মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / বৈজ্ঞানিক পদ্ধতিত ষ্ট্ৰবেৰীৰ খেতি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বৈজ্ঞানিক পদ্ধতিত ষ্ট্ৰবেৰীৰ খেতি :

বৈজ্ঞানিক পদ্ধতিত ষ্ট্ৰবেৰীৰ খেতিৰ বিষয়ে লিখা হৈছে ।

 

ৰূপে, গুণে-স্বাদে ষ্ট্ৰবেৰী এবিধ উপাদেয় ফল। এইবিধ ফলত যথেষ্ট পৰিমাণে খনিজ লৱণ, ভিটামিন ‘এ’ আছে, যিবোৰ মানৱ শৰীৰ গঠনৰ কাৰণে প্ৰয়োজন। এই ফলবিধৰ বাণিজ্যিক দিশটো অতি গুৰুত্বপূৰ্ণ। নামমাত্ৰ মূলধন খটুৱাই এইবিধ ফলৰ খেতি কৰি যথেষ্ট আয় কৰিব পাৰি।

শ্ৰেণী বিভাগ -

ষ্ট্ৰবেৰী ৰোজেলছ(Rosales) বিভাগত পৰে আৰু ই ৰোজেছি(Rosacee) গোত্ৰৰ অন্তৰ্গত। ষ্ট্ৰবেৰীৰ বৈজ্ঞানিক নাম ফ্ৰাগেৰিয়া ভেছকা(Frageria Vesca)।

ফলৰ পুষ্টি আৰু ঔষধি গুণ:

এই ফলবিধৰ প্ৰতি ১০০ ভাগত-

*০.৭ ভাগ প্ৰ’টিন,

*৯.৮ ভাগ কাৰ্ব’হাইড্ৰেট,

*০.০৩ ভাগ কেলছিয়াম,

*০.০৩ ভাগ ফছফৰাছ,

*১.৮ ভাগ লৌহ আৰু ভিটামিন ‘এ’, ‘বি’, ‘চি’ থাকে।

প্ৰতি কিলোগ্ৰাম ফলৰপৰা ৪৪০ কেলৰি শক্তি পাব পাৰি।

মাটি:

বালিচহীয়া, পানী জমা নোহোৱা আৰু প্ৰচুৰ পৰিমাণে জৈৱ সাৰ থকা মাটি ষ্ট্ৰবেৰী খেতিৰ কাৰণে প্ৰয়োজন। মাটিৰ পি এইচ ৬-৬.৫ হ’লে ভাল হয়।

বংশবিস্তাৰ -

সাধাৰণতে বীজৰপৰা পুলি উৎপাদন কৰা হয়। কিন্তু গুল্ম আৰু লতাজাতীয় গছ বাবে ইয়াৰ গা-গছৰপৰা দীঘল আৰু সৰু ডাল মাটিৰ উপৰি ভাগেৰে লতাৰ নিচিনা ওলায়, যিবোৰক ৰাণাৰ বোলা হয়। এই ৰাণাৰৰ গাঠিৰপৰা শিপা ওলায়। শিপাযুক্ত গছৰ ডাল কাটি লৈ পুলি হিচাপে ব্যৱহাৰ কৰিলে গছবোৰৰ চৰিত্ৰ প্ৰধান গছজোপাৰ দৰে একে হয়। এনেদৰে এজোপা গছৰপৰা ৰাণাৰৰ সহায়ত ১২ৰ পৰা ১৮ টালৈ পুলি উৎপাদন কৰিব পাৰি।

জাত:

*শ্ৰীনগৰ,

*দিলপছন্দ,

*বাংগালোৰ,

*পুচি আৰ্লী,

*ডোয়াৰ্ফ কেট্ৰেইন,

*ফ্ল’ৰিডা-৭০,

*ব্লেকম’ৰ,

*ক্ল’নম’ৰ,

*ক্লান্তিক ইত্যাদি।

মাটি প্ৰস্তুতকৰণ:

নাঙলেৰে ৪-৫ বাৰ ৩০ ছেন্টিমিটাৰ গভীৰলৈ মাটি হালবাইমৈয়াই মাটিখিনি মিহিকৈ প্ৰস্তুত কৰিব লাগে। গছৰ শিপা মাটিৰ ওপৰৰ স্তৰত থাকে কাৰণে পাচলিবাৰী প্ৰস্তুত কৰাৰ নিচিনাকৈ মাটি প্ৰস্তুত কৰিব লাগে। জৈৱিক সাৰ মিহলি কৰি মাটিখিনি সমান কৰিব লাগে।

পুলি ৰোপণ:

অসমত ছেপ্টেম্বৰ-অক্টোবৰ মাহত পুলি ৰোপণ কৰা হয়। দুজোপা গছৰ মাজৰ দূৰত্ব ৩০ ছেন্টিমিটাৰ আৰু দুটা শাৰীৰ মাজৰ দূৰত্ব ৫০ ছেন্টিমিটাৰ হ’ব লাগে। পুলি বেছি গভীৰতাত ৰোপণ কৰিলে বৃদ্ধি ব্যাহত হয় আৰু পুলিবোৰ পচি যোৱাৰ সম্ভাৱনা থাকে। প্ৰতি হেক্টৰ মাটিত ৫০,০০০ পুলিৰ প্ৰয়োজন হয়।

সাৰ প্ৰয়োগ:

প্ৰতি হেক্টৰ মাটিত-

*গোবৰ সাৰ ২০ টন,

*নাইট্ৰ’জেন ৫০ কিলোগ্ৰাম,

*ফছফৰাছ ১০০ কিলোগ্ৰাম আৰু

*পটাছিয়াম ১০০ কিলোগ্ৰাম প্ৰয়োগ কৰিলে ফলৰ উৎপাদন বৃদ্ধি হয়।

উল্লিখিত পৰিমাণৰ ৰাসায়নিক সাৰ সমানে দুভাগ কৰি এভাগ ফুল ফুলাৰ এমাহ আগত আৰু বাকীভাগ ফুল ফুলাৰ সময়ত প্ৰয়োগ কৰিব লাগে। গছত ফল ধাৰণ কৰাৰ এমাহ আগত ট্ৰেছেল ৩ গ্ৰাম ২ লিটাৰ পানীত মিহলাই গছৰ পাতত স্প্ৰে কৰিব লাগে।

জলসিঞ্চন:

ষ্ট্ৰবেবী খেতিৰ ক্ষেত্ৰত বাৰিষা কালত পথাৰৰপৰা অতিৰিক্ত পানী উলিয়াই দিয়াৰ ব্যৱস্থা কৰিব লাগে, পানী জমা হৈ থাকিব দিব নালাগে। আনহাতে, বেলেগ সময়ত যথেষ্ট পানীৰ প্ৰয়োজন হয় কাৰণে সঘনাই পানী প্ৰয়োগ কৰিব লাগে। মাটিত জৈৱিক পদাৰ্থ বেছিকৈ থাকিলে পানী ধৰি ৰাখিব পৰা ক্ষমতা বাঢ়ে। শীতকালত ৭-১০ দিনৰ মূৰত পানী প্ৰয়োগ কৰিব লাগে। ফল ধাৰণ কৰাৰ পিছত ২-৩ দিনৰ মূৰে মূৰে পানী প্ৰয়োগ কৰিলে ফল ডাঙৰ হয়।

মাজভাগৰ পৰিচৰ্যা -

ষ্ট্ৰবেৰী খেতিত বিশেষ মাধ্যমিক পৰ্যায়ত পৰিচৰ্যাৰ প্ৰয়োজন হয়। গছত ফল বেছি আৰু সোনকালে পাবলৈ জিবাৰেলিক এচিড ৭৫ পি পি এম দুবাৰ স্প্ৰে কৰিব লাগে। গছৰ আকৃতিদান এক বিশেষ পদ্ধতি। গছ লগোৱাৰ পিছত কেতিয়াবা ৰাণাৰবোৰ কাটি নিদি ৰাখি দিয়া হয় আৰু বাঢ়িবলৈ দিয়া হয়। এই পদ্ধতিক মেটেড ৰো পদ্ধতি(Matted Row System) বোলা হয়। কেতিয়াবা অকল মূল গছজোপা ৰাখি গোটেইখিনি ৰাণাৰ কাটি পেলোৱা হয়। এই পদ্ধতিক হিল পদ্ধতি বোলা হয়। মাটিৰ উৰ্বৰতা আৰু গছজোপাৰ বৃদ্ধি লক্ষ্য কৰি যিকোনো এক পদ্ধতি অনুসৰণ কৰা হয়। গছত ফুল ফুলিলে লতাৰ তলত খেৰ পাৰি দিয়া হয়। ফলত ফলৰ গুণগত মান ঠিক থাকে। এই কাৰণে ফলবিধৰ নাম ষ্ট্ৰবেৰী।

ফল সংগ্ৰহ:

পূৰঠ হ’লে ফলবোৰে হালধীয়া, ৰঙা ৰং ধাৰণ কৰে। ফলবোৰ অলপ টান হৈ থাকোঁতে উঠাব লাগে। ইয়াৰ পিছত কাগজেৰে মেৰিয়াই কাঠৰ বাকচত ভৰ্তি কৰা হয়। এনেকৈ দূৰৈৰ বজাৰলৈ ফল পঠিয়াব পাৰি। সংগ্ৰহৰ পিছত ফলবোৰ ১০-১৫ দিনলৈকে ভালে ৰাখিব পাৰি। পকা অৱস্থাত ফলবোৰ এসপ্তাহ ৰাখিব পাৰি। প্ৰথমৰফালে ফল ডাঙৰ আৰু পিছৰ ফালে সৰু হৈ থাকে। প্ৰতিজোপা গছত গড়ে ১৫০-২০০ গ্ৰামলৈ ফল হয়।

ফলৰ ব্যৱহাৰ:

ষ্ট্ৰবেৰী এবিধ সুস্বাদু ফল। সাধাৰণ অৱস্থাত ইয়াক ফল হিচাপে ব্যৱহাৰ কৰা উপৰি পকা ফলৰপৰা জাম, জেলী ইত্যাদি প্ৰস্তুত কৰি অধিক দামত বিক্ৰী কৰি পাৰি।

ৰোগ আৰু পোক -

ষ্ট্ৰবেৰী খেতিত ৰোগৰ বিশেষ আক্ৰমণ নহ’লেও দাগ পৰা বেমাৰ দেখা যায়। এই ৰোগ হ’লে ০.৫ শতাংশ ব্লাইট’ক্স গছৰ পাতত স্প্ৰে কৰি বেমাৰৰপৰা হাত সাৰিব পাৰি। ষ্ট্ৰবেৰী গছত ভাইৰাছজনিত ৰোগ হ’ব পাৰে। ভাইৰাছজনিত বেমাৰ হ’লে পাতৰ ৰং ৰঙা বা হালধীয়া হ’ব পাৰে। পাত কেঁকোৰা হয় আৰু গছৰ বৃদ্ধি কমি যাব পাৰে। এই ৰোগত আক্ৰান্ত গছ নষ্ট কৰি দিব লাগে। ভাইৰাছ ৰোগমুক্ত পুলি আনিব লাগে। ৰোগৰ প্ৰাদুৰ্ভাৱ হ্ৰাস কৰাৰ বাবে ফুল ওলোৱাৰ সময় বাদ দি মালাথায়ান, পাৰাথায়ন আদি স্প্ৰে কৰিব লাগে। ভাইৰাছজনিত বেমাৰ এফিড(Aphid) নামৰ পোকে বহন কৰে। সৰু মকৰায়ো(Spider mite) গছৰ ক্ষতি কৰে। সেইকাৰণে গছত ফুল ফুলাই আগে আগে মালাথিয়ন বা স্প্ৰে কৰিব লাগে।

লেখিকা: ড° মনছুৰা বেগম(দৈনিক অসম)

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top