্ৰসু উপায় জনা নাযায়।

২) ইণ্ডোফিল ৭৫ ডব্লিউ পি (জুলীয়া) ২.৫ মিলিলিটাৰ প্ৰতিলিটাৰ পানীত মিহলাই পাতত ছটিয়াব লাগে। বেমাৰৰ প্ৰকোপ বৃদ্ধি পালে এসপ্তাহৰ ব্যৱধানত ২-৩ বাৰ এই ভেঁকুৰনাশক প্ৰয়োগ কৰিব লাগে।

লিচুৰ বেমাৰ:

লিচুগছৰ পাতত দেখা দিয়া খহুলা-খহুল অৱস্থাটো প্ৰকৃততে মাইট বা চাহী পোকৰ (Mite) আক্ৰমণৰ বাবে হয়। মাইটৰ আক্ৰমণৰ ফলত পআতবোৰ খহুলা-খহুল , ডাঠ হয় আৰু লাহে লাহে ক’লা পৰিবলৈ ধৰে। নিবাৰণৰ বাবে ০.২৫ (২ মিলিলিটাৰ/ লিটাৰ) ৰগৰ বা কেলথেন (১.৫ মিলিলিটাৰ/ লিটাৰ) ছটিয়াব লাগে।

লিচুৰ পাত ঘোৰ খোৱা একপ্ৰকাৰৰ ৰোগ হিচাপে কৃষকে গণ্য কৰে যদিও চাহী পোকৰ আক্ৰমণৰ ফলতেই হয়। চাহী পোকবোৰ পাতৰ উপৰিভাগত সহজে এৰুৱাব নোৱাৰকৈ লাগি ধৰে। দেখাত ‘মামৰ’ (rust) লাগি থকা যেন লাগে। চাহী পোকে পাতৰ ৰস খাবলৈ ধৰে। ফলত লিচুৰ পাতবোৰ ঘোৰ খাই যায়।

লিচুৰ ফলবোৰ কেতিয়াবা পুৰঠ অৱস্থাত ফাটি যায়। গছত বৰণ আৰু পটাছ সাৰৰ অভাৱ হ’লে এনে হয়। ই ৰোগৰ বাবে নহয়।

নাৰিকলৰ ৰোগ আৰু ইয়াৰ নিয়ন্ত্ৰণ:

নাৰিকল গছত নানাবিধ ৰোগৰ আক্ৰমণ দেখা যায়। এই ৰোগবোৰে পুলি আৱস্থাৰ পৰা আৰম্ভ কৰি গছৰ বৃদ্ধি, ফুল আৰু ফলধৰা অৱস্থাত আক্ৰমণ কৰি গছজোপাক দুৰ্বল কৰি পেলায়। ঠাইবিশেষে নাৰিকল গছত বেলেগ বেলেগ প্ৰকাৰৰ বেমাৰ হোৱা দৃষ্টিগোচৰ হয়। স্থানীয় জলবায়ু, মাটিৰ প্ৰভাৱ আৰু সুনিয়ন্ত্ৰিতভাৱে বাগিচা পৰিচৰ্যাৰ অভাৱেই হ’ল ৰোগৰ প্ৰধান কাৰক। অসমকে ধৰি উত্তৰ-পুৰ্বাঞ্চলৰ ৰাজ্যসমুহত সততে দেখা পোৱা বেমাৰসমুহ তলত আলোচনা কৰা হ’ল-

ক) মুকুট বন্ধন(Crown rot):

ৰোগৰ লক্ষণ:

অসমত সচৰাচৰ হোৱা ৰোগসমুহৰ ভিতৰত মুকুট বন্ধন ৰোগেই আটাইতকৈ বেছি। প্ৰকৃততে মুকুট বন্ধন নাৰিকলৰ ৰোগ নহয়, খাদ্যৰ অভাৱত হোৱা একপ্ৰকাৰৰ শৰীৰ ক্ৰিয়াত্মক বিকাৰহে। ব’ৰণ নামৰ সুক্ষ্ম মৌলৰ অভাৱত এই ৰোগে দেখা দিয়ে। সাধাৰণতে ৩ ৰ পৰা ৬ বছৰীয়া নাৰিকল গছত এই ৰোগৰ আক্ৰমণ বেছিকৈ পৰিলক্ষিত হয়। এই ৰোগত আক্ৰান্ত হ’লে নতুনকৈ ওলোৱা পাতবোৰ চুটি হৈ আহে, মেটুৰা-মেটুৰি হয়, মেল নাখায় আৰু শুকাই যাবলৈ ধৰে। ঠাৰিডালত লাহে লাহে উপ-পাতৰ সংখ্যা কমি যায়, পাতৰ ঠাৰিডাল চুটি হ’বলৈ ধৰে আৰু অৱশেষত পাতবিহীন আধাপোৰা খৰিৰ নিচিনাহে দেখা পোৱা যায়। মুকুটৰ তলত থকা পুৰণা পাতবোৰ সাধাৰণতে স্বাভাৱিক অৱস্থাত থাকে। বেমাৰৰ লক্ষণ পৰিলক্ষিত হোৱাৰ ২-৩ বছৰৰ ভিতৰত গছজোপা মৰি যায়।

ৰোগৰ প্ৰতিকাৰ:

ৰোগৰ লক্ষণ দেখাৰ লগে লগে আক্ৰান্ত গছজোপাৰ প্ৰায় ১ মিটাৰ দুৰত্বত ৩০ চেণ্টিমিটাৰ বহল আৰু ১০ চেণ্টিমিটাৰ দ’ গাঁত কৰি প্ৰতিজোপা গছত ২৫ গ্ৰাম হিচাপে ব’ৰাক্স (সুৱগা) প্ৰয়োগ কৰাৰ এমাহৰ পাছত পুনৰ ২৫ গ্ৰাম একেদৰে প্ৰয়োগ কৰিব লাগে।

খ) কাণ্ডৰ ৰস ক্ষৰণ (Stem bleeding)

ৰোগৰ লক্ষণ আৰু কাৰক:

ই এবিধ ভেঁকুৰৰ পৰা হোৱা ৰোগ। নাৰিকল গছৰ কাণ্ডভাগ ফাটি তাৰ পৰা ৰঙচুৱা মুগা বৰণৰ ৰস নিৰ্গত হোৱা দেখা যায়। থাইলাভিয়োপিছ পেৰাডক্সা (Thielaviopis paradoxa) নামৰ একপ্ৰকাৰৰ ভেঁকুৰৰ আক্ৰমণৰ ফলত গা-গছৰ পৰা এনেধৰণৰ ৰস নিৰ্গমন হয় আৰু সেই ৰস শুকাই গ’লে ক’লা বৰণৰ হয়। আক্ৰান্ত গছৰ কাণ্ডৰ ভিতৰৰ কোমল অংশ লাহে লাহে পচি গৈ সুৰংগ সৃষ্টি হয়। কেতিয়াবা বাহিৰৰ পৰা কোনো লক্ষণ দেখা নাপালেও সন্দেহযুক্ত ঠাইত চোকা দা এখনেৰে কাটি দিলে সুৰংগ হোৱা ঠাইৰ পৰা পাতল মুগা ৰঙৰ ৰস ওলাই অহা দেখা যায়। আক্ৰান্ত গছবোৰত উৎপাদন ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰে আৰু আক্ৰমণ প্ৰবল হ’লে গছজোপা মৰি যায়।

ৰোগৰ প্ৰতিকাৰ:

এই ৰোগ নিবাৰণৰ বাবে গা-গছৰ পৰা ৰস নিৰ্গত হোৱা ঠাইত পচি জমা হৈ থকা অংশ চোকা দাৰে ৰুকি সম্পুৰ্ণকৈ আঁতৰাই দিব লাগে। পুনৰ ৰোগ বিস্তাৰ নহ’বৰ বাবে পচি যোৱা অংশৰ উপৰি ২-৩ চেণ্টিমিটাৰমান নিৰোগী কেঁচা অংশও চকলিয়াই উলিয়াই দিব লাগে। এতিয়া চাফা কৰা অংশত শতকৰা ১ ভাগ শক্তিযুক্ত বৰড’ মিশ্ৰণ মলমৰ ডাঠ লেপন দি বা আলকাতৰা লেপি এই ৰোগ প্ৰতিকাৰ কৰিব পাৰি । চাফা কৰা অংশত বেভিষ্টিন (১ গ্ৰাম/ লিটাৰ পানীত) প্ৰয়োগ কৰিও সুফল পাব পাৰি।

গ) কোঁহ পচা (Bud rot)

ৰোগৰ লক্ষণ আৰু কাৰক:

এই ৰোগ এবিধ পৰজীৱী ভেঁকুৰৰ (Phytophthora palmivora) আক্ৰমণৰ দ্বাৰা হয়। নাৰিকল উৎপাদন কৰা সকলো অঞ্চলতে এই বেমাৰৰ উপস্থিতি পৰিলক্ষিত হয়। মুকুট অংশত থকা কোমল পাতবোৰ হালধীয়া পৰি লেৰেলি যাব ধৰাটোৱেই এই ৰোগৰ প্ৰথম লক্ষণ। লাহে লাহে মুকুট অংশ শুকাই যায় আৰু কোঁহ পাতখিলা টানিলে সহজে উভাল খাই আহে। এই ৰোগ আৰম্ভণিতে নিয়ন্ত্ৰণ নকৰিলে ই গছৰ মাৰাত্মক হ’ব পাৰে। মুকুট বংশৰ পাতবোৰ শুকাই গ’লেও বাকী পাত আৰু ফলৰ থোকবোৰ কেইবামানলৈ স্বাভাৱিক অৱস্থাত থাকে। এই ৰোগে যিকোনো বয়সৰ নাৰিকল গছক আক্ৰমণ কৰিব পাৰে যদিও কম বয়সৰ গছত এই ৰোগ হোৱাৰ সম্ভাৱনা বেছি। বৰষুণৰ বতৰত তাপমাত্ৰা আৰু বায়ুমণ্ডলৰ আৰ্দ্ৰতা বৃদ্ধি পালে এই ৰোগৰ প্ৰকোপ বৃদ্ধি পায়।

ৰোগৰ প্ৰতিকাৰ:

ৰোগৰ লক্ষণ দেখা পোৱাৰ লগে লগে গছৰ মুকুট অংশ চাফা কৰি ১% শক্তিৰ বৰড’ মলম লেপন দিব লাগে। বেমাৰৰ লক্ষণ প্ৰবল হ’লে গছজোপা জীয়াই ৰখা টান হৈ পৰে। বেমাৰৰ দ্বাৰা আক্ৰান্ত হৈ মৰি যোৱা গছবোৰ উঘালি পুৰি পেলাব লাগে, নতুবা মাটিত পুতি পেলাব লাগে। বেমাৰৰ আক্ৰমণ প্ৰতিহত কৰিবৰ বাবে বাৰিষাৰ আগে আগে এবাৰ আৰু বাৰিষাৰ পাছত দ্বিতীয়বাৰ শতকৰা ১ ভাগ শক্তিযুক্ত বৰড’ মিশ্ৰণ গছজোপা তিতি যোৱাকৈ স্প্ৰে’ কৰিব লাগে।

ঘ) গেন’দাৰমা (Ganoderma):

ৰোগৰ লক্ষণ আৰু কাৰক:

এবিধ ভেঁকুৰ (Ganoderma lucidum) ৰ দ্বাৰা হোৱা এই ৰোগৰ বীজাণুৱে তামোল আৰু নাৰিকল গছৰ শিপাত আক্ৰমণ কৰি শিপা পচায়। অসমৰ গোৱালপাৰা, বঙাইগাওঁ আৰু কোকৰাঝাৰ জিলাৰ তামোল গছত ব্যাপক ৰুপত এই বেমাৰৰ আক্ৰমণ পৰিলক্ষিত হৈছে। আক্ৰান্ত গছবোৰৰ তলৰ পুৰঠ পাতবোৰ হালধীয়া পৰি শুকাবলৈ আৰম্ভ কৰে আৰু তললৈ হাওলি পৰি কেইবামাহো গছত ওলমি থকাৰ পাছত মাটিত সৰি পৰে। ওপৰৰ কোমল পাতবোৰ বহুদিনলৈকে সেউজীয়া হৈয়েই থাকে। গছৰ মুকুট অংশৰ আকৃতি সৰু হৈ যায় আৰু নতুনকৈ ওলোৱা পাতবোৰ সৰু হৈ হালধীয়া বৰণ ধৰে, অৱশেষত গছৰ টোৰ পাতখিলাও হাওলি যায়। কেতিয়াবা গছজোপাৰ কাণ্ডৰ তলৰ অংশৰ পৰা ৰঙচুৱা ৰস নিৰ্গত হ’বলৈ ধৰে আৰু লাহে লাহে ই কাণ্ডৰ ওপৰ অংশলৈ বিস্তাৰিত হয়। এই বেমাৰৰ দ্বাৰা আক্ৰান্ত গছ ২-৩ বছৰৰ ভিতৰতে মৰি যায়।

ৰোগৰ প্ৰতিকাৰ:

ৰোগৰ লশণ দৃষ্টিগোচৰ হোৱা মাত্ৰকে আক্ৰান্ত গছবোৰ যাতে অন্য স্বাস্থ্যৱান গছৰ সংস্পৰ্শত আহিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইয়াৰ বাবে বেমাৰী গছজোপাৰ চাৰিওফালে ২ মিটাৰ দুৰত্বত, ৬০ চেণ্টিমিটাৰ দ’ আৰু ৩০-৪০ চেণ্টিমিটাৰ বহলকৈ নলা খান্দি তাত ০.৩% কেপটাফ ( ১ লিটাৰ পানীত ৩ গ্ৰাম ঔষধ) ভালদৰে মাটি তিতি যোৱাকৈ প্ৰয়োগ কৰিব লাগে। বাৰীখনৰ পৰা সহজে পানী উলিয়াই পঠোৱাৰ ব্যৱস্থা কৰাৰ লগতে অনুমোদিত পৰিমাণৰ সাৰ প্ৰয়োগ কৰিব লাগে। পচনসাৰৰ উপৰি প্ৰতিজোপা গছত ৫ কিলোগ্ৰাম নিমৰ খলিহৈ প্ৰয়োগ কৰিব লাগে। প্ৰতিজোপা গছৰ চাৰিওফালে ১.৫-২ কিলোগ্ৰাম ছালফাৰ পাউডাৰ ছটিয়াই মাটিত মিহলাব লাগে। গছত বেমাৰৰ লক্ষণ দেখা পালে ০.৩% কেপটাফ নতুবা ০.২% ( ২ গ্ৰাম প্ৰতিলিটাৰ পানীত মিহলাই) ভিটাভেক্সৰ মিশ্ৰণ প্ৰতিজোপা গছত ১০ লিটাৰকৈ গছৰ গুৰিত প্ৰতিমাহত এবাৰকৈ প্ৰয়োগ কৰিব লাগে। ৰোগাক্ৰান্ত গছজোপা নিৰাময়ৰ বাহিৰলৈ গ’লে মুঢ়াটোৰ সৈতে উভালি দুৰত নি পুতি বা পুৰি পেলাব লাগে। ট্ৰাইক’ড্ৰামাযুক্ত জৈৱ-ভেঁকুৰনাশক গছৰ গুৰিত প্ৰয়োগ কৰিও সুফল পাব পাৰি।

ঙ) পাতৰ দাগ পৰা ৰোগ (Leaf spot)

ৰোগৰ লক্ষণ আৰু কাৰক:

এবিধ ভেঁকুৰ (Pestalotia palmarum) ৰ দ্বাৰা এই ৰোগ বিয়পে। বেছিভাগ দুৰ্বল গছতে পাতসমুহত প্ৰথমে সৰু সৰু হালধীয়া দাগ কিছুমান দেখা পোৱা যায় আৰু পাছলৈ এইবোৰ ৰঙচুৱা ৰঙলৈ পৰিৱৰ্তত হয়। এই দাগসমুহ বাঢ়ি গৈ পৰস্পৰে লগ লাগি অৱশেষত পাতত ডাঙৰ ৰংচঙীয়া দাগৰ সৃষ্টি কৰে। বেছিকৈ আক্ৰান্ত গছৰ পত্ৰফলক সৰু হৈ শুকাই যায়। আক্ৰান্ত গছজোপা মৰি নাযায় যদিও নিশকতীয়া হয় আৰু উৎপাদন হ্ৰাস পায়।

ৰোগৰ প্ৰতিকাৰ:

ৰোগৰ দ্বাৰা আক্ৰান্ত পাতসমুহ আঁতৰাই ১ শতাংশ শক্তিযুক্ত বৰড’ মিশ্ৰণ গছত স্প্ৰে’ কৰি এই ৰোগৰ বিস্তাৰ ৰোধ কৰিব পাৰি। অনুমোদিত পৰিমাণৰ সাৰ আৰু নিয়মিতভাৱে পানী যোগানৰ ব্যৱস্থা কৰি নাৰিকল গছত এই ৰোগৰ বৃদ্ধি ৰোধ কৰিব পাৰি।

চ) ফল পচা আৰু সৰি পৰা ৰোগ (Fruit rot and nutfall or mahali)

ৰোগৰ লক্ষণ আৰু কাৰক:

অপৈণত অৱস্থাত স্ত্ৰী পুষ্প আৰু ফল সৰি পৰাটোৱেই এই ৰোগৰ লক্ষণ। এই ৰোগ এবিধ ভেঁকুৰ (Phytophthora palmivora) ৰ দ্বাৰা হয়। বৰষুণৰ বতৰত এই বেমাৰৰ আক্ৰমণ বেছি হয়। আৰম্ভণিতে অপৈণত ফলৰ ঠাৰিবোৰত দাগ পৰে আৰু পাছলৈ ঠাৰিবোৰ পচি গৈ ফল সৰি পৰে। বিভিন্ন কাৰণত নাৰিকল গছৰ ফুল আৰু কলি সৰি পৰিব পাৰে। স্বাস্থ্যৱান আৰু স্বাভাৱিক গছতো যথেষ্ট পৰিমাণে ফুল সৰা দেখা যায়। শুকান বতৰত পানীৰ অভাৱ, বেমাৰৰ আক্ৰমণ, পোক-পতংগৰ আক্ৰমণ ইত্যাদিৰ বাবেও ফুল আৰু অপৈণত ফল সৰি পৰে।

ৰোগৰ প্ৰতিকাৰ:

বাৰিষাৰ আগে আগে গছত ১% বৰড’ মিশ্ৰণ নতুবা ০.০৫% ফাইট’লান (৫ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত মিহলাই) স্প্ৰে’ আৰম্ভ কৰি ৪০ দিনৰ অন্তৰে অন্তৰে ২-৩ বাৰ একে পৰিমাণৰ মিশ্ৰণ স্প্ৰে’ কৰি এই ৰোগ প্ৰতিৰোধ কৰিব পাৰি।

ছ) পাত পচা ৰোগ (Leaf rot)

ৰোগৰ লক্ষণ আৰু কাৰক:

বৰষুণৰ বতৰত বায়ুমণ্ডলৰ আৰ্দ্ৰতা বৃদ্ধি আৰু তাপমাত্ৰা কমিলে এইবিধ ভেঁকুৰজনিত (Bipolaris halodes) ৰোগৰ লক্ষণ দেখা যায়। আক্ৰান্ত গছৰ উপ-পত্ৰৰ আগবোৰ ক’লা পৰি মেটুৰা-মেটুৰ হয়। ৰোগৰ প্ৰকোপ বৃদ্ধি পালে আক্ৰান্ত অংশ টুকুৰা-টুকুৰ হৈ খহি পৰে। গছজোপা দুৰ্বল হয় আৰু উৎপাদন হ্ৰাস পায়।

ৰোগৰ প্ৰতিকাৰ:

এই ৰোগ নিয়ন্ত্ৰণৰ বাবে মুকুট অংশত ১% বৰড’ মিশ্ৰণ, নতুবা ০.০৫% ফাইটোলেন নতুবা ০.২% ইণ্ডোফিল এম-৪৫ প্ৰতি চাৰি মাহৰ অন্তৰে অন্তৰে (এপ্ৰিল, আগষ্ট আৰু ডিচেম্বৰ) প্ৰয়োগ কৰিব লাগে। নিয়মিতভাৱে সাৰ-পানীৰ প্ৰয়োগ আৰু অন্যান্য পৰিচৰ্যাৰ দ্বাৰা গছজোপাক ৰোগমুক্ত কৰিব পাৰি।

তামোলৰ ৰোগ আৰু ইয়াৰ নিয়ন্ত্ৰণ:

তামোল অসমীয়া কৃষকৰ এক প্ৰধান খেতি। ঘৰে ঘৰে তামোলৰ গছ আছে যদিও উন্নত পদ্ধতিৰ খেতি নাই আৰু ৰোগ নিয়ন্ত্ৰণৰ ব্যৱস্থাও নাই।

তামোলৰ কেইবিধমান প্ৰধান ৰোগ নাৰিকলৰ গছত দেখা দিয়া ৰোগ, যেনে- কোঁহ পচা (Bud rot), গা-গছৰ ৰস ওলোৱা বা কাণ্ডৰ ৰস ক্ষৰণ (Stem bleeding), গেন’ডাৰমা ৰোগ (Ganoderma), মুকুট বন্ধন (Crown rot) ৰ দৰেই, অৰ্থাৎ চিনাক্তকৰণৰ উপায় তথা ৰোগৰ লক্ষণ আৰু প্ৰতিকাৰৰ উপায়ো একে। সেয়েহে ওপৰত উল্লেখ কৰা ৰোগসমুহ পুনৰ উল্লেখ কৰাৰ প্ৰয়োজন নিশ্চয় নাই।

আন কেইবিধমান ৰোগেও অসমত তামোল খেতিৰ ক্ষতিসাধন কৰে। সেই ৰোগসমুহ হ’ল-

ক) শিপা পচা ৰোগ (Root rot)

ৰোগৰ লক্ষণ:

পানী জমা হৈ থকা বা জেকি থকা তামোলৰ পুলিবাৰীত এই ৰোগে দেখা দিয়ে। এই ৰোগ ভেঁকুৰৰ।

ভেঁকুৰৰ আক্ৰমণৰ ফলত শিপাবোৰ পচি যায় আৰু ফলত মাটিৰ পৰা পানী শোষণ কৰা ক্ষমতা গছৰ নোহোৱা হয় আৰু পাতবোৰ হালধীয়া পৰি শুকাই যায়। অৱশেষত সম্পুৰ্ণ গছজোপা লেৰেলি শুকাই যায়।

ৰোগৰ প্ৰতিকাৰ:

১) তামোলৰ পুলিবাৰী ওখ, পানী ওলাই যোৱাৰ সু-ব্যৱস্থা থকা ঠাইত পাতিব লাগে। মুল তামোলৰ বাৰীতো পানী জমা হ’ব নালাগে। বাৰিষা জমা হোৱা অতিৰিক্ত পানী ওলাই যোৱাৰ সুব্যৱস্থা, অৰ্থাৎ নলা-নৰ্মদাৰ ব্যৱস্থা উত্তম হ’ব লাগে।

২) আক্ৰান্ত গছৰ গুৰিত ১% শক্তিৰ বৰদ’ মিশ্ৰণ প্ৰয়োগ কৰিব লাগে। বৰড’ মিশ্ৰণ প্ৰয়োগ কৰাৰ আগে আগে তামোলবাৰীত জমা হোৱা পানী ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগে।

খ) তামোলৰ থোক শুকোৱা ৰোগ (Bunch drying)

ৰোগৰ লক্ষণ:

এই ৰোগৰ লক্ষণ তথা আক্ৰমণ প্ৰথমে নতুনকৈ ওলোৱা থোকটোৰ আগৰ পৰাই দেখা যায়। প্ৰথমে ফুলৰ ঠাৰিবোৰৰ আগ অংশ হালধীয়া পৰি শুকাই যায়। ৰোগৰ আক্ৰমণ বৃদ্ধি হোৱাৰ লগে লগে ফুলৰ ঠাৰিৰ পৰা এই ৰোগ ফুললৈ বিস্তাৰিত হয়। পুংপুষ্প, স্ত্ৰীপুষ্প আৰু গৰ্ভধাৰণ কৰা সৰু সৰু কলিবোৰ ৰোগৰ আক্ৰমণত শুকাই সৰি পৰে।

ৰোগৰ কাৰক:

ভেঁকুৰৰ দ্বাৰা এই ৰোগ হয়।

ৰোগৰ প্ৰতিকাৰ:

ৰোগৰ আশংকা থকা তামোলবাৰীত ফুল ফুলাৰ আগতে ফুলৰ থোকত ১% শক্তিৰ বৰড’ মিশ্ৰণ বা ০.১% বেভিষ্টিন (১ গ্ৰাম প্ৰতিলিটাৰ) ছটিয়াব লাগে।

পাণৰ ৰোগ:

পাণ আৰু তামোলৰ লগত অসমীয়া মানুহৰ এৰাব নোৱৰা সম্পৰ্ক। সেমেকা বতৰত অসমত পাণখেতিত বহুতো ভেঁকুৰজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা যায়। কেইবিধমান ৰোগৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-

১) পাণৰ পাত আৰু গুৰি পচা ৰোগ (Leaf $ Foot rot)

অসমৰ জলবায়ুৰ বাবে এই ৰোগ পাণখেতিত সাধাৰণতে দেখা যায়। এই ৰোগৰ প্ৰকোপ মুলত: মে’ মাহৰ পৰা নৱেম্বৰ মাহলৈকে দেখা যায়। সাধাৰণতে পাণগছত দুইপ্ৰকাৰৰ লক্ষণ দেখা যায়-

ক) পাত পচা লক্ষণ:

আক্ৰান্ত পাণৰ পাতত প্ৰথমে হালধীয়া বৰণৰ ঘুৰণীয়া দাগ পৰে আৰু পাছত দাগবোৰ ক’লা হৈ যায়। ৰোগৰ প্ৰকোপ বৃদ্ধি হোৱাৰ লগে লগে ক’লা দাগৰ মাজৰ অংশ শুকাই সৰি পৰে। বায়ুমণ্ডলত আৰ্দ্ৰতা বঢ়াৰ লগে লগে এই আক্ৰান্ত অংশবোৰ পচি যায়। দাগবোৰ সাধাৰণতে পাতৰ আগত আৰম্ভ হৈ ক্ৰমশ: ভিতৰলৈ বাঢ়ি আহে। পাণখিলাৰ এক বৃহৎ অংশ ক’লা আৱৰণে আৱৰি ধৰে আৰু শেষত পাণখিলা সৰি পৰে। এই লক্ষণ মে’ মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ দেখা যায়।

খ) গুৰি পচা বা শিপা পচা লক্ষণ:

গুৰি পচা লক্ষণ আগষ্ট মাহৰ পৰা নৱেম্বৰ মাহলৈকে বেছিকৈ দেখা যায়। প্ৰথম অৱস্থাত পাণগছৰ ঠাৰি আৰু ডালবোৰ ক’লা পৰে। এনে অৱস্থাত পাণগছৰ বাঢ়ি থকা আগটোৱে খোপনি হেৰুৱাই আশ্ৰয়ী গছজোপাৰ পৰা খহি পৰে। অতি সোনকালে গছজোপা লেৰেলি, শুকাই যায়। কোনো কোনো ক্ষেত্ৰত পাণৰ ঠাৰিবোৰ ভাঙি যায়।

ৰোগৰ কাৰক:

ফাইথ’পথ’ৰা নামৰ মাটিত বাস কৰা একপ্ৰকাৰ ভেঁকুৰৰ বিভিন্ন প্ৰজাতিয়ে পাণগছত অনুকুল বতৰত আক্ৰমণ কৰি এই ৰোগৰ সৃষ্টি কৰে।

ৰোগৰ প্ৰতিকাৰ:

ক) পাণবাৰীত পানী ওলাই যোৱাৰ সুব্যৱস্থা থাকিব লাগে। সেমেকা অৱস্থাত এই ৰোগৰ প্ৰকোপ বেছি হয়।

খ) নিৰোগী গছৰ ঠাৰিহে সঁচৰ বাবে ব্যৱহাৰ কৰিব লাগে। ৰোৱাৰ আগেয়ে ১% বৰড’ মিশ্ৰণত (১০ মিনিট) শোধন কৰিহে ৰুব লাগে। ৰোগৰ আৰম্ভণিৰ লগে লগে এই মিশ্ৰণ পাণৰ গুৰিবোৰত মাটি তিতি যোৱাকৈ কৰিব লাগে।

গ) ট্ৰাইক’ড্ৰামা হাৰজিয়েনাম (Trichoderma harzianum) নামৰ জৈৱনিয়ন্ত্ৰক ভেঁকুৰবিধ ৫০০ কিলোগ্ৰাম প্ৰতি হেক্টৰ হিচাপত মাটিত প্ৰয়োগ কৰিব লাগে।

ঘ) আক্ৰান্ত পাণগছত ০.৫ বৰড’ মিশ্ৰণ স্প্ৰে’ কৰিব লাগে। এনে মিশ্ৰণ ৰোগৰ প্ৰকোপৰ প্ৰতি লক্ষ্য ৰাখি ১৫-৩০ দিনৰ অন্তৰে অন্তৰে জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে প্ৰয়োগ কৰিব লাগে।

ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰাৰ ১০-১৫ দিনৰ পাছতহে পাণ ছিঙি বজাৰলৈ পঠাব লাগে। অন্যথা পাণত ৰাসায়নিক দ্ৰব্যৰ প্ৰভাৱ কিছু ৰৈযায়। জালুকৰ খেতিতো এই ৰোগ দেখা যায়। একে উপায়েৰেই জালুকৰ খেতিতো এই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি।

২) পাণখেতিৰ অন্যান্য ৰোগসমুহ:

ক) গুৰি পচা ৰোগ:

ৰোগৰ কাৰক: স্ক্লেৰচিয়াম ৰলফছি (Sclerotium rolfsii)

ৰোগৰ লক্ষণ:

মে’ মাহৰ পৰা আগষ্ট মাহলৈকে এই ৰোগৰ প্ৰকোপ বেছি। আক্ৰান্ত পাণবোৰৰ পাতৰ সতেজতা কমি আহে আৰু ক্ৰমে গোটেই গছডালেই শুকাই মৰহি যায়। মাটিত থকা পাণৰ গুৰি অংশটো ক’লা হৈ পচি যায়। পচা অংশত বগা সুতাৰ দৰে ভেঁকুৰৰ অনুসুত্ৰ দেখা যায়।

ৰোগৰ প্ৰতিকাৰ:

ক) এবাৰ এই ৰোগে আক্ৰমণ কৰাৰ পাছত ৰোগ নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰে।

খ) আক্ৰান্ত গছৰ লতাবোৰ উভালি পিৰি পেলাব লাগে।

গ) ট্ৰাইক’ড্ৰামাৰ জৈৱনিয়ন্ত্ৰক সৰিয়হৰ খলিহৈৰ লগত মিহলাই প্ৰয়োগ কৰিব লাগে, পাণৰ গুৰি ঢাকি জৈৱনিয়ন্ত্ৰক প্ৰয়োগ কৰিব লাগে।

খ) এনাথ্ৰাকনোজ

ৰোগৰ কাৰক:

ক’লেটট্ৰিকাম

ৰোগৰ লক্ষণ: আক্ৰান্ত গছৰ পাতত সৰু সৰু ক’লা বৰণৰ দাগ পৰে। সেমেকা বতৰত এই দাগবোৰ বাঢ়ি গোটেই পাণতে বিয়পি পৰে। সময়ৰ লগে লগে ক’লা পৰা অংশ পচি সৰি যায়।

ৰোগৰ প্ৰতিকাৰ:

১% বৰড’ মিশ্ৰণ ১৫ দিনৰ মুৰে মুৰে আক্ৰান্ত পাণগছত ছটিয়াব লাগে।

গ) পাত আৰু ঠাৰিত দাগ পৰা বেক্টেৰিয়াজনিত ৰোগ (Bacterial leaf spot)

ৰোগৰ কাৰক:

জেন্থ’ম’নাছ

ৰোগৰ লক্ষণ:

পাতত প্ৰথমে হালধীয়া বৰণৰ দাগ পৰে আৰু পাছলৈ ই মুগা বৰণৰ হয় আৰু চাৰিওকাষে হালধীয়া বলয়ে আৱৰি থাকে।

ৰোগৰ প্ৰতিকাৰ:

১% শক্তিৰ আৰু ০.৫% শক্তিৰ বৰড’ মিশ্ৰণ পাতত ১৫-২০ দিনৰ ব্যৱধানত ৪ বাৰ ছটিয়াব লাগে।

আদাৰ ৰোগ:

১) আদাৰ ৰাইজ’ম ৰট বা আদা পচা বেমাৰ

ৰাইজ’ম ৰট বা আদা পচা বেমাৰেই হৈছে আদাৰ আটাইতকৈ মাৰাত্মক ৰোগ। ভাৰতবৰ্ষৰ বৰষুণ বেছি হোৱা সকলো ৰাজ্যতে আদাখেতিত এই ৰোগে বিস্তৰ ক্ষতিসাধন কৰে।

ৰোগৰ লক্ষণ:

এই ৰোগৰ দ্বাৰা আক্ৰান্ত আদাগছত প্ৰথমে ৰাইজ’ম বা আদা পচিবলৈ বা গলিবলৈ ধৰে। আনহাতে মাটিৰ ওপৰৰ অংশত ৰোগৰ লক্ষণ হিচাপে ওপৰৰ পাতবোৰ হালধীয়া পৰা দেখা যায়, কিন্তু প্ৰথম অৱস্থাত পাতৰ মধ্য অংশ সেউজীয়া হৈ থাকে। পাতবোৰ কাষৰ পৰা হালধীয়া পৰিবলৈ আৰম্ভ কৰে। লাহে লাহে গছজোপা শুকাই যাবলৈ ধৰে আৰু শুকান পাতবোৰ মাটিত পৰি নগৈ হছতে ওলমি থকাৰ দৰে থাকে। তেনে অৱস্থাত গা-গছডাল টানি দিলে সহজে উভাল খাই আহে। আক্ৰান্ত আদাবোৰৰ ভিতৰৰ অংশ পচি যায় আৰু লাহে লাহে দুৰ্গন্ধ ওলাবলৈ ধৰে।

ৰোগৰ কাৰক:

মাটিয়ে এই ৰোগ বহন কৰে। পিথিয়াম (Pythium spp) নামৰ এবিধ মাটিত বংশবৃদ্ধি কৰা ভেঁকুৰৰ দ্বাৰাই আদাৰ পচা বেমাৰ হয়। পানী জমা হোৱা মাটিত অৰ্থাৎ বেছি সেমেকা মাটিত, উচ্চ উষ্ণতাত এই ভেঁকুৰৰ প্ৰকোপ বৃদ্ধি হয়। আক্ৰান্ত আদা বীজ হিচাপে ব্যৱহাৰ কৰিলে নতুন আদাৰ খেতিত এই ৰোগে দেখা দিয়ে।

ৰোগৰ প্ৰতিকাৰ:

১) আদা খেতিডৰাৰ পৰা অতিৰিক্ত পানী ওলাই যাব পৰাকৈ নলাৰ ব্যৱস্থা কৰিব লাগে।

২) ৰোপণ সামগ্ৰী বা বীজ হিচাপে ব্যৱহাৰ কৰা আদাৰ ৰাইজ’ম (আদাৰ গাঁঠিবোৰ) ৰোৱাৰ আগতে ইণ্ডোফিল এম-৪৫ বা ৰিড’মিল এম জেদ-৭২ ৰ ক্ৰমে ০.০৩% (৩ গ্ৰাম ১০ লিটাৰ পানীত ) আৰু ০.০১% ( ১ গ্ৰাম ১০ লিটাৰ পানীত) মিশ্ৰণত ৰোৱাৰ এদিন আগতে আধাঘণ্টা সময় ডুবাই ৰাখি, ছাঁত শুকুৱাই পিছদিনা ৰুব লাগে।

৩) ট্ৰাইক’ড্ৰামাযুক্ত জৈৱনিয়ন্ত্ৰক )ইক’ডাৰমা, ইক’ফিট, বায়’কন ইত্যাদি) ৰ দ্বাৰা বীজ শোধন অথবা মাটিত প্ৰয়োগ কৰিও সুফল পাব পাৰি। আদা খেতিৰ মাটিত ট্ৰাইক’ড্ৰামা প্ৰয়োগ কৰাৰ পাছত ই সেই মাটিত জীয়াই থাকি বংশবৃদ্ধি কৰিলে ৰোগ নিয়ন্ত্ৰণৰ সম্ভাৱনা অধিক হয়। মাটিত এই জৈৱনিয়ন্ত্ৰণক বৃদ্ধি হ’লে সেউজীয়া ভেঁকুৰৰ অনুসুত্ৰ দেখা পোৱা যাব।

৪) আক্ৰান্ত গছৰ গুৰিত ০.২% ( ২ গ্ৰাম প্ৰতিলিটাৰ পানীত) শক্তিৰ ইণ্ডোফিল এম-৪৫ দৰমৰ মিশ্ৰণ গছৰ গুৰি তিতি যোৱাকৈ প্ৰয়োগ কৰিব লাগে।

২) আদাৰ ফাইল’ষ্টিকটা লিফ স্পট বা পাতত দাগ পৰা (Phyllosticta Leaf spot of Ginger)

ৰোগৰ লক্ষণ:

পাতত ডিম্বাকৃতিৰ সৰু সৰু হালধীয়া দাগ পৰে। সময়ৰ লগে লগে পাতৰ মাজভাগ কাগজৰ দৰে চিলচিলিয়া হৈ পৰে আৰু দাগবোৰৰ চাৰিওকাষ ডাঠ মুগা বৰণৰ হয়। কেতিয়াবা হালধীয়া ৰঙৰ এটা বলয়ে দাগবোৰ আগুৰি থাকে।

ৰোগৰ কাৰক:

ফাইল’ষ্টিকটা জিনজিবাৰি (Phyllosticta zingiberi ) নামৰ ভেঁকুৰৰ দ্বাৰা এই ৰোগ হয়। এই ভেঁকুৰে আক্ৰান্ত আদাগছ বা বীজৰুপে ব্যৱহাৰ কৰা আদাত সুপ্ত অৱস্থাত থাকে। অতি সেমেকা বতৰ আৰু উষ্ণ (৩০° চেণ্টিগ্ৰেড) উষ্ণতাত এই ৰোগৰ প্ৰকোপ বেছি হয়।

ৰোগৰ প্ৰতিকাৰ:

১) প্ৰথম অৱস্থাত ১% শক্তিযুক্ত বৰড’ মিশ্ৰণৰ দ্বাৰা এই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি।

২) ৰোগাক্ৰান্ত গছত ডাইথেন জেদ-৭৮(Dithane z-78) প্ৰয়োগ কৰি সুফল পাব পাৰি।

ওপৰত উল্লেখ কৰা ৰোগসমুহৰ উপৰি পথাৰৰ পৰা নি দমাই থোৱা অৱস্থাত (Storage condition) নানান ভেঁকুৰে আক্ৰমণ কৰি আদাবোৰ ভেঁকুৰাই পেলায়। নীলা-ক’লা ৰঙৰ এই ভেঁকুৰৰ পৰা ৰক্ষা কৰিবৰ বাবে আদাৰ ৰাইজ’মবোৰ বেভিষ্টিন (০.১ গ্ৰাম/ লিটাৰ) আদিৰে শোধন কৰিব লাগে।

হালধিৰ প্ৰধান ৰোগসমুহ(Diseases of Turmeric):

অসমৰ কৃষকে হালধি খেতিত প্ৰধানকৈ পাতত ক’লা দাগ পৰা ৰোগ, পাতত মুগা দাগ পৰা ৰোগ আৰু হালধি পচা- এই তিনিপ্ৰকাৰৰ ৰোগৰেই প্ৰায় সন্মুখীন হয়। হালধি পচা ৰোগ আদা পচা ৰোগৰ দৰেই হয়। সেয়েহে পুনৰ আলোচনা কৰাৰ প্ৰয়োজন নাই। বাকী দুবিধ ৰোগৰ বিষয়ে আলোচনা কৰা হ’ল।

১) পাতত ক’লা দাগ পৰা ৰোগ (Leaf blotch)

হালধি খেতি কৰা সকলো অঞ্চলতেই এই ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা যায়।

ৰোগৰ লক্ষণ:

পাতত দুয়োফালেই অসংখ্য দাগ দেখা যায় আৰু ই পাতৰ বেছি অংশই ঢাকি ধৰে। প্ৰতিটো দাগ সৰু সৰু হয় আৰু সিৰাবোৰৰ কাষে কাষে শাৰীপাতি থাকে। সময়ৰ লগে লগে পাতৰ দাগবোৰ দীঘলীয়া হৈ পৰে। আক্ৰান্ত পাতবোৰ হালধীয়া-সেউজীয়া সুস্থ পাতবোৰৰ তুলনাত ৰঙচুৱা-মুগা বৰণৰ হৈ পৰে। ৰোগৰ প্ৰকোপ বাঢ়ি যোৱাৰ লগে লগে পাতবোৰ হালধীয়া পৰি শুকাই যায় যদিও গছজোপা জীয়ায়েই থাকে।

ৰোগৰ কাৰক:

টেফৰিনা মেকুলেনছ (Taphrina maculans) নামৰ বতাহৰ দ্বাৰা বিস্তাৰিত হোৱা এক প্ৰকাৰৰ ভেঁকুৰ।

ৰোগৰ প্ৰতিকাৰ:

১% শক্তিযুক্ত বৰড’ মিশ্ৰণ ১৫ দিনৰ ব্যৱধানত ৩-৪ বাৰ প্ৰয়োগ কৰি ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি।

২) কলেট’ট্ৰিকাম লিফ স্পট বা পাতৰ দাগ পৰা ৰোগ:

কুমলীয়া অৰু বুঢ় সকলো পাততে মুগা বৰণৰ, ঐককেন্দ্ৰিক ক’লা বলয়ে আগুৰি থকা অসংখ্য দাগ পাতত পৰা দেখা যায়। দাগবোৰৰ মাজডোখৰ গ্ৰে’ (grey) বা ধুসৰ মাটিয়া ৰঙৰ হয়। অসংখ্য এনে দাগে ৰোগবৃদ্ধিৰ লগে লগে পাতখন আগুৰি ধৰে আৰু দাগবোৰ কিছুমান একেবাৰে ‘পিন’ ৰ আগটোৰ দৰে ক’লা ফুটফুটীয়া চিন দেখা যায়। তাতে ভেঁকুৰৰ ৰেণুধানী থাকে। বেছিকৈ আক্ৰান্ত গছ লেৰেলি শুকাই যায়।

ৰোগৰ কাৰক:

কলেট’ট্ৰিকাম কেপছিচি (Colletotrichum capsici) নামৰ একপ্ৰকাৰৰ ৰাইজ’মৰ বাকলিৰ দ্বাৰা বাহিত হোৱা ভেঁকুৰ এই ৰোগৰ কাৰক।

ৰোগৰ প্ৰতিকাৰ:

ইণ্ডোফিল এম-৪৫ এক চাহ চামুচ, অৰ্থাৎ ৫ গ্ৰাম দুই লিটাৰ পানীত মিহলাই ১০-১৫ দিনৰ ব্যৱধানত স্প্ৰে’ কৰি সুফল পাব পাৰি। বৰড’ মিশ্ৰণ(১%) প্ৰয়োগ কৰিও ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি।

পিঁয়াজ-নহৰু খেতিৰ প্ৰধান ৰোগসমুহ:

অসমৰ জলবায়ুত পিয়াঁজ আৰু নহৰু খেতিত দেখা দিয়া ৰোগসমুহ হ’ল-

১) পাৰ্পল ব্লটচ (Purple blotch)

ৰোগৰ লক্ষণ:

ই পিঁয়াজৰ পাতত দেখা দিয়া ৰোগ। প্ৰথমে পিঁয়াজৰ নলাটোত অলপ বগা দাগ পৰা দেখা যায়। দাগ পৰা অংশটো কিছু তললৈ বহি যোৱা যেন দেখা যায় আৰু দাগবোৰ প্ৰায় বগা ৰঙৰ ঘুৰণীয়া হয়। এই দাগবোৰ মধ্যাংশ (Centre) বেঙুনীয়া ৰঙৰ হয় আৰু আকৃতিত বাঢ়ি গৈ এটা ডাঙৰ চকলা হয়গৈ।

ৰোগৰ কাৰক:

অলটাৰনেৰিয়া প’ৰি (Alternaria pori) নামৰ ভেঁকুৰেই এই ৰোগ সৃষ্টি কৰে।

ৰোগৰ প্ৰতিকাৰ:

ক) থিৰাম (২.৫ গ্ৰাম প্ৰতিকিলোগ্ৰাম বীজ) নামৰ ভেঁকুৰনাশকৰ দ্বাৰা বীজ শোধন কৰিব লাগে।

খ) ইণ্ডোফিল এম-৪৫, ফলটাফ আদি ভেঁকুৰনাশক ২.৫ গ্ৰাম প্ৰতিলিটাৰ পানীত মিহলাই লৈ ১৫ দিনৰ মুৰে মুৰে স্প্ৰে’ কৰিব লাগে। ৰোগ নিয়ন্ত্ৰণ নোহোৱা পৰ্যন্ত ৩-৪ বাৰ স্প্ৰে’ কৰিব লাগে।

২) পাতত হোৱা বট্ৰাইটিছ ব্লাইট (Botrytis sp)

ৰোগৰ লক্ষণ:

পিঁয়াজৰ নলাডালৰ বা পাতৰ সেউজীয়া ক্লৰ’ফিলযুক্ত অংশ নোহোৱা হৈ জ্বলি যোৱাৰ দৰে হয়। ৰোগ সৃষ্টিকাৰী ভেঁকুৰবিধে উৎপন্ন কৰা এবিধ বিষাক্ৰ ৰাসায়নিক পদাৰ্থৰ বাবেই এনেদৰে জ্বলি যোৱাৰ দৰে হয়।

ৰোগৰ কাৰক:

বট্ৰাইটিছ নামৰ ভেঁকুৰে এই ৰোগ সৃষ্টি কৰে বাবে ইয়াক ‘বট্ৰাইটিছ ব্লাইট’ নামেৰে জনা যায়।

ৰোগৰ প্ৰতিকাৰ:

এই ৰোগ নিৰাময়ৰ বাবে পাৰ্পল ব্লটচত উল্লেখ কৰা দৰে বীজ শোধন আৰু একে ৰাসায়নিক দ্ৰব্য বা ইণ্ডোফিল এম-৪৫ (২.৫ গ্ৰাম প্ৰতিলিটাৰ) ৰোগৰ আক্ৰমণৰ লগে লগে প্ৰয়োগ কৰিব লাগে।

নহৰু খেতিতো পিঁয়াজৰ দৰে প্ৰায় একে ৰোগেই অনিষ্ট সাধন কৰে। সেয়েহে ৰোগ পৰিচৰ্যাৰ উপায় নহৰুৰ ক্ষেত্ৰতো একেই।

পিঁয়াজৰ এইকেইবিধ ৰোগৰ উপৰি সংৰক্ষণত বেক্টেৰিয়াজনিত কোমল পচি যোৱা ৰোগ আৰু ক’লা ম’লড বা ভেঁকুৰে ধৰা ৰোগে দেখা দিয়ে। এনে ৰোগৰ প্ৰকোপ কমাবৰ বাবে মাজে মাজে গুদামৰ বেৰ/ মজিয়া বীজাণুমুক্ত কৰিব লাগে।

নহৰুৰ ৰোগসমুহো পিঁয়াজৰ দৰেই। নিয়ন্ত্ৰণো একেদৰেই কৰিব পাৰি।

ধনীয়াৰ ৰোগসমুহ (Diseases of Coriander)

সাধাৰণ অৱস্থাত উপযুক্ত পৰিমাণৰ গোবৰ সাৰ অথবা ৰাসায়নিক সাৰ উপযুক্ত হাৰত প্ৰয়োগ কৰি কৰা খেতিডৰাত ৰোগৰ প্ৰকোপ কম দেখা যায়। ঠাইবিশেষে ধনীয়া খেতিত তলত উল্লেখ কৰা ৰোগসমুহ দেখা যায়-

১) ধনীয়া গছবোৰ কেতিয়াবা মৰহি যোৱা দেখা যায়। এই লক্ষণ সহজেই কৃষকৰ চকুত ধৰা পৰে।

এই ৰোগৰ প্ৰতিকাৰ হিচাপে গুটি সিঁচাৰ আগতেই উপযুক্ত বিধান ল’ব লাগে। ধনীয়াৰ প্ৰতিকিলোগ্ৰাম বীজৰ লগত ৫ গ্ৰাম কেপটাফ মিহলাই বীজ শোধন কৰিব লাগে।

২) পাউডাৰী মিলডিউ:

ধনীয়াৰ পাতত বগা পাউডাৰ সদৃশ ভেঁকুৰৰ ৰেণুৱে (কনিডিয়া) পাতবোৰ ঢাকি ধৰে। বৰষুণৰ বতৰত ই উটি যায়। ধনীয়াৰ গাঢ় সেউজীয়া ৰঙ বগা বৰণৰ হৈ থাকে। হাতেৰে মোহাৰি দিলে এই ৰেণু আঁতৰ হয়।

পাউডাৰী মিলডিউ ৰোগৰ নিবাৰণৰ বাবে ৱেটেবল ছালফাৰ (Wettable sulphur) জাতীয় ঔষধ, যেনে- থিয়ভিট আদি প্ৰতি বিঘা মাটিত ২৫০ গ্ৰাম ছটিয়াব লাগে।

৩) ধনীয়াৰ কাণ্ডৰ টেমুনা (Stem Gall of Coriander )

ধনীয়াৰ পাতৰ দীঘল ঠাৰিডালত, সিৰাৰ কাষত, ফুলৰ ঠাৰিডালত টেমুনা হোৱা দেখা যায়। প্ৰথমে সৰু সৰু ফোঁটাৰ দৰে ওলাই বাঢ়ি যাবলৈ ধৰে আৰু পাছলৈ বৃদ্ধি হৈ একো একোটা টেমুনা ২ চেণ্টিমিটাৰমান দীঘল হয়গৈ। আক্ৰান্ত গছবোৰ চাপৰ হয় আৰু টেমুনাবোৰ পুষ্পবিন্যাসলৈ বিস্তৃত হৈ গ’লে বীজ উৎপাদন কমি যায়।

ৰোগৰ কাৰক:

প্ৰট’মাইচিছ মেক্ৰ’স্পৰাছ (Protomyces macrosporus) নামৰ ভেঁকুৰেই এই ৰোগৰ কাৰক।

ৰোগৰ প্ৰতিকাৰ:

ৰোগ নিয়ন্ত্ৰণৰ কিছুমান উপায় , যেনে- আক্ৰান্ত গছৰ পথাৰত থাকি যোৱা অংশ ধ্বংস কৰিব লাগে। টেমুনা দেখা গুটিবোৰ বীজৰ বাবে ৰাখিব নালাগে। ধনীয়াৰ গুটিবোৰ খুউব ভালকৈ ৰ’দাব লাগে। বীজ শোধন কৰিব লাগে ইত্যাদি।

জালুক খেতিত দেখা দিয়া ৰোগসমুহ:

পাণ আৰু জালুকৰ পাত পচা ৰোগ প্ৰায় একে। পাণৰ পাত পচা ৰোগত উল্লেখ কৰাৰ দৰেই জালুকতো একেই ব্যৱস্থাৰ দ্বাৰা ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি।

জালুকত তাৰ উপৰি ঠাৰি শুকোৱা ৰোগে দেখা দিয়ে। এনে ৰোগত ঠাৰিডাল আগৰ পৰা শুকাই আহে (Die-back sympton)। এনে শুকোৱা ৰোগ দুই প্ৰকাৰৰ-

১) হঠাতে লতা শুকাই যোৱা ৰোগ (Quick wilt)

লক্ষণ:

জালুকৰ পাতবোৰ হালধীয়া পৰি অতি কম দিনতে শুকাই যায় আৰু লতাডাল মৰি যায়। আক্ৰান্ত গছৰ লতাডালৰ বাকলিবোৰো (মাটিৰ পৰা ১ ফুটমান ওপৰত) এৰাবলৈ আৰম্ভ কৰে।

এই ৰোগৰ কাৰক হ’ল মাটিত বাস কৰা ফাইথ’ফথ’ৰা পালমি’ভৰা (Phytophthora palmivora) আৰু ফাইথ’ফথ’ৰা কেপছিচি (Phytophthora capsici) নামৰ ভেঁকুৰ।

ৰোগৰ প্ৰতিকাৰ:

বৰড’মিশ্ৰণ (১%) বাৰিষাৰ আগতে দুবাৰ প্ৰয়োগ প্ৰয়োগ কৰিব লাগে। প্ৰতিজোপা জালুকত (দুবছৰৰ মুৰে মুৰে)৫০০-৮০০ গ্ৰাম চুণৰ গুৰি প্ৰয়োগ কৰিলে ভেঁকুৰৰ বংশবৃদ্ধি মাটিত কম হোৱাৰ বাবে ৰোগৰ প্ৰকোপ কমি থাকে।

২) লাহে লাহে লতা শুকোৱা ৰোগ (Slow wilt)

শিপাবোৰ পচি যোৱাৰ ফলত জালুকৰ পাতবোৰ হালধীয়া হৈ সৰি পৰিবলৈ ধৰে। লাহে লাহে লতাবোৰ ওপৰৰ পৰা শুকাই যায় (Die-back)। এই ৰোগৰ আৰম্ভণি শস্যকৃমি বা নিমাটোডৰ (Nematode) দ্বাৰা হয়। নিমাটোডৰ আক্ৰমণৰ ফলত হোৱা আঘাতত মাটিত বাস কৰা কেতবোৰ ভেঁকুৰ, যেনে- ফুছেৰিয়াম (Fusarium spp), ৰাইজ’কট’নিয়া (Rhizoctonia spp) আৰু পিথিয়াম (Pythium spp) আদিয়ে আক্ৰমণ কৰি লাহে লাহে জালুকৰ লতাবোৰ লেৰেলাই পেলায়।

ৰোগৰ প্ৰতিকাৰ:

ক) লতাবোৰ নিমাটোডৰ আক্ৰমণৰ পৰা ৰক্ষা কৰি এনে লেৰেলা পৰা ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি। ৰোৱাৰ সময়ত প্ৰতিটো গাঁতত ১৫ গ্ৰাম ফোৰেট বা ৫০ গ্ৰাম কাৰ্ব’ফুৰাণ প্ৰয়োগ কৰি নিমাটোডৰ পৰা জালুকৰ খেতি ৰক্ষা কৰিব পাৰি।

খ) নিয়মীয়াকৈ বছৰি দুবাৰকৈ ৩০ গ্ৰাম ফোৰেট বা ১০০ গ্ৰাম কাৰ্ব’ফুৰাণ প্ৰয়োগ কৰিলে নিমাটোড আৰু ৰোগ দুয়োবিধৰ পৰাই জালুকৰ খেতিক ৰক্ষা কৰিব পাৰি। আক্ৰান্ত গছবোৰ খেতি পথাৰৰ এচুকত জ্বলাই পেলাব লাগে।

লেখিকা: ড° দিপালী মজুমদাৰ

উৎস: আধুনিক কৃষিকথা (শস্য সুৰক্ষা)

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

3.08
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top