মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / জীৱাণুসাৰৰ বিষয়ে জানো আহক :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জীৱাণুসাৰৰ বিষয়ে জানো আহক :

জীৱাণুসাৰৰ বিষয়ে জানো আহক

জীৱাণুসাৰৰ বিষয়ে জানো আহক :

উদ্ভিদে ইয়াৰবাবে প্ৰয়োজনীয় মৌলসমূহ মাটি, পানী আৰু বায়ুৰ পৰা আহৰণ কৰে যদিও মূলতঃ মাটিৰ পৰাই সৰহভোগ মৌল গ্ৰহণ কৰে। এইবিষয়ে পূৰ্বৱৰ্তী পাঠত আলোচনা কৰা হৈছে।

উদ্ভিদৰ প্ৰয়োজনীয় মৌলসমূহ মাটিত সিহতে পোনপটীয়াকৈ গ্ৰহণ কৰা অৱস্থাত নেথাকে। অন্যহাতে কৃত্ৰিমভাৱে যোগান ধৰা ৰাসায়নিক সাৰসমূহ মাটিত থকা বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ অণুজীৱৰ দ্বাৰাহে উদ্ভিদে গ্ৰহণ কৰিব পৰা কৰি দিয়ে। জৈৱিক সাৰ যোগান ধৰোতে ইয়াৰ লগতে বহুতো অণুজীৱৰো যোগান ধৰা হয়।

কিন্তু, অজৈৱ সাৰৰ লগত এইবোৰ নেথাকে। সেয়ে অজৈৱ কৃত্ৰিম সাৰবোৰ বছৰে বছৰে মাটিত প্ৰয়োগ কৰি থকাৰ ফলত মাটিত থকা অণুজীৱবোৰৰ সংখ্যা ক্ৰমান্বয়ে কমি যায়। গতিকে এনেকুৱা মাটিত অণুজীৱবোৰৰ সংখ্যা বঢ়োৱাটো জৰুৰী হৈ পৰে।

উদাহৰণস্বৰূপে, ৰাইয’বিয়াম, এযট’বেকটাৰ, এয’স্পিৰিলাম, ব্লু-গ্ৰীন এলগি(নীল সেউজ শেলাই) আদিয়ে বায়ুমণ্ডলত থকা নাইট্ৰ’জেন মাটিলৈ অনাত সহায় কৰে। বেচিলাচ, চিউড’মনাচ, এচপাৰজিলাচ, পেনিছিলিয়াম আদিয়ে মাটিত থকা ফচফেটভাগ দ্ৰৱণীয় কৰি তোলাত সহায় কৰে।

এনেদৰেই এনে বহুত অণুজীৱ আছে যিবোৰ মাটি আৰু শস্যৰ বাবে উপকাৰী। আজিকালি বিজ্ঞানীসকলে এনে বহুত অণুজীৱক বিজ্ঞানগাৰত বিশেষ উপায়ৰে ধৰি ৰাখি তাৰ পেকেট তৈয়াৰ কৰি বজাৰত এৰি দিছে, যিবোৰ অন্যান্য সাৰৰ নিচিনাকৈ বীজ, উদ্ভিদৰ শিপাত নাইবা পোনে পোনে মাটিত প্ৰয়োগ কৰিলে উদ্ভিদৰ বাবে প্ৰয়োজনীয় মৌলসমূহ গ্ৰহণ কৰাত সুবিধা হয়। মাটিৰ উৰ্বৰতা তথা সংগঠন ভালে ৰখাত ই সহায় কৰে। এনেধৰণৰ অণুজীৱ বা জীৱাণুৰ দ্বাৰা তৈয়াৰ কৰা দ্ৰব্যবিধকে জীৱাণুসাৰ বুলি কোৱা হয়।

জীৱাণুসাৰৰ দ্বাৰা কি কি উপকাৰ হয় -

*মাটিত পুষ্টিমৌল সহজলভ্য হয়, বিশেষকৈ নাইট্ৰজেন আৰু ফছফৰাছৰ সহজলভ্যতা বৃদ্ধি পায়।

*ৰাসায়নিক সাৰৰ প্ৰয়োগ প্ৰায় শতকৰ ২৫-৩০ ভাগ হ্ৰাস কৰিব পাৰি।

*উৎপাদকতা বৃদ্ধি পায়। সাধাৰণতে ১০-৪০ শতাংশ শস্য উৎপাদন আৰু ১৫-৩০ শতাংশ শাৰীৰিক বৃদ্ধি হয়।

*জৈৱিকভাৱে মাটিত ক্ৰিয়া কৰি ইয়াৰ প্ৰাকৃতিক উৰ্বৰতা বৃদ্ধি পায়।

*কিছুমান অণুজীৱই ভেঁকুৰনাশক নাইবা এন্টিবায়টিক দ্ৰব্য নিঃসৰণ কৰি কিছুমান ৰোগৰ প্ৰাৰ্দূভাৱৰ পৰা ৰক্ষা নাইবা উদ্ভিদৰ প্ৰতিৰোধ শক্তি বৃদ্ধি হোৱাত সহায় কৰে।

জীৱাণুসাৰৰ প্ৰকাৰ -

ক)নাইট্ৰজেন সংস্থাপনকাৰী:

ভূ-গৰ্ভত সংস্থাপিত হোৱা নাইট্ৰজেনভাগ বিভিন্ন উৎস যেনে- উদ্যোগ নাইবা বিভিন্ন প্ৰাকৃতিক উৎস যেনে, বিজুলী আদিৰ পৰা সংস্থাপিত হ’লেও মাটি আৰু পানীত ক্ষুদ্ৰ ক্ষুদ্ৰ অণুজীৱবোৰেহে ইয়াৰ সিংহভাগ সংস্থাপন কৰে।

সেয়ে, অণুজীৱৰ ক্ষমতা অপৰিসীম। অণুজীৱৰ পৰা তৈয়াৰ কৰা তুলনামূলকভাৱে শক্তিশালী কেইবিধমান জীৱাণুসাৰৰ বিষয়ে তলত বৰ্ননা কৰা হ’ল।

ৰাইয’বিয়াম:

এইবিধ জীৱাণুসাৰত অসংখ্য ৰাইয’বিয়াম বেক্টেৰীয়া থাকে। বীজৰ লগত মিহলোৱাৰ পিছত এই বেক্টেৰীয়াবোৰ মাটিৰ সংস্পৰ্শলৈ আহি ব্যাপক ৰূপত বংশ বৃদ্ধি কৰে। আৰু বৰ্দ্ধিত শিপাইদি সোমাই যায়। যথাসময়ত বেক্টেৰীয়াবোৰে শিপাত নাইট্ৰজেনৰ সৃষ্টি কৰে।

এই টেমুনাবোৰতেই নাইট্ৰেজেন সংস্থাপিত হয়। গতিকে টেমুনাৰ পৰিমাণৰ ওপৰতেই উদ্ভিদৰ বৃদ্ধি আৰু ফচল উৎপাদন নিৰ্ভৰ কৰে। দৰকাৰী কথা হ’ল- যিকোনো এবিধ নিৰ্দিষ্ট শস্যৰ বাবে তৈয়াৰী ৰাইয’বিয়াম সাৰ অন্য এবিধ শস্যত প্ৰয়োগ কৰিব নোৱাৰি।

এয’ট’বেকটাৰ:

এইবিধ জীৱাণুসাৰত বহু পৰিমাণে জীৱী পাৰেত এয’ট’বেকটাৰ থাকে, যিবোৰ জীয়াই থাকিবলৈ অক্সিজেনৰ প্ৰয়োজন হয় আৰু যিবোৰে মুক্তভাৱে থাকি নাইট্ৰজেন সংস্থাপন কৰিব পাৰে। যিকোনোধৰণৰ হ্ৰস্বকালীন, মধ্যকালীন নাইবা দীৰ্ঘকালীন শস্যত(মাহজাতীয় নহয়) এইবিধ জীৱাণুসাৰ ব্যৱহাৰ কৰিব পাৰি। যেতিয়া ইয়াক বীজৰ লগত মিহলাই নাইবা শিপা শোধন কৰি নাইবা মাটিত প্ৰয়োগ কৰা হয় তেতিয়া বেক্টেৰীয়াবোৰে দ্ৰুতহাৰত বংশবৃদ্ধি কৰি শিপাৰ চাৰিওফালে থকা মাটিত ইয়াৰ পৰিমাণ বৃদ্ধি কৰি দিয়ে।

এই বেক্টেৰীয়াবোৰে মুক্তভাৱে জীয়াই থাকে বাবে ইহঁতে মাটিত থকা জৈৱিক পদাৰ্থ আৰু শিপাই নিঃসৰণ কৰা পদাৰ্থৰ পৰা খাদ্য সংগ্ৰহ কৰে আৰু বায়ুমণ্ডলৰ পৰা নাইট্ৰজেনভাগ মাটিত সংস্থাপিত কৰিব পাৰে। ইহঁতে কিছুমান বৃদ্ধিকাৰক হৰমোণ যেনে- ইনদল এচিটিক এচিড, জিবাৰলিক এচিড, চাইট’কাইনিন আদিও নিঃসৰণ কৰে, যাৰফলত উদ্ভিদৰ শাৰীৰিক বৃদ্ধি হোৱাত সহায় হয়। তাৰোপৰি ইহঁতে এন্টিবায়টিকৰ নিচিনা পদাৰ্থও নিঃসৰণ কৰে, যাৰ ফলত মাটিত হোৱা কিছুমান ৰোগৰ পৰাও উদ্ভিজোপাক সুৰক্ষা দিয়ে।

এযস্পিৰিলাম:

ইও এয’ট’বেক্টাৰৰ নিচিনা এবিধ জীৱাণুসাৰ। এই সাৰতো এযস্পিৰিলাম নামৰ বেক্টেৰীয়াবিধ থাকে আৰু অমাহজাতীয় সকলো শস্যতে ইয়াক প্ৰয়োগ কৰিব পাৰি। পানী বন্ধ হৈ থকা মাটিতো ই কিছুদিনলৈ জীয়াই থাকিব পাৰে। এয’ট’বেক্টাৰৰ নিচিনাকৈ এযস্পিৰিলামেও মাটিত বংশবৃদ্ধি কৰি নাইট্ৰজেন সংস্থাপিত কৰে।

ব্লু-গ্ৰীন এলগি(নীল সেউজ শেলাই):

পানী বন্ধ হৈ থকা ধানখেতিত এইবিধ অণুজীৱই নাইট্ৰজেন সাৰ যোগানত এক উল্লেখযোগ্য ভূমিকা পালন কৰে। এনেবোৰ ধানখেতিৰ মাজত থকা পানীত নীলা-সেউজীয়া বা ক’লা-সেউজীয়া বা ক’লা-মুগা বৰণীয়া জেলিৰ নিচিনা কিছুমান চামনি দেখিবলৈ পোৱা যায়। এই চামনিবোৰেই ধানখেতিৰ মাটিত জৈৱিকভাৱে নাইট্ৰজেনৰ যোগান ধৰি শস্য বৃদ্ধিত সহায় কৰে। আৱশ্যকীয় পৰিমাণৰ নাইট্ৰজেন পাবলৈ হ’লে এইবোৰ বিশেষ পদ্ধতিৰে তৈয়াৰ কৰি শস্যত যোগান ধৰিব লাগিব।

ব্লু-গ্ৰীন এলগি(বি.জি.এ.) তৈয়াৰ কৰা পদ্ধতি:

ইয়াক তৈয়াৰ কৰিবলৈ হ’লে টিনৰ থাল নাইবা নিৰ্দিষ্ট জোখৰ গাঁত, সাৰুৱা মাটি, চূণ, একক চুপাৰ ফচফেট, মালাথিয়ন আৰু ব্লু-গ্ৰীন এলগি সঁচৰ প্ৰয়োজন।

*৬ ফুট বহল, ৩ ফুট দীঘ্ল আৰু ৯ ইঞ্চি দ’ৰ এটা গাঁত মুকলি ঠাইত খান্দিব লাগে। তলিখন পলিথিনেৰে ঢাকি দিব লাগে। মাটিৰ গাঁতৰ সলনি সমান জোখৰ টিনৰ থাল নাইবা টিনৰ পাত্ৰও ব্যৱহাৰ কৰিব পাৰি।

*গাঁতটোত ৬-৮ কিলোগ্ৰাম মাটি, ১০০ গ্ৰাম চূণ আৰু ২০০ গ্ৰাম একক চুপাৰ ফচফেট সাৰ মিহলাই ল’ব লাগে।

*গা৬তটো ৪-৫ ইঞ্চি পানীৰে পূৰ্ণ কৰিব লাগে। বোকাখিনি নিগৰি তললৈ যোৱাৰ পিছত তাত বি.জি.এ.ৰ সঁচ ২০০ গ্ৰামকৈ চটিয়াই দিব লাগে।

*প্ৰত্যেক সপ্তাহত ৫ মিলিলিটাৰকৈ মালাথিয়ন গাঁতটোত মিহলাই দিব লাগে। ১৫-২০ দিন পিছত গাঁতটোত বি.জি.এ.ৰ বৃদ্ধি চকুত পৰিব।

*এতিয়া পানীখিনি শুকুৱাই লৈ গাঁতটো ৰ’দত শুকাবলৈ দিব লাগে। পিছত শুকান বি.জি.এ.ৰ চামনিবোৰ পলিথিনৰ বেগত ভৰাই নি ধানখেতিৰ পথাৰত প্ৰয়োগ কৰিব পাৰি।

প্ৰয়োগ পদ্ধতি:

১ হেক্টৰ(৭.৫ বিঘা) মাটিৰ বাবে ১৫-২০ কিলোগ্ৰাম বি.জি.এ.ৰ আৱশ্যক হয়। বি.জি.এ. খিনিক ১০-২০ কিলোগ্ৰাম মাটিৰ সৈতে মিহলাই কঠীয়া ৰোৱাৰ ৭-১০ দিনৰ পিছত চটিয়াই দিব লাগে। প্ৰয়োগৰ পিছত অন্ততঃ ৩০ দিনৰ বাবে পানী ওলাই যাব দিব নেলাগেগ।

সেউজীয়া সাৰ- এজলা:

আমাৰ গাঁৱে থকা পুখুৰী, খাল, বিল, নদী, আদিত বিভিন্নধৰণৰ এজলা(বৰপুনি) দেখিবলৈ পোৱা যায়। ইহঁতেও মাটিত পৰ্যাপ্ত পৰিমাণে নাইট্ৰজেন সাৰৰ যোগান ধৰিব পাৰে।

এজলাৰ খেতি আৰু প্ৰয়োগ পদ্ধতি -

*৫ মিটাৰ দীঘল, ১৫ মিটাৰ বহল আৰু ১৫ চেন্টিমিটাৰ দ’ জোখৰ ৫-৬ টা খাল খান্দিব লাগে।

*উক্ত জোখৰ খালত প্ৰায় ৩ কিলোগ্ৰাম সতেজ এজলা, ৭৫-১০০ গ্ৰাম একক চুপাৰ ফচফেট সাৰৰ সৈতে মিহলাই খালটোত দিব লাগে।

*১৫-২০ দিনৰ পিছত গোটেই খালটো এজলাৰে ভৰি পৰিব আৰু খালটোৰ পৰা ২০-২৫ কিলোগ্ৰাম এজলা গোটাব পাৰি।

*গোটাই লোৱা এজলাখিনি ধানখেতিৰ পথাৰত ৰোৱাৰ আগতে প্ৰয়োগ কৰা হয় আৰু মাটিত ভালদৰে মিহলাই দিয়া হয়।

*কঠীয়া ৰোৱাৰ ৭-১০ দিনৰ পিছত প্ৰতিবিঘাৰ বাবে ৬০-৭০ কিলোগ্ৰাম এজলা পুনৰ প্ৰয়োগ কৰা হয় আৰু সেইবোৰক ধানৰ মাজত বৃদ্ধি হ’বলৈ দিয়া হয়।

ফচফৰাচ দ্ৰৱনীয়ক জীৱাণুসাৰ -

ফচটিকা:

এইবিধ জীৱাণুসাৰ হ’ল বেক্টেৰীয়া আৰু ভেঁকুৰৰ এবিধ মিশ্ৰণ। বেক্টেৰীয়াবোৰ হ’ল- বেচিলাছ পলিমিক্স, চিউড’মনাচ ষ্ট্ৰাইটা। ভেঁকুৰবোৰ হ’ল- এছপাৰজিলাচ নাইজাৰ, পেনিছিলাম ডিজিচেটাম, স্কোৱান্নিয়’মাইচিটি অক্সিডেনটেলিচ।

যেতিয়া ফচফটিকা শস্যৰ বীজৰ লগত মিহলাই, শিপাত নাইবা মাটিত মিহলোৱা হয় তেতিয়া বদ্ধিত শিপাৰ চাৰিওফালে অণুজীৱবোৰে দ্ৰুত হাৰত বংশ বৃদ্ধি কৰে। এই অণুজীৱবোৰেও সিহঁতৰ জৈৱিক ক্ৰিয়াৰ দ্বাৰা বিভিন্ন জৈৱিক এচিড যেনে, চাইট্ৰিক এচিড, ফুমাৰিক এচিড, গ্লুটামিক এচিড, গ্লাইক’লিক এচিড, লেকটিক এচিড, মেলেইক চাকচিনিক এচিড, কিট’গ্লুটাৰিক এচিড, আদি নিঃসৰণ কৰে। এই জৈৱ এচিডবোৰে মাটিত ফচফৰাচ মৌল উপলব্ধ হোৱাত বিশেষভাৱে সহায় কৰে। তদুপৰি জৈৱ এচিডবোৰে ভেঁকুৰনাশক আৰু বৃদ্ধি নিয়ন্ত্ৰকৰ ভূমিকাও পালন কৰি উদ্ভিদৰ বৃদ্ধিত সহায় কৰে।

পচন বৃদ্ধিকাৰক জীৱাণুসাৰ:

কিছুমান অণুজীৱ যেনে, ট্ৰাইক’ডাৰমা ভিৰিডি, ছিট’মিয়াম এবুয়েন্স, এছপাৰজিলাচ নাইজাৰ, মাইৰ’থেছিয়াম বৰিডাম, চেলুল’মনাচ স্পেচিচ আদিয়ে পচন ক্ৰিয়া দ্ৰুততৰ কৰি তুলিব পাৰে।

মাইক’ৰাইঝা:

কিছুমান উদ্ভিদৰ শিপাত কিছুমান উপকাৰী সহযোগী ভেঁকুৰ বাস কৰিব পাৰে। এইবোৰক মাইক’ৰাইঝা বুলি কোৱা হয়। এনেধৰণৰ সহজীৱিতাৰ দ্বাৰা ভেঁকুৰ আৰু উদ্ভিদ উভয়ে উপকৃত হয়।

ভেঁকুৰে উদ্ভিদৰ শিপাৰ পৰা শৰ্কৰা আৰু জৈৱিক নিঃসৰণবোৰ সংগ্ৰহ কৰে। অন্যহাতে, এই ভেঁকুৰেই উদ্ভিদৰ বাবে প্ৰয়োজনীয় পুষ্টিমৌল যেনে, ফচফৰাচ, কেলচিয়াম, মেগনেচিয়াম, জিংক, কপাৰ, মেঙ্গানিজ আৰু লো আদি উদ্ভিদৰ শিপাত সংস্থাপিত কৰিব পাৰে।

মাইক’ৰাইঝা দুটা ভাগত ভগাব পাৰি:

১)বহিঃ মাইক’ৰাইঝা আৰু

২)আন্তঃ মাইক’ৰাইঝা

বহিঃ মাইক’ৰাইঝাবোৰ উদ্ভিদৰ শিপাত বাহ্যিক দিশত ইয়াৰ শোষক অঙ্গ শিপাৰ ভিতৰলৈ সুমুৱাই, কিন্তু কোষ আৱৰণ ভেদ নকৰে। এনেধৰণৰ বহিঃ মাইক’ৰাইঝা থকা কিছুমান উদ্ভিদ হ’ল- ওক, পাইন আদি।

অন্যহাতে, আন্তঃ মাইক’ৰাইঝাবোৰ শিপাৰ কোষৰ অন্তৰ্ভাগলৈ সোমাই যায় আৰু ইয়াৰ বৃদ্ধি হৈ কাৰ্যসম্পন্ন কৰে। এনেবোৰ মাইক’ৰাইঝাক ভ্যাম(VAM) বুলিও কোৱা হয়। প্ৰায় ৯০ শতাংশ উদ্ভিদ, বিভিন্ন শস্য আৰু ফলমূল যেনে, ঘেঁহু, গোমধান, কপাহ, কুঁহিয়াৰ, আলু, আহুধান, ফ্ৰেন্সবিন, আপেল, আঙুৰ, নেমুতেঙা, কফি, ৰবৰ আদিত এই ভ্যামবোৰ থাকে। ভ্যামবোৰে ফচফৰাছ গ্ৰহণৰ বাবে উদ্ভিদক সহায়ৰ উপৰিও খৰাং বতৰ আৰু শিপা আক্ৰমণ কৰা অপকাৰী ভেঁকুৰৰ বিৰূদ্ধে প্ৰতিৰোধ সৃষ্টি কৰিব পাৰে।

জীৱাণুসাৰৰ নিৰ্বাচন:

জীৱাণুসাৰৰ সঠিক নিৰ্বাচন আৰু সংমিশ্ৰণেহে ইয়াৰ কাৰ্যকাৰীতা আনিব পাৰে। নাইট্ৰজেন আৰু ফছফৰাছৰ উপলভ্যতা বঢ়াবলৈ হ’লে নাইট্ৰজেন সংস্থাপিত জীৱাণুসাৰ আৰু ফছফটিকা জীৱাণুসাৰ সমান পৰিমাণত একেলগে ব্যৱহাৰ কৰিব লাগে।

মাহজাতীয়/চিৰাজাতীয় নাইবা তৈলজাত শস্যৰ বাবে:

মগুমাহ, উৰহী, মচুৰমাহ, বুটমাহ, ৰহৰমাহ, লেচেৰামাহ, বাদাম, চয়াবিন আদিৰ বাবে ৰাইয’বিয়াম আৰু ফছফটিকা সম পৰিমাণত মিহলাই প্ৰয়োগ কৰিব লাগে। কিন্তু, দৰকাৰী কথা হ’ল ৰাইয’বিয়াম জীৱাণুসাৰ নিৰ্দিষ্ট শস্যৰ বাবে নিদ্ধাৰিত কৰা হৈছে। এবিধ শস্যৰ বাবে দৰকাৰী জীৱাণুসাৰ অন্য এবিধ শস্যৰ বাবে ফলপ্ৰসূ নহবও পাৰে।

অমাহজাতীয় বা চিৰাহীন শস্যৰ বাবে:

ঘেঁহু, গোমধান, দান, ওট, বাৰ্লি, জোৱাৰ, বজ্ৰা, সৰিয়হ, তিল, গুজিতিল, পিঁয়াজ, আলু, কুঁহিয়াৰ, কপাহ, আদি সকলোধৰণৰ শাক-পাচলি, ঘাঁহজাতীয় শস্য আৰু বাগিচা শস্য যেনে, কল, নেমুটঙা, ডালিম, নাৰিকল, কফি, চাহ, ৰবৰ, নুনী আদিৰ বাবে নিম্নলিখিতধৰণে প্ৰয়োগ কৰিব লাগে।

*পাতল মাটি যেনে, বালিচহীয়া পলসুৱা যত পানী ধাৰণ ক্ষমতা কম, তেনে মাটিত এয’ট’বেকটাৰ আৰু ফছফটিকা সম পৰিমাণত মিহলাই প্ৰয়োগ কৰিব লাগে।

*গধুৰ মাটি যেনে, পলসুৱা বোকা বা বোকা মাটি, য’ত পানী ধাৰণ ক্ষমতা বেছি তাত এয’স্পিৰিলাম আৰু ফছফটিকা সম পৰিমাণত মিহলাই প্ৰয়োগ কৰিব লাগে।

*যদি মাটিৰ গঠন মধ্যমীয়া পলসুৱা আৰু পানী ধাৰণ ক্ষমতাও মধ্যমীয়া আৰু মাটিৰ অম্লতা বেছি তেতিয়া এযট’বেকটাৰ আৰু ফছফটিকা ১:১:২ অনুপাতত মিহলাই প্ৰয়োগ কৰিব লাগে।

জীৱাণুসাৰ ক’ত ব্যৱহাৰ কৰিব?

১)মাহজাতীয় শস্য যেনে, মগুমাহ, মাটিমাহ, ৰহৰমাহ, লেচেৰামাহ, মটৰমাহ, মচুৰমাহ, বুটমাহ, বাদাম, ফ্ৰেন্সবিন, ছয়াবিন আদি:

প্ৰতি ১০ কিলোগ্ৰাম বীজৰ বাবে ৰাইয’বিয়াম- ২০০ গ্ৰাম+২০ গ্ৰাম সানি লৈ শোধন কৰিব লাগে।

২)অমাহজাতীয় শস্য যেনে, ঘেঁহু, সিঁচা আহুধান, বাৰ্লি, গোমধান, কপাহ, ভেণ্ডি, সৰিয়হ, বেলিফুল, গুজিতিল আদিৰ উপৰিও অন্যান্য বীজ ছটিয়াই সিঁচি কৰা খেতি:

প্ৰতি ১০ কিলোগ্ৰাম বীজৰ বাবে এয’ট’বেক্টাৰ- ২০০ গ্ৰাম+ফচফটিকা- ২০০ গ্ৰাম সানি লৈ শোধন কৰিব লাগে।

৩)মৰাপাট:

প্ৰতি ১০ কিলোগ্ৰাম বীজৰ বাবে এয’স্পিৰিলাম- ২০০ গ্ৰাম+ফচফটিকা- ২০০ গ্ৰাম।

৪)শাক-পাচলি যেনে, বিলাহী, বেঙেনা, জলকীয়া, ফুলকবি, বন্ধাকবি আৰু অন্যান্য পুলি ৰোপন কৰা শস্যৰ  খেতি:

প্ৰতি ৩ বিঘা মাটিত ৰোপন কৰিবলগীয়া পুলি শোধনৰ বাবে এয’ট’বেক্টাৰ- ২ কিলোগ্ৰাম+ফচফটিকা-২ কিলোগ্ৰাম। উক্ত পৰিমাণৰ জীৱাণুসাৰ মাটি মিশ্ৰণ তৈয়াৰ কৰিব লাগে আৰু এই মিশ্ৰণত ৮-১০ ঘন্টা সময় পুলিৰ শিপা ডুবাই ৰাখিব লাগে।

৫)দ’ মাটিৰ ধানখেতিৰ বাবে:

প্ৰতি ৩ বিঘা মাটিত ৰোপণ কৰিবলগীয়া কঠীয়া শোধনৰ বাবে এয’স্পিৰিলাম- ২ কিলোগ্ৰাম+ফচফটিকা- ২ কিলোগ্ৰাম। উক্ত পৰিমাণৰ জীৱাণুসাৰ পানীত মিহলাই এটি মিশ্ৰণ তৈয়াৰ কৰিব লাগে আৰু এই মিশ্ৰণত ৮-১০ ঘন্টা সময় কঠিয়াৰ শিপা ডুবাই ৰাখিব লাগে।

৬)আলু, হালধি, আদা, কচু, কুঁহিয়াৰ:

প্ৰতি ৩ বিঘা মাটিত ৰোপণ কৰিবলগীয়া পুলি শোধনৰ বাবে এয’ট’বেক্টাৰ- ৪ কিলোগ্ৰাম+ফচফটিকা-৪ কিলোগ্ৰাম। উক্ত পৰিমাণৰ জীৱাণুসাৰ প্ৰায় ১০০-২০০ কিলোগ্ৰাম গোৱৰৰ লগত মিহলাই প্ৰয়োগ কৰিব লাগে।

৭)চাহ, কফি, ৰবৰ, নুনী আৰু অন্যান্য ফলমূল শস্যৰ বাবে:

প্ৰতি ৩ বিঘা মাটিত ৰোপণ কৰিবলগীয়া পুলি শোধনৰ বাবে এয’ট’বেক্টাৰ- ২ কিলোগ্ৰাম+ফচফটিকা- ২ – ৩ কিলোগ্ৰাম। উক্ত পৰিমাণৰ জীৱাণুসাৰ প্ৰায় ২০০ কিলোগ্ৰাম গোৱৰৰ লগত মিহলাই ৪-৬ মাহৰ মূৰে মূৰে বছেৰেকত তিনিবাৰ প্ৰয়োগ কৰিব লাগে।

জীৱাণুসাৰ কেনেকৈ ব্যৱহাৰ কৰিব?

বীজৰ লগত মিহলাই:

প্ৰায় ৩০০-৪০০ মিলিলিটাৰ পানীৰ লগত এয’ট’বেক্টাৰ বা ৰাইয’বিয়াম- ২০০ গ্ৰাম আৰু ফচফটিকা- ২০০ গ্ৰাম ভালদৰে মিহলাই ল’ব লাগে। মিশ্ৰণটো ১০-১২ কিলোগ্ৰাম বীজৰ লগত ভালদৰে মিহলাই ছাঁত শুকুৱাই ল’ব লাগে আৰু তৎক্ষণাৎ ছটিয়াব লাগে। আম্লিক মাটিত প্ৰয়োগৰ বাবে বীজখিনিত ১ কিলোগ্ৰাম চূণ সানি ল’ব লাগে।

কঠীয়া শিপা শোধন:

নিৰ্দিষ্ট পৰিমাণৰ পানীত এয’ট’বেক্টাৰ বা এয’স্পিৰিলাম আৰু ফচফটিকা ১ বা ২ কিলোগ্ৰামকৈ মিহলাই ল’ব লাগে। এতিয়া কঠীয়াবোৰ ৰোৱাৰ আগেয়ে এই মিশ্ৰণটোও ২০-৩০ মিনিট সময় ডুবাই ৰাখিব লাগে।

ধানখেতিৰ ক্ষেত্ৰত পথাৰত গাঁত এটা খান্দি তাত পলিথিন দি দিব লাগে। এয’স্পিৰিলাম আৰু ফচফটিকাৰ প্ৰত্যেকৰে ২ কিলোগ্ৰামকৈ পানীত মিহলাই ল’ব লাগে আৰু উক্ত মিশ্ৰণত কঠীয়াৰ শিপাবোৰ ৮-১২ ঘন্টা সময়ৰ বাবে ডুবাই ৰাখি ৰুব লাগে।

মাটিত প্ৰয়োগ:

প্ৰতিবিঘা মাটিৰ বাবে ১-১.৫ কিলোগ্ৰাম এয’ট’বেক্টাৰ বা এয’স্পিৰিলাম আৰু ১-১.৫ কিলোগ্ৰাম ফচফটিকাৰ প্ৰয়োজন হয়। প্ৰতিবিধ জীৱাণুসাৰকে ১-১.৫ লিটাৰ পানীত বেলেগে মিহলাই ল’ব লাগে আৰু ১০-৩০ কিলোগ্ৰাম গোৱৰৰ দ’মত মিশ্ৰণখিনি মিহলাই ৰাতিটোৰ বাবে বেলেগে বেলেগে গাপ দিব লাগে। ১২ ঘন্টাৰ পিছত দ’ম দুটা একেলগ কৰি মিহলাব লাগে।

আম্লিক মাটিৰ বাবে মিশ্ৰণটোৰ লগত ৭-৮ কিলোগ্ৰাম চূন প্ৰয়োগ কৰিব লাগে। বাগিচা শস্যৰ ক্ষেত্ৰত এই মিশ্ৰণটোক শিপাৰ কাষত মাটি খান্দি প্ৰয়োগ কৰিব লাগে। কিছুমান পথাৰ শস্যৰ ক্ষেত্ৰত এই মিশ্ৰণটোক সেমেকা মাটিত ছটিয়াব লাগে।

কুঁহিয়াৰৰ ক্ষেত্ৰত ৰোৱাৰ ৩০-৪০ দিনৰ পিছত সীৰলুত এই মিশ্ৰণটো প্ৰয়োগ কৰা হয় আৰু ভালদৰে মাটি চপাই দিয়া হয়। আলুৰ ক্ষেত্ৰত ৰোৱাৰ ২০ দিনৰ পিছত অৰ্থাৎ প্ৰথমবাৰৰ মাটি চপোৱাৰ সময়ত প্ৰয়োগ কৰিব লাগে। যদি আলু বা কুঁহিয়াৰৰ আগ ভেঁকুৰনাশকেৰে শোধন কৰা নহয় তেতিয়া খলবোৰত ৰোৱাৰ আগেয়ে প্ৰয়োগ কৰিব পাৰি।

জীৱাণুসাৰৰ প্ৰয়োগৰ ক্ষেত্ৰত ল’বলগীয়া সাৱধানতা -

*জীৱাণুসাৰৰ পেকেটবোৰ ঠাণ্ডা ঠাইত আৰু শুকান ঠাইতহে ৰাখিব লাগে।

*ব্যৱহাৰৰ সময়তহে পেকেটবোৰ খুলিব লাগে আৰু সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব লাগে।

*জীৱাণুসাৰ মিহলি বীজ ভেঁকুৰনাশক, কীটনাশক নাইবা ৰাসায়নিক সাৰৰ লগত কেতিয়াও মিহলাব নেলাগে।

*যদি ভেঁকুৰনাশক বীজৰ লগত সানিবলগীয়াটো অপৰিহাৰ্য হয়, তেতিয়া প্ৰথমে ভেঁকুৰনাশক বীজত সানি লৈ পিছত অনুমোদিত পৰিমাণতকৈ দুগুণ পৰিমাণে জীৱাণুসাৰ মিহলাব পাৰি।

*ছাঁ পৰা ঠাইতহে বীজ শোধন আৰু মিশ্ৰণ তৈয়াৰ কৰা কাৰ্য কৰিব লাগে।

*নিৰ্দিষ্ট শস্যৰ বাবে নিৰ্দিষ্ট কৰি থোৱা জীৱাণুসাৰ ম্যাদ উকলি যোৱাৰ আগতেই ব্যৱহাৰ কৰিব লাগে।

উৎস: সেউজ চিন্তা

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top