পথাৰতেই হওক বা ভঁৰাল ঘৰতেই হওক এন্দুৰৰ সমস্যা আমাৰ কৃষক ৰাইজৰ এক প্ৰধান সমস্যা। বীজ সিঁচাৰ পৰা আৰম্ভ কৰি শস্যৰ বাঢ়নৰ বিভিন্ন পৰ্য্যায়ত এন্দুৰে গছ আৰু শস্যৰ দানাৰ ক্ষতিসাধন কৰে। প্ৰতিবছৰে সমগ্ৰ বিশ্বত অকল এন্দুৰৰ আক্ৰমণতেই বহু নিযুত টকা মূল্যৰ শস্যৰ ক্ষতি হয়।
কৃষি বিজ্ঞানত শস্যৰ ক্ষতি কৰা বিভিন্ন পোক-পৰুৱা, বেমাৰ-আজাৰ বা অইন জীৱক বহল পৰিসৰত কীট বুলি কোৱা হয়। সেই দিশেৰে এন্দুৰো এবিধ শস্য ধ্বংসকাৰী কীট। পৰিৱেশৰ কোনো ক্ষতিসাধন নকৰাকৈ শস্যৰ এটি দানা অনিষ্টকাৰী কীটৰ পৰা ৰক্ষা কৰিব পৰাৰ অৰ্থই হ’ল শস্যৰ আন এটি নতুন শস্যৰ আন এটি নতুন দানাৰ সৃষ্টি।
কীটৰ দ্বাৰা সাধাৰণতে হোৱা শস্যৰ ক্ষতিৰ পৰিমাণ মুঠ শস্য উৎপাদনৰ ১৮ শতাংশ বুলি পৰিকল্পনা আয়োগে ২০১১ চনত প্ৰকাশ কৰা এক সমীক্ষাত প্ৰকাশ।
অসমৰ পথাৰত সাধাৰণতে তিনি শ্ৰেণীৰ এন্দুৰে ক্ষতি কৰা দেখা যায়। এইসমূহ হ’ল:
১) বেন্দিকোট (মুগা বৰণৰ)
২) বেন্দিকোট (ক’লা বৰণৰ) আৰু
৩) পথৰুৱা নিগনি
পথাৰৰ ওচৰত আনাৰসৰ বাগান অথবা হাঁহ-কুকুৰা পালন কৰিলে পথাৰত এন্দুৰৰ উপদ্ৰৱ বেছি হয়। শস্যৰ কটা অংশ পৰ্য্যবেক্ষণ কৰি পথাৰত এন্দুৰৰ আক্ৰমণ চিনাক্ত কৰিব পাৰি। সাধাৰণতে দাৰে একে ঘাপতে কুঁহিয়াৰ কাটোতে যেনেকৈ অলপ বেঁকাকৈ কাটে। তদুপৰি পথাৰৰ মাজভাগতহে এন্দুৰে কৰা ক্ষতিৰ পৰিমাণ বেছি হয়। এন্দুৰে আনাৰসৰ ফলটোৰ গুৰিৰ ফালে আৰু নাৰিকলৰ ক্ষেত্ৰত ঠাৰিৰ ওচৰত ফুটা কৰি ক্ষতি কৰে।
এন্দুৰ/এন্দুৰজাতীয় কীটৰ দ্বাৰা হোৱা ক্ষতিৰ পৰিমাণ
শস্য |
ক্ষতিৰ পৰিমাণ (শতাংশ) |
শস্য |
ক্ষতিৰ পৰিমাণ (শতাংশ) |
ধান |
৪.৬-৫৪.০ |
বুটমাহ |
২.৫ |
ধান (ঝুম খেতি) |
৭০.০-৯০.০ |
নাৰিকল |
৫.০-১১.০ |
ঘেঁহু |
১১.১-১১.৯ |
ডালিম |
১৭.৮-২২.৪ |
বাদাম |
৪.১-২৬.৮ |
শাক-পাচলি |
৮.৭-১০.০ |
এন্দুৰৰ বুদ্ধিমত্তা অত্যন্ত প্ৰখৰ আৰু ই প্ৰায় সকলো ধৰণৰ পৰিৱেশতেই জীয়াই থাকিব পাৰে। প্ৰতিবিধ বস্তুৰ প্ৰতি থকা সন্দেহভাৱৰ সময় দৈৰ্ঘ্য ভিন ভিন। আনহাতে, প্ৰতিবিধ বস্তুৰ প্ৰতিক্ৰিয়া মনত ৰখাৰ সময় সময় দৈৰ্ঘ্যও এন্দুৰৰ শ্ৰেণীভেদে ভিন ভিন হয়। প্ৰজাতিভেদে এই সময়বোৰ ভিন ভিন হোৱা বাবেই একেবিধ নিয়ন্ত্ৰণ ব্যৱস্থা সকলো প্ৰজাতিৰ এন্দুৰৰ ক্ষেত্ৰত সফল নহয়। সেয়েহে বিশেষজ্ঞৰ সহায়ত পথাৰত এন্দুৰৰ প্ৰজাতি চিনাক্ত কৰিহে প্ৰয়োজনীয় নিয়ন্ত্ৰণ ব্যৱস্থা গ্ৰ্হণ কৰা উচিত।
এন্দুৰ নিয়ন্ত্ৰণ ব্যৱস্থা যথেষ্ট সাৱধানতাৰে গ্ৰহণ কৰা উচিত। সঠিকভাৱে ঔষধ নিৰ্বাচন কৰিব নোৱাৰিলে বা ঔষধৰ পৰিমাণ কম-বেছি হ’লে অথবা প্ৰয়োগ বিধি সঠিক নহ’লে এন্দুৰ আংশিকভাৱেহে নিধন হয়। পথাৰত এন্দুৰৰ উপস্থিতিৰ সংখ্যা পথাৰত থকা সক্ৰিয় এন্দুৰৰ গাঁতৰ পৰা নিৰ্ণয় কৰা হয়। এন্দুৰৰ উপস্থিতিৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি সাধাৰণতে ২ শতাংশ জিংক ফছফাইড ৯৮ শতাং টোপৰ সৈতে মিহলি কৰি প্ৰয়োগ কৰিলে সুফল পোৱা যায়। ইয়াৰ উপৰিও ০.০০৫ শতাং ব্ৰ’মোডায়োলোন (বজাৰত ৰোভান নামেৰে পৰিচিত) ঔষধ ব্যৱহাৰ কৰি সফলতাৰে এন্দুৰ নিয়ন্ত্ৰণ কৰিব পৰা যায়।
বিভিন্ন আকাৰ আৰু গঠনত এন্দুৰ মৰা দৰৱ বজাৰত পোৱা যায়। এইসমূহ হ’ল-গুড়ি, অধিক ঘনত্বৰ টোপ, পিঠা আদি। বজাৰত মমৰ আৱৰণযুক্ত এবিধ পিঠাও এন্দুৰ নিয়ন্ত্ৰণৰ বাবে পোৱা যায়। আনহাতে, আজিকালি এন্দুৰ মৰা ফান্দ, আঠাযুক্ত ফান্দ আদিও পোৱা যায়। পথাৰত সমূহীয়াভাৱে ভেটা দি সৃষ্টি কৰা ফান্দ এন্দুৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যথেষ্ট কাৰ্য্যকৰী বুলি প্ৰমাণিত হৈছে।
শেহতীয়া উন্নীতকৰণ: : 10/7/2018