মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / পুখুৰীত কমনকাৰ্প মাছৰ পোনা উৎপাদন :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পুখুৰীত কমনকাৰ্প মাছৰ পোনা উৎপাদন :

পুখুৰীত কমনকাৰ্প মাছৰ পোনা উৎপাদনৰ বিষয়ে লিখা হৈছে ।

 

নৈ, বিল, জলাশয়ত মাছৰ সংখ্যা দিনে দিনে কমি আহিবলৈ ধৰিছে। ইয়াৰ বাবেই আমি আমাৰ বাবে আৱশ্যক হোৱা মাছৰ পোনা সঠিক সময়ত পাবলৈ সক্ষম হোৱা নাই। মাছৰ পোনা উৎপাদন প্ৰক্ৰিয়া সহজ নহয় যদিও কিছুমান মাছৰ পোনা আমি আমাৰ ঘৰৰ পুখুৰীতেই উৎপাদন কৰিব পাৰোঁ। আমি জানো যে মাছে বোৱতী সুঁতিত কণী পাৰে।

কিন্তু কাৰ্পৰ ভিতৰত কমনকাৰ্প জাতীয়  মাছে পুখুৰীতেই কণী এৰি দিয়ে। গতিকে কমনকাৰ্প মাছৰ পোনা আমি আমাৰ ঘৰৰ পুখুৰীতেই অলপ যত্ন লৈ উৎপাদন কৰিব পাৰোঁ। এই নিৱন্ধত কমনকাৰ্পৰ পোনা উৎপাদন কৰাৰ কৌশল সম্বন্ধে আলোকপাত কৰিম।

কমনকাৰ্প মাছে বছৰত দুবাৰ কণী পাৰে। অৰ্থাৎ অন্য মাছৰ তুলনাত কমনকাৰ্প  মাছৰ চৰম প্ৰজনন কাল দুটা। এটা হ’ল জানুৱাৰীৰপৰা এপ্ৰিল আৰু আনটো হ’ল জুলাইৰপৰা অক্টোবৰ। গতিকে প্ৰজনন ঋতুৰ আগে আগে আমি নিৰ্দিষ্ট সংখ্যক পৈনত মাছ(মতা আৰু মাইকী মাছ) সংগ্ৰহ কৰি ঘৰত থকা সৰু পুখুৰীটোত মেলিব লাগে। কমনকাৰ্প মাছৰ ওজন ৭০০ গ্ৰাম হ’লেই ই কণী এৰিব পৰা হয়।

পুখুৰীত প্ৰজননৰ বাবে কমনকাৰ্পৰ এজনী মাইকী মাছৰ লগত দুটা মতা মাছ ৰাখিব লাগে।  দুটা মতা মাছৰ ওজন যাতে এজনী মাইকী মাছৰ সমান হয় সেই কথাটো মনত ৰাখিব লাগে। প্ৰজনন ঋতুৰ সময়ত পুখুৰীটোৰ এক তৃতীয়াংশ ঢাক খোৱাকৈ দীঘল শিপাযুক্ত মেটেকা বা হাইড্ৰিলা ভালদৰে ধুই পুখুৰীত দিব লাগে।

একঠা পানীকালিৰ এটা পুখুৰীত অন্ততঃ ২৫-৩০ জনী মাইকী মাছ আৰু ৫০-৬০ টা মতা মাছ মেলা উচিত। মেটেকা বা হাইড্ৰিলা পুখুৰীত মেলাৰ পিছদিনাই যদি উষ্ণতা, পানীৰ গুণাগুণ ঠিক থাকে, তেনেহ’লে মাছে কণী পাৰে। কেতিয়াবা দুই-তিনিদিন কণী পৰাৰ বাবে সময় ল’ব পাৰে। কমনকাৰ্পৰ কণী পৰাৰ উমান পাব পাৰি।

ব্যৱসায়িক ভিত্তিত কমনকাৰ্পৰ পোনা উৎপাদন কৰিবলৈ হ’লে হাপাত প্ৰজনন কৰাব লাগে। হাপা হ’ল চাৰিওফালে বন্ধ, এমূৰ খোলা আঁঠুৱা আকৃতিৰ এটি সামগ্ৰী। এই হাপা পুখুৰীত খুঁটি পুতি ভালদৰেস্থাপন কৰিব, যাতে পুখুৰীৰ তলিৰপৰা কমেও ৩০ ছেন্টিমিটাৰ বা এক ফুট ওপৰত আৰু উপৰিভাগ পানী পৃষ্ঠৰপৰা ১০-১৫ ছেন্টিমিটাৰ বাহিৰলৈ ওলাই থাকিব লাগে। হাপাটো ভালদৰে পুখুৰীগ্ৰ পানীত সংস্থাপন  কৰাৰ পিছত একোটা হাপাত ৪-৫ জনী মাইকী মাছৰ লগত ৮-১০ টা মতা মাছ ৰাখিব লাগে। এক কিলোগ্ৰাম মাইকী মাছৰ বিপৰীতে দুই কিলোগ্ৰাম মেটেকা ভালদৰে ধুই চাফা কৰি হাপাৰ ভিতৰত ভৰাই দিব লাগে।

ইয়াৰ পিছত হাপাৰ মুখখন ভালদৰে বন্ধ কৰি থ’ব লাগে। পিছদিনাখন মেটেকা দাঙি চালে আমি কণী লাগি থকা প্ৰত্যক্ষ কৰিম। যদি কণীৰ বৰণ পাতল হালধীয়া আৰু উজ্জ্বল হয়, তেতিয়া বুজিব লাগিব কণী নিষিক্ত হৈছে আৰু ৰং বগা, আকাৰত সৰু হ’লে জানিব লাগিব কণী নিষিক্ত হোৱা নাই অৰ্থাৎ কিছু সময়ৰ পিছত এই গেলি নষ্ট হ’ব।

মাছে এৰি দিয়া নিষিক্ত কণীসমূহ(মেটেকাত লাগি থকা) হেচ্ছিং হাপালৈ স্থানান্তৰ কৰিব লাগে। হেচ্ছিং হাপা হ’ল আঁঠুৱাৰ দৰে তিনিফাল বন্ধ হাপা। ইয়াত দুটা হাপা থাকে। পানীৰ উষ্ণতা ২৭-৩১° ছেন্টিগ্ৰেডৰ ভিতৰত থাকিলে ৩৬-৪৮ ঘন্টাৰ ভিতৰত কণী ফাটি পোনা ওলায়। পোনা ওলোৱাৰ পিছত এই মেটেকাসমূহ আঁতৰ কৰিব লাগে। মাছৰ ক্ষুদ্ৰ ক্ষুদ্ৰ পোনাবোৰ ভিতৰৰ হাপাৰ ফুটাৰে বাহিৰলৈ হাপালৈ যায়।

ভিতৰৰ হাপাত লাগি থকা কণীৰ চোকোৰাবোৰ মগুচাই দিয়াৰ বাবে এই হাপাটো মেটেকা আঁতৰাই দিয়াৰ পিছত পানীৰপৰা উঠাই দিব লাগে। এই হেচ্ছিং হাপাত পোনাবোৰ তিনিদিনলৈ ৰাখিব লাগে। এই অৱস্থাত পোনাবোৰে কোনো খাদ্য গ্ৰহণ নকৰে। চতুৰ্থ দিনাৰপৰাহে ইহঁতে খাদ্য খায়। সেয়েহে চতুৰ্থদিনা আগেয়ে প্ৰস্তুত কৰি থোৱা নাৰ্ছাৰী পুখুৰীত এই পোনাসমূহ মেলাৰ ব্যৱস্থা কৰিব লাগিব। এনেদৰে আমি আমাৰ ঘৰৰ পুখুৰীত হেচ্ছাৰী অবিহনেই কমনকাৰ্প মাছৰ পোনা উৎপাদন কৰিব পাৰোঁ।

কম খৰচতেই কমনকাৰ্পৰ পোনা প্ৰস্তুত কৰি আমি বজাৰত বিক্ৰী কৰি আৰ্থিকভাৱে স্বাৱলম্বী হ’ব পাৰোঁ। অসমত মাছৰ উৎপাদন বঢ়াবৰ বাবে আমি আমাৰ ঘৰৰ পুখুৰীটোৰপৰাই যাত্ৰা কৰিলে নিশ্চয়কৈ আমি বাহিৰৰপৰা অহা ফৰমেলিনযুক্ত চালানী মাছৰ ওপৰত নিৰ্ভৰ কৰিব লগা নহয়। আমি যদি আমাৰ মাজত থকা জলৰাশিৰপৰা প্ৰকৃত পক্ষে মাছৰ উৎপাদনৰ বাবে আগবাঢ়ি আহোঁ, তেনেহ’লে চালানী মাছৰ প্ৰয়োজন নহ’ব।

ফৰ্মেলিনযুক্ত চালানী মাছ -

বৰ্তমান আমাৰ ৰাজ্যত বহুলভাৱে চৰ্চিত এটা বিষয় হ’ল ফৰ্মেলিনযুক্ত চালানী মাছ। অসমৰ প্ৰায় ৯৫ শতাংশ লোকে মাছ খাই ভাল পায়। যাৰবাবে চাহিদাৰ অনুপাতে উৎপাদন নোহোৱা বাবে আমি বাহিৰৰ ৰাজ্যৰ পৰা অহা চালানী মাছৰ ওপৰত নিৰ্ভৰশীল হ’ব লগা হয়। বিয়া-বাৰু আদিত এই চালানী মাছৰ ব্যৱহাৰ খুব বেছি হোৱা দেখা যায়। কিন্তু আজি কিছুদিন ধৰি শুনা গৈছে যে বজাৰত পোৱা চালানী মাছত ফৰ্মেলিন থাকে। অলপতে ফুড ছেফটি বিভাগে দাবী কৰিছে যে চালানী মাছত ফৰ্মেলিন মিহলি হৈ থাকে।

মাছত পোৱা এই ফৰ্মেলিননো কি? ফৰ্মেলিন হ’ল এবিধ ৰাসায়নিক দ্ৰব্য, য’ত ৩০-৫৫ শতাংশ ফৰ্মেলডিহাইড আৰু মিঠানল থাকে। কল-কাৰখানাত চামৰা উৎপাদন, প্লাষ্টিক, প্লাইব’ৰ্ড উৎপাদন আৰু খেতিপথাৰত ভেঁকুৰ ৰোগ নিয়ন্ত্ৰণৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়। মৃত লোকৰ শৰীৰ বহুদিনলৈ নপচাকৈ ৰাখিবৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়।

ই এবিধ এন্টিচেপ্টিক ঔষধ। সেয়েহে অস্ত্ৰোপচাৰ কক্ষ বীজাণুমুক্ত কৰি ৰাখিবৰ বাবেও ইয়াক ব্যৱহাৰ কৰা হয়। খাদ্যবস্তু বহুদিনলৈ সতেজ অৱস্থাত ৰাখিব পৰা এই ফৰ্মেলিন ব্যৱহাৰৰ জৰিয়তে পানীৰপৰা উঠাই অনাৰ পিছত সহজতে নষ্ট হোৱা মাছক ফৰ্মেলিনৰদ্বাৰা বহুদিনলৈ সতেজ কৰি ৰাখিব পাৰি। অসমৰ বাহিৰৰপৰা অহা চালানী মাছত এই ফৰ্মেলিন ব্যৱহাৰৰ জৰিয়তে অতি কমেও ২০-২৫ দিন পৰ্যন্ত মাছবোৰ সতেজ কৰি ৰাখে। অসাধু ব্যৱসায়ীসকলে এই ফৰ্মেলিন দুই ধৰণে মাছৰ দেহত প্ৰৱেশ ঘটায়-

১)পানীত ফৰ্মেলিন মিহলাই তাত মাছবোৰ ডুবাই ৰাখি আৰু

২)বেজীৰদ্বাৰা খুব কম পৰিমাণে ফৰ্মেলিন মাছৰ দেহত সুমুৱাই দি।

এনেদৰে মাছৰ দেহত ফৰ্মেলিন সুমুৱাই দিয়াৰ পিছত মৃত মাছ অতি ৰঙচুৱা হয়, মাছটো টান হয়, মাছটো শুঙি চালে জ্বলা জ্বলা গোন্ধায় আৰু চকুৰ ওচৰলৈ আনিলে চকু পোৰে। বজাৰত ফৰ্মেলিন পৰীক্ষা কৰা সহজ নহয় যদিও বিজ্ঞানগাৰত ইয়াক পৰীক্ষাৰদ্বাৰা চিনাক্ত কৰিব পাৰি।

যদি কোনো খাদ্যদ্ৰব্যত প্ৰকৃতপক্ষে ফৰ্মেলিন মিহলি কৰোঁৱা হয়, তেনেহ’লে ই আমাৰ শৰীৰত বিপৰীত ক্ৰিয়া কৰিব। মাছৰ দেহত যদি ফৰ্মেলিন থাকে আৰু যদি সেই মাছ আমি খাও তেনেহ’লে-

ক)আমাৰ মুখ গহ্বৰত ঘাঁৰ সৃষ্টি কৰিব।

খ)পেটলৈ গ’লে পেট ফুলি থাকিব, ভোক নালাগিব, পেটৰ বিষ, পেটৰ ভিতৰত ঘাঁৰ সৃষ্টি হৈ ৰক্তক্ষৰণ হোৱাৰ ফলত মেলিনা আদি ৰোগ হ’ব পাৰে।

গ)খাদ্য হজম হোৱা বাবে ফৰ্মেলিন যকৃতত প্ৰৱেশ কৰি যকৃত নষ্ট কৰিব পাৰে।

ঘ)নিয়মিতভাৱে ফৰ্মেলিনযুক্ত খাদ্য খালে স্মৃতিশক্তি লোপ পাব পাৰে। চিন্তাশক্তি কমি যোৱাৰ উপৰি খিংখিঙীয়া স্বভাৱৰ হ’ব পাৰে।

ঙ)মানুহৰ স্নায়ুৰ ৰোগ হ’ব পাৰে।

চ)ইয়াৰ বিষাক্ত ক্ৰিয়াৰ ফলত কৰ্কট ৰোগো হ’ব পাৰে। বিজ্ঞানীসকলে মত পোষণ কৰিছে যে মায়েলয়ড লিউকোমিয়া নামৰ ৰক্তৰ কৰ্কট ফৰ্মেলিনৰ বাবে হয়।

ছ)বৃক্ক বিকল হোৱাৰ ক্ষেত্ৰতো ফৰ্মেলিনৰ ভূমিকা নুই কৰিব নোৱাৰি।

জ)ফৰ্মেলিনৰ বাবে শৰীৰৰত ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা কমি যায়।

ঝ)গৰ্ভৱতী মহিলাই ফৰ্মেলিনযুক্ত খাদ্য খালে গৰ্ভস্থ সন্তানৰ বিকৃতি হ’ব পাৰে।

গতিকে ফৰ্মেলিন অতি বিষাক্ত ৰাখায়নিক দ্ৰব্য। যদি সঁচাকৈয়ে অসাধু ব্যৱসায়ীসকলে মাছত ফৰ্মেলিন ব্যৱহাৰৰ জৰিয়তে ইয়াক সতেজ কৰি ৰাখি আমাক খুৱাই আছে, তেনেহ’লে ই আমাৰ দেহৰ যথেষ্ট অনিষ্ট কৰিব। সেয়েহে সময় থাকোঁতেই আমি তাক প্ৰতিৰোধ কৰি আমি আমাক লগা মাছ নিজে উৎপাদন কৰিবৰ বাবে আগবাঢ়ি আহিবৰ সময় সমাগত।

অসমৰ দৰে ৰাজ্যত, য’ত পানীৰ পৰিমাণেই বেছি, তেনে এখন ৰাজ্যত মাছ উৎপাদনৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীল হ’ব নোৱাৰাতো অতি দুখজনক কথা। গতিকে উপযুক্ত বঢ়াই চাহিদা পূৰণ কৰিলে আমাৰ ৰাজ্যখনে অইন ৰাজ্যৰ পৰা মাছ আমদানি কৰাৰ দৰকাৰ নহ’ব আৰু আমিও চালানী মাছ নাখালেও হ’ব।

লেখক: প্ৰতুল ডেকা(দৈনিক অসম)

3.07692307692
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top