অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

এজʼলা :

এজʼলাৰ বিষয়ে লিখা হৈছে ।

 

ৰাসায়নিক সাৰত শস্যৰ বাবে এটা বা দুটাহে মুখ্য মৌল থাকে বাবে অকল ৰাসায়নিক সাৰ প্ৰয়োগৰ দ্বাৰা মাটিৰ উৰ্বৰতা ৰক্ষা কৰাটো সম্ভৱ নহয়। কিন্তু জৈৱিক সাৰত শস্যৰ অত্যাৱশ্যকীয় মৌলসমূহ কমকৈ পোৱা যায় যদিও এনে সাৰে শস্যৰ অত্যাৱশ্যকীয় সকলোবিধ মৌলই মাটিক যোগান ধৰে। সেয়ে ই মাটিক উৰ্বৰা কৰাই নহয়, মাটিৰ গঠন, জলধাৰণ ক্ষমতা, বতাহ চলাচলৰ সুবিধা আদিও বৃদ্ধি কৰে। আমাৰ কৃষসকলে সহজে সংগ্ৰহ কৰিব পৰা প্ৰকৃতি প্ৰদত্ত তেনে এবিধ জৈৱিক সাৰ হ’ল এজ’লা। আমাৰ চৌপাশৰ খাল-বিল, পুখুৰী আদি আবদ্ধ পানীত আমি দেখা পোৱা পুণী নামৰ উদ্ভিদবিধেই হ’ল এজ’লা। এজ’লা মজলীয়া আকাৰৰ ঢেঁকীয়া পাতৰ দৰে খাঁজকটা ঘূৰণীয়া আৰু সেউজীয়া আকৃতিৰ হয়। এজ’লাৰ পাতৰ তলফালে এনাবিলা এজ’লি নামৰ এবিধ নীলা সেউজীয়া শেলুৱৈ থাকে। ই বায়ুমণ্ডলৰপৰা নাইট্ৰ’জেন শোষণ কৰি পাতত জমা ৰাখে। নাইট্ৰ’জেনকে ধৰি প্ৰতি ১০০ কিলোগ্ৰাম এজ’লাত থকা শস্যৰ উপযোগী অন্যান্য মৌলবোৰ হ’ল- নাইট্ৰ’জেন ৪ কিলোগ্ৰাম, ফছফৰাছ ৫০০ গ্ৰাম, প’টাছ দুই কিলোগ্ৰাম, কেলচিয়াম ৪০০ গ্ৰাম, মেগনেছিয়াম ৫০০ গ্ৰাম আৰু লৌহ পদাৰ্থ ৬০০ গ্ৰাম। অকল সেয়াই নহয় পচি গ’লে হেক্টৰে প্ৰতি দুশ-তিনিশ মেট্ৰিকটন জৈৱিক পদাৰ্থ মাটিত মিহলি হয়। অসমৰ শালি খেতিত পানী জমা থাকে বাবে এজ’লা প্ৰয়োগৰ বাবে সুবিধাজনক আৰু ই সহজে শ্ৰীবৃদ্ধি হোৱাৰ লগতে বংশবৃদ্ধি কৰিবলৈও সুবিধা পায়। তদুপৰি এজ’লা অতি সহজে মাটিত মিহলাই দিবও পাৰি।

নানা উপায়েৰে এজ’লাৰ বংশবৃদ্ধি কৰিব পাৰি। পকী টেংকী সাৰি বা গছৰ ছাঁ পৰা মাটিত দুই মিটাৰ বহল, চাৰি মিটাৰ দীঘল আৰু ২০ ছেন্টিমিটাৰ দ পুখুৰী তৈয়াৰ কৰি ১০-২০ ছেন্টিমিটাৰ পানী ভৰাব লাগে। তাত ১০০ গ্ৰাম ছাই, ১০ গ্ৰাম এম অ’পি আৰু ৭০ গ্ৰাম ছুপাৰ ফছফেট দিব লাগে। তাৰ পিছত তাত প্ৰায় ১ কিলোগ্ৰাম সজীৱ এজ’লা মেলি দিব লাগে। ১০-১২ দিন মানৰ পিছত ই দুগুণলৈ বৃদ্ধি পাব আৰু তেতিয়া ইয়াৰপৰা তুলি খেতিপথাৰত দিব পাৰি। এজ’লাবোৰ পোক-পৰুৱাৰপৰা বচাবলৈ প্ৰতি বৰ্গমিটাৰত তিনি গ্ৰামকৈ ফুৰাডন জি নামৰ কীটনাশক দৰব প্ৰয়োগ কৰিব লাগে।

এজ’লা খেতিপথাৰত দুই ধৰণে প্ৰয়োগ কৰিব পাৰি। ধান ৰোৱাৰ ১৫ দিনমান আগেয়ে পানী জমা লহৈ থকা পথাৰত বিঘাই প্ৰতি ৬০-৭০ কিলোগ্ৰাম এজ’লা সিঁচি দিলে পথাৰখন ছানি ধৰিব। তাৰ পিছত পানী খুলি ভালদৰে হাল বাই মাটিৰ লগত মিহলাই দিব লাগে। পানী খুলি দিওঁতে এজ’লাবোৰ যাতে উটি নাযায়, তাৰ বাবে কামি পেলাই বাধা দিব পাৰি। ধান ৰোৱাৰ পিছতো একে পদ্ধতিৰে বিঘাই প্ৰতি ৬০-৭০ কিলোগ্ৰাম এজ’লা সিঁচি দিলে ১৫-২০ দিন পিছত যেতিয়া এজ’লাৰে পথাৰখন ছানি ধৰিব, তেতিয়া পানী খুলি দিয়াৰ লগে লগে এজ’লাবোৰ হাতেৰে পিটিকি বোকাত সুমুৱাই দিব লাগে। বন নিৰোৱা যন্ত্ৰেৰে সহজে এজ’লাবোৰ পথাৰত মিহলাব পাৰি।

লেখক: প্ৰসাদ দাস(দৈনিক অসম)

3.28571428571
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top