অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পটল :

পটলৰ বিষয়ে লিখা হৈছে ।

 

পটল এবিধ চালত বগোৱা লতাজাতীয় গ্ৰীষ্মকালীন পাচলি। সোৱাদযুক্ত নিৰোগী এইবিধ পাচলিৰ খাদ্যগুণো যথেষ্ট। ইয়াক ভাজি কৰি, আলুৰ সৈতে জুতি লগাই জোল কৰি দাইলৰ সলনি খাব পাৰি। কম খৰচতে কৰিব পৰা আৰু লাভজনক এইবিধ পাচলিৰ কৃষি পদ্ধতিসমূহ আজি আলোচনা কৰা হ’ল-

মাটি -

পানী ওলাই যোৱাৰ সু-ব্যৱস্থা থকা, বালি অঁহীয়া, পলসুৱা, অধিক জৈৱিক পদাৰ্থ থকা আৰু ৬.০-৭.০ পৰিমাণৰ অম্লতা থকা মাটি এই খেতিৰ বাবে উপযোগী।

জাত:

স্থানীয় নিৰ্বাচিত জাত।

ৰোৱাৰ সময়:

জানুৱাৰী-ফেব্ৰুৱাৰী।

মাটি প্ৰস্তুত -

পটলৰ গছ বহুদিনলৈ পথাৰত থাকে। এই খেতিৰ বাবে মাটি দকৈ চহাব লাগে আৰু মৈয়াই সমান কৰি ল’ব লাগে। এইবিধ শস্যৰ আলুবোৰ উঁই আৰু কেওঁকটা পোকৰ আক্ৰমণৰপৰা ৰক্ষা পাবলৈ মাটিডৰা শেষৰবাৰ চহাওঁতে শতকৰা ৫ ভাগ শক্তিযুক্ত মালাথিয়ন ঔষধৰ গুড়ি বিঘাই প্ৰতি তিনি কিলোগ্ৰামকৈ মাটিৰ লগত মিহলাই দিব লাগে।

সাৰ প্ৰয়োগ:

বিঘাই প্ৰতি তিনি টন পচন সাৰ বা পচা গোবৰ, ১৭ কিলোগ্ৰাম ইউৰিয়া, ১৩ কিলোগ্ৰাম ছুপাৰ ফছফেট আৰু ৯ কিলোগ্ৰাম মিউৰেট অব পটাছ সাৰ মাটি চাহ কৰাৰ সময়তে প্ৰাথমিক সাৰ হিচাপে প্ৰয়োগ কৰিব লাগে। ফল ধৰাৰ সময়ত ইউৰিয়া আৰু মিউৰেট অব পটাছ সাৰ টপড্ৰেছ কৰিব লাগে।

ৰোৱা পদ্ধতি -

পটলৰ আগৰ খেতিৰপৰা মতা আৰু মাইকী গছ চিনাক্ত কৰি মাইকী গছৰ ডাল আৰু শিপা উভালি আনি ৰুবৰ বাবে ব্যৱহাৰ কৰিব লাগে, ৰুবলৈ লোৱা কটা ডাল বা শিপাবোৰ ১০ মিনিট সময় শতকৰা ০.২ ভাগ শক্তিৰ ডাইথেন এম- ৪৫ মিশ্ৰণত(চাহ চামুচৰে এ চামুচ * ১ লিটাৰ পানী) তিয়াই থ’ব লাগে। আনহাতে, পটলৰ পত্ৰ মুকুল কাটি(leaf bud cutting) লৈও খেতি কৰিব পাৰি। পূৰঠ লতাৰপৰা ২-৩ ছেন্টিমিটাৰ দীঘল ঠাৰিৰে সৈতে এখিলা পাত লৈ পলিথিনৰ এটা মোনাত মাটি ভৰাই পাতে সৈতে ঠাৰিডাল ভৰাই ছাঁত থৈ দিব লাগে আৰু নিয়মিত পানী দি থাকিব লাগে। ১০-১৫ দিন পিছত নতুন পোখা ওলাবলৈ ধৰে ৩০-৩০ দিন পিছত ৰোৱাৰ উপযোগী হয়।

ব্যৱধান:

শাৰী আৰু গছৰ ব্যৱধান ২.০*২.০ মিটাৰ। ডাল ৰুলে ৮ ছেন্টিমিটাৰ দকৈ মাটিত পুতিব লাগে আৰু দুয়োটা আগ ১০ ছেন্টিমিটাৰকৈ বাহিৰত ওলাই থাকিব লাগে।

প্ৰতিপালন -

দ্বিতীয় খেতিত ভাল উৎপাদন পাবলৈ হ’লে গছজোপা বনবাতৰপৰা মুক্ত কৰি ৰাখিব লাগে আৰু গছৰ গুৰিত পাতলীয়াকৈ মাটি চপাই দিব লাগে। ঘন হৈ যোৱা ডাল পাতলাই দিব লাগে। আনহাতে, মাটিত বগাবলৈ দিয়া খেতিত তলত ধান-খেৰ বা নৰা আদি পাৰি দিব লাগে, যাতে ফলবোৰ নষ্ট নহয়। উল্লেখ্য যে নৈপৰীয়া পাতলীয়া মাটিত মাটিহে গছ বগাবলৈ সুবিধা কৰি দিব লাগে আৰু গধূৰ মাটিত হ’লে গছবোৰ বাঁহৰ চাং বা গছৰ ডাল আদিত বগাবলৈ সুবিধা কৰি দিব লাগে চাঙত বগোৱা গছৰ ফলবোৰ খাবলৈ বেছি সোৱাদ হয়।

খেতি চপোৱা:

ফলবোৰ সেউজীয়া আৰু কোমল হৈ থাকোঁতেই চপাব লাগে।

উৎপাদন:

প্ৰথম বছৰ বিঘাই প্ৰতি ৮-১০ কুইন্টল। দ্বিতীয় বছৰ বিঘাই প্ৰতি ১২-১৮ কুইন্টল।

লেখক: প্ৰবোধ চন্দ্ৰ শৰ্মা(দৈনিক অসম)

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top