মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / নিজস্ব অভিজ্ঞতাৰে কুঁহিয়াৰ খেতিৰ কৃষি পদ্ধতি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নিজস্ব অভিজ্ঞতাৰে কুঁহিয়াৰ খেতিৰ কৃষি পদ্ধতি :

নিজস্ব অভিজ্ঞতাৰে কুঁহিয়াৰ খেতিৰ কৃষি পদ্ধতি , ৰ বিষয়ে লিখা হৈছে ।

“সাত পো সাত নাতি, তেহে কৰিবা বৰ্তমান কুঁহিয়াৰ খেতি”- অৰ্থাৎ এই খেতিত যথেষ্ট পৰিমাণে শ্ৰমৰ প্ৰয়োজন হয় বৰ্ত্তমান সময়ত অসমত কুঁহিয়াৰ খেতিৰ প্ৰতি কৃষক অনীহাৰ মূল কাৰণ হৈছে, এই খেতিত প্ৰয়োগ হৈ থকা পুৰণিকলীয়া কৃষি পদ্ধতি। অন্যান্য কাৰণবোৰ হ’ল-

*প্ৰয়োজনীয় কৃষি আন্তঃগাঠনিৰ অভাৱ।

*প্ৰয়োজনীয় কৃষি বনুৱাৰ অভাৱ।

*কুঁহিয়াৰ খেতিৰ পৰা উৎপাদিত গুড়ৰ মূল্যৰ তাৰতম্য আৰু মধ্যভোগীৰ প্ৰভাৱ।

আমি কুঁহিয়াৰৰ পৰা গুড় উৎপাদনতে সীমিত নাথাকি কুঁহিয়াৰ ৰস বিক্ৰী আৰু ডাল কুঁহিয়াৰ হিচাপে বিক্ৰী কৰিও লাভৱান হ’ব পাৰো।

আমি যদি ১০০ কেজি কুঁহিয়াৰৰ পেৰি গুৰ অথবা চেনী তৈয়াৰ কৰো তেনেহ’লে গড় হিচাপে ১০ কেজি মানুহে গুড়/চেনী পাম। ইয়াৰ পৰা কৃষকে বিক্ৰী কৰি ৪০০ টকা হে পাব। ইয়াত মিলৰ আৰু উৎপাদন খৰচ বাদ দিলে(৪০০-১০০) ৩০০ টকা হে পাম।

সেইকাৰণে আমি কুঁহিয়াৰৰ পৰা গুড় উৎপাদনৰ চিন্তা বাদ দি কুঁহিয়াৰ ৰসৰ বেপাৰীক বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছো। ইয়াত প্ৰতি ১০০ কেজি কুঁহিয়াৰৰ মূল্য ৬০০ টকা।

এই ব্যৱসায়ত স্থানীয় যুৱক আগবাঢ়ি আহিলে অলপ ধৈৰ্য সহকাৰে যদি ব্যৱসায় কৰে তেনেহ’লে কৃষকসকলৰ লগতে থলুৱা যুৱকসকলৰ বাবেও ভাল ব্যৱসায় হিচাপে পৰিগণিত হ’ব।

কেৱল গতানুগতিক ব্যৱসায়তকৈ চাফ-চিকুন আৰু পৰিষ্কাৰভাৱে পৰিৱেশনৰ ওপৰত গুৰুত্ব দিব লাগিব।

বৰ্ত্তমান সময়ত বংশানুক্ৰমে কৰি অহা পদ্ধতিত প্ৰতি বিঘাত ৮০ কুইন্টলৰ আশে পাশেহে কুঁহিয়াৰ উৎপাদন পাই আহিছো। আমিও ইয়াৰ ব্যক্তিক্ৰম নাছিলো।

২০১৬ চনৰ পৰা আমি আগৰ সেই পুৰণিকলিয়া পদ্ধতি বাদ দি গুজৰাটৰ শ্ৰীযুত নৱনীত পাটিল, শ্ৰীযুত সুচিত পাটিল আৰু মহাৰাষ্ট্ৰৰ বিখ্যাত কৃষক শ্ৰীযুত সুৰেশ কাবাদেৰ পৰামৰ্শ আৰু আদৰ্শৰে অনুপ্ৰাণিত হৈ তেওঁলোকৰ দৰে ৫*১ ফুট দূৰত্বত কুঁহিয়াৰ ৰোৱাৰ ব্যৱস্থা কৰিছিলো।

ইয়াৰ ফলাফল পাইছিলো অভাৱনীয় উৎপাদনেৰে। খৰচৰ মাত্ৰাও আগৰ তুলনাত নগণ্য বুলি ক’লেও ভূল নহ’ব। বৰ্ত্তমান মোৰ ১৫ বিঘা মাটিত কুঁহিয়াৰ আছে।

কুঁহিয়াৰ খেতি কেনেকৈ কৰিব?

মাটি প্ৰস্তুতি:

মাটি ডৰা দুমাহমান আগৰ পৰা দকৈ হাল কোৰ মাৰি যিমান পাৰি ৰস খাবলৈ দিব লাগে। ইয়াৰ ফলত মাটিত থকা পোক-পৰুৱা নষ্ট হোৱাৰ সহায় হ’ব। পিছত ভালদৰে হাল মৈ মাৰি মাটিডৰা মিহি কৰি ল’ব লাগে।

কুঁহিয়াৰ ৰোৱাৰ সময়:

অসমত বিশেষকৈ গুড় উৎপাদনৰ বাবে মাঘ মাহৰ পৰা বহাগ মাহলৈকে কুঁহিয়াৰ ৰোৱাৰ দেখা যায়। নামনি অসমৰ ফালে কৰা “বোম্বাই কুঁহিয়াৰ”, যি ৰস বিক্ৰীৰ বাবে লক্ষ্য ৰাখি কৰা কুঁহিয়াৰ খেতি কৰা হয় সেইবিলাক খেতি কাতি-আঘোণ মাহত ৰোৱা হয়।

কৃষি বিশ্ববিদ্যালয়ৰ উদ্ভাৱিত জাতকেইটি ৰুবৰ বাবে মাঘৰ পৰা চ’ত মাহলৈকে উত্তম সময়। জলসিঞ্চনৰ প্ৰতি থকা কৃষকৰ অনীহা আৰু জলসিঞ্চন বাবে প্ৰয়োজনীয় আহিলাৰ অভাৱৰ বাবে প্ৰায় কৃষকে বহাগ আৰু জেঠ মাহত ৰোৱাৰ চিন্তা কৰে।

ইয়াৰ ফলত উৎপাদন হ্ৰাস পায়। কিয়নো কুঁহিয়াৰ এজোপা সম্পূৰ্ণ অৱস্থা পাবলৈ ১০ মাহৰ অধিক সময় প্ৰয়োজন হয়। উত্তৰ ভাৰতৰ ৰাজ্যসমূহত কুঁহিয়াৰ খেতিডৰাক ১৪ মাহৰ বাবে এটি কৃষিক্ৰমত ধৰি কুঁহিয়াৰ খেতি কৰে।

তেওঁলোকৰ কুঁহিয়াৰ উৎপাদন প্ৰতি একৰত ১০০ টন। অসমৰ হি চাপত ৩০২ লেচা মাটি= এক একৰ। আমাৰ হিচাপত প্ৰতি বিঘাত ৩৩ তন। আমাতকৈ প্ৰায় তিনি গুণতকৈ অধিক উৎপাদন।

কুঁহিয়াৰ ৰোপণৰ বাবে সঁচ নিৰ্বাচন -

অসমৰ জলবায়ুৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ অনুমোদিত জাত, বৰাক, ধনশিৰী, কপিলী আদি সঁচ আদি উত্তম। নতুনকৈ আৰু এটি জাত জনপ্ৰিয় হৈছে, “অকা পুৰা”। স্থানীয় “ৰঙা প্ৰিয়জী” জাতৰ উৎপাদনো ভালে দেখা যায়।

এই জাতকেইতাৰ শৰ্কৰা উৎপাদন কৰা ক্ষমতা অধিক। কৃষি বিশ্ববিদ্যালয়ৰ অনুমোদিত জাতকেইটাৰ ৰোগ প্ৰতিৰোধ অধিক, বিশেষকৈ ৰঙা পৰা বেমাৰ নহয়। ইয়াৰে কপিলী আৰু কেইটামান জাত আছে যি বানপানী সহনশীল হোৱাৰ বাবে ভাল ফল পাব পাৰি।

কেনেকুৱা কুঁহিয়াৰ ৰোপণৰ বাবে ব্যৱহাৰ কৰিব -

ৰোগ মুক্ত খেতিৰ পৰা সুস্থ-সবল কুঁহিয়াৰ নিৰ্বাচন কৰিব লাগে। এতিয়া কুঁহিয়াৰৰ ওপৰত অংশৰ পৰা ২-৩ টা পাব বাদ দি কুঁহিয়াৰবোৰ টুকুৰা কৰি লওক।

যদি কৃষকৰ নিজৰ খেতিৰ পৰা আগৰদৰে কুঁহিয়াৰ ডালৰ আগফালৰ পৰা আগ ৰাখি ৰোৱাৰ ব্যৱহাৰৰ চিন্তা কৰিছে তেনেহ’লে এটা কথা মন দিব লাগে যাতে প্ৰতিটো আগ ২-৩ গাঠিৰ বেছি হ’ব নালাগে।

এতিয়া কুঁহিয়াৰ টুকুৰাবোৰ ২০ দিনমানৰ বাবে ছাঁ পৰা ঠাইত পাতলকৈ মাটি দি ঢাকি পাতলীয়াকৈ পানী দিয়াৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ ফলত সঁচবোৰৰ সুন্দৰকৈ শিপা আৰু গজালিবোৰ ভাটৌ থুটীয়া হৈ পৰিব আৰু ৰোপণৰ বাবে উপযুক্ত হ’ব।

বীজ(কুঁহিয়াৰ আগ)ৰ পৰিমাণ -

আমি আগতে প্ৰতি বিঘাত ৫০০০ টুকুৰালৈকে কুঁহিয়াৰ আগ ৰোপণ কৰিছিলো যদিও বৰ্তমান আমি পদ্ধতি সলনি কৰি তাৰ পৰিমাণ আধা অৰ্থাৎ ২৫০০ টুকুৰাহে ৰোপণ কৰিব।

সঁচ শোধন:

সঁচ শোধনৰ বাবে প্ৰতি লিটাৰ পানীৰ বিপৰীতে ২ মিলিলিটাৰ ক্লৰিপাইৰিফচ আৰু ১ গ্ৰাম কাৰ্বানডাজিম মিহলাই শোধন কৰি ল’ব লাগে ৰোপণৰ আগে আগে।

খেতিডৰাত বন-বাত নিৰনি -

কুঁহিয়াৰ খেতিৰ শাৰীবোৰ দুয়োকাষে চিকুণাই চাফা কৰি মাজৰ অংশ পাৱাৰটিলাৰ সহায়ত হাল মাৰি চাফা কৰিব পাৰি।

অপতৃণনাশক প্ৰয়োগ কৰিলে অনুমোদিত অপতৃননাশকহে বিশেষজ্ঞৰ পৰামৰ্শমতে প্ৰয়োগ কৰিব লাগে।

কুঁহিয়াৰ খেতিডৰাত সাৰ প্ৰয়োগ:

*শেষৰবাৰ মাটি চহাওতে বিঘাই প্ৰতি ১ টন মান পচনসাৰ, ১০ কিলোগ্ৰাম ইউৰীয়া, ২০ কিলোগ্ৰাম ডি.এ.পি, ৭.৫ কিলোগ্ৰাম এম.অ.পি. মাটিত মিহলাই হাল মাৰি ডৰা প্ৰস্তুত কৰি ল’ব লাগে।

*২৪ কিলোগ্ৰাম ইউৰীয়া আৰু ৭.৫ কিলোগ্ৰাম এম.অ.পি. প্ৰথমবাৰ মাটি চহাওতে প্ৰয়োগ কৰিব লাগে।

সাৰখিনি কুঁহিয়াৰ শাৰীৰ কাষে কাষে দি পাৱাৰ টিলাৰ সহায়ত হাল মাৰি ঢাকি দিব লাগে। এনে কৰিলে কুঁহিয়াৰ পুলিবোৰতো অলপ মাটি চপাই দিয়া হ’ব। সাৰ দিয়াৰ আগে আগে কুঁহিয়াৰ গজালিখিনিৰ মূল কোঁহবোৰ টানি উলিয়াই দিব লাগে।

অনিষ্টকাৰী কীট-পতঙ্গ নিয়ন্ত্ৰণ -

মজা খোৱা পোক নিয়ন্ত্ৰণৰ বাবে উত্তম “ট্ৰাইকগ্ৰামা”। ট্ৰাইক’কাৰ্ড হিচাপে উপলব্ধ এই পোকবিধৰ কণী মেলি মজাখোৱা পোক নিয়ন্ত্ৰন কৰিব পাৰি।

কিন্তু অসমত এই ট্ৰাইক’কাৰ্ড উপলভ্য নহয়। অন্যান্য পোক নিয়ন্ত্ৰণৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শমতে কীটনাশক প্ৰয়োগ কৰিব লাগে।

অধিক উৎপাদন পাবলৈ হ’লে কুঁহিয়াৰ পুলি নিয়ন্ত্ৰণ কৰা খুবেই দৰকাৰ। ইয়াৰ বাবে ১৬০/১৭০ দিনত খেতিডৰাত শুকানপাত গুচাই দিয়াৰ লগতে মিহি আৰু বেমাৰী কুঁহিয়াৰবোৰ কাটি পেলাব লাগে।

মন দিয়া লাগে যাতে প্ৰতিজোপা কুঁহিয়াৰত ৫/৬ ডালতকৈ বেছি কুঁহিয়াৰ নাথাকে।

এতিয়া আমি যদি চাওঁ আমি কুঁহিয়াৰ ৰুইছিলো প্ৰতি ডাল কিলোগ্ৰামকৈ যদি ওজন হয় তেনেহ’লে-

২৫০০*৫= ১২৫০০ ডাল কুঁহিয়াৰ

১২৫০০*১.৫= ১৮,৭৫০ কিলোগ্ৰাম অৰ্থাৎ ১৮৭.৫ কুইন্টল

১৮,৭৫০ ১০০= ১৮৭.৫ কুইন্টল।

লেখক: তপন বৰুৱা(সেউজ চিন্তা)

2.78947368421
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top