মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / আধুনিক কৃষিকথা (শস্য সুৰক্ষা) / পথাৰশস্যৰ কীট-পতংগ আৰু ইহঁতৰ নিবাৰণৰ ব্যৱস্থা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পথাৰশস্যৰ কীট-পতংগ আৰু ইহঁতৰ নিবাৰণৰ ব্যৱস্থা :

পথাৰশস্যৰ কীট-পতংগ আৰু ইহঁতৰ নিবাৰণৰ ব্যৱস্থাৰ বিষয়ে লিখা হৈছে ।

 

ধান অসমৰ প্ৰধান খাদ্যশস্য। কৃষিপ্ৰধান ৰাজ্য অসমৰ মুঠ মাটিকালিৰ শতকৰা ৮০-৮৫ ভাগত ধানখেতি কৰা হয়। সাধাৰণতে অসমত আহু, শালি আৰু বৰো- এই তিনিওটা বতৰতে ধানখেতি কৰা হয়। আমাৰ ৰাজ্যত ধানখেতিয়ে প্ৰধান খেতিৰ স্থান অধিকাৰ কৰিছে যদিও ধানৰ গড় উৎপাদন দেশৰ আন ৰাজ্যৰ তুলনাত মুঠেই সন্তোষজনক নহয়। সমীক্ষাৰ পৰা দেখা গৈছে যে ধানৰ কম উৎপাদনৰ লগত জড়িত হৈ থকা বিভিন্ন কাৰকসমূহৰ ভিতৰত অনিষ্টকাৰী কীট-পতংগৰ আক্ৰমণো এক প্ৰধান কাৰক। কঠীয়াতলীৰ পৰা আৰম্ভ কৰি ধান চপোৱালৈকে বিভিন্নধৰণৰ কীট-পতংগই ধানগছজোপাক আক্ৰমণ কৰে আৰু ফলস্বৰূপে ধানৰ উৎপাদনত ব্যাঘাত জন্মে।

অসমৰ ধানৰ প্ৰধান অনিষ্টকাৰী কীট-পতংগসমূহ হ’ল -

১)ধানৰ শোহনী পোক(Thrips)

২)ধানৰ চৰহা(Rice hispa)

৩)টুপলীকটা পোক(Rice case worm)

৪)ধানৰ পিঁয়াজী পোক(Rice gall midge)

৫)পাত মেৰিওৱা পোক(Rice leaf folder)

৬)শুঁৰ পোক(Swarming caterpiller)

৭)মজাখোৱা পোক(Rice stem boter)

৮)গান্ধীপোক(Rice bug)

৯)লেচেৰীকটা পোক(Army worm)

১০)ধানৰ পাত চগা(Leaf hopper) আৰু গছ-চগা(Plant hopper) আৰু

১১)ধানৰ কেওঁখোৱা পোক(Rice whorl maggot)

ধানৰ শোহনী পোক(Thrips):

মূল ধাননি পথাৰতকৈ কঠীয়াতলীতহে শোহনী পোকে বেছিকৈ আক্ৰমণ কৰে। কঠীয়াতলীত কঠীয়া সিঁচাৰ ১৫-২০ দিনৰ পিছত শোহনী পোকে কঠীয়াৰ কুমলীয়া পাতৰ অনিষ্ট সাধন কৰে। শোহনী পোকে ধানৰ পাতৰ আগ অংশত কণী পাৰে। কণীৰ পৰা ওলোৱা পোৱালিবিলাক প্ৰথম অৱস্থাত বৰণহীন হয়, কিন্তু দিন বাঢ়ি যোৱাৰ লগে লগে পাতল হালধীয়া পৰি এটা সময়ত শুকাই যায়। এই পতংগৰ আক্ৰমণৰ সময়ত তিতা হাতৰ তলুৱাখন কঠীয়াৰ ওপৰেদি চলাই নিলে সৰু সৰু ক’লা বৰণৰ পোকবিলাক হাতৰ তলুৱাত লাগি ধৰে। সাধাৰণতে শুকান ফৰকাল বতৰত শোহনী পোকৰ আক্ৰমণ বেছিকৈ পৰিলক্ষিত হয়। ধানৰ গেঁৰ ধৰা খোৱাৰ বাবে ধানবিলাক পতনুৱা হোৱা দেখা যায়।

২)ধানৰ চৰহা(Rice hispa):

ধানৰ মূল পথাৰত ৰোৱাৰ ২০-২৫ দিনৰ পাছত ধানৰ কুমলীয়া পাতবোৰত কিছুমান বগা আঁচ দেখা যায়। বগা আঁচ থকা পাতবিলাক ফালি চালে পাতৰ ভিতৰত সৰু সৰু কিছুমান বগা বৰণৰ চেপেটা পলু দেখা যায়। পলুৰ ঠেং নাথাকে। এই পলুবোৰে পাতৰ সিৰাৰ মাজত সোমাই থাকি পাতৰ সেউজীয়া অংশ খায়। পূণাংগ চৰহাৰ গাৰ বৰণ ক’লা, দীঘলে প্ৰায় ৫ মিলিলিটাৰ। গাত কাঁইট থাকে।

পূৰ্ণাংগ চৰহাৰো পাতৰ সেউজীয়া অংশ খায়। এই ক’লা বৰণৰ ‘চৰহা’ বা অঞ্চলবিশেষে ‘চেলেকা’ নামেৰেও জনা যায়। সাধাৰণতে মে’ মাহৰ পৰা আৰম্ভ কৰি অক্টোবৰ মাহলৈকে চৰহা পোক পথাৰত কাৰ্যক্ষম অৱস্থাত থাকে। চৰহা পোকৰ আক্ৰমণ বেছি হ’লে গোটেই পথাৰখন প্ৰথমে বগা আৰু পাছলৈ খেৰ বৰণৰ হয়। চৰহাই কাকতি ফৰিঙৰ দৰে জাকে জাকে উৰি আহি ধানৰ পথাৰত পৰি ধানৰ বিস্তৰ ক্ষতি কৰে। জাৰকালি চৰহা পোক দলনি আদিত আশ্ৰয় লৈ থাকে।

৩)টুপলীকটা পোক(Rice case worm):

ধান ৰোৱাৰ এমাহমানৰ পাছত নতুনকৈ সঁজাল ধৰা ধানৰ গছবিলাকৰ কুমলীয়া পাতবোৰৰ আগবোৰ কাটি দিয়াৰ উপৰি ধানৰ পাতৰ সেউজীয়া অংশ খাই বগা কৰি পেলায়। ধাননিডৰা ভালকৈ পৰীক্ষা কৰিলে দেখা যায় যে এই পোকৰ আগ কুটি তাৰে এটা সৰু বাহ সাজি তাৰ ভিতৰত সোমাই থাকে। পলু সোমাই থকা বাহটো সেউজীয়া হোৱাৰ বাবে সহজতে চকুত নপৰে। পথাৰত পানী থাকিলে এই বাহবোৰ পানীত ওপঙি থাকে আৰু সহজতে এজোপা গছৰ পৰা আন এজোপা গছলৈ যাব পাৰে। এই পোকৰ পূৰ্ণাংগ পখিলাবিলাক দেখিবলৈ বগা। ইহঁতৰ বগা পাখিত মটীয়া বা ক’লা বৰণৰ দাগ থাকে। সাধাৰণতে মে’ৰ পৰা নৱেম্বৰলৈকে টুপলীকটা পোকৰ আক্ৰমণ ধাননি পথাৰত দেখা যায়। বাকী সময়ছোৱাত দলনি ঠাইৰ ঘাঁহ-বনত আশ্ৰয় লৈ থাকে।

৪)ধানৰ পিঁয়াজী পোক(Rice gall midge):

ধানগছৰ গজালি ওলোৱা সময়ছোৱাই পিঁয়াজী পোকৰ আক্ৰমণৰ উত্তম সময়। সেয়েহে কঠীয়াতলী আৰু ৰোৱাধানৰ পথাৰ- এই দুয়ো ঠাইতে এই পোকৰ আক্ৰমণ দেখা যায়। ধানৰ ন-পোখা মেলাৰ সময়ত প্ৰায়ে কিছুমান সেউজীয়া পিঁয়াজৰ নলৰ দৰে পোখা দেখা যায়। এইবিলাক পোখাৰ পৰা ধানৰ থোক নোলায়। পূৰ্ণাংগ অৱস্থাৰ পিঁয়াজী পোকবিধ দেখিবলৈ মহৰ নিচিনা। মাইকী পিঁয়াজী পোকে ধানৰ নতুনকৈ ওলোৱা গজালী নতুবা পাতৰ ঠাৰি অংশত কণী পাৰে।

কণী ফুটি ওলোৱা পলুবিলাকে পাতৰ ঠাৰি ভাগত নতুবা গা-গছত বিন্ধা কৰি ভিতৰলৈ সোমাই যায় আৰু লেটা নোহোৱা পৰ্যন্ত ধানগছৰ ভিতৰৰ কোমল অংশ খায়। পলুৱে আক্ৰমণ কৰা ধানৰ গজালিবোৰ এবিধ ৰাসায়নিক পদাৰ্থৰ প্ৰক্ৰিয়াৰ বাবে পিঁয়াজৰ পাতৰ দৰে ঘূৰণীয়া হৈ ওলাই আহে। আক্ৰান্ত গছবোৰ চাপৰ হয়। সাধাৰণতে আগষ্ট মাহৰ শেসৰ ফাললৈ ৰোৱা ধাননিত এই পোকবিধৰ আক্ৰমণ বেছি হয়। ডাৱৰীয়া বতৰৰ লগতে চেগা-চোৰাকাকৈ হোৱা বৰষুণৰ সময়ত এই পতংগবিধে সহজতে বংশ বিস্তাৰ কৰে।

৫)পাত মেৰিওৱা পোক(Rice leaf folder):

টুপলীকটা পোকৰ আক্ৰমণৰ দৰেই আন এবিধ পলুৰ আক্ৰমণৰ কাৰণেও ধানৰ পাতবোৰ বগা পৰা দেখা যায়। অৱশ্যে এইক্ষেত্ৰত পাতৰ আগকটাৰ লক্ষণ দেখা পোৱা নাযায়। কিন্তু আক্ৰমণ কৰা পাতবিলাক মেৰ খাই যায়। এই মেৰবোৰ খুলি চালে প্ৰায়ে আধা ইঞ্চিমান দীঘল পাতল সেউজীয়া বৰণৰ পলু দেখা যায় আৰু ইয়াকে ‘পাত মেৰিওৱা’ বুলি কোৱা হয়। ধান ৰোৱাৰ ২০-২৫ দিনমানৰ পৰা ফুল ফুলাৰ সময়লৈকে এই পোকৰ আক্ৰমণ দেখা যায়। সাধাৰণতে এটা মেৰখোৱা পাতৰ ভিতৰত এটাহে পলু থাকে। পলুবিলাকৰ মুখৰ পৰা নিঃসৃত হোৱা এবিধ আঠাজাতীয় আঁহৰ দ্বাৰা পাতৰ দুয়োটা মূৰ লগাই চুঙাৰ দৰে কৰে আৰু তাৰ মাজত সোমাই থাকি পাতৰ সেউজীয়া অংশ খায়। আক্ৰান্ত ধানগছৰ পাতসমূহ শুকাই যোৱাৰ ফলত সালোক সংশ্লেষণত বাধাপ্ৰাপ্ত হয়, ফলত গছবিলাক বাঢ়িব নোৱাৰে। আক্ৰান্ত গছবিলাকত ভেঁকুৰ আৰু বেক্টেৰিয়াজাতীয় বেমাৰ হোৱাও দেখা যায়।

৬)শুঁৰ পোক(Swarming caterpiller):

বানপানী আক্ৰান্ত অঞ্চলত সাধাৰণতে বানপানীৰ পাছত এইবিধ পোকৰ উপদ্ৰৱ বেছি হয়। আনহাতে সিঁচি কৰা ধানৰ ক্ষেত্ৰতো এই পোকৰ আক্ৰমণ পৰিলক্ষিত হয়। শুঁৰ পোকৰ পখিলাৰ পলুবিলাক ডাঠ সেউজীয়া বৰনৰ আৰু দেহৰ উপৰিভাগত ক’লা ৰঙৰ আঁচ দেখা যায়।

দিনৰ ভাগত পলুৱে মাটিৰ তলত বা ঘাঁহবনৰ মাজত সোমাই থাকে আৰু গধূলি সময়তহে ধানগছৰ অনিষ্টসাধন কৰে। শুঁক পোকৰ পলুবোৰ এফালৰ পৰা খাই পেলায়। আক্ৰমণ কৰা গছৰ পাত গুৰিতে কাটি দিয়াৰ ফলত গছজোপা বাঢ়িব নোৱৰা হয়। এইবিধ পলুৰ আক্ৰমণ ইমান ব্যাপক ৰূপত হয় যে অতি কম সময়ৰ ভিতৰতে ইহঁতে এডৰা পথাৰৰ শস্য অনিষ্ট কৰি আন এডৰা পথাৰলৈ বগাই যায়।

৭)মজাখোৱা পোক(Rice stem boter):

মজাখোৱা পোক ধানখেতিৰ এক প্ৰধান শত্ৰু। অসমৰ প্ৰায় প্ৰতিডৰা পথাৰতে কম-বেছি পৰিমাণে মজাখোৱা পোকৰ আক্ৰমণ দেখা যায়। সাধাৰণতে ধান পথাৰত ৰোৱাৰ ৩০-৪০ দিনৰ পাছৰে পৰা মজাখোৱা পোকৰ আক্ৰমণ আৰম্ভ হয়। মজাখোৱা কেইবাবিধো আছে যদিও অসমত হালধীয়া মজাখোৱা পোকৰ আক্ৰমণেই বেছি। এই পোকৰ পখিলাই ধানৰ পাতৰ আগ অংশত কণী পাৰে। কণী ফুটি ওলোৱা পলুবোৰ ধানৰ কোমল পাতৰ ভিতৰফালৰ অংশ খায়।

এসপ্তাহমান এনেদৰে বাহিৰত খাই পলুটো ধানগছৰ ভিতৰলৈ সোমায় আৰু ভিতৰি ভিতৰি খাই তললৈ গৈ থাকে।

অসমত সাধাৰণতে মজাখোৱা পোকৰ ৫ টা জীৱনচক্ৰ পোৱা যায়। এপ্ৰিলৰ পৰা নৱেম্বৰলৈকে মজাখোৱা পোকে ধানত আক্ৰমণ কৰে। ধান দাই অনাৰ পাছত পলুবোৰ ধানৰ নৰাত থাকি যায় আৰু লাহে লাহে তললৈ গৈ মাটিৰ প্ৰায় ৩-৫ মিলিমিটাৰ তলত ধানগছৰ মূঢ়াত আশ্ৰয় লৈ থাকে।

জাৰকালি পলুবোৰ সুপ্ত অৱস্থাত থাকে। ফেব্ৰুৱাৰী মাহত তাপমাত্ৰা বাঢ়ি অহাৰ লগে লগে লেটা বান্ধে আৰু ফেব্ৰুৱাৰী মাহৰ শেষৰ পৰা পখিলা ওলাবলৈ ধৰে। এই পখিলাবোৰে আগতীয়া আহু আৰু বাওধানৰ পথাৰত কণী পাৰি প্ৰথম জীৱনচক্ৰ আৰম্ভ কৰে।

মজাখোৱা পোকৰ পলুৱে ধানগছডাল ভিতৰি ভিতৰি খাই দিয়াৰ ফলত আক্ৰান্ত গছৰ গজালি শুকাই যায় আৰু খেৰ বৰণৰ হয়। এনেকুৱা গজালিবিলাক টানি দিলে সহজে উঠি আহে। ধানৰ গেঁৰ আৰু ফুল ফুলাৰ সময়ত আক্ৰমণ কৰিলে আক্ৰান্ত গছডালত ধানৰ থোক ওলায়, কিন্তু গোটেইটো থোক পতান হয়। মজাখোৱা পোকৰ আক্ৰমণ প্ৰথম অৱস্থাত চকুত নপৰে, কিন্তু আক্ৰান্ত গছত গজালি শুকাই যোৱা বা পতনুৱা থোক হোৱাৰ পাছতহে মজাখোৱা পোকৰ আক্ৰমণ চকুত পৰে।

৮)গান্ধীপোক(Rice bug):

উচ্চ উৎপাদনক্ষম ধানৰ খেতি বাঢ়ি অহাৰ লগে লগে অসমত গান্ধী পোক ধানখেতিৰ এক প্ৰধান অনিষ্টকাৰী পতংগত পৰিণত হৈছে। গান্ধী পোকৰ বৰণ ঈষৎ সেউজীয়া আৰু ইয়াৰ গাৰ পৰা ওলোৱা উগ্ৰ গোন্ধটোৰ বাবে ধাননি পথাৰত সহজতে গান্ধী পোকৰ উপস্থিতি ধৰিব পাৰে। সাধাৰণতে ধান ফুলাৰ সময়ত গান্ধী পোক ধাননিত প্ৰৱেশ কৰে, আন সময়ত ইহঁতে ঘাঁহবনত আশ্ৰয় লৈ থাকে।

পূৰ্ণাংগ আৰু পোৱালি গান্ধী উভয়ে পোনপ্ৰথমে ধানগছৰ পাত আৰু গা-গছৰ কোষসমূহৰ ৰস শুহি খায়। ধানৰ থোক ওলোৱাৰ পাছত গাখীৰতী অৱস্থাত ধানৰ ভিতৰত থকা গাখীৰৰ দৰে বগা অংশ চুহি খায়। গান্ধী পোকে অনিষ্ট কৰা বা বিন্ধা কৰা ধানবোৰ পূৰঠ নহৈ পতান হয়।

লেচেৰীকটা পোক(Army worm):

এইবিধ পতংগৰ দৈহিক গঠন শুঁৰ পোকৰ সৈতে প্ৰায় একে। মাত্ৰ পূৰ্ণাৱস্থাপ্ৰাপ্ত পলুবোৰৰ গাত দীঘল আঁচ নাথাকে। লেচেৰীকটা পোক সাধাৰণতে অক্টোবৰ-নৱেম্বৰ মাহত ধাননি পথাৰত বেছিকৈ দেখা পোৱা যায় আৰু পলুবোৰে ধানৰ থোকবোৰ কাটে।

১০)ধানৰ পাত চগা(Leaf hopper) আৰু গছ-চগা(Plant hopper):

চগা এবিধ ধানৰ অনিষ্টকাৰী পতংগ। পাত চগাবিলাক ধানৰ ওপৰ অংশত থাকে আৰু পাতৰ পৰা ৰস শুহি খায়। গছ-চগাবিলাক ধানগছক তলৰ অংশত থাকে আৰু গা-গছৰ ৰস চুহি খায়। পাত চগাবিলাক সেউজীয়া, আনহাতে গছ চগাবিলাক বাদামী ৰঙৰ বা খেৰৰ বৰণৰ। পাত চগাৰ সেউজীয়া পাখিত দুটাকৈ ক’লা ফুট থাকে। চগাবিলাক সাধাৰণতে গোটেই বছৰ কাৰ্যক্ষম অৱস্থাত থাকে। পথাৰত ধান নথকা সময়ছোৱাত ঘাঁহবনত আশ্ৰয় লৈ থাকে।

সেউজীয়া চগাই ধানৰ পাতৰ ৰস চুহি খোৱাৰ ফলত আক্ৰান্ত পাতবোৰত বগা বগা ফোঁট পৰে। ইহঁতৰ আক্ৰমণৰ ফলত প্ৰত্যক্ষভাৱে ধানগছৰ বিশেষ ক্ষতি নহয়। কিন্তু ইহঁতে টুংগ্ৰ(Tungro), মুজুৰাপৰা(Dwarf) আদি ভাইৰাছ বেমাৰৰ বাহক হিচাপে কাম কৰি ধানখেতিৰ বিশেষ ক্ষতিসাধন কৰে। গোটেই ধানডৰা জ্বলি যোৱাৰ দৰে হয়। গা-গছ চগাই ধানৰ গা-গছৰ ৰস চুহি খোৱাৰ ফলত গছবোৰ মৰি যায়। আক্ৰমণ বেছি হ’লে গোটেই ধানডৰা জ্বলি যোৱাৰ দৰে হয়। গা-গছ চগাই ধানৰ গ্ৰাছী ষ্টান্ট(grassy stant) নামৰ ভাইৰাছ বেমাৰ বিয়পায়।

সাধাৰণতে ৰোৱা ধানতকৈ সিঁচা ধানত চগা পোকৰ আক্ৰমণ বেছি হয়। ৰোৱা ধানৰ ক্ষেত্ৰতো ঘনকৈ ৰুলে আক্ৰমণ বেছি হয়। আনহাতে ধাননি পথাৰত নাইট্ৰ’জেনযুক্ত সাৰৰ মাত্ৰা বেছি হ’লে চগাৰ আক্ৰমণ বেছি হয়।

১১)ধানৰ কেওঁখোৱা পোক(Rice whorl maggot):

ই এবিধ সৰু মাখিজাতীয় পতংগ।  গাৰ ৰং ধোঁৱাবৰণীয়া। এই পতংগই ধানৰ কুমলীয়া পাতত কণী পাৰে। কণীৰ পৰা ওলোৱা পলুৱে ধানৰ কোঁহটো খায়, ফলত কুমলীয়া কোঁহৰ আগটো ছিঙি যায় আৰু পাত ওলোৱাৰ আগতেই নষ্ট হৈ যায়। সাধাৰণতে কুমলীয়া ৰোৱা ধানত এই পোকে বেছিকৈ আক্ৰমণ কৰে।

নিয়ন্ত্ৰণৰ ব্যৱস্থাৱলী -

ধানৰ অনিষ্টকাৰী কীট-পতংগসমূহ নিয়ন্ত্ৰণৰ বাবে সমন্বিত কীট-পতংগ নিয়ন্ত্ৰণ ব্যৱস্থা অৱলম্বন কৰাটো অতি ফলপ্ৰসূ। নিম্নোল্লিখিত ব্যৱস্থাসমূহ অৱলম্বন কৰি ধানৰ অনিষ্টকাৰী পতংগসমূহ নিয়ন্ত্ৰণ কৰিব পাৰি।

*ধান চপোৱাৰ পাছতে ধানৰ নৰাবোৰ গুৰিতে কাটি মাটিডৰা ৰ’দৰ বতৰত হাল বাই থ’লে মজাখোৱা পোকৰ আক্ৰমণ পাছৰ খেতিত কম হয়। যিহেতু মজাখোৱা পোকৰ শেষৰ বংশটো ধানৰ নৰাৰ মাজত আশ্ৰয় লৈ থাকে, বহুক্ষেত্ৰত ধান চপোৱাৰ পাছত পথাৰত জুই দি নৰাবিলাক জ্বলাই দিলেও মজাখোৱা পোক নিয়ন্ত্ৰণ হয়। অৱশ্যে এনে ব্যৱস্থাবিলাক এখন পথাৰ বা ওচৰা-উচৰিকৈ থকা পথাৰৰ সকলোৱে কৰা প্ৰয়োজনীয়, অন্যথা ইয়াৰ দ্বাৰা লাভৱান হ’ব পৰা নাযায়।

*মূল পথাৰত ধান ৰোৱাৰ পূৰ্বে মাটিডৰা অতি কমেও ৪-৫ বাৰ ভালকৈ চহাব লাগে। ই বন-বাত নিয়ন্ত্ৰণত সহায় কৰাৰ উপৰি অনিষ্টকাৰী কীট-পতংগৰ বংশবৃদ্ধিত বাধা দিয়ে।

*পতংগৰ আক্ৰমণ প্ৰতিৰোধ কৰিব পৰা বা অনিষ্ট কম হোৱা ধানৰ সঁচ ব্যৱহাৰ কৰিব লাগে। যেনে- মজাখোৱা পোকৰ বাবে ‘ৰঞ্জিত’।

*কঠীয়াতলীত কঠীয়া তোলাৰ ৫-৭ দিন আগতে কঠীয়াতলীৰ প্ৰতি বৰ্গমিটাৰত ৩ গ্ৰাম কাৰ্বফুৰাণ ৩ জি বা ১ গ্ৰাম ফৰেন্ট ১০ জি দানাদাৰ ঔষধ ব্যৱহাৰ কৰিব লাগে। এনে ব্যৱস্থাৰ ফলত ধান ৰোৱাৰ পাছত এমাহমানলৈকে মজাখোৱা, চৰহা, পিঁয়াজী, টুপলীকটা আদি পোকৰ আক্ৰমণ কম হয়।

*মূল পথাৰত ধান ৰোৱাৰ পূৰ্বে কঠীয়াৰ পাতৰ আগবোৰ কাটি পুতি পেলাব লাগে। এনে কৰিলে মজাখোৱা, চৰহা, টুপলীকটা, পাত মেৰিওৱা আদি পোক কঠীয়াতলীৰ পৰা ৰোৱাতলীলৈ কম বিস্তাৰিত হয়। সাধাৰণতে এই পোকসমূহে পাতৰ আগত কণী পাৰে।

*সময়মতে অৰ্থাৎ জুলাই মাহৰ ভিতৰত ধান ৰুলে মজাখোৱা আৰু পিঁয়জী পোকৰ আক্ৰমণ হ্ৰাস পায়।

*নিৰ্ধাৰিত পৰিমাণৰ গোছা পথাৰত শাৰী-শাৰীকৈ ৰুব লাগে। এনে কৰিলে কীট-পতংগ নিয়ন্ত্ৰণ হয়, বন-বাত চিকুণাবলৈ সুবিধা হয় আৰু উৎপাদনো বাঢ়ে।

*প্ৰয়োজনীয় সাৰ-জাবৰ সুষম হাৰত(NPK) প্ৰয়োগ কৰিব লাগে। এনে কৰিলে শস্যৰ উৎপাদন বৃদ্ধি পোৱাৰ উপৰি শস্যৰ কীট-পতংগৰ আক্ৰমণ প্ৰতিৰোধ কৰাৰ ক্ষমতা বাঢ়ে। বিশেষকৈ নাইট্ৰ’জেনযুক্ত সাৰ(ইউৰীয়া) ২-৩ বাৰত ভাগ কৰি ধানত প্ৰয়োগ কৰিলে কীট-পতংগ নিয়ন্ত্ৰণত সহায়ক হয়।

*কীট-পতংগৰ আক্ৰমণ আৰম্ভণিতে ধৰা পেলাবৰ বাবে সঘনাই পথাৰখন পৰিদৰ্শন অতি আৱশ্যক। ইয়াৰ ফলত উপযুক্ত সময়ত নিয়ন্ত্ৰণ ব্যৱস্থা ল’ব পৰা যায়। এইক্ষেত্ৰত ফেৰমেন ট্ৰেপৰ ব্যৱহাৰ নিয়ন্ত্ৰণৰ বাবে বিশেষ লাভদায়ক।

*জৈৱিক নিয়ন্ত্ৰণৰ্ম ব্যৱস্থা হিচাপে বিউভেৰিয়া বেছিয়ানা নামৰ ভেঁকুৰবিধ চৰহা পোক নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা হয়। প্ৰতি ৪০০-৭০০ লিটাৰ পানীৰ লগত তিনি কিলোগ্ৰাম উক্ত ভেঁকুৰ মিহলি কৰি প্ৰায় ৭ বিঘা মাটিত(এক হেক্টৰ) স্প্ৰে’ কৰিব পাৰি।

*কণী পৰজীৱীকৰণ পৰজীৱী পতংগ ‘ট্ৰাইক’গ্ৰামা জেপনিকাম’ ব্যৱহাৰৰ দ্বাৰা ধানৰ মজাখোৱা, পাত মেৰিওৱা পোক নিয়ন্ত্ৰণ কৰিব পাৰি। তাৰ কাৰণে প্ৰতি বিঘা মাটিৰ বাবে ট্ৰাইক’গ্ৰামা ১০,০০০ কৈ প্ৰয়োগ কৰিব লাগে। সাধাৰণতে ধাননি পথাৰত ট্ৰাইক’গ্ৰামা ৩-৪ বাৰ সপ্তাহৰ মূৰে মূৰে প্ৰয়োগ কৰিব লাগে।

*পথাৰত অনিষ্টকাৰী পোকৰ সংখ্যা বাঢ়ি আৰ্থিকভাৱে শস্যৰ হানি কৰিব পৰা অৱস্থা পালেহে কীটনাশক ঔষধৰ ব্যৱহাৰ কৰিব লাগে। নিম্নোল্লিখিত তালিকাত ইয়াৰ বিৱৰণ দিয়া হৈছে-

তালিকা নং-১: অনিষ্টকাৰী কীট-পতংগৰ অৰ্থনৈতিক ক্ষতিৰ সীমাৰেখা:

 

পতংগ

সংখ্যা

মজাখোৱা

প্ৰতি বৰ্গমিটাৰত ১টা পখিলা বা ১ যোৰ কণী

চৰহা

প্ৰতি গোছাত এটা চৰহা বা এখিলা আক্ৰান্ত পাত

টুপলীকটা

প্ৰতি গোছাত এটা টুপলী

পাত মেৰিওৱা

প্ৰতি গোছাত এটাতকৈ বেছি মেৰখোৱা পাত

পিঁয়াজী

প্ৰতি বৰ্গমিটাৰত এটাকৈ পিঁয়াজী পোখা

গান্ধী

প্ৰতি বৰ্গমিটাৰত ২ টা গান্ধী

 

তালিকা নং ২: ধানৰ অনিষ্টকাৰী পতংগ নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা কীটনাশক ঔষধ:

 

ঔষধৰ নাম

পৰিমাণ

পতংগৰ নাম

১)ক্লৰ’পাইৰিপছ ২০ ই চি

১ চাম চামুচ/৫ লিটাৰ পানীৰ লগত মিহলাই

মজাখোৱা চৰহা, শোহনী পোক, পিঁয়াজী পোক, টুপলীকটা পাত মেৰিওৱা

২)মন’ক্ৰটফছ ৩৬ ই চি

২ চাহ চামুচ/৫ লিটাৰ পানীৰ লগত

মজাখোৱা চৰহা, শোহনী পোক, পিঁয়াজী পোক, টুপলীকটা পাত মেৰিওৱা

৩)কুইনালফছ ২৫ ই চি

২ চাহ চামুচ/৫ লিটাৰ পানীৰ লগত

মজাখোৱা, চৰহা, টুপলীকটা

৪)মালাথিয়ন পাউডাৰ ৫%

৪ কিলোগ্ৰাম প্ৰতি বিঘাত

গান্ধী পোক, শুঁৰ পোক

৫)কাৰ্বফুৰাণ ৩ জি

২ কিলোগ্ৰাম প্ৰতি বিঘাত

মজাখোৱা, চৰহা, পিঁয়াজী পোক

 

ঘেঁহুৰ অনিষ্টকাৰী কীট-পতংগ(Insect pests of Wheat)-

অসমতৰ পথাৰত ঘেঁহু শস্যৰ অনিষ্টকাৰী কীট-পতংগৰ সংখ্যা কম। মজাখোৱা পোক(stem borer) আৰু মোৱা পোকেই(wheat aphid) ঘেঁহুৰ মুখ্য অনিষ্টকাৰী পতংগ।

১)ৰঙচুৱা মজাখোৱা পোক(Stem borer):

এইবিধ মজাখোৱা পোকে ঘেঁহুৰ উপৰি ধান, গোমধান, কুঁহিয়াৰ আদি শস্যৰ অনিষ্ট কৰে। নৱেম্বৰ-ডিচেম্বৰ মাহত ধান কতাৰ পাছত মাইকী মজাখোৱা পোকে ধানৰ পৰা আহি ঘেঁহুধানৰ পাত বা গা-গছত কণী ফুটি ওলোৱা পলুবোৰে গ-গছত সৰু সৰু ফুটা কৰি ভিতৰলৈ সোমাই গৈ গা-গছৰ ভিতৰৰ কোমল মজ্জা খাই নষ্ট কৰাৰ ফলত গছৰ কুমলীয়া সেউজীয়া পাত প্ৰথমে হালধীয়া হৈ পাছলৈ শুকাই যায়। পৈনত গছত মজাখোৱা পোকে আক্ৰমণ নকৰে। আনহাতে ফুল ফুলাৰ সময়ত আক্ৰমণ কৰিলে ঘেঁহুৰ থোকত বীজৰ সংখ্যা প্ৰচুৰ পৰিমাণে কমি যায়।

২)ঘেঁহুৰ মোৱা পোক(Wheat aphid):

অসমত মোৱা পোক ঘেঁহুৰ এক প্ৰধান শত্ৰু। মোৱা পোক দেখাত সেউজীয়া আৰু উৰহৰ আকৃতিৰ। সাধাৰণতে মোৱা পোক পাখিবিহীন। গ্ৰীষ্মকালতহে ইহঁতৰ পাখি গজে। মোৱা পোকে বৃহৎ সংখ্যাত ঘেঁহুৰ কোমল পাত আৰু ঘেঁহু থোকৰ গাখীৰতী অৱস্থাত ৰস শুহি খায়।

ইয়াৰ ফলত ঘেঁহুৰ উৎপাদনত প্ৰভাৱ পৰে। সাধাৰণতে ডাৱৰীয়া আৰু ঠাণ্ডা বতৰত মোৱা পোকৰ আক্ৰমণ বেছিকৈ হোৱা দেখা যায়। বেছিকৈ জীপ থকা মাটিত নাইট্ৰ’জেনযুক্ত সাৰৰ প্ৰয়োগ বেছি হ’লে পথাৰত মোৱা পোকৰ দ্বাৰা ঘেঁহুখেতিৰ অশেষ ক্ষতি হোৱা দেখা যায়।

ওপৰত উল্লিখিত ঘেঁহুৰ দুটা প্ৰধান কীট-পতংগৰ উপৰি ঘেঁহুৰ পথাৰত সাধাৰণতে মাটিৰ তলত থকা আন দুটা পতংগ সততে দেখা পোৱা যায়-

৩)উঁই(Termite):

উঁই মাটিৰ তলত থাকে। উঁয়ে ঘেঁহুৰ গজালি ধৰা বা বাঢ়ি অহা অৱস্থাত আক্ৰমণ কৰে। ফলস্বৰূপে গছবোৰ প্ৰথমে শুকাবলৈ ধৰে আৰু শেষত সৰি যায়।

৪)উঁইচিৰিঙা(Field Cricket):

উঁই চিৰিঙাই ৰাতি ঘেঁহুৰ পুলিবোৰ গুৰিতে কাটি শস্যৰ অশেষ শতিসাধন কৰে।

ঘেঁহুৰ অনিষ্টকাৰী কীট-পতংগ নিয়ন্ত্ৰণৰ ব্যৱস্থা:

১)মাটিত উঁই বা উঁইচিৰিঙা থকাৰ প্ৰমাণ পালে গুটি সিঁচাৰ পূৰ্বে মালাথিয়ন ৫ শতাংশ ঔষধৰ গুড়ি হেক্টৰে প্ৰতি ২৫-৩০ কিলোগ্ৰাম চটিয়াব লাগে। গুটিৰ পৰা গজালি ওলাই পুলি হোৱাৰ পাছতো পোকৰ আক্ৰমণ পৰিলক্ষিত হ’লে ক্ল’ৰপাইৰিফছ ২০ ই চি ঔষধৰ ২ মিলিলিটাৰ ১ লিটাৰ পানীত(২ চাহ চামুচ ৫ লিটাৰ পানীত) মিহলাই ছটিয়াব লাগে।

২)উঁই বা উঁইচিৰিঙা থকা পথাৰত, বিশেষকৈ পচনসাৰ বা আধাশুকান গোবৰ ব্যৱহাৰ কৰিব নালাগে।

৩)মজাখোৱা আৰু মোৱা পোকৰ আক্ৰমণ বেছি হ’লে ক্ল’ৰ’পাইৰিফছ ২০ ই চি ঔষধৰ ২ মিলিলিটাৰ বা মালাথিয়ন প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে। প্ৰথমবাৰ ঔষধ ব্যৱহাৰ কৰাৰ ১০-১৫ দিনৰ ভিতৰত পুনৰ দ্বিতীয়বাৰ স্প্ৰে’ কৰিব লাগে। পৰাপক্ষত একেটা ঔষধকে ব্যৱহাৰ নকৰি সালসলনি কৰিলে ভাল ফল পোৱা যায়।

গোমধানৰ অনিষ্টকাৰী পতংগ(Insect pests of maize) -

গোমধানৰ খেতি অসমৰ বহু অঞ্চলতে বৰ্তমান ব্যৱসায়িক ভিত্তিত কৰা হয়। এইবিধ শস্যত কীট-পতংগৰ আক্ৰমণ বৰ বেছিকৈ হোৱা দেখা নাযায়। তথাপি গোমধানক অনিষ্ট কৰা মুখ্য কীট-পতংগকেইটা হ’ল-

১)গোমধানৰ গা-গছ বিন্ধোৱা পোক(Maize stegm borer):

এই পোকবিধ গোমধানৰ প্ৰধান অনিষ্টকাৰী পতংগ। মাৰ্চ মাহৰ পৰা অক্টোবৰ মাহৰ ভিতৰত এইবিধ পতংগৰ আক্ৰমণ বেছিকৈ হোৱা পৰিলক্ষিত হয়।

মাইকী পখিলাই পাতৰ তলফালে কণী পাৰে। কণী ফুটি ওলোৱা পলুবিলাকে প্ৰথমে পত্ৰচক্ৰৰ মাজৰ কুমলীয়া পাতত ফুটা কৰি খায় আৰু তাৰ পাছত গা-গছত বিন্ধা কৰি ভিতৰলৈ সোমাই গৈ গা-গছৰ কোমল মজ্জা খাই তললৈ গৈ থাকে আৰু আক্ৰমণৰ ফলত ধানত হোৱাৰ দৰে গোমধানৰো পত্ৰচক্ৰৰ মাজত থকা পাতৰ নতুন কোঁহটো শুকাই আহে আৰু দেখিবলৈ খেৰ বৰণৰ হয়। বহুক্ষেত্ৰত গা-গছ বিন্ধোৱা পোকে গোমধানৰ গুটিবোৰ খোৱা দেখা যায়।

২)গোমধানৰ মোৱা পোক(Maize aphid):

গোমধানৰ মোৱা পোকে সাধাৰণতে গোমধানৰ ফুলৰ ঠাৰিডালত আক্ৰমণ কৰেগ। ঠাৰিডালত মোৱা পোকবোৰ থুপ খাই লাগি থাকি ঠাৰিৰ ৰস চুহি খায়।

গোমধান অনিষ্টকাৰী কীট-পতংগ নিয়ন্ত্ৰণৰ ব্যৱস্থা:

১)গোমধানৰ শস্য চপোৱাৰ পাছত গছবিলাক পুৰি পেলাব লাগে। আনহাতে শস্য চপোৱাৰ পাছত পথাৰখন হাল বাই তলৰ মাটি ওপৰ কৰি দিলে গছ আৰু মূঢ়াত থাকি যোৱা গা-গছ বিন্ধোৱা পোকৰ পলুবিলাক বহু কাৰণৰ বাবে মৰি যায় আৰু ফলস্বৰূপে পিছৰ বছৰত আক্ৰমণ কম হোৱা দেখা যায়।

২)পথাৰত গা-গছ বিন্ধোৱা পোকে আক্ৰমণ কৰা আক্ৰান্ত গছবোৰ উভালি, পুতি বা পুৰি পেলালেও এই পতংগৰ বংশ বৃদ্ধি হ’ব নোৱাৰে।

৩)কীট-পতংগৰ আক্ৰমণ প্ৰতিৰোধ কৰিব পৰা উচ্চ উৎপাদনক্ষম গোমধানৰ বীজ ব্যৱহাৰ কৰিব লাগে।

৪)খাৰিফ শস্য হিচাপে কৰাতকৈ ৰবি শস্য হিচাপে গোমধানৰ খেতি কৰিব পাৰিলে ভাল। কাৰণ ৰবিশস্য হিচাপে কৰা খেতিত কীট-পতংগৰ আক্ৰমণ কম হয়হ।

৫)গা-গছ বিন্ধোৱা পোকৰ আক্ৰমণ চকুত পৰিলেই হেক্টৰে প্ৰতি ৫০,০০০ কৈ ট্ৰাইক’গ্ৰামা কাইলনিছ নামৰ কণী পৰজীৱীকৰণ পতংগবিধ পথাৰত মেলি দিব লাগে। প্ৰতিসপ্তাহৰ মূৰে মূৰে ৩ৰ পৰা ৪ বাৰ উক্ত পৰজীৱী পতংগবিধ শস্যৰ পথাৰত মেলিলে গা-গছ বিন্ধোৱা পোকৰ কণীসমূহ ধ্বংস কৰি বংশ বৃদ্ধি হোৱাত ব্যাঘাত জন্মায়।

৬)শস্যক্ৰম আঁচনিৰ অধীনত দুটা গোমধানৰ খেতিৰ মাজত ভেণ্ডি, কবি, বেঙেনা, মাহজাতীয় শস্যৰ খেতি কৰি অনিষ্টকাৰী কীট-পতংগৰ সংখ্যা হ্ৰাস কৰিব পৰা যায়।

৭)ইয়াৰ উপৰি, খেতিৰ সময়ত কীট-পতংগৰ আক্ৰমণ বেছি হ’লে মন’ক্ৰট’ফ’ছ ৩০ ই চি ঔষধৰ ১.৫ মিলিলিটাৰ বা ফেনভালাৰেট ২০ ই চি ঔষধৰ ২ মিলিলিটাৰ প্ৰতিলিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগেফ। প্ৰথমবাৰ ঔষধ স্প্ৰে’ কৰাৰ পাছত পুনৰ ১০ দিনৰ পাছত দ্বিতীয়বাৰ স্প্ৰে’ কৰিব লাগে।

কুঁহিয়াৰৰ অনিষ্টকাৰী পতংগ(Insect pests of Sugarcane):

অসমৰ জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি নানাধৰণৰ কীট-পতংগই কুঁহিয়াৰ শস্যক আক্ৰমণ কৰে। কুঁহিয়াৰৰ প্ৰধান অনিষ্টকাৰী কীট-পতংগৰ ভিতৰত আছে-

১)কুঁহিয়াৰৰ আগ বিন্ধোৱা পোক(Sugarcane top borer),

২)কুঁহিয়াৰৰ গা-গছ বিন্ধোৱা পোক(Sugarcane shoot borer),

৩)কুঁহিয়াৰৰ মাজখোৱা পোক(Sugarcane plassy borer),

৪)কুঁহিয়াৰৰ কপাহী মোৱা(Sugarcane wolly aphid),

৫)কুঁহিয়াৰৰ কপাহী পোক(Sugarcane mealy bug),

৬)উঁই পোক(Termite)।

কুঁহিয়াৰৰ আগ বিন্ধোৱা, গা-গছ বিন্ধোৱা আৰু মজাখোৱা- এই তিনিওবিধ পতংগ কুঁহিয়াৰতলীত মাৰ্চ মাহৰ পৰা নৱেম্বৰ মাহলৈকে সক্ৰিয় হৈ থাকি কুঁহিয়াৰ শস্যক আক্ৰমণ কৰে। নতুনকৈ ৰোৱা আৰু মূঢ়া কুঁহিয়াৰত নতুনকৈ ওলোৱা গজালিত আগ বিন্ধোৱা পোক আৰু গা-গছ বিন্ধোৱা পোকৰ আক্ৰমণ হ’লে কুমলীয়া গছৰ পত্ৰচক্ৰৰ কুণ্ডলীৰ নতুনকৈ ওলাই অহা পাতৰ ঠাৰিডাল মৰি যায়। ইয়াকে কুঁহিয়াৰৰ ‘কোঁহ পচা’ বুলি কোৱা হয়।

অৱশ্যে দুয়োবিধ পতংগৰে কুঁহিয়াৰ শস্যত কৰা অনিষ্টসাধনৰ প্ৰক্ৰিয়া বেলেগ বেলেগ। আগ বিন্ধোৱা দুয়োবিধ পলুৱে কুঁহিয়াৰৰ পাতৰ মধ্যসিৰাত ফুটা কৰি সিৰাৰ ভিতৰেদি গৈ পত্ৰচক্ৰৰ নতুন পাতৰ কোঁহৰ কুমলীয়া ঠাৰিডাল খায়। আনহাতে গা-গছ বিন্ধোৱাৰ ক্ষেত্ৰত এই পতংগৰ পলুৱে কুমলীয়া গছৰ গুৰি অংশত ফুটা কৰি গছৰ ভিতৰেদি গৈ পত্ৰচক্ৰৰ নতুন পাতৰ কোঁহৰ ঠাৰিত আক্ৰমণ কৰে। দুয়োবিধ পোকৰ ক্ষেত্ৰতে সেয়েহে গছৰ কোঁহ পচি যোৱা দেখা যায়। কিন্তু পৈণত গছত আক্ৰমণ কৰিলে গছৰ আগটো মৰি নাযায় যদিও কুঁহিয়াৰৰ পাববিলাকৰ যথেষ্ট অনিষ্ট হয়।

অসমৰ কুঁহিয়াৰতলীৰ মজাখোৱা পোক এক প্ৰধান শত্ৰু। সাধাৰণতে এপ্ৰিল, মে’, জুন, জুলাই আৰু আগষ্ট মাহত এই পোকৰ আক্ৰমণ সৰ্বাধিক হয়। ইয়াৰ আক্ৰমণক দুটা অৱস্থা, যথাক্ৰমে আদি আৰু দ্বিতীয় হিচাপে ভাগ কৰিব পাৰি। কণী ফুটি ওলোৱা পলুবিলাকে কুমলীয়া গছৰ গা-গছত ফুটা কৰি ভিতৰলৈ সোমাই গৈ কুঁহিয়াৰৰ মজ্জা অংশ সম্পূৰ্ণৰূপে খাই নষ্ট কৰি দিয়াৰ বাবে গোটেই গছজোপা শুকাই মৰি যোৱা দেখা যায়, ইয়াক আদি অৱস্থা বুলি কোৱা হয়।

এই অৱস্থাত একেজোপা গছতেই ৫০ৰ পৰা ১০০ লৈকে পলু পোৱা যায়। পৈণত অৰ্থাৎ পাব ধৰিবলৈ আৰম্ভ কৰা গছত মজাখোৱা পোকে আক্ৰমণ কৰিলে গছজোপা মৰি নাযায় কিন্তু অনিষ্ট কৰা পাবটোৰ গাঁঠিৰ পৰা চুলিৰ নিচিনা শিপা ওলায়। লগতে আক্ৰান্ত গছৰ কোঁহটো শুকাই যায়। ইয়াক পলুৰ আক্ৰমণৰ দ্বিতীয় অৱস্থা বুলি কোৱা হয়। সাধাৰণতে মজাখোৱা পোকৰ আক্ৰমণৰ বাবে পৈণত কুঁহিয়াৰৰ পাবসমূহত বহুতো ফুটা দেখা যায় আৰু পাবসমূহ সম্পূৰ্ণৰূপে নষ্ট হৈ যায়। এনেক্ষেত্ৰত কুঁহিয়াৰৰ উৎপাদন আশা কৰিব নোৱাৰি।

কুঁহিয়াৰৰ কপাহী মোৱা পোকৰ গাটো কপাহৰ নিচিনা এবিধ বগা পদাৰ্থৰে ঢাক খাই থাকে। এই সৰু সৰু ওকণীৰ নিচিনা পোকবোৰে পাতৰ দুয়োকাষে থোপা পাতি থাকি পাতৰ ৰস শুহি খায়। ইহঁতৰ আক্ৰমণৰ ফলত গছৰ পাতত ক’লা ভেঁকুৰৰ উৎপন্ন হয় আৰু সালোক সংশ্লেষণত বাধা দিয়ে। অক্টোবৰ মাহৰ পৰা ডিচেম্বৰ মাহলৈকে এই পোকৰ আক্ৰমণ খুব বেছি হয়। আনহাতে কুঁহিয়াৰৰ কপাহী পোকবিধ সাধাৰণতে পাতৰ ঠাৰি আৰু পাবৰ সংযোগস্থলত পোৱা যায়।

এই পোকৰ দেহৰ গঠন চেপেটা আৰু গাটো বগা বৰণৰ এবিধ পদাৰ্থই আগুৰি থাকে। এই পোকৰ আক্ৰমণ বেছিকৈ হ’লে গছৰ সেউজীগ্যা বৰণটো লাহে লাহে ঢেলা হৈ পৰে, পাতবিলাক লেৰেলি যায়। পুলি অৱস্থাত পোকৰ আক্ৰমণৰ বাবে গোটেই গছজোপাই মৰি যায়। নতুনকৈ ৰোৱা কুঁহিয়াৰতকৈ মূঢ়া কুঁহিয়াৰত(Ratoon) এই পোকৰ আক্ৰমণ বেছিকৈ হোৱা দেখা যায়। কপাহী পোকে পাত আৰু গা-গছৰ ৰস শুহি যায়।

অসমৰ কুঁহিয়াৰতলীৰ উঁই পোক এবিধ প্ৰধান শত্ৰু। জীপ নথকা শুকান মাটিত উঁই পোকৰ আক্ৰমণ বেছিকৈ হয়। নতুনকৈ ৰোৱা কুঁহিয়াৰৰ গজালি ওলালেই গজালিৰ কোমল মঙহাল অংশ খাই দিয়ে। আনহাতে গজালি ওলোৱাৰ আগতেই কুঁহিয়াৰৰ আগৰ ভিতৰৰ শাহখিনি খাই পেলোৱাৰ ফলত বহু সময়ত কেৱল মাথোঁ বাকলিহে থাকে আৰু সেই আগৰ পৰা গজালি নোলায়। গজালি ওলোৱাৰ পাছত আক্ৰমণ কৰিলে গোটেই গছজোপা শুকাই যায়। উঁই পোকে পৈনত গছৰ শিপাৰো যথেষ্ট ক্ষতি কৰে। এপ্ৰিলৰ পৰা মে’-জুনমানলৈ এই পোকৰ আক্ৰমণ বেছি হয়।

নিয়ন্ত্ৰণৰ ব্যৱস্থা:

কুঁহিয়াৰতলীত আগতীয়াকৈ কিছুমান সাৱধানতা অৱলম্বন কৰিলে অনিষ্টকাৰী কীট-পতংগসমূহ বহু পৰিমাণে প্ৰাথমিক অৱস্থাতে নিয়ন্ত্ৰণ কৰিব পাৰি।

১)উন্নত জাতৰ কীট-পতংগ প্ৰতগ্ৰোধ কৰিব পৰা সঁচ ব্যৱহাৰ কৰিব লাগে।

২)আগতীয়াকৈ মাৰ্চ মাহৰ ভিতৰত কুঁহিয়াৰ ৰুব পাৰিলে কীত-পতংগৰ আক্ৰমণ কম হয়।

৩)কুঁহিয়াৰতলীত দিবলগীয়া পচনসাৰ আৰু ৰাসায়নিক সাৰ সঠিন অনুপাতত আৰু সঠিক সময়ত প্ৰয়োগ কৰিলে মজাখোৱা পোকৰ আক্ৰমণ কম হয়।

৪)নতুনকৈ কৰা কুঁহিয়াতলীত ওচৰে-পাঁজৰে থকা মূঢ়া কুঁহিয়াৰৰ খেতিডৰা আগধৰি চাফ-চিকুণ কৰি ৰাখিব লাগে। কাৰণ মূঢ়া কুঁহিয়াৰত বহুতো অনিষ্টকাৰী পতংগই আশ্ৰয় লৈ থাকে।

৫)উঁই পোকৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ কুঁহিয়াৰ ৰোৱাৰ পূৰ্বে মাটিডৰাত বিঘাই প্ৰতি ৪ কিলোগ্ৰাম বি এইচ চি ১০ শতাংশ ঔষধ নাইবা মালাথিয়ন ৫ শতাংশ ঔষধৰ ৪ কিলোগ্ৰাম নাইবা এলড্ৰেক্স ৫ শতাংশ ঔষধৰ ৬ কিলোগ্ৰাম প্ৰয়োগ কৰি ল’ব লাগে।

৬)কুঁহিয়াৰ ৰোৱাৰ ৩৫-৪৫ দিনৰ ভিতৰত কুঁহিয়াৰৰ নতুনকৈ ওলোৱা গজালিবিলাকৰ গুৰিত মাটি চপাই দিব লাগে। এনে কৰিলে কুঁহিয়াৰৰ গা-গছ বিন্ধোৱা পোকে আক্ৰমণ কৰিব নোৱাৰে। কাৰণ কুঁহিয়াৰৰ গা-গছ বিন্ধা পোকে কুঁহিয়াৰৰ গুৰি অংশত ফুটা কৰি গা-গছৰ ভিতৰলৈ সোমাই যায়। প্ৰথমবাৰ মাটি চপোৱাৰ পাছত পুনৰ ৬০-৭০ দিনৰ ভিতৰত দ্বিতীয়বাৰ মাটি চপাব লাগে।

৭)কুঁহিয়াৰৰ পাতত থকা আগবিন্ধা, গা-গছ বিন্ধোৱা আৰু মজাখোৱা পোকৰ কণীসমূহ নষ্ট কৰিবৰ বাবে এবিধ কণী পৰজীৱীকৰণ পতংগৰ কণী কুঁহিয়াৰতলীত প্ৰয়োগ কৰা হয়। এই কণী পৰজীৱীকৰণ পতংগবিধৰ নাম ট্ৰাইক’গ্ৰামা কাইলনিছ। এপ্ৰিল মাহৰ পৰা আৰম্ভ কৰি অক্টোবৰ মাহলৈকে বিঘাই প্ৰতি প্ৰতিসপ্তাহৰ মূৰে মূৰে ১০ হেজাৰকৈ ট্ৰাইক’গ্ৰামা কাইলনিছ কুঁহিয়াৰতলীত প্ৰয়োগ কৰিলে গা-গছ বিন্ধোৱা আৰু মজাখোৱা পোক দুবিধক তলীতে নিয়ন্ত্ৰণ কৰিব পাৰি।

৮)ৰাসায়নিক ঔষধ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত কুঁহিয়াৰ শস্যৰ কাৰণে এখন দিনপঞ্জী যুগুত কৰি ভাল। কুঁহিয়াৰ আগবিন্ধা, গা-গছ বিন্ধা, বা মজাখোৱা পোকৰ আক্ৰমণ চকুত পৰিলে প্ৰতিৰোধক হিচাপে ফ’ছফামিদন ১০০ ই চি চাহ চামুচ(৫ মিলিলিটাৰ) ১০ লিটাৰ পানীত মিহলাই বা এণ্ড’ছালফান ৩৫ ই চি ২ চাহ চামুহ ১০ লিটাৰ পানীত মিহলাই কুঁহিয়াৰতলীত প্ৰয়োগ কৰিব লাগে। ঠিক এইদৰে পুনৰ ১০-১৫ দিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে প্ৰয়োগ কৰিব লাগে। উক্ত ৰাসায়নিক ঔষধসমূহ কপাহী পোক আৰু কপাহী মোৱাৰ ক্ষেত্ৰতো প্ৰয়োগ কৰি সুফল পাব পাৰি।

মাহজাতীয় শস্যৰ অনিষ্টকাৰী পতংগ:

গ্ৰীষ্মকালীন মাহশস্যৰ ভিতৰত অসমত মাটিমাহ, মগুমাহ, মচুৰমাহ, ৰহৰমাহ আৰু চয়াবীনৰ খেতি কৰা হয়।

মাহশস্যকেইবিধৰ লগত জড়িত হৈ থকা অনিষ্টকাৰী কীট-পতংগসমূহ হ’ল -

১)পাত গুবৰুৱা(Flea beetle)

২)পাত শোহনী পোক(Leaf hopper)

৩)বগা মাখি(White fly)

৪)কৰিড গান্ধী(Corid bug)

৫)মোৱা পোক(Aphid)

৬)ছেঁই বিন্ধা পোক(pod borer) আৰু

৭)বিছা(Bihar hairy caterpillar)

সকলো মাহশস্যৰ ছেঁই ধৰাৰ পূৰ্বে পাত গুবৰুৱা পোকে আক্ৰমণ কৰে। সাধাৰণতে দিনৰ ভাগতকৈ ৰাতিপুৱা, সন্ধিয়া আৰু ৰাতিৰ ভাগত এই পোকে শস্যৰ কুমলীয়া পাতত সৰু সৰু ফুটা কৰি খায়। আনহাতে পাত শোহনী পোক আৰু বগা মাখিয়ে মাটিমাহ, মগুমাহ আৰু ৰহৰমাহৰ বিস্তৰ ক্ষতি কৰে। পৈণত আৰু অপৈণত উভয় অৱস্থাৰ পতংগই শস্যৰ কুমলীয়া পাতৰ ৰস শুহি খোৱাৰ ফলত পাতবিলাক ৰঙচুৱা হৈ গছৰ বৃদ্ধিত বাধা দিয়ে। ইয়াৰ উপৰি শস্যৰ হালধীয়া ভাইৰাছ বেমাৰবিধৰ বীজাণু বগা মাখিয়ে বহন কৰে।

বিছাজাতীয় পোকৰ পলুৱে প্ৰথমাৱস্থাত দল বান্ধি পাতৰ সেউজীয়া অংশ খাই সিৰা-উপসিৰাৰ সৈতে পাতবিলাক চালনীৰ দৰে কৰি পেলায়। পলুবিলাক ডাঙৰ হ’লে অন্য গছ বা একেজোপা গছৰে অন্য পাতলৈ গতি কৰি পাত খাবলৈ আৰম্ভ কৰে। আক্ৰমণ বেছি হ’লে গছবিলাক লঠঙা হৈ পৰে।

অসমত কৰিড গান্ধীৰ প্ৰভাৱ অতি বেছি আৰু সকলো মাহজাতীয় শস্যৰে বিস্তৰ ক্ষতি কৰে। কৰিড গান্ধীয়ে শস্যৰ কুমলীয়া ছেঁইবিলাকৰ ৰস শুহি খোৱাৰ ফলত ছেঁইবিলাক শুকাই যায়। আক্ৰমণ অধিক হ’লে ছেঁইত গুটি পূৰঠ নহয় বা ছেঁইত গুটি নধৰে। কৰিড গান্ধীৰ পূণাংগ আৰু পোৱালি মোৱা পোকে শস্যৰ কুমলীয়া আগ, ফল, পাত আৰু নতুনকৈ আৰম্ভ হোৱা ছেঁইসমূহৰ পৰা ৰস শুহি খায়। এই মোৱা পোকৰ আক্ৰমণৰ বাবে কুমলীয়া পাতবিলাক কোঁচ খাই যায় আৰু ফুলবিলাক শুকাই যায়। ফলস্বৰূপে ফুলৰ পৰা ছেঁই উৎপন্ন নহয়। পোকৰ আক্ৰমণৰ ফলত পাতত আৰু ছেঁইত ক’লা বৰণৰ এবিধ ভেঁকুৰ উৎপন্ন হয় আৰু গছৰ শ্ৰীবৃদ্ধিত বাধা দিয়ে।

ছেঁইবিন্ধা পোকে সকলো মাহজাতীয় শস্যৰে কম-বেছি পৰিমাণে অনিষ্টসাধন কৰে যদিও এই পোক ৰহৰমানৰ প্ৰধান অনিষ্টকাৰী পতংগ। মাহজাতীয় শস্যৰ সকলো পথাৰতে এইবিধ পতংগক দেখিবলৈ পোৱা যায়। এই পোকৰ পলুৱে প্ৰথমাৱস্থাত গছৰ কুমলীয়া পাতবিলাক খায়। পাছলৈ মাহশস্যৰ ফুল, নতুনকৈ ওলোৱা ছেঁই আৰু ছেঁইৰ ভিতৰৰ গুটিবিলাক খায়। কেতিয়াবা পলুবিলাকে ছেঁইৰ ভিতৰত থাকি পূৰঠ গুটিসমূহ আধৰুৱাকৈ খায়।

নিয়ন্ত্ৰণৰ ব্যৱস্থা:

দেখা যায় সকলোধৰণৰ মাহজাতীয় শস্যক একেধৰণৰ কীট-পতংগই আক্ৰমণ কৰে। সেয়েহে সঠিক সময়ত একেধৰণৰ নিয়ন্ত্ৰণ ব্যৱস্থা গ্ৰহণ কৰিলেই হয়। তলত উল্লেখ কৰা ব্যৱস্থাসমূহ অৱলম্বন কৰি মাহজাতীয় শস্য অনিষ্টকাৰী পতংগসমূহ নিয়ন্ত্ৰণ কৰিব পাৰি।

১)শস্য পথাৰত সিঁচাৰ পূৰ্বে মাটিডোখৰ ভালকৈ চহাই ওচৰৰ আঁতৰাই ল’ব লাগে। এনে কৰিলে মাটিৰ তলত লেটা বান্ধি থকা আৰু ঘাঁহবনত আশ্ৰয় লৈ থকা কীট-পতংগসমূহ সহজতে ধ্বংস কৰিব পাৰি।

৩)মাহজাতীয় শস্যৰ বিভিন্ন অনিষ্টকাৰী কীট-পতংগৰ ভিতৰত ছেঁইবিন্ধা পোকৰ কেৱল মাথোঁ এটা পলুৱেই পূৰ্ণতাপ্ৰাপ্ত হোৱাৰ পূৰ্বে ৩০-৪০ টা মাহৰ লেচেৰা অনিষ্ট কৰিব পাৰে। ছেঁইবিন্ধা পোকক নিয়ন্ত্ৰণ কৰিবলৈ গছত ফুল ফুলাৰ পূৰ্বে(ডেলটামেথ্ৰিন) ২.৮ ই চি নামৰ ঔষধবিধৰ ১ চাহ চামুচ(৫ মিলিলিটাৰ) ৫ লিটাৰ পানীত মিহলই শয্যাত প্ৰয়োগ কৰিব লাগে।

গছত কুমলীয়া ছেঁই ধৰিবলৈ আৰম্ভ কৰিলে আৰু পোকৰ আক্ৰমণ চকুত পৰিলে এনে অৱস্থাত মালাথিয়ন ৫০ ই চি ১ চাহ চামুচ ৫ লিটাৰ পানীত মিহলাই প্ৰয়োগ কৰিব লাগে। প্ৰথমবাৰ ঔষধ প্ৰয়োগ কৰাৰ পাছত ১৫ দিনৰ অন্তৰত দ্বিতীয়বাৰ প্ৰয়োগ কৰিব লাগে।

৪)শস্যৰ পথাৰত জেং বা গছৰ ডাল আদি পুতি দিব লাগে, যাতে পৰভোজী চৰাইবিলাকে জেং বা গছৰ ডালত বহি পোক ধৰি খাব পাৰে।

৫)মগুমাহৰ খেতিত সঘনাই পাত মেৰিওৱা পোকবিধক দেখিবলৈ পোৱা যায়। পোকৰ আক্ৰমণৰ বাবে মগুমাহৰ পাতবিলাক ঘূৰনীয়াকৈ মেৰ খাই যায়। এই পোকক নিয়ন্ত্ৰণ কৰিবৰ বাবে কণী পৰজীৱীকৰণ ট্ৰাইক’গ্ৰামা কাইলনিছ নামৰ পতংগবিধ ব্যৱহাৰ কৰি সুফল লাভ কৰিব পাৰি।

৬)পাত গুবৰুৱা, পাত শোহনী পোক, বগা মাখি, মোৱা পোক আৰু কৰিড গান্ধী পোকৰ আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ মালাথিয়ন ৫০ ই চি নাইবা মন’ক্ৰটফছ ৩৬ ই চি ঔষধৰ ১ চাহ চামুচ ৫ লিটাৰ পানীৰ অনুপাতত মিহলাই শস্যত ছটিয়াব লাগে। আনহাতে শস্য অনিষ্ট কৰা পলু দেখিলে সেইবিলাক হাতেৰে ধৰিও মাৰিব পাৰি। প্ৰথমবাৰ ঔষধ ছটিওৱাৰ পাছত ১০-১৫ দিনৰ মূৰত পুনৰ এবাৰ প্ৰয়োগ কৰিব লাগে।

তৈলবীজ শস্য অনিষ্টকাৰী পতংগ:

তৈলবীজ শস্যৰ ভিতৰত অসমৰ সৰিয়হৰ খেতিয়ে প্ৰধান স্থান অধিকাৰ কৰিছে। তিলৰ খেতিও অসমত কৰা হয়। বিশেষকৈ পাহাৰীয়া অঞ্চলত তিলৰ খেতি বেছি পৰিমাণে কৰা হয়হ। সৰিয়হ আৰু তিলৰ প্ৰধান অনিষ্টকাৰী পতংগ হ’ল-

১)সৰিয়হৰ মোৱা পোক(Mustard aphid)

২)সৰিয়হৰ ক’লা পোক(Mustard sawfly)

৩)তিলৰ পাত আৰু ছেঁইখোৱা পোক(Til leaf and pod caterpillar)

৪)বিছা(Bihar hairy caterpillar) আৰু

৫)হক মথ(Hawkmoth)।

সৰিয়হৰ মোৱা পোক সৰিয়হ আৰু অন্য তৈলবীজজাতীয় শস্য, যেনে- তিল, এৰা, বাদামৰ উপৰি লাই, কবি আদি শাক-পাচলিৰো যথেষ্ট অনিষ্ট কৰে। মোৱা পোকৰ পূৰ্নাংগ আৰু পোৱালি উভয়ে তৈলবীজ শস্য আক্ৰমণ কৰি উৎপাদনত ব্যাঘাত জন্মায়।

মোৱা পোক নৱেম্বৰ মাহৰ পৰা আৰম্ভ কৰি মাৰ্চ মাহলৈকে তৈলবীজ আৰু শাকনিত পোৱা যায়। মোৱা পোকৰ প্ৰাপ্তবয়স্ক আৰু পোৱালিবিলাকে সৰিয়হৰ কুমলীয়া আগ, গা-গছ, ফুল আৰু নতুনকৈ আৰম্ভ হোৱা ছেঁইসমূহৰ ৰস শুহি খায়।

সাধাৰণতে মোৱা পোকে থূপ খাই থাকি একেজোপা গছৰ সকলো অংশতে আক্ৰমণ কৰে। পোকৰ আক্ৰমণৰ ফলত পাতবিলাক কোঁচ খাই যায় আৰু ফুলবিলাক শুকাই যায়। ফলস্বৰূপে ফুলৰ পৰা ছেঁই উৎপন্ন নহয়। আনহাতে নতুনকৈ ওলোৱা ছেঁইসমূহ আক্ৰমণ কৰিলে ছেঁইত গুটি পূৰঠ নহয়। সৰিয়হৰ মোৱা পোকটো দেখিবলৈ ওকণীৰ নিচিনা। দেহৰ বৰণ পাতল সেউজীয়া।

মোৱা পোকৰ পিছত ক’লা পোকবিধ সৰিয়হৰ এক উল্লেখযোগ্য শত্ৰু। পূৰ্ণাংগ অৱস্থাৰ ক’লা পোকবিলাক দেখিবলৈ সৰু সৰু মাখিৰ দৰে। পলুবোৰ ক’লা বৰণৰ। হাতেৰে চুই দিয়াৰ লগে লগে পলুবোৰ কেৰেলুৱাৰ দৰে কোঁচ খাই মাটিত পৰি যায়। অক্টোবৰৰ পৰা মাৰ্চ মাহলৈকে এই পোকবিধে বংশ বিস্তাৰ কৰে। পলুবিলাকে ৰাতিপুৱা আৰু সন্ধিয়া সময়তহে গছক আক্ৰমণ কৰে। দিনৰ ভাগত সাধাৰণতে বৰকৈ চকুত নপৰে, মাটিৰ চপৰাৰ তলত লুকাই থাকে। পলুবিলাকে গছৰ কুমলীয়া পাতবিলাক কুটি খায়। পাতৰ সেউজীয়া অংশবিলাক খাই যোৱাৰ বাবে এটা সময়ত পাতৰ মাথোঁ সিৰাবিলাকহে থাকেগৈ। বহুসময়ত গা-গছৰ সেউজীয়া অংশবিলাকো খায়। ফলত নতুনকৈ উঠি অহা শস্যৰ পুলিবিলাক শুকাই যায়। ফুলাৰ সময়ত আক্ৰমণ কৰিলে সৰিয়হৰ উৎপাদন বহু পৰিমাণে কমি যায়।

তিলশস্যক গুৰুতৰ ৰূপত আক্ৰমণ কৰা এবিধ প্ৰধান পতংগ হ’ল তিলৰ পাত আৰু ছেঁইবিন্ধা পোক। আগষ্ট মাহৰ শেষৰফাললৈ এই পতংগবিধ তিলশস্যৰ পথাৰলৈ আহে। কণীৰ পৰা ওলোৱা পলুৱে প্ৰথম কুমলীয়া পাতৰ সেউজীয়া অংশ খায়। দিন বঢ়াৰ লগে লগে পলুৱে গছৰ আগভাগৰ কুমলীয়া পাতসমূহ আঠাজাতীয় আঁহৰ দ্বাৰা একেলগ কৰি তাৰ মাজত সোমাই থাকি পাতসমূহৰ অনিষ্ট কৰে। ইয়াৰ উপৰি পলুবিলাকে গা-গছ, নতুনকৈ ওলোৱা ছেঁই আৰু ফুলবিলাক বিন্ধা কৰি শস্যৰ ভীষণ অনিষ্ট কৰে। পুলি অৱস্থাত এই পোকৰ আক্ৰমণৰ বাবে গোটেই শস্যডৰা মৰি যাব পাৰে। তিলশস্যৰ বিছা আৰু হকমথৰ পলুবিলাকে অতি কম সময়ৰ ভিতৰতে গছৰ পাত খাই গছজোপা লঠঙা কৰি পেলায়।

নিয়ন্ত্ৰণৰ ব্যৱস্থা:

মাহজাতীয় শস্যৰ ক্ষেত্ৰত উল্লেখ কৰা নিয়ন্ত্ৰণৰ ব্যৱস্থাৱলী তৈলবীজ শস্যৰ লগত একেই। কেৱল মাথোঁ তৈলবীজ অনিষ্টকাৰী পতংগৰ ক্ষেত্ৰত ৰাসায়নিক ঔষধ প্ৰয়োগ কৰিবলগা অৱস্থা হ’লে তলত উল্লেখ কৰা ৰাসায়নিক ঔষধসমূহ ব্যৱহাৰ কৰিব পাৰি-

ক)মালাথিয়ন ৫০ ই চি ১ চাহ চামুচ ৫ লিটাৰ পানীৰ অনুপাতত মিহলাই অনিষ্টকাৰী পতংগৰ বিপৰীতে শস্যত ব্যৱহাৰ কৰিব লাগে।

খ)ডাইমিথয়েট ৩০ ই চি, ২ চাহ চামুচ ৫ লিটাৰ পানীৰ অনুপাতত মিহলাব লাগে।

প্ৰথমবাৰ ঔষধ ব্যৱহাৰ কৰাৰ ১০-১৫ দিনৰ পাছত পুনৰ দ্বিতীয়বাৰ ব্যৱহাৰ কৰিব লাগে। কীট-পতংগৰ আক্ৰমণৰ তীব্ৰতা লক্ষ্য কৰি পুনৰ তৃতীয়বাৰৰ বাবেও কীটনাশক ঔষধ ব্যৱহাৰ কৰিব পাৰি। মনত ৰাখিবলগীয়া কথাটো হ’ল একেবিধ ঔষধকে পুনৰবাৰ ব্যৱহাৰ নকৰি বেলেগ এবিধ ঔষধ ব্যৱহাৰ কৰিব লাগে।

সূৰ্যমুখী ফুল অনিষতকাৰী কীট-পতংগ:

সূৰ্যমুখী ফুলৰ খেতিত বিভিন্নধৰণৰ অনিষ্টকাৰী কীট-পতংগই আক্ৰমণ কৰা পৰিলক্ষিত হয়। পথাৰত গুটি সিঁচাৰ পৰা আৰম্ভ কৰি ফুল পূৰঠ হোৱালৈকে গছক অনিষ্ট কৰা মুখ্য কীট-পতংসমূহ হ’ল-

ক)ফুলবিন্ধা পোক(Pod borer):

এই পতংগই ফুলত গুটি ধৰাৰ সময়তে আক্ৰমণ কৰে। এই পতংগৰ পলুৱে প্ৰথমে ফুলৰ চুপহি আৰু ফুলৰ গাতে লাগি থকা সৰু সৰু কুমলীয়া পাতবোৰ খাবলৈ আৰম্ভ কৰে। পাছলৈ পলুবিলাক ডাঙৰ হ’লে মূল ফুলৰ ভিতৰলৈ সোমাই যায় আৰু ফুলৰ ভিতৰত থাকি সুৰংগৰ নিচিনা কৰি গুটিবিলাক খাবলৈ আৰম্ভ কৰে। বহুক্ষেত্ৰত দেখা যায় পলুৱে সম্পূৰ্ণভাৱে ফুলপাহ নষ্ট কৰাৰ পাছত ফুলগছৰ পাতবিলাক খাবলৈ আৰম্ভ কৰে। পূৰঠ গুটিয়ে সৈতে থকা ফুলতকৈ গুটি ধৰিবলৈ আৰম্ভ কৰা কুমলীয়া ফুলক পলুৱে অধিক অনিষ্ট কৰে।

খ)পাতখোৱা পোক(Leaf eating caterpillar):

পাতখোৱা পোকবিধ সূৰ্যমুখী ফুলৰ এক প্ৰধান শত্ৰু। পতংগৰ পলুৱে শস্যৰ যথেষ্ট অনিষ্ট কৰে। এই পতংগৰ কণীৰ পৰা ওলোৱা পলুৱে প্ৰথমে সমূহীয়াভাৱে একগোট হৈ কুমলীয়া গছৰ পাতবিলাক এফালৰ পৰা খাবলৈ আৰম্ভ কৰে। পলুৰ বয়স বঢ়াৰ লগে লগে(দ্বিতীয় অৱস্থা) পলুবিলাকে গোটৰ পৰা আঁতৰি আহি অকলশৰে থাকি পাতসমূহ খাবলৈ আৰম্ভ কৰে। আক্ৰমণ প্ৰবল হ’লে গছৰ কেৱল গা-গছ আৰু ঠাৰিকেইডালহে থাকেগৈ। সাধাৰণতে দিনৰ ভাগতগৈ ৰাতিহে পলুৱে শস্যৰ অনিষ্ট কৰে।

গ)চিটিকা পোক(Semilooper):

চিটিকা পোকৰ পলুৱে পাতবিলাক ফুটা কৰি খোৱা বাবে একোখিলা পাতত বিভিন্নধৰণৰ ফুটা দেখিবলৈ পোৱা যায়। একোখিলা পাতত বহুসংখ্যক ফুটা হোৱাৰ বাবে এটা সময়ত পাতখিলা শুকাই যায় আৰু গছৰ বাঢ়ন ক্ষমতা বহু পৰিমাণে কমি আহে।

ঘ)সূৰ্যমুখীৰ বিছা(Hairy Caterpillar):

সূৰ্যমুখীৰ বিছাৰ আক্ৰমণ প্ৰক্ৰিয়া পাতখোৱা পোকৰ সৈতে একে। পাৰ্থক্য মাথোঁ সূৰ্যমুখী বিছাৰ পলুৱে গছৰ পাতৰ উপৰি গছৰ কুমলীয়া ঠাৰিবিলাকো খায়।

ঙ)ভূঁৰ পোক(Cut worm):

সাধাৰণতে মাৰ্চ-এপ্ৰিল মাহত এই পোকৰ আক্ৰমণ তীব্ৰতৰ হয়। বিশেষকৈ আলু চপোৱাৰ পাছত একে মাটিতে সূৰ্যমুখী ফুলৰ খেতি কৰিলে ভূঁৰ পোকৰ আক্ৰমণ বেছিকৈ হোৱা পৰিলক্ষিত হয়। ভূঁৰ পোকৰ পলুবিলাক দিনৰ ভাগত মাটিৰ তলৰ পৰা ওলাই আহি নতুনকৈ গজালি ওলাই ঠন ধৰি উঠা কুমলীয়া গছবিলাকৰ গুৰিতে কাটি দিয়ে। এটা ৰাতিৰ ভিতৰতে এটা পলুৱে কম পক্ষেও ৮-১০ জোপা গছৰ গুৰি কাটি দিয়া দেখা যায়।

নিয়ন্ত্ৰণৰ ব্যৱস্থাৱলী:

ফুলবিন্ধা পোক, পাতখোৱা পোক, সূৰ্যমুখীৰ বিছা, চিটিকা পোক আদিৰ নিয়ন্ত্ৰণ কৰিবলৈ তলত উল্লিখিত যিকোনো এবিধ কীটনাশক ঔষধ প্ৰয়োগ কৰিব পাৰি।

ক্ল’ৰ’পাইৰিফছ ২০ ই চি নতুবা মন’ক্ৰট’ফ’ছ ৩৬ ই চি নতুবা এণ্ড’ছালফান ৩৫ ই চি কীটনাশক ঔষধৰ ২ চাহ চামুচ ঔষধ ৫ লিটাৰ পানীত মিহলাই শস্যত অনিষ্টকাৰী পতংগ দেখামাত্ৰকে প্ৰয়োগ কৰিব লাগে। প্ৰথমবাৰ ঔসধ প্ৰয়োগ কৰাৰ ১০ দিনৰ পাছত পুনৰ দ্বিতীয়বাৰ ঔষধ কৰিব লাগে।

দ্বিতীয়বাৰ ঔষধ প্ৰয়োগ কৰাৰ সময়ত প্ৰথমবাৰ ব্যৱহাৰ কৰা ঔষধ নলৈ অন্য এবিধ ঔষধ হাতত লোৱাটো ভাল। এনে কৰিলে কীটনাশক ঔষধৰ প্ৰতি পতংগই প্ৰতিৰোধ ক্ষমতা আহৰণ কৰিব নোৱাৰে।

ভূঁৰ পোকক নিয়ন্ত্ৰণ কৰিবলৈ ফুলৰ গুটি পথাৰত দিয়াৰ পূৰ্বে ক্ল’ৰ’পাইৰিফছ ২০ ই চি ঔষধৰ ১ লিটাৰ ১০০ লিটাৰ পানীত মিহলাই প্ৰতি বিঘা মাটিত স্প্ৰে’ কৰি দিব লাগে।

মৰাপাটৰ অনিষ্টকাৰী পতংগ -

মৰাপাটৰ শস্যৰ ভিন ভিন অৱস্থাত বিভিন্নধৰণৰ কীট-পতংগই আক্ৰমণ কৰি উৎপাদন হ্ৰাস কৰাৰ লগতে আঁহৰ গুনাগুণো নষ্ট কৰে। মৰাপাট শস্য অনিষ্ট কৰা কেইবিধমান পতংগ হ’ল-

১)চিটিকা পোক(Jute semilooper)

২)মৰাপাটৰ বিছা(Jute hairy caterpillar)

৩)মৰাপাটৰ কোৱা ওৰণী(Jute stem weevil) আৰু

৪)মৰাপাটৰ চাহী(Mite)

চিটিকা পোক মৰাপাটৰ এবিধ অতি অনিষ্টকাৰী পতংগ। এই পতংগৰ পলুবোৰ দেখাত সেউজীয়া বৰণৰ। পলুৱে দেহত অৰ্ধবৃত্তাকাৰ ভাঁজ দি গতি কৰে আৰু সেইকাৰণে ইয়াক ‘ছেমি লুপাৰ’ বুলিও কোৱা হয়। সাধাৰণতে মৰাপাটৰ বৃদ্ধিকালৰ মধ্যভাগত চিটিকা পোকৰ আক্ৰমণ তীব্ৰ হয়।

বছৰটোৰ দ্বিতীয় বাহৰ পলুবোৰ আটাইতকৈ বেছি অনিষ্টকাৰী আৰু ইহঁতে শতকৰা ৯০ ভাগপৰ্যন্ত গছৰ পাত খাই গছ লঠঙা কৰি পেলায়। এই পোকৰ আক্ৰমণৰ বাবে শস্যৰ বৃদ্ধিত বাৰুকৈয়ে বাধা জন্মে। আগতীয়া বাৰিষাৰ পাছত শুকান বতৰ হ’লে এই পোকে মহামাৰীৰ ৰূপ ধাৰণ কৰে।

মৰাপাটৰ বিছা পোকৰ পলুবোৰ দেখিবলৈ কমলা বৰণৰ, নোমাল আৰু দুয়োমূৰ ক’লা। কণী ফুটি ওলোৱা সৰু সৰু পলুৱে প্ৰথমাৱস্থাত দল বান্ধি কণী পৰা পাতখিলাৰ সেউজীয়া অংশ খায়। ডাঙৰ হৈ অহাৰ লগে লগে পলুবোৰ অন্য পাতলৈ গতি কৰে আৰু পাত খাবলৈ আৰম্ভ কৰে। আক্ৰমণ বেছি হ’লে গছবোৰ লঠঙা হৈ পৰে। সাধাৰণতে শস্যৰ বৃদ্ধিৰ শেষৰ ফালে অৰ্থাৎ জুনৰ পৰা আগষ্ট মাহলৈকে বিঘাই মৰাপাটৰ ক্ষতি কৰে।

সাধাৰণতে আগতীয়াকৈ সিঁচা মৰাপাটৰ ক্ষেত্ৰত কোৱা ওকণীৰ প্ৰাদুৰ্ভাৱ অতি বেছি হয়। মৰাপাটৰ পুলি অৱস্থাত এইবিধ পোকৰ আক্ৰমণ তীব্ৰতৰ হয়। এই পোকৰ পতংগই কণী পাৰিবৰ বাবে গছৰ কাণ্ডত বিন্ধা কৰাৰ ফলত পুলি অৱস্থাত গছৰ আগবোৰ শুকাবলৈ বয়সীয়া গছত পলুৱে নষ্ট কৰা বাকলিৰ চাৰিওফালে এবিধ বিজলুৱা পদাৰ্থ নিঃসৰণ কৰি বাকলিৰ আঁহবোৰ সংযুক্ত কৰি পেলায়। সেয়েহে গেৰোৱাৰ পাছত আঁহ উলিয়াওঁতে কোৱা ওকণীৰ দ্বাৰা আক্ৰান্ত হোৱা অংশত আঁহবিলাক ছিঙি যায়। ফলত উচ্চমানবিশিষ্ট আঁহ উৎপাদনত ব্যাঘাত জন্মে। সাধাৰনতে পাতৰ ৰস শুহি খোৱা পোকৰ ভিতৰত মৰাপাটৰ চাহী পোকবিধ অন্যতম। মৰাপাটৰ বাহিৰেও এইবিধ চাহীয়ে কপাহ, চাহ, কফি, জলকীয়া, নেমু আদিৰ বিভিন্ন শস্যৰ কোমল ডাল-পাতৰ ৰস শোষণ কৰে। পূৰ্ণাংগ আৰু অপৈণত উভয় অৱস্থাৰ চাহীয়ে পাতৰ পৰা ৰস চুহি খোৱাৰ ফলত পাতবোৰ শোটোৰা-শোটোৰ হৈ মেৰ খাই যায়। আকৃতিত পাতবোৰ সৰু হৈ যায়। আক্ৰান্ত পাতবোৰ ক্ৰমেৱ তাম বৰণীয়া হৈ পূৰঠ হোৱাৰ আগতেই সৰি যায়। চাহীৰ আক্ৰমণ প্ৰথমে কুমলীয়া পাতত আৰম্ভ হৈ ক্ৰমে তললৈ নামি আহে।

নিয়ন্ত্ৰণৰ ব্যৱস্থা:

১)মৰাপাটৰ গুটি সিঁচাৰ আগতে পথাৰত হাল-কোৰ বাই মাটিৰ তলত থকা অনিষ্টকাৰী পতংগ, যেনে- উঁইচিৰিঙা, উঁই আদি নিয়ন্ত্ৰণ কৰিবলৈ বিঘাই প্ৰতি বি এইচ চি ১০ শতাংশ পাউডাৰৰ ৩ কিলোগ্ৰাম নাইবা এলড্ৰেক্স ৫ শতাংশ পাউডাৰ ৬ কিলোগ্ৰাম মাটিত ছটিয়াব লাগে।

২)পুলি উভালি খেতিডৰা পাতল কৰি দিয়াৰ সময়ত কীট-পতংগৰ দ্বাৰা আক্ৰান্ত হোৱা গছবোৰ উভালি জ্বলাই দিব লাগে। লগতে অলাগতিয়াল বন-বাতবোৰ আঁতৰাই পেলাব লাগে।

৩)চৰায়ে চিটিকা পোকৰ পলু খায়। সেয়েহে মৰাপাটৰ পথাৰডৰাৰ ঠায়ে ঠায়ে বাঁহ বান্ধি দিব লাগে যাতে পোকখোৱা চৰাই আহি তাত বহিব পাৰে।

৪)মৰাপাট চপোৱাৰ পাছত মাটিডৰা ভালকৈ চহাই পেলাব লাগে। এনে কৰিলে মাটিত থকা চিটিকা পোকৰ লেটা আৰু কোৱা ওকণী দমন কৰিব পাৰি।

৫)বিছা পোকে পাতৰ তলপিঠিত কণী পাৰে আৰু কণী ফুটি ওলোৱা পলুবোৰ প্ৰথমাৱস্থাত পাতখিলাতে থাকে। গতিকে কণী বা পলু গোট খাই থকা অৱস্থাত পাতখিলাতে থাকে। গতিকে কণী বা পলু গোট খাই থকা পাতখিলা ছিঙি আনি কেৰাচিন তেলত ডুবাই বিছা পোকক মাৰিব পাৰি।

৬)পোকৰ আক্ৰমণ বেছি হ’লে এণ্ড’ছালফান ৩৫ ই চিৰ ১ চাহ চামুচ বা ডাইমিথয়েট ৩০ ই চিৰ ১ চাহ চামুচ ৫ লিটাৰ পানীত মিহলাই গছত ছটিয়াব লাগে। প্ৰথমবাৰ ঔষধ প্ৰয়োগ কৰাৰ ১০-১৫ দিনৰ পাছত পুনৰবাৰ প্ৰয়োগ কৰিব লাগে।

লেখক: ড° দিলীপ কুমাৰ শইকীয়া

উৎস: আধুনিক কৃষিকথা(শস্য সুৰক্ষা)

3.2
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top