অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

খেতিৰ দিহা :

খেতিৰ দিহাৰ বিষয়ে লিখা হৈছে ।

এতিয়া শীতকালীন ফুলৰ বতৰ । নাৰ্জি, ডালিয়া, গ্লেডিওলাছ, লিলিয়ামৰ কলম বা পুলি ৰোৱাৰ আগতে ৰোগমুক্ত কৰিবলৈ ১০ লিটাৰ পানীত ১ গ্ৰাম বেভিষ্টিন ২ গ্ৰাম ইন্দোফিল এম ৪৫ নাইবা কেপটাফ মিহলাই তাত পুলিবোৰ ৫ মিনিট ডুবাই ৰোপণ কৰক । ৰোৱাৰ আগতে ১০০ গ্ৰাম কেঁচুসাৰ মাটিত দিয়ক ।

  • আলু ৰোৱাৰ আগতে ৫০ গ্ৰাম ইন্দোফিল এম ৪৫, মেনকাজেৱ/ কেপটান ১০ লিটাৰ পানীত মিহলাই আলু বা কটা আলুবোৰ ২০-২৫ মি: উক্ত মিশ্ৰণত ডুবাই টুকি লৈ ছাঁত শুকুৱাই আলু ৰুব । এনে কৰিলে ব্লাইট ৰোগে নধৰে ।
  • ঋতুকালীন ফুলৰ গছত পোক-পৰুৱা প্ৰতিৰোধ কৰিবলৈ কেৱল মালাথিয়ন ৫০ ইচি, ৰগৰ ৩৫ ইচি কীটনাশক দ্ৰব্য ছটিয়াব । ১০ লিটাৰ পানীত ১৫ মিলিলিটাৰ কীটনাশক দ্ৰব্য মিহলাই আবেলি পৰত স্প্ৰে’ কৰিব ।
  • বেঙেনাৰ পুলি ৰোৱাৰ ২০-২৫ দিন পাছত গুৰিৰ পৰা নিলগত চক্ৰাকাৰে লোৰ খান্দি ৩ গ্ৰাম ফুৰাডন (কাৰ্বোফুৰান) প্ৰয়োগ কৰিলে কোনো পোকে গছ, পাত বা ফলৰ ক্ষতি কৰিব নোৱাৰে ।
  • ফলমূল, গছ যেনে- বগৰী, মধুৰিআম, আম, নেমু আদি গছৰ বুঢ়া ডাল, ৰোগাক্ৰান্ত ডাল মাটিৰ পৰা তিনিফুট তলৰ ডাল কাটি দিয়ক আৰু তাত ৰোগৰ বাবে ইন্দোফিল এম-৪৫ আৰু পোক-পৰুৱা নিয়ন্ত্ৰণৰ বাবে ৰগৰ, ফছফোমিডন প্ৰয়োগ কৰিব ।
  • এতিয়া শীতকাল, বৰষুণ কম সেয়ে তামোল, নাৰিকল, পাণ আদি গছত পানী দিব । গৰু-ম’হ দোকমোকালিতে তামোল, নাৰিকলৰ গছত বান্ধক । ল’ৰা- ছোৱালীক গছৰ গুৰিত গা-ধুবলৈ দিয়ক । নাৰিকল গছ বেছি লহপহীয়াকৈ বাঢ়ি যদি বহু বছৰ ধৰি ফল-ফুল লগা নাই তেতিয়াহ’লে সাৰ প্ৰয়োগ বন্ধ কৰি গা-গছত সৰুকৈ আয়ত-ক্ষেত্ৰাকাৰে ফুটা কৰি খুলি দিলে ফুল-ফল লাগিব । প্ৰতিজোপা গছত ২৫ গ্ৰাম সুৱগা নৱেম্বৰতে দিয়ক ।
  • তামোল ফুলা বন্ধ কৰিবলৈ ২ শতাংশ বৰাক বা সুৱগা স্প্ৰে’ কৰক । বাগান পৰিষ্কাৰ কৰি গেনোডাৰমা নহ’বলৈ শিপা অংশত ৫০-১০০ গ্ৰাম কেপটানৰ গুড়ি দিয়ক লগতে চাফ-চিকুণকৈ ৰাখি বাগানত পানী ওলাই যোৱাৰ সুব্যৱস্থা কৰক । শুকান ডাল-পাত গুচাই পুৰি পেলাব ।
  • ফুলকবিৰ ৰং আৰু ওজন ঠিকে ৰাখিবলৈ প্ৰতি বিঘা মাটিত ১ কিলো সুৱগা মাটিত ৰোৱাৰ আগতে দিব । এনে কৰিলে ঠাৰি অংশ ফোপোলা হৈ নাথাকে, ওজনো বাঢ়ে ।
  • বৰোধান, আগতীয়া আহু কৰা মাটিডোখৰত খেতি কৰাৰ ৩০ দিন আগতে ধইনচাৰ খেতি কৰি ধান ৰোৱাৰ ৪/৫ দিন আগতে হাল বাই মিহলাই পচিবলৈ দিলে গছে যথেষ্ট পৰিমাণে জৈৱিক সাৰ পোৱাৰ লগতে মাটিৰ গুণাগুণ বৃদ্ধি পাব আৰু পানী ধাৰণৰ ক্ষমতা বৃদ্ধি পাব ।

উৎস :- অসমীয়া খবৰ

3.28571428571
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top