অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জৈৱিক খেতি :

জৈৱিক খেতিৰ বিষয়ে লিখা হৈছে ।

 

অষ্ট্ৰিয়াৰ দাৰ্শনিক ৰুডলফ ষ্টেইনাৰেই ১৯২৪ চনত প্ৰথমবাৰৰ বাবে বৈজ্ঞানিকভাৱে জৈৱিক কৃষিৰ বিষয়ত ধাৰণা আগবঢ়ায়। আনহাতে, ইউৰোপৰপৰা ভাৰতত নব্য কৃষি পদ্ধতিৰদ্বাৰা আপ্লুত হৈ স্বদেশলৈ ঘূৰি গৈ জৈৱিক কৃষিৰ প্ৰচাৰ আৰু প্ৰসাৰত মনোনিৱেশ কৰে। সেয়েহে বৰ্তমান সময়ত এলবাৰ্ট হাবাৰ্ডক আধুনিক জৈৱিক কৃষিৰ পিতৃৰূপে গণ্য কৰা হয়।

অৱশ্যে এয়া সৰ্বজনবিদিত যে অতীজৰে পৰা ভাৰতীয় উপমহাদেশত জৈৱিক কৃষি পদ্ধতিৰে প্ৰচলন হৈ আহিছে। ভাৰতীয় সভ্যতাৰ বাহক বেদতো জৈৱিক কৃষিৰ বিষয়ে উল্লেখ আছে।

এই জৈৱিক কৃষি ব্যৱস্থাত কৃষি ভূমিডৰাক এনেধৰণে প্ৰস্তুত কৰা হয় যে ভূমি ভাগ জীৱন্ত হৈ থকাৰ লগতে উপকাৰী জীৱাণুৰদ্বাৰা সুস্থ পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষা হয়।

এই পৰম্পৰাগত কৃষি পদ্ধতিক বিজ্ঞানৰ দৃষ্টিকোণেৰে পৰিশোধিত কৰি বৰ্দ্ধিত জনগণক অন্নৰ যোগান ধৰিব লাগিব। ৰাসায়নিক পদাৰ্থৰ প্ৰয়োগে বৃদ্ধি কৰা উৎপাদন ক্ষণস্থায়ী। তদুপৰি ৰাসায়নিক পদাৰ্থৰ লগত সংপৃক্ত হৈ থকা অশুভ দিশসমূহ চাৰিজাৰি নিৰীক্ষণ কৰিলে দেখা যায় আধুনিক কৃষি ব্যৱস্থাত জৈৱিক কৃষিৰ বিকল্প নাই।

২০১৫-১৬ চনত ভাৰতত প্ৰায় ১.৩৫ নিযুত টন প্ৰমাণীকৃত বিকল্প নাই। ২০১৫-১৬ চনত ভাৰতত প্ৰায় ১.৩৫ নিযুত টন প্ৰমাণীফকৃত জৈৱিক সামগ্ৰী উৎপাদন হৈছে।

ইয়াৰে ভিতৰত মধ্যপ্ৰদেশৰ স্থান প্ৰথম আৰু পিছৰ স্থান হিমাচল প্ৰদেশ আৰু ৰাজস্থানে দখল কৰিছে।

অসমৰ কৃষকেও অনুজ্ঞাপ্ৰাপ্ত প্ৰমাণীকৰণ সংস্থাৰদ্বাৰা পঞ্জীয়ন কৰি নিজৰ কৃষকেও অনুজ্ঞাপ্ৰাপ্ত প্ৰমাণীকৰণ সংস্থাৰদ্বাৰা পঞ্জীয়ন কৰি নিজৰ কৃষি সামগ্ৰীখিনি জৈৱিক প্ৰমাণীকৰণৰ দ্বাৰা বিদেশৰ বজাৰলৈ ৰপ্তানি কৰি অধিক উপাৰ্জন কৰাৰ যথেষ্ট থল আছে।

অজৈৱিক সাৰৰ বিকল্পৰ ৰূপত পামসাৰ, সেউজ সাৰ, কেঁচুসাৰ, জীৱাণু সাৰ আদিৰ ব্যৱহাৰ কৰিব পাৰি।

মাটিৰ উৰ্বৰতা বৰ্দ্ধক অনুজীৱ যেনে- ৰাইজ’বিয়াম, একট’বেক্টৰ, এজ’স্পাইৰিলাম, এজমা, নীল-সেউজ এলাগি, মাইকৰ হাইজা ইত্যাদিক ব্যৱহাৰ কৰা হয়। গৰুৰ গোৱৰো জৈৱিক পামৰ হোৱা উচিত। মানুহৰ মল-মূত্ৰ, ধপাঁতজাত সামগ্ৰী, ইথাইল এলকহল, কৃত্ৰিম সংশ্লেষিত আদি পদাৰ্থ জৈৱিক কৃষিত নিষিদ্ধ।

যদিও সচৰাচৰ দেখা যায় যে জৈৱিক কৃষিত ৰোগে আক্ৰমণ কৰাৰ পিছত প্ৰতিকাৰ কঠিন হৈ পৰে, সেয়েহে প্ৰতিষেধকেই ৰোগৰপৰ উদ্ভিদৰ পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়। জৈৱিক কৃষিত বিশেষকৈ-

১)উদ্ভিদৰ ৰোগাক্ৰান্ত অংশ বৰ্জন,

২)বন-বাত নিৰাই পৰিচ্ছন্নতাৰে কৃষি কৰ্ম পালন,

৩)সুস্থ-সুবীজ বাছনি,

৪)শস্যাকৰণ,

৫)শস্যাৱৰ্তন,

৬)কীট-পতংগক হাতেৰে বা ফান্দেৰে ধৰি নিয়ন্ত্ৰণ আৰু

৭)জৈৱিক কীটনাশকৰ ব্যৱহাৰ আদি দিশসমূহত গুৰুত্ব দিবলগীয়া হয়।

জৈৱিক কৃষিত শস্য ৰক্ষাৰ বাবে উপকাৰী বেক্টেৰিয়া, ভাইৰাছ, উদ্ভিদৰ ৰসায়ন ব্যৱহাৰ হয়। বেক্টেৰিয়াৰ ভিতৰত বেচিলাছ, ভাইৰাছ, উদ্ভিজ ৰসায়ন ব্যৱহাৰ হয়।

বেক্টেৰিয়াৰ ভিতৰত বেচিলাছ থুৰিজিয়েনচিছ,(বিশেষকৈ পখিলাজাতীয় পতংগৰ বিৰুদ্ধে), ভেঁকুৰৰ ভিতৰত বিউভেৰিয়া বেচিয়ানা, ট্ৰাইক’ডাৰ্মা, ভাইৰাছৰ ভিতৰত এন পি ভি আৰু উদ্ভিজ ৰসায়ন বুলিলে নিম নিৰ্যাসক শস্য ৰক্ষাৰ নিমিত্তে ব্যৱহাৰ কৰা হয়।

সেউজ বিপ্লৱে কৃষিক্ষেত্ৰত উৎপাদন বৃদ্ধিৰে ৰাষ্ট্ৰীয় অৰ্থনীতিত ব্যাপক প্ৰভাৱ পেলাইছিল যদিও বৰ্দ্ধিত হাৰত ব্যৱহৃত ৰাসায়নিক সাৰ, কীটনাশক আৰু বীজাণুনাশক ঔষধ আদিৰ প্ৰভাৱত মাটি-পানী-বায়ু আদি আমাৰ প্ৰাকৃতিক সম্পদসমূহ প্ৰদূষিত কৰি পৰিৱেশৰ বিস্তৰ ক্ষতিত বৰঙণি যোগাইছে।

দ্বিতীয়তে, মাটিৰ লৱণীকৰণ আৰু মাটিৰ অৱক্ষয় আদিৰদ্বাৰা এক বৃহৎ পৰিমাণৰ মাটি অনুৰ্বৰ মাটিলৈ ৰূপান্তৰিত হৈছে। তদুপৰি, অত্যধিক মাত্ৰাত ব্যৱহৃত ৰাসায়নিক পদাৰ্থই জলসম্পদৰো ক্ষতি কৰিছে আৰু পেয়জলৰ লগত এই পদাৰ্থসমূহ মিহলি হৈ মানৱদেহলৈ সংক্ৰমিত হৈছে।

এনে পৰিপ্ৰেক্ষিততে প্ৰাচীন কালৰেপৰা প্ৰৱৰ্তন হৈ থকা জৈৱিক কৃষিৰ গুৰুত্ব পুনৰ বাঢ়িব লগিছে। মাটিৰ গুণাগুণ অক্ষুণ্ণ ৰখাৰ লগতে, ভৱিষ্যৎ প্ৰজন্মৰ বাবে মাটিৰ উৎপাদিকা শক্তি বাহাল ৰখাই হ’ল জৈৱিক কৃষিৰ প্ৰধান লক্ষ্য।

জৈৱিক পামত উৎপাদিত উদ্ভিদ পেলনীয়া অংশৰ লগতে গৰুৰ গোবৰ, কেঁচুসাৰ আৰু জীৱানুসাৰক জৈৱিক কৃষিক্ষেত্ৰত প্ৰয়োগ কৰি সুফল পোৱা গৈছে।

জৈৱিক কৃষিৰ উদ্দেশ্যসমূহ হ’ল -

১)স্বাস্থ্যকৰ, পুষ্টিকৰ আৰু উন্নত মানৰ আহাৰ যোগান ধৰা,

২)মাটিত থকা ক্ষুদ্ৰ উদ্ভিদ, প্ৰাণীৰ লগতে অনুজীৱ আৰু জীৱ-জন্তুক সামৰি জৈৱিক-চক্ৰ গঢ়াত সহায় কৰা,

৩)ভৱিষ্যৎ প্ৰজন্মৰ বাবে মাটিৰ গুণাগুণ অক্ষুণ্ণ ৰখা,

৪)মাটি আৰু পানী সংৰক্ষণত গুৰুত্ব দিয়া,

৫)জৈৱ বৈচিত্ৰ্য ৰক্ষা,

৬)আধুনিক কৃষি ব্যৱস্থাপনাই উদ্ভৱ কৰা প্ৰদূষণৰ মাত্ৰা হ্ৰাস,

৭)খেতিয়কৰ পামত থকা সহজলভ্য সম্পদসমূহৰ যথাযথ ব্যৱহাৰ আৰু

৮)কৃষকৰ থলুৱা কৃষি পদ্ধতিক অধিক গুৰুত্ব প্ৰদান আদি।

আনহাতে, জৈৱিক কৃষিৰ তাৎপৰ্য বিচাৰ কৰিলে দেখা যায় যে জৈৱিক কৃষি পদ্ধতিয়ে অনূৰ্বৰ মাটিক উৰ্বৰ কৰি তোলে আৰু মাটিৰ উৎপাদিকা শক্তি অটুট ৰখাত সহায় কৰে। বজাৰত উপলব্ধ ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধৰ বিৰূপ প্ৰতিক্ৰিয়াৰ কথা সকলোৰে জ্ঞাত।

গতিকে ইয়াৰপৰা পৰিত্ৰাণৰ বাবে জৈৱিক কৃষিৰ গত্যন্তৰ নাই। ক্ৰয় ক্ষমতা বঢ়াৰ লগে লগে মানুহৰ মাজত সংখ্যাগততকৈ গুণগত মানৰ খাদ্যাভ্যাসৰ বাবে শোধনৰপৰা আৰম্ভ কৰি খাদ্য বজাৰত উলিয়াই দিয়ালৈকে কৃষি সামগ্ৰীত কোনোধৰণৰ কৃত্ৰিম ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ নোহোৱাৰ ফলত এই খাদ্যসমূহ স্বাস্থ্যকৰ আৰু স্বাদযুক্ত হোৱাৰ লগতে এলুমিনিয়াম, কেডমিয়াম, সীহ, পাৰা আদি গুৰুধাতুসমূহ অতি নগন্য মাত্ৰাও থাকে।

জৈৱিক কৃষি পদ্ধতিৰ ফলত অকস্মাত উৎপাদন হ্ৰাস পালেও বিক্ৰী মূল্য অধিক হোৱাৰ ফলত কৃষকে লোকচানৰ মুখ দেখিব লগা নহয়।

জৈৱিক কৃষিৰ বাবে প্ৰয়োজনীয় দিহা -

 

পৰিৱৰ্তন:

পূৰ্বৰেপৰা কৃত্ৰিম ৰাসায়নিক ব্যৱহাৰেৰে খেতি কৰি থকা পাম এখনক জৈৱিক কৃষিৰ আওতালৈ অনাকে পৰিৱৰ্তন বোলা হয়।

লগতে প্ৰমাণীকৰণ প্ৰতিষ্ঠানৰদ্বাৰা স্বীকৃতি পাবৰ বাবে পামখন কিছুসময়ৰ বাবে অপেক্ষা কৰিব লগা হয়, যাক পৰিৱৰ্তনৰ সময় বোলা হয়। এবছৰীয়া শস্যৰ বাবে পৰিৱৰ্তনৰ সময় দুবছৰ আৰু বহুবৰ্ষীয় উদ্ভিদৰ বাবে তিনিৰপৰা পাঁচ বছৰ পৰ্যন্ত হয়।

সমন্বিত পাম ব্যৱস্থাপনা:

জৈৱিক পামত খেতিৰ লগে লগে পোহনীয়া জীৱ-জন্তু আদিও পালন কৰিব পাৰি। অৱশ্যে ঝুমখেতি জৈৱিক কৃষিৰ পৰিপন্থী।

শস্যক্ৰম:

বছৰেকীয়া শস্যত শস্যক্ৰম সলনি কৰিব পৰা যায়। বহুবৰ্ষীয় শস্যৰ ক্ষেত্ৰত মধ্যৱৰ্তীকালীন শস্য ৰুব লাগে। শস্যক্ৰমত সেউজসাৰ আৰু পশুখাদ্য হিচাপে ঘাঁহ অন্তৰ্ভুক্ত কৰিব পাৰিলে ভাল।

ৰোপণ:

মাটি আৰু জমবায়ু উপযোগী শস্য আৰু ইয়াৰ বিভিন্ন জাতসমূহ ৰোপণ কৰিব লাগে। তদুপৰি এই শস্যসমূহ পোক আৰু ৰোগ প্ৰতিৰোধকাৰীও হ’ব লাগে। শস্যৰ বীজসমূহ জৈৱিক উৎসৰপৰা সংগ্ৰহ কৰিব লাগে।

সাৰ প্ৰয়োগ:

মাটিৰ উৰ্বৰতা বৃদ্ধিৰ বাবে সেউজসাৰ বা মাহজাতীয় শস্যৰ খেতি কৰাটো বাঞ্ছনীয়। জৈৱিক সাৰ, যেনে- পচন সাৰ, গৰুৰ গোবৰ, কেঁচুসাৰ আদি মাটিত যথেষ্ট পৰিমাণে প্ৰয়োগ কৰি সুফল পাব পৰা যায়।

ৰোগ আৰু কীট-পতংগ -

কোনো পৰিস্থিতিতে কৃত্ৰিম ৰাসায়নিক ব্যৱহাৰ নিষিদ্ধ। বিভিন্ন ৰোগৰ বিৰুদ্ধে ট্ৰাইক’ডাৰ্মা আৰু চিউড’মনাছ্ব্যৱহাৰ কৰিব পাৰে।

ভেঁকুৰজনিত ৰোগৰ বিৰুদ্ধে বৰড’মিশ্ৰণ আৰু বেক্টেৰিয়াজনিত ৰোগৰ বিৰুদ্ধে হিং-হালধীৰ মিশ্ৰণ প্ৰয়োগ কৰি সুফল পাব পাৰি।

ভাইৰাছজনিত বেমাৰৰ বাবে উদ্ভিদৰ ৰুগীয় অংশ কাটি চাফা কৰাৰ লগতে ভাইৰাছৰ বাহক পতংগবোৰক নিয়ন্ত্ৰণ কৰা বাধেয়।

পোক-পতংগৰপৰা শস্যক ৰক্ষা কৰিবৰ বাবে ডিম্ব পৰজীৱীযুক্ত ট্ৰাইক’কাৰ্ড ব্যৱহাৰ কৰিব লাগে। লগতে অন্যান্য জৈৱ নিয়ন্ত্ৰকসমূহ খেতিপথাৰত সংৰক্ষণ কৰাৰ বাবে ব্যৱস্থা লোৱা প্ৰয়োজন।

আলোকফান্দ আৰু ফেৰমন ফান্দৰ লগতে হালধীয়া আঠাযুক্ত কাৰ্ড ব্যৱহাৰ কৰিব পাৰে। নিমতেল আৰু নিমগুটিৰ ৰসে কীট-পতংগক বিকৰ্ষণ কৰে। বিউভেৰিয়া আৰু মেটাৰহাইজিয়াম আদি পতংগনাশক ভেঁকুৰ ব্যৱহাৰ কৰিও বহুক্ষেত্ৰত সুফল লাভ কৰা যায়।

মাটি আৰু পানী সংৰক্ষণ:

শস্যৰ্ গুৰিত জাবৰ-জোঁথৰ চপাই মালচিঙৰ ব্যৱস্থা কৰা দৰকাৰ।

ৰাসায়নিক ব্যাপন ৰোধ:

সংলগ্ন পথাৰৰপৰা জৈৱিক কৃষিৰ পামলৈ কৃত্ৰিম ৰাসায়নিক বৰষুণৰ পানীৰ লগতেই হওক বতাহৰ মাধ্যমেৰেই হওক, নিবিয়পিবৰ বাবে পথাৰবোৰৰ মাজত কিছু দূৰত্ব ৰখা প্ৰয়োজন, যাক ‘বাফাৰজ’ন’ বোলা হয়।

তদুপৰি জৈৱিক পামৰ চাৰিওপিনে বতাহৰদ্বাৰা সাম্ভাব্য সংক্ৰমণ ৰোধৰ বাবে এৰা বা তেনেজাতীয় উদ্ভিদ ৰোপণ কৰিব পাৰি। কৃষি সঁজুলিসমূহো আছুতীয়া হোৱা প্ৰয়োজন।

খাদ্য সংশাধন:

জৈৱিক সামগ্ৰীসমূহক ৰ’দ বা উষ্ণ কোঠাত বা ঠাণ্ডা কোঠাত বা শুকুৱাৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ বাবে কোনো কৃত্ৰিম ৰাসায়নিক ব্যৱহাৰ কৰিব নালাগে।

মৰাপাট বা তেনে প্ৰাকৃতিক আঁহেৰে নিৰ্মিত মোনাত সংৰক্ষণ কৰিব লাগে। দ্ৰব্যৰ নাম, পৰিমাণ, উৎপাদকৰ নাম, ঠিকনা, প্ৰমাণীকৰণ সংস্থাৰ নাম আদি যুক্ত লেবেল লগোৱা প্ৰয়োজন।

নথিভুক্তকৰণ -

জৈৱিক পামৰ খতিয়ান নথিভুক্ত কৰটো নিতান্তই বাঞ্ছনীয়। জৈৱিক পামৰ প্ৰমাণীকৰণৰ মূল উদ্দেশ্য হ’ল- উপভোক্তাক উৎপাদিত সামগ্ৰী সম্পূৰ্ণ জৈৱিক বুলি পতিয়নযোগ্য কৰি তোলা।

প্ৰমাণীকৰণ সংস্থাই জৈৱিক পাম পৰিদৰ্শন কৰি জৈৱিককৰণৰ ন্যূনতম প্ৰয়োজনীয়তাখিনি পূৰণ হৈছে নে নাই পৰীক্ষা কৰি জৈৱিক প্ৰমাণ-পত্ৰ প্ৰদান কৰে।

অৱশ্যে, এইটো সত্য যে একে সময়তে কৃষিভূমিক জৈৱিক কৃষিৰ আওতালৈ আনি তাৰপৰা উৎপাদিত সামগ্ৰীৰে সমুদায় ভাৰতীয় জনগণৰ দুবেলাৰ অন্নৰ যোগান ধৰা নিশ্চয় সম্ভব নহ’ব পাৰে।

সেয়ে অৱহেলাৰ বাবে অজৈৱিক পদাৰ্থ অব্যৱহৃত অঞ্চলসমূহ চিনাক্ত কৰি ইয়াক জৈৱিক কৃষিৰ বাবে সময় আহি পৰিছেগ।

উৎস: দৈনিক অসম(ৰুদ্ৰ নাৰায়ণ বৰকাকতি, ড° দিলীপ কুমাৰ শইকীয়া)

2.82352941176
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top