মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / চিত্রনেলাৰ খেতি আৰু ইয়াৰ উদ্যোগ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চিত্রনেলাৰ খেতি আৰু ইয়াৰ উদ্যোগ :

চিত্রনেলাৰ খেতি আৰু ইয়াৰ উদ্যোগৰ বিষয়ে লিখা হৈছে ।



কৃষি স্নাতক উদ্যোগী ৰঞ্জিত কুমাৰ বৰা হ’ল অসমত সুগন্ধি উদ্ভিদৰ খেতি আৰু ইয়াৰ বাণিজ্যৰ এটি পৰিচিত নাম। কৃষি স্নাতক হৈয়ে প্ৰথমে ব্যক্তিগত কোম্পানীত চাকৰি কৰিছিল যদিও পিছত সেই চাকৰি বাদ দি নিজে ব্যৱসায় আৰম্ভ কৰে। কলিয়াবৰ তিনিআলিৰ নাতিদূৰতে “কলিয়াবৰ নাৰ্চাৰী”নামেৰে এখন উদ্যান শস্যৰ নাৰ্চাৰীৰ লগতে সুগন্ধি উদ্ভিদ চিত্ৰনেলা আৰু পাছাউলিৰ খেতি আৰম্ভ কৰে। প্ৰায় ১৫০ বিঘা মাটিত কৰা চিত্ৰনেলা আৰু পাছাউলিখিনিৰ পৰা সুগন্ধি তেল নিষ্কাষণৰ বাবে এটি নিষ্কাষণ গোটো স্থাপন কৰে। প্ৰায় ১৫-১৬ বছৰ নিৰৱছিন্নভাৱে ধৈৰ্য সহকাৰে নিজৰ ব্যৱসায়ত লাগি থাকি বৰ্তমানেও কাৰ্যনিৰ্বাহ কৰি আছে

চিত্রনেলাৰ গুৰুত্ব -

চিত্রনেলা এবিধ সুগন্ধি তেল উৎপাদন কৰা ঘাঁহ জাতীয় শস্য। ইয়াৰ খেতি কৰিবলৈ অতি সহজ। এই খেতি অসমত বহুদিনৰ পৰাই লাভজনকভাবে কৰি অহা হৈছে। এই খেতি বাম মাটিত কৰা হয়। পাহাৰীয়া হেলনীয়া মাটিতো এই খেতি কৰিব পাৰি। এই চিত্রনেলা খেতি এবাৰ লগালে, ৫-৬ বছৰ মানলৈ উৎপাদন পাব পাৰি। মাটি অনুযায়ী ৫-৬ বছৰৰ পাছত এই খেতি উঠাই পুনৰ ৰোপন কৰিব লাগে। চিত্রনেলাৰ পুলিবোৰ ৰোপনৰ ৬ মাহৰ পাছৰ পৰাই ইয়াৰ পাতৰ পৰা তেল উৎপাদন কৰিব পৰা হয়। এই তেলৰ চাহিদা প্ৰচুৰ। ভাৰতবৰ্ষৰ লগতে বিদেশৰ পৰাওঁ এই তেলৰ বজাৰ আমাৰ হাতলৈ আহি থাকে। বৰ্ত্তমান বহুতো উদ্যোগীয়ে এই খেতি কৰি আছে যদিও বৰ্ত্তমান বজাৰৰ চাহিদা মতে, অসমে এই চিত্রনেলা তেল উৎপাদন কৰিব পৰা নাই। আমাৰ দৃষ্টিত বৰ্ত্তমান অসমে মুঠ বজাৰৰ চাহিদাৰ তুলনাত মাত্র ৫% তেলহে উৎপাদন কৰে। গতিকে এই খেতিৰ পৰা আমাৰ বৰ্ত্তমান কৃষিভিত্তিক উদ্যোগ স্থাপন কৰিবলৈ যথেষ্ট থল আছে। যাৰ দ্বাৰা অসমৰ বহুতো কৃষক তথা যুৱক-যুৱতীয়ে এই খেতি ব্যৱসায়ীভিত্তিত কৰি, উদ্যোগ স্থাপনৰ জৰিয়তে আত্মসংস্থাপন লাভ কৰিব পাৰিব। এটি ক্ষুদ্ৰ উদ্যোগে নিজকে আত্মসংস্থাপন দিয়াৰ লগতে আন ১০ জনকো সংস্থাপন দিব পৰা ক্ষমতা বহন কৰে। এই চিত্রনেলা খেতি গৰু-ছাগলীয়েও অনিষ্ট কৰিব নোৱাৰে। যিহেতু চিত্রনেলাৰ পাতবোৰত তেল থাকে, গৰু-ছাগলীয়ে এই পাতবোৰ নাখায়। পোনপ্ৰথমে কুমলীয়া পাতবোৰ ওলাওতেই কিছুমান গৰুৱে অলপ খাবলৈ চেষ্টা কৰে যদিও বিশেষ ক্ষতি কৰিব নোৱাৰে। গতিকে এই খেতি কৰোতে বিশেষ কোনো বেৰা (ফেনচিং) আদিৰ প্ৰয়োজন নহয়।

চিত্রনেলা হব পাৰে উদ্যমীসকলৰ বাবে এক সফল ব্যৱসায় -

কোনো এজন উদ্যোগীয়ে এই খেতি কৰি আত্মসংস্থাপনৰ বাট মোকলাব বিচাৰিলে, তেওঁ প্ৰথমে ৪০-৪৫ বিঘা মাটি যোগাৰ কৰিব লাগিব। নিজৰ মাটি নহলেও হ’ব। খেতিৰ বাবে প্ৰয়োজনীয় মাটি বছৰেকীয়া ভাড়া হিচাপত আনৰ পৰাওঁ ল’ব পাৰিব। অন্যথা আন আন কৃষকৰ লগত লগ লাগি চুক্তিৱদ্ধ কৃষি (Contract farming) জৰিয়তে উদ্যোগ চলাই নিব পাৰিব। আজিকালি বহুতো ব্যৱসায়ী গোষ্ঠিয়ে এনেধৰণৰ উদ্যোগ স্থাপন কৰি, চুক্তিৱদ্ধ কৃষিৰ জৰিয়তে পাত উৎপাদন কৰি, সেই পাতবোৰ কৃষকৰ পৰা উচিত মূল্যত কিনি লৈ, সুন্দৰভাৱে উদ্যোগ চলাই নিছে। এইক্ষেত্রত কৃষক আৰু উদ্যোগ দুয়োটাই লাভৱান হয়।

লাভা-লাভৰ দিশটো কেনেকুৱা?

বৰ্ত্তমানৰ বজাৰ মূল্য হিচাপত যদি এই খেতিৰ লাভ লোকচান চোৱা যায়, তেন্তে দেখা যায় যে প্ৰতিবিঘা মাটিত এজন উদ্যোগীয়ে সকলো খৰছ বাদ দি বছৰি ১৫,০০০ টকা লাভ কৰিব পাৰে। এনেক্ষেত্রত এটা উদ্যোগে এটা গোট(Unit) স্থাপন কৰিলে, ৫,০০,০০০ টকা লাভ কৰিব পাৰে। আমি এটা গোট(Unit) বুলি কওঁতে এটা তেল নিষ্কাষণ কৰা গোট(Unit) আৰু ইয়াৰ বাবে প্ৰয়োজনীয় ৪৫ বিঘা চিত্রনেলা খেতিৰ কথা কোৱা হৈছে। কোনো এজন উদ্যোগীয়ে সামৰ্থ অনুযায়ী কেইবাটাও গোট(Unit) স্থাপন কৰি ল’ব পাৰে। যাৰ দ্বাৰা তেওঁ ব্যৱসায়টো বঢ়াই নিব পৰা সক্ষমতা অৰ্জন কৰে। আমি যদি, এই বছৰেকীয়া মুঠ লাভখিনি, মাহিলি হিচাপত বিশ্লেষণ কৰি চাওঁ, তেন্তে দেখা যায় যে, এজন উদ্যোগীয়ে এটা গোট(Unit)ৰ পৰা মুঠ ৫,০০,০০০ টকা যদি এবছৰত লাভ কৰে, তেন্তে তেওঁৰ মাহিলি আয় প্ৰায় ৪০,০০০ টকা। গতিকে এজন যুৱক-যুৱতীৰ বাবে, এইটো এটা উৎসাহজনক কথা। প্ৰথমে এজন নতুন উদ্যোগীয়ে এটা নতুন গোট(Unit) স্থাপন কৰাৰ পাছত, তেওঁ ইচ্ছা কৰিলে,এনেধৰণৰ কেইবাটাও গোট(Unit) স্থাপন কৰি, অধিক আয় কৰিব পাৰে।

চিত্রনেলাৰ খেতি কেনেকৈ কৰিব?

১)চিত্রনেলাৰ বাবে পানী জমা নোহোৱা বাম মাটি হ’লেই যথেষ্ট। পাহাৰীয়া এঢলীয়া মাটিতো এই খেতি কৰিব পাৰি।
২) এই খেতিৰ জাত হিচাপে Java বা “jor-lab-c2” জাতেই ভাল।
৩) এই খেতি কৰিবলৈ সাধাৰণ কৃষকে ১বিঘা মাটি বা তাতোধিক মাটিত খেতি কৰি চুক্তিৱদ্ধ কৃষিৰ জৰিয়তে বিক্ৰী কৰিব পাৰে।
৪)কৃষকে এই পাতবোৰ উদ্যোগক ২৫০-৩০০ টকাত বিক্ৰী কৰিব পাৰে। এনেদৰে এজন কৃষকে একমাত্র কেঁচাপাত বিক্ৰী কৰিয়েই, প্ৰতিবিঘা মাটিৰ পৰা ১০,০০০-১২,০০০ টকা বছৰি লাভ কৰিব পাৰে।
৫) এজন কৃষকে যদি নিজে উদ্যোগ স্থাপন কৰি ব্যৱসায়িকভিত্তিত কৰিবলৈ লয়, তেন্তে তেওঁ মুঠ ৪৫ বিঘা মাটিত এই খেতি কৰিব লাগিব। তেতিয়া প্ৰতিবিঘা মাটিৰ পৰা মুঠ লাভ কৰিব প্ৰায় ১৬,০০০ টকা (বছৰি)।
৬)এই খেতি কৰিবলৈ আন বাম খেতি কৰাৰ দৰে মাটি ডোখৰ ৪-৫ বাৰ ভালদৰে চহাই ল’ব লাগে। শেষ বাৰ হালবোৱাৰ সময়ত প্ৰতিবিঘাত ৩ টন গোৱৰ (১ ট্ৰেক্টৰ ট্ৰেইলৰ), ইউৰীয়া- ১০ কিলো, একক চুপাৰ ফচফেট (SSP) সাৰ- ৩০ কিলো আৰু পটাছ (MOP)- ৫কিলো মিহলি কৰি ল’ব লাগে।
৭) পুলিবোৰ (Slip অৰ্থাৎ ধানৰ কঠিয়াৰ দৰে পুলি) ২-৩ ডাল একেলগে লৈ, ২ফুট দূৰত্বত শাৰী শাৰীকৈ লগাই থ’ব লাগে।
৮) প্ৰয়োজন অনুসৰি এমাহ মানৰ পাছত এবাৰ মাজৰ ঘাঁহবোৰ উঠাই দিব পাৰিলে ভাল।
৯)এনেদৰেই ৬ মাহৰ পাছত ১ম বাৰ পাত কাটি আনিব পাৰিব। ১ম বছৰ ২-৩ বাৰ মানহে পাত কাটিব পাৰিব। তাৰ পাছৰ বাৰৰ পৰা প্ৰতিবছৰে ৫-৬ বাৰ পাত কাটিব পাৰিব। এনেদৰে বছৰটোত মুঠ ৫০-৬০ কুইন্টেল কেঁচা পাত পাব পাৰি।

কেনেকৈ আগবাঢ়িব?

১)এই “চিত্রনেলা”ৰ ৰোপন সামগ্ৰী (Slip) আমাৰ ব্যৱসায়িক প্ৰতিষ্ঠান Brahmaputra Valley Aromatic Oil Industry ৰ পৰা কিনিব পাৰিব। প্ৰতিটো Slip ৰ মূল্য ৬০ পইচা। এবিঘা মাটিৰ বাবে ৭,০০০ Slip ৰ (পুলিৰ) প্ৰয়োজন।
২) আমাৰ উদ্যোগৰ জৰিয়তে আগ্ৰহী ব্যক্তিক মৌলিক প্ৰশিক্ষণ দিয়া হয়।
৩) পুলিকে ধৰি তেল নিষ্কাষণ গোটৰ যন্ত্ৰ-পাতিলৈকে সকলো ব্যৱস্থা কৰি দিয়া হয়।
৪) সমগ্ৰ প্ৰকল্পটোত পুলিৰ পৰা মেচিনলৈকে মুঠ ৮-৯ লাখ টকাৰ ব্যয় হ’ব।

সুগন্ধি তেল ক’ত বিক্ৰি কৰিব?

উৎপাদিত তেল বিক্ৰিৰ বাবে এখন ডাঙৰ বজাৰ আছে। তাৰ কিছুসংখ্যক কিনোতা এজেঞ্চিৰ নাম উল্লেখ কৰা হৈছে।
১। Brahmaputra Valley Aromatic oil Industry- Koliabor.
২। Neo-fragrance-
৩। Ajmol group- /Mumbai
৪। Sri Mata Bio-tech- Banglore
৫। Natural Aroma- New Delhi etc.

মুঠতে যথেষ্ট বজাৰৰ চাহিদা থকা এই খেতি নতুন উদ্যোগী যুৱক-যুৱতীৰ বাবে অতি সুবিধাজনক আৰু অতি সহজে আত্মসংস্থাপন ল’ব পৰা এক উদ্যোগীক খেতি।

লেমন গ্ৰাছ -

১)“চিত্রনেলা”ৰ দৰে “লেমন গ্ৰাছ” খেতিও একেই সুবিধাজনক।
২) কৃষি পদ্ধতি আৰু তেল নিষ্কাষণ পদ্ধতিৰো কোনো পাৰ্থক্য নাই।
৩)লেমন তেলৰ বজাৰ মূল্যও চিত্ৰনেলাৰ সৈতে একেই।
শেষত ইয়াকে ক’ব বিছাৰো যে এনে এটা লাভজনক খেতিৰ গুৰুত্ব আমাৰ সন্মানীয় চৰকাৰে অনুভৱ কৰিব লাগে আৰু সঠিকভাৱে আচনি যুগুত কৰি কৃষকসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিলে অসমত এখন বৃহৎ সুগন্ধি তেলৰ বজাৰ মুকলি হ’ব। আমাৰ বহুদিনৰ অভিজ্ঞতাৰ পৰা এই কথা দৃঢ়ভাৱে ক’ব পাৰি যে, সুগন্ধি তেলৰ উৎপাদনৰ জৰিয়তে সুস্থ আৰু এক সম্পূৰ্ণ ফলপ্ৰসূ আচঁনি (কৃষক প্ৰশিক্ষণ, কৃষকক পুলিযোগান, কৃষক ঋণ বা কৃষক অৰ্থ সাহাৰ্য, উৎপাদিত তেলৰ সংগ্ৰহৰ বাবে জিলাভিত্তিক ক্ৰয় কেন্দ্ৰ, অসমৰ বাহিৰৰ বৃহৎ কোম্পানী বা এজেঞ্চি ৰ বাবে Single door বিক্ৰী কেন্দ্ৰ আদি) ৰূপায়িত কৰিব পৰা যাব। আমি ভাবো, বৰ্ত্তমান চলি থকা আচঁনীসমূহ অসম্পূৰ্ণ। যাৰবাবে বহুতো আচঁনি সফল হ’ব পৰা নাই। আমাৰ আচঁনিসমূহ কৃষকসকলে তেখেতসকলৰ স্তৰত সুন্দৰভাৱে ৰূপায়িত কৰিব পৰা সক্ষমতা আছে। মাত্র প্ৰয়োজন বিভাগীয় দপ্তৰৰ পৰ্য্যবেক্ষণ আৰু উৎপাদিত সামগ্ৰীসমূহ উচিত মূল্যত বিক্ৰী কৰিব পৰা জিলাভিত্তিক চৰকাৰী সাহাৰ্যত গঢ় লৈ উঠা বিক্ৰী কেন্দ্ৰ।
যি কি নহওঁক, আমাৰ সকলো নৱ উদ্যোগী যুৱক-যুৱতী সকলে চাকৰি মুখী নহৈ চাকৰিতকৈও বেছি অৰ্থকৰী এই কৃষিভিত্তিক উদ্যোগ “চিত্রনেলা” খেতিৰ জৰিয়তে আত্মসংস্থাপন ল’ব পাৰিব বুলি আমাৰ দৃঢ় বিশ্বাস।

লেখক: শ্ৰী ৰঞ্জিত কুমাৰ বৰা

উৎস: সেউজ চিন্তা



3.0
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top