মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / ধানখেতিৰ কৃষি পদ্ধতি-১ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ধানখেতিৰ কৃষি পদ্ধতি-১ :

ধানখেতিৰ কৃষি পদ্ধতি-১ ৰ বিষয়ে লিখা হৈছে ।

শালি ধানৰ অধিক উৎপাদনক্ষম জাত, বীজ সিঁচাৰ সময়, কৃষিকাল আদি:

 

জাত

বীগজ সিঁচাৰ সময়

কৃষিকাল

ৰঞ্জিত

জুন মাহ(জেঠ-আহাৰ)

১৫০-১৫৫ দিন

বাহাদুৰ

জুন মাহ(জেঠ-আহাৰ)

১৫০-১৫৫ দিন

মাচুৰী

মধ্য জুন মাহ(আহাৰ)

১৪৫-১৫০ দিন

আই.আৰ-৩৬

জুলাই(আহাৰ-শাওণ)

১১০-১২৫ দিন

জয়া

জুলাই(আহাৰ-শাওণ)

১২৫-১৩০ দিন

সত্য

মধ্য জুন মাহ(আহাৰ)

১৩০-১৩৫ দিন

বসুন্ধৰা

মধ্য জুন মাহ(আহাৰ)

১৩০-১৩৫ দিন

মনোহৰ শালি

মধ্য জুন মাহ(আহাৰ)

১৫৫-১৬০ দিন

কুশল

জুন মাহ(জেঠ-আহাৰ)

১৫০-১৫৫ দিন

মণিৰাম

জুন মাহ(জেঠ-আহাৰ)

১৫০-১৫৫ দিন

পিয়লি

মধ্য জুন মাহ(আহাৰ)

১৩০-১৩৫ দিন

 

বৰোধানৰ জাত, বীজ সিঁচাৰ সময়, ৰোৱাৰ সময় আদি -

 

জাত

বীজ সিঁচাৰ সময়

ৰোৱাৰ সময়

চপোৱাৰ সময়

কৃষিকাল

বৰো-১

নবেম্বৰ

ডিচেম্বৰ-জানুৱাৰী

এপ্ৰিল-মে’

১৫০ দিন

বৰো-২

নবেম্বৰ

ডিচেম্বৰ-জানুৱাৰী

মে’

১৬৫ দিন

মাচুৰী

অক্টোবৰ

নবেম্বৰ-ডিচেম্বৰ

মে’

১৮০-১৯০ দিন

আই. আৰ-৫০

নবেম্বৰ-ডিচেম্বৰ

ডিচেম্বৰ-জানুৱাৰী

এপ্ৰিল-মে’

১৫৫-১৬০ দিন

জয়মতী

নবেম্বৰ-ডিচেম্বৰ

ডিচেম্বৰ-জানুৱাৰী

মে’-জুন

১৭৫ দিন

বিষ্ণুপ্ৰসাদ

নবেম্বৰ-ডিচেম্বৰ

ডিচেম্বৰ-জানুৱাৰী

মে’-জুন

১৬৫ দিন

জ্যোতিপ্ৰসাদ

নবেম্বৰ-ডিচেম্বৰ

ডিচেম্বৰ-জানুৱাৰী

মে’-জুন

১৬৫ দিন

নতুনকৈ অনুমোদিত:

 

 

 

 

দীননাথ

নবেম্বৰ

ডিচেম্বৰ-জানুৱাৰী

এপ্ৰিল-মে’

১৬০-১৬৫ দিন

স্বৰ্নাভ

নবেম্বৰ

ডিচেম্বৰ-জানুৱাৰী

এপ্ৰিল-মে’

১৬০-১৬৫ দিন

কনকলতা

ডিচেম্বৰ

জানুৱাৰী-ফেব্ৰুৱাৰী

মে’-জুন

১৬৫-১৭৫ দিন

 

আহুধানৰ জাত, বীজ সিঁচাৰ সময়, ৰোৱাৰ সময় আদি -

 

*আই. আৰ-৩৬(১২৫-১৩৫ দিনীয়া)

*লুইত(১০০-১০৫ দিনীয়া)

*কপিলী(১০০-১০৫ দিনীয়া)

*জয়া(১৪০-১৪৫ দিনীয়া)

*আই. আৰ-৫০(১১৫-১২৫ দিনীয়া)

বীজ সিঁচাৰ সময়:

ফেব্ৰুৱাৰী মাহৰ মাজভাগত কঠীয়াতলীত বীজ সিঁচিব লাগে।

বীজৰ পৰিমাণ:

প্ৰতি বিঘাত ৫.৫- ৬.০ কিলোগ্ৰাম।

বৰ্ণসংকৰ বা হাইব্ৰীড ধান কি?

আধুনিক বিজ্ঞানসন্মত কৃত্ৰিম প্ৰজনন পদ্ধতিৰে নিৰ্দিষ্ট গুণ সমৃদ্ধ দুবিধ বেলেগ বেলেগ জাতৰ ধানৰ মাজত সংকৰণ ঘটাই উৎপাদন কৰা প্ৰথম বংশৰ ধানৰ বীজ- যাক বিশেষ নামাকৰণ কৰি উৎপাদনৰ বজাৰত এৰি দিয়া হয়।

কিয় হাইব্ৰীড ধানৰ খেতি কৰিব লাগে?

*অধিক উৎপাদনৰ বাবে।

*অন্য জাতবোৰতকৈ তুলনামূলকভাৱে কমদিনত চপাব পাৰি।

*চাউলৰ গুণগত মানদণ্ড থকাৰ বাবে নগৰ-চহৰৰ বজাৰত ইয়াৰ চাহিদা বেছি।

*নিশ্চিত উৎপাদন আশা কৰিব পাৰি।

*একে সময়তে ধান চপাব পাৰি।

থলুৱা আৰু অধিক উৎপাদনক্ষম জাতৰ লগত হাইব্ৰীড ধানৰ পাৰ্থক্য কি?

*থলুৱা জাতবোৰ হ’ল কোনো এক অঞ্চল বা দেশত অতীজৰ পৰা খেতি কৰি অহা জাতবোৰৰ, যিবোৰৰ থলুৱা, জলবয়ু আৰু বতৰৰ লগত খাপ খাব পৰা গুনসমূহ আছেগ। কিন্তু এইবোৰৰ উৎপাদন যথেষ্ট কম।

*অধিক উৎপাদনক্ষম জাতবোৰ হ’ল কিছুমান ভাল জাতৰ ধানৰ মাজৰ পৰাই নিৰ্বাচন কৰি প্ৰাকৃতিকভাৱেই কিছুমান জাত উৎপাদন কৰা হয়, যিবোৰৰ উৎপাদন থলুৱা জাততকৈ বেছি।

*অন্যহাতে হাইব্ৰীডবোৰ কৃত্ৰিমভাৱে তৈয়াৰ কৰা উচ্চ উৎপাদনক্ষম জাত। ইয়াৰ প্ৰথম বংশৰ বীজহে ব্যৱহাৰ কৰা হয়।

বিভিন্ন হাইব্ৰীড জাত:

 

জাতৰ নাম

শস্যকাল(দিন)

বিশেষত্ব

শালিখেতিত

বৰোখেতিত

এৰাইজ ৬৪৪৪

১২০-১৩০

১৪০-১৪৫

মিহিধান

এৰাইজ ৬১২৯

১১০-১২০

১৩০-১৩৫

মিহিধান

পি. এ. চি. ৮৩২

১২০-১৩০

১৪০-১৪৫

মিহিধান

পি. এ. চি. ৮৩৭

১২০-১৩০

১৪০-১৪৫

মোটাধান

পি. এ. চি. ৮০১

১০০-১১০

১২০-১২৫

কমদিনীয়া মিহিধান

এন. কে. সহ্যাদি

১৩০-১৩৫

১৪০-১৪৫

মিহিধান

এন. কে. ৫২৩১

১৩০-১৩৫

১৪০-১৪৫

মোটাধান

এৰাইজ ধানী

১৩০-১৩৫

১৪০-১৪৫

মোটাধান

 

বৰ্ণসংকৰ জাতৰ বীজ সিঁচাৰ সময়:

*বৰো খেতিৰ বতৰত ২০ নবেম্বৰৰ পৰা ১৫ ডিচেম্বৰৰ ভিতৰত বীজ সিঁচিব লাগে, অৱশ্যে আগতীয়া ৰোৱা আহুৰ ক্ষেত্ৰত ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহলৈকে বীজ কৰিব পাৰি।

*শালি খেতিৰ বতৰত ১০ জুনৰ পৰা ১০ জুলাইৰ ভিতৰত বীজ সিঁচিব লাগে।

বীজ শোধন আৰু গজালি মেলোৱা:

মেনক’জেব(২.৫ গ্ৰাম) বা কেপটান(২.৫ গ্ৰাম) বা কাৰ্বানদেজিম(১ গ্ৰাম) প্ৰতি লিটাৰ পানীত মিহলাই ২৪ ঘন্টাৰ বাবে তিয়াই শোধন কৰিব লাগে আৰু ২০-২৪ ঘন্টাৰ বাবে গাপ দিব লাগে।

বীজ শোধন:

*সিক্ত পদ্ধতি:

মেনক’জেব(২.৫ গ্ৰাম) বা কেপটান(২.৫ গ্ৰাম) বা কাৰ্বানদেজিম(১ গ্ৰাম) প্ৰতি লিটাৰ পানীত মিহলাই ২৪ ঘন্টাৰ বাবে তিয়াই শোধন কৰিব লাগে আৰু ৪৮ ঘন্টাৰ ববে গাপ দিব লাগে।

*শুকান পদ্ধতি:

মেনক’জেব(২.৫ গ্ৰাম) বা কেপটান(২.৫ গ্ৰাম) বা কাৰ্বানদেজিম(১ গ্ৰাম) প্ৰতি কিলোগ্ৰাম বীজত ভালদৰে মিহলাই জোকাৰি ল’ব লাগে।

কঠীয়াতলীৰ প্ৰস্তুতি:

*প্ৰতিখন বীজতলী বহলে ১.২৫ মিটাৰ(প্ৰায় ৪ ফুট), দীঘলে ১০ মিটাৰ(প্ৰায় ৩০ ফুট) আৰু দুখন বীজতলীৰ মাজত ৩০ ছেন্টিমিটাৰ(১ ফুট) হ’ব লাগে।

*অধিক উৎপাদনক্ষম জাতৰ ক্ষেত্ৰত এনে জোখৰ বীজতলীত ৬৫০ ৰ পৰা ১ কিঃগ্ৰাঃ আৰু হাইব্ৰীড জাতৰ ক্ষেত্ৰত ২৫০ ৰ পৰা ৩০০ গ্ৰাম বীজ সিঁচিব লাগে।

*একঠা মাটিত এনে বীজতলী প্ৰায় ২০ খন তৈয়াৰ কৰিব পাৰি আৰু ইয়াৰ বাবে অধিক উৎপাদনক্ষম জাতৰ ক্ষেত্ৰত প্ৰায় ১৩-২০ কিঃগ্ৰাঃ আৰু হাইব্ৰীড জাতৰ ক্ষেত্ৰত ৫-৬ কিলোগ্ৰাম বীজৰ প্ৰয়োজন হয় আৰু ইয়াৰে প্ৰায় ৩-৪ বিঘা মাটি ৰুব পাৰি।

কঠীয়াতলীৰ যতন:

*দুখন বীজতলীৰ মাজত পানী বৈ যাব পাৰিলে ১ ফুট বহল নলাৰ ব্যৱস্থা কৰিব লাগে।

*পানী জমা নোহোৱাকৈ কঠীয়াতলীৰ ওপৰভাগ সমান হ’ব লাগে।

*বীজ সিঁচাৰ পিছত মাটি আৰু পচন সাৰৰ মিহলি গুড়ি মাটি পাতলীয়াকৈ ছটিয়াই দিব লাগে।

*কঠীয়াতলী পানীৰে ভিজাই ৰাখিব লাগে।

কঠীয়াতলী শেষৰবাৰ বোকা কৰোতেই ৰাসায়নিক সাৰখিনি প্ৰয়োগ কৰিব লাগে যদিও জিংক চালফেটখিনি তাৰ আগতেই মাটিত মিহলাই দিব লাগে। কিয়নো জিংক চালফেট চুপাৰ সাৰৰ লগত মিহলি কৰাটো অনুচিত।

*কঠীয়া সিঁচাৰ ১২-২০ দিনৰ ভিতৰত ৫০ গ্ৰামকৈ ইউৰীয়া প্ৰতিখন তলীতে প্ৰয়োগ কৰিব লাগে।

অধিক উৎপাদনক্ষম জাতৰ কঠীয়াতলীত সাৰ প্ৰয়োগ:

প্ৰতিখন বীজতলীৰ বাবে(১০ মিটাৰ*১ মিটাৰ)

সাৰৰ নাম

পৰিমাণ

পচন সাৰ বা গোবৰ সাৰ

২০-২৫ কিলো

ইউৰীয়া

৮০ গ্ৰাম

একক চুপাৰ ফচফেট

৮০ গ্ৰাম

মিউৰেট অব পটাচ

৪০ গ্ৰাম

জিংক চালফেট

১০ গ্ৰাম

 

একঠা মাটিৰ বীজতলীৰ বাবে

সাৰৰ নাম

পৰিমাণ

পচন সাৰ বা গোবৰ সাৰ

৪-৫ কুইন্টল

ইউৰীয়া

১.৫ কিলোগ্ৰাম

একক চুপাৰ ফচফেট

১.৫ কিঃ গ্ৰাম

মিউৰেট অব পটাচ

৮০০ গ্ৰাম

জিংক চালফেট

২০০ গ্ৰাম

 

কঠীয়াতলীত সাৰ প্ৰয়োগ:

প্ৰতিখন বীজতলীৰ বাবে(১০ মিটাৰ*১ মিটাৰ)

সাৰৰ নাম

পৰিমাণ

পচন সাৰ বা গোবৰ সাৰ

২০-২৫ কিলো

ইউৰীয়া

৭০ গ্ৰাম

একক চুপাৰ ফচফেট

৩২ গ্ৰাম

মিউৰেট অব পটাচ

৩২ গ্ৰাম

জিংক চালফেট

১০ গ্ৰাম

 

একঠা মাটিৰ বীজতলীৰ বাবে

সাৰৰ নাম

পৰিমাণ

পচন সাৰ বা গোবৰ সাৰ

৪-৫ কুইন্টল

ইউৰীয়া

১.৫ কিলোগ্ৰাম

একক চুপাৰ ফচফেট

৬৫০ গ্ৰাম

মিউৰেট অব পটাচ

৬৫০ গ্ৰাম

জিংক চালফেট

২০০ গ্ৰাম

 

কঠীয়াতলীৰ সুৰক্ষা:

*যদি ব্লাষ্ট ৰোগৰ লক্ষণ ধৰা পৰে তেতিয়া কাৰ্বেনডাজিম(১ গ্ৰাম প্ৰতি লিটাৰ পানীত) মিহলাই স্প্ৰে কৰিব লাগে।

*মজাখোৱা পোক আৰু শস্যকৃমি আক্ৰান্ত অঞ্চলৰ ক্ষেত্ৰত কঠীয়া সিঁচাৰ ৫ দিনৰ পিছত কাৰ্বফুৰান দানা(প্ৰতি বৰ্গমিটাৰ কঠীয়াতলীত ৩ গ্ৰাম) বা ডায়াঝিনন(প্ৰতি বৰ্গমিটাৰ কঠীয়াতলীত ৩ গ্ৰাম) প্ৰয়োগ কৰিব লাগে।

*থ্ৰিপচ নাইবা অন্যান্য পাত সোহনী পোক বা মজাখোৱা পোকৰ আক্ৰমণ নিয়ন্ত্ৰণ কৰিবৰ বাবে ক্লৰ’পাইৰিফছ-২০ ই. চি.(১০ মিলিলিটাৰ ১০ লিটাৰ পানীত) বা মন’ক্ৰট’ফছ(১০ মিলিলিটাৰ ১০ লিটাৰ পানীত) বা ৰগৰ(১০ মিলিলিটাৰ ১০ লিটাৰ পানীত) স্প্ৰে কৰিব পাৰি।

ৰোৱাৰ আগতে কঠীয়া শোধন:

মজাখোৱা পোক, পিঁয়াজী পোক আৰু সোহনী পোকৰ পৰা ৰক্ষা পাবৰ বাবে আগতীয়াকৈ কঠীয়া শোধন কৰিব পাৰি। ইয়াৰ বাবে প্ৰতি ১০ লিটাৰ পানীত ক্লৰ’পাইৰিফচ ২ মিলিলিটাৰ আৰু ইউৰীয়া ১০০ গ্ৰাম মিহলাই এটি মিশ্ৰণ প্ৰস্তুত কৰিব লাগে আৰু উক্ত মিশ্ৰণত ৩ ঘন্টাৰ বাবে কঠীয়াৰ শিপাখিনি ডুবাই লৈহে ৰোপন কৰিব লাগে।

উক্ত পদ্ধতিৰ সলনি ফুৰাডন(প্ৰতি বৰ্গমিটাৰত ৩ গ্ৰাম) কঠীয়াতলীত তোলাৰ ৭ দিনৰ আগতে প্ৰয়োগ কৰিব পাৰি বা ক্লৰ’পাইৰিফচ(প্ৰতি ১০ লিটাৰ পানীত ৫ মিলিলিটাৰ) কঠীয়াতলীত স্প্ৰে কৰিব পাৰি।

শালিধানৰ মূল পথাৰত সাৰ প্ৰয়োগ -

 

মাটিৰ ধৰণ

ইউৰীয়া

একক চুপাৰ ফচফেট

মিউৰেট অব পটাছ

ওখ জাতৰ বাবে(পৰিমাণ: কিলোগ্ৰাম/বিঘা)

মধ্যমীয়া ওখ জাতৰ বাবে(পৰিমাণ: কিলোগ্ৰাম/বিঘা)

১৮

১৭

 

শালিধানৰ মূল পথাৰত সাৰ প্ৰয়োগ(মধ্যমীয়া ওখ জাতৰ বাবে):

 

সাৰ প্ৰয়োগৰ সময়

প্ৰতি বিঘাত সাৰৰ পৰিমাণ(কিলোগ্ৰাম)

ইউৰীয়া

একক চুপাৰ ফচফেট

মিউৰেট অব পটাচ

জিংক চালফেট

মাটি বোকা কৰাৰ সময়ত

১৭

পোখা মেলাৰ সময়ত

মণি ধৰাৰ সময়ত

সৰ্বমুঠ

১৮

১৭

 

শালিধানৰ মূল পথাৰত সাৰ প্ৰয়োগ(মধ্যমীয়া ওখ জাতৰ বাবে):

যদি ডি.এ.পি. সাৰ প্ৰয়োগ কৰা হয়:

 

সাৰ প্ৰয়োগৰ সময়

প্ৰতি বিঘাত সাৰৰ পৰিমাণ(কিলোগ্ৰাম)

ইউৰীয়া

ডি.এ.পি.

মিউৰেট অব পটাচ

জিংক চালফেট

মাটি বোকা কৰাৰ সময়ত

পোখা মেলাৰ সময়ত

মণি ধৰাৰ সময়ত

সৰ্বমুঠ

১১

 

শালিধানৰ মূল পথাৰত সাৰ প্ৰয়োগ(ওখ জাতৰ বাবে):

 

সাৰ প্ৰয়োগৰ সময়

প্ৰতি বিঘাত সাৰৰ পৰিমাণ(কিলোগ্ৰাম)

ইউৰীয়া

একক চুপাৰ ফচফেট

মিউৰেট অব পটাচ

জিংক চালফেট

মাটি বোকা কৰাৰ সময়ত

পোখা মেলাৰ সময়ত

মণি ধৰাৰ সময়ত

সৰ্বমুঠ

 

শালিধানৰ মূল পথাৰত সাৰ প্ৰয়োগ(ওখ জাতৰ বাবে) যদি ডি.এ.পি. সাৰ প্ৰয়োগ কৰা হয়:

 

সাৰ প্ৰয়োগৰ সময়

প্ৰতি বিঘাত সাৰৰ পৰিমাণ(কিলোগ্ৰাম)

ইউৰীয়া

ডি.এ.পি

মিউৰেট অব পটাচ

জিংক চালফেট

মাটি বোকা কৰাৰ সময়ত

পোখা মেলাৰ সময়ত

মণি ধৰাৰ সময়ত

সৰ্বমুঠ

 

হাইব্ৰীড ধানত মূল পথাৰত সাৰ প্ৰয়োগ:

 

সাৰ প্ৰয়োগৰ সময়

প্ৰতি বিঘাত সাৰৰ পৰিমাণ(কিলোগ্ৰাম)

ইউৰীয়া

একক চুপাৰ ফচফেট

মিউৰেট অব পটাচ

জিংক চালফেট

মাটি বোকা কৰাৰ সময়ত

১১

৫০

১০

ৰোৱাৰ ২ সপ্তাহৰ পিছত

১১

ৰোৱাৰ ৪ সপ্তাহৰ পিছত

১১

সৰ্বমুঠ

৩৩

৫০

১০

 

হাইব্ৰীড ধানৰ মূল পথাৰত সাৰ প্ৰয়োগ:

যদি ডি.এ.পি. সাৰ ব্যৱহাৰ কৰা হয় তেতিয়া সাৰৰ পৰিমাণ তলত দিয়া ধৰণে হ’ব:

 

সাৰ প্ৰয়োগৰ সময়

প্ৰতি বিঘাত সাৰৰ পৰিমাণ(কিলোগ্ৰাম)

ইউৰীয়া

ডি.এ.পি.

মিউৰেট অব পটাচ

জিংক চালফেট

মাটি বোকা কৰাৰ সময়ত

১৬

১০

ৰোৱাৰ ২ সপ্তাহৰ পিছত

১১

ৰোৱাৰ ৪ সপ্তাহৰ পিছত

১১

সৰ্বমুঠ

২৭

১৬

১০

 

হাইব্ৰীড ধানত মূল পথাৰত সাৰ প্ৰয়োগ:

যদি এন.পি.কে. সাৰ(১৫:১৫:১৫) ব্যৱহাৰ কৰা হয় তেতিয়া সাৰৰ পৰিমাণ তলত দিয়া ধৰণে হ’ব:

 

সাৰ প্ৰয়োগৰ সময়

প্ৰতি বিঘাত সাৰৰ পৰিমাণ(কিলোগ্ৰাম)

ইউৰীয়া

এন.পি.কে.

জিংক চালফেট

মাটি বোকা কৰাৰ সময়ত

-

১৯.৮৬৬

ৰোৱাৰ ২ সপ্তাহৰ পিছত

১০

ৰোৱাৰ ৪ সপ্তাহৰ পিছত

১০

সৰ্বমুঠ

২০

১৯.৮৬৬

 

বৰো ধানত সাৰ প্ৰয়োগ:

প্ৰতি বিঘাত ৰাসায়নিক সাৰৰ পৰিমাণ(কিলোগ্ৰাম/বিঘা):

 

একেবাৰে দ’ মাটি

দ’ মাটিৰ কাষৰীয়া মাটী

১২

১৮

জলসিঞ্চিত মাটি

১৮

২৭

 

সাৰ প্ৰয়োগৰ সময় -

*বিল নাইবা পিতনিৰ কাষৰীয়া মাটিত অনুমোদিত ইউৰীয়া, একক চুপাৰ ফচফেট আৰু পটাছৰ গোটেইখিনি ৰোৱাৰ ২১-২৫ দিনৰ পিছত টপদ্ৰেছ কৰিব লাগে।

*জলসিঞ্চিত মাটিত সমুদায় একক চুপাৰ ফচফেট আৰু পটাছ শেষৰ চাহ হালবোৱাৰ সময়ত আৰু ইউৰীয়া তিনিভাগ কৰি প্ৰথমভাগ শেষৰ চাহ হালবোৱাৰ সময়, দ্বিতীয়ভাগ পোখা মেলাৰ সময়ত আৰু তৃতীয়ভাগ মণি ধৰাৰ সময়ত প্ৰয়োগ কৰিব লাগে।

একক চুপাৰ ফচফেট সাৰ ৰোৱাৰ ২৫-৩৫ দিনত অৰ্থাৎ সক্ৰিয় পোখা মেলাৰ সময়তো প্ৰয়োগ কৰিব পাৰি।

আগতীয়া আহু ধানত সাৰ প্ৰয়োগ:

 

প্ৰতি বিঘাত ৰাসায়নিক সাৰৰ পৰিমাণ

জাত

ইউৰীয়া(কিঃগ্ৰাঃ)

একক চুপাৰ ফচফেট(কিঃগ্ৰাঃ)

মিউৰেট অব পটাছ(কিঃগ্ৰাঃ)

মধ্যমীয়া ওখ জাতৰ বাবে

১২

১৮

ওখ জাতৰ বাবে

 

সাৰ প্ৰয়োগৰ সময়:

সমুদায় একক চুপাৰ ফচফেট আৰু পটাছ শেষৰ চাহ হালবোৱাৰ সময়ত আৰু ইউৰীয়া তিনিভাগ কৰি প্ৰথমভাগ শেষৰ চাহ হালবোৱাৰ সময়ত, দ্বিতীয়ভাগ পোখা মেলাৰ সময়ত আৰু তৃতীয়ভাগ মণি ধৰাৰ সময়ত প্ৰয়োগ কৰিব লাগে।

একক চুপাৰ ফচফেট সাৰ ৰোৱাৰ ২৫-৩৫ দিনত অৰ্থাৎ সক্ৰিয় পোখা মেলাৰ সময়তো প্ৰয়োগ কৰিব পাৰি।

শালি ধানৰ ৰোপণ দূৰত্ব:

*দীৰ্ঘদিনীয়া জাতৰ ক্ষেত্ৰত:

দুটা শাৰীৰ মাজত: ২৫ ছেন্টিমিটাৰ

দুটা গোছাৰ মাজত: ২০ ছেন্টিমিটাৰ।

*মধ্যমদিনীয়া আৰু কৰ্মদিনীয়া জাতৰ ক্ষেত্ৰত:

দুটা শাৰীৰ মাজত: ২০ ছেন্টিমিটাৰ

দুটা গোছাৰ মাজত: ১৫ ছেন্টিমিটাৰ।

*হাইব্ৰীড জাতৰ ক্ষেত্ৰত:

দুটা শাৰীৰ মাজত: ২০ ছেন্টিমিটাৰ

দুটা গোছাৰ মাজত: ১৫ ছেন্টিমিটাৰ।

হাইব্ৰীড ধানত কঠীয়াৰ বয়স, ৰোপণ দূৰত্ব আৰু গোছাত কঠীয়াৰ সংখ্যা:

 

সময়

কঠীয়াৰ বয়স

ৰোপণ দূৰত্ব

গোছাত কঠীয়াৰ সংখ্যা

দুটা শাৰীৰ মাজত

দুটা গোছাৰ মাজত

শালি বতৰত

২০-২৫ দিন

২০ ছেন্টিমিটাৰ

১৫ ছেন্টিমিটাৰ

মাত্ৰ ১ ডালকৈ

বৰোখেতিৰ বতৰত

৩০-৩৫

২০ ছেন্টিমিটাৰ

১৫ ছেন্টিমিটাৰ

মাত্ৰ ১ ডালকৈ

 

বৰো ধানৰ ৰোপণ দূৰত্ব:

*দীৰ্ঘদিনীয়া জাতৰ ক্ষেত্ৰত:

দুটা শাৰীৰ মাজত: ২৫ ছেন্টিমিটাৰ

দুটা গোছাৰ মাজত: ২০ ছেন্টিমিটাৰ।

*মধ্যমদিনীয়া জাতৰ ক্ষেত্ৰত:

দুটা শাৰীৰ মাজত: ২০ ছেন্টিমিটাৰ

দুটা গোছাৰ মাজত: ২০ ছেন্টিমিটাৰ।

আহু ধানৰ ৰোপণ দূৰত্ব:

*মধ্যমীয়া ওখ জাতৰ ক্ষেত্ৰত:

দুটা শাৰীৰ মাজত: ২০ ছেন্টিমিটাৰ

দুটা গোছাৰ মাজত: ১৫ ছেন্টিমিটাৰ।

*ওখ জাতৰ ক্ষেত্ৰত:

দুটা শাৰীৰ মাজত: ২০ ছেন্টিমিটাৰ

দুটা গোছাৰ মাজত: ২০ ছেন্টিমিটাৰ।

লেখক: নয়ন কুমাৰ বৰা

উৎস: সেউজ চিন্তা

 

 

2.94736842105
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top