মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / জলবায়ু আধাৰিত পৰম্পৰাগত স্বদেশী গান আৰু ভাৰতীয় কৃষি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জলবায়ু আধাৰিত পৰম্পৰাগত স্বদেশী গান আৰু ভাৰতীয় কৃষি :

জলবায়ু আধাৰিত পৰম্পৰাগত স্বদেশী গান আৰু ভাৰতীয় কৃষিৰ বিষয়ে লিখা হৈছে ।

 

বিশ্বৰ প্ৰতিটো উন্নত সভ্যতাৰ কৃষি এক অভিন্ন অংগ হিচাপে চিহ্নিত হৈ আহিছে। প্ৰাক-ঐতিহাসিক যুগ কিম্বা বৈদিক কালৰ পৰাই ভাৰতবৰ্ষত কৃষিক বিজ্ঞান হিচাপে স্বীকাৰ্য্য হৈ আহিছে। সিন্ধু, সৰস্বতী সভ্যতাৰ পৰা আদি কৰি হৰপ্পা মহেঞ্জাদাৰো আদিৰ খননত কপাহ উৎপাদন প্ৰক্ৰিয়া, বীজ সংৰক্ষণৰ বাবে ব্যৱহৃত ভড়াল আদিৰ উদ্ধাৰে এক গৌৰৱশালী ইতিহাসৰ সাক্ষ্য বহন কৰে। প্ৰথম শতিকাৰ পৰা পোন্ধৰশতিকালৈকে ভাৰতৰ  অৰ্থব্যৱস্থা বিশ্বৰ সকলোতকৈ ডাঙৰ অৰ্থব্যৱস্থা আছিল। বিখ্যাত অৰ্থনৈতিক ইতিহাসবিদ এংছ মেডিছনৰ তেখেতৰ নিজা গ্ৰন্থ “ The world Economy: A Millenial perspetive” ত বিস্তাৰিত ভাৱে ভাৰতৰ আৰ্থিক শক্তিৰ উল্লেখ কৰিছে। মেডিছনৰ মতে প্ৰথম শতিকাত বিশ্বৰ মুঠ ঘৰুৱা উৎপাদনত ভাৰতৰ অংশ ৩২.৯ শতাংশ আছিল যি ১০০০ চনলৈকে ২৮.৯ শতাংশ আছিল আৰু ভাৰত পৃথিৱীৰ কলোতকৈ ডাঙৰ অৰ্থব্যৱস্থাৰ অধিকাৰী আছিল। চোল ৰজাসকলৰ দ্বাৰা কাবেৰী নদীত নিৰ্মিত বান্দ্ধকে (বিশ্বৰ প্ৰাচীনতম বান্ধৰ ভিতৰত অন্যতম) আদি কৰি এনে ধৰণৰ বহুতো বিজ্ঞানসন্মত কাম হৈছিল যাৰ বাবে ভাৰত বিশ্বৰ সকলোতকৈ অধিক কৃষি সামগ্ৰী ৰপ্তানীকাৰী দেশ হ’বলৈ সমৰ্থ হৈছিল। প্ৰাচীন ভাৰতৰ কৃষি পদ্ধতি তথা কৃষি তন্ত্ৰ কিমান বৈজ্ঞানিক আৰু আধুনিক আছিল সেইটো প্ৰতীয়মান নিয়াবলৈ এটা ঘটনাই যথেষ্ট বুলি ধাৰণা হয়, ইংৰাজসকলে ভাৰতবৰ্ষৰ কৃষিৰ সংশোধন কৰিবলৈ ইংলেণ্ডৰ কৃষি বৈজ্ঞানিক এলবাৰ্ট হাভাৰ্ডক ভাৰতলৈ নিমন্ত্ৰণ জনালে, তেওঁ কেইবাবছৰো অধ্যয়ন কৰাৰ পিছত ভাৰতৰ কৃষি পৰম্পৰাৰ কাবো হৈ পৰিল। নিজা গ্ৰন্থত ‘An Agricultural Testamant’ হাভাৰ্ডে লিখিছে-“আমাৰ ওচৰত ভাৰতক শিকাবলৈ একোৱেই নাই, কিন্তু আমি ভাৰতৰ পৰা খেতি কৰাৰ পদ্ধতি শিকাৰ প্ৰয়োজন। তেখেতৰ গ্ৰন্থখনত ভাৰতৰ বিভিন্ন অঞ্চলৰ জলবায়ু অনুসাৰে কৰা পৰম্পৰাগত কৃষি পদ্ধতিৰ উল্লেখ কৰি ছে, ভাৰতৰ কৃষক ইংলেণ্ডত কৃসি বিজ্ঞানৰ অধ্যাপক হোৱাৰ যোগ্য”। সম্পুৰ্ণ ২৬ বছৰ ভাৰতত থাকি অধ্যয়ন কৰি হাভাৰ্ডে বিশ্ববাসীক কলে জৈৱিক/প্ৰাকৃতিক কৃষি যদি শিকিব বিচাৰে তেৱন্তে ভাৰতলৈ আহক।

কৃষি সম্বন্ধীয় বিশ্বত প্ৰাচীনতম গ্ৰন্থ “কৃষি পৰাশৰ” ত কৃষি পৰিচালনা, পশু বিজ্ঞান (পৰিচালনা, সুদুৰ যাত্ৰা, গোৱৰ সাৰ, কৃষিৰ বিভিন্ন পদ্ধতি (ৰোপণ, কঠিয়া পৰা, বীজ সংৰক্ষণ, কটা, পানীৰ ধাৰণক্ষমতা বৃদ্ধি, উদ্ভিদ সংৰক্ষণ ইত্যাদি), বতৰৰ পুৰ্বানুনাম, গ্ৰহৰ  প্ৰভাৱ, প্ৰাকৃতিক বিপৰ্যয় আদি বিষয়ৰ সমাবেশ হৈছে। কৌটিল্যৰ অৰ্থশাস্ত্ৰটো কৃষিৰ ওপৰত এটা সুকীয়া অধ্যায় সন্নিবিষ্ট আছে য’ত কৃষিৰ প্ৰক্ৰিয়া, বতৰ অনুসাৰে ফল, নদীৰ পাৰৰ সু-ব্যৱহাৰ আদিৰ বৰ্ণনা আছে। বৰাহ মিহিৰৰ “বৃহৎ সংহিতা” ত মাটিৰ শ্ৰেণীকৰণ, জলসিঞ্চন প্ৰণালী তথা উৎপাদন আদিৰ ওপৰত আলোকপাত কৰা হৈছে। কাশ্যপ ঋষিৰ কৃষি সুত্ৰত উপযোগী গছ-পুলিৰ কৃষি প্ৰক্ৰিয়া বৰ্ণনা আছে। সুৰপালৰ “বৃক্ষ আয়ুৰ্বেদ”ত উদ্ভিদ বিজ্ঞান সম্বন্ধীয় বিষয়ৰ (ৰোগ, চিকিৎসা, ত্ৰিধাতু পৰিকল্পনা) বিশাল তথ্য ভাণ্ডাৰ বুলি উল্লেখ কৰিব পাৰি। ঋষি মাংভব্য বিশ্বৰ প্ৰাচীনতম কীট বিজ্ঞানী (Entemologist) আছিল। অৰ্থববেদত অনেক কীট পতংগৰ নামৰ বৰ্ণনা পোৱা যায় তথা এইবোৰৰ পৰা কৃষিক সুৰক্ষা দিবলৈ মন্ত্ৰ বিধান তথা বিভিন্ন নিয়মৰ পৰামৰ্শ দিয়া আছে। একেষাৰে ক’বলৈ গ’লে কৃষিক্ষেত্ৰৰ এক সামগ্ৰীক চিন্তাধাৰা প্ৰাচীন ভাৰতৰ এক উজ্জ্বল দিশ আছিল।

আজি সৰ্বজনবিদিত যে অত্যাধিক ৰাসায়নিক সাৰ, জধে মধে অনিয়ন্ত্ৰিত কীটনাশকৰ প্ৰয়োগে পৰ্যাবৰণৰ ভাৰসাম্যহীনতাই নহয় মানুহ, পশু, মীন, কীট পতংগ তথা পতংগ পক্ষীকুলৰ অস্তিত্বত শংকা আনিছে। কৃষকৰ ফচলৰ প্ৰাপ্য মুল্য আৰু বজাৰ মুল্যৰ এক বৃহৎ তফাৎ দেখা দিছে যাৰ পৰিণতিত এক ৰাষ্ট্ৰীয় সমীক্ষা মতে ভাৰতবৰ্ষত প্ৰতিদিনে ২৫০০ কৃষকে কৃষিক্ষেত্ৰৰ পৰা পলায়ন কৰিছে। আজি কোনো কৃষকৰ সন্তানে ভৱিষ্যতে পঢ়া-শুনা কৰি এজন ভাল কৃষক বা কৃষি উদ্যোগী হোৱাৰ সপোন নেদেখে, যি মানৱ সমাজলৈ এক অশনি সংকেত কঢ়িয়াই আনিছে। সেয়েহে আজি পুনৰ প্ৰাচীন ভাৰতীয় পৰম্পৰাগত পৰিবেশ অনুকুল কৃষি পদ্ধতিলৈ উভতি যোৱাৰ গত্যন্তৰ নাই, যাক আধুনিক ভাষাত বহনক্ষম কৃষি(Sustainable Agriculture) বুলি কব পাৰি। কেন্দ্ৰীয় চৰকাৰেও বা বৰ্তমানৰ বহুতো শিক্ষিত যুৱক-যুৱতীয়েও এই পৰম্পৰাগত কৃষিৰ প্ৰতি আকৃষ্ট হৈছে।

কৃষি আৰু প্ৰকৃতিৰ সম্বন্ধক যুগমীয়া কৰি অনন্য বৈকল্পিক বিকাশেই হৈছে বহনক্ষম বিকাশ (sustainable-development)। উদ্ভিদে খাদ্য প্ৰস্তুত কৰি মানৱ সমাজৰ বিকাশৰ ধাৰাত কেনেদৰে অৱদান আগবঢ়াই আহিছে, তাৰ এক সুস্পষ্ট দৃষ্টি সুধাকণ্ঠ ড° ভুপেন হাজৰিকাৰ গীতৰ মাজেৰে পাব পাৰো-

“বন এক কাৰখানা জ্যোতিপ্ৰপাতৰ

অম্লজান বাস্প সৃষ্টি কৰে নিৰন্তৰ।

প্ৰকৃতিৰ পৰা বনে অ’ কৰে আহৰণ

বৈজ্ঞানিক উপাদান কৰে মন্থন।

তেনেভাৱে তৰু-তৃণে কৰে শ্বেতসাৰ

সেহি খাদ্যতে পাই জীৱে জীৱনৰ আহাৰ”।

সময়ৰ আহ্বান; এক ব্যাপক জনজাগৰণৰ, কালৰ সাৱধানবাণী পৰিবেশ সংৰক্ষণৰ-এইয়াই শেষ সময়, ভুপেনদাৰ সুৰৰ আবেষ্টনীত আকৌ বাজে প্ৰতিজ্ঞাৰ চিৰসেউজ ধ্বনি….

“গধুলিৰ কেতেকীৰ সুবাসত আমোলমোল

বতাহ খাই গাভৰু হ’লোঁ

অসমীৰ বতাহক বিষেৰে নভৰাওঁ

এইষাৰ কথাকে দিলোঁ।

পৰম্পৰাগত কৃষিৰ মহত্ত্ব ডাকৰ বচনতো পোৱা যায়-

জালুকত গোবৰ, পানত মাটি,

কলপুলি ৰুবা তিনিবাৰ কাটি

তেবে জানা নাই কৃষিত ঘাটি

অসমৰ ৰাইজৰ বাবে, উদ্যমী যুৱক-যুৱতীৰ বাবে এই সময়: আগবাঢ়ি অহাৰ সময়, নৰুপেৰে পুৰণিৰ ভেটিত আমি আগবাঢ়ি যাবই লাগিব, নহ’লে যে নিয়তিয়ে আমাক কেতিয়াও ক্ষমা নকৰিব। একে সময়তে আমি পৰম্পৰাগত জৈৱিক কৃষি আৰু ব্যৱসায় দুয়োটাটে দক্ষ হৈ আগবাঢ়িব লাগিব। এইক্ষেত্ৰত এটা ডাকৰ বচনেই যথেষ্ট-

‘খেতি কৰিবি বাবে

বেহা কৰিবি নাৱে’।

সীমিত শব্দৰ জোলোঙাৰে প্ৰাচীনত্বৰ সুবিশাল জ্ঞানৰ ভেটিত কেইটামান আগৰে যদিও আধুনিক সময়ৰ ধুসৰ চাকনৈয়াত শ্ৰমৰ কঠিয়া সিচে তেন্তে আমাৰ দৰে অজস্ৰজনৰ বাবে এক অনাগত সুন্দৰ পৃথিৱী চাক্ষুস হ’ব, আহক আমি তাৰ বাটকটীয়া হও।

লেখক: শ্ৰী কৃষ্ণকান্ত বৰা

2.91176470588
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top