অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ধান খেতিৰ মাটি প্ৰস্তুতি

আমাৰ ৰাজ্যখনত ধান খেতি কৰিব পৰা উপযুক্ত পথাৰ আছে। এই পথাৰবোৰত সাধাৰণতে শালিধানৰ খেতিটোহে বহল ভিত্তিত কৰা দেখা যায়। আজিকালি জৈৱিক কৃষিৰ ওপৰত প্রাধান্য দিয়া হৈছে আৰু আৰু তেনে পদ্ধতি অৱলম্বন কৰি খেতি কৰিলে তাৰ পৰা আশানুৰূপ উপার্জন লাভ কৰিব পাৰি। শালিধানৰ খেতিৰ ক্ষেত্ৰত জৈৱিক পদ্ধতি অৱলম্বন কৰিবলৈ হ’লে বৃদ্ধি কৰিব লাগিব। যিহেতু, এই খেতি আমাৰ ৰাজ্যখনত থকা আহল-বহল পথাৰবোৰত বহল ভিত্তিত কৰা হয়। ফলস্বৰূপে জৈৱিক পদ্ধতি অৱলম্বন কৰিলেও কাষতে থকা পথাৰত অন্য কৃষকে প্রয়োগ কৰা ৰাসায়নিক সাৰ, কীটনাশক দ্রব্য আদি পানীয়ে সেই পথাৰলৈ উটুৱাই নিব পাৰে। সেই কাৰণে জৈৱিকভাৱে এই খেতি কৰিবলৈ হ’লে একোখন পথাৰত খেতি কৰা কৃষক ৰাইজে অৱলম্বন কৰাত গুৰুত্ব দিব লাগিব।

আমাৰ ৰাজ্যখনৰ অধিকাংশ কৃষকৰে জীৱিকা নির্বাহৰ মূল উৎস হৈছে শালিধানৰ খেতি। শালিধানৰ উৎপাদন বৃদ্ধি কৰিবলৈ হ’লে মাটি চহ কৰাৰ পৰাই উপযুক্ত ব্যৱস্থা হাতত ল’ব লাগিব। ভালদৰে চহ কৰা এডৰা মাটিৰ পৰাহে শস্যই প্রয়োজনীয় খাদ্য উপাদান সহজে শোষণ কৰিব পাৰে। অনুৰ্বৰা তথা উপযুক্তভাৱে চাহ নকৰা মাটিত ধানগছে পৰিপুষ্টি লাভ কৰিব নোৱাৰে আৰু তেনে মাটিত ধানৰ উৎপাদনো হ্রাস পায়। জৈৱিক সাৰ অথবা পচনসাৰৰ উপৰি পর্যাপ্ত পৰিমাণৰ ৰাসায়নিক সাৰ পথাৰত প্রয়োগ কৰি ধানৰ উৎপাদন বহুগুণে বৃদ্ধি কৰিব পৰা গৈছে। আশানুৰূপ উৎপাদন লাভ কৰিবলৈ কৃষক ৰাইজে এতিয়া মাটি প্রস্তুতিত অধিক গুৰুত্ব দিবৰ সময় হ’ল।

মাটি চহোৱা

ধান খেতিৰ বাবে যিমান পাৰি আগতীয়াকৈ মাটি কঢ়োৱাৰ কাম আৰম্ভ কৰা ভাল। মাটিৰ গঠন প্রক্রিয়াৰ ওপৰত নিৰ্ভৰ কৰি এডৰা মাটি ভালদৰে চহ হ’বলৈ কমেও ৩ সপ্তাহ সময় লাগে। এই ব্যৱধানৰ মূৰে মূৰে ৪-৫ চাহ হাল বাই মাটি প্রস্তুত কৰা বাঞ্ছনীয়। প্রথম চাহ হাল বোৱাৰ পিছৰে পৰা পথাৰত পানী ৰখাৰ ব্যৱস্থা কৰিব লাগে। যিহেতু প্ৰখৰ ৰ’দে চহাই থোৱা মাটিৰ উৰ্বৰতা হ্রাস কৰিব পাৰে আৰু মাটি ডৰা বোকা হোৱাত বাধা জন্মায়। সেইবাবে পথাৰত প্রয়োজনীয় পানী ৰাখিবলৈ উপযুক্ত আলি দিয়াৰ ব্যৱস্থা কৰা উচিত। অসমান বা এঢলীয়া পথাৰত ঘন ঘনকৈ আলি দি নিয়মীয়াকৈ পানী ৰাখিব পৰা যায়।

মাটি কঢ়োৱা দিনাৰ পৰাই পথাৰৰ কাষত থকা হাবি-জংঘল, আৰু আলিবোৰৰ দুয়োকাষে থকা ঘাঁহ-বনবোৰ কাটি যোৱা উচিত। তেনে কৰিলে ঘাঁহ-বনৰ মাজত সোমাই থকা বিভিন্ন কীট-পতংগৰ কণী, পলু আদি ধ্বংস হ’ব আৰু ভৱিষ্যতে শস্য ডৰা নিৰাপদে ৰাখিব পৰা যাব। আজিকালি ব্যাপক হাৰত ধান খেতি অনিষ্ট কৰা চৰহা পোক, ভূৰ পোক আদিৰ আক্রমণ ৰোধ কৰিবলৈ পথাৰ পৰিষ্কাৰকৰণতে গুৰুত্ব দিয়া দৰকাৰ। তদুপৰি ভূই ৰোৱাৰ আগতে পুৰণি আলিবোৰত নতুন মাটি জাপি দি আলি ফাকত সোমাই থকা পোক-পতংগবোৰ নিধন কৰিব পৰা যায়।

ধান গছৰ শিপা বেছি তললৈ নাযায় বাবে অধিক দকৈ হাল বোৱাৰ প্রয়োজন নহয়। এই খেতিৰ বাবে ৯ ইঞ্চিমান গভীৰতাৰ ভিতৰত মাটি চহ কৰিলেই হয়। ভালকৈ চহ নকৰা মাটিত ধান গছৰ শিপা বর্ধনত অসুবিধা হয় আৰু শস্যই সহজে গা কৰি উঠিব নোৱাৰে। তেনে মাটিত কেইদিমানৰ পিছতেই বন-বাতে শস্য ডৰা ছাটি ধৰা দেখা যায়। আগৰ দিনত কৃষক ৰাইজে চূণ- চাধাৰ সৈতে তামোল খাই মাটিত তামোলৰ পিক পেলাই মাটিডৰা ভালকৈ চহ হৈছেনে নাই তাক পৰীক্ষা কৰিছিল আৰু তেনেদৰে পৰীক্ষা কৰি উপযুক্তভাৱে চহ কৰা পথাৰত ভূই ৰুইছিল বাবে ধানৰ উৎপাদনো সন্তোষজনক আছিল। কিন্তু আজিকালি ট্ৰেক্টৰ, পাৱাৰিটিলাৰ আদি সহজলভ্য হোৱাৰ বাবে অধিকাংশ কৃষকে দুই- তিনিচাহ হাল বায়েই ভূই ৰুই নিজৰ কর্তব্য সামৰে। ফলত শস্যখিনিৰ শ্ৰীবৃদ্ধি নহয় আৰু উৎপাদন হ্রাস পায়।

সাৰ প্ৰয়োগ

আমাৰ খেতি পথাৰত বছৰে বছৰে খেতি কৰি থকাৰ ফলত মাটিৰ উৎপাদিক শক্তি হ্রাস পাই আহিছে। ফলস্বৰূপে ধানৰ উৎপাদন ক্ৰমাগতভাৱে কমি যোৱা পৰিলক্ষিত হৈছে। অসাৰুৱা মাটিত অধিক পৰিশ্রম কৰিলেও শস্যৰ উৎপাদন সন্তোষজনক নহয়। যিহেতু জীৱৰ স্বাস্থ্য বর্ধনত প্রয়োজন হোৱাৰ দৰেই ধানগছৰ শ্ৰীবৃদ্ধিৰ বাবেও নির্দিষ্ট পৰিমাণত কিছুমান খাদ্য দ্রব্যৰ প্রয়োজন হয়। গতিকে গোবৰ বা পচন সাৰৰ উপৰি ধান খেতিত অনুমোদিত পৰিমাণত ৰাসায়নিক তথা সূক্ষ্মসাৰ প্রয়োগ কৰা বাঞ্ছনীয়। বিশেষকৈ থলুৱা জাততকৈ উচ্চ উৎপাদনক্ষম জাতৰ ধান খেতিত এনে সাৰৰ প্রয়োজন অধিক। ধানৰ ওখ আৰু চাপৰ জাত অনুসৰি প্রয়োজন হোৱা ৰাসায়নিক সাৰৰ পৰিমাণো ভিন ভিন। অর্ধচাপৰ জাতৰ ধানৰ ক্ষেত্ৰত বিঘাই প্রতি ইউৰিয়া ১৮ কিল’গ্রাম, একক ছুপাৰ ফছফেট, ১৭ কিল’গ্ৰাম আৰু মিউৰেট অব পটাছ ৯ কিল’গ্ৰামকৈ যায় প্রয়োগ কৰিবলৈ কৃষি বিজ্ঞানীসকলে অনুমোদন জনাইছে। ওখ জাতৰ ধানৰ ক্ষেত্ৰত বিঘাই প্রতি ইউৰীয়া ৬ কিল’গ্ৰাম, একক ছুপাৰ ফছফেট ৮ কিল’গ্রাম আৰু পটাছ ২ কিল’গ্রাম প্রয়োগ কৰিব লাগে। উল্লেখযোগ্য যে খেতি কৰা মাটি ডৰাৰ মাটি পৰীক্ষা কৰিহে শস্য অনুসৰি প্রয়োগ কৰিব লগা প্রকৃত সাৰৰ পৰিমাণ নির্ধাৰণ কৰা ভাল।

সাৰ প্ৰয়োগ পদ্ধতি

ৰাসায়নিক সাৰতকৈ গোবৰ বা পচনসাৰ মাটিৰ লগত মিহলি হৈ শস্যই শোষণ কৰিব পৰা অৱস্থালৈ আহিবলৈ কিছু সময়ৰ প্রয়োজন হয়। সেইবাবে মাটি প্রস্তুত কৰোঁতেই বিঘাই প্রতি ডেৰ টনমানকৈ গোবৰ বা পচনসাৰ প্রয়োগ কৰি মাটিৰ লগত ভালদৰে মিহলাই দিয়া উচিত। তাৰ পিছত শেষৰ চাহ হাল বাওঁতে ইয়াত উল্লেখ কৰা আধাভাগ ইউৰিয়াৰ লগত একক ছুপাৰ ফছফেট আৰু পটাছ সাৰখিনি পথাৰত সমভাৱে ছটিয়াই দিব লাগে। ইউৰিয়া সাৰৰ অপচয় ৰোধ কৰিবলৈ আৰু প্রয়োজন মতে শস্যক যোগান ধৰিবলৈ বাকী থকা ইউৰিয়াখিনি ভাগ ভাগকৈ প্রয়োগ কৰা উচিত। যিবোৰ ধানৰ কৃষিকাল ৪ মাহৰ ভিতৰত, তেনে জাতৰ ধানৰ শস্যই মণি ধৰাৰ সময়ত প্রয়োগ কৰিব লাগে। অন্যহাতে, তাতোকৈ পুনৰ সমানে দুভাগ কৰি এভাগ পোখা মেলাৰ সময়ত আৰু আনভাগ মণি ধৰাৰ সময়ত টপড্ৰেছ কৰিব লাগে। উল্লেখযোগ্য যে ইউৰিয়া সাৰ টপড্ৰেছ কৰাৰ সময়ত পথাৰৰ পানী কমাই লোৱা ভাল|

জৈৱিক সাৰ

আজিকালি বিভিন্ন খেতিত প্রয়োগ কৰিব পৰাকৈ ভালেমান জৈৱিক সাৰ ওলাইছে আৰু এনে সাৰ পথাৰত প্রয়োগ কৰি ৰাসায়নিক সাৰৰ পৰিমাণ ক্ৰমান্বয়ে হ্রাস কৰিব পৰা যায়। আমাৰ কৃষক সমাজত কেঁচুসাৰে উল্লেখযোগ্য স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এনে সাৰ প্রস্তুত কৰিব পৰা যায়। সেইদৰে আদি প্রয়োগ কৰাত গুৰুত্ব দিলে ধানৰ উৎপাদন বৃদ্ধি হোৱাৰ লগতে তাৰ চাহিদা আৰু মূল্য বহুগুণে বৃদ্ধি কৰিব পৰা থল আছে। এই ক্ষেত্ৰত কৃষক ৰাইজৰ লগতে উদীয়মান যুৱক-যুৱতীসকলেও গুৰিব’ঠা ধৰা বাঞ্ছনীয়।

লিখক: ড° কুমুদ চুতীয়া, দৈনিক জনমভূমি।

শেহতীয়া উন্নীতকৰণ: : 12/4/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate