অধিক শস্য উত্পাদনৰ বাবে খেতিত ৰাসায়নিক সাৰৰ লগতে কীটনাশক দৰবৰ প্ৰয়োগ সম্প্ৰতি যথেষ্ট বৃদ্ধি পাইছে। খেতিত কিবা ৰোগ বা পোক-পৰুৱাৰ আক্ৰমণ হোৱা যেন দেখিলেই আমাৰ কৃষক ৰাইজে জধে-মধে কীটনাশক দৰব প্ৰয়োগ কৰে। এইটো অৱশ্যে ভাল কথা নহয়। কাৰণ কীটনাশক দৰবৰ অবাধ প্ৰয়োগৰ ফলত মানুহৰ উপৰি পোহনীয়া জীৱ-জন্তু, উপকাৰী কীট-পতংগ আদিৰ যথেষ্ট ক্ষতি হয়। তেনেদৰে পৰিৱেশ প্ৰদূষণৰ সমস্যাও বৃদ্ধি পায়। সেইবাবে বিষাক্ত কীটনাশক দৰব প্ৰয়োগৰ ক্ষেত্ৰত আমাৰ কৃষক ৰাইজ সাৱধান হোৱা উচিত। কীটনাশক দৰব প্ৰয়োগৰ নিয়ম সম্পৰ্কে তলত কিছু কথা আলোচনা কৰা হ’ল।
কৃষি বিষয়া বা কৃষি কৰ্মীৰ পৰামৰ্শ মতেহে খেতিত কীটনাশক দৰব প্ৰয়োগৰ ব্যৱস্থা কৰিব লাগে।
অনুমোদিত দৰব সদায় নিৰ্দিষ্ট মাত্ৰাতহে প্ৰয়োগ কৰিব।
দৰব প্ৰয়োগৰ আগতে প্ৰয়োগৰ নিয়মাৱলী পঢ়ি ল’ব। বুজি নাপালে কৃষি বিষয়া, কৃষি কৰ্মী অথবা দৰবৰ দোকানীৰ পৰা ভালকৈ জানি ল’ব।
ম্যাদ উকলি যোৱা দৰব কেতিয়াও প্ৰয়োগ নকৰিব।
নাক-মুখ কাপোৰেৰে ঢাকি আৰু চচমা পিন্ধিহে দৰব প্ৰয়োগ কৰিবলৈ আগবাঢ়িব।
সদায় ফৰকাল বতৰতহে দৰব প্ৰয়োগ কৰিব।
বৰষুণ বা ডাৱৰীয়া বতৰত দৰব প্ৰয়োগ নকৰিব।
জোৰেৰে বতাহ বলি থকা অৱস্থাত দৰব প্ৰয়োগ নকৰাই ভাল। মৃদু বতাহ মাৰি থকা সময়ত বতাহৰ দিশতহে দৰব প্ৰয়োগ কৰিব লাগে।
দৰব প্ৰয়োগ কৰি আগুৱাই যোৱাৰ সলনি পিছুৱাই থাকিব লাগে।
প্ৰয়োগৰ সময়ত দেহৰ কোনো অংশত দৰব লাগিলে লগে লগে চাবোনেৰে ধুব লাগে।
শৰীৰত কটা-ছিঙা, ঘা আদি থাকিলে দৰব প্ৰয়োগ নকৰিব।
তামোল, চিগাৰেট, চাধা আদি খাই খাই দৰব প্ৰয়োগ নকৰিব।
দৰব প্ৰয়োগৰ পাছত সঁজুলিবোৰ পুখুৰী, খাল, কুঁৱা আদিৰ পাৰত কেতিয়াও নুধুব।
দৰবৰ খালী টেমা, পেকেট আদি পানীত নেপেলাব বা মুকলিত পেলাই নাহিব। সেইবোৰ পুৰি পেলাব বা দকৈ গাঁত খান্দি পুতি থ’ব।
দৰব প্ৰয়োগৰ পাছত চাবোনেৰে ভালকৈ গা ধুব আৰু দৰব প্ৰয়োগৰ সময়ত পিন্ধা কাপোৰবোৰ ভালকৈ ধুই পেলাব।
চকু-মুখ আদিত দৰব লাগিলে লগে লগে ধুই দিয়াৰ উপৰি চিকিত্সকৰ ওচৰলৈ যাবলৈ এলাহ নকৰিব।
উৎসঃ অসমীয়া খবৰ
শেহতীয়া উন্নীতকৰণ: : 1/11/2023