মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / কৃষকৰ পথাৰত হাইব্ৰীড ধানৰ খেতি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৃষকৰ পথাৰত হাইব্ৰীড ধানৰ খেতি :

কৃষকৰ পথাৰত হাইব্ৰীড ধানৰ খেতিৰ বিষয়ে লিখা হৈছে ।

আকৌ এবাৰ আমাৰ কৃষকৰ পথাৰত পতান ধানৰ সমস্যাই দেখা দিলে। চাৰিওফালে হৈ-চৈ আৰম্ভ হৈ গ’ল। বাতৰি কাকত, দূৰদৰ্শনত বিষয়টোৱে শিৰোনাম দখল কৰিছে।
অসমত হাইব্ৰীড ধানত পতান হোনাৰ সমস্যাটো নতুন নহয়। ১৯৯৬-৯৭ চনত বিভাগীয়ভাৱে পোনপ্ৰথমবাৰৰ বাবে প্ৰএগ্ৰ কোম্পানীৰ ৬২০১ জাতৰ খেতি কৰোতেও পতান ধানৰ সমস্যাই কৃষকক বিপদত পেলাইছিল। সেয়ে পৰৱৰ্তী সময়ত এই হাইব্ৰীডধানৰ খেতি সম্প্ৰসাৰণত স্থৱিৰতা আহি পৰিছিল। কিন্তু, ২০১০-১১ বৰ্ষৰ পৰা অসমত কৃষি বিভাগৰ জৰিয়তে ৰূপায়ন কৰা কেইবাখনো ভাৰত চৰকাৰৰ আঁচনি যেনে, ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা (RKVY), ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান (NSFM), পূৰ্বোত্তৰ ভাৰতত সেউজ বিপ্লবৰ সূচনা (BGREI) আদিৰ জৰিয়তে অসমলৈ বিভিন্ন বহুজাতিক কোম্পানীৰ হাইব্ৰীড জাতৰ বীজ কৃষকৰ পথাৰলৈ যোগান ধৰা হল। অসমত ধানৰ উৎপাদনৰ বৃদ্ধি হল, বিশেষকৈ বৰো আৰু আগতীয়া আহুধানৰ উৎপাদনৰ অভূতপূৰ্ব বৃদ্ধি হল। কিন্তু, এই হাইব্ৰীড ধানে অসমৰ কৃষকলৈ কিছুমান সমস্যাও আমদানি কৰিলে। অসমৰ স্ব-নিৰ্ভৰশীল কৃষি অৰ্থনীতি আৰু পাৰিপাৰ্শ্বিকতাত এই হাইব্ৰীড জাতে বাৰুকৈয়ে প্ৰভাব বিস্তাৰ কৰিলে।

হাইব্ৰীড ধান কি ?

আনুবংশিকভাবে ভিন্ন দুবিধ জাতৰ ধানৰ মাজত সংকৰণ ঘটাই যিবিধ প্ৰথম বংশৰ বীজ পোৱা হয় তাকেই “হাইব্ৰীড” ধান বুলি কোৱা হয়। ধান হল এবিধ স্ব-পৰাগযোগী শস্য, অৰ্থাৎ ধানৰ স্ত্ৰীকেশৰ আৰু পুংকেশৰ একেবিধ ফুলতে থাকে। সংকৰণৰ বাবে প্ৰাকৃতিকভাবেই উপলব্ধ পৰাগৰেণুৰ প্ৰজনন ক্ষমতা নথকা ধানৰ জাতক মাতৃ হিচাবে গণ্য কৰা হয় আৰু যিবিধ জাতৰ পৰা প্ৰজনন ক্ষমতাসম্পন্ন পৰাগৰেণু সংকৰণৰ বাবে ব্যৱহাৰ কৰা হয়, সেইবিধ জাতক পিতৃ হিচাপে গণ্য কৰা হয়। দুয়োবিধ জাতৰ লাগতীয়াল চৰিত্ৰবোৰ আগতীয়াকৈ অধ্যয়ন কৰা হয় যাতে সংকৰণৰ পিছত প্ৰথম বংশৰ বীজে সেইবোৰ কঢ়িয়াই নিয়ে আৰু শস্যৰ উৎপাদন বৃদ্ধি কৰে। এই সংকৰণ প্ৰক্ৰিয়াটো এটা জটিল প্ৰক্ৰিয়া। এক সম্পূৰ্ণ আধুনিক বিজ্ঞানসন্মত প্ৰযুক্তিকৌশলেৰে হাইব্ৰীড বীজ উৎপাদনৰ কৰা হয়। কিছুমান বিশেষ গুণ যেনে, উচ্চ উৎপাদন, সহজে হাউলি নপৰা, অনিষ্টকাৰী কীট আৰু ৰোগ প্ৰতিৰোধ কৰিব পৰা, হ্ৰস্বম্যাদী কৃষিকাল, নিৰ্দিষ্ট গোন্ধ আৰু আকাৰৰ চাউল আদি অনেক গুণৰ সমাহাৰ কৰি বীজবোৰ কৃষকলৈ মাজলৈ বিক্ৰিৰ বাবে মোকোলাই দিয়া হয়। কিন্তু তাৎপৰ্যপূৰ্ণ কথা হল, হাইব্ৰীড ধানৰ খেতিৰ পৰা কৃষকে বীজ ৰাখিব নোৱাৰে, পুনৰাই ক্ৰয় কৰিব লাগিব।

হাইব্ৰীড ধানৰ খেতি ক’ত কেতিয়া আৰম্ভ হৈছিল ?

পৃথিৱীৰ ভিতৰত চীনদেশতেই প্ৰথমে হাইব্ৰীড ধানৰ বাণিজ্যিক উৎপাদনৰ আৰম্ভ হয় আৰু ১৯৭৬ চনতেই প্ৰথমটো হাইব্ৰীড জাত মুকলি হয়। বৰ্তমান চীনৰ মুঠ ধানখেতিৰ মাটিকালিৰ ৫৩ শতাংশতেই হাইব্ৰীড ধানৰ খেতি কৰা হয় আৰু মুঠ উৎপাদনৰৰ ৫৮ শতাংশ হাইব্ৰীড ধানৰ পৰাই আহে। বৰ্তমান চীনত “চুপাৰ হাইব্ৰীড” ধানৰ উদ্ভাৱন কৰা হৈছে, যাৰ উৎপাদনৰ ক্ষমতা প্ৰতি হেক্টৰত ১৫ টন ( ১৫০ কুইন্টল)।
যদিও চীনদেশতকৈ বহু পিছত অৰ্থাৎ ১৯৮৯ চনৰ পৰাহে প্ৰণালীৱদ্ধ গৱেষণা আৰম্ভ হয়, বাণিজ্যিক হাইব্ৰীড ধানৰ ক্ষেত্ৰত বৰ্তমান চীনৰ পিছতে ভাৰতৰ স্থান।
১৯৯৪-২০০৯ কালছোৱাত ৪৩ বিধ হাইব্ৰীড ধানৰ জাত মুকলি কৰা হৈছে, ইয়াৰে ২৮ বিধ ৰাজহুৱা খণ্ডত আৰু বাকী কেইবিধ ব্যক্তিগত খণ্ডত।

হাইব্ৰীড ধানৰ বীজ কেনেকৈ উৎপাদনৰ কৰা হয় ?

পোনপ্ৰথমে আমি জানি লও, এটি ধানৰ বীজৰ সৃষ্টি কেনেকৈ হয় ? উদ্ভিদৰ ফুলতেই বীজ সৃষ্টিৰ বাবে প্ৰয়োজনীয় প্ৰজনন অঙ্গবোৰ থাকে। ধান এবিধ স্ব-পৰাগযোগী উদ্ভিদ। ধানৰ ফুলবোৰ উভয়লিঙ্গী ফুল অৰ্থাৎ স্ত্ৰীকেশৰ আৰু পুংকেশৰ একেটা ফুলতে থাকে। পুংকেশৰৰ পৰাগধানীত পৰাগৰেণু থাকে। এই পৰাগৰেণু স্ত্ৰীকেশৰৰ গৰ্ভমুণ্ডত পৰি গৰ্ভাশয়ত পুংজনন কোষ (শুক্ৰাণু) আৰু স্ত্ৰীজনন কোষৰ (ডিম্বাণু) মিলন ঘটি ভ্ৰুণৰ সৃষ্টি হয়। এই ভ্ৰুণৰ বিকাশ হৈয়ে ধানৰ বীজ সৃষ্টি হয়।
সহজাত প্ৰক্ৰিয়াৰে ধানৰ বীজ
যেতিয়া গৰ্ভাশয়ত ডিম্বকোষ নিষেচন হবৰ বাবে পৰাগৰেণু
*একেটা ফুলত থকা পৰাগধানীৰ পৰা আহে
*একেজোপা শস্যত থকা অন্য এক ফুলৰ পৰাগধানীৰ পৰা আহে
*একেটা জাতৰ অন্য এজোপা শস্যত থকা ফুলৰ পৰাগধানীৰ পৰা আহে
যেতিয়া কৃষকে গোটেই পথাৰখনতে একেবিধ জাতৰ খেতি কৰে তেতিয়াই সহজাত প্ৰক্ৰিয়াৰ বীজ উৎপাদনৰ হয়।

বৰ্ণসংকৰ (হাইব্ৰীড) ধানৰ বীজ -

*যেতিয়া গৰ্ভাশয়ত ডিম্বকোষ নিষেচন হবৰ বাবে পৰাগৰেণু অন্য এক জাতৰ ধানত থকা ফুলৰ পৰাগধানীৰ পৰা আহে
* আনুবংশিকভাবে ভিন্ন দুবিধ জাতৰ ধানৰ মাজত সংকৰণ ঘটি সৃষ্টি হোৱা প্ৰথম বংশৰ (F1) বীজ।

বৰ্ণসংকৰ ধানৰ বীজ কেনেকৈ উৎপাদনৰ কৰা হয়

বৰ্ণসংকৰ ধানৰ বীজ উৎপাদনৰ বাবে দুটা পদ্ধতি আছে- ২ – শাৰী পদ্ধতি আৰু ৩ – শাৰী পদ্ধতি। কিন্তু বৰ্তমান ৩–শাৰী পদ্ধতিহে ব্যৱহাৰ কৰা হয়।
প্ৰজনন ক্ষমতাহীন পুংজনন কোষ ধানৰ শাৰী (Male Sterile Line)
*এনে এবিধ ধানৰ প্ৰজাতিৰ প্ৰয়োজন হয়, যিবোৰে অকামিলা পৰাগৰেণু সৃষ্টি কৰে
*এই জাতবিধক সংকৰণৰ বাবে মাইকী হিচাপে গণ্য কৰা হয়- যাক CMS Line (বন্ধ্যা পুং কোষপ্ৰৰস) হিচাপে বা ‘A’ line বুলি কোৱা হয়।
*পুষ্প-মঞ্জৰি ভালদৰে ওলাই নাহে। পুষ্প-মঞ্জৰিৰ নিম্নাংশ ধানৰ ধ্বজা-পত্ৰৰ মাজত সোমাই থাকে।
* পৰাগৰেণুবোৰ শেতা, বগা আৰু শোটোৰা পৰা।
* ফুল ফুলি থকাৰ সময় সাধাৰণতে ৭ দিনলৈকে থাকে।
সঁচ সংৰক্ষণ শাৰী (Maintainer Line)
* CMS Line ৰ সৈতে প্ৰায় একেই। পাৰ্থক্য এয়ে যে ইয়াৰ পৰাগৰেণুবোৰ সক্ষম আৰু ইয়াত নিয়মিতভাবেই বীজ উৎপাদনৰ হয়।
*CMS Line টোক সংৰক্ষণ কৰি ৰাখিবৰ বাবে এই শাৰীটোক ব্যৱহাৰ কৰা হয়।
*এই শাৰীটোক B-line বুলিও কোৱা হয়
*যেতিয়া CMS-line ৰ সৈতে B-line ক সংকৰণ কৰা হয়, তেতিয়া প্ৰথম বংশ (F1) ত উৰ্বৰতা (বংশবৃদ্ধি ক্ষমতা) ঘূৰি নাহে।
*পুষ্প-মঞ্জৰি ধ্বজা-পত্ৰৰ পৰা সম্পূৰ্ণকৈ ওলাই আহে।
*পৰাগধানী হালধীয়া, নিপোটল আৰু পৰাগৰেণু সৰিব পৰা হয়।
*CMS-line তকৈ ২-৩ দিন আগতেই B-line ধান ফুলিবলৈ ধৰে।
* ফুল ফুলি থকাৰ সময় ৫ দিনলৈকে থাকে।
পুনৰ সংস্থাপন শাৰী (Restorer Line)
* ই হল যিকোনো এবিধ ধানৰ সঁচ, যিবিধৰ লগত CMS-line সংকৰণ কৰিলে প্ৰথম বংশ (F1)ত উৰ্বৰতা (বংশবৃদ্ধি ক্ষমতা) সংস্থাপন হয়।
* “ পুনৰ সংস্থাপন শাৰী”ক পৰাগৰেণু অভিভাৱক, মতা অভিভাৱক বা R-line বুলিও কোৱা হয়।
*হাইব্ৰীড ধানৰ বীজ উৎপাদনৰ বাবে R-line ক CMS-line ৰ পৰাগযোগকাৰী হিচাপে ব্যৱহাৰ কৰা হয়।
*শস্য বৃদ্ধিকাল CMS-line ৰ সৈতে একে হবও পাৰে বা নহবও পাৰে।
*পুষ্প-মঞ্জৰি ধ্বজা-পত্ৰৰ পৰা সম্পূৰ্ণকৈ ওলাই আহে।
*পৰাগধানী হালধীয়া, নিপোটল আৰু পৰাগৰেণু সৰিব পৰা হয়।
* ফুল ফুলি থকাৰ সময় ৫ দিনলৈকে থাকে।

মনত ৰাখিব লাগিব-
*হাইব্ৰীড বীজ উৎপাদনৰ প্ৰযুক্তিকৌশল ধানৰ জাত উৎপাদনৰ প্ৰযুক্তিকৌশলতকৈ সম্পূৰ্ণ পৃথক।
* কৃষকে প্ৰতিবছৰে/ প্ৰতিটো ঋতুতে হাইব্ৰীড বীজ ক্ৰয় কৰিব লাগে।
*হাইব্ৰীড বীজৰ শতকৰা ৯৯ ভাগেই নিৰ্ভেজাল হব লাগে।

সংযোজন -


শেহতীয়াকৈ এইবাৰো অসমৰ বহুঠাইত কৃষকৰ পথাৰত হাইব্ৰীড ধানৰ ঠোক পতান হোৱা দেখা গৈছে। হাইব্ৰীড ধানত পতান বহু কাৰণত হব পাৰে-
১। পুষ্টিমৌলৰ বিশেষকৈ নাইট্ৰজেন, ফছফৰাছ আৰু পটেছিয়াম মৌলৰ পৰিমাণৰ তাৰতম্যৰ বাবে ধান পতান হব পাৰে। বিশেষকৈ নাইট্ৰজেনৰ পৰিমাণ যদি প্ৰয়োজনীয় পৰিমাণতকৈ অধিক হয় আৰুপটেছিয়াম মৌলৰ পৰিমাণ জোখতকৈ কম হয় তেতিয়াও ধানবোৰ পূৰঠ নহব পাৰে
২। হাইব্ৰীড ধানবোৰক নিৰ্দিষ্ট পৰিমাণৰ উত্তাপ আৰু সূৰ্যৰ কিৰণৰ প্ৰয়োজন হয়, সেয়ে ৰোপন সময়ৰ তাৰতম্য হলেও ধান পতান হব পাৰে।
৩। ধানৰ ফুল ফুলি থকাৰ সময়ত অত্যধিক বৰষুণ, বতাহ, শিল বৰষুণ হলেও ধান পতান হব পাৰে।
৪। ধানৰ এবিধ মাৰাত্মক ৰোগ 'নেক ব্লাষ্ট'ৰ বাবেও ধান পতান হব পাৰে
৫। মজাখোৱা পোকৰ আক্ৰমণৰ বাবেও ধানৰ ঠোক পতান হব পাৰে।
৬। হাইব্ৰীড ধানৰ খেতি এবাৰ কৰাৰ পিছত যদি সেইডৰা ধানৰ পৰা বীজ ৰাখি পিছৰ পৰা খেতি কৰা হয় তেতিয়াও ধান পতান হব পাৰে।
৭। হাইব্ৰীড ধানৰ বীজবোৰৰ গুণগত মানদণ্ড সঠিক নহলেও ধান পতান হব পাৰে। বহুতো অসাধু ব্যৱসায়ীয়ে ভেজাল বীজ বিক্ৰি কৰি খেতিয়কক মাধমাৰ সোধায়।

লেখক: নয়ন কুমাৰ বৰা

উৎস: সেউজ চিন্তা

2.94117647059
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top