মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি পৰামৰ্শ / বৰডো’ মিশ্ৰণ আৰু বৰডো’ পেষ্টৰ প্ৰস্তুত প্রণালী
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বৰডো’ মিশ্ৰণ আৰু বৰডো’ পেষ্টৰ প্ৰস্তুত প্রণালী

বৰডো’ মিশ্ৰণ আৰু বৰডো’ পেষ্টৰ প্ৰস্তুত প্রণালীৰ বিষয়ে লিখা হৈছে

 

বৰডো’ মিশ্রণ আৰু বৰডো’ পেষ্ট অতি সহজে, কম খৰচতে কৃষকে ঘৰতে প্রস্তুত কৰিব পৰা ক’পাৰ (তাম) জাতীয় ভেঁকুৰ নাশক। ইয়াক সর্বপ্রথমে ফ্রান্সৰ বৰডো’ (Bordeaux) নামৰ ঠাইত আঙুৰৰ মিলডিউ ৰোগ নিয়ন্ত্রণৰ বাবে ব্যৱহাৰ কৰা হৈছিল। সেয়েহে এই দুই প্রকাৰৰ ভেঁকুৰনাশকক বৰডো’ মিশ্রণ (Bordeaux Mixture) আৰু বৰডো’ পেষ্ট (Bordeaux paste) নামেৰে জনা যায়।

শস্যৰ নানান প্রকাৰৰ ভেঁকুৰ জাতীয় ৰোগ নিয়ন্ত্রণৰ বাবে বৰডো’ মিশ্রণ ব্যৱহাৰ কৰি সুফল পাব পাৰি, যেনে- আলু বিলাহীৰ ব্লাইট বেমাৰ, পাণৰ পাতত দাগ পৰা ৰোগ, পাণৰ পাত আৰু ঠাৰি পচা ৰোগ, নাৰিকলৰ মুকুল পচা ৰোগ, টেঙা জাতীয় ফলৰ ভেঁকুৰজনিত ৰোগ, বীজতলীত জেকনি লগা বা পচা ৰোগ ইত্যাদি।

বৰডো’ মিশ্রণ আৰু ইয়াৰ প্ৰস্তুত প্রণালী

 

বিভিন্ন ৰোগৰ বাবে বিভিন্ন গাঢ়তাৰ বৰডো’ মিশ্রণ প্রয়োগ কৰা হয়, যেনে— পাণৰ পাত আৰু ঠাৰি পচা ৰোগৰ প্ৰতিষেধক হিচাপে ৰোৱাৰ আগতে পাণৰ লতাৰ গুৰি অংশ ১ শতাংশ বৰডো’ মিশ্রণত দহ মিনিট ডুবাই থৈ ৰোৱা হয়। একেটা ৰোগৰ দ্বাৰা আক্ৰান্ত পাণ গছত বৰডো’ মিশ্ৰণ স্প্ৰে’ কৰোতে ০.৫ শতাংশ বৰডো’ মিশ্ৰণহে ১৫ দিনৰ অন্তৰে অন্তৰে প্রয়োগ কৰা হয়। সেয়েহে যিকোনো ৰোগ নিয়ন্ত্রণৰ বাবে এই মিশ্রণ ব্যৱহাৰ কৰাৰ আগেয়ে কৃষকে প্রয়োজনীয় গাঢ়তাৰ কথা জানি লোৱা উচিত।

প্রস্তুত প্রণালী (১ শতাংশ)

(ক) প্রথমে ১০০ গ্রাম ক’পাৰ ছালফেট বা তুতিয়া এটা প্লাষ্টিকৰ বাল্টিত লৈ তাত ৫ লিটাৰ পানী ঢালি ভালদৰে মিহলাব লাগে।

(খ) আন এটা প্লাষ্টিক বাল্টিত ১০০ গ্রাম চুণ একেদৰে ৫ লিটাৰ পানীত মিহলাব লাগে।

(গ) ওপৰত উল্লেখ কৰাৰ দৰে পৃথকে পৃথকে চূণ আৰু তুতিয়া পানীত মিহলোৱাৰ পাছত এটা ডাঙৰ প্লাষ্টিকৰ পাত্ৰত এই দুয়োটা মিশ্রণ একেলগে ঢালি ভালকৈ ঘুটি মিহলাব লাগে। মিশ্রণটোৰ মুঠ পৰিমাণ ১০ লিটাৰ হোৱাকৈ পানী মিহলাব লাগে।

(ঘ) মিশ্রণটোত চূণ আৰু তুতিয়াৰ অনুপাত সঠিক হৈছে নে নাই জানিবৰ বাবে এটা চমু পৰীক্ষা কৰাটো অতি প্রয়োজনীয়। এখন লোহাৰ কটাৰী মিশ্রণটোত প্রায় এক মিনিট সময় ডুবাই ৰাখি উলিয়াই অনাৰ পাছত কটাৰীখন যদি ৰঙচুৱা হয়, তেন্তে বুজিব লাগিব যে মিশ্রণটোত তুতিয়াৰ পৰিমাণ বেছি। অতিৰিক্ত তুতিয়াই শস্যৰ অনিষ্ট কৰিব পাৰে। সেয়েহে যেতিয়ালৈকে কটাৰীখন মিশ্রণত ডুবুৱাৰ পাছত ৰঙচুৱা বৰণৰ হৈ থাকে, তেতিয়ালৈকে অলপ অলপকৈ চূণৰ পৰিমাণ বঢ়াই যাব লাগে। অৱশেষত কটাৰীখন ডুবুৱাৰ পাছত ৰঙৰ কোনো পৰিবৰ্ত্তন নহ’লে সেই মিশ্রণ শস্যত স্প্রে কৰাৰ উপযোগী বুলি নিশ্চিত হ’ব পাৰি।

বৰডো’ মিশ্রণ প্রস্তুত কৰোতে ল’ব লগা সাৱধানতা

 

(ক) প্রস্তুত কৰাৰ লগে লগেই এই মিশ্রণ শস্যত স্প্ৰে কৰিব লাগে। অন্যথা

ইয়াৰ গুণ হ্রাস পায়।

(খ) প্লাষ্টিক বা কাঁচৰ পাত্ৰতহে তুতিয়া আৰু চূণৰ মিশ্রণ প্রস্তুত কৰিব লাগে।

(গ) বৰষুণৰ বতৰত এই মিশ্রণ প্রস্তুত অথবা স্প্ৰে কৰিব নালাগে।

বৰডো’ পেষ্টৰ প্ৰস্তুত প্রণালী

নাৰিকলৰ মুকুল পঁচা, কাণ্ডৰ পৰা ৰস নিসঃৰণ হোৱা, চাহ গছৰ কলম কৰা অংশত বৰডো’ পেষ্টৰ ব্যৱহাৰ সাধাৰণতে দেখা যায়। বৰডো’ পেষ্টো ভেঁকুৰ নাশক ৰূপেই ব্যৱহাৰ কৰা হয়।

প্রস্তুত প্ৰণালী

 

(ক) ১০০ গ্রাম তুতিয়া আৰু ১০০ গ্রাম চূণ, আধা লিটাৰ পানীত পৃথকে পৃথকে গুলিব লাগে। প্লাষ্টিক বা কাঁচৰ পাত্ৰতহে গুলিব লাগে।

(খ) দু্যোটা পৃথকে পৃথকে প্রস্তুত কৰা মিশ্রণ তৃতীয় পাত্র এটাত মিহলাব লাগে। মিশ্রণটোৰ সৰ্বমুঠ পৰিমাণ এক লিটাৰ হ’ব লাগে।

বৰডো’ পেষ্টত পানীৰ পৰিমাণ কম হোৱাৰ বাবে ইয়াক স্প্ৰে কৰিব নোৱাৰি। আক্রান্ত অংশত প্রলেপন দিবৰ বাবে ব্যৱহাৰ কৰা হয়।

এইদৰে বৰডো’ মিশ্রণ আৰু বৰডো’ পেষ্ট অতি সহজে ঘৰতে প্রস্তুত কৰি কৃষকে খেতিডৰাৰ নানান ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে। তাৰোপৰি বৰ্ত্তমান জৈৱিক কৃষি পদ্ধতিৰ প্রয়োজনীয়তা আৰু জনপ্রিয়তা বৃদ্ধিৰ সময়ত কৃষকে এনেধৰণৰ পৰিবেশৰ অনুকুল ৰোগ আৰু কীটনাশকৰ প্রয়োগৰ প্ৰতি সচেতন হোৱাটো একান্ত প্রয়োজনীয়। জৈৱিক কৃষি পদ্ধতিত বেছি সংখ্যক ৰাসায়নিক দ্রব্যৰ প্রয়োগ নিষিদ্ধ হ’লেও বৰডো’ মিশ্রণী আৰু বৰডো’ পেষ্ট প্রয়োগ কৰাত কোনো ধৰণৰ বাধা নাই। কিয়নো ইয়াৰ অৱশিষ্ট শস্যত ৰৈ নোযোৱাৰ উপৰিও ই আমাৰ চৌপাশৰ পৰিৱেশৰ কোনো ধৰণৰ ক্ষতি সাধন নকৰে।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

 

2.91891891892
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top