মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / বানপানীৰ পিছত উদ্যান শস্যৰ খেতি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বানপানীৰ পিছত উদ্যান শস্যৰ খেতি

বানপানীৰ পিছত উদ্যান শস্যৰ খেতিৰ বিষয়ে লিখা হৈছে

 

অসমৰ জলবায়ু অনুসৰি বৰিষ৷ যথেষ্ট পৰিমাণে বৰষুণ হয়। তাতে বর্তমান সময়ত জলবায়ু পৰিৱৰ্তনৰ কাৰণে বৰষুণৰ পৰিমাণ বৃদ্ধি পাই আহিছে। আৰু প্রতি বছৰে অসমৰ কৃষক ৰাইজ বানপানীৰ কবলত পৰে। এইবছৰ ভূতৰ ওপৰত দানহ পৰাদি যোৱা ফাগুন মাহৰ শেষৰ পৰা একাদিক্ৰমে বৰষুণ দি অহা বাবে পানীৰ প্রকোপ বৃদ্ধি পাই আহিছে। আহাৰ-শাওণ মাহত হোৱা বানপানীৰ বাবে বিপত্তি নোহোৱা হৈছে। কৃষকৰ ধানৰ খেতিও নষ্ট হৈছে। ঠায়ে ঠায়ে ৰোৱা নষ্ট হোৱা বাবে দ্বিতীয় বাৰ আকৌ ধানৰ ৰোৱাখিনি শাওণৰ শেষত হোৱা বান পানীয়ে সকলোখিনি ধ্বংস কৰিছে।

বানপানী শেষ হোৱাৰ পাছত খেতিৰ পথাৰত ঠায়ে ঠায়ে বালি পৰে, পলস পৰে আৰু ধান খেতি নষ্ট হয়। গতিকে তেনে মাটিত মাটিৰ আৰ্দ্ৰতা চাই আৰু বৰষুণৰ প্রকোপৰ ওপৰত নিৰ্ভৰ কৰি কিছু বাম খেতি কৰাৰ পৰিকল্পনা কৰিব লাগে। ধান খেতি নষ্ট হোৱাৰ পাছত তেনে মাটিত ভাদ মাহৰ পৰা প্রথমতে মাটি এবাৰ বা দুবাৰ হাল বাই কম শস্য বাছনি কৰিব লাগে। এই শস্যবোৰৰ পালেং, মূলা, ধনিয়া ইত্যাদি। বীজ সিঁচাৰ ৪০– ৪৫ দিনৰ পাছত এই শাকবোৰ চপাব পৰা হয়। আগতীয়াকৈ ইয়াৰ খেতি কৰা বাবে বজাৰত চাহিদা বেছি হয় আৰু কৃষকে অধিক মূল্য লাভ কৰে। আহিন মাহৰ শেষত সেই মাটিখিনিকে আকৌ চাহ কৰি পর্যাপ্ত পৰিমাণে পচন সাৰ বা গোবৰ প্রয়োগ কৰি সেই একে শস্য লাই, লফা, পালেং, ধনিয়া, মূলা আদিৰ বীজ সিঁচিব পাৰি। বীজ সিঁচাৰ পাছত বেলেগ ওখ মাটি চাহ কৰি কবি, বিলাহী, বেঙেনা, জলকীয়া, ব্রুকলি আদি শস্যৰ পুলি তৈয়াৰ কৰিব লাগে। পাছত দ্বিতীয়বাৰ সিঁচা লাই, লফা, পালেং আদি শস্য চপাই তৃতীয়বাৰ মাটি ডোখৰ হাল-কোৰ মাৰি আঘোণ মাহৰ আৰম্ভণিতে বন্ধা কবি, ফুল কবি, ওলকবি, ব্রুকলি, বিলাহী, বেঙেনা আদি শস্যৰ পুলি ৰোপণ কৰিব লাগে, যাতে মাঘ মাহত শস্যখিনি চপাই বজাৰত বিক্ৰী কৰিব পৰা যায়।

বানপানীৰ বাবে যিবিলাক খেতি পথাৰত বালি বা পলস পৰিছে, তেনে মাটিত শাকজাতীয় শস্যৰ খেতি কৰিব নোৱাৰিলে গাজৰ আদিৰ খেতিৰ দিহা কৰিব পাৰে। অৱশ্যে ইয়াৰ বাবে পর্যাপ্ত পৰিমাণে গোবৰ বা পচন সাৰ প্রয়োগ কৰিব লাগিব। নদী পৰীয়া অঞ্চলত পিয়াজ, নহৰুৰ খেতি কৰক। পুলি তৈয়াৰ কৰি শাৰী শাৰীকৈ ৰোপণ কৰিব পাৰে। নাইবা ভালদৰে মাটি চাহ কৰি পিয়াঁজৰ গুটি পোনে পোনে পথাৰত ছটিয়াই পাছত মৈয়াই দি খেতি কৰিব পাৰি। এই শস্য বিলাকত কৃষকৰ যিহেতুকে পুহ-মাঘ মাহত পানী দিয়াৰ ব্যৱস্থা নাথাকে গতিকে গোবৰ সাৰৰ প্রয়োগ পর্যাপ্ত হ’ব লাগে। নহৰু শস্যৰ শস্য কাল প্রায় পাঁচ মাহ হোৱা বাবে আহিনকাতি মাহতে বীজ ৰোপণ (নহৰুৰ ফুটা বোৰকে বীজ হিচাপে ধৰা হয়) কৰিব লাগে। আলু, নহৰু, পিয়াঁজৰ শস্যৰ মাজে মাজে পুহ, মাঘ মাহত তৰমুজ শস্যৰ বীজ, ৰঙালাওৰ (আঘোণ মাহৰ পৰাই দিয়া হয়) বীজ সিঁচি থব লাগে। আলু, পিয়াঁজ শস্য চপোৱাৰ পাছত সেই মাটিত তিতা কেৰেলা, মাটি তিয়ঁহ, চিৰাল, বাঙী, তৰমুজৰ বীজ ৰোপণ কৰিব পাৰি, যিবিলাক শস্য চ’ত-বহাগ মাহত বজাৰত বিক্ৰী কৰিব পৰা যায়।

মূল শাক-পাচলিবিলাকৰ বাহিৰেও অসমৰ মাটি আৰু জলবায়ু অনুসৰি বহুতো থলুৱা শাক-পাচলিৰ পয়োভৰ দেখা যায়। মানৱ দেহৰ গঠন বাঢ়ন আৰু পৰিপুষ্টিৰ বাবে এই থলুৱা পাচলিবোৰৰ অৱদান বহুত। থলুৱা পাচলিবোৰৰ বহুতো ঔষধি গুণ আছে বাবে আজিকালি বজাৰত ইহঁতৰ চাহিদা দিনক দিনে বাঢ়ি গৈছে। খৰালি কালত বাম খেতিৰ শস্যৰ পথাৰত অপতৃণ হিচাপে গজি উঠা শাকবোৰ যেনে জিলমিল, খুতৰা, মালভোগ, বন জালুক দ্রোণ শাক, বৰ মানিমুনি, সৰু মানিমুনি, বৰ উপকাৰী, ৰঙালাওৰ আগ এটা ভাল পাচলি আৰু ঔষধি গুণৰে ভৰপূৰ। জিলমিল, খুতৰা, দ্রোণ, বন জালুক আদি এবাৰ পথাৰত হ’লে তাৰ গুটিবোৰ চ’ত-বহাগ মাহত সিঁচি থ’লে পাছৰ বছৰ অনায়সে হাবি হোৱাদি শস্যবোৰ আঘোণ পুহ-মাঘ মাহত গজি উঠিব।

লিখক: ড° ৰাজেন্দ্ৰ প্ৰসাদ দাস, দৈনিক জনমভূমি।

 

2.97674418605
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top