মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / জৈৱিক কৃষিত সাৰ আৰু কীটনাশক নালাগিব নেকি ?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জৈৱিক কৃষিত সাৰ আৰু কীটনাশক নালাগিব নেকি ?

কৃষিৰ বিষয়ে ৰাপ থকা প্ৰতিজন ব্যক্তিৰ মনলৈ উপৰোক্ত প্ৰশ্নটো আহিব। ইয়াৰ উত্তৰ দিয়াৰ আগতে অলপ পাতনি মেলাৰ প্ৰয়োজন, নহয় জানো ? অতি প্ৰাচীন কালৰে পৰা ভাৰত উপমহাদেশত জৈৱিক কৃষি পদ্ধতিৰ প্ৰচলন হৈ আহিছে।

জৈৱিক কৃষিত সাৰ আৰু কীটনাশক

 

কৃষিৰ বিষয়ে ৰাপ থকা প্ৰতিজন ব্যক্তিৰ মনলৈ উপৰোক্ত প্ৰশ্নটো আহিব। ইয়াৰ উত্তৰ দিয়াৰ আগতে অলপ পাতনি মেলাৰ প্ৰয়োজন, নহয় জানো ? অতি প্ৰাচীন কালৰে পৰা ভাৰত উপমহাদেশত জৈৱিক কৃষি পদ্ধতিৰ প্ৰচলন হৈ আহিছে। এই জৈৱিক কৃষি ব্যৱস্থাত কৃষি ভূমিডৰাক এনে ধৰণে তৈয়াৰ কৰা হয় যে ভূমিভাগ জীৱন্ত হৈ থকাৰ বাবে জৈৱ বৰ্জ্য দ্ৰব্য (উদ্ভিজ আৰু প্ৰাণীজ পদাৰ্থ) আৰু অন্যান্য জৈৱিক পদাৰ্থৰ লগতে উপকাৰী অনুজীৱ (জীৱাণুসাৰ)ক সুস্থ পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষাৰ নিমিত্তে প্ৰয়োগ কৰা হয়। এই পৰম্পৰাগত কৃষি পদ্ধতিক বিজ্ঞানৰ দৃষ্টিকোণেৰে পৰিশোধিত কৰি বৰ্ধিত জনগণক অন্নৰ যোগান ধৰিব লাগিব। ৰাসায়নিক পদাৰ্থৰ প্ৰয়োগে বৃদ্ধি কৰা উৎপাদন ক্ষণস্থায়ী, তদুপৰি ৰাসায়নিক পদাৰ্থৰ লগত সংপৃক্ত হৈ থকা অশুভ দিশসমূহ চালি-জাৰি নিৰীক্ষণ কৰিলে দেখা যায় আধুনিক কৃষি ব্যৱস্থাত জৈৱিক কৃষিৰ বিকল্প নাই। সাধাৰণতে জৈৱিক কৃষি বুলিলে, জীৱাণুসাৰ আৰু জৈৱ কীটনাশক ব্যৱহৃত কৃষি আৰু শস্যৰক্ষা পদ্ধতি, অৰ্থাৎ শস্যাকৰণ, শস্যাৱৰ্তন, সেউজসাৰৰ ব্যৱহাৰ, ভূ-আচ্ছাদন আদিক বুজা যায়। আজি আমি ইয়াত জৈৱিক কৃষিত ব্যৱহৃত কেইবিধমান সাৰ আৰু কীটনাশকৰ বিষয়ে আলোচনা কৰিম।

অজৈৱিক সাৰৰ বিকল্পঃ

 

কৃত্ৰিম সাৰ অবিহনে কৃষি অসম্ভৱ বুলি ভবাটো ভুল হ’ব। অজৈৱিক সাৰৰ বিকল্পৰূপে তলত উল্লেখ কৰা সাৰ কেইবিধ ব্যৱহাৰ কৰিব পৰা যায়।

পামসাৰঃ গৰু, ম’হ, ছাগলী ইত্যাদিৰ গোবৰ, মূত্ৰ, শস্যৰ খেৰ, অন্যান্য জাবৰ-জোঁথৰ, শস্যৰ মূঢ়া, তুঁহগুড়ি আদিক উপযুক্তভাৱে শস্য ক্ষেত্ৰত প্ৰয়োগ কৰি শস্যৰ উৎপাদন বৃদ্ধি কৰিব পাৰি।

পচন সাৰঃ বাৰীৰ অলাগতীয়া জৈৱিক সামগ্ৰীখিনি মানে- গছৰ পাত, শাক-পাচলি, ফল-মূলৰ বাকলিকে ধৰি অন্যান্য জাবৰ-জোঁথৰ এটা গাঁতত জমা কৰি পচিবলৈ দি ইয়াক শস্যৰ পথাৰত ৰাসায়নিক সাৰৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰি। পচন সাৰে মাটিৰ পানী ধাৰণ ক্ষমতা বৃদ্ধি কৰে, ফলত মাটিডোখৰ জীপাল হোৱাৰ লগতে মাটিৰ প্ৰদূষণ হ্ৰাস কৰে আৰু ভূমিজ উপকাৰী জীৱাণুৰ শ্ৰীবৃদ্ধি তথা সক্ৰিয় হয় আৰু মাটিৰ বায়ু চলাচলৰ ক্ষমতা বাঢ়ি যায়।

সেউজ সাৰঃ

 

বিভিন্ন মাহজাতীয় শস্য, ধইনচা বা খৰিমৰা, শ’ল, মেডেলুৱা আদি উদ্ভিদক সেউজ সাৰৰ ৰূপত ব্যৱহাৰ কৰিব পাৰি।

কেঁচু সাৰঃ কিছুমান অতিশীঘ্ৰে বৃদ্ধি ঘটা কেঁচুক এই সাৰ প্ৰস্তুতিত ব্যৱহাৰ কৰা হয়। জৈৱিক আৱৰ্জনাৰে গাঁত ভৰ্তি কৰি নিৰ্দিষ্ট প্ৰজাতিৰ কেঁচু এৰিলে ৫০-৬০ দিনমানৰ ভিতৰত সাৰ প্ৰস্তুত হৈ উঠে।

জীৱাণু সাৰঃ মাটিৰ উৰ্বৰতা বৰ্ধক, অনুজীৱ, ৰাইজ’বিয়াম, এজট’বেক্টৰ, এজ’স্পাইৰিলাম, এজলা, নীল-সেউজ এলগি, মাইকৰ হাইজা ইত্যাদিক ব্যৱহাৰ কৰা হয়।

যদিও সচৰাচৰ দেখা যায় যে জৈৱিক কৃষিত ৰোগে আক্ৰমণ কৰাৰ পাছত প্ৰতিকাৰ কঠিন হৈ পৰে, সেয়েহে প্ৰতিষেধকেই উদ্ভিদ ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়।

জৈৱিক কৃষিত বিশেষকৈ-

 

-  উদ্ভিদৰ ৰোগাক্ৰান্ত অংশ বৰ্জন

- বনবাত নিৰাই পৰিচ্ছন্নতাৰে কৃষিকৰ্ম পালন

- সুস্থ-সুবীজ বাছনি

- শস্যাকৰণ

- শস্যাৱৰ্তন

- কীট-পতংগক হাতেৰে বা ফান্দেৰে ধৰি নিয়ন্ত্ৰণ আৰু

- জৈৱিক কীটনাশকৰ ব্যৱহাৰ আদি দিশসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লগা হয়।

জৈৱিক কৃষিত শস্য ৰক্ষাৰ বাবে উপকাৰী বেক্টেৰিয়া, ভাইৰাছ, উদ্ভিজ ৰসায়ন ব্যৱহাৰ হয়। বেক্টেৰিয়াৰ ভিতৰত বেচিলাছ থুৰিজিয়েনচিচ (বিশেষকৈ পখিলাজাতীয় পতংগৰ বিৰুদ্ধে), ভেঁকুৰৰ ভিতৰত বিউভেৰিয়া বেচিয়ানা, ট্ৰাইক’ডাৰ্মা, ভাইৰাছৰ ভিতৰত এন পি ভি আৰু উদ্ভিজ ৰসায়ন বুলিলে নিমৰ নিৰ্যাসক শস্য ৰক্ষাৰ নিমিত্তে ব্যৱহাৰ কৰা হয়।

গোকেন্দ্ৰিক পৰম্পৰাগত আৰু বৈজ্ঞানিক দৃষ্টিৰে পৰিশোধিত জৈৱিক পদাৰ্থঃ

 

থলুৱাভাৱে উপলব্ধ আৰু কম খৰচী সুলভ বস্তুবোৰক কীটনাশক বা কীট বিকৰ্ষকৰূপে জৈৱিক কৃষিত ব্যৱহাৰ কৰিব পাৰি। এইবোৰ মানৱ স্বাস্থ্যৰ বাবে উপকাৰী আৰু পৰিৱেশৰ দৃষ্টিকোণেৰে নিৰাপদ।

বীজামৃতঃ ইয়াক বীজ শোধনৰ নিমিত্তে ব্যৱহাৰ কৰা হয়। ইয়াত পাঁচ লিটাৰ গোমূত্ৰ, পাঁচ কিলোগ্ৰাম গোবৰ, এশ গ্ৰাম জীৱিত মাটি, দুশ গ্ৰাম গুড় আৰু বিশ লিটাৰ পানী মিহলাই এই মিশ্ৰণ ২০ দিনলৈ জমা ৰাখি পাছত মাটিত প্ৰয়োগ কৰিলে ভূমিজ উপকাৰী জীৱাণু বাঢ়ে আৰু অপকাৰী বীজাণু হ্ৰাস পায়।

জীৱামৃতঃ এক লিটাৰ গোমূত্ৰ, এক কিলোগ্ৰাম গোবৰ আৰু ২৫০ গ্ৰাম চূণ এশ লিটাৰ পানীৰে সৈতে মিহলাই এই মিশ্ৰণ দহদিনলৈ বন্ধ পাত্ৰত জমা ৰাখি পাছত এই দ্ৰৱণত বীজ শোধন কৰি ছাঁত শুকুৱাই সিঁচিব লাগে।

গোমূত্ৰঃ এপষেক পুৰণি এক লিটাৰ গোমূত্ৰৰ লগত দহ লিটাৰ পানী মিহলাই গছৰ পাতত প্ৰয়োগ কৰিলে কীট-পতংগ বিকৰ্ষিত হয়।

পঞ্চগব্যঃ ইয়াৰ বাবে প্ৰয়োজনীয় উপকৰণসমূহ হ’ল- চাৰি লিটাৰ গোবৰৰ পংক, দুই কিলোগ্ৰাম সতেজ গোবৰ, তিনি লিটাৰ গোমূত্ৰ, দুই লিটাৰ গাখীৰ, দুই লিটাৰ দৈ আৰু এক কিলোগ্ৰাম দেশী ঘি, এই মিশ্ৰণ ১০-১৫ দিনলৈ এটি পাত্ৰত বায়ুৰুদ্ধকৈ ভৰাই ৰ’দ পৰা স্থানত ৰাখিব লাগে। প্ৰত্যেক দিনা পুৱাবেলা মিশ্ৰণটো লৰাই থাকিব লাগে। দহ শতাংশ শক্তিৰ এই মিশ্ৰণে বিকৰ্ষকৰূপে কাম কৰে।

আগ্নেয়াস্ত্ৰঃ মিহিকৈ কুটা এক কিলোগ্ৰাম আইপ’মিয়া অপতৃণ, পাঁচ কিলোগ্ৰাম ঘোঁৰা নিমৰ পাত আৰু দহ কিলোগ্ৰাম গোমূত্ৰ দহ লিটাৰ পানীত মিহলাই, থেতেলিওৱা পাঁচশ গ্ৰাম জলকীয়া আৰু পাঁচশ গ্ৰাম নহৰু সংযোগ কৰি এই মিশ্ৰণ উতলাই আধা পৰিমাণৰ কৰিব লাগে। এই দ্ৰৱণৰ দহ মিলিলিটাৰৰ লগত দুশ মিলিলিটাৰ পানী মিহলাই ছটিয়ালে পাত ফুটা কৰা আৰু পাত মেৰিওৱা পোকৰ আক্ৰমণৰ পৰা উপশম পাব পাৰি।

মনত ৰাখিব লগা কথা

জৈৱিক কৃষিত ধঁপাতৰ ব্যৱহাৰ বাৰণ কৰা হৈছে (ধঁপাতৰ নিৰ্যাস প্ৰাকৃতিকভাৱে মোৱাপোককে ধৰি কিছুমান কোমল দেহৰ পতংগ নিয়ন্ত্ৰণত সচৰাচৰ ব্যৱহাৰ হয়)। য’ৰ-ত’ৰ গোবৰো আপুনি ব্যৱহাৰ কৰিব নোৱাৰিব। সম্পূৰ্ণ জৈৱিক পামত উৎপাদিত গোবৰহে জৈৱিক কৃষিত ব্যৱহাৰ কৰিব পাৰিব। আগতে যদি অজৈৱিক পদাৰ্থৰে খেতি কৰিছে তেনেহ’লে অন্ততঃ তিনি বছৰৰ পাছতহে ই জৈৱিকলৈ পৰিৱৰ্তিত হ’ব। আপোনাৰ পথাৰৰ কাষত আনে অজৈৱিক প্ৰথাৰে কৃষি কৰিছে যদি তাৰ পৰা সেই পদাৰ্থ পানী বাগৰি বা মাটিৰ মাধ্যমেৰে যাতে জৈৱিক কৃষিৰ পথাৰখন দূষিত কৰিব নোৱাৰো তাৰ ব্যৱস্থা কৰাটোও বাঞ্ছনীয়। উপযুক্ত প্ৰমাণীকৰণ সংস্থাৰ লগত যোগাযোগ কৰি আপোনাৰ খেতিডৰাৰ প্ৰমাণপত্ৰ লাভ কৰাও অতি প্ৰয়োজনীয় কথা।

অৱশ্যে এইটো সত্য যে জৈৱিক কৃষি উৎপাদিত সামগ্ৰীৰে সমুদায় ভাৰতীয় জনগণৰ দুবেলাৰ অন্নৰ যোগান ধৰা অসম্ভৱ। সেয়েহে, অৱহেলাৰ বাবে অজৈৱিক পদাৰ্থ অব্যৱহৃত অঞ্চলসমূহ চিনাক্ত কৰি ইয়াক জৈৱিক কৃষিৰ বাবে সময় আহি পৰিছে।

(উৎসঃ অসমীয়া খবৰ, ৰুদ্ৰ নাৰায়ণ বৰকাকতি)।

2.91304347826
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top