অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জৈৱিক কৃষিৰ আখৰা :

জৈৱিক কৃষিৰ আখৰাৰ বিষয়ে লিখা হৈছে ।

জৈৱিক কৃষি পদ্ধতিত মাটিৰ উৰ্বৰতা -

শস্যৰ শ্ৰীবৃদ্ধিৰ বাবে কি ব্যৱহাৰ কৰিব আৰু কি ব্যৱহাৰ নকৰিব? “ৰাষ্ট্ৰীয় জৈৱিক উৎপাদন আঁচনি” ৰ নীতি নিয়মমতে কৃষকে মাটিৰ সাৰুৱা গুণ বৃদ্ধিৰ বাবে বা কৃষি ভুমিক সঠিক ৰুপত ৰাখিবৰ বাবে কি কি ব্যৱহাৰ কৰিব পাৰিব বা কি কি ব্যৱহাৰ কৰিব নোৱাৰিব তাৰ এক নিৰ্দিষ্ট নীতি নিৰ্দেশনা আছে। কৃষক ৰাইজৰ সুবিধাৰ্থে সেইবোৰ তলত উল্লেখ কৰা হ’ল- জৈৱিক কৃষি পদ্ধতিৰ নীতি  অনুসৰি মাটিৰ সাৰুৱা গুণ-অটুট ৰাখিবৰ বাবে কৃষিজাত জৈৱিক পদাৰ্থসমুহ অণুজীৱৰ কাৰ্যকাৰিতাৰ যোগেদি পুনৰাই ব্যৱহাৰ কৰিব লাগে। কিন্তু বহুসময়ত এনে জৈৱিক পদাৰ্থসমুহ ব্যৱহাৰ কৰাত কিছু বাধানিষেধ আহি পৰে। সেই পদাৰ্থসমহ ব্যৱহাৰ কৰাৰ বাবে কিছুমান নীতি নিৰ্দেশনাও আছে। ০ জৈৱিক কৃষিপামৰ ভিতৰতে জমা তথা উৎপাদন হোৱা জীৱ-জন্তুৰ গোৱৰ, মুত্ৰ, মুৰ্গীৰ মল, শস্যৰ অৱশিষ্ট অংশ, খেৰ, সেউজ সাৰ ব্যৱহাৰ কৰাত বাধা নাই। ০ জৈৱিক কৃষিপামৰ বাহিৰত উৎপাদন হোৱা কিছুমান জৈৱিক পদাৰ্থ ব্যৱহাৰ কৰিব পাৰি, যেনে-পীট, (Peat), কাঠৰগুড়ি বা কাঠফলা মিলৰ গুড়ি (যিবোৰ কাটঃত কোনো ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা নহয়), উদ্ভিদৰ বিভিন্ন অংশ ব্যৱহাৰ কৰি তৈয়াৰ কৰা পচন সাৰ। ০ আনহাতে, জৈৱিক ক্তৃষিপামৰ বাহিৰত উৎপাদন হোৱা বহুত পদাৰ্থ ব্যৱহাৰ কৰাত কিছু নীতি নিৰ্দেশনা আছে। সাধাৰণতে এইবোৰ ব্যৱহাৰ কৰাৰ সময়ত জৈৱিক কৃষিৰ প্ৰমাণ পত্ৰ দিয়া সংস্থাৰ লগত আলোচনা কৰিহে ব্যৱহাৰ কৰিব লাগে।

তেনেধৰণৰ উৎপাদন সমুহ হ’ল-

১) জীৱ-জন্তুৰ তেজ, মাংস, হাড়, পাখি আদি।

২) জীৱ-জন্তুৰ মল ব্যৱহাৰ কৰি উ্ৎপাদন কৰা পচন সাৰ

৩)পাম সাৰ (FYM) মুত্ৰ

৪) মাছ আৰু মাছৰ বিভিন্ন অংশ ব্যৱহাৰ কৰি তৈয়াৰ কৰা সাৰ।

৫) খাদ্য বস্তু আদি উদ্যোগৰ পেলনীয়া জৈৱিক অংশবিশেষ

৬) সাগৰীয় অপতৃণ বা সাগৰীয় অপতৃণৰ দ্বাৰা প্ৰস্তুত কৰা উৎপাদন।

৭) খেৰ

৮) কেঁচুসাৰ

৯) তেল প্ৰস্তুত কৰা কাৰখানাৰ পেলনীয়া অংশ বা নগৰ চহৰৰ জৈৱিক জাৱৰ-জোথৰ ব্যৱহাৰ কৰি প্ৰস্তুত কৰা পচন সাৰ।

১০) জীৱ-জন্তুৰ এঙাৰ বা ছাই আদি

ওপৰোক্ত উৎপাদনসমুহক নিয়ন্ত্ৰিত সামগ্ৰী (RESTRICTED) বুলি গণ্য কৰা হয়।

খনিজাত সামগ্ৰীৰ ভিতৰত -

১) কেলছিয়াম ক্লৰাইড

২)কেলছিয়াম কাৰ্বনেট চক, চুণশিল, জিপচাম, ফছফেট ৰক

৩) মেগনেছিয়াম চালফেট

৪) ক্লে-বেনট’নাইট, জিম’লাইট, পাৰলাইট আদি ব্যৱহাৰ কৰাত কোনো বাধা নিষেধ নাই।

কিন্তু খনিজাত সামগ্ৰীৰ কিছুমানক অনুমোদন সাপেক্ষে ব্যৱহাৰ কৰিব পাৰি-

সেইবোৰ হ’ল-

১) কেলছিয়াম বা মেগছিয়াম ৰক

২) প্ৰাকৃতিক ফছফেট (ৰক ফছফেট)

৩) চডিয়াম ক্লৰাইড

৪) অণুসাৰ যেনে, বৰণ লো, মলিবডেনাম, জিংক, আয়’ডিন আদি

৫) পটেছিয়াম চালফেট

৬) ছালফাৰ

৭) এলমুনিয়াম কেলছিয়াম ফছফেট

৮) শিলৰ গুড়ি আদি ।  এইবোৰক  RESTRICTED ৰ  শাৰীত ধৰা হয়।

অণুজীৱৰ উপাদান -

১) যিকোনো ধৰণৰ উপকাৰী বেক্টেৰীয়াৰ দ্বাৰা প্ৰস্তুত কৰা উপাদান যেনে- জীৱাণুসাৰ (Biofertilizer) ব্যৱহাৰ কৰিব পাৰি।

২) যিকোনো ধৰণৰ বায়’ডাইনেমিক মিশ্ৰণ ব্যৱহাৰ কৰাত কোনো বাধা নাই।

৩) উদ্ভিদজাত সামগ্ৰীৰ পৰা প্ৰস্তুত কৰা যিকোনো উপাদান বা উদ্ভিদৰ পৰা নিষ্কাশিত দ্ৰব্য (Botanical Extract) ব্যৱহাৰ কৰাত বাধা নাই। কিন্তু যিবোৰ উদ্ভিদৰ পৰা ‘ড্ৰাগচ’ বা নিছা জাতীয় পদাৰ্থ উৎপন্ন কৰা হয় সেইবোৰ উদ্ভিদ ব্যৱহাৰত সামান্য বাধা আছে যেনে ধপাত, কানি, ভাং আদি।

৪) কেঁচুসাৰত অণুজীৱ মিহলি কৰি ব্যৱহাৰ বাধা নাই। কিন্তু যিবোৰ উদ্ভিদৰ পৰা ড্ৰাগচ বা নিছা জাতীয় পদাৰ্থ উৎপন্ন কৰা হয় সেইবোৰ উদ্ভিদ ব্যৱহাৰত সামান্য বাধা আছে যেনে, ধপাত, কানি, ভাং আদি।

৫) কেঁচুসাৰত অণুজীৱ মিহলি কৰি ব্যৱহাৰ কৰাত বাধা নাই।

৬) পীট (Peat) ৰ লগত অণুজীৱ মিহলি কৰি ব্যৱহাৰ কৰাত কোনো বাধা নাই।

লেখক: তাজ আহমেদ

 

 

 

3.02941176471
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top