মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / কৃষি আঁচনি আৰু ইয়াৰ প্ৰয়োজনীয়তা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৃষি আঁচনি আৰু ইয়াৰ প্ৰয়োজনীয়তা :

কৃষি আঁচনি আৰু ইয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা হৈছে ।

 

‘নেবান্ধি সিঁচিলে পানীৰো ক্ষয় নাই’ বুলি অসমীয়াত এষাৰ কথা আছে। উপযুক্ত ভেটা নিদিয়াকৈ পানী সিঁচি শেষ কৰিব নোৱাৰি আৰু তেনে কামৰ পৰা সফলতা লাভ কৰা কঠিন। ঠিক তেনেকৈয়ে, আমি কৰিবলৈ লোৱা কৰ্মসমুহৰ বাবে একোখন আঁচনি প্ৰস্তুত কৰি লৈ কামত আগবাঢ়িলেহে তাৰ পৰা কৃতকাৰ্যতা লাভ কৰিব পৰা যাব। আমাৰ ৰাজ্যখনৰ অধিকাংশ কৃষকৰে জীৱিকা নিৰ্বাহৰ প্ৰধান উৎস হৈছে কৃষি। কৃষি কাৰ্যৰ জৰিয়তে আশানুৰুপ লাভৱান হ’বলৈ হ’লে আমাক প্ৰথমেই লাগিব এখন সু-পৰিকল্পিত কৃষি আঁচনি, য’ত থাকিব এখন পথাৰত বছৰজুৰি খেতি কৰিব পৰা স্পষ্ট কাৰ্য বিৱৰণী। আমাৰ ৰাজ্যখনত থকা অধিকাংশ কৃষকৰে খেতি উপযোগী মাটি কম। তদুপৰি, কৃষক ৰাইজৰ বেছিভাগ মাটি বিভিন্ন অঞ্চলত অথবা বেলেগ বেলেগ পথাৰত সিঁচৰিত হৈ আছে। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কৃষক ৰাইজে বছৰজুৰি বহুতপৰীয়া খেতি পতাত যথেষ্ট সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। এখন পৰিকল্পিত কৃষি আঁচনি যুগুত কৰি নোলোৱাৰ ফলস্বৰুপে বহুতো কৃষকে খেতি এটা আৰম্ভ কৰিবলৈ যো জা চলাওঁতে খেতিৰ সময় পাৰ হৈ যায়। কৃষিভুমিৰ কাষতে থকা মাটিৰ গৰাকীসকলে একে সময়তে বা ঐক্যবদ্ধভাৱে খেতিৰ কাম আৰম্ভ নকৰিলেও কৃষি অনুৰাগী কৃষক ৰাইজে কৃষি কাৰ্যত আগবাঢ়িব নোৱাৰে। ফলস্বৰুপে ভালেমান কৃষকে একোখন বহল পথাৰত বছৰত এটা খেতি পাতিয়েই ক্ষান্ত থাকিব লগা হয়। আমাৰ ৰাজ্যখনত উদ্ভৱ হোৱা এনে সমস্যাসমুহ আঁতৰ কৰিবলৈ হ’লে প্ৰতিখন পথাৰৰ বাবে কাৰ্যকৰী হোৱাকৈ একোখন সু-পৰিকল্পিত কৃষি অঁচনি প্ৰস্তুত কৰি লোৱাটো অতীব প্ৰয়োজনীয়। এখন পথাৰৰ বাবে কৃষি আঁচনি এখন প্ৰস্তুত কৰিবলৈ যাওঁতে আমি কেইটামান দিশ প্ৰথমেই বিশ্লেষণ কৰা উচিত। সেই দিশসমুহৰ ভিতৰত:

১) মাটিৰ গুণগত অৱস্থা:  বিভিন্ন শস্যৰ খেতিৰ বাবে বিভিন্ন শ্ৰেণীৰ মাটিৰ প্ৰয়োজন হয়। কিছুমান মাটিৰ গুণাগুণ অঞ্চলভেদে বেলেগ বেলেগ হোৱা দেখা যায়। কিছুমান আলতীয়া কিছুমান বালিচহীয়া, কিছুমান অধিক অম্লীয় আৰু কিছুমান মাটি কম অম্লীয়। মাটিৰ এনে গুণাগুণৰ বিষয়ে বিতংকৈ জানিবলৈ মাটি পৰীক্ষাগাৰলৈ মাটিডৰাৰ নমুনা পঠাই পৰীক্ষা কৰি লোৱা উচিত। পৰীক্ষাগাৰৰ পৰা পোৱা প্ৰতিবেদনৰ ভিত্তিত কোনডৰা মাটিত বছৰজুৰি কি কি খেতি কৰিব পৰা যাব তাক নিৰ্ধাৰণ কৰি কৃষি আঁচনিখন প্ৰস্তুত কৰা ভাল। তদুপৰি খেতি কৰিবলৈ লোৱা পথাৰডৰা চেঁচুকীয়া নে ৰ’দঘাই তাক নিৰীক্ষণ কৰিহে আঁচনিখন প্ৰস্তুত কৰা উচিত।

২) জলসিঞ্চনৰ সুবিধা: খেতিৰ পৰা আশানুৰুপ সফলতা লাভ কৰিবলৈ হ’লে পথাৰডৰাত জলসিঞ্চনৰ ব্যৱস্থা থকাটো অপৰিহাৰ্য । জলসিঞ্চন সুবিধা থকা পথাৰত শস্যক সময়মতে পানী দিবলৈ, হাল বাবলৈ বা বীজ সিঁচিবলৈ সহজ হৈ পৰে। জলসিঞ্চনৰ সুবিধা থকা পথাৰত বছৰজুৰি বহুতপৰীয়া খেতি অথবা মিশ্ৰিত খেতি কৰিবলৈ সুবিধা হয়। তেনে পথাৰৰ কৃষকে বৰষুণৰ বাবে অপেক্ষা কৰি থাকিব লগা নহয়। গতিকে একোখন কৃষি আঁচনি প্ৰস্তুত কৰাৰ আগতে পথাৰখনত জলসিঞ্চনৰ ব্যৱস্থা আছেনে নাই অথবা তাত পানী যোগানৰ উৎস কি হ’ব পাৰে তাকো বিশ্লেষণ কৰি চোৱা দৰকাৰ।

৩) মাটিৰ পৰিসৰ: আমাৰ ৰাজ্যখনৰ সৰহসংখ্যক কৃষকৰে কৃষিভুমিৰ পৰিসৰ কম। কৃষকৰ মাটিৰ পৰিসীমাৰ ওপৰতো একোখন আঁচনিৰ কৃতকাৰ্যতা নিৰ্ভৰ কৰে। যিহেতু, আছুতীয়াকৈ থকা পথাৰ এখনত কৃষকজনে নিজৰ ইচ্ছামতে খেতি আৰম্ভ কৰিব পাৰে যদিও বহল মুকলি পথাৰ এখনত তেনেদৰে অকলে খেতি পতাত অসুবিধা আছে। উপযুক্ত বেৰা থকা এখন পথাৰত যেনেদৰে গোটেই বছৰজুৰি বিভিন্ন খেতি কৰিব পৰা যায়, জেওৰা- জপনা নথকা পথাৰ এখনত তেনেদৰে খেতি কৰাটো মুঠেই সম্ভৱ নহয়। ইয়াত উল্লেখ কৰা দিশসমুহৰ উপৰি কৃষকৰ আৰ্থিক অৱস্থা, কৃষি যন্ত্ৰ-পাতিৰ ব্যৱস্থা আদি দিশসমুহৰ ওপৰতো প্ৰাধান্য দি আঁচনিখন প্ৰস্তুত কৰিলেহে তাৰ পৰা আশানুৰুপ লাভৱান হ’ব পৰা যাব। ব্যক্তিগতভাৱে কৃষি আঁচনি এখন যুগুত কৰি লোৱাতকৈ একোখন পথাৰত খেতি কৰা কৃষকৰাইজে ঐক্যবদ্ধভাৱে কৃষি আঁচনিখন প্ৰস্তুত কৰি ল’লে ভৱিষ্যতে কোনো জটিল সমস্যাৰ উদ্ভৱ নহয়। এই ক্ষেত্ৰত কৃষি বিভাগৰ বিষয়-ববীয়া, কৃষি বিজ্ঞানী অথবা অভিজ্ঞ লোকৰ পৰামৰ্শ লোৱাটো অপৰিহাৰ্য। সুখৰ বিষয় যে আজিকালি পথাৰ পৰিচালনা সমিতিসমুহেও এই কাৰ্যত অগ্ৰণী ভুমিকা লোৱা দেখা গৈছে। উল্লেখযোগ্য যে এখন নিৰ্দিষ্ট পথাৰত খেতি কৰিবৰ বাবে যুগুতোৱা আঁচনিখনত নিম্নোক্ত বিৱৰণসমুহ উল্লেখ থাকিলে কৃষক ৰাইজে সেইমতে খেতিৰ যা-যোগাৰ চলাবলৈয়ো সুবিধা পায় -

ক) পথাৰখনত বছৰত কি কি খেতি কৰিব পৰা যাব

খ) কোনবিধ শস্যৰ বাবে কেনেধৰণৰ জাত নিৰ্বাচন কৰিব

গ) প্ৰতিবিধ শস্যৰ খেতিৰ আৰম্ভণি আৰু চপোৱাৰ নিৰ্দিষ্ট তাৰিখ

ঘ) বীজ, সাৰ আদিৰ পৰিমাণ আৰু যোগান ব্যৱস্থা

ঙ) মাটি চহোৱা আৰু বীজ সিঁচাৰ সময়

চ) শস্য ৰক্ষা আৰু আৰু সংৰক্ষণ ব্যৱস্থা

ছ) জলসিঞ্চনৰ সময়

জ) খেতিৰ প্ৰাৰম্ভিক খৰচ আৰু লাভালাভ ইত্যাদি।

এখন নিৰ্দিষ্ট পথাৰত বিজ্ঞানসন্মত পদ্ধতিৰে খেতি কৰিবলৈ উপযুক্ত আঁচনি প্ৰস্তুত কৰি ল’লে সময়মতে খেতিৰ কাম আৰম্ভ কৰিব পৰা যাব, শস্যৰ উৎপাদন বহুগুণে বাঢ়িব আৰু প্ৰকৃতিৰ মহান অৱদান কৃষি ভুমিৰো সদব্যৱহাৰ হ’ব। নিৰ্দিষ্ট কৃষি আঁচনি এখনৰ অবিহনে অসমত থকা আহল-বহল পথাৰবোৰত বহতপৰীয়া খেতিৰ যোগেদি আশানুৰুপ সফলতা লাভ কৰাটো মুঠেই অসম্ভৱ। কৃষিক ব্যৱসায় হিচাপে ল’বলৈ হ’লে কৃষি আঁচনি এখন প্ৰস্তুত কৰি সেইমতে খেতি কৰিবলৈ কৃষক ৰাইজৰ লগতে উদীয়মান যুৱক-যুৱতীসকলেও আগভাগ ল’ব লাগিব। তেতিয়াহে-

১) কৃষি উপযোগী মাটিত বছৰজুৰি বহুতপৰীয়া খেতি পাতিব পৰা যাব।

২) চৰকাৰী অথবা বেচৰকাৰী নলীনাদসমুহ কাৰ্যক্ষম হৈ থাকিব।

৩) উদঙীয়া জীৱ-জন্তুৰ উপদ্ৰৱ কমিব।

৪) খেতিত আধুনিক প্ৰযুক্তিৰ বহুল প্ৰয়োগ হ’ব আৰু তাৰ লগে লগে ৰাজ্যখনৰ আৰ্থিক বুনিয়াদ অধিক সবল কৰি তুলিব পৰা যাব।

লেখক: ড° কুমুদ চুতীয়া (দৈনিক জনমভুমি)

2.95833333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top