মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / কৃষি ব্যৱসায় পৰিচালনা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৃষি ব্যৱসায় পৰিচালনা :

কৃষি ব্যৱসায় পৰিচালনাৰ বিষয়ে লিখা হৈছে ।

 

সাম্প্ৰতিক কালত গ্ৰাম্য জনসাধাৰণৰ জীৱিকাৰ পথ, কৃষিক এটা বহুমূখী ব্যৱসায় হিচাপে গন্য কৰাৰ পৰিৱেশ সৃষ্টি হৈছে। বিশ্বৰ উন্নত দেশসমুহৰ দৰে ভাৰতবৰ্ষৰো বহুকেইখন উন্নত ৰাজ্যৰ কৃষকে ইতিমধ্যই কৃষিক ব্যৱসায়িক ভিত্তিত লৈছে। কিন্তু আমাৰ অসমৰ দৰে কেইবাখনো ৰাজ্যত শিক্ষাৰ অভাৱতে হওক অথবা পথ-প্ৰদৰ্শকৰ অভাৱতে হওক সৰহসংখ্যক কৃষকেই কেৱল পৰিয়ালটিক পোহপাল দিয়াৰ উদ্দেশ্যৰেই কৃষকৰ্মক সাৱটি থাকিব লগীয়া হৈছে। বহুতৰে ক্ষেত্রত আকৌ কৃষি এতিয়া প্ৰাথমিক জীৱিকা হৈ থকা নাই; বৰঞ্চ চাকৰি অথবা অন্যান্য ব্যৱসায়হে ওপৰিঞ্চি বৃত্তি হৈ পৰিছে। গতিকে কৃষি কৰ্মৰ ওপৰত প্ৰাথমিক গুৰত্ব দিয়াৰ সময় বা আগ্ৰহ এইসকল খেতিয়কৰ ক্ষেত্রত হ্ৰাস হৈ আহিছে। সম্ভৱত: কৃষিকৰ্মত কষ্ট আৰু আশঙ্কাৰ পৰিমাণ তুলনামূলকভাৱে অধিক বুলি বিবেচনা কৰিয়েই এইসকল কৃষকে লাহে লাহে আত্মনিয়োগৰ বিকল্প পথ বিচাৰিবলৈ আৰম্ভ কৰিছে। অসমৰ কৃষি উন্নয়নৰ গতি মন্থৰ হোৱাৰ ইও এক কাৰণ হব পাৰে।

নিবনুৱা যুৱকৰ আশা আৰু অৰ্হতা:

কিন্তু বৰ্ত্তমান বৰ্দ্ধিত নিবনুৱা সমস্যাৰ বাবে এক বুজনসংখ্যক শিক্ষিত যুৱকে কৃষিকে আঁকোৱালী ল’বলৈ বাধ্য হৈছে। এইসকল যুৱকৰ বাবে, লগতে কৃষিকেই প্ৰাথমিক জীৱিকা হিচাবে গন্য কৰা ক্ষুদ্ৰ, উপান্ত আৰু বৃহৎ খেতিয়কসকলৰ বাবে কৃষি আন বহুতো ব্যৱসায়ৰ তুলনাত এটা প্ৰচুৰ লাভজনক ব্যৱসায় হ’ব পাৰে।
যিহেতু কৃষিক এটা ব্যৱসায় হিচাবে আলোচনা কৰিবলৈ লোৱা হৈছে, গতিকে এজন ব্যৱসায়িক কৃষকৰ সফলতাৰ বাবে কেনে গুণৰ প্ৰয়োজন তাকে প্ৰথমেই বিচাৰ কৰি চোৱা যাওক।
এজন ব্যৱসায়িক কৃষকৰ স্বাভাৱিকতে কিছু দূৰদৰ্শিতা থাকিব লাগিব যাতে ভৱিষ্যতৰ কথা চিন্তা কৰি তেও এক বাস্তৱবাদী পৰিকল্পনা প্ৰস্তুত কৰিবলৈ সমৰ্থবান হয়। তেওঁ নিজে এজন কৃষিবিদ নহবও পাৰে। অৰ্থাৎ আধুনিক কৃষি পদ্ধতি, মাটিৰ গুণাগুণ, উন্নত বীজ, ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য ইত্যাদিৰ সম্পৰ্কে তেওঁৰ জ্ঞান সীমিত হ’ব পাৰে। তেনেবোৰ জ্ঞান আহৰণ কৰিবৰ বাবে সুবিধাৰ অভাৱ নিশ্চয় নহয়। কৃষকজনৰ উদ্যম হৈছে এটা মূল সম্পদ।
কিন্তু আটাইতকৈ গুৰত্বপূৰ্ণ গুণটো হৈছে তদাৰকী পটুতা। কাৰণ ব্যৱসায়িক কৃষিৰ সাফল্যৰ বাবে কৃষকজন প্ৰথমেই হ’ব লাগিব এজন পাৰদৰ্শী পৰিচালক অথবা তদাৰক- কৰ্তা। আয়-ব্যয়ৰ হিচাব আৰু সকলো কামৰ খতিয়ান ৰাখিব পৰা ক্ষমতা তেওঁৰ থাকিব লাগিব।

নিখুঁত হিচাপৰ প্ৰয়োজন -

যিকোনো ব্যৱসায়ৰ সফলতাৰ মূল ভেটি হ’ল আয়-ব্যয়ৰ নিখুঁত হিচাব আৰু সকলো খুটি-নাতিৰ নিৰ্ভূল খতিয়ান। আমাৰ গ্ৰামাঞ্চলত খেতিয়কসকলৰ অধিকাংশৰে এনে হিচাবৰ খতিয়ান ৰখাৰ স্বভাৱ প্ৰায় নাই বুলিয়েই হয়। এজন খেতিয়কৰ নিজা মাটিত বছৰটোৰ ভিতৰত কি কি খেতি কৰা হৈছে, সেই খেতিত কিমান ধন আৰু সামগ্ৰী খটুওৱা হৈছে, উৎপাদন কিমান হৈছে, সেই উৎপাদনৰ পৰা কিমান ধন লাভ হৈছে আদিৰ হিচাপ নথকাৰ ফলত একোটা খেতিৰ পৰা অথবা একোখন পথাৰৰ পৰা কিমান বাৰ্ষিক লাভ হৈছে তাক নিৰ্ভুলভাৱে বুজিবলৈ উপায় নাথাকে। বিশেষ একোটা কৃষি পদ্ধতি নতুনকৈ অৱলম্বন কৰাৰ ফলত প্ৰকৃতাৰ্থত কিমান ওপৰিঞ্চি লাভ হৈছে সেয়া বুজাটোও অসম্ভৱ হৈ পৰে। ফলত ব্যৱসায়ৰ দুৰ্বল আৰু সবল দিশবোৰ বিচাৰি উলিওৱা কঠিন হৈ পৰে। তেনেক্ষেত্রত, অধিক লাভ কৰিবৰ কাৰণে যি অৰ্থনৈতিক পৰিকল্পনাৰ প্ৰয়োজন সেয়া সম্ভৱ হৈ নুঠে।

সম্পদৰ সমীক্ষা  -

কৃষিক ব্যৱসায় হিচাবে ল’বলৈ হ’লে কৃষকজনৰ হাতত থকা কৃষি সম্পদ যেনে ভূমি, পশুধন,(গৰু, ছাগলী, কুকুৰা ইত্যাদি) প্ৰত্যেকটোকে একোটা সম্বল গোট হিচাবে লৈ সেইবিলাকৰ উচিত ব্যৱহাৰ কৰিব লাগে। একোটা গোটকে একোটা উৎপাদনকাৰী গোট ৰূপে গণ্য কৰিব লাগিব (উদাহৰণস্বৰূপে ধানখেতি, মাহখেতি, সৰিয়হ খেতি, কুঁহিয়াৰ খেতি, নাৰিকল, পাণ ইত্যাদিৰ খেতি, শাক-পাচলিৰ খেতি, খীৰতী গাই, ম’হ, ছাগলী, হাঁহ, কুকুৰা, গাহৰি ইত্যাদি)। তেনেবিলাক উৎপাদনকাৰী গোটৰ পৰা পাবলগীয়া লাভ বৃদ্ধি কৰিবৰ কাৰণে আটাইবোৰ কাৰ্য ব্যৱস্থা ল’ব লাগিব। তেনে কৰিবলৈ যাওতে যিকেইটা বিশেষ সিদ্ধান্তৰ ওপৰত কৃষকজনৰ সফলতা নিৰ্ভৰ কৰিব, সেই সিদ্ধান্ত কেইটা নিম্নলিখিত প্ৰশ্নবোৰৰ ওপৰত প্ৰতিষ্ঠত হ’ব-

প্ৰশ্নৰ অৱতাৰণা আৰু সমাধান -

১) কি উৎপাদন কৰা হ’ব? কি শস্যৰ খেতি কৰা হ’ব? কোনটো পশুধন পালন কৰা হ’ব?
ভূমি আৰু মাটিৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি এটা উপযুক্ত শস্য নিৰ্বাচন কৰি ল’ব লাগিব, যিটোৰ পৰা আটাইতকৈ বেছি লাভ পাব পাৰি। ঠিক সেইদৰে আটাইতকৈ লাভদায়ক পশুধন নিৰ্বাচন কৰিব লাগিব। এই সিদ্ধান্তৰ লগত বজাৰৰ চাহিদাৰ ওত:প্ৰোত সম্পৰ্ক থাকিব লাগিব।

২) কিমান উৎপাদন কৰা হ’ব?
ব্যৱসায়িক সম্বল অৰ্থাৎ ভূমি, পশুধন, আহিলা ইত্যাদিৰ ওপৰত ভিত্তি কৰি কিমান উৎপাদন সম্ভৱপৰ হ’ব, আৰু কিমান উৎপাদন কৰিলে পৰিয়ালৰ চাহিদা পূৰণ কৰি ওপৰিঞ্চি আয় পাব পাৰি, সেইবোৰ বিষয়ৰ ওপৰত এই সিদ্ধান্ত নিৰ্ভৰ কৰিব।

৩) উৎপাদনৰ প্ৰয়োজনীয় সম্পদ অৰ্থাৎ ভূমি, শ্ৰমিক আৰু মূলধন কেনেকৈ পোৱা যাব?
মূলধনৰ বাবে বেঙ্ক, কৃষক সমবায়, গাওঁপঞ্চায়ত, সমবায় সমিতি আদিৰ পৰা ঋণৰ সুবিধা ল’ব নে নিজৰ মূলধনৰ ওপৰত নিৰ্ভৰ কৰিব? নিজৰ ভূমিৰ উপৰিও আনৰ পৰা ভাৰা বা চুক্তিত ভূমি লোৱা হ’ব নেকি? খেতিত কাম কৰিবৰ বাবে হাজিৰা বনুৱাৰ ওপৰত নিৰ্ভৰ কৰিব নে পৰিয়ালৰ মানুহেই খেতিৰ কাম সম্পূৰ্ণ কৰিব? সফল পৰিকল্পনাৰ বাবে এনেবোৰ সিদ্ধান্ত গুৰত্বপূৰ্ণ।

৪) কি পদ্ধতিৰে উৎপাদন কৰা হ’ব?
কেনে পদ্ধতিৰে মাটি চহোৱা, শস্য সংৰক্ষণ ইত্যাদি কাৰ্য সম্পাদন কৰা হ’ব আৰু পশুধনৰ ক্ষেত্রত উন্নত খাদ্য (দানা) অথবা কৃত্রিম প্ৰজননৰ দ্বাৰা অধিক উৎপাদনক্ষম কৰাৰ ব্যৱস্থা লোৱা হ’ব নেকি? –এনেধৰণৰ সিদ্ধান্তৰ যোগেদি সৰ্বাধিক লাভৰ প্ৰচেষ্টা অত্যন্ত প্ৰয়োজনীয়।

৫) কৃষি সামগ্ৰী সমুহ (যেনে, বীজ, কীটনাশক, সাৰ, আহিলা-পাতি, গো-ম’হৰ খাদ্য ইত্যাদি) ক’ৰ পৰা আৰু কেতিয়া কিনিলে অধিক লাভ হ’ব?
বিভিন্ন চৰকাৰী আঁচনিৰ জৰিয়তে যোগান ধৰা ৰেহাই মূল্যৰ সামগ্ৰীসমুহৰ সুবিধা সঠিক সময়ত ল’ব পাৰিলে লাভৰ সম্ভাৱনা অধিক

৬) কৃষি উৎপাদন সমুহ কেতিয়া আৰু কোন ঠাইত বিক্ৰী কৰিলে অধিক লাভ হ’ব?
স্থান আৰু সময়ভেদে সামগ্ৰীসমহৰ বজাৰ মূল্য হ্ৰাস বা বৃদ্ধি হ’ব পাৰে। কোন সময়ত আৰু কোন ঠাইত (বজাৰত) আটাইতকৈ অধিক বিক্ৰীমূল্য পাব পাৰি তাৰ ওপৰত বিবেচনা কৰি এই সিদ্ধান্ত ল’ব লাগিব।

এই সিদ্ধান্তবোৰ লোৱাৰ বাবে এজন ব্যৱসায়ী কৃষকে কেইটামান নিৰ্দিষ্ট পৰ্যায়ৰ মাজেদি প্ৰণালীবদ্ধভাৱে আগবাঢ়িব লাগিব। সেই পৰ্যায় কেইটা হৈছে:

পৰিকল্পনাৰ পৰ্যায়সমুহ
১) এক নিৰ্দিষ্ট লক্ষ্য নিৰ্দ্ধাৰণ
দৰাচলতে মূল লক্ষ্যটো হ’ল অধিক আয়। কিন্তু সেই লক্ষ্যটো নিৰ্দ্ধাৰণ কৰোতে কৃষকজনৰ প্ৰকৃত ক্ষমতাৰ লগত সঙ্গতি ৰাখি, বাস্তৱবাদী দৃষ্টভংগীৰে কৰিব লাগিব- অৰ্থাৎ লক্ষ্য অসাধ্য হ’ব নেলাগিব।

২) সমস্যা সমুহৰ চিনাক্তকৰণ
লক্ষ্যৰ ফালে আগবাঢ়োতে সন্মুখীন হ’বলগীয়া সমস্যাসমুহ চিনাক্তকৰণ কৰি উলিওৱাটো নিত্যান্তই প্ৰয়োজনীয়। আৰ্থিক অভাৱ এটা সমস্যা হ’ব পাৰে; তাৰ বাবে বেঙ্ক, সমবায় আদিৰ ওচৰ চাপিব পাৰি। বনুৱাৰ অভাৱ এটা সমস্যা হ’ব পাৰে; তেনেক্ষেত্রত আনঠাইৰ পৰা হাজিৰাভিত্তিত অন্য বনুৱা অথবা নিজৰ পৰিয়ালৰ শ্ৰমদানেৰে সমস্যা সমাধান কৰিব পৰা যায়। উপযুক্ত বীজ, কীটনাশক, ৰাসায়নিক সাৰ আদিৰ অভাৱ আন এক সমস্যাৰূপে দেখা দিব পাৰে, অথবা প্ৰয়োজনীয় কাৰিকৰী জ্ঞানৰ অভাৱো এটা সমস্যা হ’ব পাৰে; এই ক্ষেত্রত কৃষি বিভাগৰ ওচৰ চাপিলে সমাধানৰ পথ সন্ধান কৰিবলৈ সহায় হ’ব।

৩) প্ৰয়োজনীয় তথ্য সংগ্ৰহ
আটাইবোৰ আনুসঙ্গিক সমস্যা সমাধানৰ বাবে আগতীয়াকৈ সংগ্ৰহ কৰি লোৱাটো এটা গুৰত্বপূৰ্ণ পদক্ষেপ। এই ক্ষেত্রত কৃষি বিভাগ তথা গ্ৰামোন্নয়ন আদি চৰকাৰী বিভাগ সমুহৰ পৰা তথ্য সংগ্ৰহ কৰিব পৰা যায়।

৪) বিকল্পৰ ওপৰত বিবেচনা
লক্ষ্য নিৰ্দ্ধাৰণ, সমস্যা চিনাক্তকৰণ আৰু তথ্য সংগ্ৰহৰ পিছত কেইবাটাও বিকল্প পথ সন্মুখলৈ আহিব পাৰে। সকলো দিশ চালি-জাৰি চাই সৰ্ব্বাধিক লাভজনক বিকল্পটো গ্ৰহণ কৰিব লাগে।

৫) সিদ্ধান্ত গ্ৰহণ
কোনটো বিকল্প গ্ৰহণ কৰিলে কম সময় আৰু কম কষ্টৰে সৰ্ব্বাধিক লাভ কৰি লক্ষ্যত উপনীত হ’ব পৰা যাব, সেই সিদ্ধান্তই হৈছে কৃষি বাণিজ্যৰ মূল ভেটি।

৬) কাৰ্যকৰীকৰণ
গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ীহে পৰিকল্পিত ভাৱেকৃষিকাৰ্যত আগবঢ়াটো বাঞ্ছনীয়।

৭) দায়িত্ব গ্ৰহণ
এজন খেতিয়ক/ ব্যৱসায় পৰিচালক তেওঁৰ সিদ্ধান্তৰ ফলাফলৰ দায়িত্ব গ্ৰহণ কৰিবলৈ সাজু থাকিব লাগিব। প্ৰতিজন কৃষকে ভালদৰে জানে যে তেওৰ সিদ্ধান্তৰ ওপৰতে পৰিয়ালটোৰ জীৱিকা নিৰ্ভৰ কৰিব। সেয়েহে সিদ্ধান্তৰ ফলাফল বেয়া হ’ব পাৰে বুলি সন্দেহ বা শঙ্কা কৰিয়েই বহুতো কৃষকে এই গধুৰ দায়িত্ব গ্ৰহণ কৰিবলৈ অনিচ্ছুক হয়। কিন্তু সিদ্ধান্ত গ্ৰহণৰ আগৰ পৰ্যায়ত যদি নিখুতভাৱে আগবঢ়া হয় আৰু কাৰ্যকৰীকৰণৰ পৰ্যায়ত যদি পৰিকল্পনা মতেই কাম কৰা হয়, তেনেহ’লে সন্দেহ বা শঙ্কাৰ থল থাকিব নোৱাৰে।

৮) সিদ্ধান্তৰ মূল্য নিৰ্ণয়
কোনো এটা সিদ্ধান্তৰ মূল্য নিৰ্ণয় কাৰ্য শেষ হ’লেহে সিদ্ধান্তৰ পৰা হোৱা লাভ বা লোকচানৰ খতিয়ান তৈয়াৰ কৰিব পৰা হ’ব। উৎপাদন বৃদ্ধি হৈছে নে নাই আৰু বৰ্দ্ধিত উৎপাদনৰ বাবে খটুওৱা ওপৰিঞ্চি মূলধনৰ পৰা প্ৰকৃতাৰ্থত আৰ্থিক লাভ যথোপযুক্ত হৈছে নে নাই তাৰ ওপৰতহে সিদ্ধান্তৰ সফলতা নিৰ্ভৰ কৰিব।
এটা পৰিয়ালৰ আৰ্থিক অৱস্থা উন্নত কৰিবলৈ যাওঁতে স্বাভাৱিকতে অধিক কষ্টৰ প্ৰয়োজন হয়। কিন্তু কেৱল কষ্ট কৰিলেই আৰ্থিক উন্নতি আশানুৰূপ নহ’বও পাৰে। তাৰ বাবে এনেধৰণৰ প্ৰণালীবদ্ধভাৱে পৰিকল্পনা কৰি লৈ উপযুক্তৰূপে সেইবোৰ ৰূপায়ণ কৰিলে ৰাসায়নিক কৃষিৰ পৰা অধিক লাভ অৱশ্যম্ভাৱী।

ব্যয়ৰো পৰিকল্পনা আছে:
এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন। আমাৰ খেতিয়ক সমাজৰ প্ৰায় সকলোৰে ক্ষেত্রতে দেখা যায় যে কোনো এটা বছৰত উৎপাদন বাঢ়িলে সেই বছৰত পৰিয়ালৰ খৰছৰ পৰিমাণো বৃদ্ধি হয়। উৎপাদন বঢ়াই অধিক লাভ কৰিবলৈ যি দৰে পৰিকল্পনাৰ প্ৰয়োজন, সেইদৰে পৰিয়ালৰ ব্যয়ৰ বাবেও এক নিৰ্দিষ্ট পৰিকল্পনাৰ প্ৰয়োজন। অধিক উৎপাদনৰ পৰা পোৱা ওপৰিঞ্চি আয়ৰ সমুদায় অংশ পৰিয়ালৰ ভৰণ-পোষণৰ বাবে ব্যয় নকৰি বৰ্দ্ধিত আয়ৰ এটা নিৰ্দ্ধাৰিত অংশ কৃষি মূলধন ৰূপে সঞ্চয় কৰাটো অতি আৱশ্যকীয়। তেনে কৰিলেহে ভৱিষ্যতৰ কৃষিকাৰ্যত অধিক ধন খটুৱাই আগতকৈ অধিক লাভ কৰিব পৰা যাব। কৃষি ব্যৱসায়ৰ বাবে প্ৰয়োজনীয় আহিলা, যন্ত্র-পাতি ইত্যাদি ক্ৰয় কৰিবৰ বাবে আৰু প্ৰতিটো কৃষি গোটৰ (খেতি, গো পালন, হাঁহ কুকুৰা পালন) সম্পদ বৃদ্ধি কৰিবলৈকো এটা নিৰ্দিষ্ট ব্যায়ৰ প্ৰয়োজন। তেনে কৰিলেহে ক্ৰমান্ধয়ে ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি কৰিব পৰা হ’ব।
হাতত থকা সম্বলৰ পৰা লাভৰ সৰ্ব্বাধিকৰণ যিকোনো ব্যৱসায়ৰ মূল লক্ষ্য। কৃষিৰ ক্ষেত্রতো ই সফলতাৰ প্ৰথম ভেটি।
আমাৰ গ্ৰামাঞ্চলৰ কৃষকৰ আৰ্থিক উন্নতিৰ বাবে প্ৰতিজন কৃষকৰ ঘৰখনক একোটা ব্যৱসায়িক প্ৰতিষ্ঠানৰূপে গঢ় দিব পাৰিলেহে দেশৰ সামগ্ৰীক উন্নয়ন সম্ভৱ হ’ব। কৃষকসকলক একোজন ব্যৱসায় পৰিচালকৰূপে গঢ়ি তুলিবলৈ কৃষিপাম ব্যৱসায়িক পৰিচালনা প্ৰশিক্ষণ লোৱাতো অত্যন্ত প্ৰয়োজনীয়। প্ৰতিজন কৃষককে হিচাব ৰখা আৰু খতিয়ান ৰখা ইত্যাদি কামৰ বাবে আগ্ৰহী কৰি তোলাতো বৰ্ত্তমান কৃষি উন্নয়নৰ সৈতে জড়িত থকা ব্যক্তি বা প্ৰতিষ্ঠান সমুহৰ এটা প্ৰাথমিক কৰ্তব্য হৈ পৰিছে।

লেখক: ডঃ অৰূপ বৰঠাকুৰ

উৎস: সেউজ চিন্তা

2.89473684211
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
সম্পৰ্কীয় সামগ্ৰীসমূহ
অধিক ...
Back to top