অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডালিয়া :

ডালিয়াৰ বিষয়ে লিখা হৈছে ।

ফুলৰ নাম ডালিয়া। ইংৰাজী নাম Dahlia । বৈজ্ঞানিক নাম Dahlia varinbilis । পৰিবাৰ Compositac ।

ব্যৱহাৰ:

টাবত লগোৱা ডালিয়া ঘৰৰ বাৰাণ্ডা আদি সজোৱাৰ কামত ব্যৱহাৰ কৰা হয়। বাগিচাৰ ডালিয়াই বাগিচাৰ সৌন্দৰ্য বৃদ্ধি কৰে।

জাত:

বিভিন্ন জাতৰ ভিতৰত কেক্টাছ, এনিমেল, কলাৰেট, পিটনি অন্যতম। প্ৰায় ৩০ ছেন্টিমিটাৰ উচ্চতাবিশিষ্ট চাপৰ জাতো আছে। Dimperialis নামৰ ৰঙা আৰু বগা প্ৰজাতি শক্তি গঠনৰ আৰু ১৫-২০ ছেন্টিমিটাৰ ওখ।

জলবায়ু:

ডালিয়া গছে খুব বেছি বৃষ্টিপাত, অতিৰিক্ত ঠাণ্ডা অথবা অত্যধিক গৰম সহ্য কৰিব নোৱাৰে। এই খেতিৰ বাবে ঈষৎ আৰ্দ্ৰ অৱহাৱা বিশেষ উপযোগী। অলপ পাহাৰীয়া ৬০০-১২০০ মিটাৰ ওখ আৰু গড় বছৰি বৃষ্টিপাত ৫০-৭০ ছেন্টিমিটাৰ হোৱা ঠাইত ডালিয়াৰ খেতি খুব ভাল হয়।

মাটি:

ডালিয়াৰ বাবে পাতল, উৰ্বৰ আৰু দোমোজা মাটি বিশেষ উপযোগী। খুব আঠাযুক্ত, ভাৰী আৰু কৰ্দমাক্ত মাটি এই খেতিৰ বাবে অনুপযুক্ত।

এইধৰণৰ মাটিত পৰিমিত হাৰত বালি, গোবৰ বা পচন সাৰ, কয়লাৰ গুৰি প্ৰভৃতি মিহলালে অধিক সুফলদায়ক হয়। মধ্যমীয়া ধৰণৰ ক’লা মাটিত ডালিয়া ভাল হয়।

মাটি প্ৰস্তুতকৰণ

বাগিচাৰ উত্তৰ-পশ্চিমাংশ, য’ত শীতকালত ৰ’দ বেছি পোৱা যায়, তেনেধৰণৰ ওখ স্থান ডালিয়া খেতিৰ বাবে নিৰ্বাচন কৰা উচিত। পি এইচ ৭-৭.৫ ডালিয়া খেতিৰ বাবে ভাল। মাটি যথেষ্ট সৰস আৰু জৈৱসাৰযুক্ত হ’ব লাগে।

৩-৪ বাৰ হাল বাই মাটি বেছ গভীৰভাৱে কৰ্ষণ কৰি ফুৰফুৰীয়া আৰু নৰম কৰি অপতৃণ আঁতৰাই ডালিয়া খেতিৰ বাবে মাটি প্ৰস্তুত কৰিব লাগে। এই সময়ত প্ৰতি ১০০ বৰ্গ মিটাৰ স্থানত ২০০ কিলোগ্ৰাম গোবৰ সাৰ, ৩ কিলোগ্ৰাম হাড়ৰ গুড়ি অথব ছিংগল ছুপাৰ ফছফেট প্ৰয়োগ কৰি মাটিৰ সৈতে ভালদৰে মিহলি কৰি দিব লাগে।

তাৰ পিছত মাটি সমান কৰি ৩ মিটাৰ*১.৫ মিটাৰ মাপৰ সৰু সৰু প্লেটত এনেভাৱে ভাগ কৰিব লাগে, যাতে পানী যোগান আৰু নিষ্কাসনৰ সুবিধা হয়। টাবৰ বাবে সাধাৰণত ১০ ইঞ্চি বা ২৫ ছেন্টিমিটাৰ ব্যাস বিশিষ্ট মাটি বা চিমেন্টৰ টাবত ডালিয়াৰ খেতি কৰা হয়। তাৰ বাবে টাবৰ তল দেহৰ ছিদ্ৰটো ইটোৰ টুকুৰাৰে ঢাকি দি তাৰ ওপৰত শুষ্ক ডাল-পাত মেলি দিয়া হয়। তদুপৰি ২-৩ ছেন্টিমিটাৰ গভীৰতালৈ বালি দি পাতবোৰ ঢাকি দিব লাগে। টাবৰ বাকী অংশ নিম্নলিখিত মিশ্ৰণৰ যিকোনো এটাৰে ভৰ্তি কৰিব লাগে-

  • উৰ্বৰ দোমোজা মাটি ৩ ভাগ,
  • পাত পচা সাৰ এভাগ,
  • পচন সাৰ এভাগ,
  • ১০০ গ্ৰাম হাড়ৰ গুড়ি আৰু ৫০ গ্ৰাম ধানৰ আৱৰ্জনাৰ মিশ্ৰণ অথবা ৰঙা মাটি দুভাগ,
  • বালি দুভাগ,
  • পাত পচা সাৰ দুভাগ,
  • পচন সাৰ দুভাগ,
  • দোমোজা মাটি এভাগ,
  • কাঠ কয়লাৰ গুড়ি চাৰি ভাগৰ এভাগ আৰু
  • ১০০ গ্ৰাম হাড়ৰ গুড়ি।

পুলি উৎপাদন

তিনি প্ৰ্কাৰৰ পুলিৰদ্বাৰা ডালিয়াৰ বংশ বিস্তাৰ কৰোৱা হয়-

১)বীজৰদ্বাৰা,

২)সফীত মূল বা কন্দৰ দ্বাৰা আৰু

৩)ডালৰ কলমৰ দ্বাৰা।

বীজৰ গছৰপৰা ভাল ফুল পোৱা নাযায় বাবে আজিকালি কন্দ আৰু কলমৰ গছৰ পৰাহে ডালিয়া খেতি কৰা হয়। গছৰ গুৰিৰপৰা ওলোৱা কন্দৰপৰা যি পুলি ওলায় সেইবোৰ অথবা গছৰ গুৰিৰপৰা যিবোৰ ডাল ওলাই সেইবোৰ সৰু অৱস্থাত কাটি বগা বালিত পুতি পুলি উৎপাদন কৰা হয়। ডাল লগোৱাৰ পিছত পাতলকৈ পানী দিব লাগে। তেনে কৰিলে ১০-১৫ দিনৰ ভিতৰতে পুলিৰ শিপা ওলায়।

পুষ্ট আৰু নিৰোগী অংকুৰিত ডালিয়া মূলৰ খণ্ডাংশ টাবৰ মাজভাগত কিছু বালি দি বহাই দিয়া হয়। সেই অংকুৰটোৰ ওপৰত ৩-৫ ছেন্টিমিটাৰ গভীৰ পাত পচা সাৰ দি অংকুৰিটোক ঢাকি দিব লাগে। তাৰ পিছত পানী দিব লাগে। টাবৰ মাটি তিয়াই ৰখাৰ বাবে দৰকাৰ হ’লে সদায় পাতলকৈ পানী দি থকা প্ৰয়োজন। টাববোৰ এনে স্থানত ৰাখিব লাগে, যাতে সূৰ্যালোক বেছিকৈ পায়, কিন্তু বায়ু প্ৰবাহ কম পায়।

পুলি ৰোপণ

শিপা ওলোৱাৰ প্ৰথ্ম অৱস্থাত পুলিবোৰক ৫ ছেন্টিমিটাৰ টাবত ৰাখিব লাগে। এই টাবত ৩ ভাগ গোবৰ সাৰৰ সৈতে এভাগ দোমোজা মাটিৰ মিশ্ৰণ থাকিব। এই অৱস্থাত পুলিবোৰক কেৱল পুৱাৰ ৰ’দ দিলেই হ’ল। এসপ্তাহ পিছত গছবোৰক মূল টাবত(২৫ ছেন্টিমিটাৰ) স্থাপন কৰিব লাগে। বিভিন্ন নাৰ্ছাৰীত ৰোপণৰ বাবে উপযুক্ত অৱস্থাত পুলি পোৱা যায়।

মাটিত পুলি ৰোপণৰ বাবে প্ৰতোটো প্লটত চাপৰ জাতৰ পুলি সন্মুখৰ শাৰীত, মধ্যমীয়া উচ্চতাবিশিষ্ট জাতৰ পুলি মাজৰ শাৰীত আৰু ওখ জাতৰ পুলি পিছৰ শাৰীত ৰোপণ কৰিব লাগে। মনত ৰখা ভাল, শাখাৰপৰা উৎপাদিত পুলিৰ উচ্চতা কম হয় আৰু অপেক্ষাকৃত সৰু ফুল ফুলে।

পুলি ৰোপণৰ সময়ত ফুলৰ ৰঙৰ কথাও মনত ৰাখিব লাগে। ৰঙৰ মিশ্ৰণ(যেনে- বেছি ৰঙা, বেঙুণীয়া, পাতল ৰঙা, কমলা, হালধীয়া, বগা ইত্যাদি) ঘটাই ৰোপণ কৰিলে বাগিচাখন দেখিবলৈ বেছ সুন্দৰ হ’ব।

এটা এটা প্লটত একে ৰঙৰ পুলি ৰোপণ কৰা ভাল। জাতৰ তাৰতম্য অনুসৰি মাটিত ৪৫-৬০ ছেন্টিমিটাৰ দূৰত্বত আৰু শাৰীত ৩০-৪৫ ছেন্টিমিটাৰ দূৰত্বত পুলিবোৰ শাৰীবদ্ধভাৱে অথবা বিভিন্ন ডিজাইনৰ প্লটত ত্ৰিভূজাকাৰ পদ্ধতিত পুলি ৰোপণ কৰিব পাৰি। সাধাৰণতে পিছবেলা পুলি লগাই ৩-৪ দিন পাতলকৈ পানী দিব লাগে।

সাৰ প্ৰয়োগ আৰু পৰিচৰ্যা

ভাল ফুল পাবলৈ হ’লে ডালিয়াত প্ৰচুৰ পৰিমাণে জৈৱ সাৰ প্ৰয়োগ কৰিব লাগে। যদি মাটিত জৈৱ সাৰ প্ৰয়োগ কৰা নহয়, তেন্তে পুলি লগোৱাৰ সময়ত ২০০ গ্ৰাম পচন সাৰ, ১০০ ষ্টেৰামিল আৰু ৫০ গ্ৰাম এছ এছ পি প্ৰয়োগ কৰি পুলি ৰোপণ কৰিব লাগে।

পুলি ৰোপণৰ ৪০-৫০ দিন পিছত প্ৰতিজোপা গছত ২০-২৫ গ্ৰামকৈ এমোনিয়াম ছালফেট অৰু সমপৰিমাণৰ মিউৰেট অব পটাছ দি পানীৰ ব্যৱস্থা কৰিব লাগে।

উল্লিখিত ৰাসায়নিক সাৰ গছৰ গুৰিৰপৰা অলপ দূৰত্বত দিব লাগে। গছৰ বৃদ্ধি আৰু ফুল ফুলাৰ সময়ত নিয়মিতভাৱে পানী দিয়াটো প্ৰয়োজন।

গছত কলি ওলোৱাৰ সময়ত উল্লিখিত ৰাসায়নিক সাৰৰ মিশ্ৰণ দ্বিতীয়বাৰ প্ৰয়োগ কৰিব লাগে। কেঁচা গোবৰৰপৰা প্ৰস্তুত কৰা তৰল সাৰো দিব পাৰি।

২-৩ বাৰ পানী দিয়াৰ পিছত এবাৰ মাটিখিনি লৰাই নৰম কৰি ফৰফৰীয়া কৰি ল’ব লাগে আৰু অপতৃণবোৰ গুছাই দিব লাগে।

লেখক: ভাস্কৰ পাঠক(দৈনিক অসম)

3.0
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top