মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / বৈজ্ঞানিক পদ্ধতিত ইন্দ্ৰমালতী ফুলৰ খেতি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বৈজ্ঞানিক পদ্ধতিত ইন্দ্ৰমালতী ফুলৰ খেতি

বৈজ্ঞানিক পদ্ধতিত ইন্দ্ৰমালতী ফুলৰ খেতিৰ বিষয়ে লিখা হৈছে ।

 

ইন্দ্ৰমালতী এবিধ বাণিজ্যিকভাৱে খেতি কৰিব পৰা আকৰ্ষণীয় ফুল। এইবিধ ফুল পূজা-অৰ্চনা, কাটফ্লাৱাৰ, পাৰ্টী আৰু সভা-সমিতি আদিত ব্যৱহাৰ কৰা হয়।

এইবিধ ফুল দুটা শ্ৰেণীত ভাগ কৰিব পাৰি- সৰু আকাৰৰ আৰু ডাঙৰ আকাৰৰ।

সৰু আকাৰৰ(Spray):

সৰু আকাৰৰ ফুল হোৱা এজোপা গছত এশটালৈকে ফুল ফুলে।

ডাঙৰ আকাৰ(Standard):

ডাঙৰ আকাৰৰ ফুল হোৱা গছবিধত চাৰিৰপৰা ছটালৈ ফুল ফুলে।

জাত:

বাণিজ্যিক জাতসমূহ হ’ল- কীৰ্তি, আৰ্কা, স্বৰ্ণ, বীৰবল সাহনী, শান্তি, আৰ্কা গংগা, CO1, CO2, ইন্দিৰা আৰু ৰেড গ’লড, পংকজ, অজয়, সোণালী, ৰাখী, চন্দ্ৰকান্ত ইত্যাদি।

জলবায়ু:

ইন্দ্ৰমালতী এবিধ দিনত ফুলা ফুল। গছৰ শ্ৰীবৃদ্ধি আৰু ফুল ফুলাৰ কাৰণে সূৰ্যৰ পোহৰ আৰু তাপ অপৰিহাৰ্য।

গছৰ শ্ৰীবৃদ্ধিৰ কাৰণে দীঘলীয়া দিন, প্ৰখৰ সূৰ্যৰ পোহৰ আৰু বেছি ফুলৰ কলি ওলোৱা আৰু ফুল ফুলাৰ কাৰণে চুটি দিন আৰু কম তাপমান(১০-১৮° ছেন্টিগ্ৰেড)ৰ প্ৰয়োজন।

মাটি:

ইন্দ্ৰমালতী খেতিৰ কাৰণে পলসুৱা, বালিচহীয়া, পানী ওলাই যাব পৰা সাৰুৱা মাটি উত্তম। মাটিৰ পি এইচ ৬.৫ৰ পৰা ৭.৫ উপযুক্ত।

ৰোপণ পদ্ধতি:

ইন্দ্ৰমালতী কাটিং বা শাখা কলম পদ্ধতিৰে বংশ বিস্তাৰ কৰা হয়। মাতৃগছৰপৰা জুন মাহৰপৰা আগষ্ট মাহৰ ভিতৰত কাটিং কৰিব লাগে।

স্বাস্থ্যৱান গছৰ কাটিঙৰপৰা কৰা পুলিৰপৰা বিচৰা ধৰণৰ ভাল ফুল পাব পাৰি। কাটোতে আগৰ তিনিটা পাত এৰি তাৰ পিছৰ গাঁঠিৰ তলতহে কাটিব লাগে।

কাটিঙৰ কাৰণে এখন চোকা ব্লেডেৰে বেঁকাকৈ ৫-৭ ছেন্টিমিটাৰ দীঘল শাখা বা ডাল কাটি ৰুটেক্স হৰমন লগাই বালিত ৰুব লাগে। ৰোৱাৰ আগত বেভিষ্টিন বা ইন্দফিল এম-৪৫ বালিত প্ৰয়োগ কৰাৰ ফলত গেলি যোৱা বেমাৰৰপৰা ৰক্ষা পৰে।

১৫-২০ দিনৰ ভিতৰত কাটিঙৰপৰা শিপা ওলায়। ব্যৱসায় ভিত্তিত মুকলি পথাৰৰ ঢাপত অথবা প্লাষ্টিক গৃহৰ ভিতৰত এই খেতি কৰিব পাৰি।

পথাৰত ৪৪ গ্ৰাম ইউৰিয়া, ১২৫ গ্ৰাম একক ছুপাৰ ফছফেট আৰু ৩৩ গ্ৰাম মিউৰেত অব পটাছ প্ৰতি বৰ্গমিটাৰত প্ৰয়োগ কৰিব লাগে। কাটিংসমূহ ৩০ ছেন্টিমিটাৰ*৩০ ছেন্টিমিটাৰ দূৰত্বত ৰোপণ কৰিব লাগে।

পুলি ৰোপণৰ পিছত নিতৌ দুবাৰকৈ পানী প্ৰয়োগ কৰিব লাগে। পুলিবোৰ থিতাপি লোৱাৰ পিছত ৰিং পদ্ধতিৰে পুলিৰ গুড়িবোৰ খুচৰি আধা চামুচ ইউৰিয়া সাৰ প্ৰয়োগ কৰিব লাগে।

পুলিবোৰ অলপ ডাঙৰ হোৱাৰ পিছত হাউলি যোৱাৰ পৰা ৰক্ষা কৰিবলৈ বাঁহৰ খুঁটি দিব লাগে। গছৰ আগলি অংশ ছিঙি দিলে পোখাৰ সংখ্যা বৃদ্ধি পায় আৰু ফুলৰ উৎপাদনো বেছি হয়।

ইন্দ্ৰমালতীত প্ৰধানতঃ মোৱা পোকৰ আক্ৰমণ হোৱা দেখা যায়। ৰগৰ এক মিলিলিটাৰ প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰিলে মোৱা পোকৰ আক্ৰমণৰ পৰা গছজোপাক ৰক্ষা কৰিব পাৰি।

সেমেকা বতৰ বা অত্যধিক বৰষুণ দিলে গুৰি পঁচা ৰোগ হ’ব পাৰে।

কেপ্টান বা বেভিষ্টিল ২ গ্ৰাম প্ৰতি লিটাৰ পৰিমাণত স্প্ৰে কৰি গুড়ি পঁচা বেমাৰৰপৰা হাত সাৰিব পাৰি।

ইন্দ্ৰমালতী ৰোপণৰ ৪-৫ মাহৰ পিছৰপৰা ফুল চিঙিব পাৰি। প্ৰতি হেক্টৰ খেতিৰ ফুলৰ বিক্ৰী মূল্য প্ৰায় ৮৪,২৪৫ টকা হয়।

লেখিকা: ড° মিনছুৰা বেগম(দৈনিক অসম)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top