মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / ফল-মূল বাগান স্থাপনত লবলগীয়া সাৱধানতা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ফল-মূল বাগান স্থাপনত লবলগীয়া সাৱধানতা

ফল-মূল বাগান স্থাপনত লবলগীয়া সাৱধানতাৰ বিসয়ে লিখা হৈছে

ফলমূল বাগান এখন স্থাপনৰ দ্বাৰা অধিক উৎপাদন কৰি আৰ্থিক ভাৱে উপকৃত হ’বলৈ হ’লে উৎপাদনক্ষম, নিৰোগী সঁচ বা ৰুৱা সামগ্ৰীৰ নিতান্ত প্ৰয়োজন । তাৰ বাবে নিৰ্ভৰযোগ্য উৎসৰ পৰা পুলি সংগ্ৰহ কৰিব লাগে নতুবা পুলিবাৰী এখন স্থাপন কৰি ল’ব লাগে । পুলিবাৰী স্থাপনৰ বিশেষত্ব হ’ল কম মাটিতে কম সময়ৰ ভিতৰত অধিক পুলি উৎপাদন । বৰ্তমান সময়ত পুলিবাৰী স্থাপন কৰাটো এক শিল্পতেই পৰিণত হৈছে ।ইয়াৰ কাৰণে লাগে একান্ত আগ্ৰহ, একাগ্ৰতা আৰু ধৈৰ্য্য । কম মূলধন বিনিয়োগ কৰি এখন ক্ষুদ্ৰ পুলিবাৰী স্থাপন কৰিব ল’লে ভবিষ্যতে প্ৰয়োজনীয় অধিক আহিলা পাতি গোটাই ডাঙৰ পুলিবাৰীলৈ ৰূপান্তৰ কৰিব পাৰি ।সুপৰিকল্পিতভাবে পুলিবাৰী এখন স্থাপনৰ দ্বাৰা নিজকে স্বাৱলম্বি হোৱাত অৰিহণা যোগোৱাৰ লগতে দুই এজনক কৰ্ম সংস্থাপনো দিব পাৰি ।

ফলমূলৰ পুলিবাৰী এখন স্থাপন কৰাটো এক দীঘলীয়া প্ৰক্ৰিয়া তাৰ বাবে পূৰ্ব পৰিকল্পনা আৰু কাৰিকৰী জ্ঞানৰো প্ৰয়োজন । পুলিবাৰী স্থাপনৰ আৰম্ভণিতেই যদি ল’বলগীয়া ব্যৱস্থা সমূহ যেনৈ মাটি নিৰ্বাচন, উপযুক্ত জাত নিৰ্বাচন লগতে পোক আৰু ৰোগৰ আক্ৰমনৰ প্ৰতিষেধক ব্যৱস্থা যথোচিত লোৱা নহয় তেন্তে ভৱিষ্যতত অযথা সময় শক্তি অপব্যয় হোৱাৰ লগতে আৰ্থিক ভাৱেও ক্ষতি হোৱাৰ সম্ভাৱনীয়তা থাকে । মাটি নিৰ্বাচনৰ ক্ষেত্ৰত মাটিখিনি সাৰুৱা, পলসুৱা, পানী বন্ধন নোহোৱা লগতে অধিক গভীৰতাত হব লাগে । ওপৰ আৰু তলমাটিৰ (sub soil) গঠন একে হব লাগে ।

ফল-মূল বাগান স্থাপনত লবলগীয়া সাৱধানতা

পুলিবাৰী স্থাপনৰ ক্ষেত্ৰত অন্যান্য মন কৰিবলগীয়া দিশকেইতা হ’ল-


পুলিবাৰী স্থাপনৰ ক্ষেত্ৰত অন্যান্য মন কৰিবলগীয়া দিশকেইতা হ’ল অঞ্চলৰ আশেপাশে ফলমূলৰ খেতি কৰা ঠাই হ’ব লাগে । পুলিবাৰীখন নগৰ বা চহৰৰ সমীপত লগতে যাতায়তৰ সুব্যৱস্থা থাকিব লাগে যাতে পুলি অনা নিয়া কৰাত সুবিধা হয় । পুলিবিলাকত মাজে সময়ে পানী দিবৰ বাবে পানী যোগানৰ উৎস থাকিব লাগে । ফলমূলৰ পুলি উৎপাদনত যিহেতু কিছু কাৰিকৰী কৌশলৰ প্ৰয়োজন সেই হেতুকে নিযুক্ত কৰ্মী ৰাজ্যিক চৰকাৰৰ উদ্যান শস্য বিভাগত নাইবা কৃষি বিশ্ববিদ্যালয়ত প্ৰশিক্ষণ প্ৰাপ্ত হৈ লব লাগে ।
যিবিলাক মাতৃগছৰ পৰা গুটি নাইবা ৰুৱা অংশ সংগ্ৰহ কৰা হয় তেনেবিলাক গছ উৎপাদনশীল, নিৰোগী আৰু অতীত বৃতান্ত উন্নত পৰ্য্যায়ৰ হব লাগে । ফলমূলৰ তেনে উন্নত জাতসমূহ হলে যেনে আমাৰ দুচেহাৰী, অমৰাপল্লী, লেঙৰা, চৌচা, মধুৰিআমৰ লক্ষ্ণৌ-৪৯, এলাহাবাদ, অমিতাৰ চি.অ.১, কুৰ্গ হনি ডিউ, পুচা ডেলিচিয়াচ, পুচা ডুৰ্ৱাফ, পুচা জায়েন্ট, আঙুৰৰ পুচা চীডলেচ, নাচপতিৰ লিকন্টে, বগুগুচা লিচুৰ ডেৰাডুন, কলিকতা চীডলেচ, ডালিমৰ গনেশ আদি ।

পুলি সাধাৰণতে দুই প্ৰকাৰে উৎপাদন কৰিব পাৰি -


প্ৰথম হল গুটিৰ পৰা আৰু দ্বিতীয়তে গছৰ বিভিন্ন অঙ্গ অৰ্থাৎ অঙ্গজ প্ৰণালীৰ দ্বাৰা । অঙ্গজ প্ৰণালীৰ দ্বাৰা উদ্ভাৱন কৰা পুলিবোৰ মাতৃগছৰ চৰিত্ৰৰ লগত হুবহু মিলে, পুলিবিলাকৰ পৰা হোৱা গছবিলাক ৰোগ, পোক পৰুৱা আক্ৰমনৰ প্ৰতিৰোধ ক্ষমতা বাঢ়ে লগতে প্ৰতিকূল মাটি আৰু জলবায়ুতো তিষ্ঠি থাকিব পাৰে । গছবিলাকে চাপৰতে ফল দিয়ে । বিভিন্ন অঙ্গজ প্ৰণালীবিলাক হল যেনে ডাল কাটি ৰুৱা, ডাল ধৰি ৰুৱা, কলিকলম, জোৰাকলম পদ্ধতি ইত্যাদি । কলম কৰি পুলি উদ্ভাৱন কৰিবলৈ হলে প্ৰথমে ভেটিত নাইবা টাবত গুটিবিলাক সিঁচি লব লাগে । টাবত পুলি উৎপাদন কাৰণে সম পৰিমাণৰ মাটি আৰু পচা গোবৰ লৈ তাত মিহি বালি মিহলাই টাবত দি লব লাগে । ভেঁটিত পুলি উৎপাদনৰ কাৰণে ভেঁটিবোৰত আকৃতি দীঘলে ২-৩ মিটাৰ আৰু বহলে ১ মিটাৰ আৰু মাটিৰ পৰা ১৫-১৬ ছে:মি: উচ্চতাৰ হব লাগে । সিঁচোতে গুটিবিলাকৰ মাজৰ ব্যৱধান ২ ছে:মি: আৰু শাৰীৰ মাজত ১০ ছে:মি: হব লাগে । সিঁচাৰ পিছত ভেঁটিবোৰ জীপাল হৈ থাকিবৰ বাবে পাতলীয়াকৈ পানী ছটিয়াই দিব লাগে । গুটিবিলাক গজি উঠি যেতিয়া ১-১.১/2 বছৰ বয়সৰ হব তেতিয়াই মাটিৰ পৰা ৩০-৪৫ ছে:মি: উচ্চতাত গা-গছ কলম কৰিব লাগে, এনে ক্ষেত্ৰত গুটিৰ পৰা হোৱা গা-গছ অংশ গুৰি গছ আৰু (Rootstock) আৰু অন্য উন্নত সঁচ/জাতৰ পৰা সংগ্ৰহ কৰা কলি বা ডাল অংশ (Scion)বোলে । সাধাৰণতে বৰ্ষাকালছোৱাত কলি কলম নাইবা জোৰা কলম কৰাৰ উপযুক্ত সময় ।
পুলি ভেটিত গুটিৰ পৰাই হওঁক বা অঙ্গজ প্ৰণালীৰেই হওঁক উন্নত কৰা পুলিবিলাক সুচাৰুৰূপে বাঢ়িবৰ কাৰণে বিশেষ যত্নৰ প্ৰয়োজন । পুলিবিলাক যাতে অধিক তাপ বা বৰষুণে অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে পুলিবিলাক ছাঁ দিয়াৰ ব্যৱস্থা কৰিব লাগে । পুলিভেটিত হোৱা ঘাঁহ বন বিলাক আঁতৰাই পৰিস্কাৰ কৰি ৰাখিব লাগে । বেমাৰ বা পোকে আক্ৰমন কৰা দেখিলে অনতিপলমে নিয়ন্ত্ৰণৰ ব্যৱস্থা হাতত লব লাগে ।
বৰ্তমান সময়ত নিজকে অৰ্থনৈতিক দিশত স্বাৱলম্বিতা লাভ কৰাত পুলিবাৰী স্থাপন হৰ অন্যতম মাধ্যম ইয়াৰ বাবে লাগিব পৰিকল্পিত আঁচনি আৰু নেৰানেপেৰা চেষ্টা । সুসংগঠিত পুলিবাৰী এখন স্থাপনৰ দ্বাৰা অঞ্চলৰ ফলমূল শস্যৰ উন্নয়ন সাধনৰ লগতে অৰ্থনৈতিক ক্ষেত্ৰতো প্ৰভূত অৰিহণা যোগাব পৰা যায়।
আধুনিক কৃষি পদ্ধতিত ফলমূল শস্যৰ খেতিও অনস্বীকাৰ্য্য । কিয়নো ফলমূল খাদ্যই দেহত ভিতামিন, ধাবত পদাৰ্থ আৰু অন্যান্য উপাদানসমূহ যোগান ধৰাৰ লগতে দেহত শক্তি যোগান আৰু ৰোগ প্ৰতিৰোধত ইন্ধন যোগাই । সেই হেতুকে খাদ্য শস্যৰ লগতে ফলমূল শস্যৰ খেতিতো মনোনিবেশ দিয়াৰ একান্ত প্ৰয়োজন । অসমখন যদিও নানান ফলমূল শস্যৰে ভৰপূৰ তথাপিতো ফলমূলৰ ওপৰত বিশেষ গুৰুত্ব নিদিয়াৰ লগতে ইয়াৰ বিস্তাৰণ প্ৰণালী সম্বন্ধে সবিশেষ নজনাৰ কাৰণটো অসমত উন্নত ফলমূল সঁচৰ পুলিবাৰী সুপ্ৰতিষ্ঠিত হোৱা নাই ফলস্বৰূপে ফলমূল শস্যৰ উল্লেখযোগ্য বিকাশ সাধন ঘটা নাই। ফলমূল শস্যৰ পুলিবাৰী এখন স্থাপন কৰিবলৈ হ’লে আৰম্ভণিৰে পৰা উৎপাদক কাৰীসকলৰ বিশেষ ধ্যান ধাৰণা, পৰিকল্পিত আঁচনি আৰু বিস্তাৰণ কৌশল সম্বন্ধে সবিশেষ জ্ঞান থকাৰ প্ৰয়োজন । এখন সুপ্ৰতিষ্ঠিত ফলমূল শস্যৰ পুলিবাৰী স্থাপনৰ জৰিয়তে অকল আত্মনিয়োগতেই নহয় আনকি বিকল্প অথোপাৰ্জ্জনৰ উৎসও এটা গঢ়ি তুলিব পাৰি ।

উৎস-কৃষক বন্ধু,লিখক-ড° বিপিন খঙ্গীয়া; অধ্যাপক, উদ্যান শস্য বিভাগ;অসম কৃষি বিশ্ববিদ্যালয়৷
যোগাযোগ :৮৪৮৬০৩৮১৭৩
3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top