অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নাৰ্ছাৰী পুখুৰীৰ প্ৰস্তুতকৰণ

নাৰ্ছাৰী পুখুৰীৰ প্ৰস্তুতকৰণ

মাছৰ পোনা প্ৰতিপালন এক লাভজনক ব্যৱসায়। অসমৰ ক্ষেত্ৰত স্বাস্থ্যবান পোনা পোৱাটো বৰ কষ্টকৰ। সেইবাবে আমি যদি অলপ পৰিশ্ৰম কৰি মাছৰ ক্ষুদ্ৰ পোনাসমূহ (৮ মিলিমিটাৰ বা কম) ফ্ৰাই (২৫-৩০ মিলিমিটাৰ), ফিংগাৰলিং (৬-১২ ছেণ্টিমিটাৰ) আদি অৱস্থালৈ নি বিক্ৰী কৰো, তেনেহ’লে যথেষ্ট লাভান্বিত হ’ব পাৰো। মাছৰ ক্ষুদ্ৰ পোনাসমূহ ফ্ৰাই অৱস্থালৈ ডাঙৰ কৰিবৰ বাবে ব্যৱহাৰ কৰা পুখুৰীটোক নাৰ্ছাৰী পুখুৰী বোলে। ইয়াৰ গভীৰতা উত্পাদন পুখুৰীৰ তুলনাত কম হ’ব লাগে। গভীৰতা ডেৰ ফুটৰ পৰা ৫ ফুট হ’লেই যথেষ্ট। পুখুৰীৰ আকাৰ আধা কঠাৰ পৰা দুই কঠা হ’লেই প্ৰতিপালনত সুবিধা হয়। নাৰ্ছাৰী পুখুৰী ৰ’দ পৰা ঠাইত আৰু পুখুৰীটোত ছমাহ পানী থাকিলে ভাল।

নাৰ্ছাৰী পুখুৰীত মাছৰ পোনা পালন এক জটিল প্ৰক্ৰি্যা। কিয়নো নাৰ্ছাৰী পুখুৰীত প্ৰতিপালনৰ বাবে ব্যৱহৃত তিনিদিনীয়া ক্ষুদ্ৰ পোনাসমূহ অতি সংবেদনশীল। গতিকে ইয়াৰ মৃত্যুৰ হাৰ যথেষ্ট বেছি। সেয়েহে এই পুখুৰীত মাছৰ পোনা পালন কৰিবলৈ হ’লে আমি সাৱধনতা অৱলম্বন কৰা উচিত। এই নিবন্ধৰ জৰিয়তে পাঠক, মীনপালকসকলৰ সুবিধাৰ্থে নাৰ্ছাৰী পুখুৰীত মাছৰ পোনা প্ৰতিপালনৰ সময়ত ল’ব লগা বিভিন্ন ব্যৱস্থাৰ কিছু আভাস তলত দিয়া হৈছে।

নাৰ্ছাৰী পুখুৰীত বিভিন্ন কাৰণত মাছৰ মৃত্যু ঘটিব পাৰে। তাৰ ভিতৰত সম্ভাব্য কাৰণসমূহ হ’ল-(১) উষ্ণতাৰ তাৰতম্য,

(২) উপযুক্ত খাদ্যৰ অভাৱ,

(৩) পুখুৰীত থকা অলাগতিয়াল মাছ,

(৪) পানীত থকা পোক-পত্ংগ,

(৫) উদ্ভিদ প্লৱকৰ অতিৰিক্ত বৃদ্ধি,

(৬) কাৰ্পৰ পোনা ভক্ষণ প্ৰাৱল্য আদি।

নাৰ্ছাৰী পুখুৰীটো পোনা মেলাৰ উপযুক্ত কৰি লওক-

(ক) জলজ অপতৃণ নিয়ন্ত্ৰণ: পুখুৰীত অলাগতীয়াল জলজ অপতৃণ থাকিলে তাক আঁতৰ কৰিব লাগে। অন্যথা ই মাছ পোনাৰ মৃত্যুৰ কাৰণ হ’ব পাৰে। ইয়াক তিনিধৰণে নিৰ্মূল কৰিব পাৰি-

(১) দৈহিক পদ্ধতি,

(২) যান্ত্ৰিক পদ্ধতি,

(৩) ৰাসায়নিক দ্ৰব্য ব্যৱহাৰৰ দ্বাৰা।

দৈহিক অথবা যান্ত্ৰিক পদ্ধতিৰ জৰিয়তে অপতৃণ নিয়ন্ত্ৰণ কৰিলে ভাল।

(খ) অলাগতিয়াল মাছ নিৰ্মূলকৰণ: অলাগতিয়াল মাছ (বৰালি, পুঠি, ডঁৰিকণা আদি)ৰ প্ৰাদুৰ্ভাৱ পুখুৰীত মাছৰ পোনাৰ মৃত্যুৰ কাৰণ হ’ব পাৰে। সেয়েহে নাৰ্ছাৰী পুখুৰীত পোনা মেলাৰ আগতে জাল মাৰি এই মাছসমূহ উঠাই দিব লাগে। সম্পূৰ্ণ নিৰ্মূলকৰণৰ বাবে মহুৱাৰ খলিহৈ, ব্লিচিং পাউডাৰ আদিও ব্যৱহাৰ কৰিব পাৰি। পুখুৰীত মহুৱাৰ খলিহৈৰ ব্যৱহাৰ কৰিলে ই জৈৱিক সাৰৰো কাম কৰে। ইয়াৰ বিষক্ৰিয়া পুখুৰীৰ পানীত ১৫ দিনলৈ থাকে। মৰা মাছ খোৱাৰ উপযোগী। প্ৰতিবিঘা পানীকালিৰ বাবে মহুৱাৰ খলিহৈ ২৬০-৩৩০ কিলোগ্ৰামৰ আৱশ্যক। ব্লিচিং পাউডাৰ প্ৰতি বিঘাৰ বাবে ৩০-৪০ কিলোগ্ৰামৰ দৰকাৰ হয়।

(গ) চূণ প্ৰয়োগ: ক্ষাৰকীয় পানীত মাছৰ বৃদ্ধি খৰতকীয়া হয়। গতিকে পানীৰ আম্লিক গুণৰ পৰিৱৰ্তন, পানীৰ গুণাগুণ, মাছৰ পোনা পালনৰ উপযোগী কৰি তুলিবৰ বাবে পুখুৰীত চূণ প্ৰয়োগ কৰিব লাগে। পুখুৰীত চূণ প্ৰয়োগৰ বাবে প্ৰথমতে চূণখিনি পানীত গুলি লৈ ঠাণ্ডা হ’বলৈ দি তাক পানীত ছটিয়াই দিব লাগে। কুইক লাইম বা খোৱা চূণ পুখুৰীত ব্যৱহাৰ কৰা হয়। প্ৰতি বিঘা পানীকালিত মাছৰ পোনা মেলাৰ আগতে ৩০ কিলোগ্ৰাম চূণ পানীত গুলি লৈ ছটিয়াই দিব লাগে।

(ঘ) সাৰ প্ৰয়োগ: চূণ প্ৰয়োগৰ ৭-১০ দিন পিছত পুখুৰীত জৈৱিক সাৰ যোগান ধৰিব লাগে। পুখুৰীত প্ৰাণী প্লৱকৰ বৃদ্ধিৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়। ই মাছৰ পোনাৰ খাদ্য হয়। যদি অলাগতিয়াল মাছ নিৰ্মূলৰ বাবে মহুৱাৰ খলিহৈ ব্যৱহাৰ কৰা হয়, তেনেহ’লে ইয়েই জৈৱিক সাৰৰ কাম কৰে। অন্যথা কেঁচা গোৱৰ জৈৱিক সাৰ হিচাপে ব্যৱহাৰ কৰা হয়। প্ৰতি বিঘা পনীকালিত কেঁচা গোবৰৰ পৰিমাণ ১৩৪ কিলোগ্ৰাম প্ৰতি মাহত হিচাপে দিব লাগে।

জৈৱিক সাৰ প্ৰয়োগৰ ৭-১০ দিন পিছত পুখুৰীত অজৈৱিক সাৰ প্ৰয়োগ কৰা হয়। এই সাৰ হিচাপে ইউৰিয়া, ছিংগল ছুপাৰ ফচফেট আদি ব্যৱহাৰ কৰা হয়। প্ৰতি বিঘা পানীকালিৰ বাবে ইউৰিয়াৰ পৰিমাণ হ’ব লাগে ৩.৪ কিলোগ্ৰাম প্ৰতিমাহত। পুখুৰীত শেলুৱৈৰ পৰিমাণ বৃদ্ধি হ’লে সাৰ প্ৰয়োগ বন্ধ ৰাখিব লাগে।

সাৰ প্ৰয়োগৰ ১৫ দিন পিছত পুখুৰীত মাছৰ পোনা মেলাৰ উপযুক্ত হয়। নাৰ্ছাৰী পুখুৰীত যদি প্লাংকট’নিক কপিপ’ডৰ বৃদ্ধি অতি বেছি হয়, ত্যেনেহ’লে ই ক্ষুদ্ৰ পোনাসমূহ মাৰি পেলাব পাৰে। তেতিয়া পোনা মেলাৰ ঠিক ৪-৫ দিন অগতে ০.২৫ পি পি এম হাৰত মালাথিয়ন পুখুৰীত প্ৰয়োগ কৰিব লাগে। ইয়ে মাছপোনা জীয়াই থকাৰ হাৰ যথেষ্ট বৃদ্ধি কৰে। নাৰ্ছাৰী পুখুৰীত যদি পোক-পত্ংগৰ বৃদ্ধি অতি বেছি হয়, তেতিয়া ই মাছ পোনাৰ মৃত্যু ঘটাব পাৰে। সেয়ে ইয়াৰ পৰা হাত সাৰিবলৈ পুখুৰীত মাছৰ পোনা এৰি দিয়াৰ ১২-২৪ ঘণ্টাৰ আগেয়ে তেলৰ চামনি দিব লাগে। এই তেলৰ চামনিয়ে পোক-পত্ংগৰ শ্বাস-প্ৰশ্বাসত বাধা জন্মোৱাৰ ফলত ইয়াৰ মৃত্যু হয়। তেলৰ চামনি প্ৰস্তুতৰ বাবে এবিঘা পানীকালিৰ বাবে ৭.৫ কিলোগ্ৰাম মিঠাতেলৰ লগত 2.৫ কিলোগ্ৰাম চাবোন মিহলাই পুখুৰীৰ পানীৰ উপৰিভাগত প্ৰয়োগ কৰিব লাগে। বতাহ বা বৰষুণ নোহোৱা দিন হ’লে ভাল। এই মিশ্ৰণৰ উপৰি কেৰাচিন তেল, ডিজেল, টাৰ্পিন তেল আদিও ব্যৱহাৰ কৰিব পাৰি।

(ঙ) পোনা মেলাৰ নিৰিখ: পুখুৰীটো সম্পূৰ্ণ ৰুপে প্ৰস্তুত কৰাৰ পিছত মাছৰ পোনা মেলা মেলিব লাগে। পুখুৰীৰ গভীৰতা আৰু উত্পাদকৰ ওপৰত নিৰ্ভৰ কৰি মাছৰ পোনাৰ স্ংখ্যা নিৰুপণ কৰ হয়। প্ৰতি বিঘা পানীকালিৰ বাবে মাছৰ তিনিদিনীয়া ক্ষুদ্ৰ পোনা ২-৫ লাখলৈ মেলিব পাৰি। মাছৰ পোনাৰ ঘণত্বৰ ওপৰতেই মাছৰ পোনাৰ জীয়াই থকাৰ হাৰ নিৰ্ভৰ কৰে।

(চ) পোনা মেলাৰ সময়ত ল’ব লগা সাৱধানতা: মাছৰ তিনিদিনীয়া ক্ষুদ্ৰ পোনাসমূহ সহজতে মৃত্যুমুখত পৰে। সেয়ে পোনা মেলাৰ সময়ত আমি কেইটামান বিষয়ত গুৰুত্ব দিব লাগে:

(১) পুখুৰীত মাছৰ পোনা এৰি দিয়াৰ আগতে বেগ বা হাণ্ডিসমূহ পুখুৰীৰ পানীত কিছু সময় ৰাখিব লাগে,

(২) লাহে লাহে পুখুৰীৰ পানী পলিথিন বেগ বা হাণ্ডিৰ পানীৰ লগত মিহলি হ’ব দিব লাগে,

(৩) সকলো বিলাক মাছৰ পোনা খুব সাৱধানে এৰিব লাগে।

(ছ) পৰিপূৰক খাদ্যৰ যোগান: পুখুৰীত প্ৰস্তুত হোৱা প্ৰাকৃতিক খাদ্য খাই মাছসমূহ জীয়াই থাকে যদিও পোনাৰ স্ংখ্যা নাৰ্ছাৰী পুখুৰীত বেছি হোৱা বাবে আৰু বৃদ্ধিৰ হাৰ খৰতকীয়া কৰাৰ বাবে পৰিপূৰক খাদ্যৰ যোগান ধৰটো আৱশ্যক। মাছৰ পৰিপূৰক খাদ্যৰ ভিতৰত চাউলৰ মল আৰু সৰিয়হৰ খলিহৈ (১:১ অনুপাত) মিহলি কৰি পুখুৰীত দিব লাগে। আজিকালি অসম কৃষি বিশ্ববিদ্যালয়ৰ মীন গৱেষণা কেন্দ্ৰই মাছৰ পোনাৰ বাবে ‘সুষমা’ নামৰ খাদ্য এবিধ উলিয়াইছে। তদুপৰি ‘বালিচন্দা নাৰ্ছাৰ’ নামৰ পৰিপূৰক খাদ্য এবিধ বজাৰত পোৱা যায়। চাউলৰ মল আৰু খলিহৈৰ তুলনাত এই খাদ্যবিধ আধা দিলেই হয়।

(জ) ফ্ৰাই স্ংগ্ৰহ: মাছৰ পোনা মেলাৰ ২-৩ সপ্তাহত পুখুৰীৰ পৰা ফ্ৰাই স্ংগ্ৰহ কৰাৰ সময় হয়। পুখুৰীৰ পৰা ফ্ৰাই স্ংগ্ৰহ কৰাৰ পিছত তাক বিক্ৰী কৰি দিব লাগে। পিছত পুনৰ ৭ দিন পিছত (২নং খেপৰ) পোনা মেলিব লাগে। এনেদৰে কমেও ৩-৪ বাৰ নাৰ্ছাৰী পুখুৰীত পোনা পালন কৰি ফ্ৰাই অৱস্থালৈ নি বিক্ৰী কৰিব পাৰি।

নাৰ্ছাৰী পুখুৰীত পোনা প্ৰতিপালন কৰি আমি যথেষ্ট লাভ পাব পাৰো। যিহেতু নাৰ্ছাৰী পুখুৰীৰ বাবে বছৰৰ গোটেই মাহতে পানী থকাৰ আৱশ্যক নাই, সেয়ে আমি যিকোনো কম গভীৰতাৰ পুখুৰীত পোনা প্ৰতিপালন কৰি বিক্ৰী কৰিব পাৰো। পুখুৰী প্ৰস্তুতিৰ সময় যিহেতু প্ৰায় ৪৫ দিন, গতিকে নাৰ্ছাৰী পুখুৰী প্ৰস্তুতিৰ এয়া উপযুক্ত সময়।

ওপৰত দিয়া বিভিন্ন কৌশলসমূহ প্ৰয়োগ কৰি মাছৰ পোনা প্ৰতিপালন কৰিলে আমি সহজতে স্বাস্থ্যবান মাছৰ পোনা পাবলৈ সক্ষম হ’ম। ইয়াক ব্যৱসায়িক ভিত্তিত পালন কৰিলে ই নিবনুৱা সমস্যা সমাধানত বিশেষ ভূমিকা গ্ৰহণ কৰিব। আমি আশা কৰোঁ, ৰাইজে এই কামত গুৰুত্ব দি আৰু ৰাজ্যখনৰ অৰ্থনৈতিক উন্নতিত অৰিহণা যোগাবলৈ আগবাঢ়ি আহিব।

প্ৰতুল ডেকা, মীন বিষয়া, ইনষ্টিটিউট অব্‌ ফাৰ্ম মেনেজমেণ্ট, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate