মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / কুঁহিয়াৰ শুকাই যোৱা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কুঁহিয়াৰ শুকাই যোৱা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

কুঁহিয়াৰ শুকাই যোৱা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ কেনেকৈ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰা হৈছে।

কুঁহিয়াৰ এবিধ অত্যাৱশ্যকীয় বাণিজ্যিক ভিত্তিত কৰিব পৰা অৰ্থকৰী শস্য। অতি প্রাচীন কালৰে পৰা ভাৰতবৰ্ষত এই খেতি কৰি থকা হৈছে আৰু বৰ্তমান ভাৰতবৰ্ষই বিশ্বৰ ভিতৰতে কুঁহিয়াৰ উৎপাদনত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। উত্তৰ প্ৰদেশ, মহাৰাষ্ট্র, মধ্যপ্রদেশ, তামিলনাডু, বিহাৰ, পশ্চিমবংগ আদি দেশৰ বিভিন্ন ৰাজ্যত কুঁহিয়াৰ খেতি কৰা হয়। অসমত নগাঁও, কার্বি আংলং, তেজপুৰ, মাজুলী, ধেমাজি, গোলাঘাট জিলাত কম-বেছি পৰিমাণে কুঁহিয়াৰ খেতি কৰা হয়। এনেদৰে অসমত বছৰি গড় উৎপাদন ১০.৯৯ লাখ মেট্রিক টন হৈছেগৈ (২০১৪-১৫ সমীক্ষা অনুযায়ী)।

কিন্তু বর্তমান পৰিস্থিতিত অসমত কুঁহিয়াৰ খেতিৰ ভৱিষ্যতক লৈ এক অনিশ্চয়তাত ভোগা দেখা গৈছে। কুঁহিয়াৰ খেতিৰ মাটিকালি ক্ৰমাগতভাৱে সংকুচিত হৈ আহিছে। ইয়াৰ লগতে অন্যান্য সমস্যা যেনে বান্দৰৰ উপদ্রৱৰ বাবে বহু পুৰণি কুঁহিয়াৰ খেতিয়কে চাহ খেতিলৈ মন মেলিছে। জলবায়ু পৰিৱৰ্তনৰ ফলস্বৰূপেও কুঁহিয়াৰ খেতিত নানা অপকাৰী কীট-পতংগ আৰু ৰোগে দেখা দিছে। আজিৰ এই প্ৰসংগতে কুঁহিয়াৰ খেতিত সঘনে দেখা দিয়া উইল্ট বা শুকাই যোৱা ৰোগ বিধ আৰু ইয়াৰ প্ৰতিকাৰৰ বিষয়ে কৃষকসকলৰ জ্ঞাতার্থে উল্লেখ কৰা হ’ল।

ভাৰতবৰ্ষত এই ৰোগবিধ পোন প্রথমবাৰৰ বাবে ১৯১৩ চনত ৱাটলাৰ আৰু খান নামৰ বিজ্ঞানীদ্বয়ে লিখা এখন গৱেষণা পত্ৰত এশ বছৰৰ আগতেই চিনাক্ত কৰা হৈছিল বুলি উল্লেখ আছে। কিন্তু সময়সাপেক্ষে ৰোগবিধৰ প্রাধান্যতা কম-বেছি হোৱা দেখা গৈছে। বিশেষকৈ বর্তমানৰ পৰিৱর্তিত জলবায়ুৱে ৰোগবিধৰ প্ৰাদুৰ্ভাৱত যথেষ্ট সহায় আগবঢ়াইছে। জহকালিৰ খৰাং বতৰ আৰু অতিপাত গৰম, কম-পৰিমাণৰ আৰ্দ্ৰতা আৰু বাৰিষা কালৰ বৰষুণ তথা খেতিপথাৰত পানী জমা হৈ থাকিলে এই ৰোগৰ প্রকোপ বৃদ্ধি পায়। কিছুমান পোকৰ আক্রমণেও ৰোগবিধ বেছিকৈ হোৱাত সহায় কৰে। এবিধ ভেঁকুৰ এই ৰোগবিধৰ কাৰক হিচাপে জনা যায়। প্রায় দুই-তিনি বছৰলৈকে খেতিৰ মাটিত জীয়াই থাকিব পৰা এই ভেঁকুৰবিধ ৰোগাক্রান্ত কুঁহিয়াৰৰ আগৰ পৰাই সাধাৰণতে এঠাইৰ পৰা আন ঠাইলৈ বিয়পে। বতাহ-বৰষুণৰ পানী জলসিঞ্চন ব্যৱস্থাৰ জৰিয়তেও ৰোগবিধ বিয়পে। কুঁহিয়াৰ ৰোৱাৰ পাছত থাকি যোৱা অৱশিষ্ট অংশ আৰু আৱৰ্জনাটো ৰোগবিধৰ বীজাণু জীয়াই থাকি বংশ বিস্তাৰ কৰে। সাধাৰণতে কুঁহিয়াৰৰ গজালি ওলোৱাৰ পাছতেই ৰোগবিধে আক্রমণ কৰিব পাৰে। ফলস্বৰূপে পুলিবোৰ ৰোৱাৰ পাছতেই শুকাই মৰি যায়। পৈণত অৱস্থাত ভেঁকুৰবিধে আক্রমণ কৰিলে পাতবোৰ ক্ৰমাৎ হালধীয়া পৰি শুকাই খেৰ বৰণীয়া হয়। কিছুদিনৰ পাছত কেইবাজোপা কুঁহিয়াৰ একে লগতে শুকাই যায়। এনে কুঁহিয়াৰ কাটি চালে তলফালে ফুটাৰ নিচিনা দেখা পোৱা যাব। এই ৰোগত আক্রান্ত কুঁহিয়াৰৰ ওজন কমি যায়। কুঁহিয়াৰ ডাল দীঘলে দীঘলে ফালি চালে তলৰফালে পাতল গুলপীয়া ৰং ধৰা দেখা যায়। ইয়াৰ লগতে গাঁঠিৰ মাজৰ অংশ আঁহযুক্ত হৈ সাঁহ অংশটো নাওখনৰ দৰে দ হৈ ফোপোলা হৈ পৰা পৰিলক্ষিত হয়। নতুনকৈ ৰোৱা কুঁহিয়াৰত চাৰিৰ পৰা পাঁচ মাহৰ পাছত এই ৰোগবিধৰ আক্রমণ পৰিলক্ষিত হয় যদিও দ্বিতীয় বা তৃতীয় বৰ্ষৰ কুঁহিয়াৰতহে এই ৰোগবিধৰ আক্ৰমণ বেছিকৈ পৰিলক্ষিত হয়। গৱেষণাৰ দ্বাৰা পোৱা গৈছে যে এই ৰোগত আক্রান্ত কুঁহিয়াৰৰ ৰসৰ পৰিমাণ সুস্থ কুঁহিয়াৰতকৈ ১৪.৬ শতাংশৰ পৰা ২৫.৮ শতাংশলৈ হ্রাস পায়। ৰোগৰ অতিমাত্রা আক্ৰমণত উৎপাদন হেক্টৰে প্রতি ২ ৰ পৰা ১০ পর্যন্ত হ্রাস হ’ব পাৰে। কুঁহিয়াৰ খেতিৰ প্ৰসিদ্ধ গৱেষক ড° আৰ বিশ্বনাথনে ২০০৬ চনতে এক সমীক্ষাত এই কথা প্রকাশ কৰে যে উইল্ট বা শুকাই যোৱা ৰোগবিধৰ প্ৰৱল আক্ৰমণৰ ফলে স্বৰূপে সমগ্ৰ দেশতে প্ৰায় ৩০০০-৬০০০ কোটি টকাৰ লোকচান হৈছিল। গতিকে সমীক্ষাৰ পৰাই এই ৰোগবিধৰ ভয়াৱহতা সম্পর্কে উপলব্ধি কৰিব পৰা যায়।

নিৰাময়ৰ উপায়

এই ৰোগবিধ নিৰাময়ৰ বাবে পোন প্রথমেই ৰুবলৈ অনা কুঁহিয়াৰৰ আগ সংগ্ৰহত সাৱধানতা অৱলম্বন কৰিব লাগে। সদায় নিৰোগী, সুস্থ-সবল কুঁহিয়াৰৰ আগহে ৰুব লাগে। ৰোৱাৰ আগতে কুঁহিয়াৰৰ আগসমূহ বেভিষ্টিন বা কার্বেনডাজিম নামৰ ভেঁকুৰনাশক বিধৰ এক গ্রাম প্রতিলিটাৰ পানীত মিলাই দহ মিনিটমান সময় ডুবাই ৰাখি ছাতে শুকুৱাই পাছত ৰুব লাগে।

ৰুবৰ বাবে বন-বাত আঁতৰাই পৰিষ্কাৰকৈ পথাৰখন প্রস্তুত কৰি ল’ব লাগে। শাৰী প্রস্তুত কৰোঁতে প্রতি শাৰীৰ মাজৰ ব্যৱধান ৭৫-৯০ চেঃ মিঃ হোৱাটো অতি প্রয়োজনীয়। কিয়নো বেছি ঘনকৈ কুঁহিয়াৰ ৰুলে সাৰ, পানীৰ বাবে প্রতিযোগিতা বৃদ্ধি পায়। ফলস্বৰূপে কুঁহিয়াৰ জোপা স্বাস্থ্যৱান নহয় আৰু ইয়াৰ শ্ৰীবৃদ্ধি হ্রাস পায়।

খেতিৰ মাটিত সদায় অনুমোদিত পৰিমাণৰ সাৰহে ব্যৱহাৰ কৰিব লাগে। যধে—মধে ৰাসায়নিক সাৰৰ ব্যৱহাৰে মাটিৰ গুণাগুণ বিনষ্ট কৰাৰ লগতে অপকাৰী কীট-পতংগ আৰু ৰোগৰ আক্রমণহে বৃদ্ধি কৰে। সেয়েহে ৰাসায়নিক সাৰৰ ব্যৱহাৰ যিমান কমকৈ কৰি গোবৰ সাৰ বা পচন সাৰ প্রয়োগ কৰি জৈৱিক পদ্ধতিৰে খেতি কৰাত গুৰুত্ব দিব লাগে।

একেডৰা মাটিতে বছৰ বছৰ ধৰি কুঁহিয়াৰ খেতি নকৰি মাহজাতীয় শস্যৰ লগত শস্যাক্ৰমৰ ব্যৱস্থা কৰিব লাগে, যাতে মাটিৰ উৰ্বৰা গুণ অটুট থাকে। ধেইনচা বা খৰি মৰা গছৰ খেতি কৰিও মাটিৰ উৰ্বৰা গুণ ধৰি ৰাখিব পাৰি। খেতি পথাৰত যাতে পানী জমা হৈ নাথাকে, তালৈ লক্ষ্য কৰিব লাগে। বাৰিষা খেতিডৰাৰ চাৰিওফালে খাল খান্দি অতিৰিক্ত পানী ওলাই যোৱাৰ সু-ব্যৱস্থা কৰিব লাগে।

এই কথা অপ্রিয় হ’লেও সত্য যে আমাৰ কিছুসংখ্যক কৃষকে কুঁহিয়াৰ ৰোৱাৰ পাছতেই খেতিপথাৰলৈ যোৱাৰ দায়িত্ব সামৰে। ফলস্বৰূপে এবছৰীয়া খেতিডৰাত হোৱা বিভিন্ন বন-বাত, কীট-পতংগ, ৰোগ আদিৰ বিষয়ে উমানেই নাপায়। যাৰ ফলত কুঁহিয়াৰ উৎপাদন যথেষ্ট পৰিমাণে হ্রাস পায়। গতিকে সময়ে সময়ে বন-বাত নিৰণিৰ ব্যৱস্থা কুঁহিয়াৰ খেতি কৰিলে যথেষ্ট সুফল লাভ কৰিব বুলি আশা কৰিব পাৰি।

দেৱানুশী দত্ত, দৈনিক জনমভূমি।

2.86046511628
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top