মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / জৈৱিক কৃষিৰ বাবে উপযুক্ত কিছু দ্ৰব্য
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জৈৱিক কৃষিৰ বাবে উপযুক্ত কিছু দ্ৰব্য

অতি প্ৰাচীনকালৰে পৰা ভাৰত উপমহাদেশত জৈৱিক কৃষি পদ্ধতিৰ প্ৰচলন হৈ আহিছে|

চমু বিৱৰণ

অতি প্ৰাচীনকালৰে পৰা ভাৰত উপমহাদেশত জৈৱিক কৃষি পদ্ধতিৰ প্ৰচলন হৈ আহিছে| এই জৈৱিক কৃষি ব্যৱস্থাত কৃষি ভুমিডৰা এনেধৰণে প্ৰস্তুত কৰা হয় যে ভূমিভাগ জীৱন্ত হৈ থকাৰ বাবে জৈৱ বৰ্জ্য দ্ৰৱ্য (উদ্ভিজ আৰু প্ৰাণীজ পদাৰ্থ) আৰু অন্যান্য জৈৱিক পদাৰ্থৰ লগতে উপকাৰী অনুজীৱ (জীৱাণুসাৰ)ক সুস্থ পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষাৰ নিমিত্তে প্ৰয়োগ কৰা হয়| এই পৰম্পৰাগত কৃষি পদ্ধতিক বিজ্ঞানৰ দৃষ্টিকোণেৰে পৰিশোধিত কৰি বৰ্ধিত জনগণক অন্নৰ যোগান ধৰিব লাগিব| ৰাসায়নিক পদাৰ্থৰ প্ৰয়োগে বৃদ্ধি কৰা উৎপাদন ক্ষণস্থায়ী| তদুপৰি ৰাসায়নিক পদাৰ্থৰ লগত সংপৃক্ত হৈ থকা অশুভ দিশসমুহ চালিজাৰি নিৰীক্ষণ কৰিলে দেখা যায় যে আধুনিক কৃষি ব্যৱস্থাত জৈৱিক কৃষিৰ বিকল্প নাই|

অজৈৱিক সাৰৰ বিকল্পৰুপে ব্যৱহৃত দ্ৰব্য:

পামসাৰ:- জৈৱিক কৃষি পামৰ ভিতৰত বা জৈৱিক কৃষিৰ নিৰ্দেশনাৰ আধাৰত প্ৰতিপালন কৰা গৰু, ম’হ, ছাগলী আদিৰ গোবৰ, মূত্ৰ, শস্যৰ খেৰ, অন্যান্য জাবৰ-জোথৰ, শস্যৰ মুঢ়া, তুঁহগুড়ি আদিক উপযুক্তভাৱে শস্যক্ষেত্ৰত প্ৰয়োগ কৰি শস্যৰ উৎপাদন বৃদ্ধি কৰিব পাৰি|

পচন সাৰ:- বাৰীৰ অলাগতিয়াল জৈৱিক সামগ্ৰীখিনি যেনে-গছৰ পাত, শাক-পাচলি, ফল-মূলৰ বাকলিকে ধৰি অন্যান্য জাবৰ-জোথৰ এটা গাঁতত জমা কৰি পচিবলৈ দি ইয়াক শস্যৰ পথাৰত ৰাসায়নিক সাৰৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰি| পচন সাৰে মাটিৰ পানী ধাৰণ ক্ষমতা বৃদ্ধি কৰে| ফলত মাটিডোখৰ জীপাল হোৱাৰ বিপৰীতে মাটিৰ প্ৰদূষণ হ্ৰাস কৰে| লগতে ভূমিজ উপকাৰী জীৱানুৰ শ্ৰীবৃদ্ধি ঘটায় আৰু মাটিৰ বায়ু চলাচলৰ ক্ষমতা বৃদ্ধি কৰে|

সেউজ সাৰ:- বিভিন্ন মাহজাতীয় শস্য, ধইনচা বা খৰিমৰা, শল, মেডেলুৱা আদি উদ্ভিদক সেউজ সাৰৰ ৰুপত ব্যৱহাৰ কৰিব পাৰি|

কেঁচু সাৰ:- কিছুমান অতি শীঘ্ৰে বৃদ্ধি ঘটা কেঁচুক এই সাৰ প্ৰস্তুতিত ব্যৱহাৰ কৰা হয়| জৈৱিক আৱৰ্জনাৰে গাঁত ভৰ্তি কৰি নিৰ্দ্দিষ্ট প্ৰজাতিৰ কেঁচু এৰিলে ৫০-৬০ দিনমানৰ ভিতৰত সাৰ প্ৰস্তুত হৈ উঠে|

জীৱাণু সাৰ:- মাটিৰ উৰ্বৰতা বৰ্দ্ধক অনুজীৱ যেনে ৰাইজ’বিয়াম, এজট’বেক্টৰ, এজ’স্পাইৰিলাম, এজলা, নীল-সেউজ এলগি, মাইকৰ হাইজা আদি ব্যৱহাৰ কৰা হয়|

যদিও সঁচৰাচৰ দেখা যায় যে জৈৱিক কৃষিত ৰোগে আক্ৰমণ কৰাৰ পিছত প্ৰতিকাৰ কঠিন হৈ পৰে, সেয়েহে প্ৰতিষেধকেই উদ্ভিদ ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়| জৈৱিক কৃষিত বিশেষকৈ উদ্ভিদৰ ৰোগাক্ৰান্ত অংশ বৰ্জন, বনবাত নিৰাই পৰিচ্ছন্নতাৰে কৃষি কৰ্ম পালন, সুস্থ-সুবীজ বাছনি, শস্যাকৰণ, শস্যাৱৰ্তন, কীটপতংগক হাতেৰে বা ফান্দেৰে ধৰি নিয়ন্ত্ৰণ আৰু জৈৱিক কীটনাশকৰ ব্যৱহাৰ আদি দিশসমূহৰ ওপৰত গুৰুত্ব দিব লগা হয়| জৈৱিক কৃষিত শস্য ৰক্ষাৰ বাবে উপকাৰী বেক্টেৰিয়া, ভাইৰাছ, উদ্ভিজ ৰসায়ন ব্যৱহাৰ কৰা হয়| বেক্টেৰিয়াৰ ভিতৰত বেচিলাছ থুৰিজিয়েনছিচ (বিশেষকৈ পখিলাজাতীয় পতংগৰ বিৰুদ্ধে), ভেঁকুৰৰ ভিতৰত বিউভেৰিয়া বেচিয়ানা, ট্ৰাইক’ড্ৰামা, ভাইৰাছৰ ভিতৰত এন পি ভি আৰু উদ্ভিজ ৰসায়নৰ ক্ষেত্ৰত নিম উল্লেখযোগ্য| মন কৰিবলগীয়া যে জৈৱিক কৃষিত ধঁপাতৰ নিৰ্যাসক ৰক্ষাৰ নিমিত্তে ব্যৱহাৰ কৰা নিষেধ|

গো-কেন্দ্ৰিক পৰম্পৰাগত জৈৱিক পদাৰ্থ:-

য’ৰে-ত’ৰে পৰা সংগ্ৰহ কৰা গৰুৰ গোবৰ জৈৱিক কৃষিত ব্যৱহাৰ কৰা নিষিদ্ধ| সম্পুৰ্ণ জৈৱিক প্ৰথাৰে উৎপাদিত গোবৰ বা অন্যান্য গো-জাত সামগ্ৰীহে জৈৱিক কৃষিত অনুমোদিত| থলুৱাভাৱে উপলব্ধ আৰু কম খৰচী সুলভ বস্তুবোৰক কীটনাশক বা কীট বিকৰ্ষক ৰুপে জৈৱিক কৃষিত ব্যৱহাৰ কৰিব পাৰি| এইবোৰ মানৱ স্বাস্থ্যৰ বাবে উপকাৰী আৰু পৰিৱেশৰ দৃষ্টিকোণেৰে নিৰাপদ|

বীজামৃত:- ইয়াক বীজ শোধনৰ নিমিত্তে ব্যৱহাৰ কৰা হয়| ইয়াত ৫ লিটাৰ গো-মূত্ৰ, ৫ কিলোগ্ৰাম গোবৰ, ১০০ গ্ৰাম জীৱিত মাটি, ২০০ গ্ৰাম গুড় আৰু ২০ লিটাৰ পানী মিহলাই এই মিশ্ৰণ ২০ দিনলৈ জমা ৰাখি পিছত মাটিত প্ৰয়োগ কৰিলে ভূমিজ উপকাৰী জীৱাণু বাঢ়ে আৰু অপকাৰী বীজাণু হ্ৰাস পায়|

জীৱামৃত:- ১ লিটাৰ গো-মূত্ৰ, ১ কিলোগ্ৰাম গোবৰ, ১ লিটাৰ গাখীৰ আৰু ২৫০ গ্ৰাম চুণক ১০০ লিটাৰ পানীৰ সৈতে মিহলাই এই মিশ্ৰণ ১০ দিনলৈ বন্ধ পাত্ৰত জমা ৰাখি পিছত এই দ্ৰৱণত বীজ শোধন কৰি ছাঁত শুকুৱাই সিঁচিব লাগে|

গো-মুত্ৰ:- এপষেক পুৰণি এক লিটাৰ গো-মূত্ৰৰ লগত ১০ লিটাৰ পানী মিহলাই গছৰ পাতত প্ৰয়োগ কৰিলে কীট-পতংগ বিকৰ্ষিত হয়|

পঞ্চগব্য:-ইয়াৰ বাবে প্ৰয়োজনীয় উপকৰণ সমূহ হ’ল- ৪ লিটাৰ গোবৰৰ পংক, ২ কিলোগ্ৰাম সতেজ গোবৰ, ৩ লিটাৰ গো-মুত্ৰ, ২ লিটাৰ গাখীৰ, ২ লিটাৰ দৈ আৰু ১ কিলোগ্ৰাম দেশী ঘিঁ| এই সামগ্ৰী কেইবিধৰ মিশ্ৰণ ১০-১৫ দিনলৈ এটি পাত্ৰত বায়ুৰুদ্ধকৈ ভৰাই ৰ’দ পৰা স্থানত ৰাখিব লাগে| প্ৰত্যেক দিনা পুৱাবেলা মিশ্ৰণটো লৰাব লাগে| ১০ শতাংশ শক্তিৰ এই মিশ্ৰণে বিকৰ্ষণ ৰুপে কাম কৰে|

আগ্নেয়াস্ত্ৰ:- মিহিকৈ কুটা ১ কিলোগ্ৰাম আইপ’মিয়া অপতৃণ, ৫ কিলোগ্ৰাম ঘোঁৰা নিমৰ পাত আৰু ১০ কিলোগ্ৰাম গো-মুত্ৰক ১০ লিটাৰ পানীত মিহলাই থেতেলিওৱা ৫০০ গ্ৰাম জলকীয়া আৰু ৫০০ গ্ৰাম নহৰু সংযোগ কৰি মিশ্ৰণ উতলাই আধা পৰিমাণৰ কৰিব লাগে| এই দ্ৰ্ৱণৰ ১০ মিলিলিটাৰ লগত ২০০ মিলিলিটাৰ পানী মিলাই ছটিয়ালে পাত ফুটা কৰা আৰু মেৰিওৱা পোকৰ আক্ৰমণৰ পৰা উপশম পাব পাৰি|

লেখক:- ৰুদ্ৰ নাৰায়ণ বৰকাকতি

উৎস:- দৈনিক অসম

3.08695652174
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top