মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / বিভিন্ন ধৰণৰ নাৰ্ছাৰী আৰু ইয়াৰ গুৰুত্ব:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিভিন্ন ধৰণৰ নাৰ্ছাৰী আৰু ইয়াৰ গুৰুত্ব:

বিভিন্ন ধৰণৰ নাৰ্ছাৰী আৰু ইয়াৰ গুৰুত্বৰ বিষয়ে লিখা হৈছে

 

যি স্থানত বৈজ্ঞানিক পদ্ধতিৰে সৰুৰ বাহিৰেও ডাঙৰ উদ্ভিদৰ কলম উৎপাদন কৰা আৰু ৰোপণৰ আৰম্ভণিৰে পৰা যত্নসহকাৰে পৰিচৰ্যা আৰু ৰক্ষণাবেক্ষণ দিয়া হয়, সেয়াই হ’ল নাৰ্ছাৰী। এই নাৰ্ছাৰীত অতি যত্নসহকাৰে ফল-ফুল, শাক-পাচলি আৰু মচলাসহ যিকোনো গছৰ বাহিৰেও ইয়াৰ কলম দিয়া হয়।

নাৰ্ছাৰীৰ গুৰুত্ব:

 

আধুনিক কৃষিত নাৰ্ছাৰীৰ গুৰুত্ব অপৰিসীম। নাৰ্ছাৰীৰ বাহিৰে কৃষিকৰ্ম অসম্পূৰ্ণ বুলিয়েই ক’ব পাৰি। এই নাৰ্ছাৰীৰ প্ৰথম কামেই হ’ল গছপুলি উৎপাদন আৰু যত্ন লোৱা। আচলতে ফলমূলৰ বীজ, গা-গছৰ বাহিৰেও উৎপাদন, বিভিন্ন ৰোপণ দ্ৰব্য সংগ্ৰহ আৰু সংৰক্ষণ, বিভিন্ন জাত উৎপাদন, ক্ষণস্থায়ী গছৰ ব্যৱস্থাপনা, স্থায়ী গছ আৰু বীজ উৎপাদনকাৰী সঠিক পৰিচৰ্যা কৰা ইত্যাদি কামবোৰ হয় নাৰ্ছাৰীত। নাৰ্ছাৰীত কেৱল উন্নত মানৰ বীজ বা গছপুলি সৰবৰাহ কৰাটোৱে নহয়, বিভিন্নজনৰ কৰ্মসংস্থাপনসহ পৰিৱেশৰ ভাৰসাম্যও ৰক্ষা কৰে নাৰ্ছাৰীয়ে। যি স্থানত ভাল নাৰ্ছাৰী আছে, সেই অঞ্চলত গছ-গছনি, ফল-মূল, শাক-পাচলি, ফুল আদিৰ সৰবৰাহ যথেষ্ট হয়। ফলত অঞ্চলটোৰ মানুহৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যও ভালে থাকে। নাৰ্ছাৰীৰ অৰ্থনৈতিক গুৰুত্বও যথেষ্ট। সৰু সৰু নাৰ্ছাৰীৰ জৰিয়তে বছৰি কেইবা লাখ টকা উপাৰ্জন কৰাটো সম্ভৱ। কাৰণ এক বৰ্গমিটাৰ ঠাইতে কেইবাহাজাৰ বিভিন্ন গছৰ পুলি উৎপাদন কৰিব পাৰি। সেই পুলিবোৰ বিক্ৰীৰ বাবে উপযোগী কৰিবলৈ মাথোঁ তিনি-চাৰি সপ্তাহহে সময় লাগে। যদি সেই ঠাইত বিক্ৰীৰ পাছত আৰু পুলি উৎপাদন কৰিব পাৰি, তেনেহ’লে লাভৰ পৰিমাণো যথেষ্ট বৃদ্ধি হয়। ইফালে, এখন ভাল নাৰ্ছাৰীৰ পৰা অলপ দিনৰ ভিতৰতে বহু ধন উপাৰ্জন কৰিব পাৰি। সেইবাবে নাৰ্ছাৰী স্থাপন কৰিলে নিজে লাভৱান হোৱাৰ লগে লগে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাৰ লগতে দেশখনকো সমৃদ্ধিশালী কৰিব পাৰি।

নাৰ্ছাৰীৰ প্ৰকাৰ:

 

অৰ্থনৈতিকভাৱে প্ৰস্তুত কৰা নাৰ্ছাৰী:

১)গাৰ্হস্থ্য নাৰ্ছাৰী:

এই ধৰণৰ নাৰ্ছাৰী ব্যক্তিগত বা পাৰিবাৰিক প্ৰয়োজয় পূৰোৱাৰ উদ্দেশ্যে সামান্য ঠাইতে কোনো ব্যক্তি বা তেওঁৰ নিজৰ ঘৰৰ ওচৰৰ পতিত মাটিত তৈয়াৰ কৰা হয়। এই নাৰ্ছাৰীৰ জৰিয়তে কোনো লোকে তেওঁৰ প্ৰয়োজন অনুসৰি ফুল, ফল বা বনজ উদ্ভিদ ৰোপণ কৰে।

২)ব্যৱসায়িক নাৰ্ছাৰী:

যিবোৰ নাৰ্ছাৰীত গছৰ পুলি বা কলমৰ উৎপাদন কৰি বিক্ৰীৰ বাবে স্থাপন কৰা হয়, সেইবোৰেই ব্যৱসায়িক নাৰ্ছাৰী। এইবোৰ নাৰ্ছাৰীত ফুল, ফল, শাক-পাচলি, মচলা বা বনজ উদ্ভিদ প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰা হয়। এনেধৰণৰ নাৰ্ছাৰী বৰ্তমান সৰু চহৰ, বন্দৰ বা গ্ৰামাঞ্চলত গঢ়ি উঠা দেখা যায়।

৩)ব্যৱহাৰভিত্তিক নাৰ্ছাৰী:

ক)ফলৰ নাৰ্ছাৰী:- এইবোৰ নাৰ্ছাৰীত কেৱল ফল ধাৰণ কৰিব পৰা গছৰ পুলি উৎপাদন কৰা হয়।

খ)ফুলৰ নাৰ্ছাৰী:- এইবোৰ নাৰ্ছাৰীত বিভিন্ন জাতৰ ফুল উৎপাদন কৰা হয়।

গ)বনজ নাৰ্ছাৰী:- এইধৰণৰ নাৰ্ছাৰীত কেৱল বনজ উদ্ভিদ যেনে- শাল, চেগুন, মেহগানি আদি গছৰ পুলি উৎপাদন কৰা হয়।

ঘ)পাচলিৰ নাৰ্ছাৰী:- এইধৰণৰ নাৰ্ছাৰীত কেৱল পাচলিৰ পুলিয়েই উৎপাদন কৰা হয়।

ঙ)মচলাৰ নাৰ্ছাৰী:- মচলাৰ নাৰ্ছাৰীত কেৱল মচলা গছৰ পুলিয়েই উৎপাদন কৰা হয়।

চ)অৰ্কিড নাৰ্ছাৰী:- বিভিন্ন জাতৰ অৰ্কিড উৎপাদন কৰা হয় অৰ্কিড নাৰ্ছাৰীত।

ছ)কেকটাছ আৰু ফাৰ্নৰ নাৰ্ছাৰী:- এইখন নাৰ্ছাৰীত কেৱল কেকটাছ আৰু বিভিন্ন জাতৰ ঢেঁকীয়াৰ পুলি উৎপাদন কৰা হয়।

৪)স্থায়ীভিত্তিক নাৰ্ছাৰী:

ক)অস্থায়ী নাৰ্ছাৰী:- এই সকলো নাৰ্ছাৰী নিৰ্দিষ্ট সময়ৰ বাবে আৰু নিৰ্দিষ্ট বাগানৰ বাবেহে প্ৰস্তুত কৰা হয়। তেনে নাৰ্ছাৰীবোৰক অস্থায়ী নাৰ্ছাৰী বোলে। অস্থায়ী নাৰ্ছাৰী সাধাৰণতে বাগান থকা অঞ্চলত প্ৰস্তুত কৰা হয়। নিৰ্দিষ্ট পকাম শেষ হোৱাৰ পাছত এইবোৰ নাৰ্ছাৰীৰ কোনো অস্তিত্ব নাথাকে।

খ)স্থায়ী নাৰ্ছাৰী:- এইবোৰ নাৰ্ছাৰীত বছৰৰ পাছত বছৰ ধৰি সকলো সময়তে গছপুলি উৎপাদন কৰা হয়। তেনে নাৰ্ছাৰীবোৰক স্থায়ী নাৰ্ছাৰী বোলে। যোগাযোগৰ সুবিধা অনুযায়ী এনেধৰণৰ নাৰ্ছাৰী চৰকাৰী বা বেচৰকাৰীভাৱে প্ৰস্তুত কৰা হয়।

উৎস: নিয়মীয়া বাৰ্তা

2.97777777778
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top