মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / বানাক্রান্ত অঞ্চলত খেতিৰ বিকল্প ব্যৱস্থাপনা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বানাক্রান্ত অঞ্চলত খেতিৰ বিকল্প ব্যৱস্থাপনা

বানাক্রান্ত অঞ্চলত খেতি বিকল্প ব্যৱস্থাপনাৰ বিষয়ে লিখা হৈছে

 

এইবছৰ দুবাৰকৈ হোৱা প্ৰলয়ংকৰী বানত লক্ষাধিক কৃষকৰ বিস্তৰ ক্ষতিসাধন হৈছে। বিশেষকৈ নৈ দাঁতি কাষৰীয়া অঞ্চলৰ কৃষকৰ অৱস্থাটো অতি দুখজনক। কিছুমান কৃষকে হয়তো কঠীয়াৰ নাটনিৰ বাবে বা সময়মতে পানী পথাৰৰ পৰা ওলাই নোযোৱাৰ বাবে পথাৰত নামিবলৈ সাহস নকৰিলে। সেইবাবে এতিয়া অসমৰ বহু কৃষকৰ শ শ বিঘা ধানখেতিৰ উপযোগী কৃষিভূমি হয়তো চন পৰি থাকিল। বানে গৰকা কৃষকসকলৰ সুবিধাৰ হেতু এইসময়ত অতি সহজে কৰিব পৰা বিকল্প খেতি কিছুমানৰ দিহা ইয়াত আলোচনা কৰা হৈছে।

মাহজাতীয় শস্যৰ খেতি

 

১। মচুৰ মাহ

গুটি সিঁচাৰ সময় অক্টোৱৰৰ পৰা নৱেম্বৰৰ মাজভাগ। বালিচহীয়া মাটি এই খেতিৰ বাবে উপযুক্ত। ধানখেতিৰ পাছতো এইবিধ খেতি কৰিব পাৰি। মচুৰ মাহৰ কিছুমান উচ্চ উৎপাদনক্ষম জাত হৈছে বি ৭৭, (১১০-১২০ দিন), এল ৯—১২ (১২০-১৩০ দিন), পি এল-৪০৬ (১২০-১২৫ দিন), অসম মচুৰ ১ (১১৫-১২০ দিন), অসম মচুৰ ২ (১১৫-১২০ দিন), মৈত্রী (১১৭ দিন), নুৰি (১১০-১২০ দিন), ডি পি এল ৬২(১৩০-১৩৫ দিন) আদি।

ভাল উৎপাদন পাবলৈ হ’লে মচুৰ মাহত বিঘাই প্রতি ৪.৫ কেজি ইউৰিয়া, ৩০ কেজি চুপাৰ আৰু ঠাইবিশেষে প্রায় ৩.৫ কেজি পটাছৰ যোগান ধৰিব লাগে। জীৱাণুসাৰৰ প্রয়োগ কৰিলে ইউৰিয়াৰ ব্যৱহাৰ ৩ কেজিলৈ কম কৰিব পাৰি। বিঘাই প্রতি ৪ কেজিকৈ বীজ সিঁচি প্রায় ১.৫ কুইন্টলমানলৈকে উৎপাদন পাব পাৰি।

২। মটৰ মাহ

মটৰমাহ সিঁচাৰ সময় মচুৰৰ সৈতে একে। জাতৰ ভিতৰত টি ১৬৩ (১১০-১২০ দিন), বোনোভিল্লে (১০০-১২০ দিন), এইচ ইউ পি ২ (১১৫-১২৫ দিন), কে এফ পি ডি-১ (১০০-১০৫ দিন), ৰান্না (১২০-১২৫ দিন), বিকাশ (১০২ দিন), প্রকাশ (৯৪—১২১ দিন), আমান (১২৪-১৩৭ দিন) আদি।

শালি ধান কটাৰ পাছতো জীপ থাকিলে ধানৰ মাটিত হাল নোবোৱাকৈ মটৰমাহ সিঁচি দিব পাৰি। জাত লৈ বীজৰ পৰিমাণ ভিন্ন হয় যদিও বিঘাত প্রায় ৭ কেজি মানকৈ সিঁচিব লাগে। বীজাণুসাৰ দি বীজ শোধন কৰিলে ইউৰিয়া ৩ কেজি আৰু চুপাৰ ৪০ কেজিকৈ দিব লাগে। কিন্তু যদি বীজ শোধন কৰা নহয় তেনেহ’লে ইউৰিয়াৰ পৰিমাণ ৬ কেজিলৈ বৃদ্ধি কৰিব লাগে। কিন্তু কিছুমান ঠাইত মাটিৰ গুণাগুণ চাই পটাছো প্রয়োগ কৰিব লাগে। পটাছৰ পৰিমাণ বিঘাত ২.৫ কেজি হ’লেই হয়।

৩। ৰাজমাহ

ৰাজমাহৰ লেখত ল’ব লগীয়া জাতবোৰ হৈছে উদৰ (১০০-১২০ দিন), এইচ ইউ আৰ ৩০১ (৯৫-১০৫ দিন) আৰু এইচ ইউ আৰ ১০৩ (৯৫-১০৫ দিন)। বালিচহীয়া, পানী জমা নোহোৱা মাটি এই খেতিৰ বাবে ভিতৰত গুটি সিচিব লাগে। বীজৰ পৰিমাণ বিঘাই প্রতি ১০ কেজি। সাৰৰ পৰিমাণ হৈছে বিঘাত ইউৰিয়া ৯ কেজি, চুপাৰ-৩৩ কেজি আৰু পটাছ ৪৫.৫ কেজি।

৪। কলামাহ

কলামাহৰ উন্নত জাত হৈছে ৰতন (১১০-১২০ দিন), প্রতীক (১১০-১১৫ দিন) আৰু মাহাটেওৰা (৯৪ দিন)। ৰাজমাহৰ লগত সিঁচাৰ সময় একে। বালিচহীয়া মাটিত ভাল হয়। ধানৰ পাছত একেই পৰি থকা মাটিত যদি জীপ থাকে। তেনেহ’লে এই খেতি কৰিব পাৰে। বিঘাত ৪.৫ কেজি ইউৰিয়া, চুপাৰ ৩০ কেজি আৰু পটাছ ৩.৩ কেজি লাগে। বীজ শোধন কৰিলে ইউৰিয়াৰ পৰিমাণ ১.৫ কেজি পর্যন্ত কমাই দিব পাৰি। বীজৰ পৰিমাণ বিঘাত ৬.৭ কেজি। উৎপাদন বিঘাত ২ কুইণ্টল পর্যন্ত হ’ব পাৰে।

তৈলজাতীয় শস্যৰ খেতি

 

১। তিল খেতি

তিল খেতি কৰাৰ উপযুক্ত সময় হৈছে আগষ্ট মাহ। কিন্তু সিঁচাত দেৰি হ’লে উৎপাদন কৰিব পাৰি যদিও ফল ইমান ইতিবাচক নহ’বও পাৰে। অসমত কৰিব পৰা ভাল জাতৰ তিলৰ ভিতৰত মাধৱী (৭০-৭৫ দিন), গৌৰী (৭৫-৮০ দিন), বিনায়ক (৭৫-৮০ দিন),এছ টি ১৬৪৩ (৯০-৯৫ দিন), পাঞ্জাব তিল নং ১ (৭৫-৮৫ দিন), বহুৱাভেটি (৮৫– ৯০ দিন),কলিয়াবৰ তিল(৮৫-৯০ দিন) অন্যতম। এইবিলাক তিলৰ জাতৰ খেতি কৰিলে কৃষকে তিল খেতিৰ শেষ কৰি একেখিনি মাটিতে ৰবি শস্য এটাৰ খেতি কৰাৰ কথাও চিন্তা কৰিব পাৰে। যিহেতু তিল খেতিত পানী জমা হ’লে নষ্ট হয়, গতিকে পানী উলিয়াই দিব পৰাৰ ব্যৱস্থাপনা থাকিলে ভাল হয়। তিল খেতিত বিঘাত প্রায় ৯ কেজি ইউৰিয়া, ১৯ কেজি চুপাৰ আৰু ৫ কেজি পটাছৰ প্ৰয়োজন হয়। ভালকৈ কৰিলে উৎপাদন বিঘাত ১ কুইণ্টলৰ ওপৰত পাব পাৰি। বীজৰ পৰিমাণ বিঘাত আধা কেজি।

২। সৰিয়হৰ খেতি

সিঁচাৰ সময় অক্টোবৰৰ মাজভাগৰ পৰা নৱেম্বৰৰ মাজভাগলৈ গুটি সিঁচাৰ সময়। কিন্তু বৰ্তমান অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা উদ্ভাৱিত এনে কিছুমান জাত আছে, যিবোৰ ডিচেম্বৰৰ মাজভাগলৈকো সিঁচিব পাৰি। ইয়াৰ ভিতৰত আগতীয়াকৈ সিঁচিব পৰা জাতবোৰ হৈছেঃ টি এছ ৩৬ (৯০-৯৫ দিন), এম-২৭ (৯০-৯৫ দিন), টি এম-২৭ (৯০-৯৫ দিন), টি এম – ২ (১০৫-১১৫ দিন), টি এম ৪ (১০৫-১১৫ দিন), টি এছ ৪৬ (৯৪ দিন) আদি । শেহতীয়াকৈ সিঁচিব পৰা জাতৰ ভিতৰত টি এছ ৬৭ (৮৫-৯৫ দিন) আৰু জেউতী (৮৯ দিন)। নতুনকৈ অনুমোদিত দুটা সৰিয়হৰ জাত হৈছে পি এম ২৬ (১০৫-১১০ দিন) আৰু পি এম ২৭, (১০৫-১১০ দিন), সৰিয়হত প্রয়োগ ১২ কেজি, চুপাৰ ৩০ কেজি আৰু পটাছ ২৫ কেজি। যদিহে চুপাৰ প্রয়োগ কৰা নহয়, তেনেহ’লে ছালফাৰ প্ৰতি বিঘাত ২.৫ কেজি মানকৈ প্রয়োগ কৰিব লাগে। সৰিয়হৰ খেতিত ব’ৰণৰ প্রয়োজন হয়। ব’ৰণৰ বাবে বৰাক্স বিঘাত ৬০০ গ্ৰামৰ পৰা ১.৩ কেজিৰ ভিতৰত প্রয়োগ কৰিব লাগে। ছালফাৰ আৰু বৰণৰ প্রয়োগে সৰিয়হৰ তেলৰ পৰিমাণ বৃদ্ধি কৰাৰ লগতে গন্ধৰ উগ্রতা বঢ়োৱাতো সহায় কৰে।

৩। তিচি খেতি

উল্লেখযোগ্য জাত হৈছে টি ৯৭ (১৩০– ১৩৫ দিন), শেখৰ (১২৫-১৩০ দিন)। পলসুৱা মাটি এই খেতিৰ বাবে উপযোগী। গুটি সিঁচাৰ সময় অক্টোবৰ মাজভাগৰ পৰা নৱেম্বৰৰ মাজভাগ। তিচিৰ খেতি ধান খেতি কৰাৰ পাছত ধানৰ মাটিতো কৰিব পাৰি। বিঘা হিচাপত দিব লগা সাৰৰ পৰিমাণ ইউৰিয়া ১২ কেজি, চুপাৰ ১৮ কেজি আৰু পটাছ ২ কেজি। প্রতি বিঘাত প্রয়োজন হোৱা বীজৰ পৰিমাণ ২-২.৫ কেজি।

উৎপাদন বিঘাত ১-১.৫ কুইণ্টল।

৪। গুজিতিল

গুজিতিলৰ জাত এন জি-১ (১০০– ১১০ দিন)। মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলৰ বাবে অনুমোদিত জাত জি এ-৫ আৰু কেই চি-৩ ৷ পলসুৱা আৰু আৰু বালিচহীয়া মাটি এই খেতিৰ বাবে উপযুক্ত। গুটি সিঁচাৰ সময় অক্টোবৰ মাহ। শাৰীবদ্ধ পদ্ধতিত কৰিলে বিঘাত প্রতি ১.১ কেজি আৰু সিঁচি কৰিলে বিঘাত ১.৫ কেজি বীজৰ প্রয়োজন হয়। বিঘাত প্রয়োজন হোৱা সাৰৰ পৰিমাণ ইউৰিয়া ৬ কেজি, চুপাৰ ৯ কেজি আৰু পটাছ ১ কেজি। ভালদৰে খেতি কৰিলে বিঘাই প্রতি উৎপাদন ৫০ কেজিৰ ওপৰত হয়। উল্লেখযোগ্য যে কৃষকসকলে নিজৰ নিজৰ মাটিখিনিৰ গুণাগুণ অনুমোদিত সাৰ-জাবৰ দি খেতি কৰিলে ভাল উৎপাদন পোৱাটো নিশ্চিত।

লেখিকা: প্ৰিয়ংকা দত্ত,

লিখক: ৰূপজ্যোতি বৰা, দৈনিক জনমভূমি।

 

 

3.16129032258
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top