মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / বৈজ্ঞানিক পদ্ধতিত লিচুৰ উৎপাদন :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বৈজ্ঞানিক পদ্ধতিত লিচুৰ উৎপাদন :

বৈজ্ঞানিক পদ্ধতিত লিচুৰ উৎপাদনৰ

আমাৰ পৰিচিত আৰু প্ৰিয় ফলৰ ভিতৰত ৰ এক বিশেষ স্থান আছে। লিচুক ফলৰ ৰাণীও বোলা হয়। লিচু ৰস আৰু সোৱাদত অতুলনীয়। চীন দেশ লিচুৰ জন্ম স্থান। ভাৰতবৰ্ষত বিহাৰত লিচুৰ উৎপাদন আটাইতকৈ বেছি হয়। অসমৰ মাটি আৰু জলবায়ু লিচুৰ বাবে বেছ উপকাৰী। লিচুত যথেষ্ট পৰিমাণৰ খনিজ পদাৰ্থ, শৰ্কৰাজাতীয় পদাৰ্থ আৰু ভিটামিন থাকে। সেয়ে লিচু এক পুষ্টিকৰ ফল। প্ৰতি ১০০ ভাগ লিচুত প্ৰ’টিন ০.৭ ভাগ, স্নেহ পদাৰ্থ ০.৩ ভাঘ, শৰ্কৰা ৯.৪ ভাগ, ফছফৰাছ ০.৩১ ভাগ, কেলছিয়াম ০.২১ ভাগ, লো ০.০৩ ভাগ আৰু প্ৰচুৰ পৰিমাণে ভিটমিন এ, বি আৰু বি-২ থাকে। এক কিলোগ্ৰাম লিচুৰপৰা ৪২০ কেলৰি শক্তি পাব পাৰি।

মাটি -

ওখ ৰ’দঘাই পানী জমা নোহোৱা বালিচহীয়া মাটি লিচুৰ বাবে উপযোগী। অলপ আম্লিক মাটি(পি এইচ ৬.৫-৬.৮) লিচু খেতিৰ কাৰণে উপযোগী।

জলবায়ু -

লিচু ফলৰ উৎপাদন জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰে। যিবোৰ অঞ্চলত শীতকালত তুষাৰ নপৰে আৰু গ্ৰীষ্মকালত গৰম আৰু শুকান বতাহ নবলে, সেইবাৰ অঞ্চল লিচু খেতিৰ কাৰণে উপযুক্ত।

বংশবিস্তাৰ:

বীজৰপৰা উৎপন্ন হোৱা গছত বহু দিনৰ মূৰত ফল লাগে, ফল টেঙা হয় আৰু সোৱাদো প্ৰধান গছজোপাৰ নিচিনা নহয়। গুটি কলম(লেয়াৰিং), ষ্টুলিং, গ্ৰাফটিং, কাটিং প্ৰভৃতি বিভিন্ন পদ্ধতিয়ে লিচুৰ বংশবিস্তাৰ কৰিব পাৰি। এইবোৰৰ ভিতৰত লেয়াৰিং আটাইতকৈ বেছি জনপ্ৰিয় আৰু লিচুৰ বংশবিস্তাৰৰ এক বাণিজতিক পদ্ধতি। সুস্থ, সবল, নিৰোগী আৰু পোকমুক্ত গছৰ ১-১.৫ ছেন্টিমিটাৰ দীঘল ঊৰ্দ্ধাভিমুখী ডাল গুটি কলমৰ কাৰণ নিৰ্বাচন কৰা হয়। অকজিমে হৰমন(অই বি এ ৫০০০ পি পি এম) প্ৰয়োগ কৰিলে ভালকৈ মূল ওলায়। বাৰিষাৰ আৰম্ভণি গুটি কলম তৈয়াৰ কৰাৰ কাৰণে উপযুক্ত সময়।

পুলি ৰোপণ -

মাটি ভালকৈ প্ৰস্তুত কৰি সমান কৰি ল’ব লাগে। পুলি ৰোপণৰ কেইসপ্তাহমান আগে আগে প্ৰয়োজনীয় দূৰত্বত ১ ঘনমিটাৰ আয়তনৰ গাঁত কিছুমান খান্দি ল’ব লাগে। গাঁতবিলাকে এনেকৈ কেইদিনমান ৰাখি দিয়াৰ পিছত প্ৰতিটো গাঁতত ২০-২৫ কিলোগ্ৰাম বনমিল, ৩০০ গ্ৰাম মিউৰিয়েট অব পটাছ আৰু দুই কিলোগ্ৰাম পুৰণা লিচু বাগিচাৰ মাটিৰ ওপৰত স্তৰৰ অলপ মাটিৰ লগত ভালকৈ মিহলাই সেই মাটিৰ মিশ্ৰণেৰে গাঁতবোৰ পূৰাই দিব লাগেগ। পুলি ৰোপণৰ পিছত পানী দিব লাগে। অসমত পুলি ৰোপণৰ উপযুক্ত সময় হ’ল আগষ্ট মাহৰপৰা ছেপ্টেম্বৰ মাহলৈ। জমা হৈ থকা পানী লিচু গছৰ কাৰণে ক্ষতিকাৰণ হয়। লিচু গছ সাধাৰণতে ২০ মিনিট দূৰত্বত ৰোপণ কৰা হয়(স্কোৱাৰ ছিষ্টেম)। কিন্তু শুকান জলবায়ু আৰু অনূৰ্বৰ মাটিৰ ক্ষেত্ৰত এই দূৰত্ব কমাই ৮ মিটাৰ কৰিব পাৰি।

পুলি গছৰ পৰিচৰ্যা -

মূল মাটিত পুলি গছৰ প্ৰাথমিক বৃদ্ধিৰ হাৰ সাধাৰণতে প্ৰথ ২-৩ বছৰ একেবাৰে কম হয়। কাৰণ লিচুৰ ক্ষেত্ৰত বিশেষকৈ পুলি অৱস্থাত বিশেষ সুনিৰ্দিষ্ট জলবায়ুৰ প্ৰয়োজন হয় আৰু পৰিচৰ্যা সামান্য কল হ’লেই গছৰ কাৰণে ক্ষতিকাৰক হ’ব পাৰে।

গ্ৰীষ্মকালত গছৰ চাৰিওফালে অৰহৰ খেতি কৰিব পাৰে। তেতিয়া গছবোৰ ছাঁ আৰু জৈৱপুষ্টি পাব পাৰে। প্ৰচণ্ড শীতৰপৰা পুলিবোৰ ৰক্ষা কৰিবলৈ পাতৰ হেন্দালিৰে গছবোৰ ঢাকি দিব লাগে। সঘনাই সাৰ-পানী প্ৰয়োগ কৰিলে পুলিবোৰৰ দ্ৰুত বৃদ্ধি হোৱাটো সম্ভৱ হয়।

জলসিঞ্চন -

লিচু খেতিৰ কাৰণে মাটিত পৰ্যাপ্ত পৰিমাণৰ জীপ থাকিব লাগে। গোটেই বছৰত ১২৫ চেন্টিমিটাৰ বৰষুণ লিচু খেলিৰ কাৰণে প্ৰয়োজন। বালিচহীয়া মাটিত ফল ধৰা লিচু গছৰ ক্ষেত্ৰত(শাখা-প্ৰশাখা বিস্তাৰ ৬ মিটাৰ বেছি) এপ্ৰিলৰপৰা ছেপ্তেম্বৰ মাহলৈ প্ৰতি সপ্তাহে প্ৰতিজোপা গছত ২৫০ মিটাৰ পানীৰ প্ৰয়োজন।

ঘাঁহ-বন বিনাশকৰণ:

লিচু বাগিচাত ঘাঁহ থাকিলে ৰ’দ, বতাহ, পানী আৰু পুষ্টিৰ কাৰণে লিচু গছৰ মাজত প্ৰতিযোগিতা হয়, ফলত গছৰ বৃদ্ধি ব্যাঘাত হয়। প্ৰাথমিক বৃদ্ধিৰ সময়তে পেৰাকুয়েট প্ৰয়োগ কৰি ডাঙৰ পাতৰ বন দমন কৰিব পাৰি। অন্তৰ্বাহী বননাশক ‘গ্লাইফ’ছেট’ বৰ্দ্ধনশালী বনৰ শিপাৰ মাধ্যমত প্ৰৱেশ কৰি সম্পূৰ্ণৰূপে বন নাশ কৰে।

মালচিং -

মাটিত প্ৰয়োজনীয় ৰসৰ অভাৱৰ কাৰণে লিচু যদি উৎপাদন বাধাপ্ৰাপ্ত হয়। সেই কাৰণ গছৰ গুৰিৰ চাৰিওফালে খেৰ, পাত ইত্যাদিৰ মালচ দিব লাগে। মালচ ব্যৱহাৰ কৰিলে লিচুৰ গছবোৰৰ শিপাৰ বৃদ্ধি দ্ৰুত হয়।

সাৰ প্ৰয়োগ:

গছত প্ৰয়োজন অনুসৰি জৈৱিক আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব লাগে। প্ৰতিটো গাঁতত প্ৰতি ৩০ কিলোগ্ৰাম গোৱৰ সাৰ, ১৫০ গ্ৰাম ১০০ মিউৰিয়েট অব পটাছ প্ৰয়োগ কৰিব লাগে। প্ৰতি বছৰ এই সাৰৰ মাত্ৰা বঢ়াই ১১-১২ বছৰ পিছত প্ৰতিজোপা গছত ৬০ কিলোগ্ৰাম গোবৰ সাৰ, ৭৫০ গ্ৰাম ইউৰিয়া, ৩ কিলোগ্ৰাম ছুপাৰ ফছফেট, ৭৫০ গ্ৰাম মিউৰিয়েট অব পটাছ প্ৰয়োগ কৰিব লাগে।

সাৰ গছৰ গুড়িত নিদি অলপ দূৰত, য’ত ডাল শেষ হৈছে তাৰ চাৰিওফালে পৰিমাণে হিচাপত অলপ গাঁত খান্দি গছৰ চাৰিওফালে ছটিয়াই দিব লাগে। জুন বা জুলাই মাহৰ প্ৰথম ভাগত সাৰ প্ৰয়োগ কৰিব লাগে।

ৰাসায়নিক স্থিতাৱস্থা সৃষ্টিৰ কাৰণে অক্টোবৰৰপৰা জানুৱাৰী মাহলৈ পানী প্ৰয়োগ কৰিব নালাগে। ফেব্ৰুৱাৰীৰপৰা মাৰ্চলৈকে পুনৰ ১০-১২ দিনৰ মূৰত প্ৰতি জোপা গছত ৮০ লিটাৰ জলসিঞ্চন কৰিব লাগে। পুলি গছৰ ক্ষেত্ৰত- বাহিচহীয়া মাটিত সপ্তাহে ২-৩ বাৰ পানী প্ৰয়োগ কৰিব লাগে। পুলি গছৰ ক্ষেত্ৰত ‘বেছিন’ পদ্ধতিত আৰু ডাঙৰ গছৰ ক্ষেত্ৰত ‘ফাৰো’ পদ্ধতিত জলসিঞ্চন কৰিব লাগে।

সাৰৰ মাত্ৰা নিৰ্ভৰ কৰে গছৰ আকাৰ, বৃদ্ধি, ফলন, জাত, ৰোপণৰ দূৰত্ব, জলবায়ু আৰু মাটিৰ বৈশিষ্ট্যৰ ওপৰত। অসমত তিনি বছৰৰ বেছি বয়সৰ গছৰ ক্ষেত্ৰত প্ৰতি বছৰে ৬০০ গ্ৰাম নাইট্ৰ’লেন, পটেছিয়াম আৰু ৪০০ গ্ৰাম ফছফৰাছ প্ৰয়োগ কৰিব পাৰে। গছৰ শাখা-প্ৰশাখাৰ বিস্তাৰ অনুযায়ী তালিকাত দিয়া ধৰণে সাৰৰ মাত্ৰা ব্যৱহাৰ কৰা হয়।

নিৰ্দ্ধাৰিত পৰিমাণৰ সাৰ দুবাৰ প্ৰয়োগ কৰিব লাগে- বগিচাত পানীৰ ব্যৱস্থা থাকিলে অৰ্দ্ধেক পৰিমাণ জুন মাহত ফল উঠোৱাৰ পিছত আৰু বাকী পৰিমাণ এপ্ৰিল মাহত ফলৰ গুটি লগাৰ পিছত।

পানীৰ ব্যৱস্থা নাথাকিলে গোটেই পৰিমাণৰ নাইট্ৰ’জেন, আধা ফছফৰাছ আৰু পটাছ সাৰ ছেপ্টেম্বৰ মাহত প্ৰয়োগ কৰিব লাগে।

 

গছৰ শাখা-প্ৰসাখাৰ বিস্তাৰ অনুযায়ী ব্যৱহাৰ কৰিব লগা সাৰৰ মাত্ৰা

শাখ-প্ৰশাখাৰ বিস্তাৰ(মিটাৰ)

জৈৱ সাৰ(কিঃগ্ৰাঃ)

নাইট্ৰ’জেন

ফছফৰাছ

পটাছিয়াম

(গ্ৰাম/গছ/বছৰ)

১.০-১.৫

১০

২০০

১০০

২০০

১.৬-২.৫

২০

৩০০

২০০

৩০০

২.৬-৩.৫

৩০

৪০০

৩০০

৪০০

৩.৬-৫০

৫০

৬০০

৪০০

৬০০

৫.১-৬০

৭৫

৮০০

৫০০

৮০০

৬.০

১০০

১০০০

৬০০

১০০০


লেখিকা: ড° মিনছুৰা বেগম(দৈনিক অসম)

2.93103448276
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top