মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / বনৌষধি উদ্ভিদ: কালমেঘ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বনৌষধি উদ্ভিদ: কালমেঘ :

বনৌষধি উদ্ভিদ: কালমেঘৰ বিষয়ে লিখা হৈছে ।

 

বৈজ্ঞানিক নাম : Andrographis paniculata Wall. Ex Ness
গোত্র : Acanthaceae
ইংৰাজী নাম : ইণ্ডিয়ান চিৰেতা
অন্য নাম : ফিয়াৰ্ট (হিন্দী); ফিৰাটা (সংস্কৃত); কল্পতিতা (অসমীয়া)
বাণিজ্যিক নাম : কালমেঘ

পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ এক অপৰিহাৰ্য উপাদান হ’ল কালমেঘ। ভাৰতবৰ্ষ আৰু শ্ৰীলংকাৰ বাহিৰেও এই উদ্ভিদ চীন, থাইলেণ্ড আৰু বাংলাদেশত প্ৰাকৃতিকভাৱে পোৱা যায়। ভাৰতত পশ্চিমবঙ্গ, উড়িষ্যা, বিহাৰ, ঝাৰখণ্ড, অন্ধ্ৰপ্ৰদেশ, অসম কেৰেলা কৰ্ণাটক আৰু উত্তৰ প্ৰদেশত এই উদ্ভিদ পোৱা যায়। বাণিজ্যিকভিত্তিত লাভজনকভাৱে ইয়াৰ খেতি কৰিবলৈ সমতল অঞ্চল অধিক উপযোগী।

ব্যৱহাৰ -

ইয়াৰ পাতৰ ৰস পেট ফুলা, ভোক নলগা, শিশুৰ পেটৰ ৰোগ, গ্ৰহণী, অতিসাৰ (diarrhea), বদহজম (dyspepsia) আদিত ব্যৱহাৰ কৰা হয়। যকৃতৰ সক্ৰিয়তা বৃদ্ধি, জ্বৰৰ পিছত আৰোগ্য হ’বলৈ, অধিক গ্ৰহণী আদিত এই উদ্ভিদৰ পাত সিজাই ঘন কৰা ৰস পোনে পোনে খাবলৈ দিয়া হয়।
উদ্ভিদৰ বিৱৰণ:
কালমেঘ হ’ল প্ৰায় ১-৩ ফুট পৰ্য্যন্ত ওখ শাখাযুক্ত পোন এজোপা একবৰ্ষী উদ্ভিদ। ইয়াৰ কাণ্ড ৪ শিৰীয়া, কোমল অঙ্গসমূহ গ্ৰন্থি আৰু নোমযুক্ত। পাত অতি চুটি ঠাৰিৰে সৈতে সৰল, বল্লমাকাৰ বা ক্ষীণকৈ বল্লমাকাৰ, ৩-৬ ছে:মি: দীঘল আৰু ১-২ চে:মি: বহল ২ মূৰ সূক্ষ্মাগ্ৰ। ফুল বগা আৰু প্ৰায় ২ ছে:মি: দীঘল আৰু অতিকৈ শাখা প্ৰাশাখাৰে ভৰা যৌগিক মঞ্জৰি পুষ্প বিন্যাসত সেৰেঙাকৈ সজ্জিত। বৃত্তি সংলগ্ন; লতি ৫ টা আৰু পৰস্পৰ সমান, ক্ষীণ আৰু গ্ৰন্থিযুক্ত নোমেৰে আৱৰা। পাহিও সংলগ্ন, ৫ লতিযুক্ত যদিও দুভাগত বিভক্ত (২+৩), সাধাৰণতে নোমাল, বগা বা বগা-ৰঙচুৱা, ফুটুকী, তললৈ চুঙা সদৃশ। পু্ংদণ্ড ২ ডাল, নোমাল। গৰ্ভাশয় উৰ্দ্ধ, নোমাল, ২ কোঠালিয়া, প্ৰতিটো কোঠালিত ৩-৯ টা পৰ্য্যন্ত ডিম্ব থাকে। ফল কেপচুল বা সংপুট, কেচা অৱস্থাত গ্ৰন্থিযুক্ত নোমেৰে ভৰা, কিন্তু শুকান অৱস্থাত নোমবিহীন, ১.৫-২ছে:মি: দীঘল। বীজ- কেপচুলে প্ৰতি ৪-৬ টালৈ থাকে, প্ৰায় গোলাকাৰ, উপৰিভাগ খহটা।

সংৰচন উপাদান:
এই উদ্ভিদৰ পাতত ২বিধ তিতা উপাদান আৰু এবিধ সুগন্ধি তেল থাকে। ইয়াৰে এবিধ কালমেঘিন বুলি নামাকৰণ কৰা হৈছে। ইয়াৰ শিপাত এবিধ প্ৰাকৃতিক ফ্লেভ’ন থাকে।

উৎপাদনৰ প্ৰযুক্তি কৌশল -


প্ৰাকৃতিকভাৱে সাধাৰণতে ছাঁ পৰা জীপাল মাটিৰ লগতে কেতিয়াবা শুকান বনাঞ্চলতো কালমেঘ পোৱা যায়। উষ্ণ আৰু সিক্ত জলবায়ু ইয়াৰ খেতিৰ বাবে অতি উপযোগী। সাধাৰণতে এই উদ্ভিদ সকলো ধৰণৰ মাটিতে হয় যদিও প্ৰমৃদাযুক্ত বালিচহীয়া মাটি ইয়াৰ বাবে অতি উপযোগী। অৱশ্যে মাটিত জৈৱিক পদাৰ্থ যথেষ্ট পৰিমাণে থাকিব লাগে আৰু মাটিৰ পি এইচ ৬.৫-৮.৫ ৰ মাজত থাকিলে বেছি উত্তম। অতিৰিক্ত পানী জমা হোৱা মাটি ইয়াৰ বাবে ভাল নহয়।

প্ৰবৰ্দ্ধন আৰু ৰোপন:
কালমেঘৰ খেতি পুলি আৰু অঙ্গজ প্ৰজনন দুয়োটাৰ সহায়তেই কৰা হয়। কালমেঘৰ বীজসমূহ ক্ষুদ্ৰ আকৃতিৰ আৰু ৫-৬ মাহলৈ ইহঁত সুপ্ত অৱস্থাতে থাকে। এক হেক্টৰ মাটি ৰুবলৈ হ’লে এপ্ৰিল মাহতে ১০ মি: দৈৰ্ঘ আৰু ২ মিটাৰ পুতলৰ ৩ খন বীজতলী ভালকৈ আৰু সমানকৈ প্ৰস্তুত কৰি তাত বীজখিনি সিঁচি পাতললৈ শুকান মাটি আৰু পচনসাৰেৰে ঢাকি দিব লাগে। বীজসমূহৰ অঙ্কুৰণ নোহোৱালৈকে বীজতলীবিলাক উপযুক্ত ভূ-আচ্ছাদনেৰে (mulch) ঢাকিব লাগে আৰু অংকুৰণ হোৱাৰ পাছত লগে লগে এই ভূ-আচ্ছাদন আঁতৰাই দিব লাগে।

মাটি প্ৰস্তুতি আৰু সাৰ প্ৰয়োগ -


মূল পথাৰখন ভালকৈ প্ৰস্তুত কৰি লৈ মে’ মাহৰ দ্বিতীয় পষেকত ৩০ ছে:মি: ব্যৱধানত শাৰীবিলাক প্ৰস্তুত কৰি তাত ৩০ ছে:মি: ব্যৱধানত পুলিবিলাক ৰুব লাগে। পথাৰ প্ৰস্তুত কৰাৰ সময়তে প্ৰতি হেক্টৰত ৮ টন পচনসাৰ আৰু গোৱৰ দিব লাগে। ইয়াৰ উপৰি প্ৰতি হেক্টৰত ৬০: ৬০:৩০: কি:গ্ৰা: হিচাবত নাইট্ৰজেন, ফছফেট আৰু পটাছ সাৰ প্ৰয়োগ কৰিব লাগে। নাইট্ৰজেন সাৰখিনি ২ ভাগ কৰি এভাগ পুলি ৰোৱাৰ আগতে আৰু বাকীখিনি এমাহ পিছত পথাৰত প্ৰয়োগ কৰিব লাগে। এই শস্যৰ বৃদ্ধিৰ বাবে পাতল ছাঁৰ প্ৰয়োজন। সেয়েহে প্ৰতি শাৰীত ধইনচা (Dhaincha) ৰ দৰে মাহজাতীয় গছ ৰোপন কৰিব লাগে।

জলসিঞ্চন:
সাধাৰণতে এই খেতিৰ সময়ত পৰ্যাপ্ত বৰষুণ হয় আৰু জলসিঞ্চনৰ প্ৰয়োজন নহয়। কিন্তু কেতিয়াবা বৰষুণৰ পৰিমাণ কম হ’লে জলসিঞ্চন কৰিব লাগে।

শস্যৰ যতন:
পুলি ৰোৱাৰ পিছত এমাহ পৰ্যন্ত এবাৰ বা দুবাৰ নিৰণি কৰি আৰু শাৰীবিলাকৰ মাজৰ মাটিত কোৰ মাৰি খেতিডৰা বন-বাত মুক্ত কৰি ৰাখিব লাগে।

শস্য চপোৱা আৰু পৰৱৰ্তী কাৰ্য -


মে’-জুন মাহত ৰুলে এই শস্য একেবছৰতে চেপ্তেম্বৰ-অক্টোৱৰ মাহত চপাব পৰা হয়। শস্যৰ বয়স ৯০-১০০ দিনত সৰ্বাধিক পৰিমাণৰ পাত আহৰণ কৰিব পাৰি। তাৰ পিছত গছৰ পৰা পাত সৰিবলৈ আৰম্ভ কৰে। অক্টোৱৰ মাহৰ শেষৰ পৰা কালমেঘৰ গছবিলাক ফুলিবলৈ ধৰে আৰু তেতিয়াই ইয়াৰ পাতত ‘এন্দোগ্ৰেফ’লাইড’ নামৰ মূল ৰাসায়নিক উপকৰণ বিধ (active principle) আটাইতকৈ বেছি পৰিমাণে থাকে। অৱশ্যে গোটেই গছ জোপাতেই কম বেছি পৰিমাণে ইয়াক পোৱা যায়।
চপাই অনাৰ পাছত গছজোপাৰ গোটেইখিনি অংশ ছাঁ থকা ঠাইত শুকুৱাব লাগে। সম্পূৰ্ণভাৱে শুকাই যোৱাৰ পাছত ইয়াক গুড়ি কৰি পাত্রত বা পলিবেগত সঞ্চয় কৰিব লাগে।

উৎপাদন আৰু উপাৰ্জন -


প্ৰতি হেক্টৰ মাটিৰ পৰা ৩-৪ টনলৈকে সতেজ পাত উৎপাদন পাব পাৰি। প্ৰতি কি:গ্ৰা: কালমেঘৰ দাম ২০ টকা হিচাবত ধৰি তলত দিয়া ধৰণে উপাৰ্জন কৰিব পাৰি।
প্ৰতি হেক্টৰত খৰছ :১০, ০০০ টকা
প্ৰতি হেক্টৰত মুঠ উপাৰ্জন :৪৩, ০০০ টকা
খৰছ বাদ দি লাভ : ৩৩,০০০ টকা

লেখক: ড০ জয়ন্ত ডেকা আৰু ঈশ্বৰ চন্দ্ৰ বৰুৱা

উৎস: সেউজ চিন্তা, (ঔষধি আৰু সুগন্ধি শস্যৰ ব্যৱসায়িক উৎপাদন )

3.05263157895
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top