মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / পিঁয়াজৰ খেতি কেনেকৈ কৰিব ?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পিঁয়াজৰ খেতি কেনেকৈ কৰিব ?

পিঁয়াজৰ খেতিৰ বিষয়ে লিখা হৈছে ।

পিঁয়াজৰ বৈজ্ঞানিক নাম হ’ল – এলিয়াম চেপা এল.। পিঁয়াজৰ খেতি সাধাৰণতে শীতকালীন খেতি আৰু ১৩-২৪ ডিগ্ৰী উষ্ণতাত ইয়াৰ খেতি ভাল হয়। বাঢ়ন অৱস্থাত ১৫-২১ ডিগ্ৰী উষ্ণতা আৰু পিঁয়াজ হোৱাৰ সময়ত ২০-২৫ ডিগ্ৰী উষ্ণতাৰ প্ৰয়োজন হয়। অন্যহাতে পিঁয়াজৰ পুলি বাঢ়নৰ সময়ত ২০-২৫ ডিগ্ৰী উষ্ণতাৰ দৰকাৰ। অধিক উষ্ণতাত (২৭ ডিগ্ৰীতকৈ অধিক) পিঁয়াজৰ বাঢ়ন কমি যায়।

পিঁয়াজৰ বাবে অতি সাৰুৱা আৰু মিহি মাটিৰ প্ৰয়োজন হয় যদিও সকলো প্ৰকাৰৰ মাটিতে এই খেতি কৰিব পাৰি। বালিচহীয়া মাটিত বেচিকৈ আৰু ঘনাই ঘনাই পানীৰ দৰকাৰ হয় যদিও সোনকালে পিঁয়াজ চপাব পাৰি। বোকা আৰু আলতীয়া মাটিত পিঁয়াজৰ আকাৰ অভজা হয় আৰু ইয়াক মাটিৰ পৰা খান্দিবলৈ অসুবিধা হয়। দোমোজা মাটিত ইয়াৰ খেতি ভাল হয়। মাটিৰ অম্লতা ৫.৮ ৰ পৰা ৬.৫ হ’ব লাগে। মাটিডৰাৰ পৰা সহজে পানী ওলাই যাব পৰা হব লাগে।

পিঁয়াজৰ খেতি কেনেকৈ আৰু কেতিয়া কৰিব লাগে ?

যদিও পিঁয়াজৰ খেতি প্ৰত্যক্ষভাৱে বীজ সিঁচি আৰু পিঁয়াজৰ পুলি ৰুই দুইধৰণেৰে কৰিব পাৰি, অধিক উত্পাদন আৰু গুণগতভাবে ভাল পিঁয়াজ উত্পাদনৰ বাবে মাটি বোকা কৰি পিঁয়াজৰ পুলি ৰুই কৰা খেতিহে উত্তম পদ্ধতি। অসমত ৰবি বতৰৰ সময়তহে পিঁয়াজ খেতি কৰিব পাৰি। আগতীয়াকৈ অৰ্থাত্ ছেপ্তেম্বৰ-অক্টোবৰ মাহতে পিঁয়াজৰ বীজ সিঁচি অক্টোবৰ-নবেম্বৰ মাহত পিঁয়াজ পুলি ৰুব লাগে। দেৰিকৈ পিঁয়াজৰ খেতি কৰিলে অসমত হোৱা আগতীয়া বৰষুণে এই খেতি অনিষ্ট কৰাৰ সম্ভাৱনাৰ লগতে মাটিৰ পৰা উঠোৱাৰ পিছত ইয়াক শুকোৱাবলৈ অসুবিধা হয়।

কি কি জাতৰ খেতি কৰিব ?

অসম কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিভাগ, অসমে অনুমোদন জনোৱা জাতবোৰ হ’ল- পুচা ৰেড, পুচা ৰত্নাৰ, পুচা হোৱাইট (ৰাউণ্ড), পুচা হোৱাইট (ফ্লেট), এন-৫৩, এগ্ৰিফাউণ্ড লাইট ৰেড, পঞ্জাব ৰেড ৰাউণ্ড, পুচা মাধুৰী, আৰ্কা নিকেতন আদি।

পিঁয়াজৰ পুলি কেনেকৈ উৎপাদন কৰিব ?

১। প্ৰায় ১০ মটিৰ দীঘল, ১ মিটাৰ বহল আৰু ১৫ ছেন্টমিটাৰ ওখ বীজতলী প্ৰস্তুত কৰিব লাগে। দুখন বীজতলীৰ মাজত প্ৰায় ১.৫ - ২ ফুট ব্যৱধান থাকিব লাগে যাতে তাৰ মাজত সোমাই বন-বাত নিয়ন্ত্ৰণ, কীট-নাশক স্প্ৰে কৰা, পানী যোগান ধৰাত সুবিধা হয়। ১ হেক্টৰ (৭.৫ বিঘা) মাটিৰ বাবে এনেকুৱা ৫০ খন বীজতলীৰ প্ৰয়োজন হয়।
২। ২০ কিলোগ্ৰাম পলসুৱা বালি মিহলি মাটি আৰু ২০ কিলোগ্ৰাম ভালদৰে পচি যোৱা, শুকান আৰু চালি লোৱা মিহি গোৱৰ নাইবা পচনসাৰ প্ৰতিখন বীজতলীত ভালদৰে মিহলাই লব লাগে।
৩। বীজ সিঁচাৰ আগেয়ে বীজতলীখনত কেপটান বা ফাইট’লেন ভেকুঁৰনাশকেৰে (প্ৰতি লিটাৰ পানীত ১ গ্ৰামকৈ) বীজতলীখন ভালদৰে ভিজি যোৱাকৈ শোধন কৰি লব লাগে। পলিথিনেৰে ২ দিনৰ বাবে বীজতলীখন ঢাকি ৰাখি পিছত পলিথিনখন উঠাই মাটিখিনি ভালদৰে খুচুৰি-মেলি ৰ’দত শুকুৱাব লাগে।
৪। মালাথিয়ন ৫ শতাংশ পাউদাৰ (প্ৰতিখন ৱীজতলীত ২০ গ্ৰাম) মাটিত মিহলাব লাগে।
৫। পিঁয়াজৰ বীজখিনি এৰাতিৰ (১২ ঘন্টা) বাবে তিয়াই ৰাখি পিছদিনা ছাঁত শুকুৱাব লাগে।
৬। বীজখিনিত কেপটান ভেঁকুৰনাশক (প্ৰতি কিলোগ্ৰাম বীজত ৩ গ্ৰামকৈ) সানি লব লাগে।
৭। শোধন কৰা বীজখিনি বীজতলীত পাতলকৈ শাৰী-শাৰীকৈ (২.৫ ছেন্টিমিটাৰ দূৰত্ব) ১-২ ছেন্টিমিটাৰ দ’ত সিঁচিব লাগে। প্ৰতি বৰ্গমিটাৰত ১০ গ্ৰামকৈ (প্ৰতিখন বীজতলীত ১০০ গ্ৰাম) বীজ সিঁচিব লাগে।
৮। সিঁচাৰ পিছত বীজতলীখন আগেয়ে শোধন কৰি লোৱা বালি-গোৱৰ মিহলোৱা মাটিৰে পাতলকৈ ঢাকি দিব লাগে।
৯। কাঠৰ মাৰিৰে বীজতলীখন ভালদৰে সমান কৰিব লাগে।
১০। জিঞ্জিৰেৰে পাতলীয়াকৈ বীজতলীখনত পানী দিব লাগে।
১১। বীজতলীখন কলপাতেৰে ঢাকি ৰাখিব লাগে।
১২। বীজৰ অঙ্কুৰণ আৰম্ভ হোৱাৰ লগে লগে কলপাত আঁতৰাই দিব লাগে।
১৩। বৰষুণৰ পৰা ৰক্ষা কৰিবৰ বাবে বাঁহৰ কামিৰ সহায়ত বীজতলীখনৰ ১ মিটাৰমান ওপৰত পলিথিনৰ চালিৰ ব্যৱস্থা কৰিব লাগে। অন্যহাতে প্ৰখৰ ৰ’দৰ পৰা ৰক্ষা কৰিবৰ বাবে পাতল খেৰৰ চালি ব্যৱস্থা কৰিব লাগে, কিন্তু অনবৰতে পলিথিন নাইবা চালি দি ৰাখিব নেলাগে।
১৪। বীজতলীখনৰ পৰা পানী সম্পূৰ্ণ শুকাই যাবলৈ নাইবা অতিৰিক্ত পানীও দিব নেলাগে।
১৫। অনিষ্টকাৰী কীট নাইবা ৰোগৰ পৰা ৰক্ষা কৰিবৰ বাবে বীজতলীখন ভালদৰে নিৰীক্ষণ কৰি থাকবি লাগে আৰু লগেই লগেই উপযুক্ত নিয়ন্ত্ৰণৰ ব্যৱস্থা লব লাগে।
১৬। ৬-৮ সপ্তাহৰ পুলি ৰুবৰ বাবে উপযুক্ত হয়। পুলি উঠোৱাৰ ৬ ঘন্টাৰ আগেয়ে বীজতলীখনত পানী চটিৱাব লাগে।

মূল পথাৰৰ মাটি প্ৰস্তুতি -

৪-৫ বাৰ হাল বাই মাটি ভালদৰে মিহি কৰিব লাগে আৰু পিছত মৈয়াই সমান কৰিব লাগে। মাটিডৰাত ভাগ ভাগ কৰি কিছুমান সৰু সৰু ভেটি তৈয়াৰ কৰিব লাগে। ভেটিবোৰৰ আকাৰ সাধাৰণতে ১.৮ মিটাৰ (প্ৰায় ৬ ফুট) বহল আৰু প্ৰয়োজনীয় দীঘল (মাটিৰ জোখ অনুযায়ী) হ’ব লাগে আৰু ভেটিবোৰৰ মাজত ১-১.৫ ফুট জোখৰ নলা থাকিব লাগে।

সাৰ প্ৰয়োগঃ

পচন সাৰ- ১৫-২০ কুইন্টল, ইউৰীয়া- ১৮ কিলোগ্ৰাম, একক চুপাৰ ফচফেট- ৪০ কিলোগ্ৰাম, আৰু মিউৰেট অৱ পটাছ- ১০ কিলোগ্ৰাম মাটিত প্ৰয়োগ কৰিৱ লাগে। ইউৰীয়া সাৰৰ ১২ কিলেগ্ৰাম, সমূদায় একক চুপাৰ ফচফেট আৰু পটাছ পুলি ৰোপন কৰাৰ আগেয়ে মাটিত প্ৰয়োগ কৰিব লাগে। ইউৰীয়া সাৰৰ বাকী অংশৰ ৩ কিলেগ্ৰাম পুলি ৰোৱাৰ ৩০-৪০ দিন পিছত আৰু বাকী ৩ কিলেগ্ৰাম ৬০-৭০ দিনত পাতত স্প্ৰে কৰিব লাগে। কিন্তু এটা কথা মনত ৰাখিব লাগে যাতে সকলোখিনি সাৰ পিঁয়াজৰ গুটি ধৰাৰ আগেয়ে প্ৰয়োগ কৰি শেষ কৰিব লাগে।

পুলি ৰোপনঃ
আগতে প্ৰস্তুত কৰি থোৱা ভেটিবোৰত শাৰী পদ্ধতিত ৬-৮ সপ্তাহৰ পিঁয়াজ পুলি ৰোপন কৰিব লাগে। শাৰীবোৰৰ মাজৰ দূৰত্ব ২০ ছেন্টিমিটাৰ (৮ ইঞ্চি) আৰু পুলিবোৰৰ মাজৰ দূৰত্ব ১০ ছেন্টিমিটাৰ (৪ ইঞ্চি) হ’ব লাগে। কম বয়সীয়া পুলি ৰুলে পুলি ঠন ধৰাত অসুবিধা হয় আৰু বেছি বয়সীয়া পুলি ৰুলে সোনকালে সৰু সৰু পিঁয়াজ ধৰিবলৈ আৰম্ভ কৰে।

জলসিঞ্চনঃ

পিঁয়াজৰ শিপা সাধাৰণতে মাটিৰ খুউব ওপৰতে অৰ্থাত্্, ৩-১৫ ছেন্টিমিটাৰ ভিতৰতে থাকে। সেয়ে পানীযোগানৰ বিষয়টো অতি গুৰুত্বপূৰ্ণ। পুলি ৰোপনৰ আগেয়ে মাটিত পাতলীয়াকৈ জলসিঞ্চন কৰি (সাধাৰণতে স্প্ৰীংকলাৰ জলসিঞ্চন পদ্ধতিৰে) মাটিখিনি সিক্ত কৰি লব পাৰিলে ভাল। সোনকালেই পুলিবোৰ ঠন ধৰি উঠাত সুবিধা হয়। পিছত প্ৰতি এসপ্তাহৰ মূৰে মূৰে জলসিঞ্চন কৰিব লাগে। পিঁয়াজৰ গুটি ধৰিবৰ বাবে পানীযোগান অতি আৱশ্যকীয়। কিন্তু, পিঁয়াজ চপোৱাৰ ১৫ দিনৰ আগতে পানীযোগান বন্ধ কৰিব লাগে।

অপতৃণ নিয়ন্ত্ৰণঃ

পিঁয়াজ খেতিত অপতৃণ নিয়ন্ত্ৰণ কৰাটো অতি জৰুৰী বিষয়। ৰাসায়নিক অপতৃণনাশক পুলি ৰোপনৰ আগেয়ে ব্যৱহাৰ কৰিব পাৰি যদিও পিঁয়াজ পুলি ঠন উঠাৰ পিছৰে পৰা ১৫-২০ মূৰে মূৰে খন্তিৰে নিৰণি কৰি থাকিলে বনবাত নিয়ন্ত্ৰণ কৰাৰ লগতে পুলি বাঢ়নতো সুবিধা হয়। তদুপৰি শাৰীবোৰৰ মাজৰ মাটিখিনি সৰু লুঙি কোৰেৰে খুচুৰি দিলে ভাল হয়।

শস্য চপোৱাঃ

পুলি ৰোৱাৰ পৰা ৩-৪ মাহৰ পিছত যেতিয়া ৭০ শতাংশ গছ মৰহিবলৈ আৰম্ভ কৰে তেতিয়াই পিঁয়াজ চপাব পৰা হয়। সেইসময়ত পিঁয়াজৰ মাটিৰ সংস্পৰ্শত থকা অংশটো কোমল হৈ পৰে আৰু হাউলিবলৈ আৰম্ভ কৰে। হাউলি নোযোৱা গছবোৰ বাঁহৰ কামিৰে লাহেকৈ হাউলাই দিব লাগে। যদি বাঢ়ন অবস্থাত পিঁয়াজৰ নলা ওলাই আহি ফুল ওলাবলৈ ধৰে তেতিয়া সেইবোৰ ভাঙি দিব লাগে। বৰষুণৰ বতৰত পিঁয়াজ চপাব নেলাগে।
চপোৱাৰ পিছত পিঁয়াজবোৰ ভালদৰে শুকাবলৈ দিব লাগে। পিঁয়াজ চপোৱাৰ সময়ত অসমৰ জলৱায়ুত আদ্ৰতাৰ পৰিমাণ বাঢ়ি যায় বাবে পিঁয়াজব পাত অংশ চপোৱাৰ লগে লগে কাটি দিব নেলাগে। শুকাবৰ বাবে পিঁয়াজবোৰ মুঠা বান্ধি ডাঁৰ নাইবা ৰছিত ওলোমাই থ’ব পাৰি। অন্যথা বৰষুণ নপৰা শুকান, মুকলি বতাহ চলাচল কৰিব পৰা স্থানত শুকুৱাৰ ব্যৱস্থা কৰিব লাগে। ভালদৰে শুকোৱাৰ পিছত পিঁয়াজ ওপৰ অংশত ২-২.৫ ছেন্টিমিটাৰ কাটি দিব লাগে। পিছত পুনৰ শুকোৱাৰ পিছতহে ভঁৰালঘৰত ৰখাৰ ব্যৱস্থা কৰিব লাগে।

পিঁয়াজৰ ৰোগ-ব্যাধি আৰু অনিষ্টকাৰী কীট-পতঙ্গ -

ৰোগ-ব্যাধিঃ

১। পাৰপল ব্লটছ্ঃ পিঁয়াজৰ পাতত বেঙুণীয়া ৰঙৰ চকু আকৃতিৰ দাগ সৃষ্টি হয় আৰু যিবোৰৰ চাৰিওকাষে কোষবোৰ শুকাই যায়। দাগবোৰ ফুলধৰা শীহটোত বেছিকৈ হয় আৰু ২-৩ সপ্তাহৰ ভিতৰতে ই শুকাবলৈ আৰম্ভ কৰে।
নিয়ন্ত্ৰণ – মেনক’জেৱ ভেঁকুৰনাশক প্ৰতি লিটাৰ পানীত ২.৫ গ্ৰামকৈ মিহলাই পাতত স্প্ৰে কৰিব লাগে।

২। ষ্টেমফাইলিন লিফ ব্লাইটঃ হালধীয়া বা কমলা ৰঙৰ কিছুমান দীঘলাকতিৰ দাগৰ সৃষ্টি হৈ সেইবোৰ বহল হৈ মাকো বা ডিম্বাকৃতিৰ হয়। দাগবোৰৰ কাষবোৰ বেঙুণীয়া ৰঙৰ হৈ পৰে। সাধাৰণতে দাগবোৰ পাতৰ আগ অংশত আৰম্ভ হৈ গুৰিৰ ফালে আগবাঢ়ি যায় আৰু পিছত সম্পূৰ্ণ পাতবোৰ শুকাই যায়।
নিয়ন্ত্ৰণ – পুলি ৰোৱাৰ ৫০ দিনৰ পিছত মেনক’জেৱ ভেঁকুৰনাশক প্ৰতি লিটাৰ পানীত ২.৫ গ্ৰামকৈ মিহলাই পাতত স্প্ৰে কৰিব লাগে। পিছত ১০-১৫ দিনৰ অন্তৰে অন্তৰে ২-৩ বাৰ স্প্ৰে কৰিব লাগে।

৩। এনথ্ৰাকন’জ বা টুইষ্টাৰ ৰোগঃ পিঁয়াজৰ পাতবোৰ ভাঁজ খোৱা, মেটুৰা-মেটুৰি হোৱা আৰু পিছত শুকাই যোৱা এই ৰোগৰ লক্ষণ। পিঁয়াজৰ ডিঙি অংশটো অস্বাভাৱিকবাবে বাঢ়ি যোৱা।
নিয়ন্ত্ৰণ – মেনক’জেৱ ভেঁকুৰনাশক প্ৰতি লিটাৰ পানীত ২.৫ গ্ৰামকৈ মিহলাই পাতত স্প্ৰে কৰিব লাগে।

৪। শিপা পচা বা গুৰি পচা (ডেম্পিং অফ্)ঃ এই ৰোগ সাধাৰণতে পুলি অৱস্থাতে হয় যদিও ৰোপনৰ পিছতে পিঁয়াজ খেতিডৰা আক্ৰান্ত হ’ব পাৰে। পুলিৰ গুৰি অংশ চিঁয়া হৈ শুকাই যায় আৰু গছজোপা লেৰেলি যায়।
নিয়ন্ত্ৰণ – কেপটাফ বা কেপটান ভেঁকুৰনাশক প্ৰতি লিটাৰ পানীত ৩ গ্ৰামকৈ মিহলাই পুলিৰ গুৰিত স্প্ৰে কৰিব লাগে।

৫। হোৱাইট ৰ’ট বা স্কেলেৰ’চিয়েল ৰ’টঃ পিঁয়াজ পাতবোৰৰ আগঅংশ হালধীয়া পৰি তললৈ শুকাই যোৱা আৰু সাধাৰণতে শিপাবোৰ পচি যায়।
নিয়ন্ত্ৰণ – কাৰ্বানডাজিম ভেঁকুৰনাশক প্ৰতি লিটাৰ পানীত ১ গ্ৰামকৈ মিহলাই পাতত স্প্ৰে কৰিব লাগে।

উপৰোক্ত ভেঁকুৰজাতীয় ৰোগবোৰৰ উপৰিও কিছুমান ভাইৰাছজনিত ৰোগেও পিঁয়াজক আক্ৰমণ কৰে। সেইবোৰ হ’ল- ইয়েল্ল স্পট ভাইৰাছ, ইয়েল্ল ডোৱাৰ্ফ ভাইৰাছ আদি। এই ভাইৰাছজনিত ৰোগ নিয়ন্ত্ৰণৰ বাবে বাহক পোক যেনে, থ্ৰিপছ্, মোৱা পোক আদি নিয়ন্ত্ৰণ কৰিব লাগে।

অনষ্টিকাৰী কীট-পতঙ্গঃ

থ্ৰিপছ্ বা পাত ওকণী হ’ল পিঁয়াজ খেতিৰ মূল অনষ্টিকাৰী কীট। এই পোকে আক্ৰমণ কৰিলে পাতৰ ৰস শুহি খোৱাৰ ফলত পাতবোৰ বগা পৰি শুকাই যায়।
নিয়ন্ত্ৰণ – মালাথিয়ন ৫০ ইচি কীটনাশক প্ৰতি লিটাৰ পানীত ২ মিলিলিটাৰকৈ মিহলাই পাতত স্প্ৰে কৰিব লাগে।

লেখক: নয়ন কুমাৰ বৰা

উৎস: সেউজ চিন্তা

2.83333333333
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top