মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / কৃষি উন্নয়নত জলসিঞ্চনৰ ভূমিকা:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৃষি উন্নয়নত জলসিঞ্চনৰ ভূমিকা:

অসম কৃষি প্ৰধান ৰাজ্য।অসমৰ মুঠ জনসংখ্যাৰ 85 শতাংশ লোক গাঁওত বাস কৰে আৰু তেওঁলোকৰ প্ৰায় সকলোৰে জীৱিকাৰ মূল বৃত্তি হ’ল কৃষি।সামগ্ৰিকভাৱে ৰাজ্যখনৰ মুঠ কৰ্মৰত ব্যক্তিৰ প্ৰায় 65 শতাংশই কৃষি কৰ্মত নিয়োজিত আৰু প্ৰায় 70 শতাংশ লোকৰ জীৱিকা প্ৰত্যক্ষ আৰু পৰোক্ষ ভাৱে কৃষিৰ ওপৰত নিৰ্ভৰশীল।ৰাজ্যখনৰ মুঠ আয়ৰ প্ৰায় 45 শতাংশ কৃষিখণ্ডৰ পৰাই আহৰণ হয়।গতিকে অসমৰ অৰ্থনীতিত কৃষিৰ অৱদান অনস্বীকাৰ্য্য।কৃষিৰ উন্নয়ন অবিহনে ৰাজ্যখনৰ আৰ্থ-সামাজিক উন্নয়ন সম্ভৱ নহয়।

 

অসম কৃষি প্ৰধান ৰাজ্য।অসমৰ মুঠ জনসংখ্যাৰ 85 শতাংশ লোক গাঁওত বাস কৰে আৰু তেওঁলোকৰ প্ৰায় সকলোৰে জীৱিকাৰ মূল বৃত্তি হ’ল কৃষি।সামগ্ৰিকভাৱে ৰাজ্যখনৰ মুঠ কৰ্মৰত ব্যক্তিৰ প্ৰায় 65 শতাংশই কৃষি কৰ্মত নিয়োজিত আৰু প্ৰায় 70 শতাংশ লোকৰ জীৱিকা প্ৰত্যক্ষ আৰু পৰোক্ষ ভাৱে কৃষিৰ ওপৰত নিৰ্ভৰশীল।ৰাজ্যখনৰ মুঠ আয়ৰ প্ৰায় 45 শতাংশ কৃষিখণ্ডৰ পৰাই আহৰণ হয়।গতিকে অসমৰ অৰ্থনীতিত কৃষিৰ অৱদান অনস্বীকাৰ্য্য।কৃষিৰ উন্নয়ন অবিহনে ৰাজ্যখনৰ আৰ্থ-সামাজিক উন্নয়ন সম্ভৱ নহয়।

জলসিঞ্চনৰ আৱশ্যকতা:

 

পানীয়েই কৃষিৰ প্ৰাণ।উন্নত জাতৰ বীজ,সাৰ,কীট-পতঙ্গ নাশক ঔষধ আদিৰ ওপৰত শস্যৰ উৎপাদন নিৰ্ভৰ কৰে যদিও কৃষিৰ মূল উপাদান পানী।শস্যক্ষেত্ৰত সময়মতে আৰু যথোচিত পৰিমাণৰ পানী নাথাকিলে অন্যান্য সকলো উপাদান প্ৰয়োগ কৰিলেও আশানুৰূপ ফল লাভ কৰাটো সম্ভৱ নহ্য়।গোলকীয় উষ্ণতা বৃদ্ধি,জলবায়ু পৰিবৰ্তন আদি কাৰকবোৰৰ বাবে বিগত বছৰ কেইটাত ৰাজ্যখনৰ কোনো কোনো ঠাইত খৰাং সদৃশ বতৰ অনুভূত হৈ আহিছে।তদুপৰি অসমত পৰ্য্যাপ্ত পৰিমাণৰ বৰষুণ হয় যদিও খেতিৰ বতৰত পানীৰ অভাবেও দেখা দিয়ে।সাম্প্ৰতিক কালত মৌচুমী বায়ুৰ গতি আৰু সময় সলনিয়ে কৃষি ব্যৱস্থাৰ ক্ষতি সাধন কৰিছে।সেয়েহে কৃষি উন্নয়নৰ ক্ষেত্ৰত নিশ্চিত জলসিঞ্চনৰ ব্যৱস্থা এটি প্ৰধান আৰু অপৰিহাৰ্য্য অংগ হিচাবে পৰিগণিত হৈছে।এই প্ৰসঙ্গতে জলসিঞ্চননো কি সেই কথা চমুকৈ কৈ থোৱা ভাল হ’ব।প্ৰকৃতিৰ অনুগ্ৰহত পোৱা বৰষুণৰ ওপৰত নিৰ্ভৰ নকৰি ভূতল বা ভূগৰ্ভত পানীৰ সুপৰিকল্পিতভাবে আৰু বৈজ্ঞানিক পদ্ধতিৰে শস্যক্ষেত্ৰত প্ৰয়োজন অনুসৰি যোগান ধৰা কাৰ্যকে জলসিঞ্চন বুলি কোৱা হয়।

জলসিঞ্চন আঁচনিৰ প্ৰকাৰ:

 

শ্ৰেণী বিভাজন অনুসৰি জলসিঞ্চনৰ আঁচনিসমূহক তিনি প্ৰকাৰত বিভক্ত কৰা হয়।সেইবোৰ হ’ল-বৃহৎ জলসিঞ্চনৰ প্ৰকল্প,মজলীয়া জলসিঞ্চন প্ৰকল্প,ক্ষুদ্ৰ জলসিঞ্চন আঁচনি।

বৃহৎ জলসিঞ্চন প্ৰকল্প:যি প্ৰকল্পৰ জৰিয়তে 10,000 হেক্টৰতকৈ অধিক কৃষিভূমিত পানী যোগানৰ ব্যৱস্থা কৰিব পৰা যায় তেনে প্ৰকল্পক বৃহৎ জলসিঞ্চন প্ৰকল্প বুলি কোৱা হয়।

মজলীয়া জলসিঞ্চন প্ৰকল্প:2,000 হেক্টৰৰ পৰা 10,000 হেক্টৰলৈকে কৃষিভূমি সামৰি ল’ব পৰা জলসিঞ্চন প্ৰকল্পকে মজলীয়া জলসিঞ্চন প্ৰকল্প বুলি কোৱা হয়।

ক্ষুদ্ৰ জলসিঞ্চন আঁচনি:কৃষিৰ উপযোগী 2,000 হেক্টৰ বা তাতাকৈ কম মাটিকালি জলসিঞ্চনৰ সুবিধাৰে সামৰি ল’ব পৰা আঁচনিকে ক্ষুদ্ৰ জলসিঞ্চন আঁচনি বুলি কোৱা হয়।

উপৰোক্ত শ্ৰেণী বিভাজনৰ উপৰিও পানীৰ উৎস অনুসৰি আঁচনিবোৰ দুটা ভাগত ভাগ কৰিব পাৰি।সেইবোৰ হ’ল-

  1. বোঁৱতী জলসিঞ্চন আঁচনি আৰু

2.  উত্তোলিত জলসিঞ্চন আঁচনি।

বোঁৱতী জলসিঞ্চন আঁচনি:কোনো নৈ বা নিজৰাৰ গতিপথত বান্ধ দি নলাৰ জৰিয়তে ভূপৃষ্ঠৰ পানী খেতি পথাৰলৈ বোৱাই নিয়া পদ্ধতিকে বোঁৱতী জলসিঞ্চন আঁচনি বোলা হয়।

উত্তোলিত জলসিঞ্চন আঁচনি:কোনো নৈ,বিল,পুখুৰী বা আন জলাশয়ৰ পৰা পাম্পেৰে ভূপৃষ্ঠৰ বা ভূগৰ্ভৰ পানী উত্তোলন কৰি নলাৰ জৰিয়তে খেতি পথাৰলৈ বোৱাই নিয়া জলসিঞ্চন পদ্ধতিক উত্তোলিত জলসিঞ্চন আঁচনি বোলা হয়।নলীনাদ আঁচনি সমূহ এই বিভাগত অন্তৰ্গত।

জলসিঞ্চন ব্যৱস্থাৰ উন্নয়ন:

 

অসমৰ জলসিঞ্চনৰ সৰ্বশেষ পৰিসৰ 27 লাখ হেক্টৰ বুলি ঠাৱৰ কৰা হৈছে।ইয়াৰ ভিতৰত 20 লাখ হেক্টৰ কৃষিভূমি ভূ-পৃষ্ঠৰ পানীৰ পৰা আৰু 7 লাখ হেক্টৰ কৃষিভূমি ভূ-গৰ্ভস্থ পানীৰ পৰা সামৰি ল’বলৈ লক্ষ্য স্থিৰ কৰা হৈছে।সম্ভাব্য 27 লাখ হেক্টৰ কৃষিভূমি 10 লাখ হেক্টৰ বৃহৎ আৰু মজলীয়া জলসিঞ্চন প্ৰকল্পৰ জৰিয়তে আৰু 17 লাখ হেক্টৰ কৃষিভূমি ক্ষুদ্ৰ জলসিঞ্চন আঁচনিৰে সামৰি লোৱা হ’ব।

ৰাজ্যখনত বৰ্ত্তমানলৈ 2990 টা ক্ষুদ্ৰ জলসিঞ্চন আঁচনি আছে।ইয়াৰ ভিতৰত 1431 টা আঁচনি সম্পূৰ্ণ হোৱা আৰু আন 1559 টা আঁচনি নিৰ্মাণৰ বিভিন্ন পৰ্যায়ত অসম্পূৰ্ণ অৱস্থাত আছে।তাৰোপৰি বিভাগটোত 20 টা বৃহৎ ও মজলীয়া জলসিঞ্চন প্ৰকল্প আছে যাৰ ভিতৰত 15 টা প্ৰকল্প ইতিমধ্যে সম্পূৰ্ন হৈছে।

বৰ্ত্তমানলৈ বৃহৎ,মজলীয়া আৰু ক্ষুদ্ৰ আটাইবোৰ জলসিঞ্চনৰ আঁচনিৰ জৰিয়তে মুঠ 7.90 লাখ হেক্টৰ কৃষি ভূমিত পানী যোগানৰ শক্তি আহৰণ কৰা হৈছে।

জলসিঞ্চন বিভাগটোৱে আৰম্ভণিৰে পৰা ৰাজ্যিক পৰিকল্পনাৰ ধনৰ জৰিয়তে জলসিঞ্চন আঁচনিৰ নিৰ্মাণ আৰু পৰিচালনা কৰি আছিল যদিও বিগত বহু বছৰ ধৰি ৰাজ্যিক পৰিকল্পনাত ধাৰ্য কৰা ধন অতি তাকৰ হৈ পৰে।সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি যেনে-এ আই বি পি,এন এল চি পি আৰ,এককালীন কেন্দ্ৰীয় সাহায্য,ৰাজ্যিক পৰিকল্পনা,জনজাতি উপ-পৰিকল্পনা,অনুসূচীত জাতি উপ-পৰিকল্পনা,অসম বিকাশ যোজনা আদিৰ জৰিয়তে জলসিঞ্চন আঁচনি নিৰ্মাণৰ চেষ্টা অব্যাহত আছে।

এইটো অনস্বীকাৰ্য্য যে বিভাগটোৰ অন্তৰ্গত চৰকাৰী জলসিঞ্চন আঁচনিৰ জৰিয়তে 7.90 লাখ হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ শক্তি আহৰিত হৈছে যদিও উক্ত আটাইখিনি কৃষি ভূমিত জলসিঞ্চন প্ৰয়োগৰ সুবিধা খেতিয়কসকলে গ্ৰহণ কৰা নাই নতুবা উপযুক্ত সময়ত প্ৰদান কৰিব পৰা নাই।সেয়েহে জলসিঞ্চনৰ আহৰিত শক্তি আৰু জলসিঞ্চন প্ৰয়োগ-এই দুটাৰ মাজত এক ব্যাপক ব্যৱধান পৰিলক্ষিত হৈছে।এই ব্যৱধান দুৰীকৰণৰ বাবে অংশীদাৰী জলসিঞ্চন ব্যৱস্থাৰ অধীনত জলসিঞ্চন আঁচনিৰ অন্ত্ৰ্গত এলেকাৰ কৃষক সকলৰ মাজত পানী উপভোক্তো সমিতি গঠন কৰা হৈছে যাতে আঁচনিৰ তদাৰকী আৰু চালন কৃষক সকললৈ হস্তান্তৰ কৰিব পৰা যায়।এনে কৰাৰ ফলত আঁচনিখনৰ মালিকীস্বত্ব কৃষকসকলে অনুভৱ কৰিব পাৰিব আৰু আঁচনিসমূহ সুপৰিচালিত হ’ব।বৰ্ত্তমানলৈ ৰাজ্যখনত 1407 খন পানী উপভোক্তা সমিতি গঠন হৈছে।

সাম্প্ৰাতিক পৰিকল্পনা:

 

এইখিনিতে উল্লেখনীয় যে ভাৰত চৰকাৰৰ দ্বাৰা প্ৰস্তাবিত “প্ৰধান মন্ত্ৰী কৃষি সিঁচাই যোজনা” (পি এম কে এছ ওৱাই)ৰ অধীনত অসমৰ আটাইকেইখন জিলাতে 2016-17 চনৰ পৰা 2020-21 চনলৈ এই পাঁচ বছৰৰ বাবে জলসিঞ্চন আঁচনি নিৰ্মাণৰ প্ৰস্তাব ইতিমধ্যে অনুমোদিত হৈছে আৰু অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ৰাজ্যিক পৰিকল্পনা অনুমোদনৰ বাবে যাৱতীয় কাৰ্য্য ব্যৱস্থা গ্ৰহণ কৰিছে।উক্ত যোজনা প্ৰবৰ্ত্তিত হ’লে অসমৰ জলসিঞ্চন ব্যৱস্থাই এক নতুন গতি লাভ কৰিব।

 

উৎস:জলসিঞ্চন বিভাগ,অসম চৰকাৰ

3.14
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top