অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ব্ৰ’কলি :

ব্ৰ’কলিৰ বিষয়ে লিখা হৈছে ।

বৰ্তমান পাচলিৰ বজাৰত সুলভ হৈ পৰা এবিধ আকৰ্ষণীয় পাচলি হৈছে ব্ৰ’কলি। ফুলকবিৰ লেখীয়া এইবিধ পাচলিৰ উৎপত্তিস্থল হৈছে ইটালী। ব্ৰ’কলিক সেউজীয়া, বগা আৰু বেঙুনীয়া বৰণত পোৱা যায়। ব্ৰ’কলিত প্ৰচুৰ পৰিমাণে খাদ্যপ্ৰাণ এ বি চি কেৰ উপৰি-

  • প্ৰ’টিন,
  • কেলচিয়াম,
  • কাৰ্ব’হাইড্ৰেট,
  • পটাচিয়াম,
  • মেগনেচিয়াম,
  • জিংক,
  • ফছফৰাছ,
  • ছডিয়াম আদি বিভিন্ন খনিজ মৌল পোৱা যায়।

আজি এইবিধ উৎকৃষ্ট পাচলিৰ কৃষি পদ্ধতি সম্পৰ্কে চমুকৈ আলোচনা কৰা হ’ল-

মাটি:

ব্ৰ’কলি খেতিৰ বাবে মাটিডৰা প্ৰচুৰ জৈৱিক সাৰ সমৃদ্ধ, কম অম্লযুক্ত হ’ব লাগে। পানী ওলাই যোৱাৰ সুব্যৱস্থাৰ থকা, বালিচহীয়া পলসুৱা মাটি এই খেতিৰ বাবে উপযুক্ত। মাটিৰ অম্লতা গুণ ৫.৫-৬.৫ হ’ব লাগে।

জাত:

অন্যান্য কবিৰ দৰে ইয়াকো আগতীয়া, মধ্যমীয়া আৰু শেহতীয়া খেতি হিচাপে কৰিব পাৰি। ব্ৰ’কলিৰ অনুমোদিত জাতসমূহ হৈছে-

অগতীয়া:

  • ডেনিছ,
  • জাইন্টডেচিকো,
  • গ্ৰীণবাৰ্ড,
  • ফিয়েষ্টা,
  • স্পাৰটন।
  • এইবোৰৰ কৃষিকাল ৪৫-৬০ দিনীয়া।

মধ্যমীয়া:

  • গ্ৰীণ স্পাউটিং,
  • কলাছ,
  • গ্ৰীণ ষতাৰ।

এই জাতটোৰ কৃষিকাল ৯০ দিন।

শেহতীয়া:

  • লেটাকোৰোনোষ্টিক,
  • কায়ক,
  • গ্ৰীণছাফ।

আনহাতে, অধিক উৎপাদনক্ষম জাতসমূহ হৈছে-

  • ছাউথাৰ্ণকমেট,
  • প্ৰিমেয়ামক্ৰপ,
  • ক্লিপাৰ,’
  • লেচাৰ আদি।

এইবোৰ জাত আগতীয়াকৈ কৰিব পাৰি।

সময়:

আগতীয়া:

জুলাই-আগষ্ট,

মধ্যমীয়া:

ছেপ্টেম্বৰ-অক্টোবৰ।

শেহতীয়া:

নৱেম্বৰ-ফেব্ৰুৱাৰী।

বীজ শোধন:

প্ৰতি কিলোগ্ৰাম বীজ ২.৫ গ্ৰাম কেপটাফ নাইবা পি চি এন বি(ব্ৰাচিকল) ঔষধেৰে শোধন কৰি ল’ব লাগে।

বীজতলী প্ৰস্তুতকৰণ:

বীজতলীৰ বাবে মাটিখিনি হাল বাই বা কোৰেৰে মিহিকৈ চাহ কৰি এক মিটাৰ বহল, ১৫-২০ ছেন্টিমিটাৰ ওখ আৰু সুবিধা অনুসৰি দীঘল বীজতলী প্ৰস্তুত কৰি ল’ব লাগে। বীজতলীৰ মাটিখিনি হাতেৰে মোহাৰি ধূলিৰ দৰে কৰি লৈ প্ৰতি বৰ্গমিটাৰত ১০ কিলোগ্ৰাম শুকান গোবৰ বা পচন সাৰ মিহলাব লাগে। প্ৰতি বৰ্গমিটাৰত ১০ গ্ৰামকৈ গুটিৰ প্ৰয়োজন হয়। বীজতলীত বীজ সিঁচাৰ আগেয়ে বীজতলীখন শোধন কৰা ভাল। প্ৰতি বৰ্গমিটাৰত ৫ গ্ৰাম মালাথিয়ন ৫ শতাংশ বা ব্ৰেচিকল দুই গ্ৰাম এক লিটাৰ পানীদত গুলি চলিয়াই দিব লাগে। এবিঘা মাটি ৰুবৰ বাবে এনেকুৱা ১৮ খন বীজতলীৰ প্ৰয়োজন হয়। অৰ্থাৎ, বিঘাই প্ৰতি ১০০ গ্ৰাম বীজ হ’লেই যথেষ্ট।

পথাৰ প্ৰস্তুতকৰণ:

মাটিডৰা ৩-৪ বাৰ হাল বাই, মৈয়াই মিহিকৈ চাহ কৰি সমান কৰি ল’ব লাগে। মাটি পৰীক্ষা কৰি পৰামৰ্শ পালে ৩০ দিন আগেয়ে চূণ প্ৰয়োগ কৰিব লাগে। বিঘাই প্ৰতি ৩ কুইন্টল চূণ মিহলাব লাগে।

সাৰ প্ৰয়োগ:

  • বিঘাই প্ৰতি ১.৩ টন পচন সাৰ বা জৈৱিক সাৰ,
  • ২৫ কিলোগ্ৰাম ইউৰিয়া,
  • ৫০ কিলোগ্ৰাম ছুপাৰ ফছফেট আৰু ৮ কিলোগ্ৰাম মিউৰেট অব পটাছ সাৰ প্ৰয়োগ কৰিব লাগে।

ইয়াৰে ইউৰিয়া সাৰৰ আধা ৰাখি সমুদায় সাৰ মাটি চাহ কৰোঁতে প্ৰয়োগ কৰিব লাগে। ৰাখি থোৱা ইউৰিয়াখিনি ৰোৱাৰ ২০ দিন পিছত পুলিৰ চাৰিওফালে প্ৰয়োগ কৰিব লাগে।

ৰোৱা পদ্ধতি:

পুলিবোৰৰ বয়স ৩ সপ্তাহ হ’লে ৰুবৰ উপযুক্ত হয়। শাৰীৰ মাজত ৭৫ ছেন্টিমিটাৰ দূৰত্ব ৰাখিব লাগে।

প্ৰতিপালন:

পুলি ৰোৱাৰ ঠিক পিছতে এবাৰ আৰু ঠন ধৰি উঠালৈকে পাতলীয়াকৈ পানী প্ৰয়োগ কৰিব লাগে। প্ৰয়োজন সাপেক্ষে পুনৰ পানী যোগান ধৰা উচিত। তদুপৰি ৰোৱাৰ ২০ দিন পিছত আৰু ৪০ দিন পিছত গুৰিবোৰ খুচৰি দি সাৰ প্ৰয়োগ কৰিব লাগে।

চপোৱা:

ব্ৰ’কলিৰ ওজন প্ৰতিটোত ২৫০ গ্ৰামৰপৰা ৬০০ গ্ৰামলৈ হ’ব পাৰে। ৰোৱাৰ ৫০ দিনৰপৰা ৯০ দিনৰ ভিতৰত ব্ৰ’কলি চপাবৰ হয়।

লেখক: প্ৰবোধ চন্দ্ৰ শৰ্মা(দৈনিক অসম)

4.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top